Monday 28 May 2018

ভ্ৰমণ উন্মাদনা



পুষ্প-সুশোভিত কৃষ্ণচূড়া, সোণাৰু, আজাৰৰ ফাঁকে ফাঁকে ঘৰমুখী ওভতনি যাত্ৰা কৰি আছোঁ৷ বন্ধুৰ মাৰুতি ৱাগন-আৰৰ কাৰ স্পীকাৰত শুনি ভাল লগাকৈ বাজি আছে মনজ্যোৎস্না গোস্বামী মহন্তৰ 'লৰিয়লি সৰু চৰাই, ডঁৰিয়লিত পৰি জিৰায়'৷ গীতটোৰ শব্দ-চয়ন, গায়িকাৰ কণ্ঠসুধা আৰু বাদ্যযন্ত্ৰীৰ সু-সমলয়ত অৱগাহন কৰি মনটোৱে ক্রমাৎ গভীৰলৈ গতি কৰি আছে৷ সোণত সুৱগা সানি এনেতে ৩৭ নং ৰাজপথৰ দাঁতিত বাওঁহাতে দৃশ্যমান হ'ল বিয়লিৰ মনোমোহা এক দৃশ্য৷ সেউজ ঘাঁহনিত ম'হে-বগে একেলগে৷ এপাল ম'হ, এজাক বগলী৷ মন গৈছিল গাড়ী ৰখাবলৈ কৈ নামি কিছু সময় উপভোগ কৰিবলৈ, মুহূৰ্তবোৰ কেমেৰাত বন্দী কৰি থ'বলৈ৷ পিছে অতপৰে তুংগত উঠা ভিতৰভাগৰ ছন্দময় পৰিৱেশটো নষ্ট কৰিবৰ সত নগ'ল৷ চালকৰ আসনত উপৱিষ্ট বন্ধুক সেয়ে আমনি নকৰিলোঁ৷ গানৰ সৈতে তাল মিলাই ড্ৰাইভিঙৰ পূৰ্ণ আনন্দ লৈ নিৰ্দিষ্ট জোখত এক্সেলাৰেটৰত তেওঁ হেঁচা অব্যাহত ৰাখিলে৷ দৃশ্যপট চকুৰ আঁতৰ হ'ল৷ অলপ পাছত গীতটোও সমাপ্ত হ'ল৷ পথৰ দাঁতিৰ হেমগেম নথকা অস্থায়ী, অখ্যাত চাহ দোকান এখনৰ সন্মুখত ব্ৰে'ক মাৰিলে সঞ্জুৱে৷ উদ্দেশ্য, বিয়লিৰ চাহটোপা শান্তিৰে খাম৷ হেৰাব খোজা ৰদালিলৈ চাই চাই, প্ৰাকৃতিক পৰিৱেশত মুখামুখিকৈ অকণমান বহিম৷ কথা পাতিম৷ তাৰ পাছত পুনৰ গৃহমুখী হ'ম৷

পুনৰবাৰ গাড়ী ষ্টাৰ্ট কৰাৰ পাছতে চাঁতকৈ মনত পৰিল ধেৎতেৰি, আজি দেখোন জীৱনৰ এটা বিশেষ দিন! ৰে'ড লেটাৰ ডে'৷ যোৱা বছৰ আজিৰ দিনটোতেইতো দেশৰ ভিতৰত দীৰ্ঘতম দলংখন খোজ কাঢ়ি পাৰ হৈছিলোঁ পৰিবাৰ আৰু মই৷ পিছৰ চিটত বন্ধু-পত্নী স্বৰ্ণালীৰ সৈতে নিমাতে বহি অহা আমাৰ বেগমেওচোন পাহৰি আছে কথাটো, অন্যান্য চিন্তাৰ আৱেশত পতিত হৈ! কিন্তু পাহৰিব পাৰি জানো দুয়ো মিলি কাৰ্যকৰী কৰা সেই ঐতিহাসিক পদযাত্ৰাৰ ক্ষণবোৰ?

আমি হ'লোঁ আবৈয়াল অৰ্থাৎ আপোন ইচ্ছাৰে চলা মানুহ৷ মন গ'ল, নিশাৰ ৰে'লত উঠি গুচি গ'লোঁ৷ উল্লেখ্য যে সিদিনা অৰ্থাৎ ২৬ মে' ২০১৭ত মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯.১৫ কিল'মিটাৰ দৈৰ্ঘৰ দলংখন মুকলি কৰি দেশবাসীৰ হাতত অৰ্পণ কৰিছিল৷ আন্তৰ্জাতিক নৈ লোহিতৰ ওপৰেৰে সুদৃশ্য ৰূপত সজা ধলা-শদিয়া সংযোগী দলংখনৰ নাম দিছিল ডক্টৰ ভূপেন হাজৰিকা সেতু৷ দক্ষিণ পাৰৰ জিৰ' পইণ্টৰ পৰা ২৭ তাৰিখৰ পুৱা ৮.১৫ বজাত খোজ আৰম্ভ কৰি আমি উত্তৰ পাৰৰ আল্‌ফা নলা পাইছিলোঁগৈ ১১.১৫ বজাত; দৃশ্যপটৰ আনন্দ লৈ, পদে পদে আত্মাৰ তৃপ্তি সাধনৰ মাজেৰে৷ উন্মোচনৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই তেনে এখন অতিকায় সেতুৰ ওপৰেদি পদচালনা কৰিবলৈ পাই, নিজৰ দুভৰিত ভৰ দি ইপাৰৰ পৰা সিপাৰ হ'ব পাৰি বিৰল প্ৰাপ্তি অনুভৱ কৰিছিলোঁ৷ ঘূৰি আহি ঘৰ পাই মনৰ উলাহতে 'অকব'ত ধাৰাবাহিকভাৱে সবিস্তাৰে লিখি পেলাইছিলোঁ 'শদিয়ালৈ গ'লোঁ, দীঘল দলং চালোঁ', ভ্ৰমণ কাহিনী৷

সযত্নে সংৰক্ষণ কৰি ৰখা, সিপাৰৰ পৰা বুটলি অনা হৃদয় আকৃতিৰ বগা শিলগুটিটোলৈ মোৰ ফটক্‌কৈ মনত পৰি গ'ল৷ সেয়া আজি বছৰ-পুৰণিয়ে হ'ল৷ আনন্দদায়ক আৰু স্মৰণীয় সেই অতীতৰ গৰ্ভতে সদ্যহতে নতুন উত্তেজনা এটা ক্রিয়াশীল হৈ উঠিব লাগিছে৷ পৰিকল্পনাই ইতিমধ্যে কেঁচা ৰূপ পাইছেই৷

খবৰ ৰখা মানুহ মাত্ৰেই জানে, দেশৰ দ্বিতীয় দীঘল দলংখন মুকলি হোৱাৰ সময় সন্নিকট৷ ৬.২০ কিল'মিটাৰ দৈৰ্ঘৰ উক্ত দলং সজা হৈছে দিবাং আৰু চেচেৰী নৈৰ ওপৰেৰে৷ অৱস্থান 'প্ৰথম সূৰ্যোদয়ৰ দেশ' অৰুণাচল প্ৰদেশৰ ল'ৱাৰ দিবাং ভেলী৷ আনহাতে এইফালে অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত সাজি থকা হৈছে বগীবিল দলং৷ ৪.৯৪ কিল'মিটাৰ দৈৰ্ঘৰ এই দলঙেও সামৰণি পৰ্যায়লৈ গতি কৰি আছে৷ উক্ত দলং দুখন সম্পূৰ্ণ হৈ উঠিলেই নতুন ভ্ৰমণ আৱৰ্ত এটাৰ সৃষ্টি হ'ব৷ তাকে লৈ ভিতৰি উত্তেজনাৰ অন্ত নাইকিয়া হৈছে এতিয়া৷ আহিবলগীয়া টুৰিষ্ট চাৰ্কিটটোৰ থূলমূল আভাস সমভাবাপন্ন নেছাৰেলিষ্ট-এড্‌ভেনচাৰিষ্ট বন্ধু-বান্ধৱীসকলৰ জ্ঞাতাৰ্থে আৰু মনোযোগ আকৰ্ষণৰ উদ্দেশ্যে আগতীয়াকৈ থোৰতে কবলৈ ইচ্ছা কৰিছোঁ৷ ভ্ৰমণপিয়াসীসকলে এই যাত্ৰাৰ আনন্দ আৰু অভিজ্ঞতা নিঃসন্দেহে ল'ব পাৰিব৷

তিনিচুকীয়াৰ পৰা গাড়ীৰে যাত্ৰা আৰম্ভ কৰি প্ৰথমে ডক্টৰ ভূপেন হাজৰিকা সেতুৰে ব্ৰহ্মপুত্ৰৰ পূবৰ উপনৈ লোহিত নদী অতিক্রম৷ তাৰ পাছত শদিয়া হৈ শান্তিপুৰ গে'টেৰে অৰুণাচলত প্ৰৱেশ৷ ৰ'য়িং চহৰ পোৱাৰ আগে আগে দেখা যাব পাচিঘাট সংযোগী মেকা-বমজিৰ পথ৷ ৫২ নং সেই ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ ট্ৰেন্স অৰুণাচল হাইৱে'ৰে ৫০ কিল'মিটাৰ যাত্ৰা কৰাৰ পাছত আওহালি গাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ দিবাঙৰ লগতে চেচেৰীৰ ওপৰত একত্ৰে নিৰ্মিত নতুন দলংখনৰ অৱস্থিতি৷ দেশৰ ভিতৰত দ্বিতীয় আৰু ৰাজ্যখনৰ ভিতৰত দীৰ্ঘতম উক্ত দলঙেৰে পাৰ হৈ দামবুক৷ তাৰ পৰা পাচিঘাট অভিমুখে আগুৱাই ৰাণাঘাট৷ ৰাণাঘাটত চিয়াং ব্ৰীজেৰে ব্ৰহ্মপুত্ৰৰ মূল উপনৈ চিয়াং অতিক্রম৷ পাচিঘাটৰ পৰা জোনাই হৈ ধেমাজি অভিমুখে যাত্ৰা কৰি চিলাপথাৰৰ সমীপত বগীবিল দলং৷ নতুন দলঙেৰে ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ ডিব্ৰুগড়৷ ইয়াতে যাত্ৰা সমাপ্ত৷

ব্ৰহ্মপুত্ৰ মহানদৰ সৃষ্টিত মূল ভূমিকা লোৱা নৈবোৰ নেদেখিলে ব্ৰহ্মপুত্ৰৰ দৰ্শন সম্পূৰ্ণ নহয়, মহাবাহুৰ প্ৰকৃত বিশালতা আৰু মৰ্মাৰ্থও উপলব্ধি কৰিব নোৱাৰি বুলি কোৱা হয়৷ তেহেলৈ বৃহৎ অসমীয়া মহাজাতিৰ বিশালতাক হৃদয়ংগম কৰাটোও অসম্পূৰ্ণ কথা৷ ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ তিনিখন হৈছে লোহিত, দিবাং আৰু চিয়াং৷ সোনকালেই এনেকৈ একেটা পাকতে এই তিনিওখন বিশাল উপনৈ পাৰ হোৱাৰ লগতে সদৌ শেষত মূল নৈখন দৰ্শন কৰাটো সহজ-সম্ভৱ হৈ উঠিব৷

চক্ৰাকাৰ যাত্ৰাটোক এক বিৰল নদী পৰিক্রমা বুলিও অভিহিত কৰিব পাৰি৷ আন্তঃৰাজ্যিক পৰ্যটনৰ এই জল্পনা-কল্পনাই আমাৰ লগতে প্ৰতিজন আসন্ন ভ্ৰমণকাৰীক আহি থকা দিনবোৰত যাত্ৰাটো কৰি নেপেলোৱা পৰ্যন্ত নিশ্চয়কৈ ক্ষণে ক্ষণে উত্তেজিত আৰু কৌতূহলী কৰি ৰাখিব৷ কেলেণ্ডাৰৰ তাৰিখ আগুৱাই গৈ থকা মানেই ওচৰ চাপি আহি আছে ব্ৰহ্মপুত্ৰ দৰ্শনৰ এক অভিনৱ সুযোগ৷ তাৰ বাবে আটায়ে উজ্জীৱিত হৈ ৰওক৷