Monday, 31 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন ছয়  ৷৷ দিনাংক ১৫.৪.২০১৫
৮. টিনে মেনাৰ বাসভূমিত...



উত্তৰ-পূৰ্বাঞ্চল আৰু অৰুণাচলীৰ ভিতৰত প্ৰথমগৰাকী পৰ্বতাৰোহণকাৰীৰ স্বাক্ষৰ ৰাখি টিনে মেনাই ২০১১চনৰ ৯মে’ তাৰিখে দিনৰ ১০.৩০বজাত পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল৷ উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই অনা টিনে এতিয়া ৰ’য়িঙৰ ইনটায়া ভিলেজৰ বাসিন্দা৷ জন্ম ১৯৮৬চনৰ ১৭ছেপ্টেম্বৰত, ৰ’য়িঙৰ পৰা ১৭৮কিল’মিটাৰ আঁতৰৰ ইচ্চালি নামৰ ভিতৰুৱা গাঁও এখনত৷ দেউতাক বুগে মেনা৷ দুজনী ছোৱালীৰে সৰু পৰিয়ালটো৷ টিনে ডাঙৰ৷ মিছিমি পাহাৰৰ বুকুতে পাৰ হৈছে তেওঁৰ শৈশৱ৷ অষ্টম শ্ৰেণীলৈকে পঢ়াৰ পিছত দৰিদ্ৰতাৰ বাবে তেওঁ পঢ়া-শুনা এৰিবলগীয়া হয়৷ পাহাৰীয়া ট্ৰেক কাটি উলিওৱাত অভ্যস্ত ইদু মিছিমি যুৱতীজনীয়ে ১৭বছৰ বয়সতে ভাৰতীয় সৈন্য বাহিনীৰ প’ৰ্টাৰ আৰু গাইড হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ ভাৰত-চীন সীমান্তলৈ কৰা এটা ট্ৰেকিঙৰ সময়ত বিস্ময়কৰ আৰোহণ ক্ষমতা দেখি অৰুণাচলৰ ক্রীড়া সঞ্চালকালয়ে টিনেক হিমালয় অভিযানৰ বাবে নিৰ্বাচন কৰিছিল৷ তাৰ পিছত দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউটলৈ প্ৰশিক্ষণৰ অৰ্থে পঠাই দিয়া হয়৷ পৰ্বতাৰোহণৰ জ্ঞানেৰে পুষ্ট হৈ ২৫বছৰ বয়সত তেওঁ সফলতাৰে এভাৰেষ্টত আৰোহণ কৰে৷

প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ সক্রিয় কৰ্মী, হেমাঞ্জলি সন্দিকৈৰ জৰিয়তে ৰ’য়িঙত টিনে মেনাক লগ পোৱাৰ গভীৰ আশা এটা অন্তৰত সাঁচি ৰাখিছিলোঁ৷ স্পনচৰশ্বিপ পালে বিশ্বৰ সবাতোকৈ ওখ সাতোটা শৃংগ আৰোহণ কৰাই তেওঁৰ একমাত্ৰ লক্ষ্য৷ পৰ্বত আৰোহণৰ এডভান্স ট্ৰেইনিঙত যাবৰ দিনাই টিনেৰ মাকৰ মৃত্যু ঘটিছিল৷ তথাপিও নিজৰ লক্ষ্যত উপনীত হৈহে এৰিলে তেওঁ৷ ২০১৪চনৰ মাৰ্চ মাহত ঘৰত জুই লাগি টিনেৰ ব্যক্তিগত বস্তু-বাহানিৰ উপৰি চাৰ্টিফিকেট, পাছপ’ৰ্ট, পৰ্বত বগোৱা সা-সঁজুলি আদি ভস্মীভূত হৈছিল৷ তাৰ পিছতো তেওঁ হতোদ্যম নহৈ কাম কৰি গৈছে৷ ২০০৭চনত ভাৰত-চীন সীমান্তৰ কায়া পাছলৈ কৰা ট্ৰেকিঙৰ পৰা আৰম্ভ কৰি টিনে মেনাই ইতিমধ্যে মাউণ্ট কালাহই, মাউণ্ট শিৱালিং, লামা ৱাংদি, মাউণ্ট এভাৰেষ্ট, মাউণ্ট ইন্দ্ৰসেন, মাউণ্ট গৌৰীসেন, মাউণ্ট কুল্লু পামৰি, মাউণ্ট মেনথুচা আদি পৰ্বত শিখৰসমূহলৈ চলোৱা প্ৰতিটো অভিযান সুকলমে সমাপ্ত কৰি বিৰল কৃতিত্ব আৰু গৌৰৱৰ অংশীদাৰ হৈছে৷ অসম্ভৱ শাৰীৰিক-মানসিক ক্ষমতাৰ গৰাকী টিনেৰ কথা হেমাঞ্জলিৰ মুখে মোৰ কৰ্মস্থলীত বহিয়ে এনেদৰে বহুবাৰ শুনাৰ সৌভাগ্য হৈছিল৷ মনতে ভাবি থৈছিলোঁ, ৰ'য়িঙলৈ গ'লে এই শক্তিশালী মহিলাগৰাকীক সাক্ষাৎ কৰিম৷

আমি এতিয়া টিনে মেনাৰ বাসভূমিতে উৎকণ্ঠা আৰু অনুসন্ধিৎসাৰে ৰৈ আছোঁ৷ ৩.০০ বাজিবৰ হ'লহি৷ নিজৰ টাটা চুমখনেৰে অলপ পাছতে জিবি পলো আহি পালে, অকলে৷ ডিফুৰ হেমাঞ্জলি আৰু তিনিচুকীয়াৰ পাৰ্থসাৰথিৰ অনুগ্ৰহত কালি হাৱাইৰ যাত্ৰী নিৱাসৰ পৰাই এই লোকজনৰ সৈতে ম’বাইল ফোনত যোগাযোগ সাধন হৈছিল৷ অলপ আগতে আমি ৰ’য়িঙৰ মাটিত ভৰি থোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এয়া আমাৰ চাক্ষুস মিলন৷ হেণ্ডছেক মাৰিয়ে ইদু মিছিমি ব্যক্তিগৰাকীয়ে আমাক সেই ঠাইতে এখন্তেক ৰ’বলৈ অনুৰোধ জনালে৷ ঘপাঘপ কেইপদমান দৰকাৰী বস্তু কিনি গাড়ীত উঠাই ল’লে৷ তাৰ পিছতে তেওঁৰ বগা গাড়ীখন অনুসৰণ কৰি আমাৰ স্কৰপিঅ’ আগ বাঢ়িল৷ পিছে পিছে অকাই-পকাই গৈ মিছিমি হিল কেম্প পালোঁগৈ৷

দেওপানী নৈৰ পাৰত নৈসৰ্গিক বাতাবৰণত জিবি পলোৰ ইক’ লজটো৷ নৈখন পাৰ হৈয়ে সিফালে পাহাৰৰ আৰম্ভণি৷ ওখ পৰ্বতবোৰ দেখা পোৱা মাত্ৰকে মনটো আকৌ ভাল লাগি গ’ল৷ আমিও পাহাৰৰ মানুহ৷ পাহাৰ নেদেখিলে একদম ভাল নালাগে৷ সুধি-পুছি জানিলোঁ, পলোৰ একনিষ্ঠ প্ৰচেষ্টাতে নিৰ্মাণ হৈছে এই হ’ম ষ্টে’৷ আৰম্ভণি ২০০৯চনত৷ চহৰৰ মাজমজিয়াৰ পৰা চৌহদটোলৈ ৫কিল’মিটাৰমানেই হ’ব৷ শান্ত-সৌম্য, মনোগ্ৰাহী ইয়াৰ প্ৰাকৃতিক শোভা৷ ঘৰমুখী পখীৰ কাকলি, বোঁৱতী জলতৰংগৰ কলকলনিয়ে নিস্তব্ধতা ভংগ কৰিছে৷ কেম্পটোৰ গে’টত ওলোমাই ৰখা কাঠৰ তক্তা এচটাত লিখা আছে মিছিমি শব্দ Chipre-na-ba৷ সোধাত ক'লে, তাৰ মানে ধন্যবাদ৷

‘বাথৰুমত ৰানিং ৱাটাৰ নাই৷ টুকি চাহাবৰ বাংলোৰ ফালে টেংকীৰ ৰিপেয়াৰিঙৰ কাম কৰি আছে৷ সেয়ে পাইপ লাইনৰ কানেকচন খুলি থৈছে৷ ৰাতিলৈহে পানী আহিব৷’ গাড়ীৰ পৰা নামিয়ে পলোৱে খেদোক্তি কৰিলে৷ টুকি চাহাব মানে অৰুণাচল প্ৰদেশৰ চীফ মিনিষ্টাৰ নাবাম টুকি৷ আমি য’ত থিয় হৈ আছোঁ তাৰ পৰা মিনিষ্টাৰৰ ঘৰটো আধা কিল’মিটাৰমান আগত থাকি আহিল৷ উপপথেৰে সোমাই আহোঁতে আমাৰ চালক পেটেলে আঙুলিয়াই দিছিল অৱশ্যে৷ ডাঙৰ এলেকা, আহল-বহল ঘৰ, কেইবাখনো গাড়ী৷ অৰুণাচলৰ মন্ত্ৰী বা ক্ষমতাশালী, বিত্তশালী লোকে একো-একোটা টিলাৰ সমান ভূমি অধিকাৰ কৰি থকাটো আমি তাহানিতেই দেখিছিলোঁ৷ মনত পৰে, ইটানগৰৰ পৰা নাহৰলগুনলৈ নামি আহি থাকোঁতে এবাৰ এজন সহযাত্ৰীয়ে ৰাস্তাৰ দাঁতিলৈ আঙুলিয়াই কৈছিল, সৌখিনি অমুক চাহাবৰ, সৌখিনি তমুক চাহাবৰ মাটি বুলি৷ একো-একোখন সৰু-সুৰা পাহাৰেই বুলিব পাৰি৷ দুটা দীঘল কটেজ, দুখন বিছনাযুক্ত দুটা টেণ্ট, ডাইনিং, পাৰ্কিং, খেলা-ধূলাৰ বাবে মুকলি ঠাইৰে ৰিজ’ৰ্টৰ এলেকাও পিছে কম নহয়৷ পাৰ্থক্য এয়ে যে টুকি চাহাবৰ বাংলোটো মডাৰ্ণ, পলো চাহাবৰ ট্ৰেডিশ্যনেল ষ্টাইলৰ৷ আমি খেৰ-বাঁহ, টকৌপাতেৰে পৰম্পৰাগত আৰ্হিত নিৰ্মিত ইদু চাংঘৰত কটোৱাটোহে পচন্দ কৰিছোঁ৷ সেয়ে চহৰৰ হোটেল বা যাত্ৰী নিৱাসত সোমোৱাগৈ নাই৷ উপকণ্ঠৰ Ezenggo অৰ্থাৎ নদীৰ তীৰ ওলাইছোঁহি৷ কাষেদি প্ৰৱাহিত দেওপানীখনে যেন অতিৰিক্ত সুখ আৰু সৌন্দৰ্য অকণমান লৈ আহিছে, আমাৰ বাবে৷ সিপাৰৰ পাহাৰবোৰেও মনটোক শান্ত কৰি ৰাখিবলৈ সক্ষম হ'ল৷

ডাইনিং ঘৰটোৰ ষ্টেপত বহি, থিয় হৈ চাহ-বিস্কুত খাই খাই প্ৰাৰম্ভিক পৰিচয়ৰ উপৰি ৰ’য়িং সম্বন্ধে কথা-বতৰা পাতি আছিলোঁ৷ তেনেকুৱাতে টিনে মেনাক লগ পাবলৈ থকা ইচ্ছাটোৰ বিষয়ে জিবি পলোক অৱগত কৰিলোঁ৷ এইকেইদিন তাইক দেখা পোৱা নাই বুলি ক’লে তেওঁ৷ তথাপিও ম’বাইল ফোনেৰে যোগাযোগৰ চেষ্টা চলালে৷ নাই, পোৱা নগ’ল৷ ৰক ক্লাইম্বিং, ট্ৰেকিং, পেৰাগ্লাইডিং, ৰাফটিং, বাইকিং, হাইকিং, ফটোগ্ৰাফী আদিৰে ভৰা এডভেন্সাৰ স্প’ৰ্টছৰ জগতখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত টিনে অতিপাত ব্যস্ত মানুহ৷ টুৰিষ্ট গাইডৰ উপৰি পক্ষী নিৰীক্ষণ, প্ৰকৃতি সংৰক্ষণ আদিৰ বিষয়েও উঠি অহা প্ৰজন্মক লৈ কেম্পৰ আয়োজন, প্ৰশিক্ষণ আদিৰ ব্যৱস্থাপনাত লাগি থাকে৷ হেভী মটৰ বাইক এখন চলাই তাই যেনি-তেনি নিৰ্দ্বিধাই ঘূৰি ফুৰে বুলি হেমাঞ্জলিয়ে কেতিয়াবাতে কৈছিল৷ টিনেৰ সৈতে আনিনিৰ ফালে গাঁও কেইখনমানত বন-বননি আৰু বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক প্ৰচাৰ কাৰ্যসূচী এটাৰ বাবে হেমাঞ্জলিহঁত এপ্ৰিলৰ ৬ তাৰিখেই ইয়ালৈ অহাৰ কথা আছিল৷ পিছে সেই কেইদিনত হোৱা প্ৰবল বৰষুণ আৰু লেণ্ড স্লাইডৰ বাবে ভ্ৰমণ বাতিল কৰিবলগীয়া হ’ল৷ নতুবা ইয়াতে আমি হয়তো আজি একেলগ হ’লোঁহেঁতেন৷ নৰ্থ-ইষ্টৰ ফাৰ্ষ্ট এভাৰেষ্টাৰ টিনে মেনাক সোঁশৰীৰে পোৱাৰ আশা স্তিমিত হোৱাত মনটো বৰকৈ বিষালে৷

অৰুণাচল প্ৰদেশৰ ডিবাং ভেলী আৰু ল'ৱাৰ ডিবাং ভেলী জিলা দুখনৰ মাজত ৰ'য়িঙেই হৈছে মুখ্য ব্যৱসায়িক কেন্দ্ৰস্থল৷ ইদু মিছিমিৰ বাদেও আদি জনগোষ্ঠীয় লোকে ইয়াত বাস কৰি আহিছে৷ ইদুসকলৰ ৰেহ আৰু আদিসকলৰ চলুং প্ৰধান দুটা উৎসৱ৷ ক্ৰমে ফেব্ৰুৱাৰী আৰু ছেপ্টেম্বৰ মাহৰ পহিলা দিনটোত উৎসৱ দুটা পালন কৰা হয়৷ হিল কেম্পটোলৈ সোমাই যাওঁতে ৰাজ্যিক বন বিভাগৰ অন্তৰ্গত ব’টানিকেল গাৰ্ডেনৰ সৈতে চিলড্ৰেন পাৰ্ক এখন পথৰ দাঁতিতে পাই আহিছিলোঁ৷ মেহাও বন্যপ্ৰাণী অভয়াৰণ্য, মেহাও লে’ক, চাল্লি লে’ক, মায়’ডিয়া মাউণ্টেইন পাছ আদিয়েও আমাৰ আলোচনাত ঠাই পালে৷ এইবোৰ এইফালে চাবলগীয়া ঠাই৷ ৰেডিঅ' চেণ্টাৰ এটা আছে বুলিও জানিছিলোঁ৷ পলোৰ পৰামৰ্শক্রমে আমি তেতিয়াই চাল্লি লে’ক চাবলৈ সিদ্ধান্ত ল’লোঁ৷ কেম্পৰ পৰা তালৈ ৩কিল’মিটাৰ মাত্ৰ৷ গতিকে বেলি থাকোঁতেই গৈ অহা ভাল৷ মেহাও লে’কলৈ ৭কিল’মিটাৰ৷ তালৈ এইটো সময়ত যাব নোৱাৰি৷ গভীৰ জংঘলৰ মাজেৰে গাইডৰ সহায়ত ট্ৰেকিং কৰিব লাগে৷ গতিকে টোপোলা-টাপলিবোৰ ৰুমতে এৰি থৈ চাল্লি লে’ক চাই আহোঁগৈ বুলি খৰখেদাকৈ গাড়ী লৈ আটায়ে ওলাই গ’লোঁ৷















পৰৱৰ্তী লেখা :
৯. ৰয়িঙৰ মিঠা আবেলি

No comments:

Post a Comment