৯.১ ভাগ্যক্ৰমে বাচিলোঁ আমি
ANINI ৷ পৰ্বতৰ ওপৰত স্পষ্টকৈ খোদিত বগা ডাঙৰ আখৰকেইটা অলপ পাছতে কেঁকুৰিৰ আঁৰত অন্তৰ্ধান হৈ গ’ল ৷ বুকুৰ ভিতৰখনো কিবা যেন উৰুঙা উৰুঙা লাগিব ধৰিলে ! ৰিক্ত স্থান পূৰ্ণ কৰিবলৈকে নেকি জানো, সংবেদনশীল বাক্য এষাৰি পাছ মুহূৰ্ততে আপোনা-আপুনি ভাবনাত উজলি উঠিল... ANINI, unlike any place l have been before ! ক'ব নোৱাৰাকৈয়ে কৈ উঠিলোঁ, বিদায় আনিনি, আকৌ আহিম ৷
আনিনিৰ অস্তিত্ব হৃদয়ৰ পৰা মচযে
নাখাব ই একেবাৰে খাটাং ৷ এই যাত্ৰাৰ অনুভৱ-অনুভূতিবোৰ সদায়ে সঞ্জীৱিত হৈ ৰ'ব ৷ শক্তিশালী
কাৰণটো এইটোৱেই হ’ব যে এয়া আছিল মোৰ প্ৰথমটো একক এড্ভেঞ্চাৰ ট্ৰিপ ৷ Journey to unknown ৷ এক কথাত নিয়ন্ত্ৰণ, সন্তুলন, ধৈৰ্য, সাহস, বুদ্ধিৰ অগ্নিপৰীক্ষা
৷ পৰীক্ষক আন কোনো নহয়, নিজে ৷
সমুদ্ৰপৃষ্ঠৰ পৰা অনেক ওপৰত, গম্বুজৰূপী
পৰ্বতমালাৰ অভ্যন্তৰত এডোখৰ সুদৃশ্য আৰু আহল-বহল ঠাই লুকাই থাকে ৷ আনিনি তেনেকুৱা
এডোখৰ ঠাই ৷ যাক হয়তো কোনোবাই বুলিব পাৰে সুপ্ত
সৰগ ৷ সৰহ মানুহে এতিয়াও পৰ্যটন কৰা নাই ৷ তাৰ মূল প্ৰতিবন্ধকটোৱে হ’ল ৰাস্তা ৷
দ্বিতীয়তে সীমাবদ্ধ সা-সুবিধা ৷ কিয়নো জনবসতি তেনেই সেৰেঙা ৷ সেয়ে ইটানগৰৰ
গুৰুত্বও বিগত দিনত উৎসাহজনক নাছিল ৷ মূলতঃ সীমান্ত প্ৰতিৰক্ষাক কেন্দ্ৰ কৰিয়ে স্থিতি লৈ আছিল আনিনিয়ে ৷
এসময়ত
অৰুণাচলৰ ক’লীয়াপানী সদৃশ আছিল এই আনিনি ৷ ভৈয়ামৰ পৰা
আনিনিলৈ দিনৰ পাছত দিন ধৰি একেৰাহে পৰ্বত বগাই-নামি অতি কষ্টেৰে অহা-যোৱা
কৰিবলগীয়া হৈছিল ৷ চৰকাৰী বিষয়া-কৰ্মচাৰীক শাস্তিমূলক প’ষ্টিং হিচাপে বদলি কৰা স্থান
আছিল আনিনি, মেন্-চু-খা ইত্যাদি ৷ বহিঃজগতৰ সৈতে সম্পৰ্কৰহিত, বাকৰুদ্ধ নিৰ্জনতা
সৰ্বসময়তে বিৰাজমান এনেবোৰ ঠাইত চাকৰি কৰাটো সুখকৰ মুঠেই নাছিল, বৰঞ্চ আছিল উদ্বেগজনক আৰু দুৰ্কপলীয়া বিষয় ৷ কেনিও বাট-পথ
নথকাত খাদ্য-দ্ৰব্য আৰু অত্যাৱশ্যকীয় সা-সামগ্ৰী হেলিকপ্টাৰেৰে তললৈ নিক্ষেপ কৰা
হৈছিল ৷ ইপিনে প্ৰতিকূল ভৌগোলিক অৱস্থিতি আৰু প্ৰাকৃতিক কাৰকৰ কাৰণে বাৰিষাত আকাশী
জাহাজ আহ-যাহ কৰিব নোৱাৰিছিল ছমাহ দিন ধৰি ৷ খাদ্য-সমস্যাত পৰি জীয়াতু ভুগিবলগীয়া
হৈছিল ক্ষুদ্ৰ আৱাসীসকলে ৷ তালৈকে চাই পাছলৈ সময় থাকোঁতেই ছমাহৰ ৰেছন-পাতি একেলগে
ড্ৰপ্ কৰি দিয়া হৈছিল ৷ কাৰ্গো প্লে’নত মাল-বস্তু আৰু মানুহৰ সহযাত্ৰা চলিছিল আনিনিলৈ ৷
পৰৱৰ্তী
সময়ত পাচিঘাট, ৰ’য়িঙৰ পৰা হেলিকপ্টাৰ চাৰ্ভিচৰ সূচনা হ’ল ৷ সময়বোৰ ক্ৰমান্বয়ে সলনি
হৈ আহিল ৷ কেতবোৰ অভ্যন্তৰীণ বাট-পথ উলিওৱা হ’ল ৷ হেলিকপ্টাৰত ওলমাই নি জীপগাড়ী কেইখনমানো
নমাই দিয়া হ’ল আনিনিৰ বুকুত ৷ পাছত ৰ’য়িঙৰ পৰা গাড়ী চলাচল সম্ভৱ হৈছিল হুনলি পৰ্যন্ত ৷ হুনলিৰ পাছত আৰু ৰাস্তা নাই ৷ বিকল্পহীন পদযাত্ৰাৰ লগতে ঠায়ে ঠায়ে কেম্পিং ৷ দিনচেৰেকৰ পাছত পায়হি আনিনি ৷ স্কুলীয়া ল’ৰাই আছিলোঁ চাগৈ আমি তেতিয়া
৷ ভূগোলৰ মেপত মন কৰিছিলোঁ আনিনি নামৰ এক অজ্ঞাত অৱস্থান, চীনৰ কাষত, যি আছিল আমাৰ মেপখেলৰ অনুসন্ধান কৰিবলগীয়া ঠাই ৷ সেই সন্ধানে কাটি থোৱা বাটটোৰে এইবাৰ ওলালোঁহি তাহানিৰ গুপ্তস্থান ৷
এতিয়া
আনিনিলৈকে গাড়ী চলে, ছুম' চলে ৷ আগলৈও যাব পাৰি ৷ অৱশ্যে বৰষুণ বেছিকৈ হয় বাবে এইটো প্ৰান্তত আহুকলীয়া ভূমিস্খলনে নিয়মিত সমস্যাৰ সৃষ্টি কৰি নহা নহয় ৷ এনেবোৰ কাৰণতে আজিৰ
তাৰিখতো বাহিৰা মানুহ, পৰ্যটনকাৰীৰ গমনাগমন নায়েই বুলিব পাৰি ৷ যি আহিব সি অনিশ্চয়তাৰ সৈতে খেলা কৰি আগ বাঢ়িব লাগিব ৷
সেইবোৰ
যিয়েই নহওক, সদ্যহতে আলিবাটক লৈয়ে ৰচিত হ’বলৈ গৈ আছে নতুন কাহিনী ৷ A new beginning ৷ আনিনিৰ তেনে
মংগলজনক শ্ৰীবৃদ্ধি সন্দৰ্ভত পৰহি মাননীয় মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে কৈ গৈছে, ‘৪ বছৰ লাগিব নিৰ্মীয়মান 2-lane National Highwayটো
সম্পূৰ্ণ কৰিবলৈ ৷’ কিন্তু মোৰ ধাৰণা, তাৰ
আগতেই বহুত বেলেগ হৈ পৰিব আনিনিৰ বৰ্তমানৰ ৰূপৰেখা ৷ পুৰণা দিনৰ কাহিনীবোৰ
নিশ্চিতভাৱে এদিন হৈ পৰিব সাধুকথা ৷ আনিনিলৈ আহি ব্যক্তিগতভাৱে লব্ধ জ্ঞানকণৰ আলোকত
বিচাৰ কৰি পুৰণা সত্যবোৰ সম্পূৰ্ণৰূপে নহ'লেও কিছু কিছু হৃদয়ংগম কৰিব পাৰিছোঁ যেন লাগিছে ৷ ভ্ৰমণ-সঞ্চিত
অভিজ্ঞতাৰ ভিত্তিতে তেনে কিছু সাধুকথাৰ কথক নিজেও হ’ব পাৰিম বুলিও প্ৰত্যয় জন্মিছে ৷ তাৰে ছত্ৰছায়াত একক এডভেন্সাৰ যাত্ৰাটোক
জীৱিত আৰু প্ৰাণস্পন্দনসমন্বিত কাহিনীৰ ৰূপ দিয়াৰ আশা পোষণ কৰিছোঁ ৷ ‘Travelling leaves you speechless, then turns you into a
storyteller’
বুলি আপ্তবাক্য এষাৰ আছে ৷
চ’ক’ তায়ু উঠি অহা ছুমখন আৰু বলেৰ’ এখনে আমাৰ সৈতে শাৰী পাতি নিৰ্দিষ্ট
দূৰত্ব ৰক্ষা কৰি গতি কৰি আছে ৷ দুৰ্গম বাটত ইখন সিখনৰ বিশ্বাসী সহায়ক ৷ সিদিনা আহোঁতে অন্ধকাৰ
হৈ পৰাত দেখা নাছিলোঁ এইছোৱাত বাটৰ ৰূপ-লাৱণ্য কেনেকুৱা ৷ অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীয়ে ৰে'হমঞ্চত স্বীকাৰ কৰিছিল, 'আচ্ছা হুৱা কি ৰাত ক' আয়া ৷ দিন মে' আয়া হ'তা ত' হালত ৱ'হী খাৰাব হ' যাতা ৷' এতিয়া চকুৰ আগত সকলোবোৰ ট ট কৰে ভাহি
আছে ৷ কেমেৰাটোৱে খাপ লৈ লৈ দৃশ্যবোৰ পেটত সুমুৱাই গৈছে, মনৰ ইচ্ছা আৰু বিবেকৰ নিৰ্দেশনাত ৷
শাৰীবদ্ধ
অৰণ্য-পৰ্বতৰ লানিৰ ওপৰত ৰ’দৰ জিলমিল ৷ বহলাবৰ বাবে
ফৰ্মেচন কাটিং অব্যাহত থকাত ৰাস্তাটো তেনেই বোকাময় ৷ প্ৰায় আধা ঘণ্টামান যাত্ৰা
কৰাৰ পাছতে বাঁওফালৰ পৰা ৰূৰুৱাই বৈ অহা ড্ৰি নদীখন পালোঁ আৰু অতিক্ৰম কৰিলোঁ ৷ ছুম'খনৰ নামনিমুখী চালনাটোৰ দৰেই জলস্ৰোতটোও আমাৰ লগে লগে নামনি অভিমুখে বৈ যাব ধৰিলে, ইটালিনত ডিবাং হ'বলৈ ৷
মোৰ সোঁকাষে এগৰাকী ইদু মিছিমি বৃদ্ধা ৷ কোলাত
এটা খাং ৷ য়ুৰন গাঁৱত ছুম’খনত উঠিছিল ৷ য়ুৰন চ’ক’ তায়ুৰ পৈত্ৰিক গাঁও ৷ বুঢ়ীগৰাকীৰ
সিফালে বহা পিলি মেয়া অৰ্থাৎ অনিয়াৰ মাকে মোক তেতিয়াই বুজাই দিছিল ৷ পিলি মেয়াৰ সিফালে
অন্য এগৰাকী ভদ্ৰমহিলা ৷ চালককে ধৰি আগচিটত আছে তিনিজন ৷ যাত্ৰী আমি ইমানেই ৷
পাছফালটো খালী ৷ চিটকেইটাও আকৌ পথালিহে ! আহোঁতে অহা ছুম’খনৰ দৰে দীঘলীয়া নহয় ৷ পাহাৰীয়া
সৰ্পিল উঠা-নমা ৰাস্তাত এনেকুৱা চিটত বহিবলৈ বৰ অসুবিধা ৷ যাত্ৰীয়েও সততে পছন্দ
নকৰে ৷ উপায় নহ’লে, বা নিকট দূৰত্ব যাবলৈ হ’লে উঠে ৷
এতিয়াৰ পৰা খুব সাৱধানে, ওখ গৰা আৰু বোকা জেগা পালেই প্ৰায় ৰৈ লৈ গীয়েৰ সলাই আগুৱাব ধৰিছে যদিও চালকজনৰ ওপৰত কনফিডেন্স মোৰো কমি থাকিল ৷ ভালে ভালে ৰ'য়িং পোৱালেই হয় দেই বুলি ঈশ্বৰক খাটনি ধৰিলোঁ ৷ (ক্ৰমশঃ)
No comments:
Post a Comment