৮.৭ কয়লা কেম্পৰ পৰা কি
দেখিলোঁ
প্ৰাৰ্থনাৰেই ফল নেকি জানো, বৰুণ দেৱতা সদয়
হ’ল ! বৰষুণজাক থামি গ’ল ৷ আমাৰ দেহ-মনলৈও
ফিৰি আহিল ভ্ৰমণ-উন্মাদনা ৷
‘হাৰি আপ্ ৷ নিকলনা
চাহিয়ে ৷’
পোহৰ থাকোঁতেই আনিনিত এপাক এতিয়াই মাৰি
নল’লে আন্ধাৰ হৈ পৰিব ৷ আন্ধাৰ হ’লে একো দেখা নাপাম
৷ এতেকে শুভস্য শীঘ্ৰম ৷
সাজু হৈ আছিলোঁৱেই ৷ চাহ-পৰ্ব এটাও ইমানপৰে
হৈ গৈছে ৷ বেগটো থৈ কেমেৰাটো লৈ ল’লোঁ ৷ পিলি মেয়াও
ওলাইছে আমাৰ লগত ৷ অনিয়াহঁতৰ লেডিজ পাৰ্টীটো অনুপস্থিত ৷ বচ্চন মিপি, চ’ক’ তায়ু, পিলি মেয়া
আৰু মই ৷ যাত্ৰী আমি চাৰিজন ৷
৪
বাজিবলৈ ১০ মিনিট বাকী ৷ বচ্চনে গাড়ী ষ্টাৰ্ট দিলে ৷ ডি.চি. অফিচ, এছ.পি. অফিচ, ষ্টেট
বেংক অফ্ ইণ্ডিয়াৰ আনিনি শাখা, বজাৰ এলেকাত ঘূৰাই লৈ গ’ল
আনিনিৰ সৰ্বোচ্চ স্থান কয়লা কেম্পলৈ, য’ৰ পৰা বিহংগম দৃষ্টিত মালভূমিখনৰ সম্পূৰ্ণ দৃশ্যৰাজি উপভোগ কৰিব পৰা যায় ৷ ২ কিল’ৰ পৰাও চাবলৈ ভাল ৷
তেনেকুৱা স্থানবোৰত অন্ততঃ একোটা হ’লেও ৱাচ্চ টাৱাৰ সাজি দিব লাগে ৷ তেতিয়া জেগাটুকুৰা ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব ৷ নহ’লে এইটো খাটাং যে এসময়ত মানুহৰ ঘৰে ছানি পেলাব ৷ তেতিয়া হাহাকাৰ কৰিও লাভালাভ হ’বগৈ শূন্য ৷ গৈ থাকোঁতেই কৈ থাকিলোঁ, এই কথাবোৰ ৷
তেনেকুৱা স্থানবোৰত অন্ততঃ একোটা হ’লেও ৱাচ্চ টাৱাৰ সাজি দিব লাগে ৷ তেতিয়া জেগাটুকুৰা ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব ৷ নহ’লে এইটো খাটাং যে এসময়ত মানুহৰ ঘৰে ছানি পেলাব ৷ তেতিয়া হাহাকাৰ কৰিও লাভালাভ হ’বগৈ শূন্য ৷ গৈ থাকোঁতেই কৈ থাকিলোঁ, এই কথাবোৰ ৷
পকা
ৰাস্তাটো এৰি কেঁচা ৰাস্তা এটাৰে আগুৱাইছোঁ ৷ মাটিৰ বৰণচোন ক’লা
হৈ আহিল ! ‘এসময়ত এইফালে কয়লা ওলাইছিল ৷ সেয়ে জেগাডোখৰৰ নামটোও হ’ল
কয়লা কেম্প ৷’ বচ্চনে বুজাই দিলে ৷ টকলা পৰ্বতৰ ঢালেৰে আগ বঢ়া ঠেক পথটোৱে
ক্ৰমান্বয়ে পংকিল ৰূপ ধাৰণ কৰিলে ৷ অল্ট’খন অকাই-পকাই উঠি গৈ আছে ৷ ইঞ্জিনৰ
গোঁ-গোঁ আৱাজ ৷ শূন্যত ভ্ৰমি থকা যেনো লাগিছে মাজে মাজে ৷ এক্সপাৰ্ট চালক বচ্চন
মিপি ৷ দূৰৰ পৰা বগাকৈ দেখা পোৱা ANINI শব্দটো
এইখন পৰ্বতৰ শৰীৰতে এফালে কাটি থোৱা আছে বুলি গম পালোঁ ৷ ডাঙৰ গছ-গছনি নায়েই ৷ কেৱল
ঘাঁহজাতীয় উদ্ভিদৰ পয়োভৰ ৷
তাঁৰৰ
ফেন্সিঙেৰে আগুৰা সীমাবদ্ধ এলেকা এটা পালোঁহি ৷ মূল পথটোৰ পৰা এইটুকুৰালৈকে ২.৫০ কিল’মিটাৰ ৷ লোৰ গে’ট এখন আছে ৷ তাৰ মুখতে যাত্ৰাটো অন্ত পৰিল ৷ আটায়ে নামিলোঁ ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ জনস্বাস্থ্য
কাৰিকৰী আৰু পানী যোগান বিভাগৰ আনিনি সংমণ্ডলৰ অন্তৰ্গত ১,৫৭৩.০৫ লাখ টকা ব্যয়সাপেক্ষ ০.৫৪ এম.এল.ডি. ক্ষমতাসম্পন্ন
ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট আছে ইয়াত ৷ ২০১৪ চনৰ ১৮ ডিচেম্বৰত কাম আৰম্ভ কৰা হৈছিল ৷ ২০২০ বৰ্ষৰ ২০ জানুৱাৰীত সম্পূৰ্ণ কৰা হৈছে ৷ ২০১১ চনৰ লোক-পিয়ল অনুসৰি ২,০১৯ জনসংখ্যাক লৈ গঢ়ি তোলা প্ৰকল্পটোৰ ২০৪৫ চন পৰ্যন্ত ৬,৩৫৩ জনসংখ্যা লক্ষ্য বান্ধি লোৱা হৈছে ৷
তলভাগ
তেনেই বোকাৰে ভৰ্তি ৷ তাতে আকৌ সৰ্বসাধাৰণৰ বাবে নিষিদ্ধ প্ৰান্তৰ ৷ হ’লেও
বচ্চনৰ নিৰ্দেশত মানুহ এজন আগুৱাই আহিল আৰু গে’টখন খুলি দিলেহি ৷ এজন এজনকৈ চাৰিওজনৰে প্ৰৱেশ ঘটিল ৷ দেখদেখকৈ অনধিকাৰ
প্ৰৱেশ ৷ বোকা ফালি চিধাই আৰোহণ চলিল ওপৰলৈ ৷ জোতা গধুৰ হৈ পৰিছে ৷ সংৰক্ষিত এলেকাটোৰ
ভিতৰত অফিচ, ষ্ট’ৰ, বেৰেক আদি আছে ৷ আৰ.চি.চি. ৱাটাৰ টেংকো আছে ৷ তাকে পৰিভ্ৰমণ
কৰিলোঁ প্ৰথমে ৷ কিছু উচ্চতাত এৰিয়েশ্বন চলি আছে, একেৰাহে ৷ চালোঁ ওচৰত ৰৈ ৷ চেলা,
মাৰু আৰু লম্ব ৷ তিনিটা ইনটেক্ পইণ্টৰ পৰা ইয়ালৈ পাইপৰ মাজেদি পানী বোৱাই অনা হৈছে
৷ ইয়াৰ পৰাই পানী যোগান ধৰা হয় আনিনি চহৰলৈ ৷ বচ্চনৰ ঘৰত ব্যৱহাৰ কৰা পানী ইয়াৰ নহয়, সেইফালৰ পাহাৰৰ
ভিতৰৰ পৰা নিজা ব্যৱস্থাৰে কৰি লোৱা বুলি ক’লে ৷
টুকুৰা-টুকুৰকৈ পাৰি থোৱা কাৰ্পেট
গ্ৰাছেৰে আৱৰি ৰাখিছে মুক্তাংগন ৷ কালি মুখ্য মন্ত্ৰী পেমা খাণ্ডু মহোদয় আহিছিল ৷
অন্যান্যসকলো আহিছিল ৷ ফেষ্টিভেল গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে এই স্থানতে স্থাপন
কৰি যোৱা সমূহীয়া আধাৰশিলাবোৰ ওচৰতে দেখা পাই কাষ চাপি গ’লোঁ
আৰু শাৰী পাতি থকা ক’লা মাৰ্বলৰ ফলককেইখন এফালৰ পৰা পঢ়ি যাব ধৰিলোঁ ৷ Augmentation
of Water Supply at Anini Township under 10% LS Grant উদ্বোধন কৰা হৈছে ৷ Innovative & Multipurpose Water Harvesting Project at Gipulin, Mini
Secretariat Building at Anini, Sub-Divisional Office HQ at Arzoo, Mini Stadium
at Anini, District Hospital Building at Anini funded under National Health
Mission, Govt. of India ৷ এই পাঁচটাৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷ ৫২ সংখ্যক ৰে’হ
উৎসৱত যোগদান কৰাৰ সুযোগতে আহি মুখ্য মন্ত্ৰীয়ে বহুকেইটা প্ৰকল্পই উপহাৰ দি থৈ গ’ল
আনিনিক ৷ আনিনিৰ জনসাধাৰণলৈ, বচ্চন-অনিয়াহঁতলৈ আৰু ভাল দিন আহি আছে ৷
ৰৈ থকা অৱস্থানৰ পৰা বাঁওফালে, পৰ্বতৰ নামনিৰ
জনশূন্য স্থানত কাঁটা-তাঁৰৰ বেৰাৰ মাজত কুমাওঁ
ৰাইফলছৰ আনিনি শিৱিৰ ৷ বাঁহগছ আৰু কলগছ অলপমান আছে ৷ তাৰ বাদে পৃষ্ঠপটত বৃক্ষহীন উচ্চভূমি ৷ সেউজীয়া টিনপাতৰ ঘৰবোৰ ৷ কেমেৰাটো ঝুম
কৰি চোৱাত দেখা গ’ল মন্দিৰ, মছজিদ, গিৰ্জা, মুকলি মঞ্চ, পকা ৰাস্তা, গাড়ী ইত্যাদি
ইত্যাদি ৷ মুখ্য মন্ত্ৰী আৰু অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীয়ে কালি আনিনিত থকা ভাৰতীয়
সেনাবাহিনীৰ উক্ত ছাউনীলৈকে গৈছিল ৷ বিষয়া আৰু জোৱানসকলৰ সৈতে বাৰ্তা-বিনিময় কৰিছিল
৷ ইয়াৰ পৰা চীন ব’ৰ্ডাৰলৈ
দূৰত্ব প্ৰায় ৭০ কিল’মিটাৰ হ’ব বুলি শুনিছোঁ ৷ বতাহত কম হ'ব ৷
অপ্ৰিয়
যদিও সত্য যে সীমান্তৰক্ষকসকলৰ সৰ্বসময় উপস্থিতিৰ কল্পেই অৰুণাচল প্ৰদেশত হিন্দী ভাষাৰ
আগ্ৰাসন, হিন্দী বলয়ৰ প্ৰভাৱ চৰি গ’ল ৷ থলুৱা ভাষালৈ ইয়ে বিভীষিকা
নমাই আনিছে বুলি অভিযোগ শুনা যায় ৷ এনে অভিযোগ অৱশ্যে অমূলক নহয় ৷ উন্নত ভাষাৰ প্ৰকোপত
থলুৱা সৰু সৰু জনজাতিসমূহৰ নিজস্ব মাতৃভাষা বিপদাপন্ন হৈছে, মৃত্যুমুখতো পৰিছে ৷ এই
ৰাজ্যৰ পেন্দুকনা এটায়ো হিন্দী বুজি পায়, ক’ব পাৰে ৷ ইয়াৰ গোষ্ঠীভিন্ন লোকৰ
মাজততো বাদেই, আনকি একে মাতৃভাষীৰ মাজতো ভাবৰ আদান-প্ৰদানত হিন্দীৰ প্ৰৱেশ,
প্ৰচলন আৰু কদৰ বাঢ়িছে ৷ লক্ষ্যণীয়ভাৱে কালিৰ সভাখনতো বিভিন্নজন বক্তাই হিন্দীতে
ভাষণ দিছিল ৷ ইদু শব্দ-বাক্য শুনিবলৈয়ে নাপালোঁ ৷ মাতৃভাষা সম্পৰ্কীয় স্পৰ্শকাতৰ বিষয়টোক
লৈ সচেতন নাগৰিকসকল বাৰুকৈয়ে চিন্তাক্লিষ্ট ৷ ইফালে অৰ্ধশতাধিক দোৱান, উপ-দোৱানৰ উন্নতি সাধি
সেইসমূহক জীৱন্ত ৰূপত ধৰি ৰখাটোও মুখৰ কথাও নহয় ৷ এই সন্দৰ্ভত নৃগোষ্ঠীসমূহৰ কৰণীয়
যথেষ্টখিনি আছে ৷ ভাষা হেৰালেযে জাতিও হেৰাব সেই সজাগতা থকা উচিত ৷
সিটোফালে
একেবাৰে মূৰলৈ বাঁহেৰে নিৰ্মিত এটা মঞ্চ আছে ৷ তাৰ পৰা এঢলীয়া আৰম্ভ ৷ পৰ্বতৰ শীৰ্ষত
অকলশৰীয়াভাৱে স্থাপিত মঞ্চটো দেখি ইমানেই উত্তেজিত হ’লোঁ
যে একে দৌৰে গৈ ওপৰত উঠি ল’লোঁ ৷ প্লাষ্টিকৰ টেবুল আৰু চকী কেইখনমান আছিল ৷ বহি লৈ শান্তমনে
দৃশ্য চোৱাত লাগি গ’লোঁ ৷ বতৰটো মেঘাচ্ছন্ন যদিও আনিনিখন স্পষ্ট ৰূপত দেখা পাইছোঁ
৷
পেনৰ’মিক
ভিউ আনিনিৰ ৷ ঢৌ
খেলোৱা পৰ্বতৰ শাৰীবোৰ দিগন্তত বিলীন হৈছে ৷ ইয়ালৈ নহা হ’লে এনে বিনন্দীয়া দৃশ্যৰাজিৰ দৰ্শনী দেখদেখকৈ হেৰুৱাওঁ ৷
এমূৰৰ পৰা ভালকৈ চোৱা আৰম্ভ কৰিলোঁ ৷ আৰামছে ধৰিব পাৰিছোঁ, নিচেই অকণমানি ৰূপত দেখা
গৈ থকা নীলা-বগা পেণ্ডেলেৰে সৌখন জেনেৰেল গ্ৰাউণ্ড, য’ত
ফেষ্টিভেল অনুষ্ঠিত হৈছে ৷ ওচৰতে আনিনিৰ চৰকাৰী হস্পিতেলখন ৷ অনিয়াহঁতৰ ঘৰটো পৰ্বতৰ
সিটো ঢালত থকা বাবে দেখা নগৈছে ৷ আনিনি-ৰ’য়িং পথটোও পৰ্বতৰ আঁৰত অদৃশ্য
৷
নিষিদ্ধ
এলেকাত প্ৰয়োজনীয় অনুমতিবিহীনভাৱে সৰহপৰ সোমাই থকাটো উচিত হোৱা নাই ৷ কথাটো কোৱাৰ লগে লগে সিদ্ধান্ত হ'ল আৰু সকলোটি বাহিৰ ওলাই
আহিলোঁ ৷ গে’টখনৰ কাষতে মুক্ত প্ৰাংগণ ৷ তাৰ পৰাও আনিনিৰ দৃশ্য উপভোগ
কৰিব পাৰি ৷
কাৰ্গো পেণ্টৰ নিম্নাংশত বোকাৰ ছিটিকনি ৷ পথৰুৱা
বোকাৰ পৰা বাচিবলৈ সাৱধানে ভৰি আগ বঢ়াইছোঁ ৷ এনেয়ে মায়’ডিয়াত খোৱা তপিনা থেকেচাৰ
বিষ মৰাই নাই ৷ ইয়াতো কেনেবাকৈ পৰিব লাগিলে হ’লেই আৰু ! চৰকাৰী চিকিৎসালয়
এখন আছে যদিও আমাৰ নগৰ-মহানগৰৰ তুলনাত ইয়াৰ মানুহবোৰৰ কোনোৱেই বেমাৰী
নহয় যেন লাগিছে ৷ বচ্চনহঁত স্ফূৰ্তিবাজ মানুহ ৷ যান্ত্ৰিকতাৰ পৰা আঁতৰি নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিবলৈ সদা-প্ৰস্তুত ৷ তাৰ কাৰণ নিৰ্মল বতাহ আৰু বিশুদ্ধ পানী ৷ তাৰ কাৰণ মুকলি মন ৷ বেমাৰে
আসৈ নোপোৱা, বেমাৰক প্ৰশ্ৰয় নিদিয়া মানসিকতা লক্ষ্য কৰি সুখী হৈছোঁ ৷ দৰাচলতে বিশাল
এক প্ৰাকৃতিক চিকিৎসালয় এইখন ৷ তাতে নিৰাপদে ভ্ৰমি আছোঁ,
আপোনমনে বিচৰণ কৰি আছোঁ ৷ প্ৰচুৰ আনন্দ-ভাবনাই আৱৰি ৰাখিছে সৰ্বসময়তে ৷ বেমাৰৰ
নাম-গোন্ধ নাই ৷
কৰ্দৈসিৰীয়া পৰ্বতলানিৰে আনিনিৰ এলানি শ্বাসৰুদ্ধকৰ দৃশ্যাৱলী ৷ ঠাইটুকুৰাত
উপস্থিত হোৱাৰ লগে লগে বচ্চনে আঙুলি টোঁৱাই কোনফালে কি আছে চিনাই দিব ধৰিলে ৷ জৱাহৰ
নবোদয় বিদ্যালয়, হেলিপেড-১, হেলিপেড-২, হায়াৰ ছেকেণ্ডাৰী স্কুল, চুবুৰীয়া গাঁও কাদুলি, আমুলি,
অ’ল্ড আনিনি, নিউ আনিনি ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৬৯০ মিটাৰ উচ্চতাত প্ৰতিষ্ঠা কৰা পুৰণা হেলিপেডটো ১৯৬২ চনত নিৰ্মাণ কৰা হৈছিল ৷ আনিনিক বেকগ্ৰাউণ্ডত লৈ ফটো
চেছন আৰম্ভ হ’ল ৷
শিখৰত কেনিবা কেনিবা বৰফৰ জিলিঙনি আছে ৷ ডাৱৰৰ বাবে
সেয়া স্পষ্ট হোৱা নাই ৷ উচ্চ পৰ্বতৰ সেই মনোমোহা ৰূপালী বৈভৱৰ সমানে সমানে তলত
দৃশ্যমান গাঁওবোৰৰ সুদৃশ্য লেণ্ডস্কেপ সদ্যহতে মেঘৰ আঁৰলৈ গ’ল ৷ ওপৰত শুকুলা বৰফৰ দলিচাৰে
ৰ’দালী বতৰত দৃশ্যবিলাক অতীৱ
সুন্দৰ লাগে ৷ বচ্চনে উৎসাহেৰে কথাটো জনালে ৷ মনতে কল্পনা কৰি চালোঁ, চৌদিশৰ সৌন্দৰ্য
তেতিয়া কেনেকুৱাযে মনোৰম হ’লহেঁতেন ! দুৰ্ভাগ্য, ৰ’দ নাই ৷ সৌভাগ্য, কিবাকৈ
আহি পালোঁ ৷
ভিউ পইণ্ট হিচাপে এই ঠাইকণ সুদৃশ্য ৰূপত সজাই-পৰাই দিলে নিশ্চয়কৈ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হ’ব ৷ সূৰ্যোদয় আৰু সূৰ্যাস্তক লৈও অনুৰূপ পৰিকল্পনা কৰিব পৰা যায় ৷ তদুপৰি টকলা পাহাৰত সৰলজাতীয় দৃষ্টিনন্দন গছ গজোৱাৰ পৰীক্ষা-নিৰীক্ষাও চলাব লাগে ৷
ভিউ পইণ্ট হিচাপে এই ঠাইকণ সুদৃশ্য ৰূপত সজাই-পৰাই দিলে নিশ্চয়কৈ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হ’ব ৷ সূৰ্যোদয় আৰু সূৰ্যাস্তক লৈও অনুৰূপ পৰিকল্পনা কৰিব পৰা যায় ৷ তদুপৰি টকলা পাহাৰত সৰলজাতীয় দৃষ্টিনন্দন গছ গজোৱাৰ পৰীক্ষা-নিৰীক্ষাও চলাব লাগে ৷
মন ভৰি যোৱা চিত্ৰপটবোৰ মাত-কথা বন্ধ কৰি তধা
লাগি চাই ৰৈছোঁ আটায়ে ৷ যাওঁ বুলিও যাবগৈ নোৱাৰি ৷ মিছিমি পৰ্বতৰ এঠা এৰুৱাই টান
৷ সামগ্ৰিকভাৱে ইয়াত দেখিছোঁ চৌপাশে শান্ত, শীতল, গম্ভীৰ আৰু অন্তৰ্ভেদী নিমগ্ন
ৰূপ ৷ এনে ঠাইত পদাৰ্পণ কৰিলে মানুহৰ মন সৰস-সজীৱ নোহোৱাৰ কথাই নাই ৷
No comments:
Post a Comment