Monday, 3 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
৩৪. হিন্দী-চীনী আকৌ ভাই-ভাই হৈ পৰিব লাগিব


ইপিনে আমেৰিকাতকৈও এখোপ আগুৱাই গৈ মেকমোহন লাইনৰ বৈধতা পুনঃনিৰূপণৰ সন্দৰ্ভত ব্ৰিটিছ পক্ষৰ পৰা বৈদেশিক সচিব আলেকজেণ্ডাৰ ফ্ৰেডৰিক লৰ্ড ডগলাচ হমে সদৰি কৰিলে যে সীমা বিষয়ত তেওঁলোকে ভাৰত চৰকাৰৰ দৃষ্টিভংগী মানি লৈছে আৰু বিবাদমান এলেকাও ভাৰতৰে৷ সচিবগৰাকীয়ে পিছত এই সমৰ্থনসূচক মন্তব্যকে ৰাষ্ট্ৰসংঘতো পুনৰুক্তি কৰিছিল যিটোৱে চীনা বৈদেশিক মন্ত্ৰী চ্চেন য়িক মন্তব্য কৰাবলৈ বাধ্য কৰিছিল যে ভাৰতীয় প্ৰতিক্রিয়াশীল শক্তি আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদী একেখন হাবিৰে শিয়াল৷ ইফালে উত্তৰ আৰু পূব খণ্ডত প্ৰয়োজন হোৱা সম্প্ৰসাৰণৰ স্বাৰ্থতে উপ-মহাদেশখনৰ বিষয়ে সমৰ্থন দিয়াটো ব্ৰিটিছৰ বাবে দৰকাৰী আছিল৷

এনে ধৰণৰ কথাবিলাকৰ প্ৰতি চীন দৰাচলতে অন্ধকাৰতে আছিল৷ বিদেশ মন্ত্ৰী চ্চেন য়িয়ে অনুভৱ কৰিছিল যে মেকমোহন লাইনক আন্তঃৰাষ্ট্ৰীয় সীমা স্বৰূপে চিহ্নিত কৰাত চীনা জনগণৰ যি জাতীয় গৌৰৱ আৰু আত্মসন্মান তাক উত্তৰৰ শক্তিয়ে উপযুক্ত মান্যতা দিয়া নাই৷ ১৯৬২চনৰ ১৩ডিচেম্বৰত ৱাৰচাউত এখন সভাত মেকমোহন লাইন সম্পৰ্কে যুক্তৰাষ্ট্ৰৰ স্থিতি সলনিৰ বিষয়ে চীনা ৰাষ্ট্ৰদূত ৱাঙে আমেৰিকাৰ ৰাষ্ট্ৰদূত হেনৰী কেবটক জনাইছিল৷ কেবটে তেতিয়া যুক্তৰাষ্ট্ৰৰ সচিব ৰাস্কৰ উক্তিকে দোহাৰিলে৷ আনহাতে অৰ্থপূৰ্ণভাৱে এয়াও কলে যে ভাৰতে সন্মান সহকাৰে গ্ৰহণ কৰিব পৰা শান্তিপূৰ্ণ সমাধানকে আমেৰিকায়ো বিচাৰে৷

এইটো সম্পূৰ্ণ স্পষ্ট যে সীমান্তত চীনা আগ্ৰাসনে চীনলৈ কোনো ৰাজনৈতিক লাভালাভৰ সূচনা নকৰিলে৷ সেই সময়ৰ বিশ্বৰ বৃহৎ শক্তি আমেৰিকা, ছোভিয়েট ৰাছিয়া আৰু ব্ৰিটেইনে মুক্তকণ্ঠে ভাৰতকহে সমৰ্থন দিলে৷ চীনে হেৰুৱালে পণ্ডিত জৱাহৰলাল নেহৰুৰ দৰে এজন বিশ্বস্ত বন্ধু৷ তেতিয়াৰ পৰাই সৰহসংখ্যক ভাৰতীয় লোকৰে চীনৰ প্ৰতি থকা ধাৰণাৰো পৰিৱৰ্তন ঘটিল৷ ৬২ৰ আক্রমণক বিশ্বাসঘাতকতা বুলি ভাবনা আৰম্ভ হল৷ এই অপবাদ লৈয়ে চীনে কঠিনতাৰ মাজেৰে দশকৰ পিছত দশক পাৰ কৰিবলগীয়া হৈছে৷ এই বিশ্বাস-অবিশ্বাসৰ সত্যতা ব্ৰিটিছ প্ৰচাৰ মাধ্যমে বিগত বছৰত চলোৱা এটা জনমত জৰীপতো প্ৰমাণিত হৈছে৷

সি যি কি নহওক, যুটীয়া কৰ্মী বাহিনী গঠন হোৱাৰ পিছত দেশ দুখনৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে আৰু সদ্ভাৱ সৃষ্টিৰ কাম বহুখিনি আগ বাঢ়িছে৷ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাডালৰ শুদ্ধাশুদ্ধ সম্পৰ্কে বিচাৰ-বিবেচনা চলি আছে৷ দুয়ো দেশে অৰ্থনীতি আৰু বাণিজ্য, বিজ্ঞান আৰু প্ৰযুক্তি, সংস্কৃতি আৰু পৰ্যটনৰ দিশত উন্নয়নমুখী সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে স্থিৰ আৰু যোগাত্মক পদক্ষেপ আগ বঢ়াইছে৷ উচ্চ পৰ্যায়ৰ অধিকাৰীৰ সঘন সাক্ষাতে দেশ দুখনৰ জনগণৰ চিন্তা আৰু মননত পাৰস্পৰিক বুজা-পৰা আৰু সহনশীলতা বঢ়াই তুলিছে৷

লক্ষ্য কৰিবলগীয়া কথা হ’ল, লাইন অফ একচুৱেল কণ্ট্ৰলৰ শুদ্ধতা বিচাৰ আৰু সীমানিৰ্বন্ধন তথা সীমা নিৰ্ণয় পৃথক কাৰ্য৷ এল.এ.চি.ৰ বৈধতা পৰীক্ষা কৰাৰ সুবিধা লৈ অবৈধ মেকমোহন লাইন বলপূৰ্বকভাৱে মনাবলৈ যোৱাটোও আকৌ ভুল হ'ব৷ এইটো স্থিৰ কথা যে চীনা চৰকাৰে বিতৰ্কিত উক্ত লাইনডালক অতীততো স্বীকৃতি দিয়া নাছিল, বৰ্তমানেও দিয়া নাই, আৰু ভৱিষ্যতেও নিদিয়ে৷ চীন আৰু ভাৰতে যিমান সোনকালে পাৰে সীমাৰ প্ৰশ্নটো আলোচনা-বিলোচনাৰ মাজেদি নিষ্পত্তি কৰি বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্কহে গঢ়ি তুলিব লাগে৷ লাগিলে সীমান্ত এলেকাত শান্তি আৰু স্থিৰতা বাহাল ৰাখি উভয় দেশে সমিলমিলেৰে ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু বিজ্ঞান-প্ৰযুক্তিৰ দিশত প্ৰভূত উন্নয়ন সাধক৷ নতুন দশকত এই দুখন বৃহত্তৰ উন্নয়নশীল দেশে হাতে হাত ধৰি আগ বাঢ়িলে অঞ্চলটোৰ লগতে এছিয়া মহাদেশ কিয়, বিশ্ব সম্প্ৰদায়ৰ শান্তি আৰু স্থিৰতাত অৱদান যোগোৱা হ’ব৷

৬২ৰ যুদ্ধখনৰ পিছত উত্তৰ-পূবৰ সামৰিক গুৰুত্ব বহুগুণে বাঢ়ি গ'ল৷ সীমান্তলৈ পথ সজোৱাৰ বিষয়ে চিন্তা-চৰ্চা চলিল৷ সামৰিক শক্তিও বঢ়োৱা হ'ল৷ সামৰিক ঘাটিৰ প্ৰশাসন বেলেগ কৰা হ'ল৷ তাৰে ফলশ্ৰুতিতে অৰুণাচল সীমান্তত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত আজিও অস্ত্ৰৰ ঝনঝননি আমি দেখা পাইছোঁ৷ সীমা সমস্যাৰ পোনপটীয়া সমাধান ক'বলৈ গ'লে এতিয়াও কিন্তু সুদূৰ পৰাহত৷ সিপাৰৰ পৰা মাজে-মধ্যে অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটাৰ খবৰ ওলায় যদিও কিবা এটা কৰি পৰিস্থিতি থাপি-থুপি স্থিৰভাৱে ৰাখি চলি অহা হৈছে৷

সীমান্ত অস্থিৰতাৰ কবলত পৰি তেনেকৈয়ে এদিন বন্ধ হৈ গৈছিল ভাৰত-চীনৰ মাজৰ সকলোতকৈ চমু আৰু সহজ পথটো৷ বন্ধ হৈ গৈছিল তিব্বত-ভাৰতৰ এক জীৱন্ত পথ যি পথৰ জাপ খোৱা মুখখন কিছু সময়ৰ আগতে আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ৷ সেইযে ৰাস্তাটো বন্ধ হ’ল, হ’লেই৷ আজিও খোলা নাই৷ খুলিবনে নুখুলিব আমি নাজানো৷ কাৰণ সেয়া দুখন বৃহৎ ৰাষ্ট্ৰৰ ৰাজনৈতিক, সামৰিক নেতৃত্বৰ দৃষ্টিভংগী, সিদ্ধান্ত আৰু পদক্ষেপৰ কথা৷ আমাৰ দৰে সাধাৰণজনৰ কথা মুঠেই নহয়৷ কূৰ্চুটীয়া ৰাজনীতিকৰ টালি-ভুলি বুজি নোপোৱা আমি মাথো দৰ্শনাৰ্থী৷ সম্প্ৰীতি, সহাৱস্থান আৰু উন্নতিৰ কামনাৰে সময়লৈ বাট চোৱাতে সীমাবদ্ধ আমি৷


মৃত সৈনিকৰ সমাধি দৰ্শন কৰি, সমাধিক্ষেত্ৰৰ কাষেৰে অহা-যোৱা কৰাৰ পিছত, মানুহৰ ভৱিষ্যতৰ স্বাৰ্থত সদ্যহতে এইটোকে পোষণ কৰি লৈছোঁ যে ৬২ৰ যুদ্ধখন চীনৰ আগ্ৰাসনো নহয়, ভাৰতৰ আগ্ৰাসনো নহয়, ব্ৰিটিছৰাজে পুতি থৈ যোৱা এটা শক্তিশালী গ্ৰেনেডৰ বিস্ফোৰণহে৷ হিন্দী-চীনী আকৌ ভাই-ভাই হৈ পৰিব লাগিব আৰু একেলগে সীমান্তৰ উন্নয়নমুখী প্ৰকল্পৰ চিন্তাত জড়িত হ'ব লাগিব৷ উভয় দেশৰ সম্পৰ্কক এটা নতুন মাত্ৰা দিয়াৰ ধনাত্মক প্ৰচেষ্টা নিতৌ আগ বাঢ়িব লাগিব৷ তেহে পৃথিৱীয়ে হাতচাপৰি বজাব৷ ঐক্য, সমন্বয় আৰু সহযোগিতাই সেয়া বাস্তৱত সম্ভৱ কৰি তুলিব পাৰে৷ ভাৰত-চীনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক জাগ্ৰত কৰি বিশ্বৰ অন্যতম শক্তি হিচাপে পৰিচিতি দিবলৈকে চাগৈ পূবৰ দুৱাৰখনেও অনেক আশা আৰু আগ্ৰহেৰে বাট চাই আছে৷

এটা কষ্টসাধ্য দুঃসাহসিক ভ্ৰমণৰ কাৰ্যসূচীৰে কেইদিনমানৰ কাৰণে আমি উত্তৰ-পূবৰ অন্তিম পূবলৈ আহিছিলোঁ৷ দেশৰ পূব মূৰৰ সৌন্দৰ্যময় প্ৰাকৃতিক সাজোন-কাচোন চাই, সেউজীয়াই ঢৌ খেলোৱা ঠাইসমূহৰ মৰমী পৰশ পাই আমি অতিশয় আনন্দিত, উৎফুল্লিত আৰু গৌৰৱান্বিত হৈছোঁ৷ পূব চাই ঘৰলৈ ঘূৰাৰ বাটত পূবৰ যুঁজখনৰ মৰণজয়ী যোদ্ধাক পুনৰবাৰ স্মৰণ কৰিব বিচাৰিছোঁ Bernard S. Dougal-ৰ 'A sleep in the Mishmi hills'ৰ পংক্তিৰে...

The sentinel hills
That round us stand
Bear witness that
We loved our land.
Amidst shattered rock
And flaming pine
We fought and died
On Namti Plain.
O Lohit gently by us glide,
Pale stars above softly shine,
As we sleep here
In sun and rain.







পৰৱৰ্তী লেখা :
. টিংকাক লগ পালোঁ

No comments:

Post a Comment