অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
‘দেউতাৰ পদূলিত গোন্ধাইছে মধুৰি কেতেকী মলেমলাই
ঐ গোবিন্দাই ৰাম৷’ আমাৰ হুঁচৰিৰ ঘোষাত থকা, আমি
জনা হোৱাৰে পৰা শুনা আৰু গাই অহা সৰ্বাধিক প্ৰচলিত বুলিব পৰা এষাৰ নাম৷ আগেয়ে হেনো
গাঁৱৰ বিহুৱা-বিহুৱতী অসমীয়া ডেকা-গাভৰুৱে খৰিকাজাঁই আৰু কেতেকী ফুল নাৰিকল তেলত মিহলাই
গোন্ধ তেল তৈয়াৰ কৰি সেই তেল ঘঁহি বিহুতলীলৈ গৈছিল৷ কপৌফুলৰ দৰে কেতেকী ফুলো উপহাৰৰ
বস্তু আছিল৷ অসমীয়া সাহিত্য-সংস্কৃতিত, বিশেষকৈ
বিহুনামত কেতেকী ফুলে আজিও উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে৷ ভাৰতীয় সংস্কৃতিতো কেতেকীৰ
বিশেষ তাৎপৰ্য আছে৷ অৰুণাচলৰ হাবিত যেনি-তেনি দেখা পাইছোঁ এই গছ৷
ফুলৰ ভিতৰত শ্ৰেষ্ঠ আছিল কেতেকী ফুল৷ এসময়ত শিৱৰো
ইয়েই প্ৰিয় ফুল আছিল বুলি জনা যায়৷ তৎসত্ত্বেও ভগৱানৰ মন্দিৰত কোনো পূজা-পাতলতে এই
পুষ্প অৰ্পণ কৰা কিন্তু দেখা নাপাওঁ৷ শিৱ-পুৰাণত তাৰে সন্দৰ্ভত এটা বৰ আমোদজনক কাহিনী এবেলি পঢ়িবলৈ পাইছিলোঁ৷
ব্ৰহ্মাণ্ড সৃষ্টিৰ সময়ৰে কথা৷ কোন শ্ৰেষ্ঠ, তাকে
লৈ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এবাৰ হেনো কাজিয়া লাগিল৷ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা দুই দেৱতাৰ
শ্ৰেষ্ঠত্বৰ যুঁজখনত মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’ল মহাদেৱ৷ শ্ৰেষ্ঠতা নিৰ্ণয় কৰাৰ
বাবে শিৱই ব্ৰহ্মা আৰু বিষ্ণুৰ সন্মুখত লিংগদাভাবমূৰ্তিৰ ৰূপত প্ৰথমবাৰৰ বাবে দৰ্শন
দিলে এক জ্যোতিৰ্লিংগ হৈ৷ দুয়ো সেই প্ৰকাণ্ড শিৱলিংগটোৰ কাষলৈ গ’ল৷ অগ্নিস্তম্ভৰূপী শিৱলিংগটো
ইমানেই বিশাল আছিল যে তাৰ ওপৰ বা তল কোনোটোৱেই চকুৰে মণিব পৰা নগৈছিল৷ থিৰাং হ’ল যে উক্ত স্তম্ভৰ শীৰ্ষ অথবা মূল
প্ৰথমে বিচাৰি উলিয়াবলৈ সক্ষম হ’ব পৰাজনকেই শ্ৰেষ্ঠ বুলি গণ্য কৰা হ’ব৷
দুয়োজন দেৱতা সৈমান হ’ল৷ বিষ্ণুৱে বৰাহৰ ৰূপ ল’লে৷ ব্ৰহ্মা হৈ পৰিল ৰাজহাঁহ৷
ব্ৰহ্মাই আৰম্ভণি অৰ্থাৎ শীৰ্ষ আৰু বিষ্ণুৱে সমাপ্তি অৰ্থাৎ মূলৰ সন্ধানত যাত্ৰা আৰম্ভ
কৰিলে৷ বৰাহৰ আকৃতি ধৰি বিষ্ণুৱে মাটিৰ তললৈ খন্দাত লাগিল৷ শিৱলিংগৰ গুৰিটো বিচাৰি
ক্ৰমান্বয়ে খান্দি গৈ থাকিও তেওঁ তাৰ অন্তিম বিন্দু আৱিষ্কাৰ কৰিব নোৱাৰিলে৷ তলি উলিয়াব
নোৱাৰি অভিযান ত্যাগ কৰাৰ লগতে পৰাজয় স্বীকাৰ কৰি ল’লে৷ সন্তুষ্টিৰ ভাবেৰে ব্ৰাহ্মণৰ বেশেৰে শিৱৰ সন্মুখলৈ
আহিল আৰু মূৰ দোঁৱালে৷
ইফালে ৰাজহাঁহৰ ৰূপ লৈ ব্ৰহ্মাই ওপৰলৈ উৰিব ধৰিলে৷
তেৱোঁ সতকাই শীৰ্ষবিন্দু পাবলৈ অসমৰ্থ হ’ল৷ কিন্তু সিমান সহজে এৰিও নিদিলে৷ ক্ৰমান্বয়ে ওপৰলৈ উৰি
গৈয়ে থাকিল৷ অকস্মাতে বতাহত উপঙি থকা অৱস্থাত এপাহ কেতেকী ফুল তেওঁৰ দৃষ্টিগোচৰ হ’ল৷ শিৱৰ মৰমৰ কেতেকী ফুল৷ কেতেকীয়ে
ক’লে যে স্বয়ং শিৱৰ দ্বাৰা তেওঁক
শিৱলিংগৰ একেবাৰে শীৰ্ষত প্ৰতিষ্ঠা লভিবলৈ নিৰ্দেশ দিয়া হৈছে৷ আচলতে স্তম্ভটোৰ ওপৰ
পাবলৈ বিফল হৈয়ে ফুলপাহ শূন্যতে তেনেকৈ দুলি আছিল৷ আনফালে কেতেকীতকৈ ঊৰ্ধ্বলৈ বিচৰণ কৰিও ব্ৰহ্মাই
স্তম্ভটোৰ শীৰ্ষত উপনীত হ'বলৈ অপাৰগ হ’ল৷ ফুলপাহৰ সহায় লোৱাৰ কথাকে মনতে চিন্তিলে৷ গোটেই কথাখিনি
জনোৱাত কেতেকীয়ে বাধ্য হৈ ব্ৰহ্মাক সমৰ্থন জনালে৷ কিয়নো শিৱই কেতেকীক পোহৰৰ স্তম্ভটোৰ
শীৰ্ষত অৱতীৰ্ণ হোৱাৰ বাবে পঠিয়াইছিল, যদিও কেতেকীয়ে লক্ষ্যস্থান প্ৰাপ্তিত বিফলকাম হৈছিল৷
কেতেকীক লৈ ব্ৰহ্মা ঘূৰি আহিল আৰম্ভণি স্থানত অপেক্ষা
কৰি থকা বিষ্ণুৰ ওচৰলৈ৷ ফুলপাহ দেখুৱাই তেওঁ নিজৰ সফলতা আৰু শ্ৰেষ্ঠত্ব দাবী কৰিলে৷ ক’লে যে শীৰ্ষত আৰোহণ কৰোঁতে তেওঁ
সেই ফুলপাহ পাইছে৷ সিয়ে প্ৰমাণ৷ বিষ্ণুৰ সন্দেহ উপজিল৷ কথাটো সঁচানে মিছা জানিবলৈ তেওঁ কেতেকীক প্ৰশ্ন কৰিলে৷
কেতেকীয়ে 'হয়' বুলিলে৷
দুয়ো শিৱৰ সন্মুখলৈ গ’ল৷ জঁটাধাৰীৰ আগত সমস্তখিনি সদৰি কৰা
হ’ল৷ ব্ৰহ্মাৰ মিথ্যাচাৰ আৰু অহং
ভাবত অন্তৰ্যামী মহেশ্বৰ অতিশয় ক্রোধান্বিত হৈ পৰিল৷ গোকাট মিছা কথাটোৰ বাবে তেতিয়াই
তেওঁ ব্ৰহ্মাক অভিশাপ দিলে যে তিনি ভুৱন অৰ্থাৎ স্বৰ্গ, মৰ্ত্য, পাতাল ক’তো কোনেও তেওঁক উপাসনা নকৰিব৷
আনহাতে কেতেকীও সাৰি নগ’ল৷ ভুৱা সাক্ষী দিয়াৰ অপৰাধত
কেতেকীৰ ওপৰতো প্ৰলয়কাৰী দেৱতাজন ৰুষ্ট হ’ল৷ শাস্তিস্বৰূপে অভিসম্পাত দিলে যে ঈশ্বৰৰ আৰাধনাত সেই ফুল কেতিয়াও
ব্যৱহাৰ কৰা নহ’ব৷
ক’ৰবাত ক’ৰবাত পোৱা যায় যে লিংগৰ শীৰ্ষলৈ উঠি গৈ থাকোঁতে পোৱা কেতেকীয়ে ব্ৰহ্মাৰ মিছা দাবী মানি নোলোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মাইহে কেতেকীক সেইবুলি শাপ দিছিল৷ আনহাতে কেতেকী ফুলক দিয়া সেই অভিসম্পাত দৰাচলতে মানৱ জাতিলৈ এক আশীৰ্বাদ বুলি গণ্য কৰা হয়৷ সি যি কি নহওক, ফুলৰ ভিতৰত শ্ৰেষ্ঠ বুলি বিবেচিত কেতেকী ফুলে সেই তেতিয়াৰ পৰাই নিজৰ যোগ্যতা, মৰ্যাদা, গুৰুত্ব সকলো হেৰুৱালে৷ শাওপাত লাগি থকা বাবে পূজা-পাতলাদিত স্থান হেৰুৱালে আৰু সৰ্বত্ৰ নিষিদ্ধ হৈ পৰিল৷
মহা-শিৱৰাত্ৰিৰ বাদে আন পূজা-পাতলৰ পৰা বহিষ্কৃত বহুবৰ্ষজীৱী, ভিন্নবাসী উদ্ভিদ সেই কেতেকীৰে কেইজোপামান সদ্যহতে আমাৰ সন্মুখত সিঁচৰতি ৰূপত দণ্ডায়মান৷ ওখই ২০ফুটমান হ’ব৷ গা-গছডাল বহুধাবিভক্ত৷ ওপৰফালটো জোপোহা আকৃতিৰ৷ শক্তিশালী বায়ৱীয় মূলৰ সহায়ত থিয় হৈ আছে৷ পাতবোৰ ১-১.৫মিটাৰ দীঘল৷ বৰণ উজ্জ্বল সেউজীয়া৷ দুয়ো কাষে আৰু মধ্যশিৰাত তীক্ষ্ণ কাঁইট৷ উদ্ভিদবিদ্যাৰ কিতাপত পোৱামতে কেতেকী একলিংগী৷ পুংপুষ্প আৰু স্ত্ৰীপুষ্প বেলেগ বেলেগ গছত পোৱা যায়৷ পুষ্পবিন্যাস স্পেডিক্সজাতীয়৷ পুংগছডালৰ আগত বগা, সুগন্ধি, গোটাসজীয়া, বহু শুল্কপত্ৰৰে আগুৰা ফুল একোপাহ ফুলে৷ ১০-১৫ছেণ্টিমিটাৰমান দীঘল হয়৷ স্ত্ৰীগছৰ স্পেডিক্স বা ডিলা পুং ফুলৰ দৰেই৷ ই হালধীয়া বেটুৰে আবৃত৷ ভালেমান পুংকেশৰ একেলগে থূপ খাই থাকে৷ গৰ্ভকেশৰৰ সংখ্যা ৬-১০ডাল বা তাতোকৈ কম৷ কেতেকীকে ধৰি অনেক জাতৰ গছ-গছনিৰে ভৰপূৰ অৰুণাচলৰ এই হাবিবোৰ উদ্ভিদ বিজ্ঞানীৰ ভূস্বৰ্গ বুলিব পাৰি৷ হৰেক ৰকমৰ উদ্ভিদেৰে ইয়াৰ ভূখণ্ড পৰিপূৰ্ণ৷
মহা-শিৱৰাত্ৰিৰ বাদে আন পূজা-পাতলৰ পৰা বহিষ্কৃত বহুবৰ্ষজীৱী, ভিন্নবাসী উদ্ভিদ সেই কেতেকীৰে কেইজোপামান সদ্যহতে আমাৰ সন্মুখত সিঁচৰতি ৰূপত দণ্ডায়মান৷ ওখই ২০ফুটমান হ’ব৷ গা-গছডাল বহুধাবিভক্ত৷ ওপৰফালটো জোপোহা আকৃতিৰ৷ শক্তিশালী বায়ৱীয় মূলৰ সহায়ত থিয় হৈ আছে৷ পাতবোৰ ১-১.৫মিটাৰ দীঘল৷ বৰণ উজ্জ্বল সেউজীয়া৷ দুয়ো কাষে আৰু মধ্যশিৰাত তীক্ষ্ণ কাঁইট৷ উদ্ভিদবিদ্যাৰ কিতাপত পোৱামতে কেতেকী একলিংগী৷ পুংপুষ্প আৰু স্ত্ৰীপুষ্প বেলেগ বেলেগ গছত পোৱা যায়৷ পুষ্পবিন্যাস স্পেডিক্সজাতীয়৷ পুংগছডালৰ আগত বগা, সুগন্ধি, গোটাসজীয়া, বহু শুল্কপত্ৰৰে আগুৰা ফুল একোপাহ ফুলে৷ ১০-১৫ছেণ্টিমিটাৰমান দীঘল হয়৷ স্ত্ৰীগছৰ স্পেডিক্স বা ডিলা পুং ফুলৰ দৰেই৷ ই হালধীয়া বেটুৰে আবৃত৷ ভালেমান পুংকেশৰ একেলগে থূপ খাই থাকে৷ গৰ্ভকেশৰৰ সংখ্যা ৬-১০ডাল বা তাতোকৈ কম৷ কেতেকীকে ধৰি অনেক জাতৰ গছ-গছনিৰে ভৰপূৰ অৰুণাচলৰ এই হাবিবোৰ উদ্ভিদ বিজ্ঞানীৰ ভূস্বৰ্গ বুলিব পাৰি৷ হৰেক ৰকমৰ উদ্ভিদেৰে ইয়াৰ ভূখণ্ড পৰিপূৰ্ণ৷
কেতেকী গছৰ ফুল, পাত আৰু মূলৰ ব্যৱহাৰ আৰু আৰ্থিক দিশটো মন কৰিবলগীয়া৷ এই ফুল তেল, চাবোন, লোচন আদি প্ৰসাধন সামগ্ৰী; বিবাহত বা ঘৰুৱাভাৱে দৰকাৰ হোৱা আতৰ, ধূপকে ধৰি সুগন্ধি দ্ৰব্যাদি; ধঁপাত, জুলীয়া ঔষধ, মিঠা খাদ্যবিশেষৰ প্ৰস্তুতিত ব্যৱহাৰ কৰে৷ ইয়াৰ পাতবোৰ শুকুৱাই মাৰি কোমল কৰি পানীত তিয়াই সৌৰ বিৰঞ্জিত কৰি লোৱাৰ পিছত বিভিন্ন অংশ বেলেগ বেলেগ কামত খটুওৱা হয়৷ মোটা অংশটোৰে ঘৰ চোৱাৰ উপৰি ঢাৰি, কাৰ্পেট আদি তৈয়াৰ কৰিব পাৰি৷ ফিটা বা আঁহসদৃশ মসৃণ অংশ বয়ন শিল্পৰ উপৰি টুপী, খৰাহি, মোনা আদি সজাত ব্যৱহৃত হয়৷ ফুলৰ পৰা প্ৰস্তুত কৰা তেল মূৰৰ বিষ বা বাত বিষৰ দৰব হিচাপে লগায়৷ ইয়াৰ পাতৰো ঔষধি গুণ আছে৷ কেতেকী পাতৰ ৰস সৰু আইকে ধৰি ছালৰ বেমাৰ আৰু ক্ষয় ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ মচলা হিচাপেও বিশেষভাৱে প্ৰয়োগ আছে৷ বায়ৱীয় মূলবোৰৰ পৰা ব্ৰাছ, ৰছী আদি প্ৰস্তুত হয়৷ শিপাৰ পৰাও এবিধ ঔষধি উলিয়ায়৷ বিভিন্ন ধৰণৰ সূতা, জাল, বস্তা আৰু কাগজৰ মণ্ড তৈয়াৰ কৰাৰ বাবে কেতেকীৰ আঁহ এটা উৎস বুলি জনা যায়৷
পূজা-পাতলত নিষিদ্ধ যদিও অৰুণাচল প্ৰদেশৰ আমি ভ্ৰমি ফুৰা এই পূব দিশত প্ৰচুৰ পৰিমাণে দেখা পাইছোঁ কেতেকী ফুলৰ গছ৷ এইবিধ গছ এই অঞ্চলৰ মানুহৰ অৰ্থনৈতিক উন্নয়নৰ বাটকটীয়া হ’ব পাৰে নেকি? কানি খেতিৰ উৎস পপী ফুলক এই গছে স্থলাভিষিক্ত কৰিব পাৰে নেকি? কেতেকী-অৰণ্যলৈ চাই চাই ভাবি থাকিলোঁ অলপপৰ৷
অৰুণদা আৰু অনিলদাই ইতিমধ্যে আসন অধিকাৰ কৰি বহিছিলগৈয়েই৷ পেটেলে গাড়ী ষ্টাৰ্ট দিলে৷ কেতেকী এৰি যাত্ৰা পুনৰ আৰম্ভ৷ বাটৰ শোভা মন কৰি গৈ থাকিলোঁ৷ আহোঁতে দূৰ দূৰ যেন লাগিছিল যদিও উভতনি যাত্ৰাটোত এলেকাবোৰ ঘপাঘপ অতিক্ৰম কৰা যেন লাগিল৷ চালাংগাম পাওঁতে পেটেলে সাৱধান-বাণী শুনালে, ‘ছাৰ, ইয়াতে ভাতকেইটা খাই ল’ব লাগিব৷ নহ’লে আৰু চান্স নাই৷’ সময়টো চালোঁ৷ ১১.৩০ বাজিছে৷ ঠিকেই আছে৷ ভোকো লাগিছে৷ পুৱা হাৱাইত ৰঙা চাহ আৰু বিস্কুত দুখনহে পেটত পৰিছিল৷ 'ঠিক কথা' বুলি আটায়ে হয়ভৰ দিলোঁ৷
ৰাস্তাৰ কাষৰে হোটেল এখনত সোমাই আটায়ে দিনৰ সাঁজ খোৱা হ'ল৷ নেপালী লোকৰ হোটেল৷ সা-সম্পত্তিৰ নামত বিশেষ একো নাথাকিলেও আনন্দমনে থকা, হাঁহিমুখীয়া মানুহবোৰ দেখি ভাল লাগিল৷ খাই উঠাৰ পিছত অনিলদাৰ সৈতে সৰু ঠাইখনত ইফালে-সিফালে কেনি কি আছে থাওকতে বাউলী পাক এটা মাৰিলোঁ৷ সিদিনা ৱালঙলৈ যাওঁতে ইয়াত ৰোৱা হোৱা নাছিল৷ চালাংগামৰ পিছত আমি পাম উদায়াক পাছ৷ পাছটো পাৰ হৈ ৱাই জংছন, য’ৰ পৰা এফালে পৰশুৰাম কুণ্ডলৈ আৰু আনফালে তেজুলৈ৷ আমি আহোঁতে পৰশুৰাম কুণ্ডৰ ফালৰ পৰা উঠি আহিছিলোঁ৷ এতিয়া পিছে সেইবাটে নাযাওঁ৷ তেজুৰ ৰাস্তাৰে নামি যাম৷ কাৰণ লক্ষ্যস্থান ৰ’য়িং৷ এসময়ত দৰজা বন্ধ হ'ল৷ তেজু অভিমুখে চকা ঘূৰিব ধৰিলে৷
পৰৱৰ্তী লেখা :
৬. তেজুত ৰ’লোঁ, বন্ধুৰ ঘৰত সোমালোঁ
পৰৱৰ্তী লেখা :
৬. তেজুত ৰ’লোঁ, বন্ধুৰ ঘৰত সোমালোঁ
No comments:
Post a Comment