অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
চীন-ভাৰতৰ যুদ্ধখনৰ সৈতে তিব্বতৰ সম্পৰ্ক আটাইতকৈ
বেছি৷ তিব্বতক ‘পৃথিৱীৰ মূধচ‘ বুলি অভিহিত কৰা হয়৷ চীনাসকলে
কয় জিজাংগ৷ সেই এলেকাটো চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত৷ সমুদ্ৰপৃষ্ঠৰ পৰা যাৰ
গড় উচ্চতা ১৬,০০০ফুট৷ তাৰ দক্ষিণত হিমালয় পৰ্বত, পশ্চিমত কাৰাকোৰাম পৰ্বত, উত্তৰ-পূবত
কুৱেন লুন পৰ্বত৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উত্তৰে চীনৰ জিনজিয়াং স্বায়ত্তশাসিত অঞ্চল
আৰু কিনঘাই ৰাজ্য৷ পূবত ছিছুৱান আৰু য়ুন্নান ৰাজ্য৷ ম্যানমাৰ, ভূটান আৰু নেপালৰ উপৰি
ভাৰত ভূমিৰ সৈতে তিব্বতে দক্ষিণত চুই আছে৷ পশ্চিমতো ভাৰতৰ সৈতে লাগি আছে৷ ছাংগ্ ছুংগ্
বংশ, তাৰ পিছত বড্ বংশৰ শাসনকৰ্তাসকলৰ পিছত বৌদ্ধ ভিক্ষু অৰ্থাৎ লামাসকলে তিব্বতত
শাসকৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল৷ তিব্বতীয় বৌদ্ধ সন্যাসী, লামাবিলাকৰ গৃহভূমি আছিল আমডো৷
তিব্বতৰ ধৰ্ম আৰু ৰাজনীতিত এই বিজ্ঞ, পণ্ডিতসকলৰ বিস্তৰ প্ৰভাৱ আছিল৷ ডালাই লামা তাৰে
প্ৰকৃষ্ট উদাহৰণ৷ অতীতত তিব্বতৰ সেই স্থানবিলাকৰ পৰা ভাৰতবৰ্ষৰ বুদ্ধগয়ালৈ নেফা
হৈ অসমৰ মাজেৰে আহ-যাহ আছিল বুলি জনা যায়৷ এক কথাত সেয়া আছিল ধৰ্মীয় পৰ্যটন৷ তেনেদৰেই
অৰুণাচলৰ চৌখাম, নামচাই আদিত বৌদ্ধ ধৰ্মই বিস্তাৰ লাভ কৰা বুলি উক্ত স্বৰ্ণমণ্ডিত ঠাইসমূহৰ
মাজেৰে পাৰ হৈ আহোঁতে আমি জানিবলৈ, প্ৰমাণ দেখিবলৈ পাইছোঁ৷
তিব্বতৰ ৰাজনীতিত চীনা প্ৰেক্ষাপট ৰচনা হৈছিল ১৬৮০চনৰ
পৰা৷ সেই বছৰতে পঞ্চম ডালাই লামা লৱচাংগ গিয়াটছোৰ মৃত্যু ঘটে৷ গুপ্তঘাতকে তেওঁৰ উত্তৰাধিকাৰীক
হত্যা কৰে৷ ১৭২০চনত কিং সম্ৰাটে তিব্বতৰ পৰা মংগোলসকলক খেদি তিব্বতত চীনৰ প্ৰভুত্ব
বিস্তাৰ কৰে যদিও প্ৰত্যক্ষ শাসন নচলাই ডালাই লামাকে শাসকৰূপে অনুমতি দিছিল৷ ১৭৯২চন
পৰ্যন্ত বংশানুক্রমে তেনেদৰেই চলি আহিছিল৷ এবাৰ অৱতাৰী লামাৰ বয়স প্ৰয়োজনতকৈ কম হোৱাত
তত্ত্বাৱধায়কৰূপে পাঞ্চেন লামাক শাসনৰ ভাৰ অৰ্পণ কৰা হয়৷ তেওঁৰ কাৰ্যকালত তিব্বতী আৰু গোৰ্খা নেপালীৰ মাজত যুঁজ লাগে৷ গোৰ্খাৰ হৈ ইংৰাজে ভাবুকি দিয়াত তিব্বতীয় সেনাই নেপাল
ত্যাগ কৰিবলৈ বাধ্য হয়৷ ইয়াৰ পিছতেই ভাৰত, চীন আৰু তুৰ্কীৰ বাহিৰে বাকী বহিঃবিশ্বৰ
সৈতে যোগাযোগ বিচ্ছিন্ন কৰি তিব্বত হৈ পৰে ‘আশ্ৰম ৰাজ্য’৷
এইফালে, ১৮২৪-১৮২৬চনলৈ চলা প্ৰথম এংল’-বাৰ্মিজ ৱাৰৰ ফলত ব্ৰহ্মদেশৰ
হাতৰ পৰা অসম আৰু মণিপুৰ আঁজুৰি লোৱাৰ পিছত ১৮২৬চনত চীনৰ সৈতে উমৈহতীয়া সীমাৰ অধিকাৰী
হৈ পৰে ব্ৰিটিছ-ইণ্ডিয়া৷ টাৱাং তিব্বতৰ অংশ বুলি নেফাৰ দায়িত্ববাহী বিষয়া মেজৰ জে.
জেনকিন্সে তেতিয়াই দৰ্শাইছিল৷
চিনো-ইণ্ডিয়ান সীমাৰ উত্তৰ অংশটো গঠন হৈছিল শিখসকলৰ
দ্বাৰা লাডাখ জয়ৰ পিছত, ১৮৩৪চনত৷ জম্মু আৰু কাশ্মীৰকে ধৰি উত্তৰ ভাৰতত শাসন কাৰ্য চলাই
অহা শিখ বাহিনীয়ে ইয়াৰ সীমাত থকা চুবুৰীয়াসকলৰ সৈতে সুসম্পৰ্ক বৰ্তাই ৰখাৰ উদ্দেশ্যে
১৮৪২চনত এখন চুক্তি কৰিছিল৷ ১৮৪৬চনত ব্ৰিটিছে শিখক পৰাভূত কৰে৷ ফলস্বৰূপে লাডাখকে ধৰি
জম্মু-কাশ্মীৰৰ অংশবিশেষ ব্ৰিটিছৰ অধীনলৈ যায়৷ অমৃতসৰ চুক্তিৰ জৰিয়তে ব্ৰিটিছে কাশ্মীৰ
হস্তগত কৰিছিল যদিও ভাৰতবৰ্ষৰ উত্তৰ সীমা ৰচনাৰ ক্ষেত্ৰত কাশ্মীৰৰ ভূমিকা আছিল ধুঁৱলি-কুঁৱলি৷
ব্ৰিটিছ শাসকসকলে চীনা অধিকাৰীসকলক সীমা সংক্রান্তত আলোচনা কৰিবলৈ আহ্বান জনাই আছিল৷
পাংগং হ্ৰদ আৰু কাৰাকোৰাম পাছ পৰ্যন্ত সেই সময়ত সীমান্তৰ ধাৰণা পৰিষ্কাৰ আছিল৷ কিন্তু
মাজৰ আকচাই চীন এলেকা তেতিয়াও খেলিমেলিৰ আৱৰ্ততে আছিল৷ চুবুৰীয়া দুই দেশ চীন আৰু ভাৰতৰ
মাজৰ দীৰ্ঘদিনে ওৰ নপৰা বিশ্বাস-অবিশ্বাসৰ কাহিনীও আচলতে আকচাই চীনক লৈয়েই৷
১৮৬৫চনত ভাৰত আৰু চীনৰ মাজৰ সীমা নিৰূপণৰ অৰ্থে
ভাৰতীয় জৰীপ বিভাগৰ সৈতে জড়িত উইলিয়াম এইচ. জনছন নামৰ অসামৰিক সেৱাৰ লোকজনক এলেকাটোৰ
ছাৰ্ভেৰ বাবে প্ৰেৰণ কৰা হৈছিল৷ তেওঁৰ নামতে তেতিয়া সৃষ্টি হ’ল ‘জনছন লাইন’৷ আকচাই চীন চুই যোৱা সেই বিবাদপূৰ্ণ
ৰেখাডালেই আছিল ভাৰতে আকচাই চীনক নিজৰ বুলি দাবী কৰাৰো একক ভিত্তি, শতিকাৰ পূৰ্বে যি
অনেক বিতৰ্কৰ সূচনা কৰি থৈছে৷ জনছনৰ লাইনডালৰ আধাৰ আছিল জম্মু-কাশ্মীৰৰ মহাৰজাৰ শাহিদুল্লা
নামৰ দুৰ্গটো য’ত কাৰাকোৰাম পৰ্বতমালাৰ পৰিৱৰ্তে
কুৱেন লুন জলচ্ছেদক সীমা বিভাজক বুলি নিৰ্দেশ কৰা হৈছিল৷ জনছনে সেই ৰেখা মহাৰজাক
উপহাৰ দিয়ে৷ ইয়াৰ অন্তৰ্গত ১৮,০০০বৰ্গকিল’মিটাৰ এলেকা নিজৰ বুলি দাবী তুলিলে৷ জনছনৰ কৰ্ম সঠিক নাছিল৷
তেওঁ অংকন কৰা অগ্ৰৱৰ্তী সীমাৰেখাডাল বিষমভাৱে সমালোচিতও হৈছিল৷ সীমান্ত ৰেখা আংশিকভাৱে
বোধগম্যহীন আৰু ভাৰতে দাবী জনোৱাতকৈ উত্তৰত অধিক বঢ়াই দিয়া বুলিও কোৱা হৈছিল৷ লাডাখৰ লেহত থাকোঁতে উক্ত বৰ্ষতে খোটান এলেকাৰ খানৰ নিমন্ত্ৰণ পাই তালৈ অনুমতিহীনভাৱে পাৰ হোৱাৰ কাৰণে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা এই ছাৰ্ভেয়ৰজন তিৰস্কৃতও হৈছিল৷ পিছৰ বছৰৰ জৰীপকৰণ কাৰ্যত অসহযোগ কৰি তেওঁ ইস্তফা দিয়াৰ উপৰি মৃত্যুকো সাবটি লয়৷
১৮৭২চনত তিব্বতৰ পৰা ৪জন সন্যাসী বিষয়া টাৱাঙলৈ
আহে৷ নেফাৰ দায়িত্বত থকা মেজৰ জে. গ্ৰাহামৰ সৈতে তেওঁলোকে সীমান্ত পৰিদৰ্শন কৰিছিল৷
ব্ৰিটিছ চৰকাৰ তেতিয়াও এই স্থিতিতে আছিল যে টাৱাং ট্ৰেক্টটো তিব্বতৰে অংগ হয়৷
১৮৭৮চনত চীনাসকলে জিনজিয়াং জয় কৰে৷ ফ্ৰান্সিচ য়ংহাজবেণ্ড, যি ১৮৮০চনৰ শেষৰ ফালে জনছন লাইনৰ এলেকাটোত অনুসন্ধান চলাইছিল, তেওঁ জনালে
যে শাহিদুল্লা এটা পৰিত্যক্ত দুৰ্গ৷ তাত কোনো নাথাকে৷ যাযাবৰী কিৰ্ঘিজৰ সুবিধাজনক জিৰণি
ঘৰহে সেয়া৷ সেই পৰিত্যক্ত দুৰ্গটো কাশ্মীৰীসকলে কিছু বছৰৰ আগেয়ে নিৰ্মাণ কৰা৷ জিনজিয়াঙৰ
পিছত ১৮৯০চনত চীনে শাহিদুল্লা দুৰ্গ নিজৰ অধীন কৰি লৈছিল৷ ১৮৯২চনত কাৰাকোৰাম গিৰিপথেৰে
সীমান্তৰ খুঁটি থিয় কৰি পেলাইছিল৷
১৮৯০চনৰ পিছৰ সময়ছোৱাত জনছন ৰেখাকে ‘জনছন-আৰ্দাঘ লাইন’ হিচাপে উন্নীত কৰা হয়৷ ছাৰ জন আৰ্দাঘ নামৰ ব্ৰিটিছ মিলিটেৰী অফিচাৰ এজনে য়াৰকাণ্ড নদীৰ উত্তৰে অৱস্থিত কুৱেন লুন পৰ্বতেৰে এডাল সীমাৰেখাৰ প্ৰস্তাৱ দিছিল৷ শাহিদুল্লাৰ পৰা সেই পৰ্বতেৰে টানি নিয়া সেই সীমাৰেখাই পাংগং লে'ক আৰু কাৰাকোৰাম গিৰিপথৰ মাজৰ খালী অংশ নাইকিয়া কৰি পেলালে৷
১৮৯৩চনত খাচগৰৰ জ্যেষ্ঠ চীনা বিষয়া হুং টা-চ্ছেনে
খাচগৰৰ ব্ৰিটিছ ৰাজবিষয়া জৰ্জ মেককাৰ্টনিক এখন মানচিত্ৰ অৰ্পণ কৰিছিল য’ত দেখুওৱা হৈছিল চীনৰ সীমা৷ সেই
মেপ অনুযায়ী ভাৰতৰ ফালে লাকচাং পৰ্বতমালাৰ দক্ষিণে লিংজি টাং সমতল আৰু চীনৰ ফালে লাকচাং
পৰ্বতমালাৰ উত্তৰে থকা আকচাই চীন তেওঁলোকৰ৷ মেককাৰ্টনিয়ে প্ৰস্তাৱটো ব্ৰিটিছ-ইণ্ডিয়া
চৰকাৰলৈ আগ বঢ়ালে৷ সেই সময়ৰ ৰাজদূত ছাৰ ক্লড মেকডনাল্ডে তাতে এটা টোকা লিখি দিলে৷ ১৮৯৯চনত সৃষ্টি কৰা
হ’ল ‘মেককাৰ্টনি-মেকডনাল্ড লাইন’৷ কাৰাকোৰাম পৰ্বত অতিক্রম কৰি
আকচাই চীনৰ দিশে এই ৰেখা পূৰ্বৰ সীমান্ত ৰেখাতকৈ অধিক আগ বঢ়াই দিয়া হ’ল৷ সীমা বুজাবলৈ ব্ৰিটিছ শাসকে
ৰেখাৰ পিছত ৰেখা আঁকিছিল যদিও চীনক সেয়া জনোৱা হোৱা নাছিল৷ সেইবোৰ আছিল একপক্ষীয়ভাৱে
কৰা কাম৷ আনহাতে এইডালেই একমাত্ৰ ৰেখা যাৰ বিষয়ে চীনক আনুষ্ঠানিকভাৱে জাননীযোগে অৱগত
কৰা হ’ল৷ চীনে পিছে তাৰ কোনো প্ৰত্যুত্তৰ
নিদিলে৷
ইফালে চীনৰ শিথিলতাৰ সুযোগতে ঊনবিংশ শতিকাৰ শেষৰ
ফালে তিব্বত প্ৰায় স্বাধীন হৈ পৰিছিল৷ তেনেতে তিব্বতত ৰাছিয়াৰ সম্ভাৱ্য উপস্থিতিয়ে
ব্ৰিটিছ-ভাৰতৰ শাসক ইংৰাজ চৰকাৰক সন্ত্ৰষ্ট কৰি তোলে৷ ছোভিয়েট বাহিনীৰ আগ্ৰাসন ৰোধ
কৰিবলৈ লৰ্ড কাৰ্জনৰ নিৰ্দেশক্ৰমে ১৯০৪চনত ফ্ৰান্সিচ য়ংহাজবেণ্ডৰ নেতৃত্বত ইংৰাজ সৈন্যই তিব্বতত আক্রমণ চলাই
লাছা দখল কৰে৷ আনফালে ১৯০৬চনত তিব্বতৰ লগত কৰা এক চুক্তিৰ মাধ্যমেৰে চীনে তিব্বতক বহিঃশত্ৰুৰ
কবলৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি আগ বঢ়ায়৷ ইয়াৰ পিছত ১৯০৭চনত ব্ৰিটেইন, চীন আৰু ছোভিয়েট
ৰাছিয়াৰ মাজত এক চুক্তি সম্পাদন হয়৷ উক্ত চুক্তি মৰ্মে তিব্বতৰ ওপৰত চীনৰ কৰ্তৃত্বক
স্বীকাৰ কৰি লোৱা হয়৷ তদুপৰি তিব্বতীসকলৰ আভ্যন্তৰীণ বিষয়ত চীনৰ বাদে আন কোনেও কোনো
ধৰণৰ হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত গৃহীত হয়৷
১৯১০চনত তিব্বতৰ ওপৰত চীনৰ পূৰ্ণাংগ অভিযান চলে৷
১৯১১চনত চীনত বিপ্লৱ সংঘটিত হৈছিল৷ জিনহায় বিপ্লৱৰ ফলস্বৰূপে চীনত ক্ষমতাৰ হস্তান্তৰ হয়৷
ফলত তিব্বতৰ পৰা চীনা সৈন্য উভতি যাবলগীয়া হয়৷ তাকে তিব্বতে চীনৰ পৰা মুক্ত হোৱা বুলি
ধৰি ল’লে৷ তিব্বত আৰু মংগোলিয়াই ১৯১৩চনত
পৰস্পৰ স্বাধীনতাক স্বীকৃতি দিয়াৰ উপৰি চীনৰ কৰ্তৃত্বক অস্বীকাৰ কৰি এখন চুক্তি কৰে৷
বিপ্লৱক লৈ ক্ষমতাৰ অৰিয়াঅৰি হোৱাৰ আগলৈকে ব্ৰিটিছে সীমাৰ ক্ষেত্ৰত শেহতীয়া লাইনডালকে
ব্যৱহাৰ কৰি আহিছিল৷ আভ্যন্তৰীণ খেলিমেলিত পৰি চীন দুৰ্বল হৈ পৰাৰ লগে লগে ব্ৰিটিছে
পুনৰ জনছন লাইনক অফিচিয়েল ব’ৰ্ডাৰ হিচাপে গণ্য কৰিলে৷ প্ৰথম বিশ্বযুদ্ধৰ সময়লৈকে ব্ৰিটিছে সীমাৰ
ক্ষেত্ৰত চৰকাৰীভাৱে সেই লাইনডালকে ব্যৱহাৰ কৰি আছিল যদিও ভূমি নিয়ন্ত্ৰণৰ বাবে সীমান্ত
চকী স্থাপনৰ লেখিয়া কোনো পদক্ষেপ লোৱা হোৱা নাছিল৷ ইফালে ১৯১৭চনত ছোভিয়েট ৰাছিয়াত
বিপ্লৱ সংঘটিত হোৱাত ব্ৰিটিছ শাসকে মধ্য এছিয়াৰ দিশে চলা ৰাছিয়াৰ আগ্ৰাসনক লৈ মূৰ ঘমোৱাটো
বাদ দিলে৷ সীমাৰ প্ৰসংগও তেনেকৈয়ে খেলিমেলি অৱস্থাতে ৰৈ গ’ল৷
ইয়াৰ পিছতো আৰু ৰেখা সৃষ্টিৰ অৱকাশ থাকি গ’ল৷ চীনৰ গ্ৰহণীয়তাৰ লক্ষ্যৰে,
সীমা ফটফটীয়া কৰাৰ আশাৰে ব্ৰিটিছে পুনৰ সীমান্ত ৰেখা টনাৰ প্ৰচেষ্টা চলাই থাকিল৷ ব্ৰিটিছ
লেখক নেভিল মেক্সৱেলৰ মতে ব্ৰিটিছে অঞ্চলটোত ১১ডাল পৃথক পৃথক ৰেখা ব্যৱহাৰ কৰিছিল৷
ৰাজনৈতিক পট পৰিৱৰ্তনৰ সৈতে সেই ৰেখাসমূহে দাবী কৰা অঞ্চলৰো হীন-ডেঢ়ি ঘটিছিল৷
ঊনৈশ শতিকাৰ শেষৰ ফালেও এইটো স্পষ্ট আছিল যে এতিয়া
অৰুণাচল বা ভাৰতত সোমাই পৰা টাৱাঙক ইংৰাজে তিব্বতৰ অংশ বুলিয়ে গণ্য কৰে৷ ব্ৰিটিছ কৰ্তৃপক্ষৰ
১৯১২চনৰ ১জুনৰ এটা টোকাত এই সীমা স্পষ্ট কৰা হৈছিল৷ টাৱাঙৰ দক্ষিণৰ পৰা পশ্চিমমুৱাকৈ
উগালগুৰিৰ কাষৰ পাদদেশেৰে ভূটানৰ দক্ষিণ সীমান্ত পৰ্যন্ত তেতিয়াৰ সীমা বুলি উল্লেখ
কৰা হৈছিল৷ ভাৰত চৰকাৰৰ বৈদেশিক বিভাগে ১৯০৮চনত প্ৰস্তুত কৰা পূৰ্ব বংগ আৰু অসমৰ মেপত
আন্তৰ্জাতিক সীমা ভূটানৰ পৰা বাৰই নদীৰে হিমালয়ৰ পাদদেশেৰে পাৰ হৈ যোৱা বুলি দেখুওৱা
হৈছিল৷
পৰৱৰ্তী লেখা :
২১. চিমলাৰ ত্ৰিপাক্ষিক সন্মিলন আৰু বিতৰ্কিত মেকমোহন
লাইন
No comments:
Post a Comment