Friday, 14 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি৷৷ দিনাংক ১৩.৪.২০১৫
৩৫. টিংকাক লগ পালোঁ



টিলাম পাই আমাৰ গাড়ীখন বাঁওহাতে সোমাল৷ টুৰিজিম ডিপাৰ্টমেণ্টৰ ব্যস্ততাহীন চাংঘৰকেইটাৰ আগেৰে গৈ একেবাৰে শেষৰটোৰ সন্মুখত ৰ’লোঁগৈ৷ তাতে টিংকা থাকে৷ তাই টুৰিজিমৰ চকীদাৰ৷ ইনফৰ্মেচন সিমানেই৷ আগতে কাহানিও দেখা নাই৷ গাড়ীৰ পৰা নামিয়েই সদলবলে সোমাই গ'লোঁ বাউণ্ডেৰীৰ ভিতৰলৈ৷

‘টিংকা দিদি... ...অ’ টিংকা দিদি’ বুলি তলৰ পৰাই দুবাৰ চিঞৰ মাৰি দিলোঁ৷ চিঞৰকেইটা এনে আছিল যেন তাই আমাৰ শতজনমৰ চিনাকিহে! অলপ পাছত ওপৰৰ পৰাই কোনোবা এজনীয়ে ডিঙি মেলি চালে৷ অচিনাকি লোকৰ কণ্ঠত চিনাকি নামষাৰ শুনি চাগৈ আচৰিত হৈছিল৷ গাড়ীসহ পাঁচটাকৈ মতা মানুহক দেখি চিন্তিতও হ’ল কিজানি!  তায়ে টিংকা নেকি? আমাৰো মনত প্ৰশ্ন জাগিল৷ পিছে নহয়, সেইজনী টিংকা নহয়৷ লগে লগে ভিতৰৰ ফালে চাই সেইজনীয়েও 'টিংকা টিংকা' বুলি গগন ফালিলে৷ টিংকা ওলাই আহিল৷ তেনেকৈয়ে প্ৰথমবাৰৰ বাবে দেখা পালোঁ টিংকা বোলাজনীক৷ হাত বাউলি দি তললৈ মাতিলোঁ৷ তাই ষ্টেপেৰে নামি আহিল এখোজ-দুখোজকৈ৷ পি.ডব্লিউ.ডি. আই.বি.ৰ গগৈ বাবুৱে পঠিওৱা বুলি কথা আৰম্ভ কৰিলোঁ৷ গগৈৰ নামটো শুনিয়েই তাই হাঁহি এটা মাৰিলে৷ অৰ্থপূৰ্ণ হাঁহি৷ তাৰ পিছত আমাৰ ডঙলৈ যাব বিচৰা উদ্দেশ্যটো ভাঙি-পাতি ক’লোঁ৷ আকৌ হাঁহিলে৷ নিঃশব্দ হাঁহি৷ 'ডং যায়েগা? ছেকেগা?' প্ৰথম মাতষাৰ ওলাল৷ আচৰিত হ'লোঁ, তাইৰ মুখৰ পৰা পোনেই কিবাহে দেখোন ওলাল!

টিংকাই দলটোত কেইজন আছে, কোনোবা গেৰেলা মানুহ আছে নেকি জানিব বিচাৰিলে৷ কাৰণ অৱশ্যে নথকা নহয়৷ আগনিশা তাই গাইড কৰি নিয়া দলটোত হেনো শকত-আৱত পেটুৱা মানুহ আছিল৷ ট্ৰেকিঙত পৰ্বতৰ ঢালত বগাব নোৱাৰি ফোঁপাই-জোপাই লেবেজান হৈ আধাবাটৰ পৰাই বেক টু পেভেলিয়ন৷ মিছন আনচাকচেচফুল৷ তাই মৰা দ্বিতীয় হাঁহিটো আচলতে তাৰেহেযে প্ৰতিফলন তেতিয়াহে বুজিলোঁ৷ কিছুপৰ ধৰি টিংকাই আধামৰা যেন হৈ পৰা কালিৰ সেই টুৰিষ্টকেইজনৰ কাহিনীটো শুনালে৷ তাৰ সমানেই আমাৰ আটিল শৰীৰকেইটালৈ দৃষ্টি নিক্ষেপ কৰিলে৷ সন্তুষ্টিৰ ভাব এটা যেন বিৰিঙি উঠিল!  পোনতে চিন্তা হৈছিল যদিও এই ভাবি আমাৰো আত্মবিশ্বাস বাঢ়িল যে আমি তেনেহ’লে এইৰ তত্ত্বাৱধানতে লক্ষ্যস্থান পামগৈ৷

ডংমুখী ট্ৰেকিঙৰ বাবে নিশা ১বজাত পোৱাকৈ তাই আমাক সেইখিনিলৈ আহিবলৈ ক’লে৷ সিপাৰৰ গাঁওখনত ঘৰ যদিও তাই ইয়াতেই থাকিব আৰু গাড়ীৰ হৰ্ণ বজাই দিলেই সাউতকৈ আহি যাব৷ চিন্তা কৰিব নালাগে৷ টৰ্চ লাইট লৈ আহিবলৈ ক'লে৷ পাৰিশ্ৰমিক হিচাপে ১,৫০০টকা লাগিব বুলিও খোলাখুলিকৈ জনাই দিলে৷ কোনো কেৰ-জেৰ নকৰাকৈ আমিও মান্তি হ’লোঁ৷ ধনৰ কথা নাই৷ যিকোনো প্ৰকাৰে মুঠতে ডং পাবগৈ লাগে৷ বুজি গৈছোঁ যে স্বপ্নৰ সেই থলীৰ নিচেই ওচৰ চাপিছোঁহি৷ আমি জনাত ইয়াৰ পৰা আৰু মাত্ৰ ডেৰ ঘণ্টাৰ ট্ৰেকিং বাকী৷ পাৰিলে এতিয়াই যাওঁ যাওঁ যেনো লাগিছে৷ ৰাতিটো লাগিলে তাতেই থাকি দিম! সূৰ্যোদয়ৰ বাট বিচাৰি যোৱাৰ এই আকাংক্ষাযে বহুদিনীয়া! গতিকে দুৰু দুৰুকৈ উত্তেজনা আৰম্ভ হৈছিলেই বুলিব লাগিব৷

ইফালে দুপৰীয়া নৈখনৰ প্ৰাকৃতিকভাৱে নাতিশীতোষ্ণ পানীখিনিত গা ধুবলৈ যাওঁতেও ডং যাত্ৰাৰ কথা ওলাইছিল৷ লুংলুঙীয়া বাটটোৰ কাষতে থকা চাংঘৰটোত কেইবাটাও স্থানীয় ডেকা ল’ৰা আৰু গাভৰু কেইজনীমানে কিবা-কিবি কৰি আছিল৷ তাৰে এটাক ডঙৰ বিষয়ে জানিবৰ বাবে কথা কিছুমান সোধা হৈছিল৷ মকু নামৰ ল’ৰাটোৱে তেতিয়া নিজেই কৈ উঠিছিল, ‘ডং যায়েগা? মুঝে লে’ ল’ না৷’ তাক বেছিকৈ প্ৰশ্ৰয় নিদিলোঁ কাৰণ দেউকণ গগৈয়ে টিংকাক লগ ধৰিবলৈহে কৈ পঠিয়াইছিল৷ ই বা আকৌ কি প্ৰকৃতিৰ! মৃণাল তালুকদাৰৰ ‘ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ কিতাপখনৰো ডং যাত্ৰাৰ খণ্ডটোত টিংকাৰ নাম উল্লেখ কৰা আছে৷ কিতাপখনৰ পৰা অনেক তথ্যৰ উপৰি ডং গাঁৱৰ নিবাসীসকলৰ নাম মই আগতেই টুকি লৈছিলোঁ৷ কালি সন্ধিয়া আই.বি.ত নোটবুকখন চাই চাই সেইবোৰ মাতি দিয়াত গগৈ আচৰিতেই হৈছিল৷ কৈছিল, ‘টিংকা আছে৷ লগ পাই যাব৷' বাকী কোনোবা কোনোবা নাই৷ কোনোবা ঢুকাইছে, কোনোবা কিবিথোৰ ফালে গুচি গৈছে৷ তেনেকৈ কোৱাৰ লগে লগে টিংকাক লগ পোৱাৰ ইচ্ছাটো প্ৰৱল হৈ পৰিছিল৷ দেউকণ গগৈৰ কৃপাতে সেই টিংকা এতিয়া আমাৰ চকুৰ সন্মুখত৷ ঈশ্বৰেওনো এনেকৈ মিলাই দিয়েনে! ভাবিলোঁ অলপ সময়৷

‘বাৰিষ আনেছে ক্যা হ’গা?’ টিংকাক ঘেৰি লৈ কথা পাতি আছিলোঁ৷ আমাৰ মাজৰে অনিলদাই তাইক উদ্দেশ্য কৰি হঠাতে সুধি দিলে৷ বতৰটো তেতিয়া ডাৱৰীয়া নাছিল অৱশ্যে৷ আজি আমি সুন্দৰ বতৰ পাইছোঁ৷ ‘বাৰিষ আনেছে আকে ক্যা ফায়দা? মত আনা৷’ টিংকায়ো চিধাচিধিকৈয়ে জবাব দিলে৷ চাফ চাফ কথা৷ আমাৰ সৈতে স্বভাৱৰ মিল আছে৷ হয় যদি হয়, নহয় যদি নহয়৷ পেটত এটা মুখত এটা নহয়৷ তাইৰ এককথীয়া আৰু খাৰাংখাচ ভাবৰ কথা কোৱাৰ ষ্টাইলটো ভাল লাগিল৷ স্পষ্ট উত্তৰ৷


সন্ধিয়া হৈ অাহিছিল৷ বন্দৱস্ত চূড়ান্ত কৰি আমি ঘূৰিলোঁ৷ আকৌ মূল পথত উঠিলোঁহি৷ টিংকাৰ আগত অনাহকতে ডাৱৰীয়া বতৰৰ কথা উলিওৱাৰ বাবে অনিলদাই চলন্ত গাড়ীৰ ভিতৰতে ককৰ্থনা অলপমান শুনিবলগীয়া হ’ল৷ স্বভাৱজাত হাঁহিৰেই তেওঁ সেইখিনি হজম কৰি পেলালে৷ অনিলদাৰ এই গুণটোও মন কৰিবলগীয়া৷

আৰ্মীৰ এলেকাটো পাৰ হৈ গৈ আছোঁ৷ অলপ আগত বাটৰ দাঁতিতে পাব লগা মেয়ৰ ষ্ট’ৰৰ সন্মুখত গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিলোঁ পেটেলক৷ ৰাতিপুৱা  খোজ কাঢ়োতে সঞ্জু আৰু মই তাতে মেয়ৰ টি খাইছিলোঁ৷ ভাবিলোঁ, এতিয়া বাকীসকলেও সোৱাদকণ পাওক৷ নিৰ্দিষ্ট ঠাইখিনিত নমাৰ পিছতে দুচকুৱে অথনিৰ দোকানী ছোৱালী দুজনীক বিচাৰিবলৈ ধৰিলে৷ ৫গিলাচ মেয়ৰ টি বনাই দিবলৈ ক’লোঁ৷ দীৰ্ঘ সময় ধৰি কৰা যাত্ৰাটোত মনৰ প্ৰফুল্লতা আছিল যদিও দেহলৈ সতেজতা আনিবৰ বাবে তাৰ বিকল্প নাছিল৷ ৰাস্তাছোৱাত দোকান-পোহাৰ নায়েই৷ বসতিও নাই৷ মাখন আৰু সামান্য নিমখ মিহলাই কৰা গৰম চাহখিনি খাই খাই আমি যাত্ৰাটোৰ কথাকে পাগুলি থাকিলোঁ৷ কাহোৰ পৰা লগে লগে অহা লোহিতখন তলেৰে বৈ আছিল৷ শৰীৰত ঠাণ্ডা অনুভূত হৈছিল৷ জেকেটটো সুমুৱাই ল'লোঁ৷ অলপ পিছতে ৱালং আই.বি. পাম৷ দেহে-মনে সকলোৰে সন্তুষ্টিৰ প্ৰকাশ, ভাগৰ যেন অকণো নাই!

The world is a book and he who doesn't travel only reads one page বুলি St. Augustineৰ এষাৰি বৰ অৰ্থপূৰ্ণ বাক্য আছে৷ মই হ’লোঁ এক পৃষ্ঠাত সীমাবদ্ধ মানুহ৷ আনহাতে অৰুণদাৰ ভ্ৰমণ-অভিজ্ঞতা সৰহ৷ দলৰ জ্যেষ্ঠ সদস্যও তেওঁ৷ ঈষৎ সেউজীয়া চাহৰ গিলাচটোত চুমুক দিয়ে তিব্বতৰ চুত্‌জাৰ সৈতে মেয়ৰ টিৰ মিল থকাৰ কথা অৰুণদাই তৎক্ষণাৎ ধৰা পেলালে৷ ইতিমধ্যে অৱগত হৈছোঁ যে এই ঠাইৰ নিবাসী মেয়ৰ বা জাখ্ৰিং জনগোষ্ঠীটো একালত তিব্বতৰ পৰা প্ৰব্ৰজিত৷ সেয়ে এওঁলোকৰ মাজত এইবিধ পেয় খাদ্যৰ প্ৰচলন আমি দেখা পাইছোঁ বুলি আমাৰ আলোচনাটোৱে এটা ধাৰণা দিলে৷ সৌভাগ্যই এই স্থানত এয়া দ্বিতীয়বাৰৰ বাবে অভিজ্ঞতাটো সঞ্জু আৰু মোলৈ কঢ়িয়াই আনিছে৷

ট্ৰেডিছনেল মেয়ৰ টি শেষ কৰি বিদায় লোৱাৰ সময় আহিল৷ ৰাতিপুৱাৰ সোৱাদটোৱে জিভাখনক আকৌ লগ ল’লে৷ ‘কেতনা হুৱা?’ আমাৰ নিষ্ঠাৱান স্পনছৰ অনিলদাই নিজৰ দায়িত্ব পালন কৰিবলৈ গৈ ছোৱালী দুজনীক সুধিলে যদিও চাহৰ বিনিময়ত সিহঁতে পইচা ল’ব নুখুজিলে৷ পুৱাৰ দৰেই সিহঁতৰ মুখত আকৌ সেই একেসুৰীয়া কথা! সেইটো কেনেকৈ হ’ব? কাউণ্টাৰতে বলপূৰ্বকভাৱে টকা এশ এৰি থৈ আমি প্ৰস্থান কৰিলোঁ৷ ‘এইজাক কি মানুহ আহিল ঔ’ বুলিয়ে ভাবিলে চাগৈ সিহঁতে৷ অলপপৰ তধা লাগি চালে৷ পেটেলে গাড়ী ষ্টাৰ্ট দিলে৷ সন্মুখৰ কেঁকুৰিটোৱে আমাক অদৃশ্য কৰি পেলালে৷ আকৌ কেতিয়া দেখাদেখি হ'ম, সিহঁতৰ হাতৰ মেয়ৰ টি খাম নাজানো৷

কেণ্টনমেণ্টৰ মাজেৰে আহি আহি নামিলোঁহি ৱালঙৰ দুৱাৰমুখতে থকা ৱে’ট কেণ্টিনত৷ পিছদিনাৰ ট্ৰেকিঙৰ বাবে ট্ৰেক চুট এযোৰ কিনিব লাগিল৷ মানি পাৰ্চটো লগত নথকাত পুৱাবেলা কিনা নহ'ল৷ কেণ্টিনৰ পৰিচালকজনৰ সৈতে পুৱাৰ সেই মুখামুখিয়ে ইতিমধ্যে চিনাকি ভাব এটা গঢ়ি তুলিছিল৷ ক্ষন্তেকীয়া দ্বিতীয় সাক্ষাতত আমি ক’ত ক’ত গ’লোঁ, কি কি চালোঁ সেইবোৰৰ আভাস চমুকৈ তেওঁকো শুনাব লগা হ’ল৷ ট্ৰেক চুটযোৰত ১,০০০.০০টকা ল’লে৷ অৰুণদা, সঞ্জুহঁতে আৰ্মীৰ কেপ, গেঞ্জী, টাৱেল আদি কিনিলে৷

নৈসৰ্গিক ৰাতিপুৱাটোত ওলাই গৈ প্ৰতিটো মুহূৰ্তৰ আনন্দ উপভোগ কৰিছোঁ৷ সুন্দৰ বতৰত অনাবিল প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এয়া যেন জীৱনৰ এক অনুপম পৰিক্রমা৷ লোহিতে কোনো মুহূৰ্ততে লগ এৰা নাই৷ নৈখনৰ সেউজ-নীলা পানীৰ লাস্যময়ী শুভ্ৰ ফেনীল ৰূপ আৰু দুপাৰৰ দৃশ্যাৱলীয়ে আমাক সকলো সময়তে শিহৰিত আৰু মুগ্ধ কৰি ৰাখিছে৷ যিমান দূৰ গ'লোঁ-আহিলোঁ, সূৰ্যাস্তৰ পিছত এই বাটে আহ-যাহ কৰিবলৈ ভয়েই লাগিব চাগৈ৷ গতিকে দিনে দিনে নিৰাপদে উভতিছোঁ৷ ক’তো আন্ধাৰ হ’বলৈ দিয়া নাই৷ আৰামদায়ক অনুভূতি দেহে-মনে লৈ দিনটোৰ ভ্ৰমণ ভালে ভালে সামৰি বে’ছ কেম্প ৱালং পি.ডব্লিউ.ডি. আই.বি.ৰ বিশাল চোতালখনত ৰ’লোঁহি৷



পৰৱৰ্তী লেখা :
৩৬. চেলিব্ৰেচন, এটা সফল দিনৰ অন্তত

No comments:

Post a Comment