Friday, 28 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন ছয়  ৷৷ দিনাংক ১৫.৪.২০১৫
৬. তেজুত ৰলোঁ, বন্ধুৰ ঘৰত সোমালোঁ



অতীতত উত্তৰ-পূবৰ সবাতোকৈ পূবৰ নগৰীখন আছিল তেজু৷ তেজু আৰু ৰিমাৰ পুৰণি সম্পৰ্ক আজি সাধুকথা৷ ১৯৬২ৰ যুদ্ধৰ সময়ত এই তেজুৰেই পাৰ হৈ গৈছিল ভাৰতীয় সেনাৰ সম্পূৰ্ণ ব্ৰিগেড৷ এতিয়াও সীমান্তৰ বাটত থাকিবৰ বাবে অন্তিমখন হোটেল তেজুতেই আছে৷ আগলৈ কোনো হোটেল গঢ়ি উঠা নাই৷ সেই আশা কৰাটো আজিৰ তাৰিখতো মৰীচিকা খেদি ফুৰাৰ সমপৰ্যায়ৰ কথাই৷ গতিকে চৰকাৰী পৰিদৰ্শন বাংলো, অতিথিশালাৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে সেইমুৱা যাত্ৰীয়ে৷ আন নালাগে, আমি নিজেই তাৰ জীৱন্ত উদাহৰণ৷ ৱালং আৰু হাৱাই দুয়ো ঠাইতে আই.বি.ত নৈশযাপন কৰি আহিছোঁ৷ পালোঁ বুলিহে! নোপোৱা হলেযে কি অৱস্থা হলহেঁতেন, কল্পনা কৰিবলৈও টান৷ আগতীয়া যোগাযোগ আৰু খাটাং বন্দৱস্ত সম্ভৱেই নহয় যত৷ সেয়েহে যাত্ৰাৰ পূৰ্বে অৰুণদাক কৈ আছিলোঁ, 'দাদা, গছৰ তলত থাকিবলগীয়াও হব পাৰে দেই' বুলি৷ তেজু পোৱাৰ পিছত সেই চিন্তাটো যেনিবা নাথাকিব৷

উত্তৰে ল'ৱাৰ ডিবাং ভেলী, দক্ষিণে চাংলাং, পূবে আঞ্জাৱ আৰু পশ্চিমে ডিবাং ভেলী তথা অসমৰ অংশবিশেষে লোহিত জিলাক আগুৰি আছে৷ তেজু এই জিলাৰে সদৰ৷ তাম্ৰেশ্বৰী মন্দিৰ আৰু নিকটৱৰ্তী পৰশুৰাম কুণ্ডৰ বাবে ই জনাজাত৷ ভীষ্মক ৰজাৰ তাহানিৰ কুণ্ডিল নগৰী ইয়াৰ আশে-পাশে আছিল বুলি বিশ্বাস কৰা হয়৷ ডিগাৰু, খামতি, মিজু আদি সাংস্কৃতিক দিশত চহকী কেইবাটাও প্ৰাচীন নৃগোষ্ঠীয় মানুহৰ বসতিস্থল তেজু৷ ইয়াৰ ভিতৰত মিছিমি জনগোষ্ঠীটোৱেই প্ৰাচীন৷ ডিগাৰু, মিজু আৰু ইদু নামে তিনিভাগে বিভক্ত তেওঁলোক৷ দঞি-পল'ৰ উপাসকসকলৰ এই অঞ্চলত স্থিতি মহাভাৰতৰ যুগৰে পৰাই৷ তেতিয়াৰে পৰাই তেওঁলোকে তেওঁলোকৰ স্বকীয় পৰম্পৰা আৰু কৃষ্টি ৰক্ষা কৰি আহিছে৷ নিজস্ব এলেকাত মিছিমিসকলৰ মাজত এতিয়াও ৰজা-ৰাণী থকা বুলি পঢ়িবলৈ পাইছিলোঁ৷ ভগৱান ৰিংয়াজাবমালুক তেওঁলোকে প্ৰধান দেৱতা বুলি গণ্য কৰে৷ প্ৰধান উৎসৱ তামলাডু য'ত প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণৰ অৰ্থে ভূমিদেৱতা আৰু জলদেৱতাৰ পৰা আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা জনোৱা হয়৷

লোহিতখন তেজু আৰু চৌখামৰ মাজৰে বৈ গৈছে৷ বহুতে ভুলক্ৰমে তাকে ব্ৰহ্মপুত্ৰ বোলে৷ ইফালে ব্ৰহ্মপুত্ৰই এইখিনিত নিজৰ নাম পোৱাই নাই৷ লোহিতেই হৈ আছে৷ কেইকিল'মিটাৰ পূৰ্বে ব্ৰহ্মকুণ্ড অতিক্ৰম কৰি অহাৰ পৰিপ্ৰেক্ষিতত পৌৰাণিক কাহিনীৰ ভিত্তিত তেনে এক ধাৰণা একাংশ মানুহৰ মাজত আজিও বৰ্তি আছে৷ অসমৰ পৰা আহিলে তেজুলৈ ৰাস্তা কেইবাটাও৷ তিনিচুকীয়া-ৰূপাই-ধলা হৈ পুৰণি তেজুলৈ৷ ৰূপাই-নামচাই-চৌখাম হৈ পৰশুৰাম কুণ্ডত দীঘল দলংখনেৰে লোহিত পাৰ হৈ পাহাৰৰ ওপৰে ওপৰে আহি ৱাই জংছন আৰু তাৰ পৰা বাঁওহাতে ঘূৰি তেজুৰ ৰাস্তা৷ চৌখামৰ পৰাই আলুবাৰী ঘাটেৰে লোহিত পাৰ হৈও তেজুলৈ আহিব পাৰি৷ আনহাতে ৰূপাই-ধলা পথেৰে ছৈখোৱাঘাটত লোহিত পাৰ হৈ শদিয়া চুই চূণপোৰা গে'টেৰেও যাব পাৰি৷

খৰালিত নদীৰ বুকুৱেদি যাবলৈ ভাল৷ পিছে বাৰিষাত সিয়েই হৈ পৰে ইপাৰ-সিপাৰ নেদেখা মহাকালৰূপী মহাসাগৰ৷ আগতে বাৰিষা কালি বিশেষ দৰকাৰত ঘৰলৈ আহিবলগীয়া হ'লে বন্ধু ধৰ্মেনে ৰৰৈয়াৰ পৰা পৱনহংস হেলিকাপ্টাৰত উৰি আহিছিল৷ অন্যথা নিৰ্ঘাত যমৰ যাতনা৷ লোহিতখন সেইখিনিতে ভৈয়ামত সোমাইছে৷ গতিকে মুকলি পাই গতিপথো যথেষ্ট বহল হৈ পৰিছে৷ আহোঁতেই আমি লোহিত ভিউ পইণ্টত ৰৈ নৈখনৰ সেই বিশাল ৰূপ দৰ্শন কৰিছিলোঁ৷ ১৯৯৩চনত প্ৰথমবাৰ তেজুলৈ যাওঁতে তিনিচুকীয়াৰ পৰা আলুবাৰী ঘাট হৈ বাছেৰে গৈছিলোঁ৷ তেতিয়া পৰশুৰাম কুণ্ডত দলং নাছিল৷ সৰু-বৰ কেইবাটাও মৰাসুঁতি, জীয়াসুঁতি, মূলসুঁতি পাৰ হোৱাৰ দৃশ্য মনত পৰে৷ ঠায়ে ঠায়ে পানীৰ ওপৰেৰেই সোঁত ফালি যাব লাগিছিল৷ ক’ৰবাত ক’ৰবাত সেনাই নিৰ্মাণ কৰা বেলুন ব্ৰীজ আছিল৷ এতিয়া কি আছে নাজানো৷ লোহিত, ডিগাৰু, কামলাং পাৰ হৈছিলোঁ তেতিয়া৷ পানীৰ বৰণ আছিল চক্‌চকীয়া নীলা-সেউজীয়া৷ তলিত পৰি থকা ঘূৰণীয়া সৰু-বৰ শিলগুটিবোৰ স্পষ্টকৈ দেখা গৈছিল৷ পানী দেখাত অগভীৰ, কিন্তু ভবাতকৈ বেছি গভীৰ৷ পথৰ নামত সন্মুখত গাড়ীৰ চকাই সৃষ্টি কৰা লিকৰ বাহিৰে অনুমান কৰিবলৈ একো নাছিল৷ কোনোবা স্থানত শিলৰ দেহত চূণ সানি থোৱা থাকে৷ সেয়াই পথ নিৰ্দেশনা৷ নদীৰ বুকুত অনেক সময় অকাই-পকাই গৈ থাকি এসময়ত তেজুৰ ৰাস্তাত উঠিছিলোঁগৈ৷

যাত্ৰাটোৱে আজিও মনত কিছুমান খোকোজাৰ সৃষ্টি কৰে৷ পানীৰ সোঁত কোনো কোনো ঠাইত ইমানেই প্ৰবল হয় যে গাড়ী এফলীয়াকৈ টানি নিয়ে৷ ইঞ্জিনৰ গোঁ-গোঁৱনি, চকাৰ তলত পাথৰৰ ঘৰঘৰণি আৰু ওপৰত ঢৌৰ ছিটিকনি তুলি একেটা গতিতে পাৰ হয় গাড়ীবোৰ, এখন এখনকৈ৷ পাৰ হৈ আকৌ লিকে লিকে যাত্ৰা৷ বালিচৰত লক্ষ্যস্থলৰ বাট হেৰাই যোৱাৰ সম্ভাৱনাও নোহোৱা নহয়৷ এবাৰ লিক হেৰালে পৰুৱাই পোৱাৰ দৰে ঠাইতে ঘূৰি থাকিবলগীয়া হয়৷ তামোল-পাণ, ভাত-চাহৰ দোকান কেইখনমান পাইছিলোঁ নৈৰ পাৰৰ বালিচৰবোৰত৷ মজলীয়া আকাৰৰ নাও দুখনমানো আছিল৷ সেয়াই আলুবাৰী ঘাট৷ বাটতে ক’ৰবাত নদীৰ মাছ ভাজি থকাও দেখিছিলোঁ৷ তাতে কাৰোবাক গৰমে গৰমে চোবাই থকাও দেখিছিলোঁ৷ এতিয়া কেনেকুৱা ক’ব নোৱাৰিম৷ বন্ধু পংকজ দাসৰ জৰিয়তে এই যাত্ৰাৰ দিনদিয়েক পূৰ্বে ফোনেৰেই চিনাকি হোৱা দীপক কলিতাহঁতে তেনেকৈয়ে অহা-যোৱা কৰে৷ তেজুত স্বাস্থ্য বিভাগত চাকৰি কৰি থকা কলিতাক কৰ্মস্থলীতে লগ ধৰাৰ ইচ্ছা আছিল৷ পিছে বিহু বুলি সপৰিয়ালে বৰপেটালৈ ৰাওনা হ'লত এইবাৰ দেখাদেখি নহ'ব৷ যাত্ৰাটোৰ প্ৰস্তুতি কালত তেওঁৰ পৰা দৰকাৰী পৰামৰ্শ কিছুমান পাইছিলোঁ৷ সাক্ষাতৰ কোনো সম্ভাৱনা নথকা কথাটোৱেহে মনটোত দুখ দিলে৷

তেজু, ১৯৪৬চনত প্ৰতিষ্ঠিত সৰু অথচ মৰম লগা এখন চহৰ৷ ভাৰতৰ একেবাৰে পূব সীমান্তৰ ই আছিল সকলোতকৈ দৰকাৰী চহৰ৷ বিশেষকৈ যুদ্ধৰ সময়ত৷ সেনাৰ ভাষাত কোৱা হৈছিল মষ্ট ষ্ট্ৰেটেজিক৷ মিছিমিসকলেই ইয়াৰ মূল অধিবাসী৷ মহাভাৰতৰ দিনৰে পৰা বসতি কৰি অহা মিছিমিসকলৰ মাজত বিশ্বাস আছে যে ভগৱান কৃষ্ণৰ প্ৰথমগৰাকী ৰাণী ৰুক্মিণী মিছিমি যুৱতী আছিল৷ ৯৩ৰ তেজু মই দেখিছোঁ৷ চৰকাৰী কাৰ্যালয়, চৰকাৰী বাসভৱন, চৰকাৰে পাতি দিয়া এখন বজাৰ, সমবায়ৰ দোকান, অত-তত দেখা পোৱা কিছুমান ব্যক্তিগত ঘৰৰ সমষ্টি৷ এটা মাথো ট্ৰেফিক পইণ্ট৷ হোটেল বোধহয় নাছিল৷ চৰকাৰী সা-সুবিধা নহলে থকাটোৱেই মস্কিল৷ মই যেনিবা বন্ধুৰ ঘৰত আলহী হৈ আছিলোঁ তেতিয়া৷ তাৰ পাছত এয়া ২০১৫৷

৬২ৰ যুদ্ধৰ সময়ৰ তেজুৰ অৱস্থাটো কেনে আছিল বাৰু? তাকে মনতে কল্পনা কৰাৰ বৃথা চেষ্টাও কৰি নোচোৱা নহয়৷ এই তেজুকে মূল আধাৰ হিচাপে লৈ ভাৰতে যুঁজ দিছিল শক্তিশালী চীনৰ বিৰুদ্ধে৷ চীনৰ জয়, ভাৰতৰ পৰাজয়, জৱাহৰলাল নেহৰুৰ অসম বিদায়৷ কত তেজু, কত কিবিথো, কত কাহো, কত নামতি ভেলী, কত ৱালং! দুৰ্গম বাট-পথ, অসুচল ভৌগোলিক অৱস্থান আৰু যুদ্ধৰ কথাবিলাক উক্ত স্থানবোৰ পৰিভ্ৰমণ কৰি অহাৰ পিছত ৰিজাই চাই এতিয়াহে পৰিষ্কাৰ ৰূপত অকণমান হলেও কিবা এটা উপলব্ধি কৰিব পাৰিছোঁ যেন লাগিছে৷ ইমান দিনে জল্পনা-কল্পনাই কৰি থাকিলোঁ৷

এতিয়া আমি সৈনিকৰ পথেৰেই আহি আছোঁ৷ তললৈ নমাৰ আগতে ওপৰৰ পৰাই শেষবাৰৰ বাবে আকৌ এবাৰ চাই লৈছোঁ পৰশুৰাম কুণ্ডৰ নয়নাভিৰাম দৃশ্য৷ লোহিতখন, অৰুণাচলৰ সৰ্বোচ্চ দৈৰ্ঘ্যৰ দলংখন৷ তাৰ পিছত হাৱা কেম্পত লোহিত ভিউ৷ লোহিতৰ সেউজ-নীল স্বকীয়তাও যেন চকুৰে মণিব পৰাখিনিতেই লয় পাইছে! বহল পৰিক্ৰমাত নিজস্বতা হেৰুৱাইছে নেকি লোহিতে? পৰশুৰাম কুণ্ড হৈ চৌখামৰ ফালৰ পৰা ৱাই জংছনলৈ আহিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ তিনিআলিটোৰ পৰা ফাটি এফালে তেজুলৈ বাট৷ হায়ুলিয়াঙৰ পৰা তেজুলৈ ১০০কিলমিটাৰ৷ অলপ সময়ৰ বাবে ৱাই জংছনতো নামিলোঁ আমি৷ আকৌ যাত্ৰা৷ তেজু নাপাওঁতেই ডিমৱে, তাফৰাগাম গাঁও ইত্যাদি৷ তেজু পোৱাৰ আগলৈকে ডাঠ হাবি৷ তাৰ মাজেৰেই ঘূৰি-পকি তললৈ, আগলৈ গৈ আছোঁ৷

তেজুত চাৰ্কিট হাউচ, ইন্সপেকচন বাংলো, টুৰিষ্ট লজ, বন বিভাগৰ গেষ্ট হাউচ অৰণ্যধাম, হোটেল, যাদুঘৰ, ক্ৰাফট চেণ্টাৰ, ব'টানিকেল গাৰ্ডেন, বন্যপ্ৰাণী উদ্যান, শিশু উদ্যান, অনাতাঁৰ কেন্দ্ৰ আদি আছে৷ ইন্দিৰা গান্ধী গভৰ্ণমেণ্ট কলেজ অৰুণাচল প্ৰদেশৰ ভিতৰতে ডাঙৰ মহাবিদ্যালয়৷ সেইখন ইয়াতে অৱস্থিত৷ তেজুৰ পৰা ১৭০কিল'মিটাৰ দূৰত্বত চাগলোগাম৷ ট্ৰেকিং, এংলিং, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়া আৰু প্ৰাকৃতিক দৃশ্যাৱলীৰ বাবে এটুকুৰা উৎকৃষ্ট ঠাই৷ তেজুৰ পৰা ৬কিল'মিটাৰ আঁতৰৰ টিনদলঙত তিব্বতীয় শৰণাৰ্থীৰ শিৱিৰ৷ ১৯৬২ৰ যুদ্ধৰ দুবছৰ পূৰ্বে তিব্বতৰ পৰা অহা এই ভগনীয়াসকলে স্বকীয় পৰম্পৰা ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ সেয়াই লামা কেম্প৷ আমাৰ অৱশ্যে তেজুত থকাৰ কোনো পৰিকল্পনা নাই৷ তেজু চুই গুচি যামগৈ ৰয়িং৷ তাতহে থাকিম৷

তেজু সোমোৱাৰ বহুত আগৰে পৰা হাইৱেৰ নিৰ্মাণ কাৰ্য চকুত পৰিল৷ ২২টা বছৰৰ পিছত পুনৰ তেজুত থিয় হৈ প্ৰথম লক্ষ্যণীয় কথা এইটোৱে হৈ পৰিল৷ তেজুত এতিয়া ৰাস্তা বহলোৱাৰ কাম পূৰ্ণোদ্যমে চলি আছে৷ গতিকে তেজু এতিয়া ধূলিয়ৰি৷ প্ৰদূষিত চৌদিশ৷ হাৱাইত কালি সন্ধিয়া লগ পোৱা তেজুৰ পৰা যোৱা লৰাকেইটাই ঠিকেই কৈছিল, তেজুত অভি ময়লাছে ভৰ্তি হ্যেয়৷ মই সুধিছিলোঁ, কিওঁ? এটাই কৈছিল, ৰাস্তা কা কাম চল ৰহা হ্যেয়না৷ সি ঠিকেই কৈছিল৷ গাড়ীৰ আইনা সম্পূৰ্ণৰূপে বন্ধ কৰি এ.চি. চলাবলগীয়া হৈছে৷ তেজুত গৰমো কিছু আছে৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৬০০ফুট মাত্ৰ৷ ঠাণ্ডা আৰু উচ্চ জেগাৰ পৰা আহি স্বাভাৱিকতে সেয়া খুব ভালকৈ অনুভূত হৈছে৷ তেজুখন সলনি হৈছে৷ মোৰ মনত ধুঁৱলি-কুঁৱলি হৈ থকা আগৰ তেজুৰ ছবিখন এতিয়া ঘূৰাই আনিবকে নোৱাৰিছোঁ৷ চেষ্টা কৰিছোঁ যদিও তেতিয়া কেনি কি আছিল এতিয়া মিলাবই নোৱাৰিছোঁ৷ ধৰ্মেন আৰু মই স্কুটাৰ লৈ আৰ্মী কেম্পলৈ গৈছিলোঁ৷ দেউতাকৰ কাৰণে ৰাম নে হুইস্কী এবটল আনিছিলোঁ৷ কেম্পটো অকণমান ওখ ঠাইত আছিল৷ আহোঁতে এঠাইত আড্ডা মাৰিছিলোঁ৷ সেইবোৰৰ অৱস্থিতি এতিয়া ধৰিবই নোৱাৰিছোঁ! এয়াৰপ'ৰ্টটোবা কেনি? ২০১৪ত হৈ উঠাৰ কথা আছিল৷

বজাৰৰ ওচৰতে টাউনৰ মাজৰ মূল পথটো বন্ধ কৰি ৰখাত উপপথেৰে ঘূৰি-পকি ৰয়িঙৰ বাটত উঠিলোঁহি৷ ধৰ্মেনে কোৱা মতেই তেজু পাই ট্ৰেন্সপৰ্ট অফিচৰ সন্মুখত পথৰ কাষত গছৰ ছাঁত আমাৰ গাড়ীখন ৰখাই লোৱা হল৷ তেতিয়া দিনৰ ১২.১৫ বাজি গৈছিল৷ ৰাস্তাত নামি শকুন্তলাক ফোন লগালোঁ৷ তাই বজাৰলৈ গৈছিল৷ ওচৰৰ দোকানীক সোধাত আমি বিচৰা ঘৰটোৰ অৱস্থান বটাই দিছিল যদিও তাইলৈ বাট চাই থাকিলোঁ৷ ধূলিময় পৰিৱেশত ভালেপৰ অপেক্ষাৰ মূৰকত বগা স্কৰপিঅ এখনৰ আবিৰ্ভাৱ হ'ল৷ আইনাৰ মাজেৰেই ভিতৰত বহি অহা ভনীক মই দেখিয়েই চিনি পালোঁ৷ তাইৰ মনত কিন্তু তেতিয়াও অলেখ প্ৰশ্নবোধক৷ সি যি কি নহওক, ককায়েকৰ লগৰ ককায়েক যেতিয়া ঘৰলৈতো নিবই লাগিব৷ তাতে ডাঙৰ ককায়েকৰ নিৰ্দেশ! খন্তেকীয়া চাৱনি বিনিময় মাত্ৰ৷ এডুকেটেড কলনীৰ পথটোৰে অনুসৰণ কৰিবলৈ ইংগিত দিলে তাই৷ শকুন্তলাৰ বগা গাড়ী আগে আগে৷ আমাৰ কলা গাড়ী পিছে পিছে৷ এক ফাৰ্লংমান গৈয়ে চৌহদৰ বাহিৰত ৰলোঁগৈ৷

গেটখনৰ মুখতে অপেক্ষাৰত অৱস্থাত ধৰ্মেনৰ মাক৷ খবৰ পাইছিল বোধ হয়৷ নমস্কাৰ দি চিধাই কলোঁ, ধৰ্মেনে কৈছিল বোলে মা বুঢ়ী হৈ গল৷ কতা? ঠিকেই আছেচোন আপুনি! যেন সদায় দেখা-দেখি হৈ আছোঁ তেনে ভাবত কোৱা কথা শুনি মাই হাঁহিলে৷ মুখত চিনো-নিচিনো ভাব৷ তথাপি সহজ হ'ল আৰু ভিতৰলৈ নি বহিবলৈ দিলে৷ অলপ পিছতে মনলৈ ঘূৰি আহিল ২২বছৰ আগৰ স্মৃতি৷ ৰ পৰা আহি ওলালি তই বুলি খবৰ-খাতি লোৱা আৰম্ভ কৰিলে৷ আচৰিতো হল চাগৈ, তেনেকৈ দেখি৷ সৰু সাজি-কাচি ওলাই আহিল৷ মই তাইক সাবটি ধৰিলোঁ৷ কাষতে বহুৱালোঁ৷ কলোঁ, মোক তোৰ মনত আছেনে নাই অ সৰু? আগৰ দৰেই তাই মোৰ লগত ব্যস্ততাৰে কথা পতাত লাগিল৷ ৰ পৰা আহিলি? ককাইদেউ কত? ইত্যাদি ইত্যাদি৷ 'তোক চাবলৈকে আহিছোঁ' বুলিলত তাই হাঁহিলে৷ সাইলাখ আগৰে একেই দেখিলোঁ সৰুক৷ বয়স অনুপাতে ডাঙৰ হৈছে মাথোন৷ সৰু সিহঁতৰ সৰুজনী ভনীয়েক৷ শাৰীৰিকভাৱে অক্ষম তাই৷ সেয়ে অনৱৰতে গৃহবন্দী৷

চমু পৰিচয় পৰ্বৰ মাজতে জ্যেষ্ঠ হিচাপে আমাৰ সকলোৰে হৈ অৰুণদাই মাৰ ডিঙিত কাৰবি প এখন পিন্ধাই সাদৰ-সন্মান যাচিলে৷ কথাৰ ফাঁকতে এটা সুযোগত ভিতৰলৈ গৈ মায়ে কাঁহী এখনত বিহুৰ পিঠা এগালমান আনি আমাৰ মুখৰ আগত থলেহি৷ অন্যান্য খোৱা-বস্তু আৰু চৰ্বত দিলে৷ কলে, খা৷ তিলপিঠাকেইখন দেখি আনন্দ লাগি গল৷ আজি বিহুৰ দিন৷ সন্মুখত এয়া বিহুৰ পিঠা৷ কিযে ভাগ্য! কালি ডঙত টপদেন-পেটমাৰ শুকান চিৰাকেইটাৰ পিছত তেজুত এয়া মিছিমি আইৰ হাতৰ তিলপিঠাৰে এইবাৰ আমাৰ বিহু চলিছে! তাৰে কেইখনমান খাই কিছুপৰ আড্ডা মাৰিলোঁ৷ আপং আধাকাপৰ পৰা আৰম্ভ কৰি অনেকবোৰ স্মৃতিচাৰণ চলিল৷ এসময়ত বিদায় মাগিলোঁ বিনাপ্ৰতিশ্ৰুতিৰে, আকৌ কেতিয়াবা এইদৰেই কৌতূহলী ভ্ৰমণকাৰীৰ ৰূপতে ধুমকেতুৰ দৰে ভুটুংকৈ ওলোৱাৰ আশা এটা মনতে ধিয়ায়৷










পৰৱৰ্তী লেখা :
৭. তেজু টু ৰ'য়িং

No comments:

Post a Comment