অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
প্ৰতিদিনেই পুৱা শুই উঠাৰ পিছত সূৰ্যটোলৈ এবাৰ
চাওঁ৷ এনেয়ে৷ এটা যেন অভ্যাস৷ যেনেকৈ নীলা আকাশখন চাওঁ৷ বগা ডাৱৰবোৰ চাওঁ৷ নিশাৰ তৰাভৰা
পৰিমণ্ডল চাই আপোন-পাহৰা হওঁ৷ নাৰিকলজোপাৰ পাতৰ ফাঁকেৰে, তামোলজোপাৰ দাঁতিৰে, জৰীজোপাৰ ওপৰেৰে, বিভিন্ন সময়ত
বিভিন্ন স্থানত ৰয়হি উদিত সূৰ্যটো৷ নোচোৱাকৈ নাথাকো৷ দেখিলেই এবাৰ চাওঁ৷ কিমানযে প্ৰচুৰ আৰু প্ৰচণ্ড শক্তিৰ
ভাণ্ডাৰ এই সূৰ্যদেৱ! সৰুৰে পৰাই দেখি আহিছোঁ, ক’ৰ পৰাযে ওলাইহি সদায় পুৱাই পুৱাই! বহুতে আকৌ সূৰ্যলৈ চাই নমস্কাৰ
কৰাও দেখোঁ৷
‘সূৰ্য পূবফালে উদয় হয়’ বুলি প্ৰাথমিক বিদ্যালয়ত পঢ়োঁতে বহুতৰে দৰে আমিও হাতৰ আখৰ লিখিছিলোঁ৷ তিনি শাৰীকৈ, পৰিষ্কাৰ আৰু গোট গোটকৈ৷ ভূগোল-সাধাৰণজ্ঞানৰ কিতাপ পঢ়ি পূবনো কোনফালে বুলি ছাৰ-বাইদেৱে প্ৰশ্ন কৰিলে বা ঘৰতো সুধিলে ক’ব জানিছিলোঁ৷ যিপিনে সূৰ্য উদয় হয় সেইপিনেই পূব দিশ৷ তাৰ বিপৰীতে, মূৰৰ পিছফালে পশ্চিম৷ বেলিটোৰ ফালে চাই থিয় হৈ হাত দুখন মেলি দিলে বাঁওহাতে উত্তৰ, সোঁহাতে দক্ষিণ৷ 'দিশ নিৰ্ণয়' নামৰ পাঠটোৰ কথাবোৰ তেতিয়াই খৰচি মাৰি শিকিছিলোঁ৷ চতুৰ্দিশৰ কথা মনত ৰৈ গৈছিল নিৰহ-নিপানীকৈ৷ তাৰ পিছত আহিল ঈশান, অগ্নি, নৈঋত, বায়ু, ঊৰ্ধ্ব আৰু অধঃ৷ দশোদিশ৷ কিন্তু পোনতে পূব৷ প্ৰথমে সূৰ্য৷ সূৰ্যই কেউটা দিশৰে আধাৰ৷
কিতাপতেই এদিন পঢ়িবলৈ পাইছিলোঁ, ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ বিষয়ে৷ ভাৰতৰে পূৰ্বদিশত সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশখন ভূগোলৰ মানচিত্ৰত দেখিছিলোঁ৷ কিন্তু অৰুণাচলৰ পূব কেনি? বিচৰা নাছিলোঁ৷ দৰকাৰো নাছিল৷ চন ১৯৯৯ৰ শেষভাগতহে গম পাইছিলোঁ, অৰুণাচলৰ পূব, মানে ভাৰতবৰ্ষৰ পূবনো আচলতে কোনটো৷ আৰু তেতিয়াৰ পৰা সেই পূবত পদাৰ্পণ কৰাৰ প্ৰবল অনুসন্ধিৎসা এটাই মনটোক উত্ৰাৱল কৰি ৰাখিছিল৷ এমুঠিমান ভাগ্যৱানৰ সহস্ৰাব্দৰ সূৰ্যোদয় দৰ্শনৰ খবৰে মোকো পাগল কৰি তুলিছিল৷ পিছলৈ গুগুল মেপ, চেটেলাইট ইমেজেৰী আদিত বিচাৰি ঘূৰ্মুটিয়াই ফুৰিছিলোঁ৷ কালি-পৰহি সেই অভিলাষ পূৰ্ণ হ’ল৷ অৰুণাচলৰ পূব, স্বদেশৰ পূব দেখিলোঁ৷ মেপ বা ইণ্টাৰনেটত নহয়, স্বচক্ষে৷ বেলিটো যিফালেদি ভাৰতলৈ সোমাই আহে সেই ঠায়ো পালোঁগৈ৷ সূৰ্য হেনো নামি আহে এই বাটেৰেই বুলি কোৱা স্থান ডং উপত্যকা, ডং মালভূমি, ডং গাঁৱত সোঁশৰীৰে উপস্থিত হ’লোঁ৷ ঠিক যেনেকৈ ভাবিছিলোঁ তেনেকৈ৷ জীৱনৰ বাবে এয়া যেন এটা মধুময় সফলতা আৰু সাৰ্থকতা৷ জীৱনৰ এটা অৱশ্যকৰণীয় কাম যেন সমাধা হ’ল৷
এতিয়া সূৰ্যটোলৈ চাই আগতকৈ বেছি ভাল লাগে৷ আমাৰ দেশলৈ সূৰ্য
অহাৰ বাটটো আমি দেখা পালোঁ, চিনি পালোঁ৷ এতিয়াও প্ৰতিদিনেই পুৱা শুই উঠাৰ পিছত সূৰ্যটোলৈ
আগৰ দৰেই এবাৰ চাম৷ এনেয়ে নহয়৷ এতিয়া মই জানো, ভাৰত ভূমিৰ পূব প্ৰান্তৰ কোনটো ঢালেৰে এই শক্তিধৰ আহি আমাৰ সন্মুখত উপস্থিত হৈছেহি৷ আৰু সেই ভাবনাটোৱেই প্ৰতিটো দিনৰ আৰম্ভণিতে,
পুৱাই পুৱাই দি যাবহি অবৰ্ণনীয় এক সুখানুভূতি৷ তেনে বিৰল সুখানুভূতিৰ অংশীদাৰ হ’ব বিচাৰিলে আনেও পাৰে৷
কোনে জানো কৈছিল, অৰুণাচল বুলিলে এনে কিছুমান ঠাই আছে যিবোৰে বিশ্বৰ যিকোনো সৌন্দৰ্যময় ঠাইৰ লগত সহজেই ফেৰ মাৰিব পাৰে৷ আমি হেনো সেইবোৰ দেখাই নাই৷ হ’ব পাৰে৷ এই ৰাজ্যখনৰ তেনেকুৱা ঠাইবোৰৰ কিছুমান হয়তো অতি ভিতৰত, কিছুমানলৈ সুচল পথৰ আজিও অভাৱ৷ আন নালাগে, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ অৱশিষ্ট উদ্ধাৰ অভিযানত দেখা দিয়া জটিলতালৈ মন কৰিলেই সহজে বোধগম্য হয় অৰুণাচল প্ৰদেশৰ অভ্যন্তৰ কেনেকুৱা অৰণ্যঘন, দুৰ্গম আৰু জয়াল৷ গতিকে ক'ব পাৰি, অৰুণাচলৰ অধ্যয়ন আৰু গৱেষণা এতিয়াও বহুত বাকী৷ সেয়ে লোকচক্ষু বা ধাৰণাৰ পৰা সেইবোৰ আঁতৰ আৰু আৱিষ্কাৰৰ পৰা আজিৰ তাৰিখতো বঞ্চিত হৈ আছে৷ তেনেকুৱা উদঘাটনবোৰ কেতিয়া হ’বগৈ নাজানো৷
কোনে জানো কৈছিল, অৰুণাচল বুলিলে এনে কিছুমান ঠাই আছে যিবোৰে বিশ্বৰ যিকোনো সৌন্দৰ্যময় ঠাইৰ লগত সহজেই ফেৰ মাৰিব পাৰে৷ আমি হেনো সেইবোৰ দেখাই নাই৷ হ’ব পাৰে৷ এই ৰাজ্যখনৰ তেনেকুৱা ঠাইবোৰৰ কিছুমান হয়তো অতি ভিতৰত, কিছুমানলৈ সুচল পথৰ আজিও অভাৱ৷ আন নালাগে, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ অৱশিষ্ট উদ্ধাৰ অভিযানত দেখা দিয়া জটিলতালৈ মন কৰিলেই সহজে বোধগম্য হয় অৰুণাচল প্ৰদেশৰ অভ্যন্তৰ কেনেকুৱা অৰণ্যঘন, দুৰ্গম আৰু জয়াল৷ গতিকে ক'ব পাৰি, অৰুণাচলৰ অধ্যয়ন আৰু গৱেষণা এতিয়াও বহুত বাকী৷ সেয়ে লোকচক্ষু বা ধাৰণাৰ পৰা সেইবোৰ আঁতৰ আৰু আৱিষ্কাৰৰ পৰা আজিৰ তাৰিখতো বঞ্চিত হৈ আছে৷ তেনেকুৱা উদঘাটনবোৰ কেতিয়া হ’বগৈ নাজানো৷
আন দিনাৰ দৰে আজিও পুৱা সোনকালেই উঠা হ’ল৷ আনহাতে পূব দৰ্শনৰ সুখনিদ্ৰাত মজি সঞ্জু উঠাই নাছিল৷ গতিকে অকলেই কিছু দূৰ খোজ কাঢ়িবলৈ বুলি ওলাই গ'লোঁ৷ হাৱাইৰ ৰাস্তাত ফুৰি থাকোঁতেই পাহাৰৰ ওপৰেদি পূব আকাশত বেলিটোৰ আগমনৰ আভাস বিৰিঙি উঠিল৷
দুমহলীয়া আই.বি.টোৰ ওপৰলৈ যোৱা চিৰি বগাই উঠি অকলেই সূৰ্যোদয়ৰ দৃশ্য উপভোগ কৰাত ধৰিলোঁ৷
কেমেৰা আৰু হেণ্ডিকেমটো সক্রিয় হৈ উঠিল৷ ৰাতিপুৱাৰ কোমল ৰ’দজাকৰ পোহৰ পৰি হাৱাইখন জলমলাই উঠিছে৷ ওপৰৰ পৰাই একান্তমনে সেয়া নিৰীক্ষণ
কৰিলোঁ৷ যেন শিখৰৰ উচ্চতাৰ পৰা প্ৰকাণ্ড চাৰ্চ লাইট এটা মাৰি পঠিওৱা হৈছে হাৱাই নামৰ পুখুৰীটোলৈ! সঁচা
অৰ্থত দৃশ্যটো তেনেকুৱাই আছিল৷
অলপ পাছত আই.বি.ৰ সন্মুখৰ ভিউ পইণ্টলৈ ওলাই আহিলোঁ৷ বাহিৰত ফেৰ্ফেৰীয়া ঠাণ্ডা বতাহ৷ ৱিণ্ডচিটাৰটো গাত সুমুৱাই লৈছিলোঁ গুণেহে ৰক্ষা৷ কাণ দুখনো টুপীটোৰে ঢাকি থুঁতৰিৰ তলত গাঁঠি মাৰি লৈছোঁ৷ নহ’লে উপায় নাই৷ বতাহে জেকেটটো ফুলাই দিছে৷ ৱালঙৰ বলিয়া বতাহৰ কথা শুনিছিলোঁ যদিও সেইজাকৰ আক্রমণৰ মুখামুখি নহ’লোঁ৷ কিন্তু এতিয়া হাৱাইত যি জোৰদাৰ বতাহ পাইছোঁ, পেলাই দিওঁ পেলাই দিওঁ যেনেই কৰে দেখোন! বস্তু-বাহানি উৰুৱাই নি কেনে অথন্তৰযে নঘটাব এই বতাহে, ভাবিবকে নোৱাৰি৷
অলপ আগতে গা ধুই উঠিছিলোঁ৷ এবাৰ ৰুমলৈ গৈ শুকুৱাবৰ বাবে
গামোচাখন বাহিৰলৈ লৈ আহিলোঁ৷ ভিউ পইণ্টৰ ৰেলিং এডালত মেলি দিলোঁ যদিও এহাতেৰে টানকৈ খামোচ মাৰি থাকিবলগীয়া হ’ল৷ অন্যথা এইটো ঠিক যে কেনেবাকৈ
নিব লাগিলে উৰুৱাই কোনোবা ধুবুৰীত পেলাবগৈ৷ তলৰ পৰা বুটলি অনা মস্কিলেই হ’ব৷ সেই বতাহত উৰি
উৰিয়ে কম সময়ৰ ভিতৰতে শুকাই থাকিল মোৰ ফুলাম গামোচা৷ মাজে মাজে বায়ুৰ গতিবেগ ইমানেই প্ৰবল হৈ পৰিছিল
যে দেহা সবল নহ’লে বিপদেই আছিল৷ ক্ষীণ-মিন মানুহক বগৰাই পেলোৱাটো একেবাৰে খাটাং৷ হাৱাই নামটোৱেই জনাই দিয়ে হাৱা অৰ্থাৎ বতাহৰ কথা৷ মিছিমি ভাষাত
হাৱাই মানে অৱশ্যে পুখুৰীহে৷ বতাহৰ লগত সম্পৰ্ক নাই৷ ভিউ পইণ্টৰ পৰা চাওঁতে অদূৰত পুখুৰী
এটা দেখা পাইছিলোঁ৷ তাৰ চাৰিওফালে ৰাস্তা আৰু বহিবলৈ বেঞ্চ সাজি দিয়া হৈছে৷ পানী এতিয়া
তেনেকৈ নাই৷ পুখুৰীত কিবা খেতি কৰা যেনহে লাগিছে৷ পুৱা সেই স্থানত ৰৈ থাকোঁতে ডাউক আৰু অন্যান্য চৰাই কিছুমানৰ মাত শুনা
পালোঁ৷ কাউৰীৰ মাতো শুনিলোঁ এফালে৷ ডং মালভূমিতো কাউৰী দেখা পাইছিলোঁ৷ ক’ৰ পৰানো ইয়াত ওলালহি কাউৰী? আচৰিতেই
হ’লোঁ৷ আলহী অহাৰ খবৰ নিষ্ঠাৰে ইহঁতে ইঠাই-সিঠাইকৈ বিলাই ফুৰিছে! অলপ দিন ধৰি ভাবি থকা কথা এটাৰো পুৱাই পুৱাই উত্তৰ পাই গ'লোঁ যে আমাৰ টীম মাৰ্ক' পল'ৰ লগ' অৰ্থাৎ শুভংকৰ চিহ্ন হিচাপে কা-কা কৰি থকা অৱস্থাত থকা কাউৰীৰ ছবি এখনেই চাগৈ উপযুক্ত হ'ব৷
মিছিমি হিলছত সৰল গছৰ আধিক্য লক্ষ্য কৰিছোঁ যদিও আই.বি.ৰ ওচৰে-পাজৰে তেনে জাতৰ গছ এজোপাও চকুত পৰা নাই৷ আনহাতে ডঙৰ পৰা উভতোঁতে সৰি পৰি থকা পাইনৰ পূৰঠ গুটি তিনিটা বুটলি আনিছিলোঁ৷ অথনি ৰুমলৈ যাওঁতে গামোচাখনৰ লগতে সেইকেইটাও লৈ আহিছিলোঁ৷ এতিয়া ৰেলিঙৰ তললৈ তিনি দিশে তাৰে এটা এটাকৈ দলিয়ালোঁ৷ গজে যদি গজিব৷ পিছত আকৌ কেতিয়াবা হাৱাইলৈ আহিলে এই স্থানত পাইন গছ দেখিলে বুজিম৷ ক’ব পাৰিম, অঁ হয়, ১৯৩৭শকৰ পহিলা ব’হাগৰ দিনা ময়েই ইয়াত গুটি পেলাইছিলোঁ৷ এতিয়া ইমানজোপা হ’ল!
পৰৱৰ্তী লেখা :
২. ‘অপিয়াম ভেলী’
পৰৱৰ্তী লেখা :
২. ‘অপিয়াম ভেলী’
No comments:
Post a Comment