Friday 19 April 2019

৫. ট্ৰেকিং টু কেইহাং ৰেন্‌চ



ৰেংমা শব্দ জংফাৰ অৰ্থ foothills অৰ্থাৎ পৰ্বতৰ পাদদেশ৷ ৰেংমা হিল্‌ছৰ উজনিমুখী ঢাল এটাৰ ঠিক আৰম্ভণিতে আছে এই গাঁওখন৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৩০০ মিটাৰ৷ পূৰ্বতে পৰ্বতৰ ওপৰত আৰু যথেষ্ট আঁতৰত আছিল বুলি কথা প্ৰসংগত গম পালোঁ৷

পাহাৰৰ বক্ষত কৰা জুম খেতিৰ উপৰি মূলতঃ কমলা বাগানৰ ওপৰত নিৰ্ভৰশীল যদিও ইয়াৰ মানুহবোৰে অত-তত কাম-বন কৰিও জীৱিকা মোকলায়৷ পৰিষদীয় সমষ্টি ২৫-নিলিপ, বিধান সভা সমষ্টি ১৭-বোকাজান তথা লোক সভা সমষ্টি ৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.)ৰ অন্তৰ্গত এই গ্ৰাম্যাঞ্চল কাৰবি আংলঙৰ চকীহোলা উন্নয়ন খণ্ডৰ ভিতৰুৱা৷

ৰেংমাসকল ঘাইকৈ কৃষিনিৰ্ভৰ৷ বয়ন শিল্পতো আগ বঢ়া৷ অতীজত নাগালেণ্ডত আংগামীসকলক ৰেংমাই কপাহ বিক্ৰি কৰিছিল৷ মোৰ মনত আছে, ২০০৫ চনত প্ৰতিষ্ঠিত Rengma Junyu নামৰ self-help group এটাৰ কেলেণ্ডাৰ ছপা কৰিছিলোঁ, ২০১৩ চনত৷ ৰেংমা নগা মহিলাই গছৰ পৰা কপাহ সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি কাপোৰ প্ৰস্তুত কৰালৈকে ১১খন ফটোগ্ৰাফ একাদিক্ৰমে এনে অনুক্ৰমত সজোৱা হৈছিল যে জনগোষ্ঠীটোৰ বয়ন সম্বন্ধে ব্যাখ্যা নকৰিলেও ছবি চায়ে বুজিব পৰা গৈছিল৷ বোৱা-কটা, বাঁহ-বেত, মাটি, কাঠ, চামৰা আৰু শিলৰ কাম ৰেংমা নগাসকলে ভালদৰে জানে আৰু কৰে বুলি জেমছ ফিলিপ মিল্‌ছ প্ৰমুখ্যে লেখকসকলে বহু আগতেই উনুকিয়াই গৈছে৷

ৰেংমা সমাজ শ্ৰেণীহীন সমাজ যত উচ্চ-নীচৰ প্ৰভেদ নাই৷ Nyenthangnyu, Nangdunyu, Sebünyu, Kenpvunyu, Reshobünyu, Jishingbünyu, Hingbünyu আৰু Kanrinyu হৈছে তেওঁলোকৰ আঠোটা ফৈদ বা খেল৷ ৰেংমা নগা লোকসকলে নিজৰ ফৈদৰ নামটোকে চমুকৈ উপাধি হিচাপে লিখে৷ যেনে Nyenthang, Nandu, Sebü, Kempvu, Resho, Jishing, Himbü আৰু Kangri৷ ৰেংমা শব্দটো নিলিখিলেও চলে৷ তেওঁলোকৰ সমাজত প্ৰতিটো ফৈদৰ মাজত সম-অধিকাৰ দেখা যায়৷ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয় যি কথাতেই নহওক কিয়, সকলোৱে একে ধৰণে অংশ গ্ৰহণ কৰিব পাৰে৷ ৰেংমা সমাজখন পুৰুষপ্ৰধান যদিও নাৰীৰ স্থান পুৰুষৰ সমানেই উচ্চ আৰু সন্মানীয়৷ মহিলাৰ অংশ গ্ৰহণ অবিহনে উৎসৱ-পাৰ্বণ সমাধা নহয়৷ একে খেল বা ফৈদৰ মাজত বিবাহ নিষিদ্ধ৷ বিধবাৰ পুনৰ্বিবাহ সামাজিকভাৱে গ্ৰহণযোগ্য৷

ৰেংমাসকলৰ কোনো ৰজা নাছিল বুলিয়ে জনা যায়৷ তেওঁলোকৰ সমাজ সম্প্ৰসাৰিত হয় পৰিয়ালভিত্তিক গ্ৰাম্য প্ৰথাৰে৷ নিৰ্ভীকতা, স্বাধীনতাপ্ৰেম আৰু মুক্ত মন মুক্ত প্ৰাণ তেওঁলোকৰ স্বভাৱজাত বৈশিষ্ট্য৷

পৰম্পৰাগত খেল-ধেমালিৰ লগতে গীত-মাতেৰে ভৰপূৰ ৰেংমা নগাসকলৰ দৈনন্দিন জীৱন৷ বিবাহ, কৃষি-কৰ্ম, শস্য চপোৱা, ধান খুন্দা, উৎসৱ-অনুষ্ঠান, গৃহ নিৰ্মাণ, খৰি-খেৰ সংগ্ৰহ, বিদায় ইত্যাদি প্ৰতিটো উপলক্ষ্যতে তেওঁলোকৰ মাজত প্ৰাসংগিক নৃত্য-গীত সততে বিদ্যমান৷ ৰেংমা নগাসকলৰ মাজত প্ৰচলিত এই গীতবোৰ ঘাইকৈ জনজাতীয় ইতিহাস, পৌৰাণিক কাহিনী, নীতি-নিয়ম তথা পৰম্পৰাৰে পৰিপূৰ্ণ৷

ছৌন থে নি ছুৱে,
কেথে ছাতু ছে৷
তেৰ হেন হেমা লে
আইজং গেখিলে
আপ্যুন্যু খ নিং
কাৰি খং৷
ছৌন থে নি ছুৱে,
কেথে ছাতু ছে৷
থাং ক্ৰৌং ক্ৰি
গ্যেছেং খয়েং থে বেং৷
(ভাবাৰ্থ - আমাৰ গাঁওখন নিচেই সৰু৷ আমি সদায় সাৰ পাই থাকিব লাগে৷ আমাৰ গাঁৱৰ ৰখীয়া হৈছে আইজং গেখিলেৰ পিতাক৷ আমি সৰু গাঁৱৰ মানুহ হলেও গ্যেছেং চৰাইৰ দৰে সদায় সতৰ্ক হৈ থাকোঁ৷)

এইটো ৰেংমা নগাসকলৰ এটি তাৎপৰ্যপূৰ্ণ গীত, যত নিহিত আছে অতীত গৌৰৱৰ প্ৰতিধ্বনি৷ জাং চালিলু তেওঁলোকৰ জাতীয় গীত৷ জান্যা হং তেওঁলোকৰ জাতীয় নৃত্য৷

সাজে-পোছাকে, গীতে-মাতে, কথাই-কামে বাৰেবৰণীয়া ৰেংমাসকলৰ মাজত আজি এনেকৈ উপস্থিত হবলৈ পাই নিজকে সৌভাগ্যৱান যেন লাগি গৈছে৷ জখেন চেব্বেৰ চোতালৰ পৰম্পৰাগত চাংঘৰ pyangkahত গৰম গৰম ভাতকেইটা খাই উঠাৰ পাছতে আমি পদযাত্ৰাৰ বাবে সাজু হৈছোঁ৷

নাগালাংছৰ পাৰৰ পৰা মোক উঠাই অনা গাৰো কালচাৰেল চচাইটিৰ সভাপতি প্ৰকাশ চাংমা আৰু ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ডিফুচাই পাহাৰ বগাবলৈ নাযাওঁ বুলি কলে৷ দুয়ো ঘৰলৈ উভতিব৷ এৰাএৰিৰ আগে আগে জংফা বেপ্টিষ্ট গিৰ্জাৰ সন্মুখৰ ঘাঁহনিত ৰৈ তেওঁলোকৰ সৈতে গ্ৰুপ ফটো তোলা হল৷ গাড়ীত বহি দুয়ো বিদায় ললে ডিফুলৈ বুলি৷ এইফালে গাঁওবুঢ়াক মাত লগাই আমি খোজ আৰম্ভ কৰি দিলোঁ জংফা গাঁৱৰ মাজেৰে, কেইহাং ৰেনচ অভিমুখে৷

১৬. ৰেংমাসকলৰ আদি-বাসস্থান



১০ বাজি ৪০ মিনিটত ট্ৰেকিং আৰম্ভ হৈছিল৷ ৰেংমা নগা অধ্যুষিত জংফা গাঁৱৰ কেঁচা ৰাস্তাদি আমাৰ দলটো বীৰদৰ্পে আগ বাঢ়িছে৷ খোজবোৰ আৰম্ভণিৰে পৰাই খৰ, কাৰণ হাতত সময় তাকৰ৷ এছ.জি.বি. অৰ্থাৎ চৰকাৰী গাঁওবুঢ়া জখেন চেব্বেই অথনি কোৱামতে কমেও তিনি-চাৰি ঘণ্টা লাগি যাব কেইহাং ৰেংমা ফুকনৰ মৈদাম পাওঁতে৷ সেইটো নিৰ্ভৰ কৰিব আমাৰ গতিৰ ওপৰত৷ লেহেমীয়াকৈ গলে ঘূৰি আহি পাওঁতে পাওঁতে ৰাতি হৈ যাব৷ হেন জানি আৰম্ভণিৰে পৰাই সকলোৱে দ্ৰুতগতি লৈছে৷ খোজবোৰলৈ চাই মোৰ এনেকুৱা লাগিছে, যেন এই এতিয়াই পাবগৈ ৰেংমা পূৰ্বপুৰুষৰ মৈদাম!

মই সবাৰো পিছত আছোঁ৷ পিঠিত ৰাকচেক৷ ডিঙিত সদা-সহচৰ কেমেৰাটো৷ আংগামী নগা মোনাটো এইবাৰ ইচ্ছা কৰিয়ে অনা নাই৷ চাইজাঙৰ ডিলাই অভিযানত ভাৰসাম্য হেৰুৱাই শিলত পিছলি শৰীৰৰ কেইবা ঠাইতো দুখ পাইছিলোঁ৷ সোঁহাতৰ বুঢ়া আঙুলিৰ বিষ এতিয়াও মাৰ যোৱাই নাই৷ গতিকে এইবাৰ ৰাক্‌চেক লৈছোঁ, যাতে সন্তুলন ঠিকে থাকে৷ অপ্ৰয়োজনীয় বস্তুবোৰ সঞ্জুৰ গাড়ীতে এৰি অহা হৈছে৷ অদৰকাৰী সামগ্ৰী পৰ্বতাৰোহণতযে হাৰমাল, সেয়া ভালকৈ জনা আছে৷ ইফালে থাংচিয়ে মোৰ ৰাকচেকটো তাৰ পিঠিত লবলৈ আৰম্ভণিতেই জোক লগা দি লাগিছিল৷ মই নিদিলোঁ৷ সি চেলেঞ্জ কৰিলে, পিছত মই নিজেই তাক নতুবা আন কাৰোবাক বুকিবলৈ দিব লাগিব বুলি৷

হিচাপ কৰি পালোঁ, ডিফুৰ পৰা একেলগে অহা আমি ৪জন অৰ্থাৎ সঞ্জু, ৰাজীৱ, কিৰণ আৰু নিজকে ধৰি দলটোত মুঠ সদস্যৰ সংখ্যা ৯৷ ৰাহ চেব্বে, সুৰেন জিছিং, ৰেল চেব্বে আৰু ফিলিপ ন্যেনথাঙক এছ.জি.বি.য়ে বন্দৱস্ত কৰি দিছে, আমাৰ সুবিধাৰ বাবে৷ আটাইকেইজন জংফাৰ স্থানীয় ৰেংমা লোক৷ সকলোৰে সন্মুখত থাকি থাংচিয়ে আমাক নেতৃত্ব দিছে৷ তাৰ মনত খুব স্ফূৰ্তি৷ সি ভবাৰ দৰেই আমিযে আহি পালোঁ৷ তাৰ মনে ভবাৰ দৰেই এতিয়া সি আমাক নিব ধৰিছে সৰহ মানুহে আজিও নেদেখা, আজিও নজনা ইতিহাসবিজড়িত ঠাই এটুকুৰালৈ৷ দূৰত্ব কিমান হব কব নোৱাৰোঁ৷ অনুসৰণ কৰি ফটো তুলি তুলি গৈ আছোঁ সকলোৰে শেষত৷

পাহাৰৰ এঢলীয়াৰে ঊৰ্ধ্বমুখী যাত্ৰাটো চলি থাকোঁতেই অলপ পাছতে লগ লাগিলহি সৰু লৰা এটা৷ আফিল চেব্বে’ তাৰ নাম৷ সপ্তম শ্ৰেণীত পঢ়ি আছে৷ ফিটা এডালেৰে বন্ধা দীঘল টৰ্চ এটা ডিঙিত ওলোমাই সি দলত চামিল হলহি৷ হাতত কেটেপা এখন৷ ভৰিত হাণ্টিং শ্বু৷ লৰাটোৰ উদ্যম দেখি কিবা এটা ভাল লাগি গল মোৰ৷ কম সময়ৰ ভিতৰতে আফিল’ আৰু মোৰ বন্ধুত্ব গঢ়ি উঠিল৷ তাক কলোঁ, তই মোৰ লগত থাকিবি দেই, একেবাৰে লাষ্টত থাকিম আমি৷ সি মূৰ দুপিয়ালে৷ মিহিকৈ হাঁহিলেও৷ ৰেংমা মানুহে অসমীয়া বুজি পায়৷ কবও পাৰে৷ ৰেংমা আৰু অসমীয়াৰ বুৰঞ্জীপ্ৰসিদ্ধ পুৰণা সম্পৰ্ক আছে৷

ৰেংমা নগাসকলক ইণ্ডো-তিবেত-চাইনিজ পৰিয়ালৰ মংগোলীয় প্ৰজাতিৰ লোক হিচাপে গণ্য কৰা হয়৷ জাৰ্মান ভাষাবিদ ছাৰ জৰ্জ গ্ৰীয়েৰছনে এই মানুহখিনিৰ মুখৰ ভাষাটোক তিব্বত-বৰ্মী ভাষা পৰিয়ালত অন্তৰ্ভুক্ত কৰিছে৷
নিজা বিশ্বাস অনুসৰি জনগোষ্ঠীটোৰ উদ্ভৱ হেনো ছামিজেহ নামৰ নদী এখনৰ পৰা হৈছিল৷ লোক-গীত আৰু লোক-কথাত বৰ্ণিত ৰেংমাৰ জন্ম বৃত্তান্তৰ সৈতে সম্পৰ্ক থকা উক্ত জলধাৰাৰ অস্তিত্ব এতিয়া আৰু বিচাৰি পাবলৈ নাই৷ সমাজ বিজ্ঞানীৰ মতে সেই নৈখন চীনৰ হোৱাংহো নদীৰ উত্তৰ-পশ্চিম দিশে আছিল৷ তাৰ পাৰত ৰেংমা মানুহে খেতি-বাতি কৰিছিল৷ আনহাতে কাৰবিসকলৰ মৌখিক কাহিনী অনুসাৰেও ৰেংমাসকল দূৰ অতীতত চীন দেশৰ য়ুন্নান প্ৰভিন্সৰ পৰাই বাগৰি অহা৷ জনগোষ্ঠীটোৰ প্ৰব্ৰজনৰ ইতিহাসেও তাকেই কয়৷
সম্প্ৰতি ৰেংমা নগাসকল নাগালেণ্ড আৰু অসমত বসতি কৰি থকা এটা বৃহৎ জনগোষ্ঠী৷ ২০১১ৰ লোকপিয়ল অনুসৰি তেওঁলোকৰ জনসংখ্যা ৬১,০০০৷ এওঁলোক শান্ত আৰু নম্ৰ প্ৰকৃতিৰ মানুহ৷ মুখ বাগৰি অহা কথামতে পুৰণি কালত সাহসিকতাৰ বাবে ৰেংমাসকল জনাজাত আছিল৷ তেওঁলোক আছিল বিজয়ী যোদ্ধা৷ একালত দুৰ্ধৰ্ষ আংগামীসকলকো পৰাভূত কৰিছিল৷ আংগামীৰ বাবে ৰেংমাৰ Byenbü নামৰ বীৰজন হৈ পৰিছিল এক সন্ত্ৰাস৷ ইফালে চুবুৰীয়া জনজাতিৰ মাজত এনে ধৰণৰ বিশ্বাস এটা বদ্ধমূল আছিল যে ৰেংমা গাভৰু বিয়া কৰাব পাৰিলে সৌভাগ্যৰ উদয় হয় আৰু পৰিয়াললৈ উদ্গতি আহে৷
বৰ্তমান নাগালেণ্ড আৰু অসম ৰাজ্য হিচাপে ৰেংমাসকল দুটা প্ৰশাসনীয় শিৱিৰত বিভক্ত৷ নাগালেণ্ডত নিগাজি হৈ পৰা ইষ্টাৰ্ণ ৰেংমা অৰ্থাৎ পচুৰি নগাৰ গৃহভূমি ফেক জিলা আৰু চেণ্ট্ৰেল ৰেংমাৰ গৃহভূমি কহিমা জিলাৰ চেমিন্যু (Tseminyu)৷ অসমত ৱেষ্টাৰ্ণ ৰেংমাৰ গৃহভূমি আছিল কাৰবি আংলঙৰ বৰ দিখাৰু আৰু সৰু দিখাৰুৰ মধ্যাৱৰ্তী অঞ্চল৷ ৰেংমাসকলৰ ইচ্ছাৰ বিপৰীতে গৈ ১৮৯৮ চনত ব্ৰিটিছে এই বিভাজন আনে বুলি এটা অভিযোগ বৰ্তমানেও শুনা যায়৷ তৎসত্ত্বেও কিন্তু উভয় ৰাজ্যতে বসতি কৰি থকা ৰেংমা লোকসকলে একক পৰিচয়, সদ্ভাৱ আৰু সম্পৰ্ক আজিও জীয়াই ৰাখিছে৷

১৭. ৰেংমা শব্দৰ উৎপত্তি



জংফা গাঁৱত বাঁহেৰে সজা পুৰণা ঘৰবোৰৰ টিনপাত কেতিয়াবাই মামৰে ধৰিলে যদিও আমি সন্মুখেৰে পাৰ হৈ অাহি থকা চৌহদবোৰ দেখিছোঁ আহল-বহল আৰু পৰিষ্কাৰ৷ প্ৰতিটো ঘৰৰে নঙলামুখত বেৰৰ লগতে বাঁহৰ ডাষ্টবিন একোটা৷ তামোল, নাৰিকল আৰু টকৌ গছ দেখা পাইছোঁ গাঁওখনৰ এই অংশটোত৷ কেনিবা কেনিবা অৰ্কিড ফুলিছে৷ বৰপুঙৰ ফালে ঘৰে ঘৰে কাৰবি মানুহবোৰৰ বাৰীত থকা প্ৰতিজোপা তামোল গছতে হেনো কপৌফুল আছে৷ সেইবোৰ হেনো আপোনা-আপুনি গজা! কেইদিনমানৰ আগতে যাওঁতে সঞ্জুৱে দেখি আহিছে৷ খোজৰ তালে তালে এতিয়া তাৰেই গুণানুকীৰ্তন৷ দৃশ্যটো কল্পনা কৰিছোঁ৷ গুপুতে ভাবিছোঁ, যাব লাগিব এবাৰ৷ নিজে দেখিলেহে লেখিম৷

ইছেনথাংহঁতৰ গাঁও ললাশ্বংন্যুৰ কাষৰীয়া চাৰিসুঁতি আৰু তাৰ পৰা আগলৈ বৰপুং, তাৰাপুঙলৈ যোৱা ৰাস্তাটো সোঁহাতে ফাটি গৈছে৷ আমাৰ বাট পোনে পোনে৷ ইমান সময়ে ঢালটো কম আছিল যদিও এইডোখৰৰ পৰা আগলৈ ক্ৰমান্বয়ে ওখ৷ থাংচিৰ মুকলি অভিযোগ, জংফাৰ অৱস্থানটো সুন্দৰ৷ হলে কি হব, আমাৰ ৰেংমা মানুহবিলাকে আকৰ্ষণীয়ভাৱে সজাব পৰা নাই৷

কলিয়নি নৈখনৰ চাৰিটা সুঁতি, সেয়াই চাৰিসুঁতি৷ আনহাতে ললাশ্বংন্যু পুৰণি ৰেংমা গাঁও৷ ললা মানে শস্য পথাৰ, শ্বং মানে এঢলীয়া পাহাৰ, ন্যু মানে মানুহৰ বসতি৷ গাঁওবুঢ়াৰ নাম অনুসৰি খিৰাং গাঁও, মনো গাঁও আদি নামেৰেও অভিহিত৷ সিফালৰ বৰপুং, তাৰাপুং আজিও দুৰ্গম৷ কেইবাবাৰো নদী পাৰ হৈ যাব লাগে৷ বৰষুণ পৰিলেই বিপদ৷ চকীহোলাৰ নিলিপ ব্লক অফিচৰ ওচৰৰ পৰা ট্ৰেকাৰ চলে৷ যোগাযোগ ব্যৱস্থা একেবাৰে উন্নত নহয়৷ যোৱা ১ মাৰ্চত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নেতৃত্বত বৃহৎ দল এটাৰ ভুমুকিয়ে কেঁচা, ওখোৰা-মোখোৰা ৰাস্তাটোলৈ সাময়িক প্ৰাণচাঞ্চল্য আনি দিলেও কোন কালেনো পথ-দলংবোৰ পূৰা হৈ উঠিব সেয়া একমাত্ৰ ঈশ্বৰেহে জানে৷ সেইবোৰ নিৰ্মাণ হলে ৰেংমা নগা ৰাইজৰ উপৰি সেইফালৰ কাৰবি অধিবাসীসকলৰো আৰ্থ-সামাজিক পৰিৱৰ্তন সাধন হলহেঁতেন৷ জিলা গঠন হোৱাৰ ৬৭-৬৮ বছৰৰ পাছতো ঠাইবোৰ আজিও এনেকৈয়ে অত্যন্ত পাছ পৰি ৰৈছে৷ জীয়াতু ভুগিছে সাধাৰণ জনতাই৷

আমাৰ চফৰ চলিছে এনেকুৱা এটা অঞ্চলত যত ১০০ শতাংশই ৰেংমা নগা৷ ৰেংমা শব্দটোৰ মূল কি সেইটো খাটাংকৈ জনা নাযায় যদিও এই নামটো অনা-ৰেংমাই দিয়া বুলিয়ে পণ্ডিতসকল নিশ্চিত হৈছে৷ একাংশৰ মতে ৰেংমা শব্দৰ অৰ্থ হৈছে এক ধৰণৰ দৈৱশক্তি৷ যুদ্ধত শত্ৰুক পৰাভূত কৰিবৰ বাবে ৰেংমা পুৰুষসকলে অতীজত যেতিয়া মূৰত পিথং, হাতৰ সৰু গাঁঠিৰ তলত বেংপেন, বাহুৰ তলত পেন্‌ছি, বুকুত কেৰহা, কঁকালত তাছিনয়াং, কলাফুলত ফাপেং আদি পৰম্পৰাগত বস্ত্ৰ তথা অংগসজ্জাৰে সুসজ্জিত হৈ এহাতে জেং অৰ্থাৎ দা আৰু আনখন হাতত মেই অৰ্থাৎ যাঠী লৈ যুদ্ধংদেহী ৰূপত ওলাই গৈছিল, তেতিয়া দৈৱশক্তিৰ সৈতে তুলনা কৰা হৈছিল৷

ৰেংমা বুলি জনাজাত হোৱাৰ পূৰ্বে পূৰ্বপুৰুষৰ নামানুসাৰে এই নগাসকলে হেনো নিজকে Nzon বা Nzonyu (Nzonৰ লোক) বা Nzon nyennyu (Nzonৰ সন্তান) বুলি কৈছিল৷ গৱেষকৰ মতে Nzon আছিল তেওঁলোকৰ আদিপুৰুষ৷ তেখেতৰ এজন পুত্ৰ আছিল৷ নাম Mejoham৷ এখেতৰ সন্তান আছিল ৪জন৷ Njonkhg, Nrhoga, Nkakhing আৰু Nrungm৷ ব্ৰিটিছে নগা পাহাৰ অধিকাৰ কৰাৰ সময়তে Nzonyu বা Nzon nyennyu গুচি ৰেংমা নামটো আহিল৷ এই নামকৰণ প্ৰক্ৰিয়াৰ অন্তৰালত ব্ৰিটিছ নতুবা অন্য চুবুৰীয়া জনজাতি জড়িত থকাটোৱে সম্ভৱ বুলি ৰেংমাসকলৰো সাধাৰণ ধাৰণা৷ আহোম, বাৰ্মিজ বা ব্ৰিটিছ অহাৰ আগৰে পৰাই Nzonসকলে বৰ-অসমৰ পৰ্বতাঞ্চলত বসবাস কৰি আছিল৷

ৰেংমা শব্দটোৰ উৎপত্তি ১৯ শতিকাত বুলি গৱেষকসকল পতিয়ন গৈছে৷ তেওঁলোকৰ মতে ইয়াৰ উৎপত্তিৰ আঁৰত চাৰিটাকৈ তত্ত্ব আছে৷ সেইবোৰ হল Remme/Rengme theory, Remami theory, Rema theory আৰু Ringman theory৷ Remme/Rengme তত্ত্ব অনুসাৰে জনসমষ্টিটোৰ নাম Nzonyu আছিল যদিও ব্ৰিটিছে কৰি পেলালে ৰেংমা৷ যিদৰে মংগোলীয় গোষ্ঠীৰ চেমা নগাসকল প্ৰকৃততে চুমী বুলিহে পৰিচিত আছিল যদিও ইংৰাজে তেওঁলোকক চেমা আখ্যা দিলে৷ বিচ্যুতিৰ এনেকুৱা উদাহৰণ আৰু নথকা নহয়৷
Remme/Rengme তত্ত্বৰ ভিত্তি হিচাপে এটা কাহিনী পোৱা যায়৷ পুৰন্দৰ সিংহ (১৮৩৪-১৮৩৮) তেতিয়া আহোমৰ ৰজা হৈ আছিল৷ ব্ৰিটিছ চাহাবে স্বৰ্গদেউক এবাৰ এখন সভালৈ আমন্ত্ৰণ জনালে৷ ৰজাই নিজে নগৈ তেওঁৰ প্ৰতিনিধি হিচাপে Nzonyuসকলৰ মুখিয়াল কেইহাং চেব্বে (Keyhang Sebü)ক পাচিলে৷ ৰজাই তেওঁক সম্পূৰ্ণ যোদ্ধাৰ সাজ-সজ্জাত যাবলৈ পৰামৰ্শ দিছিল৷ তেনে ধৰণেই কেইহাং যথাস্থানত উপস্থিত হলগৈ৷ এইফালে আচহুৱা বেশৰ লোকজনক দেখা পাই ব্ৰিটিছ অফিচাৰ অবাক হল৷ দোভাষীৰ জৰিয়তে জানিব বিচাৰিলে যে মানুহজনৰ দোৱানটো কি? উত্তৰত কেইহাঙে জনালে Remme/Rengme বুলি৷ অফিচাৰজনে লগে লগে ডায়েৰীত টুকি ললে৷ কেইহাং গুচি আহিল৷ পাছত শুনা পালে যে তেওঁৰ গোষ্ঠীৰ Nzon বা Nzonyu মানুহখিনিক ব্ৰিটিছে Rengma বুলিছে! এনেকৈয়ে ৰেংমা শব্দটোৰ প্ৰচলন হোৱা বুলি এই তত্ত্বটোৰ মাধ্যমেৰে ঠাৱৰ কৰা হৈছে৷

আনহাতে Remami তত্ত্ব অনুসাৰে ৰেংমা শব্দটো Khezha শব্দ Remamiৰ পৰা উৎপন্ন হৈছে৷ Remami শব্দই নিজৰ বাসভূমি চিৰদিনৰ বাবে পৰিত্যাগ কৰি গাঁৱৰ সিপাৰে কোঠ মাৰি থকা মানুহক বুজায়৷ অৱশ্যে এই তত্ত্বৰ সমৰ্থনত কোনো মৌখিক কাহিনী বা পৰম্পৰাগত গীত-মাত ৰেংমাসকলৰ মাজত পোৱা নাযায়৷

একেদৰে, Rema তত্ত্বমতে Rengma শব্দটো Re অৰ্থাৎ গাঁও আৰু ma অৰ্থাৎ এৰি গুচি যোৱা শব্দাংশদ্বয় লগ হৈ গঠন হৈছে, যাৰ দ্বাৰা Khezha দোৱান কোৱা চাখেচাংসকলে গাঁও এৰি গুচি যোৱা লোকক বুজায়৷ এই তত্ত্বৰ সমৰ্থনতো মুখ বাগৰি অহা কোনো ধৰণৰ কাহিনী বা গীত ৰেংমাসকলৰ মাজত অনুপস্থিত৷ সেয়ে হলেও কোনো কোনোৱে ইয়াৰ গ্ৰহণযোগ্যতা দেখে কাৰণ Remaৰ সৈতে অৰ্থগত মিল ৰেংমা দোৱানতো আছে৷

আকৌ, Ringman তত্ত্বই কয় যে ডাঠ হাবিৰ মাজত ব্ৰিটিছে যেতিয়া প্ৰথমবাৰৰ বাবে Nzon মানুহ এজনক লগ পাইছিল, তেতিয়া সেই মানুহজনৰ ডিঙিত গোলাকাৰ নেকলেছ মেৰিওৱা আছিল৷ হাতৰ গাঁঠি আৰু ভৰিৰ গাঁঠিতো ঘূৰণীয়া আ-অলংকাৰ পিন্ধিছিল৷ কাণতো ওলমিছিল ডাঙৰ ৰিং৷ আচম্বিতে তেনেকুৱা বেশভূষা দেখা পাই সেই মানুহক তেওঁলোকে Ringman বুলিব ধৰিলে৷ Ringmanৰ পৰাই Rengma শব্দটো উদ্ভৱ হল৷ অৱশ্যে এই তত্ত্বৰো সবল ভিত্তি নাই বুলি ধৰা হয়৷

ৰেংমা শব্দৰ মূল বিচাৰি বিভিন্নজনে এই চাৰিটা তত্ত্ব থিয় কৰাইছে যদিও ৰেংমা লোকসকলে Remme/Rengme তত্ত্বকে সম্ভৱপৰ বুলি গণ্য কৰে৷
১৮. ৰেংমাসকলৰ প্ৰব্ৰজন



ওপৰলৈ যোৱা বাটটো এৰি দলটো এঘৰৰ চৌহদত সোমাবলৈ উদ্যত হৈছে৷ বাঁওহাতে পোৱা জপনাখন থাংচিয়ে নিৰ্দ্বিধাই গুচাই দিলে৷ এইটো আকৌ কি কথা? মই মনে মনে ভাবিব ধৰিলোঁ৷ এইফালে কলৈ নিয়ে! কাৰ ঘৰত সুমুৱাইছেহি আমাক? উদ্দেশ্য-বিধেয় একো নুবুজি হেবাঙৰ দৰে আলেখ-লেখ চাই আছোঁ৷ শাৰী পাতি মিছিলটো আগুৱাই গল৷ ৰাজীৱ সবাৰো আগত৷ বুজিলোঁ, তাৰমানে আমাৰ গন্তব্যস্থল এইদিশে৷ অনুসৰণ নকৰি কি উপায়? গৈ থাকিলোঁ পিছে পিছে৷

মুখৰ আগত পুৰণা, মামৰে ধৰা H Beam দুডাল পৰি আছে৷ তাৰ ওপৰেদি হোলা এটা পাৰ হ
ব লাগে৷ বহু বছৰৰ আগতে দলং সাজিবলৈ অনা হৈছিল৷ দলং কতনো হয়? নহল৷ থাকি গল এনেকৈয়ে৷ অৱস্থানটো দেখি মনলৈ অহা প্ৰশ্নটো ৰাইজলৈ বুলি বতাহত এৰি দিলোঁ৷ মোৰ আগে আগে খোজ দি থকা ৰাহ চেব্বেই গাত পাতি লৈ দুখে-ক্ষোভে-উষ্মাৰে জনালে উত্তৰটো৷ ৰেংমাসকল যুগ যুগ ধৰি অৱহেলিত, উপেক্ষিত বুলি সততে অভিযোগ এষাৰ শুনা পাওঁ৷ ৰাহৰ কথা যদি সঁচা হয়, তেনেহলে তাৰে এটা জ্বলন্ত প্ৰমাণ এই H Beam দুডাল৷

বালি-মাটি ভৰি পৰা Beam দুডাল পাৰ হৈয়ে লুংলুঙীয়া বাট এটা৷ একা-বেঁকা ৰাস্তাটো ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈছে৷ কমলা গছৰ মাজে মাজে আগ বঢ়া ট্ৰেকটো দেখাত অতি সুন্দৰ লাগিছে৷ কমলাৰ দিন হোৱা হ
লে এইডোখৰযে কেনেকুৱা ৰকম-জমক হৈ থাকিলহেঁতেন! কল্পনা কৰি চালোঁ৷ আখৈফুটা, জংফা, খেনাৰিৰ কমলা টেঙাৰে মেটমৰা গছবোৰ ফটোত মই দেখিছোঁ৷ কৰ মানুহমখা আহি কতযে কমলা খেতিত লাগিলহি! ভাবি চালে আচৰিতেই হওঁ৷ কমলা বুলিলেই চকীহোলা৷ চকীহোলাৰ পৃষ্ঠপটত এই ৰেংমা গাঁওবোৰ৷

গৱেষকসকলৰ ধাৰণা, আংগামী, লথা, চেমা, চাখেচাং ইত্যাদি অন্যান্য নগাসকলৰ দৰে ৰেংমাসকলৰ পূৰ্বপুৰুষো চীন দেশৰ পৰা প্ৰব্ৰজিত৷ 
Qin Shi Huang প্ৰতিষ্ঠিত Qin সাম্ৰাজ্যৰ পৰা তেওঁলোক আহিছিল, দূৰ অতীতত৷ ৰেংমা নগাসকলৰ মুখ বাগৰি অহা এক প্ৰবাদ অনুসৰি চীনৰ বিখ্যাত মহাপ্ৰাচীৰ নিৰ্মাণৰ সময়ত অন্য নগাসকলৰ সৈতে ৰেংমাসকলকো কামত খটোৱা হৈছিল৷ তেওঁলোকক শাৰীৰিকভাৱে অত্যাচাৰ-উৎপীড়ন কৰা হৈছিল৷ প্ৰয়োজনীয় খাদ্য-বস্তু দিয়া নহৈছিল৷ ফলস্বৰূপে অনেকৰে মৃত্যু ঘটিছিল৷ এনে কাৰ্যই মানুহখিনিক ক্ষুণ্ণ কৰি তুলিছিল আৰু উক্ত স্থান চিৰদিনৰ কাৰণে ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল৷

খ্ৰিষ্টপূৰ্ব ২২১ৰ পৰা ২০৬ৰ ভিতৰত দক্ষিণ-পূব এচিয়াৰ চীন দেশৰ যুন্নান পৰ্বতাঞ্চলৰ পৰা সেই অসন্তুষ্ট জনসমষ্টি আগুৱাই আহি পোনতে ব্ৰহ্মদেশৰ উচ্চভূমি Khenrhinyuত থিতাপি লৈছিল৷ তাৰ পৰা উত্তৰ-পশ্চিম দিশে গতি কৰি মণিপুৰৰ ইম্ফল উপত্যকাৰ Makerenyuত বহে৷ তাৰ পাছত নাগালেণ্ডৰ ফেক জিলাৰ Khinzonyu (Khezakeno) ওলাইহি৷ নগাসকলৰ সেই বসতি ২০০০ বছৰতকৈও বেছি পুৰণি বুলি ধৰা হয়৷ উক্ত বিভাজন বিন্দু (Diversion point)ৰ পৰাই মানুহখিনি বৰ্তমানৰ বসতি স্থান অনুপাতে পৃথক পৃথকদিশে সিঁচৰতি হৈ পৰে৷ তেনেকৈয়ে হয়তো এদিন ইয়াত এই কমলা গছবোৰ ৰুলেহি! কথাটো ভবাৰ লগে লগে পাত এখিলা ছিঙি মোহাৰি চালোঁ৷ দীঘলকৈ উশাহ দুটামান টানি গোন্ধটোৰে হৃদয়খন ভৰাই ললোঁ৷ মনে মনে কৈ উঠিলোঁ... আঃ জংফা!

এক পৌৰাণিক কাহিনী অনুযায়ী আকৌ ৰেংমাৰ পূৰ্বপুৰুষ Samije বোলা বৃহৎ গুহা এটাৰ পৰা নিৰ্গত হোৱা লোক৷ গুহাটোৰ প্ৰৱেশদ্বাৰত ভয়ংকৰ বাঘ এটাই হেনো অৱস্থান কৰি আছিল৷ ওলাই অহা মানুহক পালেই সি পোনে পোনে গিলি পেলাইছিল৷ অৱশেষত Helo আৰু Kejori নামৰ দুজন মৰসাহসী লোকে দীঘল নালৰ দাৰ সহায়ত বাঘটোক হত্যা কৰে৷ তাৰ পাছতে গুহাৰ ভিতৰত থকা সমুদায় লোক বাহিৰলৈ ওলাই আহে৷ তে্ওঁলোকে বিভিন্ন দিশত বাস কৰিবলৈ লয়৷ ৰেংমাসকলে ভৈয়াম অভিমুখে প্ৰব্ৰজন কৰাৰ সময়ত সেই দাখন লথাসকলক সমৰ্পণ কৰি আহিছিল৷ নাগালেণ্ডৰ Wokha জিলাৰ Okotoso নামৰ লথা গাঁওখনত দাখন এতিয়াও আছে বুলি বিশ্বাস কৰা হয়৷ Samijeৰ পৰা এই লোকসকল কালক্ৰমত Khezhakeno পাইছিলহি৷

সমুদ্ৰপৃষ্ঠৰ পৰা ১,৬৬০ মিটাৰ উচ্চতাত Khezhakeno এনে এখন ঐতিহাসিক স্থান যৰ পৰা ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন নগা ফৈদৰ বিভিন্ন দিশত প্ৰব্ৰজনৰ সূত্ৰপাত ঘটিছিল৷ পিতৃ-পিতামহৰ সেই বুৰঞ্জীপ্ৰসিদ্ধ গৃহভূমিৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন ভিন্ন প্ৰান্তলৈ নগা লোকৰ নিৰ্গমন ঘটিছে৷ Nzon অৰ্থাৎ ৰেংমাসকল ইয়াৰ ব্যতিক্ৰম নহয়৷ গৱেষকৰ মতে মুঠতে ৬বাৰ স্থান সলাই তেওঁলোকে Khezhakenoৰ পৰা প্ৰথমে গৈ কহিমা জিলাৰ Kagwenyu (Kigwema), তাৰ পাছত Chendenbinshong (Chedema), তাৰ পৰা Pengshongnyu, তাৰ পাছত Hereuphenyu (Gariphema), তাৰ পৰা Nyerhenphen (Nerhema) আৰু শেষত Tseminyu চাৰ্কোলৰ Khwenphenত থিতাপি লৈছিল৷ Khwenphenক প্ৰথমখন Nzon অৰ্থাৎ ৰেংমা গাঁও আখ্যা দিয়া হয়৷ সেই গাঁৱৰ পৰাই Nzonnyuসকল নাগালেণ্ড আৰু অসমৰ অংশবিশেষত সিঁচৰতি হৈ পৰে৷ সময়ৰ সোঁতত এই অঞ্চল পায়হি৷

১৯. অসম, মিকিৰ পাহাৰ (কাৰবি আংলং)লৈ ৰেংমাসকলৰ আগমন 




সুমথিৰা গছবোৰৰ ফাঁকে ফাকে বাট বুলি আমি এটা পাহাৰ-শীৰ্ষত উপস্থিত হলোঁহি৷ সামান্য কৌণিকভাৱে ডিঙি ঘূৰাই দেখোঁ, নামনিত এক জনপদ, জংফা৷ আমাৰ বেছ কেম্পটো, মানে চৰকাৰী গাঁওবুঢ়াৰ ঘৰখন তাতেই কিছু সময়ৰ আগতে এৰি থৈ আহিছোঁ৷ সময়টো লক্ষ্য কৰিলোঁ৷ ১১ বাজোঁ বাজোঁ৷ অৰ্থাৎ ২০ মিনিটমানতে এইখিনি পাইছোঁহি৷ ইয়াৰ পাছত আৰু কেইখন পাহাৰ অতিক্ৰম কৰিব লাগিব নাজানো৷ উৎসাহে কিন্তু আগলৈ টানি আছে৷ প্ৰাকৃতিক দৃশ্যটো হেঁপাহ পলুৱাই উপভোগ কৰাৰ পাছত পানী কেইঢোকমান গিলি লৈ পুনৰ পদচালনাত লাগি গলোঁ৷ সংগীসকল ইতিমধ্যে আগ বাঢ়িলেই৷

বৰ্তমান অসমত বাস কৰা নগাসকলৰ এটি প্ৰধান গোষ্ঠী হৈছে ৰেংমা৷ কাৰবি আংলং জিলাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ পৰা কিছু নিলগৰ বৃহৎ ভূখণ্ডত দক্ষিণে বৰপথাৰ আৰু উত্তৰে চকীহোলাক লৈ আহোম যুগৰে পৰাই ৰেংমা মানুহ এখিনিয়ে বসতি কৰি আহিছে৷ এইটো স্পষ্ট যে এইসকলৰ আদিপুৰুষ অতীজত চুবুৰীয়া নগাৰাজ্যৰ পৰাই প্ৰব্ৰজিত৷ ইফালে নাগালেণ্ডতো, মূল ১৬টা নগামূলীয় পাৰ্বত্য জনগোষ্ঠীৰ ভিতৰত ৰেংমা অন্যতম৷

ভাষাগত ভিন্নতাৰ দৃষ্টিভংগীৰে চালি-জাৰি চাই অসম আৰু নাগালেণ্ডত বসবাস কৰা ৰেংমা নগা লোকসকলক গৱেষকসকলে তিনিটা গোটত ভাগ কৰিছিল৷ পশ্চিম ৰেংমাৰ দক্ষিণ অংশত বসতি কৰাসকল, পশ্চিম ৰেংমাৰ উত্তৰ অংশত বসতি কৰাসকল আৰু পূব ৰেংমাত বসতি কৰাসকল৷ নৃগোষ্ঠীয়ভাৱে একে যদিও এই তিনিওটা অঞ্চলৰ ৰেংমাসকলৰ মাজত ভাষাগত কিছু বৈসাদৃশ্য পোৱা গৈছিল৷ কাৰবি আংলঙৰ আবাসী ৰেংমাসকলৰ দোৱান পূব ৰেংমা বা পশ্চিম ৰেংমাৰ উত্তৰ অংশটোতকৈ পশ্চিম ৰেংমাৰ দক্ষিণ অংশটোৰ সৈতেহে মিলে৷

নগা পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহি ৰেংমাসকলে মিকিৰ পাহাৰত প্ৰৱেশ কৰাক লৈ কেইবাটাও লোক-প্ৰবাদ প্ৰচলিত হৈ আহিছে৷ আগমনৰ কাৰণ হিচাপে কোৱা হৈছে যে ভিন্ন ভিন্ন ফৈদৰ মাজত সঘনাই ঘটি থকা লুটপাত, মুণ্ড চিকাৰ, উপদ্ৰৱ আদিৰ ফলত ৰেংমাসকল অতিষ্ঠ হৈ পৰিছিল৷ সেইটোৱে তেওঁলোকৰ একাংশক পুনৰবাৰ স্থান সলাবলৈ বাধ্য কৰাইছিল৷ ফলস্বৰূপে নগা পৰ্বতৰ পৰা অসমৰ ভৈয়াম অঞ্চললৈ গুচি আহিছিল৷ এনেকৈ নামি অহা দলটো দুভাগত বিভক্ত হৈ পৰিছিল৷ এটা শাখাই সৰুপথাৰ-গৰমপানী হৈ নানা ঠাইত থিতাপি লৈছিল৷ আনটোৱে ডিফু, লামডিং আদিত থিতাপি লৈছিল বুলি পঢ়িবলৈ পোৱা যায়৷

নগা পৰ্বতত এসময়ত আংগামী গোষ্ঠীৰ আগ্ৰাসনত তিষ্ঠিব নোৱাৰি উত্তৰলৈ প্ৰব্ৰজন কৰোঁতে ৰেংমাসকলৰ এটা গোটে মিকিৰ পাহাৰত প্ৰৱেশ কৰিছিল বুলিও কোনো কোনোৱে কৈ গৈছে৷ অসমৰ কাৰবি আংলং অৰ্থাৎ পূৰ্বৰ মিকিৰ পাহাৰ জিলালৈ ৰেংমা নগাসকলৰ প্ৰব্ৰজন কেতিয়া হৈছিল? এই বিষয়ে তথ্যৰ অভাৱ যদিও এচামৰ মতে ১৮ শতিকাৰ শেষ দশকত আৰু আন এচামৰ মতে ১৯ শতিকাৰ আৰম্ভণিতে হৈছিল৷

এটা সূত্ৰই কয়, অষ্টাদশ শতিকাৰ শেষ দশকত ৰেংমাসকলৰ এটা বুজন অংশই অসমলৈ প্ৰব্ৰজন কৰিছিল৷ এনেকৈ অহা পশ্চিম ৰেংমাৰ উত্তৰ অংশটোক বোলা হৈছিল Nzon teriphenyu (cane-path Rengmas)৷ আনহাতে পশ্চিম ৰেংমাৰ দক্ষিণ অংশটোক বোলা হৈছিল Ntenyi awi khiya (cane-cutting Rengmas)৷ সীমান্তৰ কাষৰীয়া সমতলত থকা অটব্য অৰণ্যৰ মাজেদি বেতৰ ঘন জংঘলেৰে বাট কাটি আহিছিল বাবে সেই মানুহবোৰক এনেকৈ কোৱা হৈছিল৷ বৰ্তমান কাৰবি আংলঙৰ উত্তৰ-পূব দিশত অৱস্থিত পাৰ্বত্য অঞ্চলটোতে তেওঁলোকে বসতি কৰিবলৈ লৈছিল৷ জনগোষ্ঠীটোৰ নাম অনুসাৰেই তেওঁলোকে বাস কৰা পাহাৰখনো ব্ৰিটিছৰ পৃষ্ঠপোষকতাত জনাজাত হৈ পৰিছিল ৰেংমা হিল্‌ছ বুলি৷

আকৌ, ৱেষ্টাৰ্ণ ৰেংমাৰ পৰা অসমভূমিৰ ৰেংমা হিল্‌ছলৈ ক্ৰমাগতভাৱে হোৱা ৰেংমাসকলৰ প্ৰব্ৰজন তিনিটা ধাৰাত চলিছিল বুলি ধৰা হয়৷ তেওঁলোকৰ কেইবাজনো লোকে সময় অনুপাতে নেতৃত্ব বহন কৰিছিল৷ প্ৰথমটো ধাৰাত আছিল Ashangphi আৰু Shwenga৷ তেওঁলোকৰ প্ৰব্ৰজন ঘটিছিল Terüguthongৰ পৰা৷ দ্বিতীয়টো খেপৰ নেতৃত্ব দিছিল Njang Tegibü আৰু তেওঁৰ লোকসকলে৷ Chokedonyu নামৰ গাঁৱৰ পৰা এই প্ৰব্ৰজন ঘটিছিল৷ তৃতীয়টো ধাৰাত দুজন ককাই-ভাই Dyüshong আৰু Mongkhaই গুৰি ধৰিছিল৷ এই লোকসকলৰ বিষয়ে বিশেষ একো জনা নাযায় যদিও পৰৱৰ্তী সময়ৰ নেতা তথা বীৰ আখ্যায়িত Keyhangৰ বিষয়ে কিছুমান কথা আজিও ৰেংমাসকলৰ মুখে মুখে চলি আছে৷ সেইজন কেইহাঙৰ সমাধিলৈকে আমি গৈ আছোঁ, পাহাৰ বগাই বগাই৷

আন এটা তথ্যমতে খেনল আৰু আছাংফি নামৰ দুজন মুখিয়ালৰ নেতৃত্বত প্ৰব্ৰজিত ৰেংমা নগাসকলে ৰেংমাপানী নামৰ জুৰিৰ পাৰত তাহানিতে গাঁও স্থাপন কৰি বসতি কৰি আছিল৷ এক প্ৰবাদ অনুসৰি, মাছ মৰাত সুবিধা হ’বৰ বাবে দুজন ককাই-ভাইৰ ডাঙৰজনে জুৰিটোত বান্ধ এটা দিলে৷ লগতে নিয়ম কৰি দিলে যে যিয়েই মাছ নামাৰক কিয়, তেওঁক ভাগ এটা দিব লাগিব৷ এদিনাখন সৰুজনে মাছ ধৰিলে৷ ডাঙৰজনক পিছে ভাগটো নিদিলে৷ ইয়াতে ক্ষুণ্ণ হৈ ডাঙৰজনে সৰুজনক স্থান এৰাৰ নিৰ্দেশ দিয়ে৷ তেতিয়া সৰুজনে নিজৰ পা-পৰিয়াল আৰু অনুগামীসকলক লৈ নগা পাহাৰ এৰি মিকিৰ পাহাৰ অভিমুখে আহিল৷ তেওঁলোকে প্ৰথমে ভৈয়াম আৰু তাৰ পাছত উচ্চতালৈ উঠিল৷ সেই পাহাৰেই ৰেংমা পাহাৰ৷

মিকিৰ পাহাৰলৈ হোৱা প্ৰব্ৰজন সম্পৰ্কে এনেকৈও কথিত আছে যে এদিনাখন দুই ৰেংমা মুখিয়াল দ্যেশ্বং আৰু মংখাই অন্য চিকাৰীৰ সৈতে চিকাৰৰ উদ্দেশ্যে এই দিশে আহিছিল৷ জনবসতিহীন অনুচ্চ পাহাৰখনৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈছিল৷ তেতিয়াই নগা পাহাৰৰ বসতি এৰি তেওঁলোকে ইয়ালৈ গুচি অহাৰ সিদ্ধান্ত লয়৷ ঘূৰি গৈ দুয়ো প্ৰায় ২০০ পৰিয়ালক লৈ মিকিৰ পাহাৰলৈ আহে৷ তেতিয়াৰ পৰাই তেওঁলোকে ইয়াত স্থায়ীভাৱে বসতি কৰি আছে৷

পঢ়িবলৈ পোৱামতে, অসমত ৰেংমাসকলে বাস কৰা অঞ্চলসমূহ অৰ্থাৎ ৰেংমা হিল্‌ছত একালত ৰেংমাৰ বাদে অন্য লোকৰ বসতি নাছিলেই৷ ১৮২০ চনত ব্ৰিটিছৰ প্ৰৱেশৰ আগলৈকে একছত্ৰী অধিবাসী আছিল ৰেংমাসকলেই৷ তেওঁলোকেই সেই সময়ত জনপ্ৰিয় আৰু শক্তিমন্ত জনগোষ্ঠী হিচাপে পৰিচিত আছিল৷ ব্ৰিটিছে অসম অধিগ্ৰহণ কৰাৰ পাছত প্ৰব্ৰজিত অন্য জনগোষ্ঠীয় লোক পৰৱৰ্তী সময়ত ৰেংমা হিলছত উঠিবলৈ ললে৷

২০. আহোম-ৰেংমা সম্পৰ্ক



১২২৮ খ্ৰীষ্টাব্দত হোৱা স্বৰ্গদেউ চ্যুকাফাৰ আগমনৰ আগৰে পৰাই নক্টে, ৱাংচু, কন্যাক আদি অন্য নগা ফৈদৰ উপৰি ৰেংমা নগাসকলে পাটকাই পৰ্বতত বসতি কৰি আছিল৷ ১৩ শতিকাৰ পৰা আৰম্ভ কৰি আহোম আৰু ৰেংমাসকলৰ সহাৱস্থান আছিল শান্তিপূৰ্ণ৷ পাটকাইৰ বুকুত আহোমে পাৰ কৰা ১৩টা বছৰকে ধৰি শেষ পৰ্যন্ত দুয়োটা গোটৰ মাজত সম্পৰ্ক সৌহাৰ্দপূৰ্ণ আছিল৷ এইবোৰ কিতাপৰ কথা৷

জংফালৈ আহি আমাৰ প্ৰথম বাৰ্তালাপতে লাভ কৰা নিজস্ব অভিজ্ঞতাই সম্পৰ্কবোৰযে শক্তিশালী আৰু যাউতিযুগীয়া কৰি ৰখাটো কিমান দৰকাৰী, তাৰে উমান দিলে৷ বাঁহ-বেতৰ মাজে মাজে শাৰী পাতি শুকান পাত খচকি গৈ থাকোঁতে এতিয়া এনেকুৱা অনুভৱ হৈছে যে আমাৰ এই এমুঠিমান ট্ৰেকাৰ্চৰ মাজত কোনো ৰেংমা-অৰেংমা ভাব হলে নাই৷ হিন্দু-মুছলমান-খ্ৰিষ্টান ভাবো নাই৷ ধৰ্মীয় কিম্বা গোষ্ঠীগত পৃথকত্ব পাহৰি পাৰস্পৰিক সহায়-সহযোগিতা আৰু ভাতৃ ভাবেৰে একত্ৰ হৈ আমি এতিয়া পম খেদি আছোঁ আমাৰ ঐতিহ্যৰ, আমাৰ গৌৰৱৰ, আমাৰ সোণালী অতীতৰ৷ প্ৰত্যেকজনৰে মন-গহনত এটাই মাথো লক্ষ্য-উদ্দেশ্য, কেইহাং ৰেন্‌চ৷ কেইহাং ৰেংমা ফুকনৰ মৈদাম৷ জংফাৰ এছ.জি.বি. জখেন চেব্বেৰ ঘৰত সযতনে ফ্ৰেমত বান্ধি থোৱা অৱস্থাত সজাই ৰখা ফটো এখন দেখি আহিছোঁ জেনেৰেল কেইহাং ৰেংমা ফুকনৰ৷

ৰেংমাসকল আহোমৰ প্ৰত্যক্ষ শাসনৰ অধীনস্থ নাছিল৷ আহোম শাসকসকলে পৰ্বতীয়া জনজাতিৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰিছিল৷ অভ্যন্তৰীণ কোনো কথাতে কোনো পক্ষৰ হস্তক্ষেপো আছিল শূন্য৷ বৰঞ্চ পৰস্পৰে পৰস্পৰক উপহাৰ স্বৰূপে হাতী, তৰোৱাল আদি আগ বঢ়োৱাৰ কথাহে বুৰঞ্জীৰ পৃষ্ঠাত পোৱা যায়৷

চুন্যেওফা ওৰফে স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত ১৭৭৫-৭৬ চনত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ৰজাই ৰেংমাসকলৰ সহায় বিচাৰিছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে ৰাজকীয় বাহিনীৰ হৈ বিদ্ৰোহী বাহিনীৰ বিৰুদ্ধে দীঘলীয়া সংঘৰ্ষত লিপ্ত হৈছিল৷ বিদ্ৰোহ শাম কটাত আহোম ৰজাই তেওঁলোকক বৰ্তমানৰ সৰুপথাৰ অঞ্চলত বসতি কৰিবলৈ দিয়ে৷ তাৰ পাছত তেওঁলোকে ধনশিৰি উপত্যকাত বাস কৰিবলৈ লয়৷ Jenhenri অৰ্থাৎ দেওপানী নৈৰ উত্তৰ পাৰেও গাঁও পাতি থাকে৷ কিছু বছৰ তেনেকৈ থকাৰ পাছত উষ্ণ জলবায়ুৰ হেতু সেই ঠাই ত্যাগ কৰি পৰ্বতত উঠেগৈ৷ সৰুপথাৰ এলেকাত তেওঁলোকে এৰি যোৱা ঠাইবোৰৰ ৰেংমা পথাৰ, ৰেংমা কাছমাৰী, ৰেংমা চাহ বাগিচা নামবোৰ আজিও আছে বুলি পঢ়িবলৈ পাইছোঁ৷

ধনশিৰি উপত্যকাৰ দক্ষিণ আৰু পশ্চিমে সিঁচৰতি হৈ পৰা ৰেংমাসকলে নদীখনৰ পশ্চিম পাৰেও এখন গাঁও স্থাপন কৰিছিল৷ সেই স্থানৰ পৰা তেওঁলোকে আৰু অধিক পশ্চিমলৈ গৈ এঠাইত Chambajong নামে গাঁও পাতে৷ এই Chambajong শব্দটোৱে হেনো পিছলৈ লুম্বাজং হৈ পৰিল৷ Chambajongৰ পৰা তেওঁলোকে আৰু অলপ পশ্চিমলৈ যায় আৰু হাওৰাঘাটত থাকিবলৈ লয়৷ সেই স্থানৰ পৰা তেওঁলোকে পুনৰ পাহাৰত উঠেগৈ আৰু Chenkenhishongৰ সমীপত হিলা নামে গাঁও এখন স্থাপন কৰে৷ মোৱামৰীয়া বিদ্ৰোহৰ বহু পিছলৈকে কাৰবি আংলঙত ৰেংমা নগাসকল এনেদৰেই বাস কৰি আছিল৷ ভূপৃষ্ঠৰ বিভাগ অনুযায়ী Chenghe-Arnam মালভূমিয়েই মিকিৰ পাহাৰ৷ Chenkenhishong হৈছে মিকিৰ পাহাৰ অৰ্থাৎ কাৰবি আংলঙৰ অন্তৰ্গত সিংহাসন পৰ্বত যাৰ শীৰ্ষ উচ্চতা ৪,৪৫৯ ফুট৷

এক তথ্য অনুসৰি চুক্লিংফা ওৰফে স্বৰ্গদেউ কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০) ৰজা হৈ থকা অৱস্থাত দ্যেশ্বং চেব্বে (Dyüshong Sebü) আৰু মংখা চেব্বে (Mongkha Sebü)ৰ নেতৃত্বত ৰেংমা নগাৰ দলে মিকিৰ পাহাৰত প্ৰৱেশ কৰিছিল৷ মতবিৰোধ অনুযায়ী কোনো কোনোৰ মতে এয়া হৈছিল চুডিংফা ওৰফে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ (১৮১০-১৮২১)ৰ দিনত৷ ৰেংমা নেতা দ্যেশ্বং চেব্বেক তেতিয়াৰ আহোম ৰজাই ফুকন উপাধি প্ৰদান কৰিছিল৷


কমলা, বনৰীয়া কল, বাঁহ, অন্যান্য গছ-গছনি৷ পাহাৰৰ বিশালতাৰ মাজত মন-প্ৰাণ হেৰাই যোৱা ওখ-চাপৰ সেউজীয়া৷ চেঁচুকীয়া লিক এটাৰে সমদলটোৰ ভৰিবোৰ আগুৱাইছে৷ এইটো ঢালত ৰদ কম পৰে৷ থাংচিৰ উপৰি স্থানীয় সংগী ৰাহ, সুৰেন, ৰেল আৰু ফিলিপে সফলতাৰে আমাক পথ দেখুৱাই নি আছে৷

২্১. মানৰ দিনত ৰেংমাসকল


মানৰ দিনত ৰেংমাসকলে বিশেষ ভূমিকা পালন কৰিছিল৷ পাশৱিক আক্ৰমণৰ পৰিত্ৰাণ বিচাৰি ভৈয়ামৰ বহু লোকে সেই সময়ত নিজৰ পৈত্ৰিক মাটি-ভেটি যত যেনেকৈ আছিল তেনেকৈয়ে এৰি কেৱল জীৱটো মুঠিত লৈ দিহিঙে-দিপাঙে পলাইছিল৷ প্ৰাণৰ মমতাত পৰ্বততো উঠিছিলগৈ৷ ক্ৰমে ১৮১৬, ১৮১৯ আৰু ১৮২১ খ্ৰীষ্টাব্দত এনেকৈ ভাগি অহা ভীতিগ্ৰস্ত লোকসকলক ৰেংমা নেতা কেইহাং চেব্বেই ৰেংমা হিলছত আশ্ৰয় দিছিল৷ তেওঁলোকৰ ৰক্ষাৰ কাৰণে আহোমৰ পক্ষত থাকি মান সেনাৰ বিপক্ষে ৰণ কৰিছিল৷ ১৮২৪ৰ ৫ মাৰ্চত ব্ৰিটিছে ৰয়েল বাৰ্মিজ আৰ্মীক পৰাস্ত নকৰা পৰ্যন্ত ছেগা-চোৰোকাকৈ তেনেকুৱা যুঁজ-বাগৰ অব্যাহত আছিল৷ আহোমৰ প্ৰতি অকুণ্ঠ সমৰ্থন আগ বঢ়াই যোৱা কেইহাং আছিল দ্যেশ্বং চেব্বেৰ পুত্ৰ৷ সহযোগিতা, সাহস, বীৰত্ব আৰু ত্যাগৰ বাবে আহোম ৰজা পুৰন্দৰ সিংহই কেইহাঙক ফুকন’ উপাধিৰে বিভূষিত কৰিছিল৷ ইয়াকে লৈ ৰেংমাসকলে আজিও গৌৰৱ কৰে৷


অতীজত মানৰ অবৰ্ণনীয় উপদ্ৰৱত ঘৰ-বাৰী হেৰুৱাই বহুতো অসমীয়া মানুহে এইখন ৰেংমা পাহাৰতে থাকিবলৈ লৈছিল৷ বিয়া-বাৰুৰ যোগেদি ৰেংমা সমাজৰ সৈতে তেওঁলোক মিলি পৰিছিল৷ উক্ত সময়তে কেইহাং ৰেংমা ফুকনে এজনী অসমীয়া ছোৱালী তুলি লৈছিল বুলিও শুনা যায়৷

মানৰ প্ৰত্যাৱৰ্তনৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি অহাত কেইহাং ৰেংমা ফুকনে ভগনীয়া মানুহবিলাকৰ একাংশক চকীহোলাৰ সমীপৰ মূৰফুলনি অঞ্চলত সংস্থাপিত কৰিলে৷ তৎসত্ত্বেও ৮৯ ঘৰ অসমীয়া মানুহ ভৈয়ামলৈ নামি যাবলৈ অমান্তি হল৷ তেওঁলোক ৰেংমা পাহাৰতে থাকি গল৷ কালক্ৰমত ৰেংমা নগাসকলৰ সৈতে সম্পূৰ্ণৰূপে বিলীন হৈ পৰিল৷ পাহাৰে-ভৈয়ামে ৰৈ গল তেওঁলোকৰ মিতিৰ-কুটুম, বংশ-পৰিয়াল, অঙহী-বঙহী৷ পৰ্বত আৰু ভৈয়ামৰ সদ্ভাৱ আৰু সম্প্ৰীতিৰ এইটো এটা বাস্তৱ নিদৰ্শন বুলি আজিও গৌৰৱেৰে সোঁৱৰণ কৰা হয়৷ প্ৰসংগক্ৰমে, সৰু হৈ থাকোঁতে জেঠাই বুলি সম্বোধন কৰা দূৰ সম্বন্ধী মহিলা এগৰাকীৰ মুখখন মোৰ মনলৈ আহিছে৷ শান্তিপুৰ নিবাসী প্ৰয়াত জেঠাইৰ মূল ৰেংমা নগা বুলি তেতিয়াই আমাক স্পষ্টকৈ জনোৱা মনত আছে৷

ৰেংমাসকল সাহসী, যুদ্ধনিপুণ আৰু সুদক্ষ আছিল৷ তাৰেই স্বীকৃতিস্বৰূপে আহোম স্বৰ্গদেৱে ৰেংমা লোক কেইবাগৰাকীকো ফুকন উপাধি দিছিল৷ সেইসকল আছিল... খেনল, আছাংফি, দ্যেশ্বং, কাভেত, তেগিব্ব, কেছেংগা আৰু কেইহাং৷ খেনোৰ মতে ৰেংমা নগাসকলৰ মুঠ ১২জন লোকক এই সন্মান যচা হৈছিল৷ কেইহাঙৰ পাছত Kesinga আৰু Nthega নামৰ দুজনৰ নাম পোৱা যায়৷ আনহাতে আহোম ৰজাৰ পৰা এনে স্বীকৃতি লভা প্ৰথম মৌজাদাৰজন আছিল পূব ৰেংমা মৌজা Lethi Hingbü Rengma৷ একে সন্মানপ্ৰাপক অন্তিমজন ৰেংমা লোক আছিল ফেনচেৰ গাঁৱৰ Pfukha Rengma৷

কেইহাং ৰেংমা ফুকনৰ মৃত্যু হৈছিল ১৮৬১ চনত৷ নিলিপ উন্নয়ন খণ্ডলৈ আহিলে চকীহোলাৰ সমীপত কেইহাং ৰেন্‌চ অৰ্থাৎ কেইহাং পৰ্বত বা সম্প্ৰতি কালা পাহাৰ বোলা যিখন ডাঙৰ পাহাৰ দেখা যায়, সেই পাহাৰেই আছিল ৰেংমা বীৰপুৰুষ কেইহাঙৰ বাসভূমি৷ সেই পাহাৰত এতিয়াও বহুতো মৈদামৰ ভগ্নাৱশেষ আছে৷ পাহাৰ আৰু ভৈয়ামৰ মানুহৰ সমাধিৰ পাৰ্থক্য ৰাখিবৰ বাবে ৰেংমা নগা লোকৰ মৈদামবোৰ শিলেৰে ঘূৰণীয়াকৈ ঘেৰি দিয়া হৈছিল৷ ভৈয়ামৰ মানুহৰ সমাধি আছিল চাৰিচুকীয়াকৈ ঘেৰা৷ আনহাতে ৰেংমা পুৰুষৰ সমাধি ঘূৰণীয়া আৰু মহিলাৰ সমাধি ডিম্বাকৃতিৰ বুলিও কোনোবাই কয়৷ সত্যান্বেষীৰ ৰূপত তাকে চাবলৈ যোৱাৰ অভিপ্ৰায়েৰে সঞ্জুৱে কালি নিশা মোলৈ কৰা ফোনকলটো পাই লগে লগে 'য়েছ' বুলি কৈ দিছিলোঁ৷ আৰু এতিয়া শুকান বাঁহপাতত মৰমৰণি তুলি সেইফাললৈকে সদলবলে ঘূৰি-পকি গৈ আছোঁ, পাহাৰে পাহাৰে৷ মনত সীমাহীন আনন্দ, উৎকণ্ঠা, কৌতূহল, অনুসন্ধিৎসা ইত্যাদি ইত্যাদি৷ 

সুখকৰ কথা যে অসম দৰ্শন আঁচনিৰ অধীনত অসম বাজেট ২০১৯-২০ত পৰ্যটন/ইতিহাসপ্ৰসিদ্ধ স্থানৰ পৰিকাঠামো উত্তৰণৰ অৰ্থে প্ৰকাশ কৰা অনুদান প্ৰাপ্তিৰ তালিকাত ৰেংমাসকলৰ এইগৰাকী পূৰ্বপুৰুষ কেইহাং ৰেংমা ফুকনৰ মৈদামো অন্তৰ্ভুক্ত হৈছে৷ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাঠ কৰা বাজেট ভাষণত এই কথা প্ৰকাশ পাইছিল৷ কাৰ্যতঃ তাৰে চাক্ষুষ দৰ্শন আৰু ক্ষেত্ৰ অধ্যয়নৰ বাবে বোকাজান মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত বেমথই আহংবাম চানু (এ.চি.এছ.)ৰ নেতৃত্বত মহকুমা আৰক্ষী বিষয়া পদ্ম পেগু, চকীহোলাৰ ছেকেণ্ড অফিচাৰসহ ২৩ ফেব্ৰুৱাৰীত বৃহৎ দল এটা কেইহাং ৰেনচলৈ গৈছিল বুলি ট্ৰেকত খোজ দি থাকিয়ে মোক জনালে ইমানপৰে অন্তৰংগ হৈ পৰা আমাৰ সহযোগী সদস্য ৰাহ’ চেব্বেই৷ ২০জনীয়া সেই দলটোত তেৱোঁ গৈছিল৷ পুৱা ৮.৩০ত ট্ৰেকিং আৰম্ভ কৰি ২ বজাত লক্ষ্যস্থান পাইছিলগৈ৷ প্ৰয়োজনীয় জৰীপ কাৰ্যখিনি সমাধা কৰি তেওঁলোকে তাত অস্থায়ী শিৱিৰত ভাত-পানী খালে৷ বিয়লি ৩ বজাত উভতনি খোজ আৰম্ভ কৰি জংফা পালেগৈ নিশা ৬.৪৫ত৷ বাহিৰা মানুহে এনেকৈ দলবদ্ধভাৱে কেইহাং ৰেংমা ফুকনৰ মৈদাম চাবলৈ যোৱা হেনো সেই দলটোৱে প্ৰথম৷ আজি আমাৰ দলটো দ্বিতীয় বুলি কলে৷ এনেকৈয়ে হয়তো ঐতিহ্যপূৰ্ণ উক্ত স্থান এদিন পৰ্যটন থলীত পৰিণত হবগৈ৷


২২. ৰাজীৱৰ প্ৰত্যাৱৰ্তন 


খুপি খুপি থিয় গৰা এটা উঠি আছোঁ৷ দূৰ দিগন্তলৈকে জিলিকি আছে কাৰবি আংলঙৰ শাৰী শাৰী পাহাৰ৷ পাহাৰৰ মাজত স্পষ্ট ৰূপত এছোৱা মুকলি ঠাই, যত সেউজীয়া অনুপস্থিত৷ বুজিলোঁ, সেয়া কোনোবা কৃষকৰ আশাৰ জুমতলি৷ ইফালে-সিফালে ভালকৈ চাওঁতে তেনেকুৱা চবকা-চবক কেইবা জেগাও দেখিলোঁ৷ এসময়ত খেতি কৰা হৈছিল৷ এৰি দিয়াৰ পাছত পুনৰ সেউজীয়া হব ধৰিছে৷ এফালে আঁতৰলৈ আঙুলিয়াই মোৰ কাষতে থকা ৰাহই কৈ উঠিল, সৌৱা মোৰ খেতি৷ আচৰিত হলোঁ অৱস্থান দেখি৷ কম কষ্টখন কৰিব লাগিবনে সেইডোখৰত উপস্থিত হবলৈ! ঠাই পাওঁতেই আধা জান যাব৷ তাৰ পাছত খেতিৰ কাম৷ ৰাহ, ৰেল, সুৰেন, ফিলিপহঁতে পাৰে৷ ভীষণ কষ্ট কৰিব পাৰে ইহঁতে৷ উপায়োযে নাই৷ ৰেংমাসকলে কেনেদৰে কষ্ট কৰি জীয়াই আছে, সেয়া জংফালৈ আহিলেহে, এই মানুহবোৰৰ সৈতে মুকলিমূৰীয়াভাৱে কথা পাতিলেহে উপলব্ধি কৰিব পৰা যায়৷

আমাৰ মানুহে ১০ আঙুলিৰে মাটি খুঁচৰি খাই-বৈ কোনোমতে জীৱন ধাৰণ কৰি আছে ছাৰ৷ অন্য বুলিবলৈ একো নাই৷ চৰকাৰী সহায়-সাহায্য বুলিবলৈও নাই৷ একো আঁচনিয়ে ঢুকি নোপোৱা আমাৰ ঠাই৷ মেডিকেল সুবিধা নাই৷ এল.পি. স্কুলহে আছে এখন৷ এম.ই. কিম্বা হাইস্কুল নাই৷ যোগাযোগ আৰু যাতায়াত কিমান বেয়া সেয়া আপোনালোকে আহোঁতে গম পাইছেই৷

অভাৱহীনভাৱে জীয়াই থকাৰ ইচ্ছা এই মানুহবোৰৰো আছে৷ চৰকাৰী উদাসীনতাৰ বিপৰীতে তেওঁলোকে সমূহীয়া শ্ৰমদানৰ ওপৰতে নিৰ্ভৰ কৰি চলি আহিছে৷ কথাবোৰ চিন্তা কৰি গৈ থাকোঁতেই অৰণ্যৰ মাজত লিকটোৰ নিচেই ওচৰতে মুকলি জুমতলি এডৰা পালোঁ৷ কল, অমিতা গছ কিছুমান আছে৷ গছত অমিতা লাগি আছে৷ দেখা পায়ে ছিঙোঁ ছিঙোঁ লাগি গল৷ গৰাকীবা কোন! অলপমান দূৰত খেৰেৰে সজা দুচলীয়া বহা এটাও আছে৷ কাৰবি, ডিমাচা, ৰেংমাই কেইবাদশক পূৰ্বেই ঠাই সলাই থকাৰ আদিম চিন্তা বাদ দি স্থায়ী বসতি কৰিবলৈ ললে যদিও পাহাৰত এনেকৈ কৃষি-কৰ্ম আজিকোপতি কৰি আহিছে৷ কৰিবলৈ বাধ্য হৈছে৷

এইটো সঁচা যে কাৰবি আংলঙৰ ভূমিত এফালৰ পৰা চাবলৈ গলে ৰেংমাসকল প্ৰথম অধিবাসী যদিও অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে আজিও পাছ পৰা৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭২ বছৰৰ পাছতো তেওঁলোক বৰ্তমানেও অৱহেলিত আৰু উপেক্ষিত৷ জনজাতীয় লোকৰ উন্নয়নৰ লক্ষ্যৰে জিলা পৰিষদ গঠন হোৱা ৬৮ বছৰ হল৷ ৰেংমা অধ্যুষিত এলেকা কিন্তু এতিয়াও পৰিত্যক্ত আৰু অজান দ্বীপ হৈয়ে ৰল৷ ৰাস্তা-ঘাট ঠিক নহল৷ পোহৰ, পানী, স্বাস্থ্য, শিক্ষা, মানৱ সম্পদৰ উন্নয়ন তথা অন্যান্য উন্নতিমূলক কাৰ্যকলাপে যথাযথ ৰূপ পাবলৈ আজিৰ তাৰিখতো বাকী থাকি গল৷ থলুৱা মানুহ হিচাপে ৰেংমাসকলে সৰ্বতোপ্ৰকাৰৰ উন্নয়ন কামনা কৰে যদিও তেওঁলোকৰ অগ্ৰগতিৰ বিষয়টোক যেন কাণসাৰ দিবলৈ কোনো নাই৷ জুমখেতিৰ নামত সামান্য কৃষি আৰু উদ্যান শস্যৰ নামত কমলা খেতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি সহাৱস্থানেৰে জীৱন পাত কৰি আহিছে এই শান্তিপ্ৰিয় লোকসকলে৷

ছাজিদদা আপোনালোক গৈ থাকক মই ঘূৰি যাম৷

নামনিৰ পৰা আচম্বিতে উৰি অহা অনাকাংক্ষিত শব্দকেইটা মোৰ কৰ্ণপটহত লাগিলহি৷ ঘূৰি নোচোৱাকৈয়ে ধৰিব পাৰিছোঁ, সেয়া ৰাজীৱৰ কণ্ঠস্বৰ৷ তললৈ চাই দেখোঁ, সি ৰৈ গৈছে৷ বডী লেংগুৱেজ লক্ষ্য কৰিয়ে মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে গাঁঠলু শৰীৰটোৰে বেচেৰা অত্যন্ত ভাগৰুৱা৷ ওপৰলৈ চাই কোনো ৰকমেহে মাতষাৰ উলিয়াইছে! আৰু যেন এখোজো উঠিব নোৱাৰে সি!

আৰম্ভণিটো ঠিকেই আছিল যদিও আজিৰ ট্ৰেকটো easy বা moderate নহয়, hard যেন ময়ো অনুভৱ কৰিছোঁ৷ ইফালে গতিটোও হৈছে হিচাপতকৈ বেছি৷ দলনেতাৰ ভূমিকাত থকা থাংচিয়ে কতো নোৰোৱাকৈ আমাক অকাই-পকাই একেৰাহে উঠাই লৈ গৈ আছে৷ বাটত এবাৰো এতিয়ালৈকে কাকো বহিবলৈ বা জিৰণি লবলৈ দিয়া নাই৷ ইয়াকে ভাবি পেটে পেটে মোৰ তালৈ খং নুঠা নহয়৷ উচ্চভূমিলৈ দীৰ্ঘ দূৰত্বৰ পদযাত্ৰা এটা এনেকৈ কৰিব লাগে নেকি?

অৱশ্যে থাংচিৰ মতলব বা চিন্তাটোও মই বুজি নোপোৱা নহওঁ, পাইছোঁ৷ পোহৰে পোহৰে যাত্ৰাটো সমাপ্ত কৰি নোৱাৰিলে বিপদ বা অসুবিধাৰ সন্মুখীন সকলোৱেই হব লাগিব৷ ইফালে যাত্ৰা আৰম্ভ কৰোঁতেই ইতিমধ্যে পলম হৈছে৷ সেয়ে সি জোৰ দিছে কম সময়ত যিমান পাৰি সৰহ দূৰত্ব অতিক্ৰম কৰাত৷ তাতে খোজৰ লগত খোজ মিলাব নোৱাৰি সৌৱা ৰাজীৱ ৰৈ গল৷ হাত দাঙি দিলে সি আধা ঘণ্টামান পদচালনাৰ পাছতে৷

যিমানলৈকে উঠিছিলোঁ সিমানৰ পৰাই মই তললৈ নামি আহিলোঁ৷ ৰাকচেকৰ পৰা পানীৰ বটলটো টান মাৰি উলিয়ালোঁ আৰু ৰাজীৱলৈ আগ বঢ়াই দিলোঁ৷ বটলটো হাত পাতি লৈ সি কেইঢোকমান খালে৷ উশাহটো স্বাভাৱিক হোৱাত পুনৰবাৰ জনালে, আপোনালোক যাওক৷ মই ইয়াৰ পৰাই উভতি যাম৷

পাৰিবা বলা৷ লাহে লাহে গৈ থাকিম৷ বুলি মনোবল বঢ়োৱাৰ চেষ্টা চলালোঁ যদিও কাম নিসিজিল৷ সি আৰু আগ নাবাঢ়ে৷ চূড়ান্ত সিদ্ধান্ত দি দিলে৷

খৰকৈ চিন্তা কৰিছোঁ, কি কৰা যায়? অকলে এৰিবলৈও ভাল লগা নাই৷ আনফালে, ছন্দ হেৰুৱাই সময় নষ্ট কৰি থাকিবও নোৱাৰি৷ বাকী আটাইৰে গতি ঊৰ্ধ্বমুখী৷ ওপৰৰ পৰা চাই আছে আমাক৷ উপায় নাই৷ বাট চিনি পাম, অকলে উভতিব পাৰিম বোলাত ৰাজীৱক এৰি ময়ো সন্মুখলৈ অগ্ৰসৰ হলোঁ৷ ৰাজীৱ ঘূৰি গল৷ ৰেংমা পাহাৰৰ অৰণ্য পথত হঠাতে এজন সংগী আমাৰ কমি থাকিল৷

২৩. প্ৰথম জিৰণি


তলৰ কেঁকুৰিটোত জংফামুৱা ৰাজীৱ অদৃশ্য হোৱাৰ পাছত অগ্ৰগামী দলটোত আমি ট্ৰেকাৰ্ছ এতিয়া ৯জন হলোঁ৷ এইখিনিৰ পৰা ওপৰলৈ বাটটো দেখাত বৰ থিয়৷ জাংগল ট্ৰেইল এৰি এঢলীয়াৰে বাঁহগছৰ তলে তলে যাব লাগিব৷ অসাৱধান হলেই খোঁচ খোৱাৰ ভয়৷ অহা-যোৱা কৰি নথকা মানুহৰ বাবে কেইহাং ৰেনচৰ ৰাস্তা চিনাটো মুখৰ কথা নহয় যেন লাগিল মোৰ৷ একা-বেঁকাকৈ উঠি গৈ থকা ট্ৰেকটো সৰাপাতে ঢাকি চিন-চাব নোহোৱা কৰি পেলাইছে৷

হাতত লৈ থকা দাখনেৰে ফিলিপে মোক ৩ নম্বৰ ঠেংটো লৈ লওক বুলি বাঁহৰ লাখুটি এডাল কাটি দিলে৷ বেকপেকটোও নিজে লবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ ধন্যবাদ জনাই ৱাকিং ষ্টিকডাল ললোঁ যদিও বেগটো মই নেৰিলোঁ৷ ফিলিপ আগ বাঢ়ি গুচি গল৷ সৰু লৰা আফিলও ঠিকে ঠিকে গৈ আছে৷ আগত যোৱাকেইজন এসময়ত বাঁহনিৰ মাজত নেদেখা হৈ পৰিল৷ একেৰাহে উঠিবলগীয়া হোৱাৰ ফলত মোৰহে গতি ধীৰ হৈ আহিছে৷ নিজৰ লগতে অনুসৰণ কৰি থকা সুৰেন আৰু ৰাহও পিছ পৰি গল৷ আমি তিনিও বিভিন্ন কথা পাতি পাতি লাহে লাহে যাব ধৰিলোঁ৷ ঠায়ে ঠায়ে বিৰতি৷

এইছোৱাত পাহাৰৰ ঢালটো কৌণিকভাৱে আনুমানিক ৫০-৬০ ডিগ্ৰীৰ কম নহব৷ যেনে-তেনে ১০ খোজমান দিয়ে ৰৈ দিবলগীয়া অৱস্থা হৈছে৷ দেহাৰ ভৰ লাখুটিত এৰি দি উশাহ-নিশাহ চম্ভালিছোঁ৷ সেপ গিলিছোঁ৷ নাগালেণ্ড-মণিপুৰ সীমান্তস্থিত আত্মাআলোড়নকাৰী ঝুক ভেলীলৈ মনত পৰি গৈছে৷ কবলৈ গলে তাতোকৈ কোনোগুণে কম কষ্টকৰ বুলিব নোৱাৰি এইটো ট্ৰেকিং৷ তাত যেনিবা ৰেইন ফৰেষ্ট আছিল৷ কিনকিনীয়া বৰষুণ মূৰত লৈ বাট বুলিছিলোঁ৷ ইয়াত এতিয়া বাঁহগছৰ আধিক্য৷ মাজে মাজে বেত আৰু অন্যান্য প্ৰজাতিৰ গছ-গছনিও ভৰি আছে৷ বতৰটোও অনুকূল৷

গম পাইছোঁ, কিয় আজি গতি ধীৰ হৈছে৷ চক্‌লেট অনা নহল৷ পাহাৰ বগাই বগাই মুখখন তিতিকি লাগি গৈছে৷ সেয়ে ঘনাই ৰবলগীয়া হৈছে৷ বটলৰ পানীৰে কুলকুলি কৰি লৈছোঁ৷ নিতৌ পুৱা খোজ কঢ়া, অলপ অলপ দৌৰাৰ উপৰি উঠা-বহাৰ অনুশীলনখিনি নিয়মিত চলাই থকাৰ বাবেহে এইখিনি উঠিব পাৰিছোঁ যেন ভাব হৈছে৷ নহলে ৰাজীৱৰ দৰেই হলহেঁতেন, নিশ্চিতভাৱে৷ কলাফুলত জোৰ নাথাকিলে এনে ঠাইলৈ নহাই ভাল৷ ইফালে চকলেটৰ চিন্তাটোৱে বাৰে বাৰে মূৰত খুন্দিয়াই থকাত সুৰেন আৰু ৰাহৰ আগত এপাকত কৈয়ে পেলালোঁ৷ দুয়ো তামোল চোবাই চোবাই উঠি আছে৷ মুখত কিবা এটা লাগে বুলি সহমত প্ৰকাশ কৰিলে যদিও কাহানিও নুশুনা মহাশক্তিধৰ(!) চকলেটৰ সম্পৰ্কে শুনি সিহঁত আচৰিত আৰু আহ্লাদিত, দুয়োটাই হল৷

নিজৰ দোৱানত দুয়ো কিবাকিবি পাতিলে৷ তাৰ পাছতে সুৰেনে ততালিকে কান্ধত বৈ অনা নগামোনাটো খোঁচৰাত লাগি গল৷ কিবা নাম নজনা মৰ্টন এটা উলিয়াই মোলৈ আগ বঢ়ালে৷ নাই মোমাইতকৈ কণা মোমায়েই ভাল৷ এইবুলি মুখত ললোঁ৷ সিমান কামত নিদিলে অৱশ্যে৷ ডেইৰী মিল্কৰ সমান শক্তি নাই৷ হাতত নথকা সেইবিধেহে এতিয়া মনোৰাজ্যত ক্ৰিয়া কৰি থাকিব ধৰিলে৷ ট্ৰেকত দৰকাৰ হোৱা বস্তু হাতত নথকাত আজি ঠিক যাতনা ভুগিছোঁ৷ পস্তাইছোঁ৷ কি কৰোঁ? বুদ্ধি এটা নোহোৱা নহয় অৱশ্যে৷ পাহাৰৰ লগত হাৰ নামানিবলৈ খোজৰ সমানে সমানে সঘনাই উচ্চাৰণ কৰি গলোঁ এটা শব্দ... তেঁতেলি৷ শুকান জিভাখনলৈ স্বতঃস্ফূৰ্তভাৱে লেলাউটি অকণমান আহিল৷

১২ বাজিবলৈ ১০ মিনিট বাকী৷ জংঘলৰ মাজৰ অকণমান মুকলি আৰু সমান ঠাই এডোখৰত থাংচিহঁত আগৰে পৰাই বহি আছে৷ ডেৰ ঘণ্টাজুৰি চলা নিৰন্তৰ আৰোহণৰ পাছত আনুষ্ঠানিকভাৱে এয়ে আমাৰ প্ৰথম জিৰণি৷ আমি ৩জন আহি পোৱা মাত্ৰক সঞ্জুৱে মোক ধৰিলে, আজি আপোনাৰ খোজ লেহেম হৈছে দেই, বুলি৷ বিনাবাক্যে মানি ললোঁ৷ বিপৰীতে, কতো নোৰোৱাকৈ একেৰাহে ইমানখিনি উঠাই অনাৰ বাবে থাংচিক অভিযুক্ত কৰিলোঁ৷ সি হাঁহিলে৷ ইমানপৰে আমি ৪টা পাহাৰ পাৰ হোৱা বুলি কলে সঞ্জুৱে৷

সঞ্জু আৰু থাংচিৰ সৈতে ময়ো শাৰী পূৰাই বহি ললোঁ৷ তেনে সময়তে কিৰণে আমাৰ গ্ৰুপ ফটো এখন তুলিলে৷ থাংচি সজাগ যে অধিক সময় ব্যয় কৰিব নোৱাৰি৷ আৰু ১০ মিনিটমান ৰোৱাৰ পাছতে খোজ পুনৰ আৰম্ভ হল৷ মৈদামলৈ কিমান বাকী আছে? আছে আৰু অলপ বুলি উত্তৰ এটা আহিল যদিও মই হলে এতিয়াও একো ধৰিব পৰা নাই, কোনফালে কিমান যাব লাগিব৷ জংফানো কোনদিশে আছিল সেইটোও লাহে লাহে গমিব নোৱাৰা হৈ আহিলোঁ৷

২৪. ব্ৰিটিছৰাজ আৰু ৰেংমাসকল (ক)


প্ৰথম এংল-বাৰ্মিজ যুদ্ধৰ অৱসান কল্পে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ General Sir Archibald Campbell আৰু মহামহিম আভাৰাজৰ Governor of Legaing, Maha Min Hla Kyaw Htin মাজত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত চুক্তি হোৱা শান্তি-সন্ধিৰ লগে লগে ব্ৰিটিছৰাজ পূৰ্ণৰূপত সক্ৰিয় হৈ পৰিছিল৷ এইফালে অসমে স্বনিয়ন্ত্ৰণ হেৰুৱালে৷ তাৰ পাছৰ পৰা ১৯৪৭ত ভাৰত ত্যাগৰ আগলৈকে সাহসী তথা উদ্যমী ইংৰাজে পাহাৰে-ভৈয়ামে দপদপাই ঘূৰি-ফুৰি লুকাই থকা অনেক কিবাকিবি discover কৰি থৈ গল৷ আমাৰ মানুহৰ দ্বাৰা rediscover হবলৈহে আজিও বাকী ৰল৷ স্বাধীন দেশৰ চৰকাৰী বিভাগে ঢুকি পাওঁতে পাওঁতেতো বহুতৰে অৱশেষেই নিশ্চিহ্নপ্ৰায় হলগৈ!

ৰেংমাসকলৰ সংস্পৰ্শলৈ অহা প্ৰথম ব্ৰিটিছ অফিচাৰজন আছিল কৰ্নেল আলফ্ৰেড ৰিচাৰ্ডছ৷ ১৮২৪ চনৰ মাৰ্চ মাহত নগাঁৱৰ Nchiben-hobing (ডবকা-ডকমকা)ত ৰেংমা নগাসকলৰ সৈতে তেওঁ মুখামুখি হৈছিল৷ ইয়াৰ সুদীৰ্ঘ সময়ৰ পাছত ইউৰোপীয়ান অফিচাৰ লেফটেনেণ্ট ই. আৰ. গ্ৰেঞ্জ নগাঁৱৰ উপ সহকাৰী আয়ুক্ত হৈ থাকোঁতে আংগামী হিল্‌ছলৈ যোৱাৰ বাটত মহংডিজুৱাত ৰেংমাসকলৰে মিলিত হৈছিল৷ সেয়া আছিল ১৮৩৯ চনৰ কথা৷ তেতিয়াই ৰেংমা লোকসকলৰ পৰা ব্ৰিটিছৰ ৰাজকোষলৈ ৰাজহ আমদানি কৰাৰ চিন্তা-চৰ্চা হৈছিল, যদিওবা বিভিন্ন অসুবিধাত সেইটো বাস্তৱায়িত নহলগৈ৷ ১৮৪০ৰ ডিচেম্বৰত লেফটেনেণ্ট বিগ্গে গোলাঘাটত কৰ্মৰত হৈ থকাৰ সময়ত ৰেংমা মুখিয়াল কেচিংগা ৰেংমা ফুকনৰ সৈতে গঢ়া সম্পৰ্কৰ জৰিয়তে ৰেংমা লোকসকলৰ লগত বন্ধুত্ব স্থাপনত সফল হৈছিল৷ অৱশ্যে নানা কাৰণত ৰাজহ আদায়ৰ বিষয়টো তেতিয়াও কাৰ্যকৰী কৰিব পৰা নগল৷

ঐতিহাসিক সমলৰ ভিত্তিত ১৮৪১ চনৰ ১৮ এপ্ৰিল তাৰিখে ৰাজনৈতিক কাৰ্যবিৱৰণীৰ অনুচ্ছেদ ৭৯-৮০ অনুযায়ী ৮,৭২৪ বৰ্গ কিলমিটাৰ ভূখণ্ডক সামৰি ৰেংমা হিল্‌ছ সৃষ্টি কৰা হৈছিল৷ ব্ৰিটিছে গঠন কৰি দিয়া ৰেংমা হিল্‌ছৰ উত্তৰত আছিল বৰ দিখাৰু নৈ, বান-ইংহু পৰ্বত আৰু তাৰাপুং নৈ৷ দক্ষিণে যমুনা নদী আৰু ডিফু নদী৷ পশ্চিমত বৰ দিখাৰু আৰু সৰু দিখাৰু৷ পূব দিশটো নাগা হিল্‌ছৰ চেমিন্যুলৈকে সম্প্ৰসাৰিত আছিল৷

১৮৪৪ চনৰ ১৪ এপ্ৰিলত উপ সহকাৰী আয়ুক্ত এম. ব্ৰাউনিউডে নগাঁৱৰ মুখ্য সহকাৰী আয়ুক্ত কেপ্টেইন এ. ষ্টুৱাৰ্টলৈ এখন পত্ৰ লিখে৷ উক্ত পত্ৰত ৰেংমাসকল জনপূৰ্ণ আৰু শক্তিশালী মানুহ আছিল বুলি উল্লেখ কৰি গৈছে৷ ব্ৰিটিছৰ আগমনৰ পূৰ্বৰে পৰাই ৰেংমা নগাসকলে ভূমিপুত্ৰ হিচাপে নিজৰ এলেকাত বসতি কৰি আছিল৷ তদুপৰি অসমলৈ ব্ৰিটিছ অহাৰ আগলৈকে এই অঞ্চলটো কোনেও অধিগ্ৰহণ কৰিব পৰা নাছিল৷

মুখ্য সহকাৰী আয়ুক্তৰূপে নগাঁৱত থকা কেপ্টেইন জন বুটলাৰৰ সৈতে ৰেংমা নগাৰ দল এটাৰ সাক্ষাৎ আৰু উপহাৰ বিনিময় হৈছিল ১৮৪৫ চনৰ ২৬ নৱেম্বৰত, দেওপানীত৷

১৮৪৭ চনৰ ফেব্ৰুৱাৰীত ব্ৰিটিছৰ দ্বাৰা ৰেংমা নগাসকলৰ পৰা ৰাজহ সংগ্ৰহৰ প্ৰক্ৰিয়া পুনৰ ক্ৰিয়াশীল হৈ উঠিল৷ সেই ব্যৱস্থাৱলী সম্ভৱ হৈছিল ব্ৰিটিছ চৰকাৰৰ ১৮৪৩ চনৰ ১২ এপ্ৰিলৰ ৰাজনৈতিক কাৰ্যবিৱৰণীৰ অনুচ্ছেদ ৭৬ আৰু ৭৮ তথা ১৮৪৫ চনৰ ২৪ জানুৱাৰীৰ অনুচ্ছেদ ৪৫ আৰু ৫০ৰ মাধ্যমেৰে৷ কেপ্টেইন জন বুটলাৰে প্ৰভাৱশীল ৰেংমা মুখিয়ালসকলক নগাঁৱলৈ মাতি পঠালে৷ সেয়া আছিল ১৮৪৭ চনৰেই কথা৷ আলোচনাত চৰকাৰক ঘৰেপতি এটকাকৈ কৰ দিবলৈ ৰেংমাসকলক সৈমান কৰাৰ উপৰি তেওঁলোকৰ পৰা নিয়মিতভাৱে খাজনা দি থকাৰ লিখিত প্ৰতিশ্ৰুতি আদায় কৰি লোৱা হয়৷ একেটা বছৰতে বুটলাৰে প্ৰায় প্ৰতিখন ৰেংমা গাঁও ভ্ৰমিছিল৷ সেই সময়ত ৰেংমা হিল্‌ছত ৰেংমা গাঁও আছিল ৫২খন৷ তাৰ ভিতৰত ৩২খনে খাজনা দিবলৈ সন্মত হল৷ উক্ত ৩২খন গাঁৱত ৬৮৯টা পৰিয়াল সিঁচৰতি হৈ আছিল৷ জনসংখ্যা আছিল ২,৭৫৬৷ সেইটো বছৰতে নগাঁৱৰ উপ সহকাৰী আয়ুক্ত মাষ্টাৰ্চক গোলাঘাটত থাকি ৰেংমা হিল্‌ছ পৰিদৰ্শনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ স্বীকৃতিপ্ৰাপ্ত ৩২খন গাঁৱৰ ভিতৰত তেওঁ ২০খন গাঁৱলৈহে যাব পাৰিলে৷ ঘন অৰণ্যৰ বাবে আটাইবোৰলৈ যোৱাটো সম্ভৱ হোৱা নাছিল যদিও ৰাজহ ব্যৱস্থাপনাই গতি লোৱাৰ আশা তেতিয়া দেখা গৈছিল৷

১৮৪৮ চনৰ ১৮ অক্টোবৰ তাৰিখৰ অনুচ্ছেদ ৯ আৰু ১০ৰ অনুমোদনক্ৰমে সেই বছৰৰ পৰা ৰাজহ ব্যৱস্থাৱলী কাৰ্যকৰী হয়৷ তেতিয়াৰে পৰাই ৰেংমাসকলে ইংৰাজ চৰকাৰক চাং খাজনা দিবলৈ লয়৷ ডাঠ বনাঞ্চলৰ বাবে খাজনা দিবলৈ যোৱাটো অৱশ্যেই সহজসাধ্য নাছিল৷ কেপ্টেইন বুটলাৰৰ প্ৰভাৱত প্ৰথমে ১২খন গাঁৱৰ মুখিয়ালে নগাঁৱত থকা ৰাজহ সংগ্ৰাহকৰ কোষাগাৰত তেওঁলোকৰ খাজনা জমা দিছিলগৈ৷ আনহাতে বাকী ২০খন গাঁৱৰ মুখিয়ালে খাজনা দিছিল গোলাঘাটত৷ এনেকৈ জমা হোৱা ভূমি ৰাজহৰ মুঠ ধনৰাশি হৈছিলগৈ ৪৫৯ টকা৷ পৰৱৰ্তী সময়ত ৰাজহৰ ধন কহিমা কোষাগাৰত আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছিল৷

২৫. আকৌ জিৰণি



শুকান পাতত মৰ্‌মৰণি তুলি বাঁহতলে বাঁহতলে অবিৰতভাৱে গৈ আছে ৯জনীয়া সত্যান্বেষীৰ দলটো৷ সঞ্জুৰ নিৰ্দেশ অনুসৰি অৱস্থানৰ সুচলতা চাই মাজে মাজে কেমেৰা পাৰ্ছন কিৰণে ট্ৰেকাৰ্ছসকলৰ শাৰীটো নিজৰ হেণ্ডিকেমত বন্দী কৰি গৈছে৷ টেলিভিচন চেনেলত দেখুৱাওঁতে দৰকাৰ হব৷ সদৌটিৰে শেষত থাকি এখোজ-দুখোজকৈ ময়ো ওপৰলৈ উঠি আছোঁ৷ হাবিৰ মাজত পজিছন লৈ থকা কিৰণলৈ চাই হাত এখন দাঙি দিছোঁ, চিনেমাৰ কায়দাত৷ হলে কি হব? ফোঁপযহী ৰঙাই৷ ফোঁপনিত উশাহ-নিশাহবোৰ ভীষণ ঘন হৈ উঠিছে৷ নিজে নিজেই লৈ আহিছোঁ ক্ষন্তেকীয়া বিৰতি কিছুমান৷ এতিয়াও অলপ গৈয়ে ট্ৰেকত ওলাই থকা শিল এটা পাই তাৰ ওপৰতে বহি দিবলৈ বাধ্য হলোঁ৷ আগৰ দৰে সুৰেন আৰু ৰাহই মোৰ ওপৰত পূৰা নজৰ ৰাখিছে৷ সিহঁতো ৰৈ গৈছে৷ বাকীবোৰ আগুৱালে৷

মাজে মাজে ভাহি আহিছে অচিন চৰাইৰ মাত৷ সেইফালে আঙুলিয়াই এবাৰ সুৰেনক মই সুধিলোঁ, 'সেইটো কি চৰাই? সুৰেনে কাণ উনালে৷ মনোযোগেৰে শুনাৰ চেষ্টা চলালে যদিও কব হলে পৰা নাই৷ ময়ো ধৰিব পৰা নাই৷ অচিনাকি কণ্ঠ৷ আচৰিতভাৱে, লিকটোৰ কাষতে পৰি থকা অৱস্থাত পাখি এডাল পালোঁ৷ দীঘলে ১৫ ইঞ্চি৷ বৰণ কলা৷ কি চৰাইৰ পাখি কব নোৱাৰোঁ৷ সিহঁত দুটায়ো নাম কব নোৱাৰিলে৷

অলপ আগুৱাই যাওঁতে ৰাহই কৰ পৰাজানো, ঘিলাগুটি দুটা বুটলি আনি মোৰ হাতত দিলে৷ পাখিডালৰ লগতে ৰাক্‌চেকৰ খাপত সুমুৱাই থলোঁ৷ ৰেংমা পাহাৰৰ সংগ্ৰহ! আনে নহ'লেও ভ্ৰাতৃপ্ৰতিম বন্ধু ডক্টৰ ৰাজু গগৈয়ে পিটিকি পিটিকি চাব৷ সুধিব অনেক প্ৰশ্ন৷ প্ৰচণ্ড কৌতূহলী মানুহ৷ গৱেষকৰ গুণ পূৰা আছে৷ তেওঁক দেখুৱাবৰ কাৰণেই জংঘলৰ মাজত মই কাঠফুলা, গছৰ গুটি, ফুল, যি যত পাইছোঁ সবৰে ফটো তুলি লৈছোঁ৷ 'ঘিলা গছজোপা কেনি আছে? উত্তৰটো অহাৰ আগতেই সেইখিনি অতিক্ৰম কৰি আহিলোঁ

আৰু অলপ আগুৱাই গৈছোঁ৷ মন কৰিলোঁ, কিবা গছৰ গুটি এবিধ বুটলি ৰাহ আৰু সুৰেনে উধাই-মুধাই চোবাব ধৰিছে৷ সুধিলোঁ, 'কি হয়? 'ধুনাগুটি৷ উত্তৰ দিয়েই আকৌ একামোৰ৷

ওখকৈ ধুনাগছ এজোপা, ট্ৰেকটোৰ দাঁতিতে আছে৷ পুৰণা গছ৷ অথালি-পথালিকৈ দেহত ভালেমান চিন, দাৰে ঘপিওৱাৰ৷ আঘাতৰ স্থানবিশেষে ধুনা কিছু কিছু জমা হৈছে৷ দুই সংগীক দেখি ময়ো পৰি থকা ধুনাগুটি এটা বুটলি ললোঁ৷ বহুৱাই দিলোঁ কামোৰ৷ তিতা লাগি থকা মুখখন কিবা এটা ভাল লাগি গল৷ 'ধুনাগুটি খাই উঠি পানী খাবচোন৷ মিঠা মিঠা লাগে৷ সুৰেনে বুজাই দিলে৷ চকলেটৰ অবৰ্তমানত ধুনাগুটিয়ে কিছু কাম দিয়া যেন লাগিল৷ ইফালে-সিফালে পৰি থকা আৰু কেইটামান গুটি সংগ্ৰহ কৰি বেগত ভৰাই লৈহে স্থান এৰা হ৷ আগত পামনে নাপাম কোনে জানে?

ধুনা গছজোপাৰ ঠিক বিপৰীতে এটা আচৰিত কাৰবাৰ৷ বাঁহগছৰ জোপাহাত ১০-১২ ফুট ওপৰত চাং এখন সজা আছে৷ ভালকৈ নাচালে ধৰাটো টান৷ সেইখন কিয় সজা হৈছে বুলি সোধাত ৰাহই ৰহস্যটো ভাঙি দিলে৷ ধুনাগুটি খাবলৈ পহু আহে৷ চিকাৰীয়ে চাংখনত উঠি চোপ লৈ থাকে৷ দেখা পালেই গুৰুম কথাৰ লগে লগে দুহাতৰ আঙুলিকেইটা বন্দুকৰ দৰে কৰি গুলী মৰাৰ ভাও দিও দেখুৱালে৷ মই বুজিলোঁ, এই পাহাৰত পহু আছে তাৰ মানে৷ হৰিণাৰ মাংসই বৈৰী৷ ধুনাগুটিৰ বিপৰীতে বন্দুকৰ গুলী৷ আজি এইটো দলত অৰূপদা অহা নাই৷ নহলে খুব বকিলেহেঁতেন, জন্তু হত্যা কৰাক লৈ৷

জংঘলী পথেৰে আগুৱাওঁতে পাহাৰীয়া কলগছবোৰৰ লগতে প্ৰকাণ্ড জোখৰ কৌপাত কিছুমান দেখা পাইছোঁ৷ একোখন কৌপাত থিয়কৈ ধৰিলে মোতকৈও ওখ হব৷ বাঁহ-বেতৰ চেহেৰা দেখিও অভিভূত হৈ পৰিছোঁ৷ কেঁচা বাঁহৰ কিযে চমক! আগতে দেখা নাই কতো৷ চাই চাই ইমানেই ৰব নোৱাৰা হৈ পৰিলোঁ যে সেউজীয়া বাঁহ এডালক আলফুলে সাবটি ধৰি মৰম কৰি দিলোঁ৷ ৰেংমা পাহাৰত লুকাই থকা গছ-গছনি, জীৱ-জন্তু, ভূ-প্ৰাকৃতিক সম্পদ সঁচাকৈয়ে অমূল্য৷ যেনি-তেনি এতিয়ালৈকে অনেক পাহাৰ বগাইছোঁ৷ পিছে কোনো পাহাৰৰে মাটিৰ বৰণ এনেকুৱা দেখা নাই৷ ৰেংমা পাহাৰৰ মাটিযে সাৰুৱা প্ৰথম পৰ্যবেক্ষণতে ধাৰণা হল৷ মোহাৰ এটা মাৰি চালোঁ৷ তিল, হালধি, আদা আদি খুব ভাল হব ইয়াত৷ কিন্তু অহা-যোৱাটোহে খেতি কৰাতকৈ বহু গুণে বেছি কষ্টকৰ৷ সেয়ে হয়তো জেগাবোৰ পৰি আছে৷ জনপদ নাই৷ পথ জয়াল, জয়াল পৰিৱেশ৷ মাজে মাজে কেৱল সেই অচিন পখীৰ মাত৷ তাৰ বাদে সমস্ত পাহাৰখনতেই মৰিশালিৰ নিৰৱতা৷ ভয় লাগি যায়৷

সেউজীয়াৰ মাজে মাজে এনেকৈয়ে শাৰী পাতি আগলৈ গতি কৰি আছোঁ৷ বেতনি এখনৰ মাজেদি আগ বাঢ়িছোঁ এইবাৰ৷ বেতৰোযে গঢ়! চাবলগীয়া৷ বেতনিখন পাৰ হৈয়ে আকৌ বাঁহনি৷ সেউজীয়া বাঁহবোৰৰ মাজতে ওখ গছ দুজোপাৰ তলত আমাতকৈ কিছু আগতে আহি পোৱা ৬জন সদস্য বহি আছে৷ বুজিলোঁ, দলনেতা থাংচিয়ে পুনৰবাৰ আনুষ্ঠানিক জিৰণি ঘোষণা কৰিছে৷ অথনি বকিছিলোঁযে!

১২ বাজি ৩৫ মিনিট গৈছে৷ এনে লাগিছে, যথেষ্ট উচ্চতা পালোঁহি আমি৷ কেইমিনিটমান জিৰাই পুনৰ যাত্ৰা৷ এই পৰ্যন্ত পাই অহাৰ দৰে কঠিনতা আগলৈ আৰু নাথাকিব যেন ভাব হৈছে৷

২৬. ব্ৰিটিছৰাজ আৰু ৰেংমাসকল (খ)


১৮৫২ চনত ৰেংমা হিলছক নগাঁও জিলাৰ এটা মহকুমা হিচাপে গঢ়ি তোলা হৈছিল৷ উদ্দেশ্য আছিল ৰেংমা নগা প্ৰশাসনিক এলেকাটোৰ তদাৰক কৰা৷ মহকুমাটোৰ সদৰ ঠাই আছিল আছালু৷ ইফালে নগা এলেকালৈ ব্ৰিটিছৰ শাসন সম্প্ৰসাৰিত হোৱাৰ পাছত অসমৰ ভৈয়ামৰ পৰা পৃথকে নাগা হিলছ ডিষ্ট্ৰিক্ট গঠন কৰাটো প্ৰয়োজনীয় হৈ দেখা দিলে৷

১৮৫৪ চনত ৰেংমাসকলে ব্ৰিটিছৰ হাতত ৰাজহ জমা দিবলৈ অমান্তি হল৷ ব্ৰিটিছ চৰকাৰে তেতিয়া মৰঙীখোৱা গোহাঁইক অধীক্ষক পাতি তেওঁৰ প্ৰভাৱত ৰেংমা নগাসকলৰ পৰা কৰ-কাটল সংগ্ৰহৰ পন্থা উলিয়াইছিল৷ তাৰ পৰৱৰ্তী সময়ত ৰেংমা সমাজৰ পৰম্পৰাগত ৰাজনেতা ব্যৱস্থাটোৰ বিলুপ্তি ঘটাই ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে মৌজাদাৰৰ প্ৰচলনৰ কথা ভবা হয়৷

১৮৬১ চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাজহ কাৰ্যবিৱৰণীৰ অনুচ্ছেদ ১১৬-১১৮ অনুযায়ী ইংৰাজ চৰকাৰে ৰেংমাসকলে বসতি কৰি থকা সমগ্ৰ অঞ্চলটোক পূব ৰেংমা আৰু পশ্চিম ৰেংমা নামে দুটা প্ৰশাসনীয় গোটত বিভক্ত কৰে৷ ৰাজহ তথা কৰ সংগ্ৰহত সহায়ক হোৱাৰ লক্ষ্যৰেই এইটো কৰা হৈছিল৷ থলুৱা অধিবাসী ৰেংমাসকলৰ মাজৰ পৰাই ৰাজহ সংগ্ৰহৰ দায়িত্ববাহী ৰখা হৈছিল৷ ভাৰতবৰ্ষত ব্ৰিটিছৰাজ বৰ্তি থকা পৰ্যন্ত সেয়া অব্যাহত আছিল৷ নাগালেণ্ডত নিগাজি হৈ পৰা ৰেংমাসকলক পূব ৰেংমা (Pochury), দক্ষিণ ৰেংমা (Nzonyu), উত্তৰ ৰেংমা (Nthenyu) আৰু অসমত বসতি কৰা ৰেংমাসকলক পশ্চিম ৰেংমা হিচাপে ভাগ কৰা হৈছিল৷ আনহাতে ৰেংমা নগাসকলৰ পৰিচালনাৰ মুখ্যালয় বুলি চিহ্নিত হৈছিল কহিমাৰ পৰা ৩০ মাইল উত্তৰে অৱস্থিত চেমিন্যু৷

১৮৬৬ চনত Samagudting (এতিয়া Chumukedima)ক প্ৰশাসনীয় সদৰ হিচাপে লৈ গঠন হল নাগা হিল্‌ছ ডিষ্ট্ৰিক্ট৷ ৰেংমা হিল্‌ছো তাৰ অংশবিশেষ হৈ পৰিল৷ ১৮৬৭ৰ ১৬ ডিচেম্বৰত ৩৩৮৬ পি. নং নিৰ্দেশনা যোগে উভয়ৰে সীমা ঘোষণা কৰা হয়৷

এইফালে নগাঁৱৰ উপ সহকাৰী আয়ুক্ত মাষ্টাৰ্চ কাৰ্যক্ষেত্ৰত সফল নোহোৱাত আৰু চৰকাৰৰ ঘৰলৈ গৃহ-কৰ আনিব নোৱাৰাত ১৮৭০ চনত নাগা হিল্‌ছ ডিষ্ট্ৰিক্টৰ ডেপুটি কমিছনাৰ হিচাপে থকা কেপ্টেইন জন বুটলাৰে ৰেংমা হিল্‌ছ পুনৰবাৰ পৰিদৰ্শন কৰিলে৷ স্বীকৃতিপ্ৰাপ্ত ৩২খন ৰেংমা গাঁৱৰ ভিতৰত ২০খন গাঁও পৰিদৰ্শন কৰি দুজন ৰেংমা লোকক তেওঁ তাত মৌজাদাৰ হিচাপে নিযুক্তি দিলে৷ পশ্চিম ৰেংমা মৌজাত Nyenwhenkhing Nyenthang Rengma আৰু পূব ৰেংমা মৌজাত Khoshomu Himbü Rengmaক সেই কালতে মৌজাদাৰ পতা হৈছিল, ব্ৰিটিছৰ দ্বাৰা৷

১৮৭১ চনত Samagudtingত থকা পলিটিকেল এজেণ্টৰ কাৰ্যালয়ত ৰাজহ জমা দিয়া হৈছিল৷ ডেপুটি কমিছনাৰক দিয়া ৰেংমা হিল্‌ছৰ সেই প্ৰথম ৰাজহৰ পৰিমাণ আছিল ৪৫৯ টকা৷ বয়সস্থ লোক, মহিলা আৰু বিধবাক কৰ পৰিশোধৰ পৰা ৰেহাই দিয়া হৈছিল৷ তেতিয়াৰে পৰাই বৰ্তি থকা প্ৰক্ৰিয়া অনুসাৰে ৰেংমা নগাসকলে আজিও নিৰ্দিষ্ট ৰাজহ-চক্ৰৰ জৰিয়তে বৰ্তমানৰ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক খাজনা পৰিশোধ কৰি আহিছে৷

১৮৭৪ চনত ডক্টৰ ব্ৰাউনে ৰেংমা অধ্যুষিত অঞ্চল পৰিভ্ৰমণ কৰে৷ এই ভ্ৰমণৰ ফলস্বৰূপে ৰেংমা নগাসকল পোনপটীয়াকৈ ব্ৰিটিছ প্ৰশাসনৰ তলতীয়া হৈ পৰে৷ ১৮৭৮ চন পৰ্যন্ত এটকীয়া গৃহ-কৰৰ ধাৰাবাহিকতা বৰ্তি আছিল৷ 

২৭. বিস্ময় আৰু উৎকণ্ঠাৰ মাজত কিছু সময়


দ্বিতীয়বাৰ লোৱা জিৰণিৰ পাছত খোজ আৰম্ভ কৰিয়ে একে সময়তে দুটাকৈ বিস্ময়ৰ সন্মুখীন হলোঁ৷ জংঘলৰ মাজত হাতী-দণ্ডি আৰু হাতীৰ লাদ! ট্ৰেকত পৰি থকা বনৰীয়া হাতীৰ বিষ্ঠাখিনি স্বাভাৱিকতে আমাৰ বাবে কৌতূহল আৰু শংকাৰ কাৰণ হৈ উঠিল৷ পৰীক্ষাকাৰী ৰেংমা গাইডকেইজনৰ মতে ৰাতিপুৱা ইয়াত হাতী ওলাইছিল৷ এতিয়া দুপৰীয়া ১ বাজে৷ গজৰাজৰ অৱস্থান এই মুহূৰ্তত জনা নাযায়৷ হস্তী-মানৱৰ সংঘাত ইয়াত নাই যদিও আমি সাৱধানে বাট বুলিব লাগিব৷ হৈ-হাল্লা নকৰি আশে-পাশে শেনদৃষ্টি ৰাখি গৈ থাকিবলৈ সকলোকে সকীয়াই দিয়া হল৷

প্ৰথমবাৰৰ বাবে এতিয়া আমি সামান্য তললৈ নামিছোঁ৷ নলা এটা পালোঁহি৷ তেনেই বাম৷ ওপৰত পুৰণা গছ দুডাল পৰি আছে৷ তাৰেই পাৰ হ
ব লাগিব৷ পানী পৰিষ্কাৰ৷ সিপাৰ পায়ে ফিলিপে মোনাৰ পৰা ভাতৰ টোপোলা এটা উলিয়ালে৷ গাঁওবুঢ়াৰ ঘৰত পুৱা আমি ভাত খাইছিলোঁ যদিও ফিলিপ আৰু থাংচিয়ে খোৱা নাছিল৷ কৌপাতেৰে বান্ধি লৈ আহিছে৷ এতিয়া খাব হেনো৷ আমাক ৰবলৈ কৈ শিল এটাৰ ওপৰতে পাতখন মেলি ললে৷ তাৰ পাছত দুয়ো দুফালৰ পৰা সমানে সমানে অপাৰেচনত লাগি গল৷ শুকান বগা ভাত, নিমখ-জলকীয়া আৰু ভজা মাছ৷ নাগালেণ্ডৰ অন্তৰ্ৱৰ্তী ভাৰত-ম্যানমাৰ সীমান্তৰ ঘোঁকট স্থানত জন্মা, পাছত মন আৰু টিজিটত ডাঙৰ-দীঘল হোৱা শ্ৰীমতীয়ে অতীত ৰোমন্থনৰ সুযোগ পালেই উলিয়ায়, কেনেকৈ সেইফালৰ কন্যাক নগা লোকে একেখন থালকে ঘেৰাও কৰি বহি লয়, কেনেকৈ কেইবাজনেও একেলগে কেইবাফালৰ পৰা খাদ্য খায়, ইত্যাদি ইত্যাদি কথা৷ দৃশ্যটো দেখিয়ে আমাৰ এওঁলৈ চাঁতকৰে মনত পৰি গল৷

পাহাৰৰ মাজত এইখিনি জেগা তুলনামূলকভাৱে সেমেকা৷ ৰৈ দিয়াত দেহাটো চেঁচা পৰি আহিব ধৰিলে৷ ওপৰত ঠাণ্ডা হব বুলি অথনি গাঁওবুঢ়াৰ ঘৰতে কোৱা-কুই হৈছিল৷ ট্ৰেকচুটযোৰ পিন্ধি থাকি প্ৰথমে গৰম অনুভৱ কৰিছিলোঁ যদিও লাহে লাহে পাহাৰীয়া উষ্ণতাৰ সৈতে খাপ খাই পৰিলোঁ৷

ক্ষন্তেক পাছতে থাংচিৰ পৰা চিগনেল পাই দলে পুনৰবাৰ গতি আৰম্ভ কৰি দিলে৷ ৫ কি ৬ মিনিট৷ আকৌ এটা নলা ওলাল৷ ঘূৰি-পকি একেটাই যদিও ধৰিব পৰা নাই৷ ইয়াতো গছ, গছৰ ডাল পাৰি থোৱা আছে৷ শেলুৱৈ ধৰা গছডালৰ ওপৰেদি সাৱধানে এজন এজনকৈ আটাইবোৰ পাৰ হল৷

১০ মিনিট যোৱাৰ পাছত আৰু এটা নলা পালোঁ৷ কাষৰ বোকা খচকি নামি যোৱাৰ পাছত পানীৰ ওপৰত পৰি থকা বাঁহৰ ওপৰেদি এইটোও অতিক্ৰম কৰা হল, নিজৰ নিজৰ ভৰিত নিয়ন্ত্ৰণ ৰাখি৷ কোনেও এবাৰো পিছল নাখালোঁ যেনিবা৷

কেইমিনিটমানৰ পাছতে পোৱা অন্য এটা নলাৰ পাৰতহে আমাৰ বাবে ৰৈ আছিল আন এক বিস্ময়! অস্তিত্ব জাহিৰ কৰি নলাটোৰ বোকাত স্পষ্ট ৰূপত হাতীৰ খোজ! খোজকেইটা এতিয়া পানীৰে ভৰি আছে৷ এইছোৱাত ট্ৰেকটোতো আমি হাতীৰ খোজৰ চিন, এঢলীয়াৰে নামোঁতে হাতীয়ে পিছল খোৱাৰ চিন আদি সঘনাই পাই আহিছোঁ৷ সাৱধানতা মানি বন্যহস্তীৰ বিচৰণভূমিৰ মাজেদি সাহসেৰে গৈ আছোঁ সকলোটি৷ কেউফালে নিস্তব্ধ নিৰৱতা৷ চৰাইৰ মাত এটাও শুনিবলৈ নাই৷

নলাটো পাৰ হৈ আৰু ১০ মিনিটমান যোৱাৰ পাছতে জংঘলৰ মাজত আৱিৰ্ভাৱ হল নতুন এক বিস্ময়!

২৮. ব্ৰিটিছৰাজ আৰু ৰেংমাসকল (গ)


১৮৭৯ চনত নাগা হিল্‌ছ ডিষ্ট্ৰিক্টৰ সদৰ স্থানান্তৰিত হৈছিল কহিমালৈ৷ তাৰ পাছতো ১৮৯৮ চন পৰ্যন্ত একে ঠাইৰ পৰাই ৰেংমা হিল্‌ছ আৰু নাগা হিল্‌ছৰ প্ৰশাসন পৰিচালিত হৈ থাকে৷ Samagudtingৰ পৰা কহিমালৈ সদৰ উঠাই নিয়াৰ সময়তে নাগা হিল্‌ছ ডিষ্ট্ৰিক্টৰ তেতিয়াৰ ৰাজনৈতিক বিষয়া জি. এইচ. ডামাণ্টে পৰামৰ্শ দিছিল যে দুয়োটা এলেকা মিলি আকাৰ ডাঙৰ হৈছে৷ এতেকে ক’হিমাৰ পৰা সমতল অঞ্চলটো চোৱা-চিতা কৰাটো সম্ভৱ নহব৷ সেয়ে ৰেংমা হিল্‌ছক সমীপৱৰ্তী অসমৰ নগাঁও আৰু শিৱসাগৰৰ সৈতে সংযোগ কৰিব লাগে৷

আনফালে নাগা হিল্‌ছ ডিষ্ট্ৰিক্টৰ ৰাজনৈতিক বিষয়া মেজৰ টি. বি. মিচ্চেলে অসমৰ মুখ্য আয়ুক্ত সচিবলৈ দিয়া চিঠিত ৰেংমা অধ্যুষিত দুই মৌজাক অসমৰ জিলাৰ সৈতে সংযুক্ত কৰাৰ প্ৰস্তাৱটোৰ বিৰোধিতা কৰিলে৷ ১৮৮১ চনৰ ১৮ মে’ তাৰিখৰ ১০৭৪ নং পত্ৰযোগে তেখেতে লিখিছিল যে ৰেংমা লোকসকল দুটা মৌজা পূব ৰেংমা আৰু পশ্চিম ৰেংমাত বিভক্ত৷ তেওঁলোকৰ ৰাজহ কহিমাত দিয়া হৈছে৷ উল্লেখযোগ্য যে সেই বছৰ জমা দিয়া ৰাজহৰ পৰিমাণ আছিল ৭৪২ টকা৷

১৮৮৭ চনত ক’হিমা কোষাগাৰত জমা দিয়া ৰাজহৰ পৰিমাণ আছিল ৭৪২ টকা৷ প্ৰশাসনীয় সুবিধাৰ কাৰণে ৰেংমা নগাসকলক আকৌ গোলাঘাট কোষাগাৰতে ৰাজহ জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল৷

ভৈয়াম এলেকাৰ চোৱা-চিতাত সন্মুখীন হোৱা অসুবিধা হেতুকে প্ৰশাসনীয় সুচলতাৰ কথা ভাবি ১৮৯১ চনত নাগা হিলছৰ ডেপুটি কমিছনাৰ কেপ্টেইন কৌলে নাগা হিলছৰ পৰা ৰেংমা হিলছৰ কিছু কিছু অংশ অসমৰ কাষৰীয়া জিলাৰ সৈতে সংযুক্ত কৰাৰ কথা চিন্তা কৰিলে৷ নগাঁও আৰু শিৱসাগৰ জিলাৰ সৈতে সংযোগ কৰাৰ অনুমোদনৰ বাবে তেওঁ অসমৰ মুখ্য আয়ুক্তলৈও লিখিলে৷ দুটা মৌজা ক্ৰমে পূব ৰেংমা আৰু পশ্চিম ৰেংমাত ইতিমধ্যে বিভক্ত ৰেংমা হিলছৰ পূব ৰেংমা মৌজাৰ ১,৯২৬ বৰ্গমাইল এলেকা শিৱসাগৰ আৰু পশ্চিম ৰেংমা মৌজাৰ ৮৫৬ বৰ্গমাইল এলেকা নগাঁৱৰ সৈতে সংযোগৰ প্ৰস্তাৱ লোৱা হল৷ ইফালে এই প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে থিয় হল দুটা পক্ষ৷

ইমান দূৰত থাকি নাগা হিল্‌ছৰ ৰাজনৈতিক বিষয়াৰ পক্ষে কাম-কাজ নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলিলেও নগাঁও বা শিৱসাগৰৰ উপায়ুক্তই তাৰ কোনো সালসলনি সমৰ্থন কৰা নাছিল৷ আনহাতে এই সন্দৰ্ভত অসমৰ আয়ুক্তই অসম উপত্যকাৰ মুখ্য আয়ুক্তক ১৮৯৪ৰ ৩ আগষ্টত ৪৩৭ আৰ. ৩৬৭৫ নং চিঠিযোগে অৱগত কৰিছিল৷

১৮৯৮ চনৰ ৯ ডিচেম্বৰত অসম উপত্যকাৰ তদানীন্তন মুখ্য আয়ুক্তই শ্বিলঙৰ পৰা জাৰি কৰা ৫৬৪৬ আৰ. নং জাননী যোগে ৰেংমা হিল্‌ছ ট্ৰেক্টক নাগা হিল্‌ছ ডিষ্ট্ৰিক্টৰ পৰা পৃথক কৰে৷ ধনশিৰি উপত্যকাসহ ৰেংমা হিলছৰ এলেকাটো সংযুক্ত কৰা হয় নগাঁও আৰু শিৱসাগৰৰ সৈতে৷ মহকুমা গোলাঘাট৷ নাগা হিল্‌ছ ডিষ্ট্ৰিক্টৰ ৰাজনৈতিক বিষয়াৰ প্ৰতিবাদ সত্ত্বেও ৰাজহ সংগ্ৰহ আৰু প্ৰশাসনীয় সুবিধাৰ কাৰণেই ৰেংমা নগাসকলৰ মতামত নোলোৱাকৈ, মানুহখিনিক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি এইটো সম্পন্ন কৰা হৈছিল বুলি অভিযোগ এটা ৰৈ নোযোৱা নহয়৷ নাগা হিল্‌ছ ডিষ্ট্ৰিক্টৰ পৰা নগাঁও আৰু শিৱসাগৰলৈ ৰেংমা মৌজাৰ বদলিকৰণ প্ৰক্ৰিয়া ১৯০১ চনৰ ১১ এপ্ৰিলৰ ১৪৩৬ পি. নং জাননী আৰু ১৯০৩ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ৯৮৮ আৰ. নং জাননীৰ যোগেদি সম্পূৰ্ণ কৰা হৈছিল৷

১৯০৭ চনত প্ৰশাসনীয় সুবিধাৰ্থে পূব ৰেংমা মৌজাক দুভাগত বিভক্ত কৰা হয়৷ পূব ৰেংমা আৰু নগা ৰেংমা৷ Lethi Himbü Rengmaক পূব ৰেংমা মৌজাৰ আৰু Shuga Nandu Rengmaক নগা ৰেংমা মৌজাৰ মৌজাদাৰ হিচাপে সেই বৰ্ষৰ ৩১ জানুৱাৰীত ব্ৰিটিছ চৰকাৰে নিযুক্তি দিয়ে৷

কুৰি শতিকাৰ প্ৰথম তিনিটা দশকত হাইজা, কলাজ্বৰ, মেলেৰিয়া আদি ৰোগত ৰেংমা পাহাৰত অসংখ্য লোকৰ প্ৰাণহানি হৈছিল৷ ফলত ৰেংমাসকলৰ জনবল দ্ৰুতগতিত হ্ৰাস পায়৷ পূৰ্বৰ ৩২খনৰ ঠাইত গাঁৱৰ সংখ্যা হয়গৈ ১৫৷ জনসংখ্যা প্ৰায় ৩,০০০৷ এনেদৰেই স্বাস্থ্যজনিত কাৰণতে ৰেংমা পাহাৰৰ ভিতৰতে আবদ্ধ হৈ পৰে এই লোকসকল৷

২৯. বিভীষিকাৰ মাজেৰে শিৱিৰ পালোঁহি



এক ৰহস্যময় বিভীষিকাই তৎমুহূৰ্ততে গ্ৰাস কৰি পেলালে, যেতিয়া দেখিলোঁ যে বন্যহস্তীৰ পদচিহ্ন যেনি-তেনি আৰু আছে৷ তাৰমানে এয়া হাতীৰ বিচৰণক্ষেত্ৰ৷ এতিয়া সাহস আৰু সাৱধানতাই প্ৰথম তথা শেষ কথা৷ তাকে সাৰথি কৰি সমদলটো আগ বাঢ়ি থাকিল৷ ইমান দূৰ আহি ঘূৰি যোৱাৰ প্ৰশ্নই নাই৷

এবাৰ ওপৰমুৱাকৈ উঠি যাওঁতে হঠাতে ট্ৰেকটোলৈ পৰিৱৰ্তন আহিল৷ পোৱা গল, কেঁচা মাটিৰ পুৰণা জংঘলী ৰাস্তাৰ দৰে বহল এছোৱা৷ যোৰহাটৰ ফালৰ জনৈক মালপানী নামৰ কাঠ ব্যৱসায়ীয়ে তাহানিতে এইফালেদি হেনো ট্ৰাকেৰে কুন্দা টনাইছিল৷ সম্প্ৰতি ই ৰাস্তা হৈ থকা নাই৷ সৰু-বৰ গছ-গছনিৰে কেতিয়াবাতে ভৰি পৰিছে৷ চকীহোলাৰ পৰা জংফালৈ আজিৰ তাৰিখত যিটো কেঁচা আলি আছে, সেইটো একালত এনেকৈয়ে ৰেংমা হিলছৰ পৰা শক্তিমান ট্ৰাকেৰে কাঠ কঢ়িয়াই নিবৰ বাবে বাট উলিয়াই লোৱাৰ ফলতে সৃষ্টি হোৱা বুলিও কথা প্ৰসংগত থাংচিহঁতৰ মুখে জানিবলৈ পালোঁ৷ বহলছোৱাৰে কিছু যোৱাৰ পাছত বাটটো আকৌ লুংলুঙীয়া হৈ পৰিল

নতুন বিস্ময় এটাই গ্ৰাস কৰিলে, হাবিৰ মাজত যেতিয়া হঠাতে দৃশ্যমান হল কেঁচা বাঁহেৰে সজা অস্থায়ী চালি এখন৷ ওচৰতে জুই একুৰা জ্বলি আছে৷ কাষতে বাঁহৰ চুঙা এগালমান৷ কৌপাত এদম৷ বহিব পৰাকৈ তিনি ফালে যুৰীয়া গোটা বাঁহো মাটিত পৰা আছে৷ তদুপৰি ইফালে-সিফালে পায়চাৰি কৰি থকা অৱস্থাত তিনিখনকৈ অচিনাকি মুখ, অচিন বেশভূষা৷ পৰিৱেশটোত সোমাই পৰাৰ লগে লগে মনটো কিবা উগুল-থুগুল লাগিব ধৰিলে৷ সময়লৈ মন কৰিলোঁ৷ ১ বাজি ৪০ মিনিট গৈছে৷

ওচৰ আহি পোৱাত থাংচিয়ে ডেকা তিনিজনৰ সৈতে নিজৰ দোৱানত কিবা-কিবি পাতিবলৈ ললে৷ আলেঙে আলেঙে লক্ষ্য কৰি যি বুজিলোঁ, স্বাভাৱিক কথা-বতৰাই চলিছে৷ গতিকে চিন্তা কৰিবলগীয়া তেনেকুৱা একো নাই৷ এইকেইজন তাৰ চিনাকি মানুহ৷ অলপ পাছত আমাৰ সৈতেও পৰিচয় কৰালে৷ ক্ৰমে ইনুচ চেব্বে, হেংহা জিছিং আৰু কুগা চেব্বে৷ পৰস্পৰ কৰমৰ্দনেৰে এফালৰ পৰা সম্ভাষণ বিনিময় কৰি গলোঁ আমি৷ নাম-ধাম আৰু উদ্দেশ্যও বেকত কৰা হল৷

তেওঁলোকে খুব ভাল পালে৷ আচৰিতো হল৷ কেইহাং ৰেনচ, কেইহাং ৰেংমা ফুকনৰ মৈদাম চাবলৈ নিজা উদ্যোগত বাহিৰা মানুহ, বিশেষকৈ টিভি চেনেলৰ মানুহ এনেকৈ ইমান পাহাৰ বগাই, কষ্ট কৰি অহাৰ নজিৰ নাই বুলি একেমুখে দোহাৰিলে৷ এয়াই প্ৰথম হেনো৷ মোৰো কথাটো এতিয়াহে পৰিষ্কাৰ হল যে এছ.জি.বি. জখেন চেব্বেই যেনেকৈ আজি যাত্ৰাপথত সহায় কৰিবৰ বাবে আমাৰ সৈতে স্থানীয় লোক ৰাহ চেব্বে, সুৰেন জিছিং, ৰেল  চেব্বে আৰু ফিলিপ ন্যেনথাঙক পাচিছে ঠিক তেনেকৈ এই তিনিজনকো তেখেতেই পঠাইছিল৷ গাঁওবুঢ়াৰ নিৰ্দেশমতে এওঁলোক কালিয়েই আহি কেইহাং ৰেনচৰ জংঘলত শিৱিৰ পাতি অপেক্ষা কৰি আছে, আমাৰ বাবে৷ মানে, এডভান্স পাৰ্টী৷ দৰাচলতে এই ব্যৱস্থাপনাৰ আঁৰত থকা মানুহটো হল থাংচি৷ লাহে লাহে আটাইৰে মাজত কথা-বতৰা আৰু বন্ধুত্ব গাঢ় হৈ উঠিল৷ পৰিৱেশটো কৰ্মচঞ্চল আৰু ভাল লগা হৈ পৰিল৷ আঁতৰলৈ গৈ কোনে কেনি কি কৰি আছে কেমেৰাত বন্দী কৰি পেলালোঁ, তৎমুহূৰ্ততে৷

প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক ৰক্ষা কৰি অহা পাহাৰীয়া মানুহ এই ৰেংমাসকল৷ এওঁলোকে জানে, পাহাৰৰ মাজত কেনেকৈ চলিব লাগে৷ ইনুচহঁতে আমাৰ কাৰণে যা-যোগাৰবোৰ আগতীয়াকৈ কৰি ৰাখিছিল৷ উপস্থিত হোৱাৰ পাছতে ক্ষন্তেক সময়ৰ ভিতৰতে বাঁহৰ চুঙাত ৰঙা চাহ খুৱালে৷ জুইৰ ওপৰত ৰখা চুঙাত পানী গৰম কৰিও থকা হৈছিল৷ ফিলিপে বেগত কঢ়িয়াই নিয়া কণীকেইটা সাৱধানে উলিয়ালে৷ এটা এটাকৈ চুঙাত ভৰাই সিদ্ধ হবলৈ দিলে৷ আন এজনে কৌপাতত চাউল বাকি চুঙাত ভৰালে৷ দাইল, মাংসও ভাগে ভাগে চুঙাত ভৰোৱা হল৷ অস্থায়ী শিৱিৰটোত চলি থকা আলেখ-লেখবোৰ মই চাই ৰলোঁ৷ ফটোও তুলি থাকিলোঁ৷

ট্ৰেকটোৰ সোঁহাতে প্ৰকাণ্ড শিল এটাৰ ওপৰত সজা হৈছে অস্থায়ী চালিখন৷ ওপৰত তিৰ্পাল তৰি ৰাতিটো খপিছিল ইনুচ, হেংহা আৰু কুগাই৷ বনৰীয়া হাতীৰ মাজত এনেকৈ কটাবলৈ কম সাহসখন লাগিবনে! চিন্তা কৰি কৰি শিলটোৰ ফালে চাপি গলোঁ৷ তাৰ সিফালে এঢলীয়া, জংঘলময়৷ ৰাকচেকটো নমাই থৈ শিলৰ ওপৰত পাৰি ৰখা ফলা বাঁহকেইচটাত ওপৰমুৱাকৈ বাগৰি দিলোঁ৷ দীঘল দীঘলকৈ উশাহ টানিব ধৰিছোঁ৷ চকু দুটা মুদি দিছোঁ৷ মজা লাগিছে৷ বাটৰ ভাগৰ, দেহৰ অৱসাদ মুহূৰ্ততে পলাই পত্ৰং দিলে৷ অনুভৱ কৰিলোঁ এক নিবিড় প্ৰশান্তি৷ পৰ্বত-প্ৰীতিৰ এয়াই সাৰ্থকতা! ইয়াকে পাবলৈ এনেকৈ অহা-যোৱা কৰি থকা হয়, ইবাৰৰ পাছত সিবাৰকৈ৷

৩০. জিলা গঠন আৰু ৰেংমাসকল


বৰ্তমান কাৰবি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাৰ সমস্ত ভূভাগ পূব ৰেংমা আৰু পশ্চিম ৰেংমা মৌজা আৰু তাৰো আগতে ৰেংমা হিলছ হিচাপে নামাংকিত আছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত পূব ৰেংমা আৰু পশ্চিম ৰেংমা মৌজা দুটা ক্ৰমে শিৱসাগৰ আৰু নগাঁও জিলাত অন্তৰ্ভুক্ত কৰা হয়৷ এসময়ত পূব ৰেংমা মৌজাত সংগৃহীত ৰাজহ যোৰহাট কোষাগাৰত আৰু পশ্চিম ৰেংমা মৌজাত সংগৃহীত ৰাজহ নগাঁও কোষাগাৰত জমা দিয়া হৈছিল৷ মৌজাদাৰৰ পদবীটো আছিল বংশানুক্ৰমিক৷ মুঠ সংগৃহীত ৰাজহৰ ৫০ শতাংশ ধন লাভ কৰিছিল মৌজাদাৰে

ব্ৰিটিছ-ভাৰতত ১৯৩৩ চনত প্ৰকাশিত ভাৰতীয় সাংবিধানিক সংস্কাৰৰ শ্বেত-পত্ৰ আৰু সেই শ্বেত-পত্ৰৰ আধাৰত ৰচিত ভাৰত চৰকাৰৰ আইন, ১৯৩৫ৰ অধীনত আংশিকভাৱে বহিৰ্ভূত এলেকা হিচাপে মিকিৰ হিলছ ট্ৰেক্ট সৃষ্টি কৰা হৈছিল৷ ১৯৩৭ চনৰ পৰা ১৯৪২ চনলৈ Sir Robert Niel Reid অসমৰ ৰাজ্যপাল হিচাপে থকা অৱস্থাত ১৯৪০ চনত উক্ত অঞ্চললৈ আহোঁতে মহেনডিজুৱাত বাহৰ পাতি আছিল৷ তেনে সময়তে সেই কালৰ মিকিৰ জনগোষ্ঠীৰ প্ৰতিনিধি ছেমছনছিং ইংতি, ছং বেমণিৰাম লাংনে, খৰছিং তেৰাং আদিয়ে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে এখন সভাৰ আয়োজন কৰিছিল৷ আৰু তেতিয়াই, প্ৰায় ১,৫০,০০০ সংখ্যক মিকিৰ জনসাধাৰণৰ হৈ ২৮ অক্টোবৰ তাৰিখে প্ৰথমবাৰৰ বাবে ৰাজ্যপালৰ হাতত এখন স্মাৰক-পত্ৰ অৰ্পণ কৰা হৈছিল৷ পাহাৰৰ অভ্যন্তৰত আছুতীয়াভাৱে বসবাস কৰি থকা এই জনজাতীয় অধিবাসীসকলৰ শোচনীয় অৱস্থাৰ বিষয়ে সদৰি কৰা হৈছিল স্মাৰক-পত্ৰখনত

উক্ত প্ৰক্ৰিয়াৰ অংশ স্বৰূপে পাছত, ১৯৪৭ চনৰ ১৮ মে তাৰিখে বৰদলৈ কমিটিকো স্মাৰক-পত্ৰ দিয়া হৈছিল৷ বিধায়িনী তথা ন্যায়িক কাৰ্যাৱলীৰ স্বতন্ত্ৰ ব্যৱস্থাযুক্ত স্থানীয় পৰিষদৰ দাবী জনোৱা হৈছিল৷ অধ্যাপক মহেশ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত ১৯৪৬ চনত হাৱাইপুৰত গঠিত কাৰবিসকলৰ পুৰণা তথা তেতিয়াৰ একমাত্ৰ সংগঠন কাৰবি আদৰবাৰে পৃথক জিলা গঠনৰ বিষয়ত জোৰ দি আহিছিল৷ স্বাধীনতাৰ আগৰে পৰাই চলাই অহা দীৰ্ঘদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ১৯৫১ চনত ভাৰত চৰকাৰে লোকসভাত বিধেয়ক গৃহীত কৰে৷ ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলা গঠন সন্দৰ্ভত সন্মতি প্ৰদান কৰিছিল৷

স্বৰাজোত্তৰ ভাৰতবৰ্ষত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী হৈ উঠাৰ পাছত ষষ্ঠ অনুসূচীৰ ২০ নং অনুচ্ছেদ (ক)ত সন্নিৱিষ্ট আংশিক বহিৰ্ভূত অঞ্চলত তালিকাভুক্ত জনগোষ্ঠীয় এলেকাক লৈ স্বায়ত্তশাসিত জিলা গঠন কৰি ক্ষমতা হস্তান্তৰৰ অৰ্থে তদানীন্তন ৰাজ্যপালৰ দ্বাৰা জিলা পৰিষদৰ সংবিধানৰ নিয়মাৱলী প্ৰস্তুত তথা প্ৰকাশ কৰা হৈছিল চৰকাৰী অধিসূচনা নং টি.এ.ডি./আৰ./৩১/৫৫, দিনাংক ৩.১০.১৯৫০ মৰ্মে৷ ইয়াৰ পাছত অসমৰ ভূতপূৰ্ব ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে ১৯৫১ চনৰ ১৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ নামে এখন জিলা গঠন সম্পৰ্কে চৰকাৰী অধিসূচনা নং টি.এ.ডি./আৰ./আৰ./৩১/৫০/২০৫, দিনাংক ৮.১১.১৯৫১ জাৰি কৰিছিল৷ নগাঁও, শিৱসাগৰ, সংযুক্ত খাচিয়া-জয়ন্তীয়া পাহাৰ আৰু কাছাৰ জিলাৰ পৰা কাটি অনা ক্ৰমে ৪৪২১.১২, ৪৩৮২.২৮, ১৫৪৩.৬৪ আৰু ৪৮৯০.০০ বৰ্গ কিলমিটাৰ ভূখণ্ডৰ একত্ৰিকৰণেৰে মুঠ ১৫২৩৭ বৰ্গকিলমিটাৰ অঞ্চলেৰে এই জিলাখন গঠন কৰা হৈছিল৷ জিলা পুনৰ্গঠনৰ অন্তৰ্গত ৰেংমা হিলছ এলেকাটো নতুন জিলাখনত অন্তৰ্ভুক্ত হৈ পৰে৷ পূব ৰেংমা, পশ্চিম ৰেংমা আৰু নগা ৰেংমা মৌজাৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব লাভ কৰে নৱগঠিত মিকিৰ পাহাৰ জিলা পৰিষদে৷ ১৯৫২ চনৰ ২৩ জুন তাৰিখে অসমৰ তদানীন্তন মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিয়ে আনুষ্ঠানিকভাৱে এই পৰিষদ উদ্বোধন কৰিছিল৷

প্ৰশাসনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ মহকুমা দুটাক পৃথক কৰি প্ৰত্যেককে স্বতন্ত্ৰ জিলাৰ মৰ্যাদা প্ৰদান কৰা হয়৷ ১৯৭৬ চনৰ ১৪ অক্টোবৰত মিকিৰ পাহাৰ জিলাই নাম লয় কাৰবি আংলং৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১ নং অনুচ্ছেদৰ ৩ নং উপ-অনুচ্ছেদৰ এফ.এফ. দফাত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অসমৰ তৎকালিক ৰাজ্যপাল লালন প্ৰসাদ সিঙে অধিসূচনা নং টি.এ.ডি./আৰ./১৫/৭৪/৪৭, দিনাংক ১৪.১০.১৯৭৬ যোগে এই নাম সলনি কাৰ্যকৰী কৰিছিল৷

উত্তৰ-পূব সীমান্ত বিভাগীয় তথ্যমতে তাহানিৰ ৰেংমা হিলছত পূৰ্বতে ৰেংমা নগাৰ লেখ প্ৰায় ৫,০০০ আছিল৷ ভাষা-ভাষীৰ হিচাপত এই লেখ ১৯৫১ চনৰ পিয়লমতে ৫,২৫০মান পোৱা গৈছিল৷ আনহাতে ১৯৭৮ চনত নগা ৰেংমা মৌজাত থকা গাঁৱৰ সংখ্যা আছিল ১২খন, পৰিয়ালৰ সংখ্যা আছিল ৪০০, জনসংখ্যা আছিল প্ৰায় ৪,০০০৷

১৯৮৭ চনত প্ৰকাশিত হিচাপ অনুযায়ী কাৰবি আংলং জিলা পৰিষদৰ অধীনস্থ পশ্চিম ৰেংমা মৌজাৰ অন্তৰ্গত গাঁৱৰ সংখ্যা আছিল ক্ৰমে লাংহিন সমষ্টিত ৩৪খন, কৰকাণ্ঠি সমষ্টিত ১৭৫খন, সিংহাসন সমষ্টিত ৮খন৷ পূব ৰেংমা মৌজাৰ অন্তৰ্গত গাঁৱৰ সংখ্যা আছিল ক্ৰমে বোকাজান সমষ্টিত ২৫খন, নিলিপ সমষ্টিত ১৬৭খন, দেওপানী সমষ্টিত ১২খন৷ নগা ৰেংমা মৌজাৰ অন্তৰ্গত গাঁৱৰ সংখ্যা আছিল নিলিপ সমষ্টিত ১৮খন৷ সমষ্টি সম্প্ৰসাৰণৰ পাছত লাংহিন সমষ্টিত পশ্চিম ৰেংমা মৌজাত ১খন, নিলিপ সমষ্টিত পূব ৰেংমা মৌজাত ৭খন গাঁও সংযোগ হৈছে৷

১৯৮৯ চনত পূব ৰেংমা মৌজাক তিনিটা মণ্ডলত ভাগ কৰা হয়৷ সেইবোৰ হ'ল যমুনাপাৰ (ডিফু), বৰপথাৰ আৰু সৰুপথাৰ৷ সেইদৰে, পশ্চিম ৰেংমা মৌজাকো তিনিটা মণ্ডলত ভগোৱা হয়৷ লাংলকছ, লাংহিন আৰু লাংফেৰ৷

২০১০ৰ তথ্য অনুসৰি ১৬খন গাঁৱত ৰেংমাসকলে বসতি কৰিছিল৷ ২০১১ চনৰ লোকপিয়ল মতে পোৱা অসমত বসবাস কৰা ৰেংমাসকলৰ জনসংখ্যা আছিল ৯,১৫৭৷ ২০১২ চনৰ তথ্য অনুযায়ী ৮,৭২৪ বৰ্গ কিলমিটাৰ বিস্তৃতিৰ ৰেংমা পাহাৰত পাঁচ হাজাৰোধিক জনসংখ্যাৰে ১৬খন ৰেংমা নগা অধ্যুষিত গাঁও আছিল৷ ২০১৪ত ১৯খন গাঁৱত প্ৰায় ৮,০০০ লোক আছিল বুলি জনা যায়৷

৩১. অন্তৰ্দ্বন্দ্বৰ মাজত কিছু সময়



ফলা বাঁহৰ ওপৰত চিত হৈ পৰি থাকি মনে মনে হিচাপ কৰি পালোঁ যে ১০ বাজি ৪০ মিনিটত ট্ৰেকিং আৰম্ভ কৰাৰে পৰা একেৰাহে উঠি আহি শিৱিৰথলী পাওঁতে পাওঁতে আমাক প্ৰায় ৩ ঘণ্টাই লাগি গল৷ এয়া ক্ষন্তেক জিৰণি৷ অলপ পাছতে বহুপ্ৰত্যাশিত কেইহাং ৰেংমা ফুকনৰ মৈদাম দেখা পাম৷ দূৰত্ব বেছি নহয়, ওচৰতে আছে বুলি কৈছে ইনুচ, হেংহাহঁতে৷ সিহঁতে অৱস্থান জানে৷ ইয়াকে লৈ মনটো ভীষণ কৌতূহলী, ভীষণভাৱে উৎকণ্ঠিত হৈ পৰিছে৷

এনেতে ধুপ্‌কৈ কিবা এটা ওপৰৰ পৰা সৰি পৰিলহি মোৰ পৰা কেইহাতমান আঁতৰতে৷ আকস্মিক শব্দটোত কি হ বুলি উচপ খাই উঠিলোঁ আৰু লগে লগে বহি গলোঁ৷ অনাকাংক্ষিত কিবা ওলাব লাগিলে সৰ্বনাশ!

একে সময়তে দেখা পালোঁ, জংঘল ফালি আফিল দৌৰা-দৌৰিকৈ সোমাই গৈছে৷ অলপ পাছতে কিবা এটা মুঠিত লৈ ওলাই আহিল৷ পুৱা আমাৰ সৈতে পদচালনা সূচনা কৰিবৰে পৰাই হাতত লৈ থকা, মাজে মাজে দূৰৰ চৰাইলৈ এনেয়ে বাটলু এৰা কেটেপাখনেৰে এইমাত্ৰ সি চৰাই এটা বধিলে৷ ওচৰলৈ মাতি আনি মই চৰাইটো চালোঁ৷ বৰ ডাঙৰ নহয়৷ বুকুখন হালধীয়া বৰণৰ৷ নামটো কি কব নোৱাৰোঁ৷ চৰাইটো হলে ধুনীয়া৷

কিয়নো মাৰিলি বাৰু! বুলি দুখপ্ৰকাশক উক্তি এটা মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে বাহিৰ ওলাই আহিল৷ ইফালে এনেকুৱাও লাগিল, আফিলই তাৰ নিচানযে অব্যৰ্থ, আলহীৰ আগত সেয়া সাব্যস্ত কৰিব পাৰি মনে মনে যেন গৰ্বিত অনুভৱ কৰিছে৷ মনটো ঘূৰি গল নিজৰ সময়লৈ৷ সৰুতে আমিও কান্ধমোনা বা পেণ্টৰ পকেটত কেটেপা-বাটলুগুটি, মাৰ্বল-শিলগুটি লৈ টলৌ-টলৌকৰে অত-তত চৰাই মাৰি ঘূৰি ফুৰিছিলোঁ৷ একেবাৰে তথাকথিত চিকাৰীৰ অভিব্যক্তি! খেলা-ধূলাৰ লগৰে এটা নিত্যকৰ্ম! এবাৰ কপৌ চৰাই এজনী মাৰি আনি ডাঙৰ খুৰাৰ হাতত দিলোঁ৷ যেন বীৰত্ব প্ৰকাশহে! নিৰ্জু পখীৰ শৰীৰ তেতিয়াও গৰম হৈয়ে আছিল৷ খুৰাই আঘাতৰ স্থানডোখৰ লিৰিকি-বিদাৰি চালে৷ তাৰ মাজতে খুব দুখেৰে কৈ উঠিল, ইস্‌, কেলেইনো মাৰিলি বাৰু? কথাষাৰে মোৰ মনত অতি গভীৰভাৱে ৰেখাপাত কৰিলে৷ তাৰ পাছৰে পৰাই বদ্অভ্যাসটো বিসৰ্জন দিলোঁ৷ এতিয়া আফিলই কি বুজে নাজানো, মই হলে চৰাই মৰা বন্ধ কৰিছিলোঁ৷ কেটেপাখন কিজানি কৰবাত সোমাই আছে এতিয়াও৷

সদ্যমৃত চৰাইটো হাতত লৈ আফিল আঁতৰি গল জুইকুৰাৰ দিশে৷ পুৰিবগৈ চাগে৷ আৰণ্যক পৰিৱেশটোত সি যোৱাৰ ফালে চাই অকলে অকলে চিন্তা কৰিব ধৰিলোঁ কিছুমান কথা৷ আমাৰ লৰাই কেটেপা আজিও চুয়ে পোৱা নাই৷ নিজে সজাটো দূৰৰে কথা৷ বাটলুগুটিও বনাব নাজানে৷ স্কুল-টিউচন-স্কুলবেগ আৰু টিভি-লেপটপ-মবাইল ফোনত আবদ্ধ বৰ্তমানৰ শৈশৱ-কৈশোৰ-যৌৱন৷ ডিজিটেল জীৱন, ডিজিটেল দৈনন্দিন, ডিজিটেল কাৰ্যক্ৰম৷ দিন-কাল সলনি হল৷ ইয়াকে লৈ নিজৰ মাজতে এতিয়া অহৰহ দ্বন্দ্ব চলে, কোনবোৰ আচল, কোনবোৰ কৃত্ৰিম? কোনবোৰ প্ৰেক্টিকেল? কোনবোৰে জীৱনবোধ শিকায়?

দাদা, বলক৷ 
ভাব-সাগৰত বেয়াকৈ বুৰ গৈ আছিলোঁ৷ থাংচিৰ মাততহে সম্বিৎ ফিৰি আহিল৷ ৰাক্‌চেকটো শিলৰ ওপৰতে এৰি কেমেৰা ডিঙিত আঁৰি ললোঁ৷ এহাতে লাখুটিডাল৷ ৰন্ধন-চুঙাৰ তদাৰকীত নিয়োজিত সুৰেন আৰু হেংহাক শিৱিৰতে এৰি সদলবলে আমি বাট লৈছোঁ বহুপ্ৰত্যাশিত কেইহাং ৰেংমা ফুকনৰ মৈদাম চাবলৈ৷

৩২. ৰেংমাসকলৰ পহৰা চকী দেখিলোঁ


৫ মিনিটো নালাগিল৷ ট্ৰেকটোৰ বাঁওহাতে প্ৰকাণ্ড প্ৰকাণ্ড ৩টা শিল দৃশ্যমান হল৷ তাকে দেখি হৃদয়ত জাগ্ৰত হল প্ৰৱল অনুসন্ধিৎসা৷ একেবাৰে সন্মুখত থাকি ইনুচে আমাক শিলকেইটাৰ নিচেই কাষলৈ আগ বঢ়াই নিলে৷ ওচৰ পাই দলটো ৰৈ গল৷ থাংচিয়ে কোৱা আৰম্ভ কৰিলে আনুষংগিক কাহিনীভাগ৷ আমি কেৱল কাণ পাতি শুনি গলোঁ৷

আসন্ন বিপদৰ আগজাননী পাবৰ কাৰণে অতীতত কেইহাং ৰেনচত থকা ৰেংমা নগা এলেকাত পহৰা দিয়াৰ ব্যৱস্থা আছিল৷ তেনেকুৱা উদ্দেশ্যৰেই ডাঙৰ ডাঙৰ পাথৰৰ আলম লৈ নাম নজনা কোনোবা ৰেংমা গাঁৱৰ দুৱাৰমুখত অৱস্থিত এয়া এক সুৰক্ষাজনিত পহৰা চকী৷ সাহসী ৰেংমা নগা পহৰাদাৰে শিলকেইটাৰ ওপৰত উঠি পাল পাতি ৰখীয়াৰ দায়িত্ব পালন কৰিছিল৷ কিবা বিপদৰ সম্ভাৱনা দেখিলেই সতৰ্কীকৰণৰ নিৰ্দিষ্ট সুৰীয়া ধ্বনিৰে ইংগিত দি দিছিল গাঁওবাসীক৷

কেনেকুৱা ধৰণৰ আছিল সেই ধ্বনিবিলাক? প্ৰশ্নটো উত্থাপন কৰাত ইনুচ, থাংচি, ৰাহহঁতে উলাহতে ইটোৰ পাছত সিটোকৈ মাৰি শুনালে তেওঁলোকৰ পূৰ্বপুৰুষৰ আদিম চিঞৰ কেইটামান৷ তেওঁলোকৰ লগে লগে আমিও অনুসৰণ নকৰাকৈ নেৰিলোঁ৷ সজোৰ আটাহ আৰু হাঁহিৰে ৰজনজনাই গল কেইহাং ৰেনচ৷ মনত পৰিল, এবাৰ নাগালেণ্ডৰ কিছামাত অনুষ্ঠিত হৰ্ণবিল ফেষ্টিভেল চাবলৈ যাওঁতে ঘোষিকাৰ অনুৰোধক্ৰমে ফেষ্টিভেল গ্ৰাউণ্ডত উপস্থিত আও, আংগামী, লথা, চেমা, কন্যাক ইত্যাদি ভিন্নগোত্ৰীয় নগা ৰাইজৰ সুৰতে সুৰ মিলাই আমি অনগাবোৰে মৰা ৱাৰ ক্ৰাইৰ মুহূৰ্তকেইটা৷

জংফাৰ পৰা ইয়ালৈ দূৰত্ব কিমান হব? সৌ শিলকেইটাৰ উচ্চতা কিমান? এই জেগাখিনিৰ ভৌগোলিক অৱস্থান কি? এইবোৰৰ জোখ-মাখ কোনোবাই কৰিছেনে নাই গম নাপাওঁ৷ যতদূৰ সম্ভৱ কৰা নাই৷ কাৰণ কতো এই বিষয়ে ঘূণাক্ষৰেও উল্লেখ পাবলৈ নাই৷ তাৰ মানে গৱেষণা এতিয়াও বাকী৷ আনহাতে চাইনবৰ্ড এখনো কেনিও দেখা নাই ইয়াত৷ বিপৰীতে, গছ-লতিকাৰে সুদীৰ্ঘ কাল পোত গৈ থকাটোহে জলজল-পটপট৷ কেইদিনমানৰ আগতে বোকাজানৰ পৰা চৰকাৰী প্ৰশাসনীয় বিষয়াৰ নেতৃত্বত সঁজাতী দলটোৰ আগমনৰ সময়তে হাবি-জংঘল কাটি আশ-পাশ মোকলোৱা হৈছিল৷ তাৰ ফলতে আজি এতিয়া খোজ পেলোৱাত কিছু হলেও সুবিধা হৈছে৷ ওচৰৰ পৰা ভালকৈ দেখা পাবলৈ, চুই চাবলৈ সক্ষম হৈছোঁ প্ৰাচীন পাথৰবোৰ৷ অন্যথা এনেহেন অৰণ্যত সোমোৱাটো মুখৰ কথা মুঠেই নাছিল৷

কিৰণে হেণ্ডিকেমটো অন কৰি এফালৰ পৰা দৃশ্যৰাজি ৰেকৰ্ডিং কৰিছে৷ শিলকেইটাক পৃষ্ঠপটত লৈ সঞ্জুৱে কথা কোৱাত লাগিল৷ উদ্দেশ্য এক্সক্লুচিভ ৰিপৰ্ট, প্ৰতিদিন টাইমৰ দৰ্শকৰ বাবে৷ কাইলৈ বা পৰহিলৈ টেলিভিচনৰ পৰ্দাত ওলাব৷ সেয়া চাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে ততালিকে গম পাই যাব ৰেংমা পাহাৰৰ অভ্যন্তৰত এসময়ত কি আছিল আৰু বৰ্তমান তাৰ ৰূপ কেনে৷ ফটোৱে কেতিয়াও মিছা নকয়৷ অডিঅ-ভিজুৱেল প্ৰত্যক্ষ কৰাৰ পাছত কি ঠিক, কোনোবা গৱেষক, পৰ্যটক, আমাৰ দৰে অনুসন্ধিৎসুজন হয়তো এই মুলুক ওলাবহিও পাৰে৷

৩৩. কেইহাং ৰেংমা ফুকনৰ মৈদামত ৰৈ...


ৰেংমাসকলৰ অতীতৰ ইতিহাসবিজড়িত নিৰীক্ষণ চকী এৰি লুংলুঙীয়া বাটেৰে শাৰী পাতি পুনৰ আমি অগ্ৰসৰ হলোঁ, সমাধি চাবলৈ৷ ৫ মিনিটো হল কি নহল, মস্ত শিল এটাৰ দাঁতিৰে সামান্য ওপৰলৈ বগাবলগীয়া হল৷ তাৰ পাছতে নিজকে অৱিষ্কাৰ কৰিলোঁ, চেপেটা চেপেটা শিল জাপি সজা, মৈদাম বুলি কোৱা গোলাকৃতিৰ সাজোন কিছুমানৰ সমীপত৷ সোঁমাজত পুৰণা গছ একোডাল লৈ যেনি-তেনি শৈলনিৰ্মিত একে ধৰণৰ সাজোন অনেক দেখা পাইছোঁ৷ সিটো কাষে বেতনি৷ আমাৰ মুখৰ আগতে ওলোৱা, তুলনামূলকভাৱে অকণমান ডাঙৰ যেন লগা, গোলাকাৰভাৱে সজ্জিত শিলবোৰৰ সোঁমাজত দণ্ডায়মান পুৰণা আকাশলংঘী গছ এজোপা৷ ওচৰতে এজোপা বেতগছো আছে৷ এইটোৱেই কেইহাং ৰেংমা ফুকনৰ মৈদাম বুলি কলে ইনুচহঁতে৷

চৰাইদেউৰ অনুৰূপ এই মৈদামবোৰ থকা জেগাখিনিও নিশ্চয়কৈ এক ঐতিহাসিক স্থানেই হলহেঁতেন কিজানি৷ অলপ আগলৈকে বিৰাট কৌতূহলে ঘেৰি ৰখা মোৰ মনটোৱে তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে এনেকৈ কৈ উঠিল৷ দেখিলেই বুজা যায়, বছৰ বছৰ ধৰি গুৰুত্বহীনভাৱে পৰি আছে এইবোৰ৷ যথোচিত মৰ্যাদা আৰু পৃষ্ঠপোষকতাৰ অভাৱ৷ স্বাভাৱিকতে প্ৰশ্ন হয়, কিমানেনো জানে এই বিষয়ে? প্ৰচাৰ বুলিবলৈতো নায়েই৷ এই মৈদামবোৰ আচলতে কেতিয়াৰ? কিমানটা মৈদাম আছে ইয়াত? জানিবলৈ কোনো ফলকো লিখি থোৱা নাই৷ সীমা বুলিও একো নাই৷ যথোপযুক্ত সংৰক্ষণৰ ব্যৱস্থা আজিলৈ হৈ নুঠিল৷ কালৰ গতিত স্বয়ংক্ৰিয়ভাৱে ক্ষয় গৈ আছে৷ জংঘলৰ মাজত আমি নেদেখাকৈও এনেকুৱা অনেক মৈদামযে লুকাই আছে সেইটোও সহজেই অনুমান কৰিব পাৰি৷ 

ৰেংমা হিলছ, কেইহাং ৰেন্‌চৰ সম্পূৰ্ণ এক জয়াল, আৰণ্যক পৰিৱেশৰ মাজত চিৰনিদ্ৰাত বিলীয়মান ৰেংমা নগা চেতনাৰ প্ৰতিভূস্বৰূপ সগোত্ৰীয় মৃতকসকলৰ ইয়াত থকা কবৰবোৰ গোল৷ তাৰ বিপৰীতে, অনা-ৰেংমাৰ কবৰবোৰ চাৰিচুকীয়া বুলি শুনিছিলোঁ৷ আনহাতে ৰেংমা পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰতো মৈদামৰ আকৃতিৰ ভিন্নতা আছে বুলি কৰবাত এষাৰ পঢ়িছিলোঁ৷ ইফাল-সিফালকৈ ঘূৰি-পকি মৈদামবোৰ চাব ধৰিলোঁ৷ লগৰীয়াবোৰেও পিয়াপি দি ফুৰিব ধৰিলে নিজা নিজা চিন্তা আৰু দৃষ্টিভংগীয়ে যিফালেই টানি লৈ ফুৰাই সেইফালেই৷ অসম দৰ্শন আঁচনিৰ অধীনত অসম বাজেট ২০১৯-২০ত পৰ্যটন/ইতিহাসপ্ৰসিদ্ধ স্থানৰ পৰিকাঠামো উত্তৰণৰ অৰ্থে দিবলগীয়া অনুদানৰ জৰিয়তে ৰেংমাসকলৰ পূৰ্বপুৰুষৰ মৈদামে সময়ত কি ৰূপ লয় সেয়া আমাৰ বাবে নিশ্চয়কৈ লক্ষ্যণীয় হব৷

সমগ্ৰ ৰেংমা হিলছেই স্মৃতিয়ে ঢুকি নোপোৱা কাল ধৰি ৰেংমাসকলৰ পূৰ্বপুৰুষৰ সমাধি আৰু স্মৃতিশিলাৰে পৰিপূৰ্ণ৷ এই এলেকাটোত পৰ্বতৰ শিখৰ, কাষ আৰু পাদদেশত পৰিত্যক্ত ৰেংমা নগা গাঁও কিছুমানৰ চিহ্ন  এতিয়াও আছে বুলি শুনিছোঁ৷ ধাৰণা কৰা হয় যে বন্য জীৱ-জন্তু, বিষাক্ত মহ, শত্ৰুৰ আক্ৰমণ, জলবায়ু আৰু প্ৰাকৃতিক কাৰণত অগণন ৰেংমা লোকে চামে চামে ইয়াত প্ৰাণ হেৰুৱাইছে৷ দুৰ্ভিক্ষ আৰু মহামাৰীয়ে অতীতত ৰেংমা পাহাৰ তছনছ কৰি গৈছে৷ ৰেংমাসকলৰ পূৰ্বপুৰুষে নিজৰ তেজ, ঘাম আৰু শ্ৰমেৰে তাহানিৰ ৰেংমা পাহাৰ অধিকাৰ কৰি আছিল৷ দুৰ্দান্তৰূপী মান, বাৰ্মিজ আৰ্মীয়েও আনকি ভেদ কৰিব নোৱাৰিছিল ৰেংমা দুৰ্গ, ৰেংমা ভূমি৷

২ বাজি ২০ মিনিট গৈছে৷ কেইহাং ৰেংমা ফুকনৰ মৈদামৰ দাঁতিতে ৰৈ সঞ্জুৱে সাক্ষাৎকাৰ আৰম্ভ কৰিলে ইনুচ আৰু ৰাহৰ৷ দুয়োৰে পিন্ধনত ৰেংমা পৰম্পৰাগত জেকেট৷ অসম চৰকাৰৰ বুৰঞ্জী, প্ৰত্নতত্ত্ব, পুৰাতত্ত্ব ইত্যাদি বিভাগৰ দৃষ্টিগোচৰ কামনা কৰাৰ লগতে বিশিষ্ট পৰ্যটনথলী হিচাপে প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো মনে-প্ৰাণে বিচাৰিলে তেওঁলোকে৷ তদুপৰি কষ্ট কৰি ইয়ালৈ অহাৰ বাবে আমাক বাৰে বাৰে ধন্যবাদ জনালে৷

৩৪. ঙাঁদা উৎসৱথলী দেখিলোঁ



মৈদামৰ সমীপত ইণ্টাৰভিউ সমাপ্ত হোৱাত গাইডকেইজনে আমাক জংঘলৰ আৰু অধিক গভীৰতালৈ সুমুৱাই নিব ধৰিলে৷ কেইহাং ৰেন্‌চৰ অভ্যন্তৰত অলপ আগতে ৰেংমা নগাৰ পহৰা-শিলা দেখিলোঁ৷ তাৰ পাছতে কেইহাং ৰেংমা ফুকনৰ উপৰি নাম নজনা অনেকজনৰ শৈল-সমাধিস্থলো দেখিলোঁ৷ আৰু কি থাকিব পাৰে এই জংঘলত? কৌতূহলেৰে মনটো পুনৰবাৰ উজ্জীৱিত হৈ উঠিল৷

দপদপাই যাব ধৰিছে নিৰ্ভীক মানুহবোৰ৷ উৎসাহৰ অন্ত নাই৷ এই উৎসাহ নিজৰ ঐতিহ্য, জাতিৰ গৌৰৱ আনক দেখুওৱা, দৰ্শন কৰোৱাৰ উৎসাহ৷ সমান উৎসাহেৰে আমি দৰ্শককেইজনেও অনুসৰণ কৰি আছোঁ আগত গৈ থকা ইনুচ, কুগা, থাংচিহঁতক, প্ৰথম দৰ্শনৰ উদ্দীপনা আৰু অনুসন্ধিৎসাৰে৷ উচ্চভূমিলৈ উঠি গৈ আছোঁ৷ অলপ পাছতে মালভূমিসদৃশ ঠাই এটুকুৰাত সকলোটি ৰৈ গলোঁ৷ চকুৰ সন্মুখত উপস্থিত সৌৱা অন্য এক বিস্ময়৷

দীঘলীয়া আকাৰৰ অসংখ্য শিলেৰে ডাঙৰ ডাঙৰ গছ কেইজোপামানৰ তল ভৰি আছে৷ শিলবোৰৰ সৰহভাগেই দণ্ডায়মান অৱস্থাত৷ কেইটামান কিবা প্ৰক্ৰিয়াত বাগৰি পৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীবিশেষৰ এনেদৰে শিল সংস্থাপন কৰাৰ পৰম্পৰা আছে৷ উপলক্ষ্য ব্যতিৰেকে দীঘল আকৃতিৰ শিল একোটা মাটিত থিয়ৈ থিয়ৈ পোতাৰ দস্তুৰ এটা ৰেংমা নগাসকলৰ সমাজতো আছিল আৰু সেইটো আজিও বৰ্তি আছে৷

ইয়াত দেখা এই শিলবোৰে এটা কথা নিশ্চিতভাৱে প্ৰমাণ কৰিছে যে অতীতত কেইহাং ৰেন্‌চত মানুহ আছিল, জনপদ আছিল৷ জংফাকে ধৰি কেইবাখনো গাঁও এসময়ত পাহাৰৰ ওপৰত আছিল বুলি ইতিমধ্যে গম পাইছোঁ৷ বিভিন্ন কাৰণত কালক্ৰমত পাদদেশৰ বৰ্তমানৰ অৱস্থানসমূহলৈ স্থানান্তৰিত হৈছে৷ ফলস্বৰূপে পুৰণা বাসস্থলীত স্বজাতিৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ আমি দেখা ধৰণেই থাকি গল৷ হয়তো লোকচক্ষুৰ অজানিতে, হাবি-বন গছ-লতাৰ আৱেষ্টনীত বা আঁৰত আৰু আছে৷ আজিও অম্লান, পূৰ্বপুৰুষৰ এই কাৰুকাৰ্যসমূহ স্বচক্ষে চাবলৈ স্বজাতীয় লোকৰ উন্মাদনা কেনেকুৱা, তেওঁলোকৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ এই ঘোঁকটলৈ আগমন কিমান সঘন, সেয়া নাজানো৷ পিছে, এনে এক ঐতিহ্যপূৰ্ণ, বিশেষত্বপূৰ্ণ, গৱেষণা-সম্ভাৱনীয় স্থানলৈ আমাৰ হলে এই বয়সত হলেও অহাৰ সৌভাগ্যকণ ঘটিল৷ সন্দেহ নাই যে আজিৰ এই কষ্টকৰ অথচ অৰ্থপূৰ্ণ বিয়লিটো জীৱনলৈ মনত থাকি যাব৷ প্ৰচুৰ আনন্দ লাগিব, যেতিয়াই ইয়াৰ কথা দুনাই ভাবিম৷

থাংচিয়ে কলে, আমি দেখা পাই থকা এই থিয় থিয় শিলবোৰ ৰেংমা মানুহৰ প্ৰাণৰ উৎসৱ ঙাঁদাৰ সৈতে জড়িত৷ পুৰণি কালত ইয়াতে নাচ-গান অনুষ্ঠিত হৈছিল৷ স্মাৰক-শিলা বুলিও কব পাৰি এইবোৰক৷ মোৰ মনত পৰিল, আমি অথনি জংফা গাঁৱৰ চৰকাৰী গাঁওবুঢ়া জখেন চেব্বেৰ নঙলামুখতো ঙাঁদা উৎসৱৰ স্মাৰক-শিলা এটা দেখা পাইছিলোঁ৷ তাত ফলক আছে, সময় লিখি থোৱা আছে৷ ইয়াত তেনেকুৱা কোনো চাইনবৰ্ড নাই৷ কতো একো উল্লেখ পাবলৈ নাই৷ অথচ দ্বিধাহীনভাৱে এইটো কব পাৰি যে ৰেংমা বসতিৰ সময়ৰে হয় এই শিলবোৰ৷ ওপৰে ওপৰে হিচাপ কৰি পালোঁ, জেগাডোখৰত কমেও ৬০টামান শিল পোতা আছে৷ আনফালে, হাবিৰ আঁৰত কেনিবা আৰু লুকাই আছে বুলিও পতিয়ন নগৈ নোৱাৰি৷ প্ৰত্যেকবাৰতে একোটাকৈ থিয় কৰাই এই শিলবোৰেৰেই বাৰ্ষিক উৎসৱৰ হিচাপ ৰখা হৈছিল৷ সময়ৰ অংক এটা হয়তো তেনেকৈয়ে কৰিব পৰা যাব৷ সি যি কি নহওক, সেয়া আমাৰ মূৰ ঘমোৱা কাম নহয়, গৱেষকে কৰিব আৰু সমাজক এদিন জনাব বুলিয়ে সাধাৰণ লোকৰ দৰেই আমিও আশা কৰোঁ৷

আনহাতে, জংঘলৰ মাজত স্তম্ভৰ অনুৰূপ দণ্ডায়মান শিলবোৰ দেখি চিন্তা কৰিব পৰা যিকোনো মানুহৰে মনলৈ চিধাই আহিবলগীয়া প্ৰশ্নটো হব, এইবোৰ কেনেকৈ কাটি উলিয়াইছিল? কৰ পৰা আনিছিল? কিদৰে কঢ়িয়াইছিল? কেনেকৈ থিয় কৰোৱা হৈছিল? কাটিবলৈ, দাঙিবলৈ আজিকালিৰ দৰে যন্ত্ৰ-পাতিও দেখোন সেই দিনত নাছিলেই৷ তেনেস্থলত কম বলী আছিলনে মানুহবোৰ! চীনৰ প্ৰাচীৰ নিৰ্মাণৰ কামত ৰেংমা নগা মানুহকো লগোৱা হৈছিল বুলি শুনিছিলোঁ৷ নাগালেণ্ডৰ আংগামী নগাৰ বৰভেটি খনমাত আংগামীয়ে নিজ হাতে শিল কাটি কাটি সজা সুদীৰ্ঘ খটখটি নিজ চকুৰেই দেখিছোঁ৷ দেখি অভিভূত হৈছোঁ৷ ইয়াত এই মুহূৰ্তত অভিভূত হৈছোঁ ৰেংমা নগাৰ কৰ্মকুশলতাৰ উমান পাই৷

শিলবোৰৰ ফাঁকে ফাঁকে ঘূৰি-পকি পৰিৱেশটো চালোঁ৷ স্মৃতিশিলাসমূহৰ মাজে মাজে জঁপিয়াই-দুপিয়াই ফুৰোঁতে সেইসকল ৰেংমা পূৰ্বপুৰুষৰ বল-বীৰ্য, শক্তি-সামৰ্থ কল্পনা কৰি আচৰিতেই হৈ পৰিলোঁ৷ মানুহৰ শাৰীৰিক শক্তি উপলব্ধি কৰিবলৈ সুযোগ দি গল কেইহাং ৰেনচলৈ চলোৱা এই দুঃসাহসিক অভিযানটোৱে৷ আন্তৰিকতাৰে এইক্ষেত্ৰত সহযোগিতা আগ বঢ়োৱা প্ৰত্যেকজনেই নিশ্চয়কৈ ধন্যবাদাৰ্হ৷

ইয়াতো জোঙা জোঙা শিলবোৰ পাছফালে ৰাখি ৰাহ আৰু ইনুচৰ সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত হল, সঞ্জু আৰু কিৰণৰ তৎপৰতাত৷ তাৰ পাছতে শিল লানিৰ সন্মুখত ৰৈ আমি দলীয় ফটো উঠিলোঁ৷ ৰাহই কলে, অলপতে চৰকাৰী বিষয়াৰ দলটো আহিছিল বুলিয়ে এতিয়া হাবি-জংঘলবোৰ নাইকিয়া হৈ আছে৷ অন্যথা ইয়াত সুমুৱাই মস্কিল কথাষাৰ সঁচা৷ নহলে কোননো আহিব জংঘল কাটিবলৈ? সংৰক্ষণ কৰাৰো একো উম-ঘাম নেদেখিলোঁ৷

এইটো দিশতো অলপ আগতে দেখা পাই অহাৰ অনুৰূপ মৈদাম কিছুমান চকুত নপৰাকৈ নাই থকা৷ হাবি-জংঘলৰ তলে তলে অনেক সমাধি আছে৷ জনসমাগমৰ পৰা ভালেখিনি নিলগৰ জয়াল ঠাই এইবোৰ৷ ৰাস্তা বুলিবলৈ নাই৷ মবাইল ফোনৰো কোনো কাম নাই৷

. পূৰ্বপুৰুষলৈ প্ৰাৰ্থনাৰে ৰেংমা ঐতিহ্যথলীৰ পৰা বিদায়



কেইহাং পৰ্বতৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰি, নিজৰ ঐতিহ্য পুনৰবাৰ স্মৰণ-দৰ্শন কৰি ইনুচ-থাংচিহঁতৰ মনত কেনে আশা-আকাংক্ষা বাৰু জাগ্ৰত হব পাৰে? কিহে মোহাৱিষ্ট কৰিব পাৰে? কিহে চিন্তিত কৰি তুলিব পাৰে ইহঁতক? মই ভাবিব ধৰিলোঁ, গ্ৰুপ ফটো তোলাৰ সময়ত থূপ খাই পৰা সৰলচিতীয়া মুখবোৰলৈ চাই চাই৷ গুৰুত্ব আছে যদিও স্বল্পখ্যাত এই স্থানে আজিৰ তাৰিখতো যথাযোগ্য স্বীকৃতি আৰু প্ৰচাৰ নাই পোৱা, বাট-পথৰ উন্নয়নৰ কথা বাদেই দিলোঁ৷ অটব্য অৰণ্যৰ মাজত মানুহ কেনেকৈ থাকে, ইয়ালৈ আহিলে অনুভৱ কৰিব পাৰি৷

৩ বাজিবৰ হল৷ এতিয়া উভতনি খোজ লোৱাৰ সময়৷ আজিৰ যাত্ৰাটোৰ শেষবিন্দুৰ পৰা ঘৰমুখীকৈ আগুৱাওঁতে অকণমান গৈয়ে লুংলুঙীয়া বাটটো দুভাগত বিভক্ত হৈ পৰিল৷ বাঁওহাতে কেইহাং ৰেংমা ফুকনৰ মৈদামলৈ৷ সোঁহাতে আমাৰ অস্থায়ী শিৱিৰলৈ৷ থাংচি, ফিলিপকে ধৰি গাইড দলটোৰ কেইজনমান পোনে পোনে শিৱিৰমুৱা হৈছে৷ কাৰণ, গৈ পায়ে আটাইমখাই ভাত খাব লাগিব৷ ভাত খায়ে জংফালৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব৷ শিৱিৰত অথনি এৰি থৈ অহা দুজনেবা ইমানপৰে কিমানখিনি কাম আগুৱাইছে? তাকে লৈ থাংচিৰ চিন্তা৷ ডিফুৰ পৰা অহা আলহীক কেইহাং ৰেন্‌চৰ অৰণ্যত চুঙাভাত এসাজ খুৱাই নিবই লাগিব৷ সন্মানৰ কথা আছে৷ আনফালে, বেলি নামিছে মানেই আন্ধাৰ হোৱাৰ আশংকা বাঢ়ি আহিছে৷ আন্ধাৰ হলে বিপদ অৱশ্যম্ভাৱী৷ আগজাননী আহোঁতেই পাই অহা হৈছে৷ সেয়ে সজাগ হোৱা ভাল৷

সঞ্জু, কিৰণ, ইনুচ, ৰেল আৰু ৰাহ খৰ খোজেৰে মৈদামৰ ফালে গৈছে৷ কেইহাং ৰেংমা ফুকনৰ মৈদামত পুনৰবাৰ ভুমুকিয়াই যাওঁ বুলি ময়ো ইচ্ছা কৰিয়ে সেই বাট ললোঁ৷ এইবোৰ স্থানলৈ বাৰে বাৰে অহা হব জানো? আফিলমোৰ পাছে পাছে আছিল৷ সি শিৱিৰৰ ফালে যাব ধৰিলে৷ মোৰ লগত ৰখাৰ অভিপ্ৰায়েৰে তাক মই এইফালে মাতিলোঁ৷ জংঘলত সংগ্ৰহ কৰা, মই চিনি নোপোৱা কিবাকিবি গছৰ গুটি এসোপা, ফুল এথোপাৰে আফিলৰ দুহাত বন্দী৷ কেটেপা পকেটত৷ চৰাই মৰাৰ স্পৃহা হয়তো আৰু নাই৷

শাৰীটোৰ একেবাৰে পাছত থাকি গৈ আছোঁ আমি দুটা৷ আচম্বিতে জাংগল ট্ৰেইলটোৰ দাঁতিত পুনৰবাৰলৈ পালোঁ হাতীৰ লাদ এগাল৷ তাৰ মানে এইবোৰ জেগাতো বনৰীয়া হস্তী ভ্ৰমি ফুৰে! নিশ্চিতভাৱে৷ এতিয়ালৈকে মুখামুখি হোৱা নাই বাৰু৷ হলেও ভয় লগা কথাই৷ জংঘলৰ নিয়ম তথা সাৱধানতা মানি আগুৱাই আহি অচিৰেই মৈদামথলী পাই গলোঁ৷ বাকীকেইজনক দেখিহে মনটো ভাল লাগিল৷ টিভিৰ কেমেৰা আৰু লযুক্ত মাইক্ৰফোন সন্মুখত সক্ৰিয় ৰাখি ৰাহ আৰু ইনুচৰ অন্য এটা ইণ্টাৰভিউ ইতিমধ্যে আৰম্ভ হৈয়ে গৈছিল৷ সঞ্জুৰ প্ৰশ্ন, সিহঁতৰ উত্তৰ৷ কিৰণ ব্যস্ত হৈছে দৃশ্যৰাজি হেণ্ডিকেমৰ মেমৰীত আবদ্ধ কৰাত৷ কেমেৰাই নেদেখা স্থানত ৰৈ কিনো সোধে, কিনো কয় শুনি থাকিলোঁ মনে মনে৷ নজনা, জানিবলগীয়া কিছু গম পালোঁ৷

আগতেই ভাবি থোৱা কাম এটা আছিল মোৰ৷ ঠাই এৰাৰ আগতে সৰু চাই শিলগুটি এটা লব লাগিব, সংৰক্ষণৰ অৰ্থে৷ ভালেমান সময় বিচাৰি বিচাৰি জোখৰ শিল এটা পাই বুটলি পকেটত সুমুৱাই থলোঁ, সুযোগ পাওঁতেই৷ 

সাক্ষাৎকাৰ, সংগ্ৰহ, দৰ্শন-পৰিভ্ৰমণ সমাপ্ত৷ এতিয়া যাব লাগে৷ শিৱিৰমুখী হোৱাৰ পূৰ্বে আজিৰ অভিযানটোৰ সহায়ক ৰেংমা সহযোগীবৃন্দলৈ চাই প্ৰস্তাৱ এটা দিবৰ কিয় জানো হঠাতে খুব মন গল৷ কলোঁ, ইমানখিনি আহি পালোঁ, চাবলৈও পালোঁ৷ ইয়াৰ পৰা ঘূৰি যোৱাৰ আগতে পূৰ্বপুৰুষৰ নামত প্ৰাৰ্থনা অকণমান কৰি গলে কেনে হয়? আটায়ে ঠিক ঠিক বুলি শলাগিলে৷ আকৌ কলোঁ এষাৰ, নিজৰ দোৱানতে কৰিব দেই৷ আৰম্ভ কৰক৷

কেইহাং ৰেংমা ফুকনৰ সমাধিত থিয় হৈ ইনুচ, ৰাহহঁতে ভক্তিমনে প্ৰাৰ্থনা আৰম্ভ কৰিলে৷ নিৰৱে থাকিয়ে আমি তিনি অৰেংমাই সহযোগ কৰিলোঁ৷ কেইহাং ৰেংমা প্ৰমুখ্যে এই পৰ্বতত সমাধিস্থ প্ৰতিগৰাকী ব্যক্তিৰে আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আমি৷ মনটো কিবা এটা ভাল লাগি গল৷

প্ৰাৰ্থনাৰ অন্তত ডাঙৰ শিলটোৰ কাষেদি দলৰ সদস্যসকলে শাৰী পাতি এজন এজনকৈ তললৈ নামিব ধৰিলে৷ মই ওপৰত ৰৈ থাকিলোঁ৷ কেঁকুৰিত মানুহবোৰ একাদিক্ৰমে অদৃশ্য হৈ পৰিলসমাধিথলীত ৰৈ গলোঁ কেৱল মই৷ আফিলই হেঁহো-নেহো কৰিছিল যদিও তাকো যাবলৈ ইংগিত দি দিলোঁ৷ লগত কোনো নথকা অৱস্থাত পৰিৱেশটোৰ স্নেপ কেইটামান লোৱা হবাঁহৰ লাখুটিডাল মৈদামৰ সোঁমাজত থকা গছজোপাৰ গাত আঁউজাই এৰি দিছিলোঁ অথনিয়েই৷ ভাবিলোঁ, এইডাল থাকক এনেকৈয়ে৷ নিনিওঁ৷ অন্তিমবাৰৰ বাবে মৈদামলৈ চাই চেলুট এটা দি ময়ো অৱৰোহণ আৰম্ভ কৰি দিলোঁ, খৰখেদাকৈ৷ বাকীবোৰ ইতিমধ্যে বহুখিনি আগ বাঢ়িলেই৷ এতিয়াহে অনুভৱ হল, মইযে অকলশৰীয়া৷ পিছফালৰ পৰা কিবাহে টানিলেও বচাওঁতা কোনো নাই৷

পহৰা-চকীৰ কাষেদি দীঘল খোজেৰে আগুৱাই ভালে ভালে শিৱিৰত উপস্থিত হলোঁহি, আটাইতকৈ শেষত, অকলে অকলে৷ এতিয়া ভয় নাই৷ বিৰল প্ৰাপ্তিৰ আনন্দৰে মন-প্ৰাণ পূৰ্ণৰূপত ভৰি পৰিছে৷

. কেইহাং পাহাৰত এসাজ চুঙাভাত




হেংহা আৰু সুৰেনক শিৱিৰৰখীয়া পাতি থৈ যোৱা হৈছিল৷ নীলা তিৰ্পালৰ ওপৰত সেউজীয়া কৌপাত পাৰি চুঙাভাতৰ বগা দীঘল নুৰাবোৰ উলিয়াই থকা অৱস্থাত পালোঁহি হেংহাক৷ নাতিদূৰত কিবা ভাবনাৰে থমথমকৈ বহি আছে সুৰেন৷ ফিলিপ উদ্যত হৈছে অন্য চুঙা এটাৰ সোপা খুলিবলৈ৷ পাথৰৰ ওপৰত অৱস্থান কৰি থাংচিয়ে সিহঁতক কিবা নিৰ্দেশ দি আছে, ৰেংমা দোৱানত৷ খৰখেদা কৰিবলৈকে কৈছে চাগৈ৷

এনেকুৱাতে কেঁচা বাঁহৰ গাঁঠি এটাৰে কুগাই সুন্দৰকৈ সাজি লৈ আহিল এখন হেতা৷ দৰকাৰৰ সময়ত বা লাগ বুলিলেই তৈয়াৰ কৰি দিব পৰা এনেকুৱা অদ্ভুত সৃষ্টিবোৰে কৈ দিয়ে হস্তশিল্পত এই মানুহবোৰ কিমান সিদ্ধহস্ত৷ নিপুণ কাঠিয়ক হিচাপে ৰেংমা নগাৰ আগৰে পৰাই সুনাম এটা আছে৷ কামবিলাক ইমানেই সূক্ষ্ম, মিহি আৰু সুন্দৰ যে দেখিলে অভিভূত নহৈ নোৱাৰি৷ তাৰে পুনৰাবৃত্তি ঘটিল মোৰ, কুগাৰ হাতত হেতাখন দেখাৰ লগে লগে৷

কম সময়ৰ ভিতৰতে আমাৰ মাজত আহাৰ বিতৰণ কৰিব পৰা হৈ গল৷ জুইকুৰাৰ তিনিফালে একেলগে দুডাল দুডালকৈ বাঁহ পাৰি থোৱাই আছিল, বহিব পৰাকৈ৷ যাৰ যত মন যায়, সুবিধাজনকভাৱে জেগাই জেগাই অৱস্থান লৈ লোৱাৰ পাছত হেংহাহঁতে কৌপাতত ভাত, দাইল, মাংস আদি যতনাই দি গল৷ কাষে কাষে নিমখো দিলে এচিকুটমানকৈ৷ আফিলৱে অথনি বধ কৰা বেচেৰা চৰাইটোও খাদ্য-তালিকাৰ পৰা বাদ পৰা নাই৷ আজুৰি আজুৰি ৰাহই তাৰ পাখি গুচাই জুইত ইতিমধ্যে পুৰিলে৷ ভাত খাওঁতে সঞ্জুকো দিলে দুটুকুৰা৷ মোকো দিয়েই৷ ভিজিটেৰিয়ান বোলাত থমকিল যেনিবা৷ খাদ্যাভ্যাস গম পাই মোলৈ এনে চাৱনিৰে চালে আৰু আশ্চৰ্য প্ৰকাশক মন্তব্য এটা কৰিলে, যেন পৃথিৱীত নিৰামিষভোজী দ্বিতীয় মানুহ নায়েই!

সমভিব্যাহাৰে হাঁহি-মাতি কথা পাতি আমি ভাত খালোঁ৷ বঢ়িয়া লাগিল৷ অৰণ্যত এনেকৈ লগভাত খোৱাৰ মজাই বেলেগ৷ দাঁতিৰে পাহাৰীয়া ঝৰ্ণা এটা সশব্দে বৈ থাকিলে সোণত সুৱগা চৰে৷ ইয়াত অৱশ্যে তেনেকুৱা জান-জুৰি নাই৷ অন্যফালে আছে যদি নাজানো৷ সেয়ে হলেও গছ-গছনি, শিল-মাটি, বতাহৰ সৈতে পৰিচয় হৈ উঠাত, লগত থকা মানুহখিনিৰ সৈতে ঘনিষ্ঠতা বাঢ়ি যোৱাত অস্থায়ী কেম্পৰ এই জেগাখিনি লাহে লাহে ভাল লগা হৈ আহিছে৷

ভাত খাই উঠোঁতে ৩ বাজি ৪০ মিনিট৷ এতিয়া বস্তু-বাহানি সামৰা, ঠাই চাফা কৰা আৰু সদৌ শেষত জুই নুমুৱা ইত্যাদি কাম৷ তাৰ মাজে মাজে বিভিন্ন কথা-বতৰা৷ কাক বাঁহৰ প্ৰকাণ্ড চুঙা এটাত লালচাহ আছিল৷ সৰু চাহচুঙা হাতে হাতে ধৰাই কুগাই প্ৰত্যেককে অকণ অকণ বাকি দিলে৷ ৰৈ যোৱাখিনি পেলাই নিদি বটল এটাত ভৰাই ললে ৰাহই৷ বাটত খাব লাগিব৷ নগামোনাৰ পৰা কেঁচা তামোল-পাণ এযোৰ উলিয়াই অনৱৰতে লগত লৈ ফুৰা দাখনৰে ধুনীয়াকৈ কাটিলে আৰু আথে-বেথে মোকো এখন যাচিলে৷

সত্য-অন্বেষী অভিযাত্ৰী দলৰ এতিয়া ঠাই এৰিবৰ বেলি হল৷ ৰাকচেকটো পিঠিত তুলি লওঁতেহে খেয়াল কৰিলোঁ যে চশমাযোৰচোন যথাস্থানত নাই! হাৰে! চশমাযোৰ কত গল? ইমানপৰে খবৰেই নাই৷ অনুমান, শেষ মুহূৰ্তত সমাধিথলীত অজানিতে পৰি আহিল৷ কোন যাব এতিয়া তালৈ, চশমা বিচাৰি? লাখুটি আৰু চশমা দি থৈ আহিলোঁ, শিলগুটি এটা আনিলোঁ৷ এইবুলিয়ে সন্তুষ্টি লভি চশমা সম্পৰ্কে ভাবিবলৈকে বাদ দি দিলোঁ৷

প্ৰত্যাৱৰ্তনৰ বাবে দল সাজু৷ একেবাৰে সন্মুখত থাংচি৷ ৰেংমা পাহাৰত ৰৈ যোৱা কেইহাং ৰেংমা ফুকনৰ জীৱন্ত স্মৃতি দৰ্শন কৰি, পূৰ্ণতা আৰু প্ৰাচুৰ্যৰ আভা চকুৱে-মুখে সানি প্ৰায় ৪ বজাত উভতনি পদযাত্ৰা আৰম্ভ কৰি দিয়া হল, জংফা অভিমুখে৷

. বাঁহতলৰ চাহ-বিৰতি



অস্তগামী বেলিটোৱে গছ-গছনিবোৰৰ ফাঁকেৰে মাজে মাজে ভুমুকি একোটা মাৰিছে৷ বিয়লিৰ হেঙুলী আভা চৌদিশে ছটিয়াই কিছু সময়ৰ পাছতে সূৰ্য দেৱতা অদৃশ্য হৈ পৰিব৷ এনেয়েও পাহাৰত সোনকালে সন্ধ্যা লগা যেন লাগে৷ অন্ধকাৰ আসন্ন হেতুকে আমাৰ নামনিমুৱা খোজবোৰ ক্ৰমান্বয়ে খৰ হৈ উঠিছে৷ এইটোও ঠিক যে ঘৰমুখী যাত্ৰা সাধাৰণতে লৰালৰি হয়েই৷

হাতীয়ে পিছল খোৱাৰ চিনবোৰ, বিষ্ঠাবিলাক, নলাকেইটা পাৰ হৈ অকাই-পকাই উঠি থাকোঁতে মানসপটত সামৰি-সুতৰি অনা ৰেংমাসকলৰ ঐতিহাসিক পহৰা চকী, মৈদামসমূহ আৰু থিয় জোঙা শিলখিনিৰ ছবিবোৰ এফালৰ পৰা পাগুলি যাব ধৰিছোঁ৷ সাধাৰণ পৰ্যবেক্ষণৰ পৰা যিখিনি দেখিলোঁ-বুজিলোঁ, তাকে চাই মন-মগজুত উদয় হৈছে প্ৰশ্নৰ উপৰি প্ৰশ্ন৷ সঞ্জু-কিৰণহঁতৰ মিডিয়াৰ আকৰ্ষণে ইয়ালৈ মানুহ টানিব পাৰিবনে? সংৰক্ষণযথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ চকু মুকলি হবনে? প্ৰকৃতিপ্ৰেমী, Jungle lover, Trekker, Adventurist, Botanistৰ আগমন ঘটিবনে এইফালে? গৱেষণাৰ প্ৰেমত পৰি সঁচা অৰ্থত আৰু পক্ষপাতিত্বহীনভাৱে গৱেষণা কৰা কোনো সদাশয় ব্যক্তি আপোনমনে ৰেংমাভূমিলৈ আহিবনে সমল বিচাৰি, ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ? কাৰবি আংলঙৰ পৰ্যটনৰ দিশত কেইহাং ৰেন্‌চই নতুন দিগন্তৰ সূচনা কৰিবনে কেতিয়াবা? অসম বাজেট ২০১৯-২০ৰ ১০ লাখটকীয়া অনুদান প্ৰাপ্তিৰে সঁচাকৈ নৰূপ পাবনে বাৰু কেইহাং ৰেংমা ফুকনৰ মৈদামে? অসম দৰ্শন আঁচনি প্ৰকৃতাৰ্থত সফল ৰূপায়ণ হবগৈনে? এগাল প্ৰশ্ন৷ উত্তৰ পাবলৈ সময়লৈ অপেক্ষা কৰিব লাগিব৷ লক্ষ্য ৰাখিব লাগিব৷

আমাৰ উভতনি যাত্ৰাত উঠিবলগীয়াতকৈ নামিবলগীয়াই সৰহ৷ ৱাকিং ষ্টিক নোহোৱাকৈয়ে নামি আছিলোঁ মই৷ ৰাহই কথাটো মন কৰিলে৷ বেতৰ লাখুটি এডাল ঘপাঘপ কাটি উলিয়ালে আৰু মোলৈ আগ বঢ়াই দি কলে, এইডাল লৈ লওক ছাৰ, নামিবলৈ ভাল পাব৷ এইডাল মই ঘৰলৈ লৈ যাম দেই বুলি ধুনীয়া লাখুটিডাল হাতত ললোঁ৷

মোৰ পাছে পাছে আহি থকা আফিলৰ মবাইল ফোনত কাৰবি আধুনিক গান বাজিছে৷ নিৰ্জনতাৰ মাজত এনেকৈ সংগীতৰ তালে গৈ থাকি কিবা এটা ভাল লাগিছে৷ গানটো শেষ হওঁ হওঁ হওঁতে তাক মই কলোঁ, তহঁতৰ ৰেংমা গান এটা বজাই দেচোন, শুনো৷ হেণ্ডছেটটোৰ অৱস্থাই নাই৷ তাতে খোঁচৰি খোঁচৰি সি লগালে এটা৷ খ্ৰিষ্টীয় সমূহীয়া গান৷ এইটো শেষ হলত সি বজালে English-Irish pop music band One Directionৰ গান৷

ফিলিপ, ৰেল, ৰাহ, আফিল আৰু মই শাৰী পাতি অগা-পিছাকৈ গৈ আছোঁ৷ মাজে মাজে ৰৈছোঁ৷ থাংচি, সঞ্জু, সুৰেন, কিৰণহঁত আমাতকৈ আগ বাঢ়ি নেদেখা দূৰত্ব পালেগৈ৷

ট্ৰেকটোৰ এঠাইত ইনুচে আমাক অতিক্ৰম কৰিবলৈ বাট বিচাৰিলে৷ বাট এৰি দিয়াত তীৰবেগে অগ্ৰসৰ হল৷ পাছে পাছে কুগা আৰু হেংহা৷ একেই গতি৷ যেন কিবা এটা খেদিহে গৈছে! ইনুচৰ হাতত এটা দুনলীয়া বন্দুক৷ আচৰিতেই হলোঁ বন্দুক লৈ দৌৰাদৌৰিকৈ যোৱাত৷ কি হল ইহঁতৰ? উত্তৰত ৰাহই কলে, ইহঁতে চিকাৰ কৰিব৷ সেই কাৰণে তেনেকৈ গৈছে৷ হাবিত চিকাৰ কৰি আলহীক মানে আপোনালোকক মাংস খুওৱাৰ আশাৰে কালি বন্দুক লৈ আহিছিল৷ পিছে ভাগ্য বেয়া, একো এটা নাপালে৷ এতিয়া চিকাৰ ওলোৱাৰ সময়৷ আজি কি পায় জানো! চিকাৰ কত ওলায় সিহঁতে জানে অৱশ্যে৷

আৰম্ভণিৰ পৰা এঘণ্টাতকৈ বেছি সময়ে অহা হল৷ বাঁহগছৰ তলত এঢলীয়া ঠাই এটুকুৰাত আমিকেইটা বহিলোঁ৷ উদ্দেশ্য চাহ-বিৰতি৷ লগতে জিৰণি৷ ৰাহৰ মোনাত লালচাহৰ বটলটো আছিল৷ সেইটো উলিয়ালে৷ মোৰ ৰাক্‌চেকত সোমাই আছে বিস্কুটৰ দুটা পেকেট৷ পুৱাৰে পৰা বচাই ৰাখিছোঁ৷ তাকে ভগাই পাঁচোটাই মিলি-জুলি খালোঁ৷ বটলটো ইহাত-সিহাতকৈ ঘূৰি থাকিল৷ চাহখিনিৰ উত্তাপ ইমানপৰে নাইকিয়া হল অৱশ্যে৷ তথাপি কিবা এটা আমেজ পালোঁ৷ চাহপৰ্ব সমাপ্ত হোৱাত ৰাহই মোৰ হাতত পুনৰবাৰ তুলি দিলে কেঁচা তামোল এখন৷

অচিনাকি ভাববোৰ আমাৰ মাজত এতিয়া আৰু সমূলি নাই৷ যিকোনো কথা খোলাখুলিকৈ আলোচনা কৰিব পৰা হৈছোঁ৷ বিশ্বাসৰ মাজেৰে ঘনিষ্ঠতা বাঢ়ি আহিল৷ নিজৰ মাজত আমি এতিয়া জীৱনৰ কথা পাতিছোঁ৷ ঘৰুৱা কথাও ওলাইছে৷ কেইহাং পাহাৰৰ সম্পদ আৰু সম্ভাৱনা আৰু সেইবোৰৰ মাধ্যমেৰে স্থানীয় ৰেংমা অধিবাসীসকলৰ ভৱিষ্যৎ উন্নয়ন, অৰ্থনৈতিক অৱস্থা সবলীকৰণৰ সম্বন্ধে আলাপ চলিছে৷ সমস্যা আৰু সমাধানৰ বিষয়েও পাতিছোঁ৷ খুব আন্তৰিকতাৰে৷

. Blessed Home পালোঁহি




লাহে লাহে বেলি লহিয়াব ধৰিলে৷ দূৰত দেখা পৰ্বতৰ শাৰীবোৰ ধূসৰ হৈ আহিছে৷ বাঁহনিৰ মাজেৰে তৃতীয় ভৰিৰ সহায়ত খোপনি লৈ লাহে লাহে নামি আছোঁ৷ জাপ জাপ শুকান পাত পৰি থকা হেতুকে ট্ৰেকটো বৰ পিছল৷ অসাৱধান হলেই বাগৰি পৰাৰ পূৰ্ণ আশংকা৷ এনেকুৱা জেগাবোৰত সহজে তললৈ কেনেকৈ নামিব লাগে, তাৰে ডেমনষ্ট্ৰেচন হিচাপে মৰসাহসী কোনোবা এটাই এছোৱা চোঁচৰি দেখুৱালে৷ মনটো মোৰো গৈছিল৷ কিবা প্ৰকাৰে ৰখালোঁ নিজকে৷

এইখিনিৰ পৰাই ৰাজীৱ উভতি গৈছিল৷ পৰিচিত ঠাইডোখৰ পাই সকলোৱে শুনাকৈ এনেকৈ চিঞৰি উঠিলোঁ৷
হয় হয়, এইডোখৰেই৷ সঞ্জু আৰু কিৰণে হাঁহিৰে সমৰ্থন কৰিলে৷
এই জেগাটুকুৰাৰ এটা নাম দি গলে কেনে হয়?
কি নাম? প্ৰশ্ন উত্থাপনৰ লগে লগে মুখমণ্ডলত কৌতূহলৰ চাপ সঞ্জুহঁতৰ৷
ৰাজীৱ পইণ্ট অৱ ৰিট্ৰিট, চমুকৈ ৰাজীৱ পইণ্ট৷
হাঃ হাঃ হাঃ  গিৰ্জনি মাৰি হাঁহিলে আটায়ে৷
তাৰ মাজতে সঞ্জুৱে কলে, ঘূৰি গৈ কথাটো ৰাজীৱক কব লাগিব৷

ক্ষন্তেকীয়া ধেমালিৰ অন্তত পুনৰ গতি৷ পাহাৰৰ ঢাল এটাৰে ক্ৰমান্বয়ে নামি আমি কমলা বাগানৰ কাষ চাপিলোঁহি৷ গছবোৰত বগা বগা ফুল ফুলিছে৷

৫ বাজি ৪০ মিনিট গল৷ সুমথিৰাৰ সেউজ আৱেষ্টনীত এয়া আমাৰ বাবে এক নিৰাপদ অৱস্থান৷ আকাশত জোনবাই৷ ঘাঁহনিত বহি সন্ধিয়াৰ আড্ডা চলিব ধৰিছে৷ অৱতাৰণা হৈছে বিভিন্ন প্ৰসংগৰ৷ কাঁচিজোনটোৰ ফটো এখন তোলাৰ পাছতে মেমৰী ভৰ্তি হৈ পৰাৰ বাৰ্তা ওলাল কেমেৰাটোৰ মনিটৰত৷ সামৰি থৈ দিলোঁ৷ যি কৰিব লাগে পাছত দেখা যাব৷ এতিয়া পৰিৱেশৰ আনন্দ লোৱা উচিত৷

Blessed Home ছাঁ-পোহৰৰ চিৰন্তন খেলাখন চলি থাকোঁতেই পালোঁগৈহেঁতেন যদিও আন্ধাৰ ভালকৈ হওক বুলি ৰোৱা হল, ইচ্ছাকৃতভাৱে৷ এইডোখৰৰ পৰা আমি অন্ধকাৰত টৰ্চ লাইট জ্বলাই নাইট ট্ৰেকিঙৰ আনন্দ লম বুলি সৰ্বসন্মত সিদ্ধান্ত হৈছে৷ এতেকে কোনো খৰধৰ নাই৷ চিন্তা কৰিবলগীয়াও একো নাই৷ গৈ পায়ে চিধাই গাটো ভালকৈ ধুম বুলি ভাবি আছিলোঁ৷ দেখিছোঁ, দেহাৰ ঘাম দেহাতে শুকাল৷ লাহে লাহে ঠাণ্ডা লাগি আহিছে৷

আমাৰ জীৱনৰ ব্যস্ততাপূৰ্ণ আৰু উল্লেখযোগ্য দিন এটাই সময়ৰ বুকুৰ পৰা এইমাত্ৰ মেলানি মাগিলে৷ ভৱিষ্যৎ দিনপঞ্জীৰ কোনোবা সময়ত হয়তো এই কেইহাং ৰেন্‌চৰ অৰণ্যময় পাহাৰ কংক্ৰিটৰ জংঘলেৰে ভৰি পৰিব৷ মানুহে পিয়াপি দি ফুৰিব এইবোৰ ঠাই৷ সেয়ে হলেও এই পৰ্বতলৈ অহাৰ অনুভূতি আমাৰ মনত নমৰালৈকে অম্লান ৰূপত থাকি যাব৷ এই পদযাত্ৰা আমাৰ বাবে হৈ ৰব জীৱন ইতিহাসৰ নজহা-নপমা একোখিলা সোণালী পৃষ্ঠা৷

যাবৰ বেলি হল৷ ৰাক্‌চেকৰ পৰা টৰ্চ লাইটটো উলিয়াই ললোঁ৷ আফিলই পুৱাৰে পৰা কঢ়িয়াই লৈ ফুৰা দীঘলীয়া টৰ্চটো এতিয়াহে কামত লাগিব৷ আৰু কেইবাজনৰো হাতে হাতে টৰ্চলাইট৷ অলপ পাছতে অৱশিষ্ট বাটছোৱাৰ বাবে খোজ আৰম্ভ হৈ গল চুঙাচাকিৰ পোহৰত৷

জোনাকী পৰুৱাৰ জাক এটাহে যেন গৈ আছে অকাই-পকাই! তলত সৌখন জংফা৷ গছ-গছনিৰ ফাঁকেৰে বিজুলী-বাতিৰ পোহৰকণাবোৰ চাই ভাল লাগিছে৷ কথা পাতি পাতি শেষৰ গৰাটো নামি আছোঁ৷ হঠাতে পিছল খাই বাগৰি পৰিল সঞ্জু৷ বাটটোত অকণি অকণি শিলগুটি কিছুমান আছিল৷ টৰ্চৰ পোহৰত দেখা পায়ে মই কাষেদি হাবি ভাঙি নামিছিলোঁ বাবে বাচিলোঁ৷ ধৰাধৰি কৰি সঞ্জুক উঠোৱা হল৷ ট্ৰেকচুটত লগা বালিবোৰ কোবাই কোবাই সাংবাদিকজন সোনকালেই প্ৰকৃতিস্থ হল যেনিবা৷ চিন্তা কৰিবলগীয়া বিধৰ অঘটন ভাগ্যে একো নঘটিল৷

সুকলমে আহি ৬ বাজি ৩০ মিনিটত চৰকাৰী গাঁওবুঢ়াৰ ঘৰ সোমালোঁ৷ যাওঁতে তিনি ঘণ্টাৰ ওপৰ লাগিছিল৷ আহোঁতে আঢ়ৈ ঘণ্টা লাগিল৷ মাজতে চাহ-বিৰতি আৰু আড্ডাও কিছু মৰা হল৷ গাঁৱৰ মাজেৰে আহি থাকোঁতে নিজা নিজা বাসগৃহৰ উদ্দেশ্যে সুৰেন, আফিল, ৰাহ, ৰেল, ফিলিপ, ইনুচহঁত এজন এজনকৈ এৰাএৰি হল কাইলৈ পুৱা গিৰ্জাঘৰত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে৷

. ৰেংমা চাঙৰ আলোচনা



ৰেংমা হিলছৰ পাদদেশত অৱস্থিত জংফা গাঁৱৰ চৰকাৰী গাঁওবুঢ়া জখেন চেব্বে ৰেংমাৰ বাসগৃহত থকা পৰম্পৰাগত চাংঘৰত বহি গাঁওবুঢ়া আৰু ৰাজীৱে কথা পাতি আছিল৷ সন্মুখত দপদপীয়া জুই একুৰা৷ তেনেতে নঙলা-মাৰি গুচাই আমাৰ প্ৰৱেশ৷ চৌহদত পদাৰ্পণ কৰিয়ে সঞ্জু, কিৰণ আৰু মই চিধাই উঠি গলোঁ চাঙলৈ৷ আসন গ্ৰহণ কৰাৰ লগে লগে গাঁওবুঢ়া উদগ্ৰীৱ হৈ পৰিল যোৱাৰ পৰা অহালৈ, সমগ্ৰ অভিযানটোৰ খবৰ জানিবলৈ৷ বিতংভাৱে কবলগীয়া হল কেইহাং ৰেনচত আমি কি দেখিলোঁ, কি বুজিলোঁ, কেনে লাগিল, ইত্যাদি ইত্যাদি৷ ইনুচ, হেংহা আৰু কুগাৰে গঠিত এডভান্স পাৰ্টীটোৱে জংঘলত চিকাৰ পালেনে, তাৰো বুজ ললে৷ জন্তু মাৰি মাংস খুৱাব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিলে ষাঠি ঊৰ্ধ্বৰ এছ.জি.বি.জনে৷ কেইহাং ৰেংমা ফুকনৰ মৈদামত আমি প্ৰাৰ্থনা কৰি আহিছোঁ বোলাত নথৈ সুখী হোৱা যেন লাগিল মানুহজনক৷ সন্তুষ্টিৰ হাঁহি মাৰি নাতিনীয়েক শাৰণক চিঞৰিলে, আলহীক চাহ দিবৰ বাবে৷ শাৰণ উধাতু খাই লৱৰি আহিল আৰু অলপ পাছতে আমাৰ বাবে চাহ-বিস্কুট যতনাই আনি দিলে৷

গাটো তিয়াম বুলি ভাবি আহিছিলোঁ হয়, পিছে কথাত মজি সময় দেখোন পাৰ হৈ গৈয়ে আছে, গৈয়ে আছে৷ এনেকুৱাতে থাংচি উঠি আহিল৷ সি গা ধুই আহিছে৷ কঁপি কঁপি চলিখৰি কেইটুকুৰামান জুইকুৰাত জাপি থাকি কলে, ইয়াৰ পানী খুব ঠাণ্ডা দাদা৷ চাবোন গুচাবলৈ বহুত সময় লাগে৷ সোনকালে নাযায়৷ আপোনালোকে এতিয়া গা ধুব নালাগে৷ নতুন মানুহ৷ চৰ্দি লাগি যাব৷

থাংচিৰ বাক্যকেইটা শুনা মাত্ৰক মোৰ শৰীৰটোৱেদি চেঁচা শিহৰণ এটা আপোনা-আপুনি বৈ গল৷ বিপৰীতে মুখৰ আগৰ জুইকুৰাৰ মিঠা আমেজকণ৷ উত্তাপ এৰিবৰ অকণো সত নাই যোৱা৷ চাঙৰ ওপৰতে জোতা-মোজা সোলোকাই থৈ বহি থাকিলোঁ জুইৰ গুৰিতে৷ সঞ্জু আৰু কিৰণৰো দেখিছোঁ, একেই মতলব৷ আগতে কৈছিল যদিও সময়ত এটায়ো বাথৰুমলৈ মন নেমেলা হল৷ নহব চাগৈ কাৰো আজি গা ধোৱা৷ সিহঁত গলে ময়ো যাম বুলি যুক্তি এটা মনতে বান্ধি লৈ একে ঠাইতে বহি থাকিলোঁ৷

জুইকুৰাক কেন্দ্ৰ কৰি ঘূৰণীয়া অৱস্থানেৰে আমি আটায়ে কথা পাতি আছোঁ৷ বিভিন্ন বিষয় ওলাইছে৷ গাঁওবুঢ়াৰ হাতত কলমৰ সৈতে মস্ত ডায়েৰী এখন৷ আমাৰ ফোন নম্বৰসহ নাম-ঠিকনাবোৰ এফালৰ পৰা লিখি দিবলৈ অনুৰোধ জনালে৷ কিৰণ প্ৰথমতে আছিল৷ সি হাত পাতি ললে৷ তাৰ পাছত মই৷ মনোযোগেৰে লিখি আছোঁ৷ এনেতে ভদ্ৰমহিলা এগৰাকীৰ আগমন ঘটিল৷

কেভিল চেব্বে ৰেংমা৷ গাঁওবুঢ়াৰ নিজৰ বায়েক৷ জংফা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷ থাংচিয়ে তেওঁৰ লগত পৰিচয় কৰাই দিলে৷ কিছুক্ষণ ধৰি আলাপ চলিল কেভিল বাইদেউৰ সৈতে৷ স্কুলৰ কথা, অঞ্চলটোৰ শিক্ষা-দীক্ষাৰ ৰেহ-ৰূপ, সামাজিক অৱস্থা, ঘৰুৱা প্ৰসংগ, ইত্যাদি ইত্যাদি৷ এসময়ত বাইদেউগৰাকী গলগৈ৷ নিজৰ ঘৰলৈকো নিমন্ত্ৰণ জনাই থৈ গল আমাক৷ পুৱা সোনকালে ডিফুমুৱা হব লাগিব বুলি আগতীয়াকৈ দায় সাৰি থোৱা হল আমাৰ ফালৰ পৰা৷

পাহাৰত লুকাই থকা কেইহাং ৰেংমা ফুকনৰ মৈদাম, ৰেংমা নগা চন্তৰীৰ পহৰা চকী হিচাপে থকা প্ৰকাণ্ড শিল তিনিটা, সমূহীয়া ঙাঁদা উৎসৱৰ উপলক্ষ্যত স্থাপিত স্তম্ভসদৃশ শিলসমূহৰ লগতে পাদদেশৰ জংফা, কলিয়নিৰ পাৰৰ আখৈফুটাকে ধৰি ৰেংমা অধ্যুষিত অন্যান্য গ্ৰাম্যাঞ্চলসমূহৰ গুৰুত্ব, বিশেষত্বৰ ভেটিত পৰ্যটন উন্নয়ন, প্ৰচাৰ তথা মানুহৰ উৎকৰ্ষ সম্পৰ্কে গম্ভীৰ আলোচনা চলিছে৷ অসম বাজেট, অসম দৰ্শন আঁচনি সম্পৰ্কে ওলাইছে৷ ফেব্ৰুৱাৰীৰ শেষত আগমন ঘটা বোকাজানৰ এ.চি.এছ. বিষয়া বেমথই আহংবাম চানু নামৰ মহিলাগৰাকীৰ সদিচ্ছাৰো চৰ্চা হৈছে৷

ৰেংমাসকলৰ বিষয়ে পঢ়িবলৈ কিবা কিতাপ-পত্ৰ তেওঁৰ ঘৰত পোৱা যাব নেকি সুধিলোঁ গাঁওবুঢ়াক৷ Blessed Homeত থকা দুই-এখন কিতাপৰ নাম উল্লেখ কৰিলে তেওঁ৷ মিছন চেণ্টাৰত থাকিব বুলি জনালে৷

২০১৬ চনত দৈনিক জনমভূমিৰ মাঘ বিহু বিশেষ সংখ্যা হিচাপে প্ৰকাশ পোৱা আলোচনী ভোগালীত সঞ্জুৱে ৰেংমা নগাসকলৰ বৰ্ণময় জীৱন-গাথা শীৰ্ষক ৫ পৃষ্ঠাজোৰা সংস্কৃতি-সমন্বয়মূলক সুদীৰ্ঘ, সচিত্ৰ প্ৰৱন্ধ এটা লিখিছিল৷ সেয়া উল্লেখ কৰিলে৷ ইয়াৰ পৰা ঘূৰি গৈ টিভিত সম্প্ৰচাৰ কৰাৰ লগতে বাতৰি কাকতত লিখিব বুলিও সঞ্জুৱে কথা দিলে৷ লগতে উল্লেখ কৰিলে মোৰ লেখা-মেলাৰ ধাৰাটোৰ সম্পৰ্কে৷ একো নকৈ মই নীৰৱে তেওঁলোকৰ কথা-বতৰাবোৰ শুনি থাকিলোঁ৷

ভ্ৰমণ অভিজ্ঞতামূলক গ্ৰন্থ বা লেখাৰ মাজেদি সমাজ-সংস্কৃতি, প্ৰকৃতিৰ আভাস পাঠকে লাভ কৰিব পাৰে ঠিকেই, কিন্তু তেনে ৰচনাত যিহেতু ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰাটোৱেই মুখ্য স্থান লাভ কৰে, সেয়েহে সংশ্লিষ্ট জনগোষ্ঠীটোৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰকৃত ছবি তাৰ মাজেদি ফুটি নুঠে বুলিয়ে মোৰ ধাৰণা৷ গৱেষণামূলক উৎকৃষ্ট গ্ৰন্থৰ প্ৰয়োজনীয়তাহে মোৰ মতে প্ৰথম কথা৷

এইটো স্বীকাৰ নকৰি নোৱাৰি যে কাৰবি আংলঙৰ ৰেংমাসকলৰ সন্দৰ্ভত তথ্যসম্বলিত আলোচনাৰে পৰিপূৰ্ণ গ্ৰন্থ আজিও নাই৷ তেনে গ্ৰন্থ ৰচনা হব লাগে৷ সেই গ্ৰন্থ স্বজনগোষ্ঠীয় লেখকৰ দ্বাৰা প্ৰণয়ন কৰাব লাগে৷ তেনে ধৰণৰ গ্ৰন্থ তথ্য আৰু বিশ্লেষণৰ ক্ষেত্ৰত সদায়ে অধিক গ্ৰহণীয় কিয়নো ৰেংমা লেখক এজনে নিজৰ বিষয়ে লেখোঁতে আনতকৈ অধিক একাত্ম হোৱাটো নিশ্চিত৷ জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত তেনে গ্ৰন্থ নিৰ্ণায়ক বিবেচিত হব বুলিয়ে মোৰ বিশ্বাস৷ ৰেংমা লৰা-ছোৱালী পঢ়া-শুনাত এতিয়া যথেষ্ট আগ বাঢ়িছে৷ তেওঁলোক এই বিষয়ত আগ বাঢ়ি আহিব লাগে৷ তেওঁলোকক পৰিকল্পিতভাৱে কামত লগাব লাগে৷ বিজ্ঞসকলে বাট দেখুৱাব লাগে৷

জংফাত স্থাপন হব লাগে ৰেংমা জনগোষ্ঠী বিষয়ক গৱেষণা কেন্দ্ৰ, ৰেংমা নগা ষ্টাডি চেণ্টাৰ৷ জে. পি. মিলছকে ধৰি বিদেশী কিম্বা থলুৱা গ্ৰন্থকাৰসকলে যিবোৰ গ্ৰন্থ প্ৰণয়ন কৰি থৈ গল সকলোবিলাক সংগৃহীত আৰু সংৰক্ষিত হব লাগে৷ গ্ৰন্থৰ দৰেই, অসমীয়া ভাষাত ৰেংমা নগা সম্বন্ধে লেখা প্ৰৱন্ধপাতিৰ সংখ্যাও তাকৰ৷ তথাপি অত-তত সিঁচৰতি হৈ থকা তেনে প্ৰৱন্ধসমূহ, যি ভাষাৰেই নহওক কিয়, একে ঠাই কৰিব লাগে৷ ৰেংমাসকলৰ অতীত বুৰঞ্জী, পুৰণা গীত-মাত, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, বাদ্যযন্ত্ৰ, পুৰণা সা-সামগ্ৰী, ফটোগ্ৰাফ ইত্যাদি সকলোবোৰেই সংগৃহীত হব লাগে৷ গিৰ্জাই বিভিন্ন সময়ত বিভিন্ন উপলক্ষ্যত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থসমূহো সংৰক্ষিত হব লাগে৷ বিজ্ঞানসন্মত এক আৰ্কাইভ, সংৰক্ষণথলীৰ ৰূপ দিব লাগে উক্ত কেন্দ্ৰটোক৷ ইয়াত গৱেষণা হব লাগে৷ পিছে কোনো ধৰণৰ জালিয়াতি, তথ্য বিকৃতি নাইবা কুম্ভীলক চৰিত্ৰ সম্বলিতজনৰ জড়িতকৰণৰ যোগেদি নহয়৷ ভৱিষ্যৎ কেৰিয়াৰ নিৰাপদ কৰাৰ উদ্দেশ্য আগত ৰাখি, নাম-যশ-পদোন্নতি বৃদ্ধিৰ তাড়নাত জন্ম হোৱা পেছাদাৰী মানসিকতাৰ মানুহৰ জৰিয়তেও নহয়৷ সঁচা অৰ্থত গৱেষণা হব লাগে ৰেংমা জনগোষ্ঠীটোক লৈ৷ সাধাৰণ আগমনকাৰী হিচাপে জংফালৈ আহি সাধাৰণ দৃষ্টিৰে আমি দেখা পাইছোঁ যে এনেকুৱা কাম অনেক আছে, ক্ষেত্ৰও খালী আছে৷ আজিৰ তাৰিখতো৷

দেখিলোঁ, গাঁওবুঢ়াই কথাবোৰ মনোযোগেৰে শুনি থকাৰ লগে লগে ডায়েৰীখনতো নোট কৰি গৈছে৷ ৰেংমা জনসাধাৰণৰ অৰ্থনৈতিক স্বাৱলম্বিতা, বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ, গিৰ্জা আৰু গাঁওবুঢ়াৰ জৰিয়তে সজাগতা বৃদ্ধি, ট্ৰেকিং ডেষ্টিনেচন হিচাপে কেইহাং ৰেংমা ফুকনৰ মৈদাম, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ কৰণীয় আদিৰ সম্পৰ্কেও মত আৰু ধাৰণাৰ আদান-প্ৰদান চলিব ধৰিলে৷

কথা পাতোঁতে পাতোঁতে ৮.৪৫ বাজি গল৷ পুৱা ৪.৪৫ বজাৰ পৰা আৰম্ভ কৰি আজি দিনৰ দিনটো একে লেথাৰিয়ে ভ্ৰমণ, পৰ্যটন৷ ভাগৰ অনুভৱ হোৱা নাই পিছে৷ গাঁওবুঢ়াইহে চিন্তা কৰিলে, আমাৰ ভাগৰ লাগিব পায় বুলি৷ নাতিনীয়েক শাৰণক পুনৰবাৰ চিঞৰিলে৷ নিশাৰ আহাৰ-পানী যতাবৰ বাবে৷ আকৌ আৰম্ভ হৈ গল শাৰণৰ দৌৰা-দৌৰি

৪০. ৰেংমাসকলৰ মনৰ বতৰা



চাঙৰ ওপৰত নিশাৰ ভাতসাজ শাৰণে যতনাই দি থকাৰ সময়তে ৫জনীয়া দল এটা আহি ওলাল৷ ৰেংমা নাগা পিপল্‌ছ কাউন্সিল (আৰ.এন.পি.চি.)ৰ উপদেষ্টা Keninlo Jishing Rengma, সভাপতি Solomon Himbü Rengma, যুটীয়া সম্পাদক Enuse Sebü Rengma, Rengma Literature Boardৰ সভাপতি John Sebü Rengma, ভিলেইজ কাউন্সিলৰ সম্পাদক Kenneth Sebü Rengma আহিছে৷ উদ্দেশ্য জংফালৈ অহা অতিথি অৰ্থাৎ আমাৰ সৈতে চা-চিনাকি হোৱা, বাৰ্তালাপ কৰা আৰু ৰেংমাসকলৰ মনৰ কথা জনোৱা৷ আমি নৈশ আহাৰ গ্ৰহণ কৰিবলৈ উদ্যত হোৱা দেখি নেতৃত্ববাহীজনে সবিনয়ে কৈ উঠিল, আপোনালোকে আৰম্ভ কৰক৷ আমি খাই আহিছোঁ৷

ৰেংমা নগাসকলৰ শীৰ্ষ সংগঠন আৰ.এন.পি.চি.ৰ জন্ম হৈছিল ১৯৫২ চনত৷ মুখ্য কাৰ্যালয় ফেনচেৰত আছে৷ গাঁওবুঢ়াই চা-চিনাকি কৰাই দিয়াৰ পাছত পোনপ্ৰথমে যুটীয়া সম্পাদকগৰাকীয়ে কথা কলে৷

ৰেংমাসকল কাৰবি আংলঙৰ থলুৱা মানুহ৷ ভাৰতীয় সংবিধানে আমাক পাৰ্বত্য অনুসূচিত জনজাতিৰ মৰ্যাদা দিছে৷ তৎসত্ত্বেও সা-সুবিধা প্ৰাপ্তিৰ পৰা এই খিলঞ্জীয়া ভূমিপুত্ৰ ৰেংমা মানুহখিনি আজিও একেবাৰেই বঞ্চিত হৈ আছে৷ ডেভেলপমেণ্ট নাই৷ ৰাস্তা-পদূলি আপোনালোকে আহোঁতে দেখিছেই৷ গাঁওবিলাকত ঘূৰিলে, কথা পাতিলে মানুহবোৰৰ অৰ্থনৈতিক, মানসিক অৱস্থাৰ উমান পাব৷ এইবুলি খোলাখুলিকৈ কৈ পাতনিতে তেওঁ গভীৰ মনোবেদনা প্ৰকাশ কৰিলে৷

ৰেংমা হিলছ আৰু মিকিৰ হিলছ লগ লগাই এখন পৃথক জিলা গঠনৰ বাবে ৰেংমা আৰু মিকিৰ অৰ্থাৎ কাৰবিসকল আদিতে একেলগেই আগ বাঢ়িছিল৷ ৰেংমা মানুহে নিজৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন যোগাইছিল৷ কিন্তু ১৯৫১ চনত জিলাখন যেতিয়া সৃষ্টি হল, নাম ৰাখিলে সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলা৷ ৰেংমা হিলছৰ নাম-গোন্ধেই নাথাকিল৷ ইয়াৰ দ্বাৰা চৰকাৰে আমাৰ জনগোষ্ঠীটোক আৰম্ভণিতেই অনাদৰ কৰিলে, অৱহেলা কৰিলে৷ তাৰ পৰৱৰ্তী, ১৯৫২ চনত গঠন হল জিলা পৰিষদ৷ ৰেংমাসকলৰ বাবে তাতো আনকি এখনো আসন সংৰক্ষিত নহল৷ পুনৰ বিশ্বাসঘাতকতা৷ সম্পূৰ্ণ ৰেংমা হিলছক মিকিৰ হিলছৰ সৈতে বিলীন কৰি দিয়া হল, অথচ চৰকাৰে আমাক অসমৰ ৰাজনৈতিক আৰু প্ৰাকৃতিক মানচিত্ৰৰ পৰা কালক্ৰমে নিশ্চিহ্ন কৰাতহে ব্ৰতী হোৱা পৰিলক্ষিত হৈ আহিছে৷ ফলস্বৰূপে মূল অধিবাসী অৰ্থাৎ আমি আজি নিজৰ ভূমিতে পৰিৱৰ্তিত হৈছোঁ শৰণাৰ্থীত৷ সকলো ফালৰ পৰাই বঞ্চিত-লাঞ্ছিত হৈ দ্বিতীয়-তৃতীয় শ্ৰেণীৰ নাগৰিকলৈ ৰূপান্তৰিত হলোঁ আমি, যিটো আমাৰ বাবে বৰ শোকলগা আৰু দুশ্চিন্তাজনক কথা৷

আমি অনুভৱ কৰোঁ, এই ভূখণ্ডৰ ওপৰত যেতিয়াই গণতন্ত্ৰৰ হাত লাগিল, পৃথক জনসমুদায়ৰ আগত ৰেংমাসকলে নিজৰ সন্মান আৰু অতীতৰ মৰ্যাদা হেৰুৱাই পেলালে৷ কষ্টোপাৰ্জিত ভূখণ্ড আনৰ হাতত হেৰুৱাই নিজৰ মাটিতে পৰ্যবসিত হল দাসলৈ৷ কেতিয়াও যুদ্ধ নকৰা, তেজ-ঘাম নেপেলোৱা বা জীৱন আহুতি নিদিয়া একাংশ মানুহ ৰেংমাসকলৰ আপোন মাটিৰ গৰাকী হৈ পৰিল৷ চৰকাৰী গণতান্ত্ৰিক ব্যৱস্থাটোৱে ভগনীয়াক আধিপত্য প্ৰদান কৰাৰ বিপৰীতে ভূমিপুত্ৰক পৰিণত কৰিলে সংখ্যালঘুত৷ এয়াই ৰাজনীতিৰ পৰিণতি৷

আমাৰ অভাৱ-অভিযোগসমূহৰ কাণ চোৱাবলৈ বিগত ১৯৬২ চনৰ পৰাই অসম চৰকাৰক মেমৰেণ্ডাম দি অহা হৈছে৷ হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, আনকি বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো স্মাৰক-পত্ৰ দিয়া হৈছে৷ কিন্তু পদক্ষেপ অদ্যাপি সন্তোষজনক হৈ উঠা নাই৷

আমি আনৰ বিৰুদ্ধাচৰণ বা আনে পোৱা সা-সুবিধাৰ বিৰোধিতা নকৰোঁ, কিন্তু আমি ভাবোঁ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদখনে ৰেংমাসকলৰ সমস্যাবিলাকৰ প্ৰতিও সদিচ্ছা আৰু গঠনমূলক দৃষ্টিভংগী গ্ৰহণ কৰা উচিত৷ আনহাতে স্বকীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰখাটো অন্য যি কোনো জনগোষ্ঠীৰ দৰে ৰেংমাসকলৰ কাৰণেও এটা গুৰুত্বপূৰ্ণ বিষয়৷ তাৰে পৰিপ্ৰেক্ষিততে অতীতৰ ৰেংমা হিলছ, ৰেংমা মৌজাক কাৰবি আংলঙৰ পৰা পৃথক কৰি বোকাজানক মুখ্যালয় হিচাপে লৈ যোৱা ১৯৮৬ চনৰ পৰাই পৃথক ৰেংমা পাৰ্বত্য জিলা গঠনৰ দাবী উত্থাপন কৰি অহা হৈছে৷ অসমত বসতি কৰা ৰেংমাসকলে আকৌ ৰেংমা নাগা পাৰ্বত্য স্বায়ত্তশাসিত জিলা পৰিষদৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আহিছে৷ আৰ.এন.পি.চি.ৰ লগতে ৰেংমা নাগা ষ্টুডেণ্টছ ইউনিয়ন (আৰ.এন.এছ.ইউ.), ৰেংমা গাঁওবুঢ়া কমিটি (আৰ.জি.বি.চি.) আৰু ৰেংমা নাগা অটনমাছ ডিষ্ট্ৰিক্ট ডিমাণ্ড কমিটি (আৰ.এন.এ.ডি.ডি.চি.) ৰেংমাসকলৰ অস্তিত্ব ৰক্ষা আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত-সুনিশ্চিত কৰাৰ দিশত সংঘবদ্ধ৷

উল্লেখ্য যে কাৰবি আংলঙৰ অনাকাৰবিসকলৰ বিভিন্ন ছাত্ৰ আৰু সামাজিক-সাংস্কৃতিক সংগঠনক লৈ ১৯৯৪ চনৰ ৪ জুন তাৰিখে গঠিত মঞ্চ সংগঠনৰ বেনাৰত ৰেংমা নাগা পিপুল্‌চ কনফাৰেন্সে ৰেংমাসকলৰ ৰাজনৈতিক দাবীৰ আশু-সমাধান বিচাৰি আন্দোলনৰ কাৰ্যসূচীত জড়িত হৈছিল৷

ৰাজনৈতিক কাৰণত ৰেংমা অধ্যুষিত ভূমিত পৰ্বত কিম্বা ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীয় তথা ভাষিক বহিৰাগতৰ আগ্ৰাসন চলাত থলুৱা ৰেংমাসকল শংকিত হোৱাটো স্বাভাৱিক৷ ইফালে ২০১২ চনত ভূতৰ ওপৰত দানৰ পৰাদি ৰেংমা নগাসকলে বসবাস কৰি থকা ১,৬৫০ বৰ্গ কিলমিটাৰ ভূ এলেকাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে নেছনেল টাইগাৰ ফৰেষ্ট খোলাৰ পৰিকল্পনা কৰাৰ প্ৰসংগ এটা ওলাইছিল৷ উক্ত প্ৰস্তাৱৰ বিৰোধিতা কৰি তাৰ জৰিয়তে স্থানীয় অধিবাসীসকলক ৰেংমা হিলছৰ আপোন ভূমিৰ পৰা বিতাড়ন কৰাৰ ষড়যন্ত্ৰ চলোৱা বুলি প্ৰতিবাদ জনাই সেইটো বৰ্ষৰে ১৮ অক্টোবৰ তাৰিখে অসমৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰী আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক মেমৰেণ্ডাম দিছিল আৰ.এন.পি.চি., আৰ.এছ.ইউ., আৰ.এইচ.ডি.ডি.চি. আৰু ৰেংমা চৰকাৰী গাঁওবুঢ়া, গাঁওবুঢ়া কমিটি (আৰ.এছ.জি.জি.চি.)য়ে, সন্মিলিতভাৱে৷


আকৌ, ভূমিপুত্ৰসকলৰ ভূমি সুৰক্ষাৰ উদ্দেশ্যে জৰীপ আৰু অধ্যয়ন চলাবলৈ অসম চৰকাৰে প্ৰস্তুত কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ তালিকাত কাৰবি আংলঙৰ ৰেংমা নগাসকলক অন্তৰ্ভুক্ত নকৰা, খিলঞ্জীয়া নেতাসকলৰ মাজত সমিতি গঠনৰ কাৰণে ডিফুত আয়োজিত সভালৈ আমন্ত্ৰণ নজনোৱাক লৈ অসন্তুষ্ট হৈ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত আৰ.এন.পি.চি.এ অভিযোগ উত্থাপন কৰিছিল৷ ৰেংমাসকলক ইচ্ছাকৃতভাৱে উপেক্ষা কৰি অহাৰ প্ৰমাণ এইবোৰেই
যুটীয়া সম্পাদকজনে দীৰ্ঘসময় ধৰি সদৰি কৰা কথা-বতৰাৰ পৰা ৰেংমা জনসাধাৰণৰ মনতযে গভীৰ বেদনা পুঞ্জীভূত হৈ আছে, তাৰ উমান পালোঁ৷