Sunday, 2 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
২৭. আগ্ৰাসন, অপাৰেচন ইত্যাদি



ভাৰতৰ ফৰৱাৰ্ড পলিচী অব্যাহত থাকিল৷ টাৱাঙৰ উত্তৰৰ নামখা চু পালেগৈ ৭ ইনফেনট্ৰী ব্ৰিগেড৷ ১৯৬২ৰ ১০জানুৱাৰীত ইষ্টাৰ্ণ কামাণ্ডে দিয়া নিৰ্দেশ পোৱা মাত্ৰকে ৫৬ অসম ৰাইফলচৰ সৈনিক দলে বিবাদমান মেকমোহন সীমাত ভাৰতৰ উপস্থিতি ঘোষণা কৰিলে৷ ৭ ইনফেনট্ৰী ব্ৰিগেডৰ কামাণ্ডাৰ, ব্ৰিগেডিয়াৰ জন পৰশুৰাম ডালভীৰ দায়িত্বত আৰম্ভ হল অপাৰেচন ওংকাৰ৷ তাকে লৈ উভয় পক্ষৰ মাজত গুলীয়াগুলি চলিল৷ চাইনিজ পি.এল.এ.ৰ ১২জন সদস্য নিহত আৰু আঘাতপ্ৰাপ্ত হল৷

২৪ফেব্ৰুৱাৰীৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে লেফটেনেণ্ট জেনেৰেল উমৰাও সিঙৰ তত্বাৱধানত তেজপুৰত থকা ৩৩ কৰ্পছক ৯টা নতুন ব'ৰ্ডাৰ প'ষ্ট প্ৰতিষ্ঠা কৰাৰ বাবে নিৰ্দেশ দিয়া হয়৷ তাৰে এটা আছিল টাৱাং আৰু ভূটানৰ মাজত ভাৰত, ভূটান আৰু তিব্বতৰ সীমান্তসংযোগী ট্ৰাই জংছনত৷ খিনজিমানেৰ উত্তৰৰ সেইটোৱে হৈছে বহুচৰ্চিত ঢলা প'ষ্ট৷ মেকমোহন লাইনৰ সোঁৱাহযুক্ত মানচিত্ৰৰে ৬মাৰ্চত পদক্ষেপ আৰম্ভ হ'ল৷ আছাম ৰাইফলচৰ এটা প্লাটুনসহ ১ শিখ ৰেজিমেণ্টৰ কেপ্টেইন মহাবীৰ প্ৰসাদক ইয়াৰ বাবে নিৰ্বাচিত কৰা হৈছিল৷ ৪জুনত ঢলাত আৰ্মী প'ষ্ট স্থাপন কৰা হয়৷ পিছলৈ সেই প'ষ্টটোৱেই ভাৰত আৰু চীনৰ মাজৰ যুদ্ধখনৰ ঘাই কাৰণ হৈ পৰে৷

২৭এপ্ৰিলত আৰ্মী হেডকোৱাৰ্টাৰৰ পৰা মেকমোহন লাইনৰ ২-৩মাইল জুৰি প্ৰতিৰক্ষামূলক পেট্ৰলিঙৰ অনুমতিৰ উপৰি আৰু অধিক প'ষ্ট বহুৱাবৰ ইংগিত আহিল৷ এইবাৰ প্ৰতিবাদমুখৰ হৈ পৰিল চীন৷ সেইটো মাহতে চীনৰ কেন্দ্ৰীয় সামৰিক আয়োগৰো বৈঠক বহিল৷ তাত জৰুৰীভাৱে সিদ্ধান্ত লোৱা হল যে ভাৰতৰ এই আগ্ৰাসন আৰু চাই থাকিব পৰা নাযাব৷ ফৰৱাৰ্ড প'ষ্টৰ পৰা ভাৰতীয় সৈনিক উঠাই নিয়াৰ দাবীৰে এপ্ৰিল মাহতেই চীনৰ ফালৰ পৰা ভাৰতক শেষ-বাণীস্বৰূপে সকীয়নি শুনাই দিয়া হ'ল৷ তাৰ পিছতো জেনেভাত এখন সভাত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেনন আৰু চীনা প্ৰধান চৌ এন-লায় মুখামুখি হৈছিল৷ সদ্ভাৱ পিছে গঢ় লৈ নুঠিল৷ সম্পৰ্কটো ইতিমধ্যে বেয়ালৈ গতি কৰিছিলেই৷

২মেত ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালকে পৰামৰ্শ দিলে যে নেফা আৰু লাডাখত ব্যৱহাৰ কৰাৰ বাবে বিমান বাহিনীক সাজু ৰাখিব লাগে৷ ভাৰতীয় আৰু চীনা সৈন্য বাহিনীৰ বৃহৎ সংখ্যাগত পাৰ্থক্যলৈ চাই ভাৰতীয় বায়ু সেনাকে আক্রমণ চলোৱাৰ বাবে সম্ভাব্য শক্তি বুলি ভবা হৈছিল৷ নেফাৰ সীমান্তৰ ওচৰে-পাজৰে বায়ু সেনাৰ বিমানে যুদ্ধকাৰ্যোপলক্ষে শত্ৰুৰ গতিবিধি নিৰীক্ষণ কৰিব ধৰিলে৷ ৭মে তাৰিখে চীনা সৈন্যই ভাৰতৰ ডাকোটা বিমান এখন ভূপতিত কৰিলে যত ডেকা বিষয়া বি. পি. তিৱাৰীক হেৰুৱাবলগীয়া হল৷ সেই ঘটনাৰ পিছত বায়ু সেনাক চীনৰ নিকট স্থানলৈ নাযাবলৈ নিৰ্দেশ দিয়া হল৷

জুন মাহ সোমাওঁতেই ভাৰতীয় চোৰাংচোৱা সংস্থাই কলে যে চীনা চিপাহীৰ এটা দলে সীমা অতিক্রম কৰিছে আৰু যুদ্ধ লাগিব পাৰে৷ খবৰ এনেকুৱাও ওলাল যে একে সময়তে পাকিস্তানেও পশ্চিম দিশত আক্রমণ কৰিব৷ তিব্বত আৰু য়ুন্নানত থকা চীনা বিমান বন্দৰ ভাৰতৰ মহানগৰসমূহৰ কাৰণে বিভীষিকাস্বৰূপ হৈ পৰিল৷ পি.এল.এ.ৰ বায়ু সেনাই ছোভিয়েট বোমাৰু বিমানেৰে বোমা বৰ্ষণ কৰিব পাৰে বুলিও আশংকা কৰা হল৷

১০জুনত লাডাখত অস্ত্ৰসজ্জিত ভাৰতীয় আৰু চীনা চিপাহীৰ মাজত সন্মুখ সমৰ এখন কথমপি অনুষ্ঠিত নোহাৱাকৈ ৰ'ল৷ সেইটো মাহতে ভাৰতীয় সৈন্য বাহিনীয়ে তিব্বতৰ লে গাঁৱৰ সমীপৰ থাগ-লা শিখৰৰ দক্ষিণ ঢালত অৱস্থিত নামখা চু ভেলীৰ ঢলাত এটা চকী স্থাপন কৰিলে৷ ১৯১৪চনৰ চিমলা চুক্তি অনুসৰি মেকমোহন লাইনৰ অৱস্থিতি আছিল ২৭ডিগ্ৰী৪৫'৪০'' উত্তৰ৷ ঢলা পষ্ট মেকমোহন লাইনৰ প্ৰায় ৬কিলমিটাৰ উত্তৰে৷ ভাৰত পক্ষই বুজা মতে সীমা নিৰ্ধাৰক এই ৰেখাডাল থাগ-লাৰ উচ্চ শিখৰেৰে গৈছে যি চিমলা চুক্তিমতে হেনৰী মেকমোহনে অংকন কৰা মানচিত্ৰত দেখুওৱা স্থানৰ পৰা ৪.৮-৬.৪কিলমিটাৰ উত্তৰত৷ ব্ৰিগেডিয়াৰ জন ডালভীৰ মতে থাগ-লা শিখৰ এলেকাত মেকমোহন লাইনৰ প্ৰকৃত অৱস্থানক লৈ চীনে আপত্তি দৰ্শাইছিল৷ প্ৰধান মন্ত্ৰী নেহৰুৱে নিৰ্দেশ দিয়াৰ দৰে থাগ-লাৰ ঢলা এলেকা ভাৰতৰ নাছিল৷ ভাৰতে সীমা পাৰ হৈ যোৱাটো নেহৰু আৰু আন আন কাৰোবাৰ ভুল সিদ্ধান্ত আছিল৷

গেলৱান উপত্যকাত ভাৰতৰ অবৈধ দখলৰ প্ৰতিবাদত ৮জুলাইত চীনে ৰাজনৈতিক আলোচনা সভা অনুষ্ঠিত কৰে৷ চীনে প্ৰকাশ কৰা মতে ভাৰতে চীনৰ ২,০০০বৰ্গ কিলমিটাৰ ভূমি লাভ কৰা বুলি ভাৰত চৰকাৰে জনসাধাৰণলৈ দিয়া প্ৰেছ টোকাত উল্লেখ কৰিছে৷ আনহাতে ভাৰতে তেনেকুৱা ঘটনা সংঘটিত হোৱাৰ কথাটো অস্বীকাৰ কৰিছিল৷ ১০জুলাইত মেকমোহন লাইনৰ উত্তৰৰ গেলৱান ভেলীৰ চুশ্বুলত ৩৫০জনীয়া চীনা সৈন্যৰ এটা দলে ভাৰতীয় চকী ঘেৰি ধৰে৷ লাউড স্পীকাৰৰ জৰিয়তে তাত বাহৰ পাতি থকা গোৰ্খা সৈনিকলৈ জাননী দিয়া হয়৷ চকীটো পৰিত্যাগ কৰাৰ কাৰণে চীনা সৈন্যই তেওঁলোকক এইবুলি বুজনি দিয়ে যে তেওঁলোকে ভাৰতৰ হৈ যুদ্ধত নমাটো অনুচিত৷ উত্তপ্ত তৰ্ক-বিতৰ্কৰ অন্তত চীনা বাহিনী সেই স্থানৰ পৰা উঠাই নিয়া হয়৷

২২জুলাই তাৰিখে ভাৰতৰ ফৰৱাৰ্ড পলিচীত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছিল৷ প্ৰথমাৱস্থাত এই নীতিৰ উদ্দেশ্য আছিল খালী স্থানবিলাক যাতে চীনে লৈ লব নোৱাৰে তালৈ লক্ষ্য ৰাখি চীনৰ আগ্ৰাসনৰ পৰা বচাবলৈ আগধৰি সেইবোৰ দখল কৰা৷ এতিয়া চীনে আগতে দখল কৰা চকীবোৰৰ পৰা তেওঁলোকক পিছুৱাই নিওৱাৰ সিদ্ধান্ত নতুনকৈ লোৱা হল৷ ভাৰতীয় সেনাদলক আৰম্ভণিতে আত্মৰক্ষাৰ ক্ষেত্ৰতহে গুলী চলোৱাৰ নিৰ্দেশ দিয়া হৈছিল৷ এতিয়া কিন্তু চৈনিক শক্তিয়ে ভীতি প্ৰদৰ্শন কৰিলেই প্ৰত্যুত্তৰত গুলীচালনা কৰাৰ বাবে প্ৰতিটো ফ'ৰৱাৰ্ড প'ষ্টৰ কামাণ্ডাৰক জনাই দিয়া হল৷

আগষ্ট মাহত মেকমোহন লাইনত বিশেষকৈ নেফা, তিব্বত আৰু জিনজিয়াঙত চীনা মিলিটেৰীয়ে সমৰসজ্জাৰ বন্দোৱস্ত উন্নত কৰি পেলালে৷ তিব্বতত অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল সাজি প্ৰচুৰ পৰিমাণৰ যুদ্ধাস্ত্ৰৰ আমদানি আৰু মজুত কৰি ললে চীনে৷ চীনৰ সেই প্ৰস্তুতিৰ সৈতে ভাৰতৰ আকাশ-পাতাল পাৰ্থক্য আছিল৷ ১৯৫০চন পৰ্যন্ত ভাৰতে সামৰিক উন্নয়নৰ দিশটো অৱহেলা কৰি আহিছিল৷ নেহৰুৱে ভাবিছিল যে হিমালয় পৰ্বতমালাৰ প্ৰাকৃতিক বাধাই চীনৰ পৰা ভাৰতক ৰক্ষণাবেক্ষণ দিব৷ সেই দিশেৰে শত্ৰু অহাৰ সম্ভাৱনা নাই৷ আনহাতে কোৰিয়ান যুদ্ধ চীনৰ বাবে হৈ পৰিছিল পৰ্বতত যুদ্ধ কৰাৰ এক অনুশীলন৷ ভাৰতৰ আওকণীয়া মনোভাবৰ বাবে যুদ্ধৰ যথোপযুক্ত সা-সৰঞ্জামৰ অভাৱৰ লগতে নেতৃত্বহীনতাৰ কাৰণে কেইবাটাও মুখামুখিত আৰম্ভণিতেই উজুতি খাবলগীয়া হৈছিল৷ উক্ত মাহতে ভাৰতক মেকমোহন সীমা উলংঘনৰ বাবে দোষী সাব্যস্ত কৰি চীনে ৰাজনৈতিক প্ৰতিবাদ কৰে৷ তাৰ লগে লগে ভাৰতীয় সেনাই স্থাপন কৰা ঘাটিৰ পৰা উত্তৰে চীনা সৈন্যই থাগ-লাৰ ৰিঝ অধিকাৰ কৰিবলৈ আৰম্ভ কৰিলে৷

পূৰ্বোত্তৰত ভাৰতীয় বাহিনীয়ে অবৈধ মেকমোহন লাইন পাৰ হল৷ এইদৰেই সীমান্তৰ মূল যুদ্ধখনৰ খাণ্ডৱ দাহ সংঘটিত হোৱাৰ আগতে ভাৰতীয় বাহিনীয়ে পূব আৰু পশ্চিম খণ্ডত ফিৰিঙতি ছটিওৱা আৰম্ভ কৰিলে৷ সীমাৰেখাৰ উত্তৰৰ চ্ছে ডং দখল কৰি বহিল৷ চীনা সীমান্তৰক্ষীৰ ওপৰত এলানি আক্রমণো ৰচনা কৰিলে৷ ৮ছেপ্টেম্বৰৰ পুৱা ৮বজাত সীমান্তৰ থাগ-লা পৰ্বত শিখৰ অতিক্রম কৰি ৬০জনীয়া চীনা সৈন্যদল এটা ঢলা আৰ্মি প'ষ্ট পালেহি৷ সন্ধিয়ালৈ দলটো ৬০০জনীয়া হৈ পৰিল৷ উচ্চতাৰ পৰা নামি অহা বৃহৎ সৈন্য-সামন্তই ভাৰতে দমন কৰি থকা চকীটোৰ সন্মুখতে কোঠ মাৰি ৰল৷ ভাৰতৰ মতে সেই স্থান ভাৰতৰ৷ চীনৰ মতে চীনৰ৷ মেকমোহন লাইনৰ পৰা ৩কিলমিটাৰ উত্তৰে ভাৰত, ভূটান আৰু চীনৰ তিনিকোণীয়া সংযোগস্থলৰ দাঁতিতে অৱস্থিত সেই সৰু ঠাই৷ চীনা ভাষাত চ্ছে ডং৷ যুদ্ধময় পৰিৱেশে গা কৰি উঠা নামখা চু, থাগলা ৰিঝ, চ্ছে ডং আদি অতিশয় সংবেদনশীল ঠাইত পৰিণত হ'ল৷ আনহাতে এইটো আচৰিত যে শত্ৰুভাবাপন্নতাৰে উভয় দেশৰে মিলিটেৰী যোদ্ধা ভয়ংকৰ নিকট অৱস্থানলৈ আহিলতো ১২দিন ধৰি কোনেও কিন্তু গুলী ফুটোৱা নাছিল৷

পৰৱৰ্তী লেখা :
২৮. ফিৰিঙিতিৰ পৰা খাণ্ডৱ দাহ

No comments:

Post a Comment