Thursday, 4 June 2020

৮.৯ আনিনিত অন্তিম ৰজনী


তায়ুৱে মোৰ বাবে ছুমৰ চিট বুক্‌ কৰিলে ৷ কৈ যোৱামতেই এছ.এম.এছ. এটা পাইছিলোঁ ৷ ডেইলী কাউণ্টাৰ, চিট নম্বৰ ২ ৷ ৩ ফেব্ৰুৱাৰী ২০২০ ৷’ প্ৰত্যুত্তৰত লিখি দিলোঁ, চিপ্‌ৰে নাবা ৷ অৰ্থাৎ, ধন্যবাদ ৷

৮.৩০ বাজি পাৰ হল ৷ অনিয়াৰ মাক পিলি মেয়া আহি পালে ৷ তেওঁৰ মূল চিন্তা ভাত-পানীক লৈ ৷ আলহীক সময়মতে খুৱাব লাগিব ৷ দেৰিলৈকে ফাংচন চাই থাকিলে নহব ৷ আহি পায়ে লালচাহ কৰিলে ৷ মোকো দিলে ৷ ফাংচনৰ বিষয়ে সুধিলোঁ ৷ নাচ-গান চলি আছে ৷ বতৰ ভাল নহয় ৷ ঠাণ্ডা বেছি যদিও মানুহ বহুত হৈছে ৷ লোৰ ত্ৰিপদীডালৰ ওপৰত ঘপাঘপ পানী এক কেট্‌লি তুলি দিলে ৷ বেচ কাজী মহিলা ৷ অলপ সময় গাটো তপতাই, কথা পাতি থাকিয়ে মানুহগৰাকী নৈশ আহাৰৰ যা-যোগাৰত লাগি গল ৷ নিৰামুহীয়া আলহী পাই পৰিয়ালটোৰো এইকেইদিন একেৰাহে নিৰামিষ্য ব্যঞ্জনেই চলিছে ৷ দাইল, ভাত, বিলাহী চাটনি, আলু ভাজি, শাক সিদ্ধ, ফ্ৰেন্সবীন সিদ্ধ ইত্যাদি ৷ ৰন্ধন প্ৰণালী আমাৰ দৰেই ৷ মাছ-মাংস কাকোৱেই খোৱা দেখা নাই ৷

অনিয়াৰ মাকৰ হাতত গামোচা এখন ৷ সুধিলোঁ, সেইখন কত পালে ? বস্ত্ৰবিধক কি বুলি কয় আপোনালোকে ?
গাম্‌চা ৷ অচমীয়া লোগ কা ৷
গামোচা ৷ শুধৰাই দিলোঁ ৷ সি যি কি নহওক, শব্দটো তেওঁৰ মুখত শুনিয়েই ভাল লাগিছে ৷ মোৰ বেগতো গামোচা আছে ৷ আপোনাক দিম এখন ৷
মিচিকিয়াই সঁহাৰি জনালে তেওঁ ৷ কাম কৰি থকাৰ মাজতে কিবা ফল কেইটামান উলিয়াই আনিলেগৈ ৷ মোৰফালে আগ বঢ়াই দিলে ৷ হাত পাতি লৈ চাওঁ যে কিৱি ! দেখিয়েই চিনি পালোঁ ৷ উৎফুল্লিতও হৈ উঠিলোঁ ৷ কি ভাগ্য ! আনিনিৰ কিৱি খাবলৈ পাইছোঁ ! আচ্‌হিছ'লৈ যাওঁতে খেতিৰ যো-জা দেখা পাইছিলোঁ ৷ মঙহাল আৰু মিঠা ৷ তিনিটা খালোঁ ৷

শীতৰ সেমেকা ৰাতি ৷ ৯.৩০ বজাৰ আশে-পাশে অনিয়া, আৰন, ৱুটাচ্ছি আৰু য়াচ্ছু মেহু ঘৰ সোমালহি ৷
শেষ হল নেকি প্ৰগ্ৰাম ?
খতম নেহী হুৱা ৷ ঘৰমে মেহমান হেলকে চলা আয়া ৷’ অনিয়াই উত্তৰ দিলে ৷
পাকঘৰৰ চৌকাটোক কেন্দ্ৰ কৰি চলিব ধৰিলে সুমধুৰ আড্ডা ৷ ৱুটাচ্ছিয়ে খেলি আছে ৷ টোপনি নাই ৷ মাকে আগে-ভাগে তাক ভাত খুওৱাত লাগিল ৷ তাই টানকৈ কিবা কলে সি এতিয়া দৌৰি আহি মোৰ বুকুত মূৰ গুজি লুকাব পৰা হল !
সুনা হে' কি আপ কাল চলা যায়েগা ? মোৰফালে চাই বেদনামিশ্ৰিত প্ৰশ্ন অনিয়াৰ ৷ বচ্চনৰ পৰা গম পালে তাই ৷
যানা পড়েগা ৷ আই.এল.পি.কা ডিউৰেচন খতম হ' ৰহাহে' ৷
আকৌ আহিব ৷
সময়-সুযোগ মিলিলে নিশ্চয় আহিম ৷ আচ্ছা, মোৰ হিচাপ-কিতাপ কিমান হল বাৰু ?
কিহৰ হিচাপ-কিতাপ ?
মইযে তোমাৰ ঘৰত এইকেইদিন থাকিলোঁ, খালোঁ ৷ তাৰ খা-খৰচৰ হিচাপ ৷
মই একো হিচাপ নাজানো ৷ চই আলহী এজন আহিব বুলি কোৱাত হব, ৰাখিম বুলি কৈ দিছিলোঁ ৷ হমষ্টে হিচাপে একো প্ৰস্তুতিয়ে নাই ৷ অভিজ্ঞতাও নাই ৷ গতিকে আপুনি যি ভাবে... ৷
মই যোৱা ৩১ তাৰিখে সন্ধিয়া আহিছিলোঁ ৷ কাইলৈ ৩ তাৰিখে পুৱা উভতিম ৷ তাৰ মানে তোমাৰ ঘৰত ৩ ৰাতি থাকিলোঁ ৷ ৫ সাঁজ খালোঁ ৷ এতিয়া কোৱা, কিমান দিব লাগিব ?
আপুনি যি দিয়ে সেয়ে হব ৷ মোৰ ঘৰত কিমাননো খালে আপুনি ? তাকো ভিজিটেৰিয়ান মানুহ ৷
মই বিপাঙত পৰিলোঁ ৷ কি কৰা যায় ? ভাবিলোঁ অলপ দেৰি ৷ তাৰ পাছত মানীবেগৰ পৰা ৫০০ টকীয়া নোট তিনিখন উলিয়াই অনিয়াৰ ফালে আগ বঢ়াই দিলোঁ ৷ কম হলে খোলাখুলিকৈ কৈ দিয়া ৷এইবুলিও ক'লোঁ ৷
অলপো সময় নলৈ তাই তাৰে দুখন ৰাখি এখন মোৰফালে দাঙি ধৰিলে ৷ য়ে ৰাখ লিজিয়ে আপ ৷
কিয় ঘূৰাই দিছা ? ৰাখি থোৱা ৷
এইখিনিয়েই হৈ যাব ৷
নোটখন মই ঘূৰাই নলওঁ ৷ তাইক ৰাখি থবলৈ ইমান জোৰ কৰিলোঁ, নাই তায়ো নললে ৷ ওলোটাই কলে, আপোনাক যাওঁতে লাগিব ৷
ঠিক আছে বাৰু ৷ ললোঁ ৷ বেয়া নাপাবা কিন্তু ৷'
'নাই নাই, কিয় বেয়া পাম ? আপুনিহে বেয়া নাপাব ৷ এইকেইদিন কেনেকৈযে ৰাখিলোঁ আপোনাক !'
'মোৰ কোনো অভিযোগ নাই ৷ গতিকে বেয়া পাবলৈও নাই ৷ ৰখাৰ বাবে ধন্যবাদ ৷ ... পিছে এই ১,০০০ নগদ ধনযে হাতত পৰিল, সেয়া খাই পেলাব নালাগে আকৌ দেই ৷
তাই থত্‌মত্‌ খালে ৷ বাকীবোৰৰ মাজত হাঁহিৰ ৰোল উঠিল ৷ নেহী খায়েগা, ইসক' ৰাখেগা হাম ৷বুলি উত্তৰ দিলে ৷
এক কাম কৰিবা ৷ বেংকত একাউণ্ট আছেনে নাই ?
আছে ৷
ভাল কথা ৷ একাউণ্টত ডিপ'জিট কৰি দিবা ৷ এয়া তোমাৰ হমষ্টেৰ ষ্টাৰ্টিং মানী ৷ এতিয়াৰ পৰা পইচা গোটোৱা ৷ সৰহ হলে ভাবি-চিন্তি এপদ-দুপদকৈ প্ৰয়োজনীয় বস্তু কিনি লবা ৷ সঁচাকৈ খাই নেপেলোৱাটো ?
নাই নাই ৷’  হাঁহিলে তাই ৷ লগতে আনবোৰেও ৷
প্ৰমিজ ?
হাঁ, প্ৰমিজ ৷

অলপ পাছত বচ্চনো ঘৰ পালেহি ৷ উঃ উঃ কৰি সোমাই আহিছে ৷ ইমানেই ঠাণ্ডা বাহিৰখনত ৷ প্ৰগ্ৰাম শেষ হোৱা নাই ৷ চ তায়ুও কাইলৈ ৰয়িঙলৈ ঘূৰি যাব বুলি জনালে ৷ একেলগে আটায়ে ভাত খালোঁ ৷

কালি আমাৰ ঘৰখন ঠাণ্ডা হৈ যাব ৷ আকৌ আগৰ অৱস্থালৈ ঘূৰি যাম আমি ৷ এইবুলি দুখ প্ৰকাশক মন্তব্য এটা দি বচ্চনৰ মাক সোনকালেই শুবলৈ গল ৷ তেতিয়াহে গম পালোঁ যে অনিয়াৰ মাকো কাইলৈ পুৱা ইটালিনলৈ যাবগৈ ৷ অলপ পাছতে কাপোৰ-কানি সামৰিব ধৰিলে তেওঁ ৷ উঠি গৈ মই গামোচা দুখন আনিলোঁ ৷ পিলি মেয়াক এখন দিলোঁ ৷ বিয়ৈনীৰ ভাগৰখনো তেওঁকে চমজোৱা হ'ল ৷ সাদৰেৰে গ্ৰহণ কৰিলে ৷ বচ্চনক গৰম মোজা দুযোৰ দি দিলোঁ ৷ কামত আহিব ৷ অনিয়াকহে একো দিয়া নাই !

বচ্চন, অনিয়া আৰু মই জুহালতে বহি কথা পাতি আছোঁ ৷ ৱুটাচ্ছি আৰু আৰন শুই গল ৷ মষ্টেৰ গহীন আলাপ চলি আছে আমাৰ মাজত ৷ পৰিষ্কাৰ বাথৰূম-লেট্ৰিন, ইংলিচ ছীষ্টেমৰ কমোড্‌, ৰানিং ৱাটাৰ ব্যৱস্থা, বিছনা চাদৰ, তোছক, গাৰু, গিলিপ, কম্বল, পৰ্দা, কাৰ্পেট, বাচন-বৰ্তন, ৰন্ধা-বঢ়া, চাইনবৰ্ড, চোতাল, বৃক্ষৰোপণ, ফুলনি ইত্যাদি ইত্যাদি অন্তহীন প্ৰসংগ ৷ সৰহভাগৰে কালি-পৰহিৰ চৰ্বিত-চৰ্বন ৷ তথাপি জনাৰ হেঁপাহ আৰু ভৱিষ্যতক লৈ উত্তেজনা নকমিবই যেন দম্পতী হালৰ ! এই ঘৰটোতে হমষ্টে আৰম্ভ কৰা, আছুতীয়াভাৱে নতুনকৈ ঘৰ সাজি আৰম্ভ কৰা আদি জল্পনা-কল্পনাও চলিছে ৷ মিপিত হমষ্টে খোলাৰো স্বপ্ন দেখিছে বচ্চনে ৷ তাত তেওঁৰ পিতৃগৃহ আছে ৷ মই জোৰ দিছোঁ এতিয়াই পইচা ভাঙি কতো নতুনকৈ ঘৰ নাসাজি এই গৃহতে অনুশীলন চলাই যাবতীয় জ্ঞান-বুদ্ধি গোটাই লোৱাত ৷ নদী পৰ্যটন, সীমান্ত পৰ্যটন, দুঃসাহসিক পৰ্যটন, পৰিৱেশ পৰ্যটন, কিমানযে সম্ভাৱনা আছে ইয়াত ! আনিনিয়ে নিশ্চয়কৈ সাৰ পাই উঠিব ৷ সেই দিন চাপি আহি আছে ৷

একোবত উঠি গৈ অলপ আগতে সাজু কৰি ৰখা বহীখন আনিলোঁ ৷ অনিয়াৰ মষ্টেৰ আৰম্ভণি হৈ গল কিন্তু দেই ৷ এইখন ৰেকৰ্ড বুক ৷ তোমাৰ হমষ্টেৰ মই প্ৰথম পৰ্যটক ৷ অৱধাৰিতভাৱেই ৰেকৰ্ডত পহিলাতে মোৰ নাম লিখা হৈছে ৷ পৃষ্ঠা মেলি দেখুৱালোঁ আৰু লগে লগে হস্তান্তৰো কৰি দিলোঁ ৷ দুয়ো মন দি পঢ়িব ধৰিলে ৷ খুব সন্তোষিতও হল, শৃংখলাবদ্ধ ব্যৱস্থা এটা থাউকতে পাই ৷
আপোনাৰ ফটো একপী প্ৰিণ্ট কৰি কাষতে লগাই দিলে বেছি ভাল হব ৷ অনিয়াই মনৰ তাৎক্ষণিক ভাবটো প্ৰকাশ কৰিলে ৷
ফটো কত পাবা ?
বাইলত আছে নহয় মোৰ ৷ তাৰ পৰা উলিয়াই লম ৷
গুড আইডিয়া ৷ তাইৰ অগ্ৰণী চিন্তাকণৰ শলাগ ললোঁ ৷ এই বহী এতিয়াৰ পৰা সিহঁতৰ হ'মষ্টে'ৰ সম্পত্তি ৷

'আনিনিৰ পৰা পুৱা ৰ'য়িঙলৈ টাটা ছুম কেইবজাত যাব ? মই কেইবজাত শুই উঠিব লাগিব ? ঘৰৰ পৰা ছুম ষ্টেণ্ডলৈ কেনেকৈ যাম ?' প্ৰশ্নবোৰ লানি নিছিগাকৈ সুধি আছোঁ ৷
গাড়ী আহিব নহয় ৷ আপোনাক ঘৰৰ পৰা উঠাই লৈ যাব ৷ কোনো চিন্তা নাই ৷ ইয়াত তেনেকৈ চলে ৷ আচৰিত লাগিল শুনি ৷ আনিনিলৈ প্ৰথমবাৰ আহি সিদিনা হস্পিতালৰ নামনিত উপস্থিত হোৱাৰ পাছত গাড়ীয়ে যাত্ৰীসকলক ঘৰে ঘৰে নমাই থোৱাৰ নিয়মটো জানিব পাইছিলোঁ ৷ এতিয়া শুনিলোঁ ইয়াৰ পৰা যাওঁতেও ঘৰৰ পৰাই যাত্ৰীক উঠাই নিয়াৰ নিয়ম আছে ৷ বেলেগ কোনো ঠাইতে আজিলৈকে শুনা নাই এনেকুৱা সুব্যৱস্থাৰ কথা ৷

'ৰাতিপুৱা কি খাম অনিয়া ?'
'মোৰ ঘৰত বিস্কুট আছে নহয় ৷ পুৱা আপোনাক চাহ-বিস্কুট খুৱাই পঠাম ৷ চিন্তা কৰিব নালাগে ৷ শুই থাককগৈ এতিয়া ৷ ১১ বাজিবৰ হ'ল ৷ ৬ বজাত ছুম আহিব ৷ আপুনি তাৰ আগতে সাজু হলেই হল ৷ মাও ওলাই যাব একেলগে ৷

শুবলৈ যোৱাৰ আগে আগে ইমানপৰে সাঁচি থৈ দিয়া, সবাতোকৈ ধুনীয়া ফুলাম গামোচাখন উপহাৰ দিলোঁ অনিয়াক ৷ কান্ধৰ পৰা ওলমি থকা অংশ দুটা তাই দুহাতেৰে তুলি মূৰৰ ওপৰত জাপি ললে ৷ ৰঙা ফুলখিনিৰ মাজত সোমাই থকা বগী মানুহজনীক বৰ আজলী আৰু মৰমলগা দেখা গৈছে ৷

সুন্দৰে আৱৰি ৰখা সময়খিনিৰ মাজতে শেহতীয়াকৈ চৰ্চালৈ অহা কৰনা ভাইৰাছৰ বিষয়ে ওলাল ৷ অনিয়াই মোক কৰা প্ৰশ্নটোৰ জৰিয়তে সিহঁতৰ সজাগ-সতৰ্ক মনোজগত আৰু চিন্তা-পৰিক্ৰমাৰ উমান পালোঁ ৷ দূৰণিবটীয়া এনেহেন ঠাই এটুকুৰাত থাকি ভাবিবলৈ টানেই লাগিছে যে ইহঁতে এনেবোৰ দৰকাৰী সাম্প্ৰতিক খবৰো ৰাখে ৷ তাৰ মানে ক'ভিড-১৯ৰ উৎপত্তি আৰু সংক্ৰমণৰ ঘটনাপ্ৰৱাহ ইহঁতৰ অজ্ঞাত নহয় ৷

'আজি ২ ফেব্ৰুৱাৰী ৷ ৩০ জানুৱাৰীত বেইজিঙে স্বীকাৰোক্তি দিছে যে হয়, নভেল কৰনা ভাইৰাছৰ মানৱ সংক্ৰমণ হৈছে ৷ উহানৰ পৰা বিয়পিছে ৷ বিশ্ব স্বাস্থ্য সংস্থায়ো নিশ্চয়তা প্ৰদান কৰিছে ৷ তোমালোক চীনৰ সমীপতে আছা ৷ সীমান্তলৈ ইয়াৰ পৰা মাত্ৰ ৭০ কিলমিটাৰ ৷ গতিকে সীমান্তবাসীৰ মনত চিন্তাৰ উদ্ৰেক হোৱাটো স্বাভাৱিক কথাই ৷ কিন্তু মই ভাবো যে ভয় কৰিবলগীয়া কথা নাই ৷ মধ্য চীনৰ হুবেই প্ৰভিন্সৰ ৰাজধানী উহান আছে ইয়াৰ পৰা প্ৰায় ১,৯০০ কিল'মিটাৰ আঁতৰত ৷ পূবফালে ৷ অৱশ্যে এইটো ঠিক যে ভাইৰাছবিধ আচ্‌হিছ' বা মিপিৰ ফালেদি সোমাই অহা হ'লে বিপদ আছিল তোমালোকৰ ৷ প্ৰথমেই তোমালোককে পালেহেঁতেন আৰু মাৰি পেলালেহেঁতেন ৷'

চিৰিয়াচ আলোচনা চলি আছিল ৷ অলপমান ৰসৰ সঞ্চাৰ হ'ল ৷ হাঁহিলোঁ সকলোৱে মিলি ৷ চীনক লৈও আলোচনা-সমালোচনা নোহোৱাকৈ নাথাকিল ৷ অভয় দিলোঁ যে নতুন ভাইৰাছবিধক লৈ উদ্বিগ্ন হলেও সাহস হেৰুৱাব নালাগিব ৷ এনেয়েও তোমালোকৰ ইমিউন চিষ্টেম শক্তিশালী ৷ ডাক্তৰ আৰু দৰবৰ পৰা দূৰত থকা মানুহ ৷ আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে প্ৰকৃতিৰ ওপৰত আমি কোনো ধৰণৰ অত্যাচাৰ চলোৱা অনুচিত ৷ আমাৰ পৰিৱেশ বাসোপযোগী কৰি ৰাখিব লাগিব ৷ সকলো জীৱৰ বাবেই অনুকূল হব লাগিব ৷ আমাৰ জীৱন-শৈলী হব লাগিব সুশৃংখলিত ৷ তেতিয়া জীৱন হব সুন্দৰ ৷

নিশা বহুত হ'ল ৷ গহীন কথা-বতৰা সোনকালেই সামৰি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলোঁহি ৷ আনিনি-ৰ'য়িং ২৩৮ কিল'মিটাৰৰ প্ৰত্যাৱৰ্তন-যাত্ৰাটোৰ বাবে পুৱা সোনকালে উঠিব লাগিব ৷ (ক্ৰমশঃ)

No comments:

Post a Comment