অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১৯৬০ৰ ১৯এপ্ৰিলত উভয় প্ৰধান মন্ত্ৰীৰ কথা-বতৰাত গাঁঠি লগাৰ পিছত ২৫এপ্ৰিলত বেইজিঙে বিবাদমান অঞ্চলসমূহৰ সপক্ষে ভাৰতে দৰ্শোৱা তথ্যসমূহ নাকচ কৰে৷ ভাৰতৰ চৰকাৰী ইতিহাস অনুসৰি নেহৰুৱে চীনে দখল কৰি
থকা আকচাই চীন এলেকাটোক মেকমোহন সীমাৰ দক্ষিণে থকা এলেকাৰ ওপৰত অনৈতিকভাৱে কৰা দাবীৰে
বিনিময় কৰিব বিচৰা নাছিল৷ আলোচনাৰ পিছত ভাৰতে চৰকাৰী প্ৰতিবেদন দাখিল কৰিছিল৷ চীনৰ প্ৰতিবেদন
ইংৰাজীলৈ অনুবাদ কৰোৱা হৈছিল৷ ভাৰতে বিশ্বাস কৰিছিল যে দুয়োখন দেশৰ মাজত ই বুজাবুজিৰ ভাব
বৃদ্ধি কৰিব৷ পিছে চীনে ইয়াক অধিকাৰ সাব্যস্ত কৰাৰ দিশত ভাৰতৰ নৈতিকতাহীন প্ৰচেষ্টা বুলি ল’লে৷ চীনে আকচাই চীনৰ দাবী উঠাই
লোৱাৰ ক্ষেত্ৰত থকা নেহৰুৰ আঁকোৰগোঁজ মনোভাবে তিব্বতত চীনৰ উপস্থিতি নোহোৱা কৰাৰ অৰ্থে
ভাৰতৰ প্ৰচেষ্টা স্বৰূপে চীনে লোৱা ৰাজপথৰ পৰিকল্পনা ত্যাগ কৰোৱালে৷ চীন এটা অশুদ্ধ
পৰিসমাপ্তিলৈ আহিল যে নেহৰুৱে তিব্বতৰ বাবে বৃহৎ পৰিকল্পনা তৰিছে৷ জুন মাহৰ ৩ তাৰিখে সীমান্তৰ নিয়ম ভংগ কৰি চীনা সৈন্যই নেফাত প্ৰৱেশ কৰিছিল৷
তাৰ পিছতো দুয়োখন দেশৰ অধিকাৰীসকলৰ মাজত বেইজিং, নতুন দিল্লী আৰু য়াংগনত সেইটো বছৰৰে জুন মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত তিনিবাৰকৈ বৈঠক বহিছিল৷ সুফল পিছে নধৰিল৷ তাৰ পিছত ক্রমে ১৯৬১ আৰু ১৯৬২তো চীন চৰকাৰে ভাৰতৰ প্ৰধান মন্ত্ৰীজনাৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহ দেখুৱাই বাৰে বাৰে একেটা আহ্বানকে জনাই আছিল৷ কিন্তু চীনৰ সদ্ভাৱৰ বিপৰীতে ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক নাছিল৷ নিজৰ শক্তিৰ বিপক্ষে চীনৰ শক্তি লেতুসেতু বুলিহে গণ্য কৰিলে ভাৰতে৷ সীমান্তত চীনে স্বেচ্ছাই সেনা উঠাই লোৱা কাৰ্য দেখি দিল্লীয়ে ভাবি ল’লে যে বেইজিং দুৰ্বল আৰু ইচ্ছা কৰিলে ভাৰতে চীনক সহজেই ওফৰাই পেলাব পাৰে৷ তাকে এটা সুযোগ হিচাপে লৈ ভাৰত বাহিনীয়ে চীনা এলেকা অধিকাৰৰ লক্ষ্যৰে এক আগ্ৰাসী আঁচনি যুগুত কৰিলে৷ উত্তৰ অংশত চীন অধিকৃত এলেকাত প্ৰৱেশ কৰি শীঘ্ৰেই ৪৩টা সীমান্ত তদাৰকী চকী বহুওৱা হ’ল৷ ইয়ে পিছলৈ দীৰ্ঘদিনীয়া সংঘাতৰ সূচনা কৰিলে৷ তাৰে কিছুমান চকী চীনা চকীৰ মাত্ৰ কেইমিটাৰমান নিলগত, কিছুমান আকৌ চীনা চকীৰ পিছফালে তেওঁলোকৰ এলেকা চেৰাই গৈও পাতিলে৷ সীমান্ত চকী স্থাপন কৰি চীনৰ অগ্ৰগতিক বাধা প্ৰদান কৰিবলৈ গৈ ভাৰতে আগ্ৰাসনৰ সুবিধা ল’লে৷ এনেকুৱা ৬০টা চকী আছিল৷ তাৰে মেকমোহন লাইনৰ উত্তৰত আছিল ৪৩টা৷
১৯৬১চনৰ আৰম্ভণিতে নেহৰুৱে লেফটেনেণ্ট জেনেৰেল
ব্ৰিজ মোহন কৌলক ইণ্ডিয়ান আৰ্মীৰ চীফ অফ জেনেৰেল ষ্টাফ হিচাপে নিযুক্তি দিলে৷ সামৰিক অভিজ্ঞতাতকৈ তেওঁৰ ৰাজনৈতিক সম্পৰ্কহে শক্তিশালী আছিল৷ গতিকে পোনতে লেফটেনেণ্ট জেনেৰেল আৰু পিছত ভাৰতীয় সৈন্য বাহিনীৰ মুৰব্বী পদত কৌলৰ পদোন্নতিক লৈ অসন্তুষ্টিও নথকাকৈ নাছিল৷ সৈন্য
বাহিনীৰ সিদ্ধান্তসমূহত তেওঁৰ পোনপটীয়া প্ৰভাৱ আছিল৷ সি যি কি নহওক, বিবাদমান এলেকাত তদাৰকীৰ ক্ষেত্ৰত
বাধা আৰোপ কৰা বিষয়াসকলক কৌলে চিনাক্ত কৰাৰ লগতে আঁতৰ কৰিব ধৰিলে৷ নেহৰুৱে মিলিটেৰী শক্তি
বৃদ্ধি বা যুঁজ-বাগৰত তেতিয়াও সন্মতি প্ৰকাশ কৰা নাছিল৷
১৯৬১চনৰ গ্ৰীষ্মত চীনে মেকমোহন লাইনত চোকা পহৰা কাৰ্য আৰম্ভ কৰিলে৷ মে’ মাহত চীনা বাহিনীয়ে দেহৰা কেম্পাচ অধিকাৰ কৰি চিপ চাপ নৈৰ কাষত চকী স্থাপন কৰিলে৷ ভাৰত অধিকৃত কেতবোৰ এলেকাত প্ৰৱেশ কৰি প্ৰতিৱেশী দেশখনৰ ওপৰত ক্রোধ প্ৰদৰ্শন কৰিলে৷ ৩১অক্টোবৰত ভাৰতীয় এলেকা ঠেলি চীনে মিলিটেৰী আগ্ৰাসন চলালে৷ ভাৰতীয় এলেকাত অনুমতি নোহোৱাকৈ সোমোৱা বুলি চীনৰ চিপাহীয়ে বিশ্বাসেই নকৰিলে৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে শত্ৰুপক্ষৰ আউট প’ষ্টৰ পিছফালে নিজৰ চকী স্থাপনৰ সিদ্ধান্ত ল’লে৷ উদ্দেশ্য আছিল তেনে কৰিলে বিপক্ষৰ যোগানৰ দিশত বাধা আহিব আৰু বাধ্য হৈ তেওঁলোক স্বদেশলৈ ঘূৰি যাব৷ চীনক ভেটিবৰ বাবে ১৯৬১ৰ নৱেম্বৰ-ডিচেম্বৰত নেহৰুৱে তৈয়াৰ কৰিলে 'ফৰৱাৰ্ড পলিচী'৷
পূৰ্বৰ কথা ভাবি ইণ্ডিয়ান আৰ্মীৰ উচ্চপদস্থ বিষয়া কৌল নিশ্চিত আছিল যে চীনে শক্তি প্ৰয়োগ নকৰিব৷ ভাৰতীয় চৰকাৰী বুৰঞ্জী অনুসৰি ভাৰত আৰু চীনৰ চকীবিলাকৰ মাজৰ দূৰত্ব তেনেই সামান্য আছিল৷ চীনে সেই ভূভাগত দৃঢ়তাৰে বিস্তাৰ কৰিছিল৷ প্ৰত্যুত্তৰত ভাৰতে আগ্ৰাসী যোজনাৰে দেখুৱালে যে সেইবোৰ অধিকাৰ নকৰা ঠাই৷ ভাৰতেও চীনৰ এলেকাত অনুমতিবিহীনভাৱে সোমাই পৰিছিল আৰু তাক সমূলি বিশ্বাসেই কৰা নাছিল৷

প্ৰাথমিক প্ৰতিক্রিয়া স্বৰূপে চীনা বাহিনীয়ে তেওঁলোকৰ ফালে স্থাপন হোৱা ভাৰতীয় চকী উঠাই নিয়াটো বিচাৰিলে৷ এই কথাটোৱে নেহৰুক ফৰৱাৰ্ড পলিচী আৰু আগ বঢ়াই নিবলৈহে উৎসাহিত কৰিলে৷ ইফালে চীনা সৈন্য বাহিনীৰ সৰ্বোচ্চ সিদ্ধান্তকাৰী সংস্থা চেণ্ট্ৰেল মিলিটেৰী কমিছনত সশস্ত্ৰ সহাৱস্থানৰ আঁচনি যুগুতোৱা হ’ল৷ ভাৰতে চীনৰ চকীক আগুৰি নিজৰ চকী বহুৱাৰ বিপৰীতে চীনেও এইবাৰ ভাৰতীয় চকীক আগুৰি বেছিকৈ চকী বহুৱাবলৈ লাগি গ’ল৷ চীনা আৰু ভাৰতীয় চকীৰ অৱস্থান ডবাখেলৰ ক’লা-বগা ঘৰবোৰৰ সদৃশ হ’লগৈ৷ তেনেকুৱা অৱস্থাত থকাৰ পিছতো কোনেও কাৰো ওপৰত আক্রমণ তেতিয়ালৈ কৰা নাছিল৷ কিয়নো উভয় পক্ষৰে হাতত কেৱল আত্মৰক্ষাৰ বাবেহে গুলী চলোৱাৰ নিৰ্দেশ আছিল৷ মাও চে-তুঙে সেই পৰিস্থিতিত মন্তব্য কৰিলে যে নেহৰুৱে আগ বাঢ়ি আহিব বিচাৰিছে আৰু তেওঁলোকে নেহৰুক সেইটো কৰিব নিদিয়ে৷ তেওঁলোকে প্ৰতিৰক্ষাৰ চেষ্টা কৰিছে৷ কিন্তু যদি ৰক্ষা কৰিব নোৱাৰে, নেহৰু যদি আগ বাঢ়িব বিচাৰে, তেওঁলোকেও সশস্ত্ৰ প্ৰতিৰোধ আগ বঢ়াব লাগিব৷ ভাৰতে গুলী চলালে চীনেও গুলী চলাব৷ চীনে মুখামুখিকৈ থিয় দি সাহসৰ পৰীক্ষা ল’ব৷
এনেদৰে ১৯৬১ৰ মধ্যভাগৰ পৰাই পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰিব ধৰিলে৷ ১৯৬২চনৰ ৪ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ভি. কে. কৃষ্ণ মেননে দিল্লীত ক'লে যে চীনে যদি অধিকাৰ কৰা এলেকা খালী নকৰে ভাৰতে গোৱাত যি ধৰণৰ ব্যৱস্থা লৈছিল সেই পন্থাই ল'ব৷ চীনা বাহিনীক বল প্ৰয়োগেৰে বাহিৰ কৰি দিব৷ চীনে ধৰি ল’লে যে ভাৰতে চীনক দুৰ্বল জ্ঞান কৰিছে৷ ভাৰত-চীন সীমান্ত যাতে ১৯৫৯ৰ অৱস্থানতে ৰখা হয় বেইজিঙে তাৰে প্ৰস্তাৱ আগ বঢ়াইছিল৷ পিছে দিল্লীয়ে ১৯৬২ৰ ৮ছেপ্টেম্বৰৰ আগতে বলবৎ থকা সীমা বাহাল নাৰাখিলে আলোচনা অসম্ভৱ বুলি কৈ দিলে৷ ইয়াৰ অৰ্থ এইটোৱেই হ’ল যে মেকমোহন লাইনৰ উত্তৰে থকা দেশখনৰ পূব অংশত ভাৰতীয় বাহিনীয়ে ১৯৫৯ৰ পিছত নকৈ চীনা এলেকা দখল কৰিছে৷ উভয় দেশৰ সৈন্যদলে তাৰ পিছৰে পৰা যুদ্ধংদেহী কুচকাৱাজ দেখদেখকৈ আৰম্ভ কৰি দিলে৷ মাও, নেহৰু আৰু কৃষ্ণ মেনন -এই তিনিওৰে ভাষ্যই চীন-ভাৰত সম্পৰ্কক তিক্ততাৰ দিশে আগুৱাই লৈ গ'ল৷
পৰৱৰ্তী লেখা :
২৭. আগ্ৰাসন, অপাৰেচন ইত্যাদি
No comments:
Post a Comment