অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
১৯৯৯চনৰ ২০ডিচেম্বৰ৷ প্ৰায় ১৬টা বছৰৰ পূৰ্বে সেইদিনাই ইণ্টাৰনেটত পঢ়িবলৈ পোৱা গৈছিল এটা বিশেষ বাতৰি৷ ‘Dong in Arunachal will herald millennium dawn.’ rediff.com খোঁচৰি পোৱা খবৰটোৱে দৃষ্টি আকৰ্ষণ কৰিছিল কৌতূহলী আৰু এডভেন্সাৰপ্ৰেমী ব্যক্তিবিশেষক৷ তাৰ আগতে প্ৰচাৰ হৈছিল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কাটছালত সহস্ৰাব্দৰ প্ৰথম সূৰ্যোদয়ৰ কিৰণ পৰিব৷ পিছে নহয়, ভাৰতীয় মান সময় অনুসৰি প্ৰকৃত ঠাইটুকুৰা আমাৰ গাতে গা লাগি থকা অৰুণাচল প্ৰদেশৰ ডংহে৷ স্বাভাৱিকতে সেই ঘোষণাৰ আগলৈকে সেই ঠাইৰ নাম নুশুনা মানুহেই আছিল সৰহ৷ ৯০ৰ দশকত জীৱনৰ কেইটামান বছৰ অৰুণাচলত কটালেও, পূৰ্বতে তেজু পৰ্যন্ত ভ্ৰমণ কৰিলেও নিজেও মই ডঙৰ নামেই তেতিয়া শুনা নাছিলোঁ বুলি স্বীকাৰ কৰোঁ৷
সি যি কি নহওক, একাংশ লোকৰ মন-মগজু আলোড়িত কৰা সেই বাতৰিটো
আছিল এনেকুৱা... Dong in Arunachal Pradesh and not Katchal in the Andaman and
Nicobar Islands will welcome the first rays of the sun in the next millennium
in the country. According to the Royal Greenwich Observatory, Katchal in
Andaman and Nicobar may be the landmass in the whole world to receive the first
rays of the sun on January 1, but going by the Indian Standard Time it is actually
Dong in northeastern Arunachal Pradesh which will welcome the millennium in
mainland India, scientists in Guwahati say. Dong is a small pristine valley of
breathtaking beauty near Walong in Lohit district of the state. The Survey of
India officials confirm that Dong being located further east than Katchal, dawn
will break over the former ahead of the Nicobar Island, which incidentally is
being hyped as the destination of the millennium. There are no motorable roads
to Dong and even Walong is difficult to reach. But its natural beauty is beyond
comparison. The state government officials, when contacted expressed complete
ignorance of this rare opportunity to promote tourism in the virgin valley at
the foothills of the Himalayas and a paradise for trekking. According to G. C.
Das, in-charge of the Guwahati office of the Survey of India, Dong is located
at 97 degrees longitude and 28 degrees latitude while Katchal is located at
93.30 degrees longitude and a latitude of 8 degrees. Renowned astrologer R. P.
Sharma said dawn will break over Dong at 0554 hours and 11 seconds on January
1, 2000 while the Royal Greenwich Observatory in their Internet site said
Katchal will receive the first rays of the sun at 0600 hours, almost six
minutes later than Dong.
প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক চিৰন্তন৷ কাজেই মূৰামূৰি সময়ত ওলোৱা প্ৰাকৃতিক পৰিঘটনাজনিত উপৰিউক্ত বাৰ্তাটোৱে উত্তেজনাৰে তোলপাৰ লগাই দিছিল এচাম এডভেন্সাৰপ্ৰিয় মানুহৰ মনবোৰ৷ তাকে লৈ ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্যই গীতেই এটা ৰচি পেলাইছিল... ‘অৰুণাচলৰ মিঠা ৰ’দ-কাঁচলিত ... নিৰল আদিম সৰু গাঁও এখনি ... নাম দিলে ডং যাৰ আকাশে আজি ... উঠিছে শতিকাৰ প্ৰথম বেলি...’৷ গাইছিল সুকণ্ঠী গায়িকা সন্ধ্যা মেননে৷ গীতটিৰ বিষয়ে ময়ো অজ্ঞ আছিলোঁ৷ সৌভাগ্যক্ৰমে আমাৰ এই যাত্ৰাটোৰ দিনদিয়েক আগতে স্বয়ং গীতিকাৰৰ সৈতে যোগাযোগ স্থাপন হৈছিল৷ তেখেতৰ যোগেদিয়েই কম্পেক্ট ডিস্ক এখন আপোনা-আপুনি এদিন মোৰ হাত পালেহি! তাৰ পিছৰ পৰা এই গীতটো ঊধাই-মূধাই শুনিছোঁ৷ কাকতালীয় সংযোগটোৰ বিষয়ে ভাবি আচৰিত লাগে এতিয়াও৷
ইফালে কাটছালত মিলেনিয়াম চানৰাইজ চাবলৈ উৎসুক আৰু কৌতূহলী হৈ পৰিছিল একাংশ পৰ্যটক৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয়ে আন্দামান নিকোবৰৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰৰ পৰা ২৩০ নটিকেল মাইল আঁতৰত অৱস্থিত সেই সমুদ্ৰদ্বীপটোলৈ যাব বিচৰাসকলৰ বাবে কিছুমান ব্যৱস্থা কৰি দিছিল৷ আনহাতে ডং, য’ত দেশৰ ভিতৰতে প্ৰকৃতপক্ষে পোনপ্ৰথম সহস্ৰাব্দৰ সূৰ্যোদয় দৃষ্টিগোচৰ হ'ব, তালৈ ভ্ৰমণ কৰাৰ কোনো ব্যৱস্থাই গঢ় লৈ উঠা নাছিল৷ বহুতেই গমো নাপালে যে জীৱনকালতেই বিৰল তেনেকুৱা এটা গুৰুত্বপূৰ্ণ মহাজাগতিক মুহূৰ্ত আমাৰ পৰা মাত্ৰ কেইশমান কিল’মিটাৰ সমীপতে দৃশ্যমান হ’বলৈ গৈ আছে৷
ইফালে কাটছালত মিলেনিয়াম চানৰাইজ চাবলৈ উৎসুক আৰু কৌতূহলী হৈ পৰিছিল একাংশ পৰ্যটক৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয়ে আন্দামান নিকোবৰৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰৰ পৰা ২৩০ নটিকেল মাইল আঁতৰত অৱস্থিত সেই সমুদ্ৰদ্বীপটোলৈ যাব বিচৰাসকলৰ বাবে কিছুমান ব্যৱস্থা কৰি দিছিল৷ আনহাতে ডং, য’ত দেশৰ ভিতৰতে প্ৰকৃতপক্ষে পোনপ্ৰথম সহস্ৰাব্দৰ সূৰ্যোদয় দৃষ্টিগোচৰ হ'ব, তালৈ ভ্ৰমণ কৰাৰ কোনো ব্যৱস্থাই গঢ় লৈ উঠা নাছিল৷ বহুতেই গমো নাপালে যে জীৱনকালতেই বিৰল তেনেকুৱা এটা গুৰুত্বপূৰ্ণ মহাজাগতিক মুহূৰ্ত আমাৰ পৰা মাত্ৰ কেইশমান কিল’মিটাৰ সমীপতে দৃশ্যমান হ’বলৈ গৈ আছে৷
নেদেখাক দেখাৰ একান্ত ইচ্ছা আৰু হৃদয়ৰ উদ্যমক নেওচিব নোৱাৰি নামমাত্ৰ কেইজনমান অসমীয়াইহে অশেষ কষ্ট স্বীকাৰ কৰি ডঙত উপস্থিত হৈছিলগৈ৷ তেনেকৈয়ে পাৰ হৈ গৈছিল ২০০০চনৰ ১জানুৱাৰী৷ সাংবাদিক মৃণাল তালুকদাৰে এই বিষয়ে পিছত লিখিছিল৷ তাৰ পিছতো ভাৰতভূমিৰ প্ৰথম হিচাপে ডঙত নিতৌ সূৰ্যৰ কিৰণ পৰিয়েই আছে৷ কালি ডং সংযোগী ওলোমা সেতুৰ তলত গা ধুবলৈ যাওঁতে বাটতে পোৱা টুৰিজিম ডিপাৰ্টমেণ্টৰ ঘৰকেইটাৰ তথৈবচ অৱস্থা দেখিয়ে বুজিবলৈ অকণো অসুবিধা হোৱা নাছিল যে দেশৰ ভিতৰতে ব্যস্ত আৰু আকৰ্ষণীয় টুৰিষ্ট স্পট হোৱাৰ, এডভেন্সাৰ আৰু নেছাৰেল টুৰিজিমৰ এশ শতাংশই সম্ভাৱনা থকা ডং এতিয়াও আমাৰ মনে বিচৰামতে একেবাৰে গঢ় লৈ উঠা নাই৷ সময় কিন্তু নিজস্ব গতিৰে বাগৰি গৈ আছে৷ অৰুণাচলৰ পাহাৰত কি বিচিত্ৰতা লুকাই আছে তাৰ যথোপযুক্ত উদ্ঘাটন হ’বলৈ, সঠিক বাতৰি বিলাবলৈ আজিও বাকী৷ কোনো প্ৰচাৰেও যেন মুঠেই চুব পৰা নাই ‘natural paradise on earth’ বুলি অভিহিত কৰিব পৰা দেশৰ পূব কোণৰ সেই সৰু অথচ বিশেষত্বপূৰ্ণ ঠাইটুকুৰাক! আন যি কি নহওক, ডঙক লক্ষ্য কৰিয়ে কষ্টসাধ্য যাত্ৰা এটাৰে আহি আহি আমি ৱালং পাইছোঁ৷ ৱালঙৰ শেষ কাৰ্যসূচী হিচাপে হেঁপাহৰ ডঙলৈ যাবলৈ তৈয়াৰ হৈছোঁ৷ কৌতূহলৰ জুইকুৰা নিৰ্বাপিত কৰাৰ সময় চাপি আহিছে৷
নিশা চাৰে বাৰ বাজি গৈছে তেতিয়া৷ ম’বাইলত দি থোৱা এলাৰ্মটোন অহৰহ বাজি আছে৷ সাৰ পায়ে একে জাঁপে বিছনাৰ পৰা নামিলোঁ৷ কাৰণটো এটা দীৰ্ঘদিনীয়া সপোন, যি সপোনে শুই থাকিবলৈ নিদিয়ে৷ উঠাৰ লগে লগে স্ৰোতস্বিনী লোহিতৰ হৰহৰণিৰ শব্দটোও কাণত বাজিব ধৰিলে৷ তাৰ ওপৰঞ্চি বেলেগ ধৰণৰ আৱাজ এটাও ধৰা পৰিল! মধ্যনিশাৰ ভৌতিক পৰিৱেশটোক মষিমূৰ কৰি ধপধপাই খোজ পেলাই পিছফালৰ দৰজাখন খুলি দিলোঁগৈ৷ দেখো যে অৰুণদাৰ সেই ‘মেণ্ডলিনৰ টিং-টাং শব্দৰ খেলা’! অদূৰৰ পাইনবোৰৰ পৰাও ঝৰঝৰণি কিছুমান ভাহি আহিছে৷ তথাপিওযে আশাত বন্দী মন! দাঁত ব্ৰাছ কৰা, শৌচ কৰা, পানী খোৱা, ড্ৰেছ কৰা কামবোৰ ঘপাঘপ কৰি পেলালোঁ৷ সময়ৰ কথা আছে৷ বাকীসকলকো ইতিমধ্যে চিঞৰ লগালোঁ৷ অনিলদা উঠিল যদিও পাহাৰ বগোৱাৰ ইচ্ছা নাই৷ ৰখীয়া হিচাপে তেওঁ আই.বি.তে থাকিব খুজিলে৷ সঞ্জু, অৰুণদা আৰু মই পেটেলক লৈ গাড়ীৰে ওলাই যাম৷ টিংকা তাত মজুত থাকিব৷ হৰ্ণ দিলেই ওলাই আহিব৷ কালিয়েই কথা পতা আছে৷
ভাৰতৰে পূৰ্বদিশৰ সূৰ্য উঠা দেশ এইখন৷ এই অৰুণাচলৰে সবাতোকৈ পূবত দেশৰ ভিতৰত সকলো ঠাইতকৈ আগেয়ে সূৰ্যই দেখা দিয়াডোখৰেই হৈছে ডং৷ ৱালঙৰ কাষৰীয়া এই ঠায়ে প্ৰতিদিনে পুৱা দেশবাসীৰ কাৰণে নৱউদিত সূৰ্যটোক আদৰি আনে৷ কাৰণ ডঙতেই হয় প্ৰতি পুৱা ভাৰতৰ প্ৰথম সূৰ্যোদয়৷ তিনিখন ৰাষ্ট্ৰ ক্রমে ভাৰত, চীন আৰু ম্যানমাৰৰ সীমাই পৰস্পৰে পৰস্পৰক চুই থকা ভূখণ্ডৰ তেনেই ওচৰত, লোহিত আৰু চাই-টি নৈৰ মিলনস্থলৰ সমীপত, সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৪০মিটাৰ উচ্চতাত অৱস্থিত এই ঠাই৷ ভৌগোলিক অৱস্থান ২৮ডিগ্ৰী১৬'৬৪'' উত্তৰ অক্ষাংশ আৰু ৯৭ডিগ্ৰী০৩'৮১'' পূব দ্ৰাঘিমাংশ৷ অমলিন প্ৰাকৃতিক সৌন্দৰ্যৰে ডং আজিও সমুজ্জ্বল য’ৰ পৰা ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বপ্ৰথমে পুৱাৰ সূৰুযে হেঙুলী কিৰণেৰে দেশবাসীক সুপ্ৰভাত জনায়৷ সেই ঠাই পৰ্বতৰ ওপৰৰ এক সমতলভূমি অৰ্থাৎ মালভূমি যাৰ দূৰত্ব ডং গাঁৱৰ পৰা থিয়ৈ থিয়ৈ প্ৰায় ২কিল’মিটাৰ৷ দুফালে বৃহৎ পৰ্বত, কাষেৰে লোহিত নৈখন৷ প্ৰায় ৪,০০০ফুট ওখ শৃংগ৷ তাৰ পৰা চীনলৈ পোনে পোনে বতাহত ১০কিল’মিটাৰমানহে৷ সেইখন ডঙকে লৈ আমিও উত্ৰাৱল হৈ আছোঁ৷
লোহিতৰ ওপৰত ওৰেটো বাটত ধেনুভিৰীয়াকৈ কেইবাখনো ওলোমা সাঁকো আহোঁতে-যাওঁতে ইতিমধ্যে আমাৰ চকুত পৰিছে৷ ৱালং আৰু কিবিথোৰ মাজত অৱস্থিত ডঙলৈ যাবলৈও তেনেকুৱাই ব্যৱস্থা৷ পকী দলং নাই হেতুকে পথ যোগাযোগ নাই৷ খোজ কাঢ়িবই লাগিব৷ এসময়ত এডাল তাঁৰেই আছিল নদীখন পাৰ হোৱাৰ উপায়৷ তাতে ধৰি পাৰ হৈছিল মিছিমি, জাখ্ৰিং অধিবাসী৷ সেনা বাহিনীৰ লোকসকলৰ বাবেও ১৯৬২ৰ যুদ্ধৰ সময়তো আনকি উপায় সেই একেটাই আছিল৷ এতিয়া যেনিবা ফুট ব্ৰীজ হৈছে৷ কালি সেয়া আমি দেখা পাই আহিছোঁ৷ তলৰ নদীপৃষ্ঠৰ পৰাই ভালদৰে চাই লৈছোঁ৷ আজি পাৰ হ’ম৷ তাকে লৈ কতযে উত্তেজনা, জল্পনা-কল্পনা! স্বাভাৱিক কথা৷
১৩০ফুট দৈৰ্ঘ্যৰ এখন ওলোমা সেতুৰ ওপৰেদি ৩০ফুট তলত হৰহৰাই বৈ থকা লোহিত নৈখন পাৰ হ’ব লাগিব৷ ট্ৰেকিঙৰ বিকল্প অইন উপায় নাই৷ ৱালঙৰ পৰা তালৈ দূৰত্ব ৭কিল’মিটাৰ৷ লোহিতৰ সিপাৰে অৱস্থিত ডং এখন সৰু অথচ ধুনীয়া গাঁও৷ চহকী সাংস্কৃতিক সম্পদেৰে সমৃদ্ধ মেয়ৰ জনগোষ্ঠীৰ লোকৰ আৱাসস্থল সেয়া৷ পাইন বনাঞ্চল আৰু বৰফাবৃত্ত পাহাৰে ঠাইখিনি বেৰি আছে৷ খোজ কাঢ়ি পাহাৰ বগাই মালভূমিটোলৈ প্ৰায় ১ঘণ্টা ৩০মিনিটৰ বাট৷ পঢ়িবলৈ পোৱামতে সহস্ৰাব্দৰ প্ৰথম ভাৰতীয় সূৰ্যোদয়ৰ অপূৰ্ব দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে আগদিনাই আহি ৱালঙত থাকি মাজনিশা ২বজাতে দৰ্শনকাৰীসকল সাজু হৈছিল৷ মিলেনিয়াম পইণ্টলৈ যাবৰ বাবে ভাৰতীয় সেনাৰ অনুমতিৰ প্ৰয়োজন আছিল৷ ডং উপত্যকাটো পাৰ হৈ পোৱা মালভূমিৰ পৰা সেই মহাজাগতিক দৃশ্য দেখা গৈছিল৷
বাতৰি কাকতত প্ৰথমবাৰৰ বাবে ডঙৰ নাম প্ৰকাশ হৈছিল ২০০০চনত৷ কেইগৰাকীমান অনুসন্ধিৎসু পৰ্যটকৰ সহস্ৰাব্দৰ সূৰ্যোদয় দৰ্শনে ব্যাপক প্ৰচাৰ লাভ কৰাৰ পিছৰ পৰাহে দৰাচলতে অৰুণাচল চৰকাৰেও ডঙৰ প্ৰতি অকণমান হ'লেও গুৰুত্ব দিবলৈ আৰম্ভ কৰে৷ সৃষ্টিৰ সৌন্দৰ্যৰ সেই নিভাঁজ থলীত সামৰিক বাহিনীৰ জোৱানৰ বাহিৰে বহিৰ্বিশ্বৰ মানুহে তেতিয়াৰ পৰাহে ভৰি দিবলৈ আৰম্ভ কৰিছে বুলি কোৱা হয়৷ নাজানো তেনেকুৱা কিমান মানুহৰ খোজ পৰিছে ডঙৰ বুকুত৷ আমি আহিছোঁ, নিজৰ খোজ ৰাখিবলৈ৷ ডঙত আঁৰত ৰাখিয়েই আমাৰ কিবিথোলৈ আগমন৷
কিতাপত পঢ়ামতে সহস্ৰাব্দৰ আৰম্ভণিতে ঠাইখনত অধিবাসী নাছিলেই৷ কেৱল তিনিঘৰ মানুহ৷ তাকে লৈয়ে গাঁওখন৷ ৱালং পাবলৈ গাঁওবাসীয়ে ডেৰ ঘণ্টা খোজ কাঢ়িবলগীয়া হয়৷ সিপাৰে যান-বাহন চলাচলৰ কোনো ৰাস্তা নাই৷ সাহসক সাৰথি কৰি ৰ’পৱেত নিজকে জুঁটি পুলিৰ সহায়ত স্লাইড কৰি মিনিটৰ ভিতৰতে পাৰ হোৱাৰ ব্যৱস্থা আছিল খৰস্ৰোতা লোহিতৰ ওপৰেদি৷ তেনেকৈয়ে কোলাত কেঁচুৱা লৈ মহিলাও পাৰ হৈছিল৷ তেনেকৈয়ে ল’ৰা-ছোৱালীয়ে ৱালঙত স্কুলত পঢ়িবলৈ গৈছিল৷ ভাবিয়ে আচৰিত লাগে, বিপদক সন্মুখত লৈ প্ৰতিবাৰতে যেন সেয়া একো একোটা এডভেন্সাৰ! আৰ্মীৰ লোকসকলৰ সৈতে কথা-বতৰা পতা আৰু স্কুলত শিকাৰ ফলতে লোকসকলে আন ভাৰতীয় ভাষা নাজানিলেও ৰাষ্ট্ৰভাষা অন্ততঃ ভালকৈ ক’ব পাৰে৷ বহিৰাগতৰ সৈতে ভাব-অনুভূতি আদান-প্ৰদানৰ সেয়াই মাধ্যম৷ মানুহখিনিৰ মৰসাহসৰ কথা কল্পনা কৰি তেতিয়াই চিন্তিত হৈ পৰিছিলোঁ আৰু যাবলৈ, চাবলৈ, লগ পাবলৈ মন গৈ আছিল৷
ডঙত থকা সকলো লোকেই খেতিয়ক৷ পাহাৰৰ বক্ষত যি সামান্য সমতল ঠাই আছে তাতে জুম পদ্ধতিৰে ধান, মাকৈ আদিৰ খেতি কৰে লামা সম্প্ৰদায়ৰ সেই মানুহকেইঘৰে৷ কুকুৰা, গাহৰি আদিও পোহে তেওঁলোকে৷ ডঙত বাস কৰা লাদু, পুতচাং, জাজি, দৰমা, দৰজি, টিংকাহঁতৰ নামবোৰ কিতাপত পাইছিলোঁ৷ বহিঃজগতৰ সৈতে তেওঁলোকৰ সংযোগ তেনেই সীমিত৷ তাৰে মাজৰ কোনো কোনোৱে বৰ বেছি তেজুলৈকে গৈছে৷ নিজৰ ৰাজ্যখনৰ ৰাজধানী চহৰ ইটানগৰ হ’লে দেখাগৈয়ে নাই৷ তাত চৰকাৰে থাকে বুলি শুনিছে অৱশ্যে৷ আৰু নতুন দিল্লী? তেনেকুৱা ঘোকোটৰ পৰা বহুত দূৰ৷ কল্পনা কৰাও টান৷ আমি সেইসকলৰ মাজৰ কাৰোবাক নহয় কাৰোবাক নিশ্চয় লগ পাম বুলি আগৰে পৰাই আশাবাদী আছিলোঁ৷ কালি বিয়লি টিংকাক ভাগ্যক্ৰমে পালোঁ৷ এতিয়াও তায়ে আমাৰ সাৰথি হ’ব৷ চুক্তি হৈ গৈছে৷
তেজুৰ পৰা ডঙলৈ দূৰত্ব ২১৫কিল’মিটাৰ৷ হায়ুলিয়াঙৰ পৰা ১১২কিল’মিটাৰ৷ তিনিচুকীয়াৰ পৰা পূবে ৩৫০কিল’মিটাৰ৷ আগতে ডঙলৈ যাবলৈ হ’লে সৈন্য বাহিনীৰ ওপৰত একান্তই নিৰ্ভৰ কৰিবলগীয়া হৈছিল৷ সেনাৰ অনুমতি লৈ ৱালঙৰ পৰা কিছুদূৰ গাড়ীৰে আগুৱাই তাৰ পিছত সোঁৱে সোমাই একেৰাহে ট্ৰেকিং৷ আমি পিছে কাৰো অনুমতি লোৱা নাই৷ নিজৰ ইচ্ছাত আহিছোঁ, ঘূৰিছোঁ, ফুৰিছোঁ৷ একো বাধাও পোৱা নাই ক'তো কাৰো পৰা৷
সকলো সাজু হৈ পৰিছিল৷ ঠিক তেনেতে বৰষুণজাক বাঢ়িবলৈ ধৰিলে৷ মুখৰ আগত, তললৈ, ৱালং ৰাণৱে'ৰ হেল'জেনকেইটাই অান্ধাৰ নাশ কৰি বীৰদৰ্পে পোহৰ বিলাই আছে৷ তাৰ বাদে বাকীফালে ঘোপ মৰা অন্ধকাৰ৷ বাহিৰখনলৈ লক্ষ্য ৰাখি অশান্ত মনেৰে বেছ কিছুপৰ বাট চালোঁ৷ নাই৷ কমাৰ কোনো লক্ষণেই নাই৷ টোপালবোৰ ক্ৰমাৎ ঘনহে হৈ পৰিল! ইফালে টিংকাই কৈয়ে দিছিল, ‘বাৰিষ আনেছে আকে ক্যা ফায়দা? মত আনা’ বুলি৷ পৰিস্থিতিলৈ চাই খৰতকীয়াভাৱে সিদ্ধান্ত ল’বলগীয়াত পৰিলোঁ৷ ঠিক হ’ল যে পুৱা সোনকালে উঠি যাত্ৰা কৰিম৷ ট্ৰেকচুটযোৰ নুখুলিলোঁ৷ যিয়ে যেনেকৈ আছিলোঁ তেনেকৈয়ে নতুনকৈ এলাৰ্ম দি শুই থাকিলোঁ৷
পৰৱৰ্তী লেখা :
২. অযুত আশা বুকুত বান্ধি ওলালোঁ ডঙলৈ বুলি
পৰৱৰ্তী লেখা :
২. অযুত আশা বুকুত বান্ধি ওলালোঁ ডঙলৈ বুলি
No comments:
Post a Comment