অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
ৱালং, ডং, নামতি, কিবিথো, কাহো৷ প্ৰাকৃতিকভাৱে অতি আকৰ্ষণীয় আৰু প্ৰদূষণমুক্ত এই জেগাবোৰ৷ নিৰ্মল ইয়াৰ পানী, নিৰ্মল ইয়াৰ বতাহ, নিৰ্মল ইয়াৰ পৰিৱেশ৷ কোনো দিনে নেদেখা আৰু চাবলৈ দুৰন্ত স্পৃহা জাগ্ৰত হোৱা পৰ্বতীয়া এনে স্থানসমূহ নিজ চকুৰে দেখা পোৱাৰ পিছত এতিয়া অতি স্বাভাৱিকভাৱেই এক ধৰণৰ সুখকৰ অনুভূতিয়ে মনটো ভৰাই তুলিছে৷ যাত্ৰাকালীন অপূৰ্ব অভিজ্ঞতাৰে হৃদয় উপচি পৰিছে৷
সম্প্ৰতি বিশ্বৰ অন্যতম দ্ৰুত অৰ্থনৈতিক শক্তিসম্পন্ন দেশ হিচাপে পৰিগণিত হ’বলৈ আগ বঢ়া আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ জৰিয়তে আৰ্থ-সামাজিক আৰু আন্তঃগাঁথনিমূলক দিশবোৰ সবল কৰাৰ দৃষ্টিভংগী বৰ্তমান চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰি অহা হৈছে বুলি প্ৰায়ে কৈ থকা হৈছে৷ দেশৰ অৰ্থনৈতিক উন্নয়নৰ পৰিকাঠামো শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ চৰকাৰে অৰুণাচল প্ৰদেশৰ এই ভিতৰুৱা ঠাইবোৰক ইচ্ছা কৰিলে ভাৰতৰ কিয়, বিশ্বৰ পৰ্যটন মানচিত্ৰত সহজেই উজলাই তুলিব পাৰে৷ পৰ্যটনৰ লগতে জলবিদ্যুৎ উৎপাদনেৰে সবল কৰিব পাৰে ইয়াৰ অৰ্থনীতি৷ দুটাই মাথো কাম৷ আন্তৰিক সদিচ্ছা আৰু কিবা এটা কৰাৰ সঁচা মন থাকিলে কল্পনা সাকাৰ কৰাটো একো ডাঙৰ কথা নহয়৷
এই বিষয়ত নিশ্চয়কৈ কাৰো দ্বিমত নাথাকিব যে আজিৰ বিশ্বব্যাপী গোলকীকৰণৰ যুগত কোনোটো অঞ্চলেই অকলশৰীয়া দ্বীপ হৈ থাকিব নোৱাৰে৷ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ভিন্নতা, মানৱ বৈচিত্ৰ্যই মানুহক নিঃসংগভাৱে হ’লেও অন্য মানুহ, প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি আহিছে৷ সেয়েহে মানুহ হৈ পৰিছে ভ্ৰমণকাৰী, মানুহ হৈ পৰিছে পৰ্যটক৷ উল্লিখিত স্বকীয়তাখিনিকে মূলধন হিচাপে লৈ অৰুণাচল প্ৰদেশ টুৰিজিমে বিভিন্ন ধৰণৰ উন্নয়নমুখী প্ৰজেক্টৰ জৰিয়তে ইক’-টুৰিজিমৰ প্ৰভূত বিকাশ সাধিবৰ সম্ভাৱনা আছে আমি পাৰ হৈ অহা অঞ্চলসমূহত৷ ইয়ালৈ আহি তেনে আশা আৰু সম্ভাৱনা আমি দেখা পাইছোঁ৷ অন্তিম পূবৰ সূৰ্যোদয়ক কেন্দ্ৰ কৰিয়ে সূচনা কৰিব পাৰি বৃহৎ একোটা পৰিকল্পনা৷ তাৰ বাবে প্ৰয়োজন দ্ৰষ্টা আৰু স্ৰষ্টাৰ৷
গাড়ীখন গহীন গতি এটাৰে আগ বাঢ়ি গৈ আছিল৷ এঠাইত পেটেলে হঠাৎ ব্ৰেক টানিলে৷ গাইবস্তি৷ চিন্তাৰ চাকনৈয়াত হাবুডুবু খাই ভাববিভোৰ হৈ থাকোঁতে পাহৰিয়েই গৈছিলোঁ কথাটো৷ চকুৰ আগত পথৰ বাঁওপাৰে সেয়াচোন কমলা দিদিৰ দোকানখন! ঘূৰি আহোঁতে সোমাই চাহ খাই যাবলৈ কৈছিল নহয় সিদিনা তাই, এৰাএৰি হওঁতে৷ কিন্তু এতিয়াচোন দোকানখনেই বন্ধ! ক’লৈ গ’ল এইজনী? পেটেলে ইঞ্জিন বন্ধ কৰিলে৷ আমি নামিলোঁ৷ নাম ধৰি কেইবাৰমান খুব চিঞৰা হ'ল৷ অলপ পিছতে পিছফালৰ পৰা সঁহাৰিসূচক মাত এষাৰ উৰি আহিল৷ কোনে আটাহ পাৰি আছে চেহেৰা নেদেখাকৈয়ে ধৰিব পাৰিলে চাগৈ দিদিয়ে৷ লগে লগে বাহিৰৰ শলখাকেইডালৰ ওপৰেৰেই জঁপিয়াই গোটেইমখা সোমালোঁগৈ দপ্দপাই৷ পিছফালৰ দুৱাৰখন খোলা আছিল৷ সিদিনা ৱালঙলৈ যাওঁতে চাহ খাই যোৱাৰ পিছত কমলা দিদি আমাৰ চিনাকি, আপোন মানুহ৷ গতিকে বাধা কিহৰ?
ইফালে তাই তেতিয়া খেতিৰ পৰা আহি পাইছেহে বোলে৷ গা-পা ধুই কিবা এটা খাবলৈ যা-যোগাৰ কৰাত ধৰিছে৷ খাই-বৈ লৈহে দোকানখন খুলিব৷ মূৰত জিলিকিছে ফুলাম গামোচাৰ পাগ৷ তিতা চুলিকোছা মেৰিয়াই লৈছে৷ ৰ’ব নোৱাৰি কৈয়ে পেলালোঁ, ‘সিদিনা আমি দিয়া গামোচাখন নহয়নে বাই?’ বুজি পাই তাই হাঁহি মাৰি উত্তৰ দিলে, ‘নেহী৷ আগে কা৷’ হ’বও পাৰে৷ সিদিনাখন তাই কৈছিলেও অৱশ্যে, আগতে কোনোবাই এখন দিছিল বুলি৷ অসমীয়া গামোচালৈ তাইৰ আদৰটো দেখি ভাল লাগিছিল৷ থকা হ’লে দিয়েই দিলোঁহেঁতেন দুখনমান৷ পিছে এখনো নাই৷ বেগ উদং৷
কমলা দিদিয়ে আমাৰ খবৰ-খাতি ল’লে৷ মাকৈ খাই যাবলৈ টানি ধৰিলে৷ কথাৰ লগে লগে মানুহজনীয়ে বহি লৈ জুইকুৰা জ্বলালে৷ অসম্ভৱ ক্ষিপ্ৰতাৰে কেৰাহীখনত পেকেটৰ পৰা গুটি কিছুমান ঢালি দিলে৷ গম পালোঁ, সেইটো মাকৈৰ পেকেট৷ খৰিকেইডাল ভিতৰলৈ ঠেলি জুইকুৰা তাই বঢ়াই দিলে৷ ঢাকোনখন বাওঁহাতেৰে সামান্য ফাঁক কৰি সোঁহাতত লৈ থকা টাৰুডালেৰে অবিৰামভাৱে লৰোৱাত লাগিল৷ কেইটামান মাকৈ ফাঁকেৰে উফৰি তাইৰ গালৈকে আহিল৷ ইখন হাতত বাঁহৰ চেপেনা এডাল৷ জুইকুৰা বেছি হোৱাত তাৰেই ধৰি কেৰাহীখন নমাই ল'লে৷ অলপ পিছতে ফট্ ফট্ শব্দৰে গোটেই কেৰাহীখন আখৈসদৃশ বগা বগা মাকৈৰে ভৰি পৰিল৷ অকণমানি পেকেট এটাৰ পৰা একেৰাহী হ’লগৈ মাকৈখিনি৷ তাতে তাই সামান্য নিমখ মিহলালে৷ লৰাই থাকিয়ে আমালৈ নোচোৱাকৈ দুনাই ক’লে, ‘মাকৈ খাকে যানা হাঁ৷’ মানুহজনীয়ে কথাৰ লগে লগে কামো খৰতকীয়াভাৱে কৰি গৈছে৷
ইফালে আমাৰ হাতত তেতিয়া জুহালৰ গুৰিত বহি মাকৈ খোৱাৰ বাবে সময়ৰ অভাৱ৷ দিনে-পোহৰে হাৱাই পাবগৈ লাগে৷ নতুন ঠাইলৈ গৈ আছোঁ৷ থকা-মেলাৰো একো ঠিক নাই৷ আগেয়ে কেতিয়াও নোযোৱা গতিকে সময়ৰ কথা সোঁৱৰাই কমলা দিদিক মাত লগাই যাব ওলালোঁ৷ তেনেকুৱাতে তাই অৱতাৰণা কৰিলে মিছিমি দাৰ প্ৰসংগটো৷ ক’লে, ‘বিচৰা হৈছিল, কিন্তু পোৱা নগ’ল৷ এইফালে কিনিবলৈ তেনেকৈ নাপায় নহয়৷’ নিজৰ ঘৰৰে এখন দিব খুজি ভিতৰৰ পৰা উলিয়াই আনিলে৷ সমস্যা এটা হ’ল৷ মানুহ হ'লোঁ পাঁচটা৷ কোনটোৱে সেইখন পাব? দাখনৰ সৈতে পিছে খাপটো নাছিল৷ মিছিমি দাৰ খাপটোৰ বিশেষত্ব আছে৷ খাপ নথকা হেতুকে কোনেও নোলোৱাটোকে থিৰাং হ’ল৷ তায়ো মানি ল’লে৷ আনহাতে ঘৰৰে বস্তু এপদ তেনেকৈ দি দিব খোজাত বেয়াও নলগাকৈ নাথাকিল৷
‘চ্যায় পিকে যাৱ৷’ কমলা দিদিয়ে চাহ খাবলৈ ধৰিলে৷ ‘ৱালঙৰ আই.বি.ত অলপ আগতে ভাত খায়ে ওলাইছোঁ৷ গতিকে চাহ কৰিব নালাগে’ বুলি কৈ দিলোঁ৷ বেচেৰীয়ে ভাগৰে-জুগৰে সৌ পাহাৰতলিত খেতিৰ কাম কৰি ঘৰ আহি পাইছে মাত্ৰ৷ দোকান খোলাৰো কথা আছে৷ গতিকে দিগদাৰী দিয়াৰ সত নগ’ল৷ মাত লগাই দলটো গাড়ীলৈ আগ বাঢ়িলোঁ৷ তায়ো লগতে আগুৱাই আহিল৷ গাড়ীত উঠিব ধৰোঁতেই পিছফালৰ পৰা এইবাৰ কমলা দিদিয়ে ৰিঙিয়ালে, ‘ফিৰ কব আয়েগা?’
প্ৰশ্নটোৰ উত্তৰ সেই মুহূৰ্তত আমাৰ কাৰো হাততেই নাছিল৷ সেয়া অনিশ্চয়তা৷ হয়তো আকৌ কেতিয়াবা দেখা হ’ব, হয়তো নহ’বও পাৰে৷ জীৱন তেনেকুৱাই৷ মানুহৰ জীৱনৰ অবিশ্বাস্য সত্যবোৰো তেনেকুৱাই৷ তথাপি গোপনে চেষ্টা এটা সদায়ে ৰাখিম এই সহজ-সৰল আৰু মুক্ত মনৰ মানুহবোৰৰ মাজলৈ আকৌ আহিবলৈ৷ বাটত আহি থাকোঁতে কমলা দিদিৰ শেষ প্ৰশ্নটোৱে আমাৰ মনবোৰ স্বাভাৱিকতে গধুৰ কৰি পেলাইছিল৷ অলপ সময় কাৰো একো মাত-কথা নাছিল৷ কেৱল ইঞ্জিনটোৰ গোঁ গোঁ শব্দ৷

No comments:
Post a Comment