অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
অনুসন্ধিৎসু মন লৈ নিশা ১.০০বজাৰ পৰিৱৰ্তে পুৱা ৬.০০বজাত আমি ডঙলৈ ওলালোঁ৷ অনিলদা ৰুমতে থাকিল৷ কম সময়ৰ ভিতৰতে পেটেলে আমাক লোহিতৰ পাৰ পোৱালেগৈ৷ কোনো বাধা নাই৷ বতৰটোহে অৱশ্যে গোমা৷ মিহি মিহিকৈ বৰষুণ কেইটোপালমানো নপৰাকৈ থকা নাছিল৷ প্ৰত্যেকৰে লগত ছাতি আছিল যদিও ইচ্ছা কৰিয়ে নেমেলিলোঁ৷ মুকুতাৰ দৰে সৰি পৰা ক্ষুদ্ৰাতিক্ষুদ্ৰ সেই কণাবোৰক পুষ্পবৃষ্টি জ্ঞান কৰিলোঁ আৰু গৈ থাকিলোঁ৷ ফেৰফেৰীয়া বতাহে শৰীৰত কোবোৱাত ঠাণ্ডা পিছে অনুভৱ হৈছিল৷ টিংকাক নামাতিলোঁ৷ কাৰণ তাইৰ সৈতে কৰা বন্দৱস্তৰ ম্যাদ ইতিমধ্যে উকলি গৈছিল৷ সেয়েহে নিৰ্দিষ্ট স্থানত গাড়ীখন লক্ কৰি থৈ নিজেই নিজৰ সাৰথি হৈ গুচি আহিলোঁ আমি৷ ভাবিলোঁ, সিপাৰে মকুক পালে লগত লৈ ল’ম৷ অন্যথা এনেকৈয়ে গৈ থাকিম আমাৰ মাজৰ এজনেও আগতে কাহানিও গৈ নোপোৱা, চিনি নোপোৱা, কেতিয়াও নেদেখা ঠাইখনলৈ৷ প্ৰকৃত অৰ্থত যেন এয়াহে আচল এডভেন্সাৰ ট্ৰিপ, হেৰাই যোৱাৰ যাত্ৰা!
সোঁহাতৰ লুংলুঙীয়া বাটটোৰে পাক মাৰি সোমায়ে প্ৰথমেই লোহিতৰ ওপৰৰ ওলোমা দলংখন বান্ধি ৰখা ৰছীবোৰ চকুৰ আগলৈ আহিল৷ দুই মূৰে দুটা স্তম্ভ৷ লোৰ জৰীত মজবুতকৈ বন্ধা আছে ফুট ব্ৰীজখন৷ খোজ পেলাবলৈ লোৰ পাত পৰা আছে৷ বেচ গপচ৷ কালি কাহোত পোৱাখনতকৈ এইখন কেইবাগুণে উন্নত৷ আগতে পোৱা হিচাপমতে এই দলংখন ১৩০ফুট দীঘল৷ তলেৰে খৌ-খৌ কৰে বৈ আছে লোহিত৷ খৰস্ৰোতা পানীৰ পৰা প্ৰায় ৩০ফুট ওপৰেৰে খোজ কাঢ়ি আমি এতিয়া পাৰ হ’ব লাগিব৷ ভয় মোৰ মুঠেও লগা নাই৷ সকলোতকৈ আগত ময়ে আছোঁ৷ পিছে পিছে অৰুণদা৷ অৰুণদাই ভয় কৰিছিল৷ তলৰ বোঁৱতী পানীলৈ আৰু ভৰি দুখনৰ একেবাৰে ওচৰলৈ চাই খোজ দিলে ভয় লাগিবই৷ তেনে নকৰিবলৈ বাৰে বাৰে সকীয়াই সন্মুখলৈ, কিছু দূৰলৈ চাই চাই সহজভাৱে আহি থাকিবলৈ ক’লোঁ৷ মাজনৈ পাওঁতে মই ৰৈ দিলোঁ, ‘দাদা পাৰ হওক’ বুলি৷ সঞ্জুও আৰামছে পাৰ হৈ গ’ল৷ ভয়-ভীত নাই৷ পেটেলক দেখিলোঁ, একেই অৱস্থা৷ খুপি খুপি, ভয়ে ভয়ে৷ একদম চিৰিয়াচ৷ এই ঘটিবই যেন অঘটন! ছিগি পৰিব যেন দুলি থকা সাঁকোখন! নৰ্মেল হ’বলৈ ক'লোঁ৷ তেওঁকো আগ বাঢ়িবলৈ দি সবাৰে পিছত থাকিলোঁ৷
দলং পাৰ হৈ আমি ঢাপটো বগাই ওপৰ উঠিলোঁগৈ৷ ওপৰত নাতিদূৰত টিংকাহঁতৰ ডং গাঁওখন দেখা গৈছে৷ এইফালে দলং আৰু নৈখনৰ নয়নাভিৰাম দৃশ্য৷ সোঁহাতে কেইকিল’মিটাৰমান আগলৈ বেলেগ গাঁও আছে৷ সৰল গছ কিছুমানৰ তলেৰে এইবাৰ অগ্ৰসৰ হ’লোঁ৷ ট্ৰেকিং কৰি থাকোঁতে কাঠৰ ঘৰ এটাৰ সন্মুখত হঠাতে দেখো, সেইটো মকু! কালি গা ধুবলৈ আহোঁতে তাৰ লগত কথা হৈছিলোঁ৷ ‘আৰে মকু, আ যাৱ’ বুলি মকুলৈ চাই ৰিং এটা মাৰি দিলোঁ৷ নিজান পৰ্বতত প্ৰতিধ্বনিত হৈ উঠিল শব্দকেইটা৷ অন্য ডেকা এটাৰ লগত কাঠেৰে সি গাহৰিৰ গড়াল সাজি আছিল৷ সিফালৰ পৰা ৰিং আহিল, ‘নেহী যা সকেগা… থোড়া কাম হ্যায়…৷’ এইবাৰো একেই প্ৰতিধ্বনি৷ ৰাস্তাৰ বুজ লৈ তাক সিমানতে এৰিলোঁ৷ ওপৰলৈ যোৱা ট্ৰেকটো অনুসৰণ কৰি ক্রমে উচ্চতালৈ গতি কৰি থাকিলোঁ আমি৷ আচৰিত হ’লোঁ অলপ আগলৈ ৰৈ থকা নীলা ৰঙৰ মিনি ট্ৰাক এখন দেখি৷ এইখন ইয়ালৈ কোনপথেৰে আনিলে? ভাবি উলিয়াব নোৱাৰিলোঁ৷ 'আৰ্মীৰ সহযোগত বহুত ঘূৰাই-পকাই অনা হৈছে ছাৰ৷' পেটেলে উত্তৰত ক'লে৷
ঘাঁহ-বন, পাইন গছ, সৰু-বৰ শিল, নাম নজনা উদ্ভিদ কিছুমান অতিক্রম কৰি গৈ আছোঁ৷ সঞ্জু আগ বাঢ়িল৷ সঞ্জুৰ পিছে পিছে কেইমিটাৰমানৰ ব্যৱধানত পেটেল৷ পেটেলৰ কান্ধত অৰুণদাৰ গধুৰ কেমেৰাটো৷ তেওঁ এতিয়া অকল ড্ৰাইভাৰ বা আমাৰ গাইডেই নহয়, ফটোগ্ৰাফাৰো! আমাৰ লগত পৰি পেটেলৰ উন্নতি হোৱা দেখি ভাল পাইছোঁ৷ হওক তেও, কিবা এটা শিকিছে৷ আনহাতে এয়া বিহুৰ বতৰ৷ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ চৌফালে এতিয়া বিহুৰ বতাহ বব লাগিছে৷ বতৰৰ ৰাগি লাগি পেটেলৰ মনটোৱেও ৰাঁই-জাঁই কৰিছে৷ ম’বাইলটোতে তেওঁ ডাঙৰকৈ বিহু এটা লগাই দিছে৷ বতাহত ভাহি অহা বিহুনামে পাইন অৰণ্যৰ নিস্তব্ধতা ফালি অনন্যধৰ্মী এক অনুৰণন তুলি গৈছে৷ পৰিৱেশ অনুকূল নহয় যদিও মনবোৰত আমাৰো বিহু বিহু লাগিছে৷ এইবাৰ বিহুৰ দিনকেইটা আমি অৰুণাচলৰ মনোমোহা প্ৰকৃতিৰ নামত আগতেই উছৰ্গা কৰিছোঁ৷
পেটেলৰ পিছত আছে অৰুণদা৷ অকাই-পকাই উঠি যোৱা লিকটোৰে ধীৰ গতিৰে তেওঁ আগ বাঢ়িব ধৰিছে৷ ঘন ঘন উশাহ লৈ মাজে মাজে ৰৈ দিবলগীয়া হৈছে৷ সঞ্জু আৰু মোৰ নিতৌ মৰ্ণিং ৱাক কৰাৰ অভ্যাস৷ গতিকে অসুবিধা নাই পোৱা৷ আনহাতে থিয় পৰ্বতৰ গাত ঘূৰি-পকি গৈ থাকোঁতে ট্ৰেকটোৰ কেঁকুৰিতে সুবিধানুযায়ী অৰুণদাক ৰ'বলৈ দিছোঁ, ক্ষন্তেক জিৰাবলৈ দিছোঁ৷ সেই বিৰতিত বটল খুলি পানী খুৱাইছোঁ৷ তেওঁৰ হাতৰ বস্তুবোৰ নিজে লৈছোঁ৷ ঠাণ্ডা নোসোমাওক বুলি মোৰেই টুপী এটা পিন্ধাইছোঁ৷ যেন সঞ্জু চেৰ্পা, মই প’ৰ্টাৰ৷ আগুৱাবলৈ মন থাকিলেও সেয়ে একেবাৰে পিছত আছোঁ৷ সুযোগ পাই মাজে মাজে কেমেৰাটো বা হেণ্ডিকেমটো বেগৰ পৰা উলিয়াই লৈছোঁ৷ ইফালে টোঁৱাইছোঁ, সিফালে টোঁৱাইছোঁ৷ খেলিমেলি লাগি গৈছে, কোনফালৰ কিমান স্নেপ ল’ম! সৃষ্টিকৰ্তাৰ কুশলতাত অভিভূত হৈছোঁ আৰু নিজকে যেন সঁচাকৈয়ে হেৰুৱাই পেলাইছোঁ!
অজান এখন পাহাৰত ৰোমাঞ্চকৰ অথচ শিহৰণকাৰী পদচালনা
আমাৰ৷ ক্রমাৎ উঠি গৈ আছোঁ ওপৰলৈ৷ নাম নজনা এবিধ ডাঠ ঘাঁহ আৰু পাইনৰ ফাঁকে ফাঁকে সৰু
সৰু লিকবোৰ৷ ঘাঁহে ঢাকি ধৰাত মাজে মাজে লিক হেৰাইছে৷ আকৌ বিচাৰি উলিয়াই লৈছোঁ৷ নিজৰ লয়ত আমাতকৈ বহু আগত গৈ আছে সঞ্জু৷ সবাতোকৈ আগত থাকিম বুলি ভিতৰি ভিতৰি মইহে ভাবি আছিলোঁ৷
পিছে পেটৰ কথা পেটতে ৰ'ল৷ সঞ্জু আগ বাঢ়িল৷ মই অৰুণদাৰ সাৰথি হ’বলগীয়া হ’ল৷ জ্যেষ্ঠজনক এৰিবও নোৱাৰি এতিয়া৷
গতিকে লাষ্ট মেন অন দ্যা ট্ৰেক হৈ ৰ'লোঁ৷
একেৰাহে আৰোহণ কৰিব নোৱাৰি মাজে মাজে অৰুণদা বহি দিছিল শিল বা পাইনৰ শিপাত৷ দৰকাৰ হ’লেই পানীৰ বটলটো আকৌ আগ বঢ়াই দিছিলোঁ৷ ছেগতে নিজেও দুঢোকমান পি লৈছিলোঁ৷ মাজে মাজে কাণ দুখন গুম মাৰি ধৰিছিল৷ সেপ ঢুকিলে খোল খায়৷ উচ্চতাত আৰোহণ কৰোঁতে অক্সিজেনৰ পৰিমাণ কমি অহা হেতুকে দেহা সোনকালে ভাগৰুৱাও হৈ পৰে৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অকণ অকণ পানী পি থাকি অৰুণদাৰ লগতে নিজকে সবল ৰখাৰ চেষ্টা কৰিছিলোঁ৷ দাদাই ঘড়ী চাইছিল, আৰু কিমান সময় লাগিব বুলি৷ কপাল আমাৰ ভাল আছিল যে বতৰ ডাৱৰীয়া হৈছিল যদিও বৰষুণ অহা নাছিল৷ আনহাতে ম’বাইলৰ ৰিংটোন বজাৰটো কথাই নাছিল৷ ইয়াত নেটৱৰ্কৰ নটোও নাই৷ গতিকে ফোনৰ পৰা কোনো ডিষ্টাৰ্ব নাই৷ ভালেই পাইছিলোঁ৷ মোৰ ফোনটো বেগৰ ভিতৰত নীৰৱে শুই আছিল৷ পেটেলৰ ম’বাইলতহে ফুল ভলিউমত বিহুগীত বাজি আছে৷ দীঘল ছাতিটো লাখুটিৰ দৰে লৈ নিজস্ব কায়দাত উঠি গৈ আছে পেটেল৷ ডিজিটেল কেমেৰাটোৰ উপৰি ডাঙৰ স্ক্ৰীণটাচ্চ ম’বাইলটোৰে মাজে মাজে ফটোও তুলি গৈছে৷ সঞ্জুৱেও তুলিছিল৷ পিছে ইণ্টাৰনেট কানেকচন নথকাত কি ফে’ছবুক, কি হোৱাটছ-আপ, ক’তো এখনো ফটো আপল’ড কৰিব পৰা নাই৷ তাকে লৈ সেই উচ্চতাতো, সেই ভাগৰৰ মাজতো অৰুণদা আৰু মই মাজে মাজে আমাৰ ভিতৰতে ৰগৰ কৰিছিলোঁ৷ ক্লান্তিৰ মাজতো হাঁহিৰ জোৱাৰ উঠিছিল৷ নেটৱৰ্ক পাব লাগিলে কিযে হ’লহেঁতেন ঐ! গতিকে ভালেই হৈছে৷ হেৰাই থাকা, জীৱনৰ অভূতপূৰ্ব আনন্দ লৈ থাকা৷ সেই আনন্দ আৰু অনুসন্ধিৎসা খৰ্ব কৰিবলৈ ইয়াত এতিয়া কাৰো তিলমানো সাধ্য নাই৷ সেয়াই যেন ডঙৰ বিশেষত্ব!

তেনেকৈয়ে বগাই বগাই প্ৰথম মালভূমিটো পালোঁগৈ৷ এজাতি সোণোৱালী ঘাঁহ আৰু সেউজীয়া সৰল গছেৰে আৱৰা সেই বিশাল মালভূমিখনিৰ বিতোপন ৰূপটি দেখি মুহূৰ্তৰ ভিতৰতে পাহৰি পেলাইছিলোঁ সকলো দুখ-ভাগৰ৷ প্ৰশ্ন হৈছিল, ‘আমি ক’ত আছোঁ!’ ইফালে সেইখিনিত উপস্থিত হওঁতে অৰুণদাই ভাবিলে যে সেয়াই শেষ৷ ‘পাই গ’লোঁ, আঃ ৰক্ষা’ বুলি তেওঁ বহি পৰিল৷ তাতে ৰৈ যোৱাৰ ষড়যন্ত্ৰ এটাও চলাইছিল৷ ‘নাই নাই দাদা, আৰু যাব লাগিব, ডেৰ ঘণ্টা হোৱাই নাই নহয়’ বুলি জোৰ-জবস্তি কৰি আৰু ওপৰলৈ টানি নি থাকিলোঁ৷ কাৰণ সময়লৈ চাই মই জানিছিলোঁ যে আচল ঠাই পাবলৈ আৰু অলপ উঠিব লাগিব৷ ‘ওপৰৰ পৰা দৃশ্যাৱলী চাবলৈ ইয়াতকৈ বেছি ভাল লাগিব’ বুলি এনেয়ে এষাৰ ক'লোঁ৷ উচ্চতালৈ চাই দীঘলীয়া নিশ্বাস এটা এৰিলে অৰুণদাই৷ ঘন ঘন উশাহ, পেশী টানি ধৰে৷ হ’লেও উপায় নাই৷ মনৰ ভিতৰত গোপনে চেলেঞ্জ এটা আগতেই লৈছোঁ৷ ডং মালভূমিত উঠাইহে এৰিম আজি৷ আগৰ দৰেই পিছফালে থাকি মই তেওঁক বিভিন্ন বাক্যবাণেৰে ঠেলি থাকিলোঁ৷ ৱালং আই.বি.ত দেউকণ গগৈয়ে কোৱা কথাকেইটামানেও মনোবল বৃদ্ধি কৰিছিল৷ এই যাত্ৰাত খোজ কাঢ়িবলগীয়া হ’ব বুলি জানি শ্লিপ নকৰা ভাল গ্ৰীপৰ জোতাও কিনি লৈছিল দাদাই৷ এতিয়া নগৈ উপায় নাই৷ আমাৰ বাদে অন্য কোনো আৰোহণকাৰীও নাছিল সেইদিনা৷ গতিকে আমাৰ অসুবিধাহীন মুক্ত বিচৰণ৷ ভাবি ল'লোঁ যে বেছ কিছু সময়ৰ বাবে ডঙৰ ওপৰত আমাৰ একছত্ৰী অধিকাৰ চলিব৷
‘প্ৰান্তিক’ত প্ৰকাশিত মনীষ কুমাৰ ডেকাৰ ‘এভাৰেষ্ট শৃংগত বিছ মিনিট’ ধাৰাবাহিক লেখাটো আৰম্ভণি খণ্ডটোৰ পৰাই মই বাদ নপৰাকৈ পঢ়ি আছিলোঁ৷ সেয়া পঢ়ি জানিছিলোঁ যে উচ্চতাত আৰোহণ কৰাৰ ক্ষেত্ৰত আৰোহীসকলৰ মনৰ তীব্ৰ হেঁপাহে শক্তিৰ কাম দিয়ে৷ ইয়েই সকলো সীমাবদ্ধতা আঁতৰাই পৰ্বতাৰোহীক ওপৰলৈ টানি নি থাকে৷ আমি এভাৰেষ্টত বগোৱা নাছিলোঁ যদিও এইটো সত্য যে কেৱল শাৰীৰিক সক্ষমতাৰ দৃষ্টিৰে উচ্চতালৈ উঠা নাযায়৷ অৰুণদাৰ অন্তঃস্থলত সেই হেঁপাহটো আছিল তীব্ৰতৰ৷ ডিফুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ আগৰ কেইদিনমান তেওঁৰ লগত ম’বাইল ফোনযোগে মোৰ খুব এছ.এম.এছ. বিনিময় হৈছিল৷ এদিন মই লিখিছিলোঁ, ‘অৰুণ আৰু অৰুণাচল, মিল এটা আছে৷ কিবা যেন সম্পৰ্ক এটা আছে৷ পুৱাৰ সেই অৰুণ আপুনি দৰ্শন কৰিব ওলাইছে, যাৰ নামেৰে দেউতাই আপোনাক দিছিল আপোনাৰ নাম অৰুণ৷ ইউ আৰ নেছাৰেলী এনটাইটেলড্ টু ভিউ ইট৷ সেই যাত্ৰা সাকাৰ কৰিবৰ বাবে, সেই দৰ্শন কৰোৱাবৰ বাবে ময়ো দিনে-ৰাতিয়ে লাগি আছোঁ৷’ অৰুণদাই লিখিছিল, ‘ৰৈ আছোঁ সেই বিশেষ পলটোৰ বাবে৷’ ইয়াৰ পিছত আৰু সেইজন মানুহক ক্রছ কৰি আগ বাঢ়োনো কেনেকৈ? সেয়ে পিছে পিছে থাকিলোঁ, যদিও মোক ভাগৰে কাবু কৰিব কৰা নাছিল৷
আৰু এতিয়া? এটা স্বপ্ন সাকাৰ হ’ল৷ আচৰিতভাৱে, মেঘাচ্ছন্ন আকাশখনত ফাট মেলি পলকৰ বাবে বেলিটোৱে ভুমুকি মাৰিলে৷ সূৰ্যই কেতিয়াও ইয়াৰ ৰশ্মি আৰু শক্তিৰ পৰা কোনো লোককে বঞ্চিত নকৰে৷ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে এয়া যে ধ্ৰুবসত্য তাৰেই দেখোন দেখদেখ প্ৰমাণ! পাইনৰ ডাল-পাতবোৰৰ ফাঁকেৰে ওপৰলৈ চাই অৰুণদাই উৎফুল্লিত ভাবত চিঞৰি উঠিল, ‘সৌৱা বেলি৷’ মুখত হাঁহিৰ আভাও দেখা গ’ল৷ এই অৰুণৰ কিৰণেই সন্মুখৰ পৰ্বতত পৰে৷ ৱালঙত যিটো দৃশ্য কালি দেখিছিলোঁ৷ পৰ্বত শিখৰত বৰফ জমা হৈ আছিল তেতিয়া৷ সুন্দৰ দৃশ্য৷ সুন্দৰ লেণ্ডস্কেপ কিছুমান৷ যিফালে চকু যায় সেইফালেই মন জুৰায়৷ সৃষ্টিৰ সৌন্দৰ্যৰ এক নিভাঁজ অনুপম প্ৰতীক যেন এই ডং মালভূমি! দাৰ্জিলিঙৰ টাইগাৰ হিলছত যেনেকৈ চানৰাইজৰ পিছত হেঙুলী কিৰণেৰে কাঞ্চনজংঘা উজলি উঠা দেখিছিলোঁ, তদনুৰূপ সম্ভাৱনা মিছিমি হিলছতো! ডাৱৰীয়া বতৰৰ বাবে খাটাং হ'ব পৰা নাছিলোঁ যদিও বেলি আৰু বৰফৰ মাজৰ সূৰ্যোদয়ৰ খেলখন চাবলৈ মিলেনিয়াম চানৰাইজ স্পটলৈ মানুহ আহিবনে? ভাবিলোঁ মনে মনে৷
কেইবাহাজাৰ ফুট তলত থাকি আহিল লোহিতখন৷ নীলা-সেউজীয়া-বগা ৰছী এডাল পৰি থকা যেন লাগিছে এতিয়া৷ আচৰিত লাগিল, ইমান উচ্চতাত আৰোহণ কৰিও শুনা পালোঁ কাউৰীৰ মাত! ক’ৰ পৰানো কা-কাকৈ এহাল ঢোৰা কাউৰী আহিল ভাবিয়ে নাপালোঁ৷ ম্যানমাৰৰ দিশে উৰি গুচি গ'ল সিহঁত৷ পৰিৱেশটো কিবা ভৌতিক ভৌতিক লাগি গ’ল৷ আন কোনোফালে কাউৰী দেখা পোৱা নাছিলোঁ৷ ডঙলৈ দূৰৰ পৰা আলহী অৰ্থাৎ আমি অহা বুলি জগতক জাননী দিবলৈকে আহিল নেকি ইহঁতহাল? নহ’লে প্ৰদূষণহীন পৰ্বতৰ থিয় টিঙত ইহঁতৰ কি কাম? ইয়াততো গেলা-পঁচা একোটোৱেই নাই! দকৈ চিন্তা কৰি ৰ’লোঁ অলপ পৰ৷
পৰৱৰ্তী লেখা :
৩. ডং মালভূমিত উপস্থিত হৈ

No comments:
Post a Comment