Monday 31 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন সাত৷৷ দিনাংক ১৬.৪.২০১৫
১. ৰয়িঙৰ নিৰ্মল পুৱাটি



পুৱা ৪বাজি ১৫মিনিট যাওঁতে সাৰ পালোঁ৷ স্বভাৱজাত কথা৷ ব্ৰাছ কৰিয়ে পানী কেইঢোকমান খালোঁ৷ এক মুহূৰ্ত কিবা এটা ভাবিলোঁ আৰু ট্ৰেকচুটযোৰ পিন্ধি ওলাই গ’লোঁ, বাহিৰখনত তহল দিবলৈ৷ পুৱাৰ মৃদু বতাহ এচাটিয়ে মনটো জীপাল কৰি তুলিলে৷ জিবি পলোৱেও বাহিৰত অকলে অকলে ঘূৰা-ফুৰা কৰি আছিল৷ ডেকা মানুহজন এই ৰিজ’ৰ্টখনৰ গৰাকীয়েই কেৱল নহয়, চৰাই দৰ্শনৰ বাবে অহা; মায়’ডিয়া, আনিনি, চীন সীমান্ত আদিলৈ যোৱা টুৰিষ্ট, ট্ৰেকাৰ্ছৰ বাবে তেওঁ এজন ভাল ব্যৱস্থাপক আৰু গাইডো৷ সম্ভাষণ বিনিময় কৰি অকলেই ওলাই গ’লোঁ, ওচৰে-পাজৰে কোনফালে কি আছে চাওঁ বুলি৷

পাহাৰৰ ফালৰ পৰা ভাহি আহিছে ভাৰতত পোৱা এপ বা বন-মানুহৰ প্ৰতিনিধি হলৌ বান্দৰৰ হুকু হুকু মাত৷ শব্দটো শুনিয়ে চেৰেংকৈ মনলৈ আহিল যোৱা বছৰৰ ১৬-১৭জুলাইৰ কথা৷ মেলেং গ্ৰাণ্টৰ প্ৰশান্ত কুমাৰ বৰাৰ অনুগ্ৰহত হলৌ বান্দৰ দৰ্শনাৰ্থে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত বনৰক্ষীৰ পিছে পিছে প্ৰশান্ত, সঞ্জু আৰু মই জোক আৰু মহৰ কামোৰ খাই হাবিৰ মাজত টলৌ টলৌকৈ ঘূৰি ফুৰা মুহূৰ্তবোৰলৈ মনত পৰিল৷ এটা জন্তুৰ নামেৰে জনাজাত সেইখনেই ভাৰতবৰ্ষৰ একমাত্ৰ অভয়াৰণ্য৷ তেতিয়াই জানিছিলোঁ আৰু দেখিছিলোঁ, মানুহৰ দৰে হলৌ বান্দৰেও পৰিয়াল পাতি থাকে৷ ৰাতি পুৱাৰ লগে লগে উকি মাৰি চিঞৰিবলৈ ধৰে৷ এটাই আৰম্ভ কৰে, বাকীবোৰে একেলগে চিঞৰে, জংঘল ৰজনজনাই যায়৷ দুপৰীয়া চুপচাপ৷ আবেলি আকৌ চিঞৰে৷ হাবি-বন মহতিয়াই গৈ আমি সিবাৰ চাৰিজনীয়া পৰিয়াল এটা পাইছিলোঁ৷ ইয়াত পিছে ইহঁতৰ বাসস্থলী অনেক দূৰত৷ দুৰ্গম পাহাৰ৷ যোৱাটো সহজ নহয়৷ ডাঠ অৰণ্যৰ পৰা ভাহি অহা মাত শুনিয়ে ক্ষান্ত থাকিবলগীয়া হল৷ মনত কেৱল ভাহি থাকিল সৰুতে 'কুঁহিপাঠ'ত পঢ়া... 'হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ...'

ৰুমমেট সঞ্জু উঠাই নাই৷ ঘূৰি-পকি আহি জগালোঁ৷ মিছিমি চাঙৰ বাঁহৰ গাধৈত খোজ দিওঁতে সৃষ্টি হোৱা কেৰেক-মেৰেক শব্দটোৱেই আচলতে সেই কামটোৰ বাবে যথেষ্ট৷ গতিকে টোপনিৰ ভাও জোৰা মানুহৰ বাদে গভীৰভাৱে নিদ্ৰামগ্নজনকো উঠোৱাটো সিমান ভাবিবলগীয়া কথাই নহয়৷ তথাপি মাত এষাৰ দিলোঁ৷ ‘উঠক, ব’লক৷ নৈলৈ যাওঁ৷ তাতে চব কাম হৈ যাব৷ বঢ়িয়া লাগিব৷ মায়’ডিয়ালৈ সোনকালে যাত্ৰা আৰম্ভ কৰিব পাৰিলে ভাল৷’ সঞ্জু ধহ্‌মহাই উঠিল৷ ৰানিং ৱাটাৰ অহাই নাই৷ টুথপেষ্ট, ব্ৰাছ, চাবোন, গামোচা, কেমেৰা ইত্যাদি লৈ আমি দুয়ো ওলালোঁ৷ মিনাৰেল ৱাটাৰৰ খালী বটল দুটাও লগতে লৈ ল’লোঁ, বিশেষ দৰকাৰত৷ যাবৰ পৰত অৰুণদাৰ কোঠালৈ ভুমুকিয়াই চিঞৰ এটা মাৰি থৈ গ’লোঁ, ‘দাদা, নৈলৈ...৷’ এটা লোভনীয় প্ৰস্তাৱ! সাৰ পাই আছে যদি গম পাব৷

পুৱা তেতিয়া ৫.০০ বাজে৷ দাদাহঁতৰ দৰজা বন্ধ৷ ৰৈ নাথাকি সঞ্জু আৰু মই নৈৰ গৰাটো নামিলোঁ৷ বালিয়ে-শিলগুটিয়ে খোজবোৰ আগ বাঢ়িছে৷ ঠিক কালি বিয়লিৰ নিচিনাকৈ৷ এতিয়া আমাৰ কিছু অভিজ্ঞতা আছে যেনিবা৷ কালি নাছিল৷ পোনেই কালিৰ জেগাডোখৰ পালোঁগৈ৷ বয়-বস্তুবোৰ শিলৰ ওপৰত থৈ দুয়ো বটলত পানী ভৰালোঁ৷ উদ্দেশ্য, পুৱাৰ নিত্যনৈমিত্তিক কামফেৰা৷ তাৰ পিছত মই এফালে গ’লোঁ, সঞ্জু এফালে গ’লগৈ৷ কাষেদি বৈ থাকিল দেওপানী৷ আকৰ্ষণীয় পৰিৱেশ৷ নৈসৰ্গিকতাৰ মাজত কুলু-কুলু সংগীত শুনাই আছে নৈখনে৷ প্ৰকৃতিপ্ৰেমীৰ বাবে সৰগীয় মুহূৰ্তৰ লহৰ৷ বেলেগ কোনো ডিষ্টাৰ্ব নাই৷

গোপন অৱস্থানত বহি থকা অৱস্থাৰ পৰাই দূৰত দেখা পালোঁ, অৰুণদা আহি আছে৷ ডকমকাৰ বাৰীখন চুই থকা ডিখাৰুত জাঁপ মাৰি মাৰি গা ধোৱা মানুহ৷ এতেকে ইয়াতো নৈত গা ধোৱাৰ আনন্দ মিছ কৰাৰ পক্ষপাতী মুঠেই নহয়৷ এনে প্ৰাকৃতিক একলেণ্ডত অৱগাহন কৰাৰ মজাই বেলেগ৷ গতিকে আমি জোৰ নকৰি ৰুমত এৰি থৈ অহাৰ পিছতো খোজৰ গুৰি চাই চাই অকলেই ওলাইছেহি৷ ৰাস্তা অৱশ্যে কালিতে চিনি থৈছিল৷ অনিলদাৰহে খবৰ নাই৷ চিগাৰেট এটা জ্বলাই লৈ হেনো চাজন, কৃষ্ণ আদি ৰিজৰ্টৰ লৰাকেইটাক অৰ্ডাৰ মাৰি আছে, গা ধুবলৈ গৰম পানী লাগে৷

প্ৰকৃতিগত কামফেৰা সুকলমে সমাধা হোৱাত এক আৰামদায়ক অনুভূতিয়ে লগ ল'লে৷ ঘূৰি আহি নৈৰ বুকুত শিলৰ ওপৰত বহি ল’লোঁ৷ প্ৰায় এঘণ্টা ধৰি আমি গা ধুলোঁ৷ দেওপানীৰ গতি-বিধি আমাৰ চিনাকি হৈ পৰিল৷ শিশুৰ ৰূপলৈ যেন উভতি গ’লোঁ সেইখিনি সময়ৰ বাবে৷ যান্ত্ৰিকতাৰ লেশমানো চিহ্ন নাই৷ জিবি পলোৰ দুৰ্ভাগ্য, আমাৰ সৌভাগ্য! পাইপত পানী অহাহেঁতেন এই মজা নিৰ্ঘাত হেৰুৱাওঁ৷

গা ধুই উভতি কেম্প পাওঁতে অনিলদাৰ মুখে শুনিলোঁ, পানী বোলে আহিছে৷ ভাল লাগিল জানি৷ অৱশ্যে তাকে লৈ কোনো ধৰণৰ উত্তেজনাৰ বহিঃপ্ৰকাশ নঘটিল৷ বৰং ভাবি পালোঁ যে বাথৰুমৰ টেপত পুৱা সোনকালতে পানী ওলোৱা হ’লে অলপ আগেয়ে লভা স্বৰ্গীয় সুখকণৰ পৰা নিশ্চিতভাৱে বঞ্চিত হ’লোঁহেঁতেন আমি৷ গতিকে ঈশ্বৰ আৰু সুন্দৰ আমাৰ পক্ষত৷ আক্ষেপ কৰিবলগীয়া নাই৷ বৰঞ্চ মুখত দুগুণে হাঁহিহে বিৰিঙিল৷ ডঙৰ পিছত অনিলদাই এইবাৰ ৰ'য়িঙৰ লাস্যময় প্ৰকৃতিয়ে বিলাই থকা নিৰ্ভেজাল আনন্দকণ হেৰুৱালে৷

অলপ পিছতে খবৰ আহিল যে ব্ৰেকফাষ্ট ৰে’ডী৷ সদলবলে সকলোটি ডাইনিং ঘৰ সোমালোঁগৈ৷ সোমায়ে পোৱা কোঠাটোৰ সোঁমাজত থকা জুই ধৰা ব্যৱস্থাটোৱে বৰকৈ দৃষ্টি আকৰ্ষণ কৰিলে৷ যোৱা নিশা সেইটো দেখিছিলোঁ যদিও সিমান মন কৰা নাছিলোঁ৷ এতিয়াহে তন্নতন্নকৈ চালোঁ৷ ঠাণ্ডা অধিক হ’লে ইয়াতে জুই ফুওৱাৰ ব্যৱস্থা কৰা হয়৷ ব্ৰেড, বাটাৰ, কল, চাহ ইত্যাদি টেবুলত সজাই থোৱা আছিল৷ দকচি খাই ল’লোঁ৷ আজি ভাত ক’ত কেতিয়া মিলিব কোনো ঠিকনা নাই৷ কোন ঠাই পাওঁগৈ তাৰো আগতীয়া পৰিকল্পনা একো নাই৷

ব্ৰেকফাষ্ট কৰিয়ে আমি মিছিমি হিল কেম্পৰ পৰা বিদায় ল’ম৷ যামগৈ মায়’ডিয়ালৈ৷ মায়’ডিয়া হৈছে ৰ’য়িং আৰু হুনলিৰ মাজৰ এছোৱা গিৰিপথ৷ ইয়াৰ পৰা তালৈ ৫৬কিল’মিটাৰ৷ ব’মডিলা-টাৱাঙৰ মাজৰ ছেলা পাছতকৈ এই ঠাই ভালেমান নামনিত যদিও জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ইয়াত সৰহ পৰিমাণৰ বৰফ দেখিবলৈ পোৱা যায়৷ মাৰ্চ মাহ পৰ্যন্ত মায়'ডিয়া পাছ বৰফেৰে ঢাক খাই থাকে৷ এতিয়া নাই যদিও প্ৰাকৃতিক দৃশ্যাৱলী সদায়ে আকৰ্ষণীয় আৰু অনন্য৷ মায়’ডিয়াৰ পৰা ৩৪কিল’মিটাৰ আগলৈ হুনলি৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৫০মিটাৰ উচ্চতাত অৱস্থিত হিল ষ্টেচন৷ ভাৰত-চীন সীমান্তৱৰ্তী, দিবাং ভেলী জিলাৰ সদৰ চহৰ আনিনিও একেটা বাটতে৷ ইয়াৰ পৰা তালৈ ১৯২কিল’মিটাৰ হ’ব৷ হুনলি আৰু আনিনিৰ নাম দুটা কালিৰে পৰাই জিভাৰ আগত আখৈ ফুটাদি ফুটি আছে৷ দেখা যাওক, কি আছে আগত৷

বিদায় পৰত পলোৱে অৰুণদাক চৰাই বিষয়ক কিতাপ এখন উপহাৰ দিলে৷ অন্যান্য টুৰিষ্টৰ উপৰি পক্ষী নিৰীক্ষণকাৰী গৱেষকৰ দল প্ৰায়েই ইয়ালৈ আহে৷ এই ৰিজ’ৰ্টখনতে বে’ছ কেম্প কৰি থাকেহি৷ অনিলদাই আমাৰ হিচাপ-কিতাপৰ কামখিনি সমাপ্ত কৰিলে৷ আকৌ আহিম বুলি মাত লগাই আমি সকলোটি গাড়ীত বহিলোঁ৷


















পৰৱৰ্তী লেখা :
. মায়ডিয়া
অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন ছয়  ৷৷ দিনাংক ১৫.৪.২০১৫
৯. ৰয়িঙৰ মিঠা আবেলি



সমতল এৰি আকৌ পৰ্বত অভিমুখে৷ মিছিমি হিল কেম্পৰ পৰা ওলাই আহি আৰম্ভণিতে দেওপানীৰ বক্ষত শিল-বালিৰে কিছুদূৰ গৈ থাকিবলগীয়া হ’ল৷ অৰুণাচলত এইটো এটা সুলভ দৃশ্য৷ নৈলৈ নামি যাওঁতে সোঁহাতে ওলোমা দলং এখন দেখিলোঁ৷ অৱস্থা একেবাৰে তথৈবচ৷ দুফালে শাৰী শাৰীকৈ লোৰ খুঁটা কিছুমান৷ তেনেই চাপৰ সাঁকোখন৷ নৈৰ বুকুতে আগলৈ বেইলী ব্ৰীজ এখন পোৱা গ’ল৷ তাৰ ওপৰেৰে দেওপানীৰ তৰংগায়িত জলধাৰা পাৰ হৈ পাহাৰত সোমাই পৰিলোঁ৷ ৰাস্তাটো ঠেক যদিও মনটো কিবা এটা ভৰি পৰিল৷ এইফালেদিয়ে মেহাও বন্যপ্ৰাণী উদ্যান, মায়’ডিয়া গিৰিপথ, হুনলি, আনিনি, চীন সীমান্ত আদিলৈ যায়৷ কাইলৈ আমি এই বাটেৰেই আহিব লাগিব৷ অলপমান গৈ মূল পথটো এৰি সোঁহাতে চাল্লি লে'কলৈ কাঁড় চিন মৰা আছে৷ পাকটো লৈ উঠি গৈয়ে এটা চৌহদ৷ ল’ৰা এটাই গে’ট খুলি দিলে৷ পেটেলে পাৰ্কিং প্লে'ছত গাড়ীখন ৰাখিলে৷ তাৰ পিছত খোজ কঢ়াৰ পাল৷

চাৰিওফালে পাহাৰে আগুৰা ভূখণ্ডৰ মাজত, তললৈ বৃহৎ এটা হ্ৰদ৷ পানীখিনিলৈ চাই বেছ গভীৰ যেনেই ধাৰণা হ'ল৷ পাৰে পাৰে ফুটপাথ৷ বহিবলৈ বেঞ্চ আৰু জিৰণি চ’ৰাও সজা আছে৷ নৌকা চালনাৰ ব্যৱস্থাও দেখা পাইছোঁ৷ লে’কটোলৈ নামি যোৱা চিৰিৰ মুখতে বন বিভাগৰ টুৰিষ্ট লজ এটা৷ ঘৰটো পুৰণি হৈছে৷ সন্মুখত থকা গছজোপাৰ পৰা আমলখি সৰি গোটেইখন তেনেই ছেদেলি-ভেদেলি হৈ আছে৷ কেইটামান বুটলি ল'লোঁ৷ আমলখি চোবাই চোবাই লেকৰ পাৰে পাৰে এপাক ঘূৰি শান্ত-সমাহিত পৰিৱেশটোৰ আটায়ে মজা উপভোগ কৰিব ধৰিলোঁ৷ ডাঙৰ ডাঙৰ মাছ কিছুমানে পানীত কমাই আছিল৷ ভালেপৰ আমি সিহঁতৰ খেলবোৰো চালোঁ৷ বিভিন্ন প্ৰজাতিৰ গছ-বিৰিখ লক্ষ্য কৰিলোঁ৷ এই অঞ্চলটো মেহাও অভয়াৰণ্যৰ অন্তৰ্গত৷ চৌদিশে পাক মাৰি অহাৰ পিছত বৰ্ষীয়ান আমলখিজোপাই বৰকৈ দৃষ্টি আকৰ্ষণ কৰিলে৷ ওচৰ পালোঁগৈ আৰু বগাই উঠি গ’লোঁ৷ জোকাৰি দিলত অনেক ফল সৰিল৷ চাল্লি লে’ক চাবলৈ যোৱা আন মানুহবোৰেও থপথপকৈ সৰি পৰা আমলখিবোৰ বুটলিবলৈ হেতাওপৰা লগালে৷ মোনাই, পকেটে ভৰাই আমিও এগালমান লৈ আহিলোঁ৷ ওৰে বাট আমলখি খাই খাই কেম্প সোমালোঁহি৷ ৰান্ধনী বেলিটোৱে তেতিয়া পাহাৰৰ সিপাৰলৈ গতি কৰি আছিল৷

পাইপত পানী অহাই নাই তেতিয়াও৷ ডাঙৰ ডাঙৰ কণ্টেইনাৰ কেইটামান গাড়ীত তুলি লগত ল’ৰা এটা লৈ পলো গুচি গ’ল পানী আনিবলৈ৷ অলপ পিছতে আহি পালে৷ কেম্পৰ ল’ৰা দুটাই বাল্টিৰে ৰুমত পানীৰ যোগান ধৰিলে৷ কেম্পৰ উত্তৰ সীমা চুই বৈ গৈছে দেওপানী নৈখন৷ আকৃতিত বিশাল যদিও এতিয়া ক্ষীণ কায়া ধাৰণ কৰি আছে৷ বৰষুণ পৰিলেই ওফন্দি উঠিব৷ ‘বৰষুণৰ দিনত আপোনালোকে মোৰ ইয়াত থাকিবলৈ ভয়েই কৰিব, দেওপানীৰ ভয়ংকৰ ৰূপ দেখি আৰু শব্দ শুনি৷’ পলোৱে ক’লে৷ দেও লগা দেওপানীয়ে তেতিয়া হেনো ভূমিকম্পৰ দৰেই কঁপাই তোলে এই ভূখণ্ড৷ ৰ'য়িঙৰ বাবেই যেন বিভীষিকা! অৱস্থাটো কল্পনা কৰাৰ চেষ্টা এটা কৰিলোঁ৷ ‘পৰৱৰ্তী সময়ত তাৰ সোৱাদ ল’বহি লাগিব, নহয়নে দাদা?’ অৰুণদালৈ চাই তেনেকৈ কোৱাত তেওঁ হাঁহিলে৷ কথাষাৰ অনিলদাৰো কাণত পৰিছিল৷ তেওঁৰ কপালত চিন্তাৰ ৰেখাকেইডালমান ফুটি উঠা দেখা গ’ল৷

শান্তমনে চিন্তা এটা কৰিলোঁ যে আন্ধাৰ হোৱাৰ আগতে নৈলৈকে যোৱা যাওক নহ’লে৷ সঞ্জু পোনেই মান্তি হ’ল৷ অৰুণদাও ওলাল৷ হাৱাইৰ যাত্ৰী নিৱাসত পুৱা গীজাৰৰ গৰম পানীৰে গা ধুই যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ দিনটো ঘূৰি-পকি তেজুৰ গৰম খাই, আমলখি গছত বগাই এতিয়া গাটো নুধোলে নিজকে পৰিষ্কাৰ যেন লগা নাই৷ গতিকে পানী ঢলাৰ ইচ্ছা এটা জাগিছে৷ নৈখন কাষতে পাই প্ৰৱণতাটো হঠাতে অধিক উন্মুক্ত আৰু মনটোও কিবা যেন বন্য হৈ পৰিল! ইফালে আকাশ তেতিয়া তেনেই ৰঙচুৱা৷ সূৰ্যটো পশ্চিমৰ পাহাৰত এই লুকাওঁ এই লুকাওঁ৷

৫.০০মান বাজিব ধৰিছিল৷ কাপোৰ-কানি, চাবোন, কেমেৰা আদি আংগামী মোনাটোতে ফটাফট ভৰাই লৈ উত্তৰ দিশৰ গৰাটোৱেদি নামি দিলোঁ৷ ওপৰৰ পৰা দেখাত পানীখিনি ওচৰতে থকা যেন লাগি আছিল৷ কিন্তু নহয়৷ নদীপৃষ্ঠৰ মিহি বগা বালি আৰু অসংখ্য সৰু-বৰ শিলগুটি অতিক্রম কৰাৰ পিছতহে অৱশেষত জলধাৰাটো পালোঁগৈ৷ অসংখ্য শিলৰ ওপৰেৰে, ফাঁকেৰে খৰ গতিত নামনিলৈ বৈ আছে দেওপানী৷ ইজে আৰু ইমে নামৰ দুখন পাহাৰীয়া নৈ লগ হৈ দেওপানীৰ সৃষ্টি হৈছে বুলি পলোৱে কৈছিল৷ আমি দেওপানীৰ পানীখিনিৰ তেনেই ওচৰত উপস্থিত হ'লোঁ৷ আজি পুৱা হাৱাইত সূৰ্যোদয় প্ৰত্যক্ষ কৰিছিলোঁ৷ এতিয়া ৰ'য়িঙত সূৰ্যাস্ত৷ কথাটো ভাবি উত্তেজনা এটা অনুভৱ কৰিলোঁ ভিতৰি ভিতৰি৷

পানী ঠাণ্ডা যদিও যোৱা দুদিনে লোহিতৰ বুকুত নামোঁতে পোনেই কাণে-মূৰে খুন্দিওৱা সেই ফেৰ্‌ফেৰীয়া বতাহজাক, সেই ঠেঁটুৱৈ ভাবটো ইয়াত অনুপস্থিত৷ পানী যুঁৱলিত বহল আৰু মিহি এচটা শিল চকুত পৰিল৷ কাপোৰ ধুবৰ বাবে প্ৰশস্ত৷ স্থানীয় মানুহে ইয়াতে ধোৱে চাগৈ৷ তাতে থুকুচি থুকুচি পেণ্ট, চাৰ্ট আদি কৰি ঘৰ্মাক্ত কাপোৰ এগালমান ধুই ল’লোঁ প্ৰথমে৷ নৈত কাপোৰ ধুবলৈ ভাল৷ গতিকে সুযোগৰ সদ্ব্যৱহাৰ৷ কাপোৰখিনি শিলৰ ওপৰত জাপি থ'লোঁ৷ তাৰ পিছত চিন্তা কৰিলোঁ, কোনখিনিত গা ধুম? নমাৰ আগতে সাৱধানতাৰ জোখ-মাখখিনি অৱশ্যেই কৰি লোৱাটো জৰুৰী৷ অস্তগামী বেলিটো মুখৰ আগত লৈ বোঁৱতী পানীত নিজকে নমাই দিলোঁ৷ শীতলতা এটাই দেহা-মন শাঁত পেলাই গ’ল৷ নেছাৰেল এক’লেণ্ড বুলিব পৰা এনে স্থানত গা ধোৱাৰ বেলেগ এটা মজা আছে৷ ৰ’য়িঙত আমাৰ বাবে বিৰল বিয়লি এটা৷ চকুৰ আগত অস্তমিত সূৰ্য৷ অন্য কোনো মানুহ নাই৷ কালি লোহিতৰ হট স্প্ৰীঙত গাৰ ছাল চিকচিকীয়া কৰাৰ পিছত তিনিও এতিয়া দেওপানীৰ বুকুত শীতল স্নানৰ ভৰপূৰ আমোদ ল’লোঁ৷ তেনেকৈয়ে কথা পাতিলোঁ, হাঁহিলোঁ, গা-কাপোৰ ধুলোঁ৷

আন্ধাৰ নামি আহিব ধৰিছে৷ ঠিক তাৰ আগতেই নদীৰ বুকুৰ পৰা উঠি আহিলোঁ৷ নতুন ঠাইত সজাগতা আৰু সাৱধানতাৰ দৰকাৰ৷ বেগত থকা ৰছীডাল কেম্পৰ বাৰাণ্ডাত থকা খুঁটাবোৰত মেৰিয়াই মেৰিয়াই বান্ধিলোঁ৷ তিতা কাপোৰবোৰ তাতে আওডালি দিয়া হ’ল৷ বিজুলী চাকিবোৰ অ'ত-ত'ত এটা-দুটাকৈ জ্বলি উঠিব ধৰিছিল৷ পলোৰ পৰিবাৰ চাকৰিয়াল৷ হাৱাইত থাকে৷ অলপ পিছতে তেওঁলোকৰ সৰু সৰু ছোৱালী দুজনীৰ সৈতে যুৱতী এজনী আহিল৷ ৰিজ’ৰ্টৰ বননিত কিছুপৰ দৌৰি-ঢাপৰি আপোনমনে খেলা-ধূলা কৰি সিহঁত গ’লগৈ৷ শিশুৰ কলৰৱেৰে অলপ সময়ৰ বাবে মুখৰ হৈ উঠা পৰিৱেশটো পুনৰ নিজম পৰিল৷ চৰাই-চিৰিকটিৰ কিচিৰ-মিচিৰবোৰ নিশাটোৰ বাবে ইতিমধ্যে নোহোৱা হৈছিলেই৷ তেনে কিছু আনন্দপূৰ্ণ সময় দান কৰিবৰ বাবে দেওপানীৰ পাৰৰ মিছিমি হিল কেম্পটোৱে যেন আমালৈকে বাট চাই আছিল কালিৰে পৰাই৷

অৰুণদাৰ অনুৰোধক্ৰমে ৰঙা চাহ, পকৰী, অমলেট আদি আহিল৷ গৰম পানী দুগিলাচ অনোৱাই কেলছাম দুপেকেট গিলি তজবজীয়া হৈ ল’লোঁ৷ বাঁহৰ চাংখনত অত্যন্ত নিৰিবিলি পৰিৱেশ এটাত বাৰাণ্ডাতে বহি আমি আড্ডা মাৰিব ধৰিলোঁ৷ চাহৰ কাপত লাহে লাহে চুমুক দি প্ৰশান্তিভৰা আবেলিটোৰ পিছত এইবাৰ ৰ'য়িঙৰ মিঠা সন্ধিয়াটো উপভোগ কৰি গ’লোঁ৷ লাইটটো গ'ল৷ পলোৱে ইলেকট্ৰনিক লালটেন এটা দি গ'ল৷ চিন-অচিন পতংগ কিছুমানৰ চি-চিয়নি ভাহি আহিব ধৰিলে৷ মহে দিগদাৰ কৰাত মৰ্টেনো জ্বলাই দিলে৷ পৰিৱেশটো অন্য ধৰণৰ হৈ পৰিল৷


ৰ’য়িঙলৈ নিশা নামি আহিল৷ আশা কৰা হৈছিল যদিও নিশালৈও পাইপৰ পানী নাহিল৷ কথা-বতৰাৰ মাজে মাজে চিন্তিতভাৱে পলোৱে মন্তব্য কৰিলে, ‘কালিলৈকে চব ঠিকে আছিল৷ আজি আপোনালোক আহিলতহে এইটো ঘটিবলৈ পালে৷ মোৰে দুৰ্ভাগ্য৷’ নাজানো কাৰ দুৰ্ভাগ্য৷ বাথৰুমৰ বাল্টিত ভৰ্তিকৈ পানী ভৰাই থোৱা হৈছেই৷ গতিকে আমাৰ ওচৰত তেওঁৰ আক্ষেপৰ কোনো মূল্য বা গুৰুত্ব নাথাকিল৷ সোনকালেই ভাতৰ সংকেত আহিল৷ ডাইনিং চাংঘৰটোলৈ গ’লোঁ৷ সুন্দৰ ব্যৱস্থাপনা৷ গৰম গৰম খানা৷ ভাত-পানী খাই ইদু মিছিমি চাঙত ৰাতিটোৰ বাবে বিছনাত ঢলি পৰিলোঁ৷






















পৰৱৰ্তী লেখা :
০. য়িঙৰ সুনিৰ্মল পুৱাটি
অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন ছয়  ৷৷ দিনাংক ১৫.৪.২০১৫
৮. টিনে মেনাৰ বাসভূমিত...



উত্তৰ-পূৰ্বাঞ্চল আৰু অৰুণাচলীৰ ভিতৰত প্ৰথমগৰাকী পৰ্বতাৰোহণকাৰীৰ স্বাক্ষৰ ৰাখি টিনে মেনাই ২০১১চনৰ ৯মে’ তাৰিখে দিনৰ ১০.৩০বজাত পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল৷ উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই অনা টিনে এতিয়া ৰ’য়িঙৰ ইনটায়া ভিলেজৰ বাসিন্দা৷ জন্ম ১৯৮৬চনৰ ১৭ছেপ্টেম্বৰত, ৰ’য়িঙৰ পৰা ১৭৮কিল’মিটাৰ আঁতৰৰ ইচ্চালি নামৰ ভিতৰুৱা গাঁও এখনত৷ দেউতাক বুগে মেনা৷ দুজনী ছোৱালীৰে সৰু পৰিয়ালটো৷ টিনে ডাঙৰ৷ মিছিমি পাহাৰৰ বুকুতে পাৰ হৈছে তেওঁৰ শৈশৱ৷ অষ্টম শ্ৰেণীলৈকে পঢ়াৰ পিছত দৰিদ্ৰতাৰ বাবে তেওঁ পঢ়া-শুনা এৰিবলগীয়া হয়৷ পাহাৰীয়া ট্ৰেক কাটি উলিওৱাত অভ্যস্ত ইদু মিছিমি যুৱতীজনীয়ে ১৭বছৰ বয়সতে ভাৰতীয় সৈন্য বাহিনীৰ প’ৰ্টাৰ আৰু গাইড হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ ভাৰত-চীন সীমান্তলৈ কৰা এটা ট্ৰেকিঙৰ সময়ত বিস্ময়কৰ আৰোহণ ক্ষমতা দেখি অৰুণাচলৰ ক্রীড়া সঞ্চালকালয়ে টিনেক হিমালয় অভিযানৰ বাবে নিৰ্বাচন কৰিছিল৷ তাৰ পিছত দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউটলৈ প্ৰশিক্ষণৰ অৰ্থে পঠাই দিয়া হয়৷ পৰ্বতাৰোহণৰ জ্ঞানেৰে পুষ্ট হৈ ২৫বছৰ বয়সত তেওঁ সফলতাৰে এভাৰেষ্টত আৰোহণ কৰে৷

প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ সক্রিয় কৰ্মী, হেমাঞ্জলি সন্দিকৈৰ জৰিয়তে ৰ’য়িঙত টিনে মেনাক লগ পোৱাৰ গভীৰ আশা এটা অন্তৰত সাঁচি ৰাখিছিলোঁ৷ স্পনচৰশ্বিপ পালে বিশ্বৰ সবাতোকৈ ওখ সাতোটা শৃংগ আৰোহণ কৰাই তেওঁৰ একমাত্ৰ লক্ষ্য৷ পৰ্বত আৰোহণৰ এডভান্স ট্ৰেইনিঙত যাবৰ দিনাই টিনেৰ মাকৰ মৃত্যু ঘটিছিল৷ তথাপিও নিজৰ লক্ষ্যত উপনীত হৈহে এৰিলে তেওঁ৷ ২০১৪চনৰ মাৰ্চ মাহত ঘৰত জুই লাগি টিনেৰ ব্যক্তিগত বস্তু-বাহানিৰ উপৰি চাৰ্টিফিকেট, পাছপ’ৰ্ট, পৰ্বত বগোৱা সা-সঁজুলি আদি ভস্মীভূত হৈছিল৷ তাৰ পিছতো তেওঁ হতোদ্যম নহৈ কাম কৰি গৈছে৷ ২০০৭চনত ভাৰত-চীন সীমান্তৰ কায়া পাছলৈ কৰা ট্ৰেকিঙৰ পৰা আৰম্ভ কৰি টিনে মেনাই ইতিমধ্যে মাউণ্ট কালাহই, মাউণ্ট শিৱালিং, লামা ৱাংদি, মাউণ্ট এভাৰেষ্ট, মাউণ্ট ইন্দ্ৰসেন, মাউণ্ট গৌৰীসেন, মাউণ্ট কুল্লু পামৰি, মাউণ্ট মেনথুচা আদি পৰ্বত শিখৰসমূহলৈ চলোৱা প্ৰতিটো অভিযান সুকলমে সমাপ্ত কৰি বিৰল কৃতিত্ব আৰু গৌৰৱৰ অংশীদাৰ হৈছে৷ অসম্ভৱ শাৰীৰিক-মানসিক ক্ষমতাৰ গৰাকী টিনেৰ কথা হেমাঞ্জলিৰ মুখে মোৰ কৰ্মস্থলীত বহিয়ে এনেদৰে বহুবাৰ শুনাৰ সৌভাগ্য হৈছিল৷ মনতে ভাবি থৈছিলোঁ, ৰ'য়িঙলৈ গ'লে এই শক্তিশালী মহিলাগৰাকীক সাক্ষাৎ কৰিম৷

আমি এতিয়া টিনে মেনাৰ বাসভূমিতে উৎকণ্ঠা আৰু অনুসন্ধিৎসাৰে ৰৈ আছোঁ৷ ৩.০০ বাজিবৰ হ'লহি৷ নিজৰ টাটা চুমখনেৰে অলপ পাছতে জিবি পলো আহি পালে, অকলে৷ ডিফুৰ হেমাঞ্জলি আৰু তিনিচুকীয়াৰ পাৰ্থসাৰথিৰ অনুগ্ৰহত কালি হাৱাইৰ যাত্ৰী নিৱাসৰ পৰাই এই লোকজনৰ সৈতে ম’বাইল ফোনত যোগাযোগ সাধন হৈছিল৷ অলপ আগতে আমি ৰ’য়িঙৰ মাটিত ভৰি থোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এয়া আমাৰ চাক্ষুস মিলন৷ হেণ্ডছেক মাৰিয়ে ইদু মিছিমি ব্যক্তিগৰাকীয়ে আমাক সেই ঠাইতে এখন্তেক ৰ’বলৈ অনুৰোধ জনালে৷ ঘপাঘপ কেইপদমান দৰকাৰী বস্তু কিনি গাড়ীত উঠাই ল’লে৷ তাৰ পিছতে তেওঁৰ বগা গাড়ীখন অনুসৰণ কৰি আমাৰ স্কৰপিঅ’ আগ বাঢ়িল৷ পিছে পিছে অকাই-পকাই গৈ মিছিমি হিল কেম্প পালোঁগৈ৷

দেওপানী নৈৰ পাৰত নৈসৰ্গিক বাতাবৰণত জিবি পলোৰ ইক’ লজটো৷ নৈখন পাৰ হৈয়ে সিফালে পাহাৰৰ আৰম্ভণি৷ ওখ পৰ্বতবোৰ দেখা পোৱা মাত্ৰকে মনটো আকৌ ভাল লাগি গ’ল৷ আমিও পাহাৰৰ মানুহ৷ পাহাৰ নেদেখিলে একদম ভাল নালাগে৷ সুধি-পুছি জানিলোঁ, পলোৰ একনিষ্ঠ প্ৰচেষ্টাতে নিৰ্মাণ হৈছে এই হ’ম ষ্টে’৷ আৰম্ভণি ২০০৯চনত৷ চহৰৰ মাজমজিয়াৰ পৰা চৌহদটোলৈ ৫কিল’মিটাৰমানেই হ’ব৷ শান্ত-সৌম্য, মনোগ্ৰাহী ইয়াৰ প্ৰাকৃতিক শোভা৷ ঘৰমুখী পখীৰ কাকলি, বোঁৱতী জলতৰংগৰ কলকলনিয়ে নিস্তব্ধতা ভংগ কৰিছে৷ কেম্পটোৰ গে’টত ওলোমাই ৰখা কাঠৰ তক্তা এচটাত লিখা আছে মিছিমি শব্দ Chipre-na-ba৷ সোধাত ক'লে, তাৰ মানে ধন্যবাদ৷

‘বাথৰুমত ৰানিং ৱাটাৰ নাই৷ টুকি চাহাবৰ বাংলোৰ ফালে টেংকীৰ ৰিপেয়াৰিঙৰ কাম কৰি আছে৷ সেয়ে পাইপ লাইনৰ কানেকচন খুলি থৈছে৷ ৰাতিলৈহে পানী আহিব৷’ গাড়ীৰ পৰা নামিয়ে পলোৱে খেদোক্তি কৰিলে৷ টুকি চাহাব মানে অৰুণাচল প্ৰদেশৰ চীফ মিনিষ্টাৰ নাবাম টুকি৷ আমি য’ত থিয় হৈ আছোঁ তাৰ পৰা মিনিষ্টাৰৰ ঘৰটো আধা কিল’মিটাৰমান আগত থাকি আহিল৷ উপপথেৰে সোমাই আহোঁতে আমাৰ চালক পেটেলে আঙুলিয়াই দিছিল অৱশ্যে৷ ডাঙৰ এলেকা, আহল-বহল ঘৰ, কেইবাখনো গাড়ী৷ অৰুণাচলৰ মন্ত্ৰী বা ক্ষমতাশালী, বিত্তশালী লোকে একো-একোটা টিলাৰ সমান ভূমি অধিকাৰ কৰি থকাটো আমি তাহানিতেই দেখিছিলোঁ৷ মনত পৰে, ইটানগৰৰ পৰা নাহৰলগুনলৈ নামি আহি থাকোঁতে এবাৰ এজন সহযাত্ৰীয়ে ৰাস্তাৰ দাঁতিলৈ আঙুলিয়াই কৈছিল, সৌখিনি অমুক চাহাবৰ, সৌখিনি তমুক চাহাবৰ মাটি বুলি৷ একো-একোখন সৰু-সুৰা পাহাৰেই বুলিব পাৰি৷ দুটা দীঘল কটেজ, দুখন বিছনাযুক্ত দুটা টেণ্ট, ডাইনিং, পাৰ্কিং, খেলা-ধূলাৰ বাবে মুকলি ঠাইৰে ৰিজ’ৰ্টৰ এলেকাও পিছে কম নহয়৷ পাৰ্থক্য এয়ে যে টুকি চাহাবৰ বাংলোটো মডাৰ্ণ, পলো চাহাবৰ ট্ৰেডিশ্যনেল ষ্টাইলৰ৷ আমি খেৰ-বাঁহ, টকৌপাতেৰে পৰম্পৰাগত আৰ্হিত নিৰ্মিত ইদু চাংঘৰত কটোৱাটোহে পচন্দ কৰিছোঁ৷ সেয়ে চহৰৰ হোটেল বা যাত্ৰী নিৱাসত সোমোৱাগৈ নাই৷ উপকণ্ঠৰ Ezenggo অৰ্থাৎ নদীৰ তীৰ ওলাইছোঁহি৷ কাষেদি প্ৰৱাহিত দেওপানীখনে যেন অতিৰিক্ত সুখ আৰু সৌন্দৰ্য অকণমান লৈ আহিছে, আমাৰ বাবে৷ সিপাৰৰ পাহাৰবোৰেও মনটোক শান্ত কৰি ৰাখিবলৈ সক্ষম হ'ল৷

ডাইনিং ঘৰটোৰ ষ্টেপত বহি, থিয় হৈ চাহ-বিস্কুত খাই খাই প্ৰাৰম্ভিক পৰিচয়ৰ উপৰি ৰ’য়িং সম্বন্ধে কথা-বতৰা পাতি আছিলোঁ৷ তেনেকুৱাতে টিনে মেনাক লগ পাবলৈ থকা ইচ্ছাটোৰ বিষয়ে জিবি পলোক অৱগত কৰিলোঁ৷ এইকেইদিন তাইক দেখা পোৱা নাই বুলি ক’লে তেওঁ৷ তথাপিও ম’বাইল ফোনেৰে যোগাযোগৰ চেষ্টা চলালে৷ নাই, পোৱা নগ’ল৷ ৰক ক্লাইম্বিং, ট্ৰেকিং, পেৰাগ্লাইডিং, ৰাফটিং, বাইকিং, হাইকিং, ফটোগ্ৰাফী আদিৰে ভৰা এডভেন্সাৰ স্প’ৰ্টছৰ জগতখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত টিনে অতিপাত ব্যস্ত মানুহ৷ টুৰিষ্ট গাইডৰ উপৰি পক্ষী নিৰীক্ষণ, প্ৰকৃতি সংৰক্ষণ আদিৰ বিষয়েও উঠি অহা প্ৰজন্মক লৈ কেম্পৰ আয়োজন, প্ৰশিক্ষণ আদিৰ ব্যৱস্থাপনাত লাগি থাকে৷ হেভী মটৰ বাইক এখন চলাই তাই যেনি-তেনি নিৰ্দ্বিধাই ঘূৰি ফুৰে বুলি হেমাঞ্জলিয়ে কেতিয়াবাতে কৈছিল৷ টিনেৰ সৈতে আনিনিৰ ফালে গাঁও কেইখনমানত বন-বননি আৰু বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক প্ৰচাৰ কাৰ্যসূচী এটাৰ বাবে হেমাঞ্জলিহঁত এপ্ৰিলৰ ৬ তাৰিখেই ইয়ালৈ অহাৰ কথা আছিল৷ পিছে সেই কেইদিনত হোৱা প্ৰবল বৰষুণ আৰু লেণ্ড স্লাইডৰ বাবে ভ্ৰমণ বাতিল কৰিবলগীয়া হ’ল৷ নতুবা ইয়াতে আমি হয়তো আজি একেলগ হ’লোঁহেঁতেন৷ নৰ্থ-ইষ্টৰ ফাৰ্ষ্ট এভাৰেষ্টাৰ টিনে মেনাক সোঁশৰীৰে পোৱাৰ আশা স্তিমিত হোৱাত মনটো বৰকৈ বিষালে৷

অৰুণাচল প্ৰদেশৰ ডিবাং ভেলী আৰু ল'ৱাৰ ডিবাং ভেলী জিলা দুখনৰ মাজত ৰ'য়িঙেই হৈছে মুখ্য ব্যৱসায়িক কেন্দ্ৰস্থল৷ ইদু মিছিমিৰ বাদেও আদি জনগোষ্ঠীয় লোকে ইয়াত বাস কৰি আহিছে৷ ইদুসকলৰ ৰেহ আৰু আদিসকলৰ চলুং প্ৰধান দুটা উৎসৱ৷ ক্ৰমে ফেব্ৰুৱাৰী আৰু ছেপ্টেম্বৰ মাহৰ পহিলা দিনটোত উৎসৱ দুটা পালন কৰা হয়৷ হিল কেম্পটোলৈ সোমাই যাওঁতে ৰাজ্যিক বন বিভাগৰ অন্তৰ্গত ব’টানিকেল গাৰ্ডেনৰ সৈতে চিলড্ৰেন পাৰ্ক এখন পথৰ দাঁতিতে পাই আহিছিলোঁ৷ মেহাও বন্যপ্ৰাণী অভয়াৰণ্য, মেহাও লে’ক, চাল্লি লে’ক, মায়’ডিয়া মাউণ্টেইন পাছ আদিয়েও আমাৰ আলোচনাত ঠাই পালে৷ এইবোৰ এইফালে চাবলগীয়া ঠাই৷ ৰেডিঅ' চেণ্টাৰ এটা আছে বুলিও জানিছিলোঁ৷ পলোৰ পৰামৰ্শক্রমে আমি তেতিয়াই চাল্লি লে’ক চাবলৈ সিদ্ধান্ত ল’লোঁ৷ কেম্পৰ পৰা তালৈ ৩কিল’মিটাৰ মাত্ৰ৷ গতিকে বেলি থাকোঁতেই গৈ অহা ভাল৷ মেহাও লে’কলৈ ৭কিল’মিটাৰ৷ তালৈ এইটো সময়ত যাব নোৱাৰি৷ গভীৰ জংঘলৰ মাজেৰে গাইডৰ সহায়ত ট্ৰেকিং কৰিব লাগে৷ গতিকে টোপোলা-টাপলিবোৰ ৰুমতে এৰি থৈ চাল্লি লে’ক চাই আহোঁগৈ বুলি খৰখেদাকৈ গাড়ী লৈ আটায়ে ওলাই গ’লোঁ৷















পৰৱৰ্তী লেখা :
৯. ৰয়িঙৰ মিঠা আবেলি