Monday, 1 June 2020

৮.৬ আনিনি পালোঁহি


আংৰিং ভেলী, এল.জি., আৰপ', তাংগা আদি এৰি আহিছোঁ ৷ আকৰ্ষণীয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অঞ্চলবোৰ ৷ সকলো কথাই ইয়াত প্ৰাকৃতিক ৷ কৃত্ৰিমতাৰ ৰহণ অকণোৱে নাই ৷ সকলো স্বতঃস্ফূৰ্ত ৷ এনে কৃপাময় প্ৰকৃতিৰ বুকুৰ পৰাই আৰম্ভ হৈছে মানৱ জাতিৰো জীৱনৰ স্পন্দন ৷ আচলতে প্ৰকৃতিৰ ওচৰত কিমানযে ঋণদায়গ্ৰস্ত আমি ! ভাবিলে কিবা আউল লাগি যায় ৷ আনিনিৰ বাটৰ সামগ্ৰিক পৰিৱেশে যেন নিৰৱে তাকেই সোঁৱৰাইছে ৷

কোনোবাই কৈছিল, প্ৰকৃতিৰ বুকুৰ জনশূন্যপ্ৰায় স্থানবিলাকত মনৰ আৱেগ-উত্তেজনাবোৰক স্বাধীনতা দিয়া যায়, যত মানুহে নৈতিকতাৰ অনুশাসন হেৰোৱাৰ শংকা মুঠেই নাথাকে ৷ আত্মসংযম ক্ষয় হোৱাৰ আশংকা নাই ৷ ঠিকেইতো ৷ নৈতিক শৃংখলা হৈছে প্ৰকৃতিৰ নিয়মৰে অংশবিশেষ ৷ নৈতিকভাৱে শৃংখলাবদ্ধ মানুহ নিজৰ অজ্ঞাতেই প্ৰকৃতিৰ নীতি-নিয়মৰ বশৱৰ্তী হৈ পৰে ৷ প্ৰকৃতিৰ কিযে ভাবিব নোৱাৰা মায়াজাল !

স্থূল একঘেয়ামীযুক্ত জীৱনশৈলীৰ পৰা মুক্ত হৈ স্বাধীনভাৱে, ইচ্ছামতে ইয়াত নিজৰ মনৰ আজ্ঞাবাহী হৈ হিয়াৰ আনন্দ পূৰাই লবহি পাৰি ৷ বাধাহীনভাৱে বুৰ যাব পাৰি ৰাশি ৰাশি উন্মুক্ত বিশাল শ্যামলীমাত যি আমাক শিকাই দিয়ে প্ৰকৃতিৰ পৰশেৰে জীৱনটোক অৰ্থপূৰ্ণ কৰাৰ গুপুত মন্ত্ৰ ৷ জীৱনলৈ আনি দিয়ে সুবিমল ছন্দ যাৰ অন্য নাম স্বতঃপ্ৰেৰণা ৷

কুহেলিকাৰ মাজতোযে প্ৰভূত আনন্দ সুপ্ত হৈ থাকে, কুহেলিকাময় এনেকুৱা স্থানবিলাকত সোমালে স্বেচ্ছাই প্ৰমাণিত হয় ৷ এনে প্ৰমাণসিদ্ধ, এনে বিৰল সুখ-লহৰীত সৌভাগ্যক্ৰমে আজি আমিকেইজনে দলবদ্ধ হৈ অৱগাহন কৰিবলৈ পালোঁ, জীৱনৰ বাবে যি স্মৰণীয় হৈ ৰ'ল ৷ আনন্দময় ভাবনাৰ কবলত পৰি অল্ট গাড়ীখনত আহি থকা প্ৰত্যেকজনৰে মনবোৰ উৰুলীকৃত হৈ পৰা দেখা গৈছে ৷ দুখ-ভাগৰ যৎসামান্যও নাই ৷ আছে কেৱল ভ্ৰমণ-উত্তেজনা আৰু পাৰ ভঙা উলাহ-উৎফুল্লতা ৷ ভাবি বিৰাট ভাল লাগিছে যে এই স্বপ্ন-যাত্ৰাৰ স্বেচ্ছা-স্পনচৰ হ'বলৈ পালোঁ মই ৷


আনিনি সোমাওঁতে ঘড়ীৰ কাঁটাই বিয়লি ৩ বজাৰ সংকেত দিলে ৷ চিপ্‌ চিপ্‌ বৰষুণ পৰি আছে ৷ মাটিক চুমা যচা ডাৱৰৰ ফাঁকে ফাঁকে মেঘাচ্ছন্ন দিগন্তৰ বলয়ৰেখাত নীলাভ পৰ্বতৰ ভাঁজবোৰ দৃষ্টিগোচৰ হৈছে ৷ পুলিছ পইণ্ট এটা পালোঁহি ৷ অকণমান আগলৈ যাওঁতে অনিয়াই কিবা কিনাৰ উদ্দেশ্যত বচ্চনক ৰখালে ৷ আমি গাড়ীতে বহি আছোঁ ৷ ৰিম্‌জিম্‌ বৰষুণজাকত তিতি তিতি অলপ পাছতেই সংগীসহ তাই ফিৰি আহিল ৷

সংখ্যাত তাকৰ যদিও চহৰখনত পাচলিৰ দোকান, ষ্টেচনাৰী দোকান, কাপোৰৰ দোকান, বাচন-বৰ্তনৰ দোকান, ৰেস্তোৰাঁ, অফিচ আদি দেখিলোঁ ৷ 'য়হাঁ কুছ নেহী হে'' বুলি কোৱা আনিনিতচোন দুই-তিনি মহলীয়া বিল্ডিঙো দেখা পালোঁ ৷ অথচ কিয় তেনেকৈ কয় মানুহবোৰে ? কিয় এই অনুচিত হীনমন্যতা ! Be a part of solution, not part of the pollution ৷ প্ৰদূষণৰ বিপৰীতে সচেতনতাসূচক এনেকুৱা পষ্টাৰ-বেনাৰ দেখি মনটো অতিকৈ ভাল লাগি গল ৷ যাওঁতে-আহোঁতে দেখা পোৱা সৰহভাগ ঘৰেই পুৰণা হৈছে ৷ টিনপাতবোৰ মামৰে ধৰাত পৰিৱেশটো সদ্যহতে নিষ্প্ৰভ যেন লাগিছে হয় ৷ কিন্তু এইখন আনিনিৰ বাবেই উন্নয়নৰ সম্ভাৱনা প্ৰচুৰ ৰূপত আহি আছে ৷ তাৰ বাবে বচ্চন-অনিয়াহঁতৰ অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন হ'ব ৷

যোগাযোগ তথা পৰিৱহণ ব্যৱস্থাত ৰূপান্তৰ সাধিবলগীয়া দুই লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৱে আনিনিলৈ নতুন উজ্জ্বলতা আনিব বুলি মই আশাবাদী ৷ তাৰ লগে লগে নগৰ পৰিকল্পনাৰ দিশত কিন্তু এতিয়াই কিছুমান বিষয়ত যথোচিত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু নিয়ন্ত্ৰণো মজবুত ৰখা উচিত হব বুলি ভাবোঁ ৷ আনিনিক এখন ধুনীয়া আৰু পৰিকল্পিত চহৰৰূপে গঢ়াৰ পণ লৈ ঠাইখনৰ সৌন্দৰ্যবৰ্ধন, পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা শৃংখলাবদ্ধতাত বিশেষ মন দিব লাগে ৷ বাটৰ দুয়ো কাষৰ বৃক্ষৰোপণ, প্ৰতিটো চৌহদতে পুষ্পৰোপণ আদি সহজে কৰিব পৰা কাম ৷ বাটে বাটে অথনিৰে পৰা এইবোৰকে গাই আহি আছিলোঁ ৷

অৰুণাচল টুৰিজিমৰ ব্ৰেণ্ড এম্বেচাডৰ জন আব্ৰাহামৰ আহ্বানক্ৰমে নহয়, আনিনি-আচ্‌হিছলৈ কোনো বিজ্ঞাপন অবিহনেই আহিছিলোঁ ৷ আহিছিলোঁ একমাত্ৰ হৃদয়ৰ দুৰ্বাৰ ইচ্ছাৰ তাড়নাত ৷ ৰেহ ফেষ্টিভেল এটা অচিলা মাত্ৰ ৷ এক কথাত আনিনি, আচ্‌হিছই হাত-বাউল দি আছিল ৷ ভাগ্যই আঁজোৰ দিলে ৷ আহি গলোঁ ৷ পূৰ্বৰ টীম মাৰ্ক পলৰ ভ্ৰমণসংগী অৰুণদা, অনিলদা, সঞ্জুহঁতৰ ক্ষেত্ৰত সেইটো নঘটিল ৷ জংঘল যাত্ৰাৰ সংগী অৰূপদা, প্ৰদীপদাৰো সৌভাগ্য নফলিয়ালে ৷ উপায় নাই ৷ আনিনিয়ে মাতিবই লাগিব ৷ আচ্‌হিছই আহ্বান জনাবই লাগিব ৷ অন্যথা ডিবাং, তাল, ড্ৰি, মাথুৰ পৰিসৰ কোনেও নুচুৱেহি ৷ সি যি কি নহওক, উপযুক্ত আন্তঃগাঁথনিৰে এই জেগাসমূহত বহনক্ষম পৰ্যটন উদ্যোগ গঢ় লৈ উঠক, তেনে পন্থাৰেই ইয়াৰ মানুহবোৰ স্বাৱলম্বী হৈ পৰক, আগ্ৰহী পৰ্যটকসকল চামে চামে এই পৰ্বতৰ বুকুলৈ আহক, কোনেও প্ৰদূষণ সৃষ্টি নকৰক, ঠাইবোৰৰ সৌন্দৰ্য আৰু জৈৱ-বৈচিত্ৰ্য বিঘ্নিত নহওক ৷ অনাই-বনাই ঘূৰি-ফুৰি এই পৰ্যন্ত দেখা সমলখিনি হৃদয়ত থাপি লৈ ইয়াকে অন্তঃকৰণেৰে সৈতে কামনা কৰিছোঁ 


ডিবাং ভেলীৰ সোঁপিনৰ আঞ্জাৱ জিলাখনক অপিয়াম ভেলী বুলি কোৱা হয় ৷ তাত থকা মিজু মিছিমি আৰু ডিগাৰু মিছিমি লোকসকল কানি খেতিৰ সৈতে বিশেষভাৱে জড়িত ৷ পাছলৈ ইদু মিছিমিসকলো সোমাই পৰিছে ৷ আঞ্জাৱ জিলালৈ যাওঁতে কানিৰ খেতি দেখিছিলোঁ ৷ ইয়াত আজি আচ্‌হিছ' পৰ্যন্ত চফৰ কৰিলোঁ ৷ ক'তো হ'লে এইবিধ দেখা পোৱা নগ'ল ৷ এইফালৰ ইদুসকলক পপী ফুলে আকৰ্ষণ নাই কৰা যেনেই বোধ হ'ল মোৰ ৷

আনহাতে, 'ধঁপাত খোৱাটো মিছিমিসকলৰ মাজত চিৰন্তনভাৱে চলি আহিছে ৷ মুখৰ পৰা পাইপ কেতিয়াও নুগুচেই ৷ পাইপেৰে ধঁপাত খায় ৷' কিতাপত পঢ়িবলৈ পোৱা এনে বিৱৰণৰ ভিত্তিতে তেনেকুৱা এডাল পাইপ সংগ্ৰহ কৰিবলৈ কৈ পঠাইছিল অৰূপদাই, ধঁপাত সেৱন কৰিবলৈ নহয়, সংৰক্ষণৰ নিমিত্তে ৷ পিছে ইমানকৈ লক্ষ্য কৰিলোঁহে কৰিলোঁ, কালি ৰেহথলী, আজি আচ্‌হিছ' আনকি অহা-যোৱাৰ পথতো, কিন্তু কেনিও কাকোৱেই ধঁপাত সেৱন কৰি থকা অৱস্থাত নেদেখিলোঁ ৷

ঘৰ পাওঁতে ৩.২০ বাজিল ৷ মূৰৰ ওপৰত মেঘাচ্ছন্ন আকাশ ৷ চকুৰ আগত কুঁৱলীঘন চৌপাশ ৷ শৰীৰত ঠেৰেঙা লগোৱা ঠাণ্ডা ৷ যি হয় হব বুলি নগৰ পৰিক্ৰমালৈ এনেকৈয়ে ওলাই যোৱাৰ ইচ্ছা এটা তৎমুহূৰ্ততে বৰকৈ জাগি উঠিছিল যদিও কিনকিনীয়া বৰষুণজাকে স্থানু হৈ পৰিবলৈ বাধ্য কৰালে ৷ অনিয়াৰ লগৰীহঁতক বিদায় দি আমিকেইটা ঘৰৰ ভিতৰ সোমালোঁ ৷ অনিচ্ছাসত্ত্বেও কথাৰ মহলা মাৰি জুইৰ উম লৈ বহি থাকিবলগীয়া হৈছে ৷ এইটো একদম ভাল লগা নাই ৷ টিনপাতত উঠি থকা শব্দবোৰ শুনি যেন কান্দি দিম ! বাঁহৰ বেৰৰ ফাঁকেৰে ঘনে ঘনে চাই আছোঁ পাৰিপাৰ্শ্বিক অৱস্থা ৷ আপদীয়া বৰষুণজাক বেগেতে বন্ধ হলেই হয় প্ৰভু ৷ মনটোৱে বিদ্ৰোহ আৰু প্ৰাৰ্থনা দুয়োটাই একেলগে কৰি আছে ৷

জাৰত অঁকৰা লগা হাত-ভৰি সেকাৰ উদ্দেশ্যে ক তায়ু, বচ্চন মিপি, অনিয়াৰ সৈতে বচ্চনৰ মাক আৰু অনিয়াৰ মাকেও জুইকুৰাক ঘেৰি লৈ বহিছে ৷ মোৰ ৰাক্‌চেকত সিদিনা ৰয়িঙত কিনা গৰম মোজা আছিল ৷ চ তায়ুক তাৰে এযোৰ দিলোঁ, তিতাযোৰ সলাই লবলৈ ৷ পেণ্টটো সেমেকি থকা লিংকমেনজনৰ অৱস্থা এতিয়াও তথৈবচ ৷ পাৰ হব ধৰা দিনটোত কেনি কেনি যোৱা হল, কত কি দেখা গল, কিহে কাক মোহিত কৰিলে তাৰে পৰ্যালোচনা, পষ্টমৰ্টেম চলিছে ৷ নিজা দৃষ্টিভংগী, ভাবনা, অনুভূতিপ্ৰকাশক কথা-বতৰাবোৰেৰে আটায়ে মিলি পৰিৱেশটো গমগমীয়া কৰি তুলিছে ৷ (ক্ৰমশঃ)

No comments:

Post a Comment