অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
১বাজি ১০ কি ১৫মিনিট গৈছে৷ ধৰ্মেনহঁতৰ ঘৰৰ পৰা ওলাই তেজুক বিদায় দিছোঁ৷ ১১০কিল’মিটাৰ আঁতৰৰ ৰ’য়িং অভিমুখে গাড়ী দৌৰিব লাগিছে৷ এইছোৱা ৰাস্তা বহল৷ এইকেইদিন একেৰাহে পাহাৰত ঘূৰি ঘূৰি এতিয়া সমতলৰ প্ৰায় পোন ৰাস্তাত ধাৰাসাৰ গতিৰে গৈ আছোঁ যদিও মুঠেই ভাল লগা নাই৷ পাহাৰবোৰ আঁতৰি গ’ল৷ হ’লেও এৰি থৈ অহা পাহাৰীয়া বক্রপথবোৰলৈকে মনত পৰি আছে৷ আহল-বহল আৰু নিৰাপদ হ'লেও এই ৰাস্তাৰে কৰা চফৰত একো যেন আমেজ নাই লগা! নাই যেন কোনো মাদকতা! থমথমকৈ বহিহে আছোঁ মাত্ৰ৷ যাব লাগে গৈ আছোঁ৷ টোপনিয়ে আহি গৈছে৷ ইফালে উপায়ো নাই৷ ৰ’য়িংযে এইফালেই৷ টোপনিৰ হেঁচাটো কাটিবলৈ শৰীৰটো অলপ-অচৰপ লৰচৰ কৰি পানীকেইঢোকমানকে গিলি ল'লোঁ৷ দেখিছোঁ, ক'ৰবাত ক'ৰবাত নৈ আছে পানী নাই৷ ক'ৰবাত পানী আছে, দলং নাই৷ তিনিচুকীয়াৰ পৰা ৰ’য়িঙলৈ বাছ চলাচল কৰে বুলি শুনিছিলোঁ৷ কেনি আহেনো তাকে ভাবি থাকিলোঁ৷
নিৰজুলিত যেতিয়া পঢ়ি আছিলোঁ, আমাৰ নেৰিষ্টৰ পৰা এক ফাৰ্লংমান দূৰতে অৰুণাচল প্ৰদেশ চৰকাৰৰ পশুপালন বিভাগৰ এটা লাইভ ষ্টক চেণ্টাৰ আছিল৷ তাত উৎকৃষ্ট মানৰ ক্রীম, পেৰা আদি উপলব্ধ হৈছিল৷ সেইবোৰৰ সন্ধানতে বন্ধত ঘৰলৈ অহাৰ আগে আগে এপাক মাৰোঁ৷ ভাগ্যত থাকিলে কেতিয়াবা পাওঁ, নহ'লে নাপাওঁ৷ চাপ্লাই কম, ডিমাণ্ড বেছি৷ আহে, ফটকৈ শেষ হৈ যায়৷ কোৱা শুনিছিলোঁ, ৰ’য়িঙৰ পৰা তালৈ আহে সেইবোৰ৷ খুব ভাল আছিল খাদ্যদ্ৰব্যবোৰ৷ এতিয়াও মনত পৰে৷ আৰু ৰ’য়িং বুলিলে পোনেই মোৰ এই কথাটোকে মনলৈ ভাহি আহে৷ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ কৰা ভ্ৰমণৰ অতিৰিক্ত অংশস্বৰূপে সেই ৰ’য়িঙলৈকে জীৱনৰ প্ৰথম যাত্ৰা কৰি আছোঁ আজি৷ লগত অৰুণদা, অনিলদা, সঞ্জু৷ ড্ৰাইভিং ছিটত সুমিত পেটেল৷
বহল ৰাস্তাৰ পৰা চাব-ৱে’ৰে নামি নদী এখনৰ বক্ষত সোমাই পৰিলোঁ৷ তাহানি আলুবাৰীৰ পৰা তেজুলৈ অহাৰ তুলনাত এইখিনি নিচেই সামান্য৷ এইখন ডিগাৰু৷ ডিগাৰুৰ বুকু ভেদ কৰি আমি গৈ আছোঁ আগলৈ৷ দলং নাই হোৱা৷ এঠাইত নামিবলগীয়া হ’ল৷ ১০-১২ফুট বহল, গভীৰ ধাৰ এটাৰ ওপৰত নিৰ্মিত অস্থায়ী দলং এখন৷ ডাং এডালেৰে পথ বন্ধ কৰি থোৱা হৈছে৷ গছৰ ডাল, তক্তা আদিৰে নিৰ্মাণ কৰা দুৰ্বল সাঁকোখনেৰে পাৰ হৈ যাবলৈ দিয়াৰ মূল্য ১০০.০০ টকা৷ অসমত ফুৰোঁতে আগতে কোনোবাই বাট ভেটিলেই 'ডি.চি.ৰ গাড়ী' বুলি গহীনাই কৈ, আগৰ ছিটত বহি থকা অৰুণদালৈ আঙুলি টোঁৱাই ‘সেয়া ডি.চি. ছাৰ বহি আছে দেখা নাই’ বুলি কৈ কেইবাঠাইতো আমি হেলাৰঙে বাধা অতিক্রম কৰি যোৱাৰ নজিৰ আছে৷ সেয়া অনিলদাৰ উপস্থিত বুদ্ধিৰ ফল৷ ইয়াতো সুযোগটো ওলালত অনিলদালৈ কেঁৰাকৈ চালোঁ৷ খিৰিকীৰ আইনাখন নমাই তেওঁ ধেমালিতে ৰখীয়াজনৰ লগত দৰ-দাম কৰিব ধৰিলে৷ দাৰোৱান সৈমান নহয়হে নহয়৷ টকা এশ ভৰিলতহে ডাংডাল দাঙিলে৷ যুদ্ধখনত পৰাজিত হোৱা সত্ত্বেও তাকে লৈ আকৌ এবাৰ আমাৰ মাজত হাঁহিৰ সঞ্চাৰ হ’ল৷ সেইকণ সময়তে ধীৰে ধীৰে আৰু নিৰ্বিঘ্নে গাড়ীখনো পাৰ হৈ গ'ল৷ সোঁহাতে দীঘলকৈ এখন আৰ.চি.চি. ব্ৰীজ নিৰ্মীয়মান অৱস্থাত চকুৰ আগলৈ আহিল৷ কেতিয়ামানে ওলাবগৈজানো? তাৰিখ কোৱাটো টান৷ তেতিয়ালৈকে এই এশটকীয়া ছিণ্ডিকেটটো চলি থাকিব নিশ্চয়!
অলপ আগলৈ আকৌ এটা ধাৰ৷ এইখিনিত পানী বহল, গভীৰতা কম৷ দলং নাই৷ ৰখীয়াও নাই৷ তাৰ মানে ওপৰেদিয়েই ফালি-ছিৰি যাব লাগিব৷ সোঁত আছে যদিও আমাৰ চালক পাকৈত৷ গতিকে অকণো চিন্তা লগা নাই৷ সিফালৰ পৰা গাড়ী দুখনমান আহি থকাতহে ৰৈ যাবলগীয়া হ’ল৷ সুযোগটো পাই আটায়ে উৎসাহেৰে ডিগাৰুৰ বুকুত নামি পৰিলোঁ৷ ইফালে-সিফালে খোজ পেলাই প্ৰাকৃতিক দৃশ্যাৱলী চোৱাত লাগিলোঁ৷ এখন গাড়ীৰ ড্ৰাইভাৰজন সিমান ওস্তাদ নাছিল নেকি! মাজপানী পাওঁতেই হঠাৎ ইঞ্জিন বন্ধ হৈ থাকিল! সোঁতে ঠেলি গাড়ী একাষৰীয়া কৰি পেলালে৷ লগে লগে তাত থকা জনজাতীয় ডেকাকেইজনে হৈ-হাল্লা কৰি ঠেলিব ধৰিলে৷ পেণ্ট কোঁচাই পানীত নামি সহায় কৰাৰ মতলব এটা আছিল যদিও এইবাৰ আমি হাত উজান দিবলগীয়া নহ’ল৷ অন্যথা কিবিথোৰ পিছত দ্বিতীয় অভিজ্ঞতা এটা গোটাব পাৰিলোঁহেঁতেন৷ কাজেই নীৰৱ দৰ্শক হৈ দৃশ্যটো উপভোগ কৰি ৰ'লোঁ৷ ৰাস্তা মুকলি হোৱাত পেটেলে আমাৰ গাড়ী ষ্টাৰ্ট দিলে৷ তাৰ পিছত বোঁৱতী পানীত চকা নমালে৷ সোঁত মহতিয়াই, শিলগুটিত ঘৰ্ঘৰণি তুলি স্কৰপিঅ’ গহীনত গুচি গ’ল৷ পানী এৰি আকৌ চলিল নৈৰ বুকুৰ শিল-বালিৰ ওপৰেৰে৷ ক্ষন্তেকতে ডিগাৰুৰ সিপাৰ উঠিলোঁগৈ৷ বহল ৰাস্তা আৰু সমতল পাই এক্সেলাৰেটৰ ডবাই তীৰবেগে আমাৰ গাড়ী ৰ'য়িং অভিমুখে দৌৰিব ধৰিলে৷ পেটেল আৰু অৰুণদাই ছিটবে'ল্ট কচি লৈছে৷ ভিতৰত গান বাজি আছে, একেৰাহে৷
৫কিল’মিটাৰমান গৈছোঁ কি নাই, তেনেতে আগৰ ছিটত বহা অৰুণদাৰ এক ধৰণৰ উচপিচনি আৰম্ভ হ’ল৷ কিবা এটা বিচাৰি তেওঁ সোঁ-বাঁও, আগ-পাছ চলাথ কৰিব ধৰিছে৷ ‘ছেঃ ক’ত পেলালোঁ!’ স্বগতোক্তি ভাহি আহিল৷ গম পালোঁ, কিবা এটা হেৰাল৷ ফোনটোৱেই হ’ব লাগে৷ হ'ব লাগে মানে হয়েই৷ হাতে ঢুকি পোৱাকৈ ভৰিৰ কাষত ছিটৰ ওপৰতে থৈছিল, এতিয়া নাই৷ ক’লৈ গ’ল? ক'ত পৰিল? তাকে বিচাৰি হাইৰাণ৷ পুৱা হাৱাই এৰাৰে পৰা অবিৰাম বাজি থকা মিউজিক প্লে’য়াৰটো বন্ধ হ’ল, হাঁহিবোৰো কেনিবা হেৰাই থাকিল৷ পেটেলক কোৱা হ’ল গাড়ী ৰাখিবলৈ৷ পথৰ দাঁতিত গাড়ীখন থিয় কৰাই পকেট, মোনা, ছিটৰ তল, ডেচব’ৰ্ড, বক্স, গোটেইবোৰতে এফালৰ পৰা পাত-পাতকৈ চোৱা হ’ল৷ নাই, ফোন নাই৷ অনিলদা আৰু সঞ্জুৱে ৰিং কৰিও চালে৷ চুইচ অফ্! পালে তেনেহ’লে কোনোবাই! ভাবত বিভোৰ হৈ কবি অৰুণদাই ফোন ক’ত পেলালে একো পাত্তাই নাই৷ দাদাই নিজেই চুইচ অফ কৰি থৈছিল বোলাত অনিলদাই মনে মনে অংক এটা কৰিলে৷ তেওঁৰ নিৰ্দেশতে গাড়ীখন ঘূৰাই লোৱা হ'ল৷ আকৌ ডিগাৰুৰ বুকু ওলালোঁগৈ৷ আকৌ সেই বহল পানীখিনি পাৰ হ’লোঁ৷ মানুহ-দুনুহ বা আন গাড়ী নাছিল৷ সিফালৰ সৰু কাঠৰ দলংখন নগদ এশ দি অতিক্ৰম কৰি আহি আমি আটায়ে অলপ সময়ৰ বাবে পানীখিনি পাৰ হোৱাৰ আগে আগে এঠাইত নামিছিলোঁ৷ গতিকে সেই ঠাইটুকুৰাই সন্দেহৰ আৱৰ্তত থাকিল৷ গাড়ীত বহি থাকিয়ে কেইবাটাও সন্ধানী চকুৰ শেনদৃষ্টি ইফালে-সিফালে মাৰি গৈ থকা হ’ল৷ অৱশেষত ফোন ধৰা পৰিল৷ সেইখিনিতে সোঁহাতে শিল-বালিৰ ওপৰতে নিশব্দে পৰি আছে অৰুণদাৰ ম’বাইলটো! একো হেৰ-ফেৰ হোৱা নাই৷ আচৰিত যেন লাগি গ'ল গোটেই কাণ্ডটো৷ হেৰোৱা বস্তু ঘূৰাই পাই দাদাৰ লগতে আটাইৰে মুখলৈ হাঁহি ঘূৰি আহিল৷ অনিলদাৰ কাঢ়া নিৰ্দেশত ম’বাইল এইবাৰ কাৰবি মোনাত নিগাজিভাৱে সোমাল৷
ইমান দূৰ ঘূৰি আহি সফল হোৱাৰ পৰিপ্ৰেক্ষিতত আনন্দৰ মাত্ৰাটোও স্বাভাৱিকতে দুগুণে চৰিল৷ পুনৰ বাজিব ধৰিলে গান৷ তাৰ মাজতে অতীতৰ কিছু স্মৃতি ৰোমন্থনো হ'ল৷ নগাঁও আৰু কাৰবি আংলঙৰ সীমাস্থিত কন্দলী পাহাৰৰ বাদুলি খোৰোং চাই উভতি আহোঁতে বাদুলি মেলাথলীত বাদাম দেখি কিনাৰ হেঁপাহ জাগিল অৰুণদাৰ৷ ইফালে কোন টলকতনো পকেটৰ পৰা ফোন ক'ত সৰি পৰিল খবৰেই নাই৷ আজিৰ দৰেই আধা বাট আহি চাহ বাগিচাৰ মাজত থকা টেঙাপানী চাই যাওঁ বুলি সোমালোঁহি৷ তেতিয়াহে তেওঁৰ সম্বিৎ ফিৰিল, ‘মোৰ ম’বাইলটো ক’ত' বুলি৷ ৰিং কৰি চোৱাত পোৱা গ'ল চুইচ অফ৷ তাৰ আগলৈকে চুইচ অনেই ৰখা হৈছিল৷ ইচ্ছাকৃতভাৱেই তেতিয়া আৰু উভতি যোৱা নহ’ল৷ ‘মেলাত হেৰুৱা ম’বাইল কোনোবাই বিচাৰি পায় নেকি? বাদ দিয়ক ছাৰ৷ নতুন লৈ ল'ব৷’ কি কৰোঁ কি নকৰোঁ গুণা-গঁথা কৰি থাকোঁতেই অনিলদাই শেষ সিদ্ধান্ত শুনাই দিলে৷ সেইটো আৰু ঘূৰাই পোৱা নগ'ল৷ গধুৰ মন লৈ নিশা অৰুণদা ঘৰ সোমালগৈ৷ সেইটো হেৰুৱাই এইটো ম’বাইল৷ মানুহ-দুনুহ কম বুলি আজি যেনিবা ভাগ্যক্ৰমে মিলিল৷ অবিশ্বাস্য যদিও সত্য৷ প্ৰসংগৰ সৈতে তাল-মিল ৰাখি ময়ো সংযোগ কৰিলোঁ, চেন্নাইৰ পৰা কলকাতা হৈ গুৱাহাটীলৈ আহি থাকোঁতে কেনেকৈ দমদম এয়াৰপ'ৰ্টত আমাৰ খুৰাই হেৰুৱাই অহা ম'বাইলটো কলকাতাৰ পৰা হায়দৰাবাদ, গুৱাহাটী, যোৰহাট হৈ তিনিমাহৰ মূৰকত নিজৰ হাত পালেহি, সেই সত্য আৰু ৰোমাঞ্চভৰা কাহিনী৷ সকলোৱে একধ্যানে শুনিলে আৰু আচৰিত হ'ল৷
গাড়ীৰ ভিতৰখন শব্দময় হৈ পৰিছিল৷ তেনেতে শান্তিপুৰ চে’ক গে’টেৰে শদিয়াৰ ফালৰ পৰা অহা হাইৱে’টো দেখা দিলে৷ তিনিচুকীয়াৰ পৰা শান্তিপুৰ চে’ক গে’টলৈ ৭০কিল’মিটাৰ৷ শান্তিপুৰৰ পৰা ৰ’য়িঙলৈ ২৩কিল’মিটাৰ৷ সেই বাটেৰেই অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিৱহণ সেৱাৰ তিনিচুকীয়া-ৰ’য়িং যাত্ৰীবাহী বাছ অহা-যোৱা কৰে চাগৈ৷ বিপৰীত ফালৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটো জোনাইৰ পৰা পাছিঘাট, মেব’, ডামবুক আদিৰ মাজেৰে ঘূৰি-পকি ৰ’য়িং পাৰ হৈ এইদিশে আহিছে৷ মাজে মাজে দলং হৈ নুঠাৰ বাদে তেজুলৈকে ৰাস্তাছোৱা ভাল৷ আমি ৰ'য়িঙলৈ আগুৱাই গৈ থাকিলোঁ৷ বাটৰ পৰাই জিবি পলোক ফোন কৰি আমাৰ অৱস্থিতি জনোৱা হ’ল৷ তেওঁৰ নিৰ্দেশ অনুসৰণ কৰি লাহে লাহে টাউন সোমালোঁহি৷
ৰ’য়িং ইদু মিছিমি বসতিপ্ৰধান এলেকা৷ কেশসজ্জা, পৰম্পৰাগত সাজ-পাৰ, কাপোৰৰ ডিজাইনত অৰুণাচলী লোকসকলৰ পাৰ্থক্য বিচাৰি পাওঁ৷ মিছিমি পাহাৰৰ পাদদেশত অৱস্থিত এইখন ল’ৱাৰ ডিবাং ভেলী জিলাৰ সদৰ৷ আঞ্জাৱ জিলাৰ পৰা লোহিত জিলাৰ মাজেৰে পুৱাৰে পৰাই আহি আহি এয়া লক্ষ্যস্থানত উপস্থিত হৈছোঁহি৷ থাকিবৰ বাবে ইয়াত হোটেল, গে’ষ্ট হাউচ, চাৰ্কিট হাউচ, টুৰিষ্ট লজ ইত্যাদি আছে৷ বজাৰ-সমাৰ, শিক্ষানুষ্ঠান, হেলিপেড আদিও আছে৷ ইয়াৰ পৰা ইটানগৰ, আনিনি, পাছিঘাট, তিনিচুকীয়া, গুৱাহাটী, তেজু আদি কেইবাঠাইলৈকো নিতৌ টাটা চুম', স্কৰপিঅ' আৰু বাছ চলে৷ এইচ.ডি.এফ.চি. বেংকত কাম কৰা মোৰ সম্পৰ্কীয় খুলশালি এজন ইয়াত আছিল৷ পিছে যোৱা বছৰ ট্ৰেন্সফাৰ হ’ল৷ গতিকে চিনাকি বুলিবলৈ এতিয়া কোনো নাই৷ মিছিমি হিল কেম্পেই আমাৰ নিৰ্দিষ্ট আশ্ৰয়স্থল৷ চহৰৰ মূল পথৰ দাঁতিত, ট্ৰেভেল এজেন্সি এটাৰ সন্মুখতে ৰৈ পলোলৈ অপেক্ষা কৰি ৰ"য়িঙৰ আলেখ-লেখ চাই থাকিলোঁ৷
পৰৱৰ্তী লেখা :
৮. টিনে মেনাৰ বাসভূমিত...
পৰৱৰ্তী লেখা :
৮. টিনে মেনাৰ বাসভূমিত...
No comments:
Post a Comment