Tuesday, 18 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
৪. টপদেন-পেটমাৰ ঘৰত ওলাল বিহুৰ চিৰা!



ত-বহাগৰ সন্ধিক্ষণ৷ দেহৰ সঞ্চালনাত পুৱাৰ ঠাণ্ডা ভাবটো তেতিয়ালৈ ভালেখিনি স্তিমিত হৈছে৷ পেটৰ ভিতৰত ভোক এটা ক্রমান্বয়ে চৰি আহিছে৷ ব্ৰহ্মপুৱাতে খোৱা মেৰী বিস্কুত দুটা আৰু এপিয়লা ৰঙা চাহৰ বাহিৰে কাৰো পেটত বেলেগ একোটো পৰা নাই৷ মনৰ জোৰত তেনেকৈয়ে পাইছোঁগৈ ডং শীৰ্ষ৷ থিয় পৰ্বতৰ পাদদেশত জিলিকি উঠিছে ডং ভিলেজ৷ যিফালেই চাওঁ সেইফালেই যেন এখন এখন পূৰ্ণাংগ তৈলচিত্ৰ৷ পাহাৰীয়া ট্ৰেক অনুসৰণ কৰি খোপনি ৰাখি সাৱধানে আমি নামি আছোঁ৷ লাহে লাহে পাহাৰ চুই থকা গাঁওখনৰ প্ৰথম ঘৰটো স্পষ্টৰূপত দেখা পোৱা হলহি৷ ভিন্নৰঙী শান্তি পতাকা কিছুমান চৌহদৰ ভিতৰ উৰি আছিল৷ দৃশ্যপটে কৈ দিলে যে বৌদ্ধ ধৰ্মাৱলম্বী মানুহ সেইঘৰ৷ সোমাই যাওঁ, যি হয় হব বুলি সেই ঘৰটোকে টাৰ্গেট কৰি ললোঁ৷ পিছে তালৈ সোমোৱা বাটটো কেনি? ডাঙৰ ডাঙৰ পাথৰ কিছুমান ইটোৰ ওপৰত সিটোকৈ জাপি বাউণ্ডেৰী ৱালৰ দৰে কৰি ৰখা হৈছে৷ যুদ্ধৰ সময়ত শত্ৰুৰ গুলীৰ পৰা ৰক্ষা পাবলৈ সাজি লোৱা প্ৰতিৰোধী দেৱালহে যেনিবা! ওপৰৰ পৰা চাই এনেহে লাগিল যেন চীনৰ প্ৰাচীৰৰ ক্ষুদ্ৰ সংস্কৰণ! এঠাইত ৰৈ দূৰৰ পৰাই শিলৰ দেৱালখনৰ ওপৰে ওপৰে চকু নিগৰালোঁ৷ তথাপিও প্ৰৱেশ দ্বাৰখন কেনি আছে বিচাৰি নাপাওঁহে নাপাওঁ৷ বাট বিচাৰোঁতেই ভালেবেলি গল৷ শেষত যেনিবা উপায় উলিয়াবলৈ সক্ষম হলোঁ৷ যিমান পাৰি বেৰখনলৈ চাপি যাবলৈ ধৰিলোঁ আৰু তেনেকৈয়ে ফাঁক এটা পাই গলোঁ৷ সেইফালেৰেই ভিতৰলৈ সৰকিলোঁ এটাৰ পিছত এটাকৈ আমি চাৰিওটা প্ৰাণী৷ পুনৰায় কেইটামান পাক ঘূৰি-পকি ঘৰটোৰ আগফাল পালোঁহি৷

দূৰৰ পৰাই দেখা পাই আছিলোঁ, এজাক গৰু৷ মতাই-মাইকীয়ে ডাঙৰে-পোৱালিয়ে মিলাই ২০-২২মান হব৷ অথনি পাহাৰৰ ওপৰত পোৱা খোজবোৰ ইহঁতৰে নিশ্চয়৷ চৰিবলৈনো ইমানখিনি উঠি যায়নে? আচৰিত পালোঁ, মানুহ যোৱাই য'ত মস্কিল! গাই আছে যেতিয়া এইঘৰত আজি চাহ নহয়, গাখীৰহে খাব লাগিব বুলি মনতে উচ্চাৰণ কৰি আনন্দেৰে ঘৰটোলৈ সোমাই গৈ থাকিলোঁ৷ দৈ, ক্রীম, মিঠায়ো ওলাব পাৰে, কি ঠিক? ডেকা বয়সৰ এজন লোকে পোহনীয়া গৰুজাকক তেতিয়া নিমখ খুৱাই আছিল৷ জন্তুবিলাকে তেওঁক বেৰি ধৰিছিল৷ নিমখ খুৱালে হেনো ঘৰ নাপাহৰে৷ এটা বিশ্বাস৷ ইফালে আমাৰ অসমীয়া মানুহৰ আজি আকৌ গৰু বিহুৰ দিন৷ সেয়া এইজন গো-পালকে জানেনে নাজানে নাজানো৷ গৰু-গাইবোৰক মৰম কৰি থকা অৱস্থাতে তেওঁৰ সন্মুখত আমি উপস্থিত হলোঁ৷

মেয়ৰ অৰ্থাৎ জাখ্ৰিং মানুহ সেইঘৰ৷ গো-ধনৰ লগতে পোহনীয়া গাহৰি, কুকুৰ, কুকুৰা আদিও ঘৰখনত দেখিলোঁ৷ এটা পাত্ৰত গাহৰিৰ দানা সিজাই থকাটো ভিতৰ সোমাই যাওঁতেই চকুত পৰিছিল৷ জপনাও কেইবাখনো পালোঁ৷ চাৰিওফালে কেইবাজাতৰো ফুল ফুলি আছে৷ ভিতৰৰ জপনামুখতে জাতিষ্কাৰ ৰূপত ফুলি থকা টিক্‌টিকিয়া ৰঙা গোলাপ এজোপাই আমাক আদৰিলে৷ পিৰালিসুন্দৰীকে ধৰি আমাৰফালে সচৰাচৰ দেখা ফুল কিছুমানো তাত পালোঁ৷ স্বাভাৱিকতে কিছুমান চিনি পালোঁ, কিছুমান নাপালোঁ৷ চৌহদটো বেচ পৰিষ্কাৰ৷ টেপ এটাত অহৰহ পানী ওলাই আছিল৷ পাহাৰৰ ওপৰত অৱস্থিত যদিও ইয়াত পানীৰ আকাল নাই৷

পৰম্পৰাগত ধৰণে সজা পাইন কাঠৰ চাংঘৰ এটা৷ খটখটী বগাই উঠি পোনেই মুকলি বাৰাণ্ডা এডোখৰ৷ দুফালে কোঠা৷ গৃহস্থৰ আমন্ত্ৰণক্রমে তলতে জোতা-মোজা সোলোকাই থৈ উঠি গলোঁ৷ ওপৰত চকী, মুঢ়া আদি থৈ দিয়া আছিল যদিও তাত মই নবহিলোঁ৷ চিক্‌চিকাই থকা তক্তাৰ মজিয়াখনতে লেপেটি কাঢ়ি বহি বিশ্ৰাম ললোঁ৷ বুজাব নোৱাৰা ধৰণৰ প্ৰশান্তিৰ ভাব এটাই পলকতে দেহ-মনক ঘেৰি ধৰিলে৷ তেনেকৈ বহি থাকিয়ে ঘৰটো, সাজ-সজ্জা আৰু তেওঁলোকৰ গৃহ নিৰ্মাণৰ পদ্ধতি মন কৰিলোঁ৷ মানুহজনে কলে যে কাহো গাঁৱৰ পৰা এক্সপাৰ্ট লোক মাতি আনি কামখিনি কৰোৱা হৈছিল৷ বেৰ হিচাপে লগোৱা পাইন কাঠবোৰ শলখাৰে জব্দ কৰা আছে৷ গজাল নাই৷ গোটেইবোৰ খুলি মন গলে অইন কৰবালৈ লৈও যাব পাৰে৷ তেনেকুৱা কিটিপবোৰ সকলোৱে নাজানে৷ শিলৰ ওপৰত বহুৱাই ৰখা হৈছে চাংঘৰটো৷ বাহিৰৰ বেৰ এখনত শিঙৰ সৈতে ওলোমাই থোৱা আছে মেঠোনৰ মূৰ এটা৷ পাকঘৰ, বাচন-বৰ্তন, ৰন্ধনৰ ঠাই, প্ৰাৰ্থনাৰ থলী আদিলৈও ভুমুকিয়ালোঁ৷ সকলোফালেই পৰিষ্কাৰ-পৰিচ্ছন্ন৷

গিৰিহঁতৰ নাম টপদেন মেয়ৰ৷ পৰিবাৰ পেটমা৷ কাহোত তাইৰ মাকৰ ঘৰ৷ সৰু সৰু মৰম লগা দুজনী ছোৱালীৰে তেওঁলোকৰ সৰুকৈ সংসাৰখন৷ আমাৰ ফালৰ পৰা প’হ’ এখন আৰু গামোচা এখন উপহাৰ স্বৰূপে টপদেন আৰু পেটমালৈ সসন্মানে আগ বঢ়োৱা হ’ল৷ গজাল এটা বিচাৰি উলিয়াই কেলেণ্ডাৰ এখন বেৰত ওলোমাই দিলোঁ৷ মোনাটোৰ ভিতৰত সেইখন মই লৈয়েই গৈছিলোঁ, কাৰোবাক পালে চিন হিচাপে দি থৈ আহিম বুলি৷ পৰিচয় বিনিময়ৰ উপৰি বিভিন্ন কথা-বতৰা, আলোচনা-বিলোচনা হ’ল৷

গৃহস্থই আমালৈ চাহৰ প্ৰস্তাৱ আগ বঢ়ালে৷ ‘দুধ মিলেগা ক্যা?’ চাহৰ কথা ওলালত গাখীৰ খোৱাৰ ইচ্ছাটো খোলাখুলিভাৱেই তেওঁলোকৰ সন্মুখত ব্যক্ত কৰি পেলালোঁ৷ মনোভাব গম পাই টপদেনে হাঁহিলে৷ তাৰ পাছতে জনালে যে গাখীৰ তেওঁলোকে নিখীৰায়৷ মাইকী জন্তুৰ ওহাৰ চুঁচি গাখীৰ উলিওৱাৰ নিয়ম নাই৷ শুনি আচৰিত হ’লোঁ৷ তেনেহ’লে গাখীৰবোৰ কি কৰা হয়? স্বাভাৱিক সুৰতে ক’লে, ‘গায় কী দুধ গায়-বাচ্চালোগ খাতা হ্যায়৷’ অৰ্থাৎ, মানুহে নাখায়৷ সৰল দৃষ্টিৰে চালে, গৰুৰ গাখীৰ গৰুৰ পোৱালিৰ বাবেহে৷ মানুহৰ ক্ষেত্ৰত যেনেকৈ মাতৃদুগ্ধ মানৱ সন্তানকহে খুৱাই অহা হৈছে৷ আনক দিয়ে জানো সেয়া কোনোবাই? ঠিকেইতো কথাটো৷ চিকিৎসাজনিত কাৰণত নিজৰ গাখীৰ খুৱাব নোৱাৰাৰ ফলত কান্দি থকা সন্তানক আন মাতৃয়ে তেওঁৰ গাখীৰ খুৱাই নিচুকাই শুৱাই দিয়াৰ কথা শুনিছোঁ, কিন্তু অন্য জন্তুক খুওৱাৰ কথা শুনা নাই৷ ৰজাই পোহা বাঘ পোৱালিক খুৱাবৰ নিমিত্তে ৰংফাৰপী ৰংবেৰ পৰা বলপূৰ্বকভাৱে দুগ্ধ সংগ্ৰহ কৰিবলৈ লওঁতে কি ঘটিছিল, সেয়া কাৰবি কিংবদন্তিত আমি পঢ়িবলৈ পাইছোঁ৷ আমি পিছে গৰু পোৱালিৰ মুখৰ পৰা কাঢ়ি গাখীৰটোপা খাই পেলাওঁ, বেলেন্সড ফুডৰ দোহাই দি৷ টপদেনহঁতে তেনেকুৱা নকৰে৷ গৰুৰ গাখীৰ গৰুৰ পোৱালিৰ বুলিয়ে বিশ্বাস ৰাখি চলিছে৷ চাহত মিহলাবলৈ বা শিশুক খুৱাবৰ বাবে দৰকাৰ হ’লে ৱালঙৰ পৰা টেমা বা পেকেট কিনি আনেগৈ৷ দেখা গ’ল যে চোতালতে গাখীৰ উভৈনদী, অথচ চাহ খাবলৈ পাউডাৰ গাখীৰ যোগাৰ কৰিবলগীয়া হয় কেইবা কিল’মিটাৰ বাটকুৰি বাই!

অলপ পিছতে পেটমাই আমাক খাবলৈ শুকান চিৰা আৰু চাহ দিলেহি৷ মনটো নাচি উঠিল৷ James Michenerৰ কথা এষাৰো তেতিয়াই মনলৈ আহিল৷ ‘If you reject the food, ignore the customs, fear the religion and avoid the people, you might better stay home.’ গাখীৰ, দৈ, ক্রীম, মিঠাই নাথাকিলেও অন্ততঃ শুকান চিৰাকেইটামান কপালত লিখা আছিল৷ তাকে কেনেকৈযে মিলিল, মিছিমি পৰ্বতৰ মাজত ডং নামৰ বিচিত্ৰ ঠাই এডোখৰত! গ্ৰহণ নকৰাৰ কথাই হ’ব নোৱাৰে৷ বিহুৰ বতৰত সেয়া আমাৰ বাবে ভগৱানৰ উপহাৰ বুলিহে ধৰি ল’লোঁ৷ পাহাৰ উঠা-নমা কৰাৰ ফলত ভোকটোও লাগি আহিছিলেই৷ ‘কিযে পৰম ভাগ্য’ বুলিয়ে ভাবিলোঁ৷ চাহৰ সৈতে শুকান চিৰা চোবাই চোবাই টপদেন-পেটমাৰ সৈতে ঢেৰ কথা পতা হ’ল৷ সহজ-সৰল মানুহখিনিৰ কষ্টকৰ জীৱন-যাত্ৰা, সমস্যা, আশা-আকাংক্ষা আদিৰ বিষয়ে জানিলোঁ৷

ঘড়ীত ১০.৩০ বাজিল৷ ৱালঙৰ পি.ডব্লিউ.ডি. আই.বি. এৰি আজি আমি যাবগৈ লাগিব জিলা সদৰ হাৱাইলৈ৷ গতিকে অতিথিপৰায়ণ মেয়ৰ পৰিয়ালটোৰ পৰা বিদায় লৈ পুনৰবাৰ মুক্ত আকাশৰ তললৈ ওলালোঁ৷ বিহুৰ জলপান খাই শক্তি গোটাই আকৌ ট্ৰেকিং আৰম্ভ হ’ল৷ নাতিদূৰৈত লোহিতৰ ওলোমা সাঁকোখন৷ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ বিষয়ে চিন্তা এটা আগতেই কৰিছিলোঁ৷ সেয়ে আন কেইজনতকৈ আগ হওঁ বুলি দৌৰ মাৰি মাৰি আগ বাঢ়িলোঁ৷ হাতত উন্মুক্ত হেণ্ডিকেম৷ বেলেন্স ৰাখি লাহে লাহে পাৰ হৈ আছোঁ লোহিত৷ সোঁ-বাঁও, সন্মুখ-পিছফাল সকলো দিশে কেমেৰা ঘূৰাইছোঁ৷ এসময়ত সকলোৱে নৈখন অতিক্রম কৰিলে৷ কেমেৰা সামৰি বেগত ভৰালোঁ৷ তাৰ পিছত দুলি থকা ফুট ব্ৰীজখনৰ ওপৰেৰে দৌৰি, জঁপিয়াই অহা-যোৱা কৰি কিছু মজা ল’লোঁ৷ তাকে দেখি অৰুণদাই ভয় খাইছিল৷ মই অভয় দিলোঁ যে এইবোৰেই জীৱনৰ নিৰ্ভেজাল আনন্দ৷ সহজভাৱে ল’লে চিন্তা কৰিবলগীয়া একো নাই৷ নহ’লেবা এখোজ দিলেই ভৰিৰ কঁপনি উঠে! অহেতুক শংকাত দাদা আৰু পেটেলৰ ভৰি কঁপিছিল৷


























পৰৱৰ্তী লেখা :
৫. হট স্প্ৰীঙত গা ধোৱাৰ মজা

No comments:

Post a Comment