Thursday, 27 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
৩. পপী খেতিৰ বিকল্প কি হ'ব?


অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া আঞ্জাৱ আৰু লোহিত জিলাৰ মানুহে ধান, গোমধান, কণীধান, ঘেঁহুধান, মাহ, আলু, আদা, জলকীয়া, শাক-পাচলি আদি কম-বেছি পৰিমাণে কৰে৷ পিছে এইবোৰৰ পৰা সৰহীয়া ধন উপাৰ্জন কৰিব নোৱাৰে৷ উদ্যান শস্যৰ খেতিও মানুহবোৰে কৰি নোচোৱা নহয়৷ কমলা আৰু ইলাচি খেতিৰ বাবে চৰকাৰে আৰ্থিক সাহায্যও আগ বঢ়ায়৷ কিন্তু তাৰ পৰা ফল আৰু লাভ পাবলৈ তুলনামূলকভাৱে বহু সময়, ধৈৰ্য আৰু নেৰানেপেৰা পৰিশ্ৰমৰ প্ৰয়োজন হয়৷ তাৰোপৰি সেইবোৰ খৰচীও৷ আনহাতে গ্ৰামীণ ব্যৱসায়ীসকল বিশেষকৈ মহিলা৷ সেইসকলক আনে সহজে ঠগে৷ উত্তৰ ভাৰতীয় চক্রই মানুহখিনিক শোষণ কৰাৰো অভিযোগ আছে৷ বিপৰীতে, আন শস্যতকৈ পপী ফুলৰ খেতি সহজ৷ কষ্ট কম, লাভ বেছি৷ উৎপাদনকৰ্তাই বজাৰ বা খৰিদ্দাৰ বিচাৰি ঘূৰ্মুটিয়াই ফুৰিব নালাগে৷ নিজৰ গাঁৱতে ক্রেতা পোৱা যায়৷ সেয়েহে বহুতে এই খেতিকে প্ৰাধান্য দিয়ে৷ অনেকে আকৌ কানিক বেংকৰ এ.টি.এম.ৰ লগতহে তুলনা কৰে! ডিচেম্বৰৰ পৰা মাৰ্চলৈ ৪টা মাহ খাটিব লাগে, বছৰৰ বাকী কেইমাহ আৰামছে বহি বহি খাব পাৰি৷ ১২গ্ৰাম কানিয়ে ৬৫০টকা আনি দিব পাৰে৷ ১হেক্টৰ মাটি থাকিলে বছৰটোত ৬-৭কিল'গ্ৰাম উৎপাদন৷ তাৰ বাবে খৰছ মাত্ৰ ৭,০০০টকা৷ এনে অংক মানুহৰ মুখে মুখে৷

২০১০-১১ বিত্তীয় বৰ্ষত আঞ্জাৱ জিলাত ১৫০ মেট্ৰিক টন ইলাচি উৎপাদন হোৱা বুলি খবৰত পঢ়িছিলোঁ যাৰ ব্যৱসায়িক মূল্য আছিল ১২ কোটি টকা! সেয়া নিশ্চয় এটা আশাৰ ৰেঙণি৷ একেদৰে, লোহিত জিলাৰ ৱাক্ৰ' নামৰ ঠাইখনৰ উদ্যমী মহিলা বাছামলু ক্ৰিচিক্ৰ'ই চাহ বিপ্লৱেৰে ইতিমধ্যে বিকল্পৰ ইংগিত দাঙি ধৰাই নহয় কানি সাধকৰ মনোভাব সলনি কৰাৰ দিশতো আত্মনিয়োগ কৰিছে৷ টী লেডী' বুলি অভিহিত এইগৰাকী উদ্যোগীয়ে কাৰিকৰী আৰু অৰ্থনৈতিক সাৰথিৰ ৰূপত অৱতীৰ্ণ হৈ আনকো পৰিৱৰ্তনৰ দিশত আগুৱাই নিয়াত যোগাত্মক পদক্ষেপ লৈছে৷ অৰ্গেনিক আৰু অৰ্থডক্স চাহ উভয়তে সঁহাৰি লাভ কৰা বাছামলু নিশ্চয়কৈ আনৰ বাবেও প্ৰেৰণা৷ আমি অহাৰ বাটত সিদিনা অৰুণাচলৰ অ'ৰেঞ্জ কেপিটেল ৱাক্ৰ' পাৰ হৈ আহিছোঁ৷ চৌখামৰ পৰাই আৰম্ভ কৰি প্ৰায়বোৰ মানুহৰে ঘৰৰ পিছফালে ক্ষুদ্ৰ চাহ খেতি লক্ষ্য কৰিছিলোঁ৷ এনে পদক্ষেপ বহু বছৰৰ আগতেই লোৱাটো জৰুৰী আছিল৷ আমি আহিবৰ দিনা চংখামত সোমাই এখন্তেক জিৰণি লোৱা পালি বিদ্যালয়খনত থকা অৰুণাচল পালি বিদ্যাপীঠ চ'চাইটিয়েও কানিসক্ত কম বয়সীয়া যুৱকক তালৈ আনি ধ্যান, খেলা-ধূলা, প্ৰাৰ্থনা, আলোচনা আদিৰ মাধ্যমেৰে তেওঁলোকক নিচাৰ কবলৰ পৰা বচাই মানসিকতাৰ উত্তৰণ সধাৰ প্ৰযত্ন চলাইছে৷ অধ্যয়নমুখী কৰাত তৎপৰ হৈছে৷

চোৰাং ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধেও চৰকাৰে কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে৷ নাৰক'টিক ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক চাবষ্টেন্সেস এক্টকে আদি কৰি নিচাযুক্ত দ্ৰব্যক লৈ যিবোৰ আইন-কানুন আছে সেইবোৰৰ ভিতৰুৱা কথাসমূহ সহজ-সৰল গাঁওবাসীক পুংখানুপুংখভাৱে জানিবলৈ দিব লাগে৷ জীৱননাশক কানিৰ প্ৰতি মানুহৰ আসক্তি নাইকিয়া কৰিবলৈ, কানি উৎখাত কৰি মানুহখিনিক প্ৰগতিৰ পথত আগুৱাই আনিবলৈ হ'লে চৰকাৰৰ উপৰি স্বেচ্ছাসেৱী সামাজিক সংগঠন, গাঁও সংগঠন, ছাত্ৰ সংগঠন আদিৰ কৰণীয় যথেষ্টখিনি আছে৷ ইয়াৰ বাবে পৰ্যটন আৰু চুবুৰীয়া চীন দেশৰ সৈতে ব্যৱসায়-বাণিজ্যও বিকল্প হ'ব পাৰে৷ সেইফালৰ পৰা চাবলৈ গ'লে পূবৰ দুৱাৰখনৰ গুৰুত্ব নথকা নহয়৷

সত্য কথা যে বহু পৰিয়ালৰ বাবে কানিয়ে আয়ৰ একমাত্ৰ আৰু সুনিশ্চিত পথ৷ বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ, বিদ্যুৎ সংযোগ আদি নথকা অতি ভিতৰুৱা অঞ্চলৰ অৰুণাচলী লোকে পপী ফুলৰ খেতিৰ জৰিয়তেই অন্ন-বস্ত্ৰকে ধৰি জীয়াই থকাৰ ন্যূনতম সম্বলখিনি গোটাই আহিছে৷ তাৰ পৰা আহৰণ কৰা কানি বিকি মবাইল ফোন কিনা মানুহো আছে৷ তেওঁলোকৰ ধাৰণাত এনেকৈয়ে কানিয়ে অৰ্থনৈতিকভাৱে সকাহ দিছে৷ স্বাভাৱিকতেই এই খেতিক ৰক্ষণাবেক্ষণ দিয়াৰ সপক্ষে মাত মতা মানুহৰো অভাৱ নাই৷ বাটে-পথে পোৱা সৰু সৰু ঠাইবোৰত মানুহে কৰা মন্তব্যত দৰব হিচাপে, সেমেকা বতৰত উত্তেজক হিচাপে কানি ব্যৱহাৰকৰণৰ সপক্ষে মুক্তকণ্ঠৰ পোষকতা শুনা যায়৷ আনহাতে ম্যানমাৰ সীমান্তৱৰ্তী ১৫খনমান গাঁৱৰ বাসিন্দাই তাত উৎপাদিত কানি সিপাৰৰ কাচিন ষ্টেটত বিক্রী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে৷ ভাৰত-ম্যানমাৰ সীমান্তৰ কাচিন অঞ্চললৈ যাওঁতে আমি কানিসেৱী লোক নিজেই প্ৰত্যক্ষ কৰিছিলোঁ৷ সঞ্জুৱে ভিডিঅও সংগ্ৰহ কৰি আনিছিল৷ এতিয়া ইয়ালৈ আহি শুনিলোঁ, লোহিত ভেলীতো মুকলিভাৱে এই ৰাগিয়াল দ্ৰব্যবিধৰ বেচা-কিনা চলে৷ কোনোবাই তাৰ ফটো সংগ্ৰহ কৰিলেও কোনো আপত্তি নাই৷

ইণ্টাৰনেছনেল লে'বাৰ অৰ্গেনাইজেছন, ইউনাইটেড নেছনচ ইণ্টাৰনেছনেল ড্ৰাগ কণ্ট্ৰল প্ৰগ্ৰাম আদি সংস্থাই ভিতৰুৱা গাঁৱৰ গাঁওবুঢ়াৰ সমৰ্থনক্ৰমে নিবাৰণী কাৰ্যসূচী চলাই কানি নামৰ এই শ্ল' পইজনবিধ ৰোধ কৰাৰ প্ৰয়াস চলাই আহিছে৷ জনসভা, সমদল যাত্ৰা, সজাগতা কেম্পৰ আয়োজন কৰি কানিশূন্য সমাজ গঠনৰ হকে মানুহক মন্ত্ৰণা দিছে৷ যোৱা ফেব্ৰুৱাৰীত মেড'ত আয়োজিত ৪৭ সংখ্যক তামলাডু উৎসৱৰো বাণী আছিল নিচাযুক্ত দ্ৰব্যবিহীন এখন সমাজ৷ নাৰকটিক কণ্ট্ৰল বুৰৰ দলে মাজে-সময়ে পপী খেতিলৈ গৈ উৎখাত কাৰ্যও চলায়৷ গছবোৰ কাটি-ভাঙি খাস্তাং কৰি পেলায়৷ জুই লগাই দিয়ে৷ হলেও জলবায়ুৰ অনুকূলতাৰ বাবেই চাগৈ, আকৌ গজে৷ পাহাৰৰ বক্ষত থকা তেনেকুৱা ঠাইলৈ যাবলৈকো যথেষ্ট সময়ৰ প্ৰয়োজন হয়৷ দুদিন-তিনিদিনো লাগিব পাৰে৷ খুপাত সিদিনা আমি আবকাৰী, প্ৰশাসন, পুলিচৰ একত্ৰিত বৃহৎ বাহিনী উচ্ছেদ অভিযানৰ উদ্দেশ্যে জমা হোৱা দেখিছিলোঁ৷ ফলাফল কি হলগৈ নাজানো৷ ইমানৰ পিছতো মিছিমি অধ্যুষিত জিলা আঞ্জাৱ আৰু লোহিতকে মুখ্য কৰি চাংলাং, টিৰাপ, লৱাৰ ডিবাং ভেলী, আপাৰ চিয়াং, লংডিং আদিত পপী ফুলৰ খেতি কৰিয়ে থকা হয়৷ আনহাতে আমি আজি যাত্ৰা কৰিবলগীয়া ৰয়িঙৰ ফালেও জনসমাগম বা আন আন কাৰ্যসূচী, উৎসৱাদিত মুক্তভাৱে কানি সেৱন কৰি থকা লোক দেখিবলৈ পোৱা যায় বুলি শুনিছোঁ৷ ৰয়িঙৰ শ্বিতা, মায়ু, ইনটায়া, আচালি আদি ঠাইতো হেনো কানি উৎপন্ন হয়৷

প্ৰসংগক্ৰমে, চৰকাৰৰ মানুহে পপী ফুলৰ খেতি ধ্বংস কৰাক লৈ খড়গহস্ত এগৰাকী বয়সস্থ মহিলাৰ ভাষ্য মন কৰিবলগীয়া৷ তেওঁ কৈছে... পাৰ হৈ অহা মোৰ দীঘলীয়া জীৱনটোত কানি খাই মানুহ মৰা আজিলৈকে মই দেখা নাই৷ কিন্তু বটলে বটলে যোগান ধৰা দেশী-বিদেশী মদ খাই কৰা মাতলামি আৰু নিচেই কম দিনৰ ভিতৰতে মানুহ মৰাটো হলে দেখা পাইছোঁ৷ কোনে কয় কানি ক্ষতিকাৰক? চৰকাৰে কিয় আমাৰ ঠাইবোৰ মদৰ দোকানেৰে ভৰাই দিছে? পপী ফুলৰ খেতিবোৰ যদি ধ্বংস কৰা হয় তেতিয়া হলে ইয়াৰ মানুহে কেনেকৈ লৰা-ছোৱালীক স্কুললৈ পঠিয়াব? ইয়াত সেইটোৱে আয়ৰ একমাত্ৰ উৎস৷ আমাৰ প্ৰয়োজনৰ সময়ত চৰকাৰে কি সহায়ডাল কৰিছে? তেওঁলোকে কেৱল ধ্বংস কৰিবলৈহে আহিছে৷ এয়া মোৰ মাটি আৰু ইয়াত মোৰ যি মন যায় তাকে কৰাৰ অধিকাৰ আছে৷ চিন্তা-চেতনাক জোকাৰি যোৱা এই কথাখিনি এঠাইত পঢ়িবলৈ পাইছিলোঁ৷

নাৰক'টিক ষ্টাডিজ এণ্ড এনালাইচিচ নামৰ নতুন দিল্লীস্থ প্ৰতিষ্ঠান এটাই ২০১০-১১চনত চলোৱা জৰীপত পোৱা গৈছিল যে আঞ্জাৱ জিলাৰ ৯০ শতাংশ আৰু লোহিত জিলাৰ ৬৩ শতাংশ লোক পপী ফুলৰ খেতিৰ সৈতে জড়িত৷ আনহাতে ইয়াৰ গাঁওবাসীৰ বহুতেই এইটো ভালকৈ জানে যে কানিয়ে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰে৷ কানিৰ সেৱনে অনা আৰ্থ-সামাজিক ক্ষতিৰ বিষয়েহে বোধ হয় নাজানে৷ বহুতে কানিৰ ব্যৱহাৰ বিড়ি, চিগাৰেট বা চাধাৰ সমতুল্য বুলিয়ে গণ্য কৰে৷ প্ৰচলিত এটা ধাৰণা এনেকুৱা যে ধুনীয়া বটলত আমদানিকৃত বিলাতী মদ কানিতকৈ কেইবাগুণে ক্ষতিকাৰক৷ কোনোবাই এইবুলিও মন্তব্য কৰে যে কানি খালে গিৰিয়েক-ঘৈণীয়েকৰ মাজত কন্দল নালাগে৷ কিন্তু মদ খালে, সি লাগিলে বিলাতীয়ে হওক বা চুলায়েই হওক, মদাহীয়ে পৰিয়ালৰ কাৰোবাৰ সৈতে বা চুবুৰীয়াৰ সৈতে কাজিয়া কৰে৷ অ'ত-ত'ত পৰি-ধৰি থাকে৷ ফলত পৰিৱেশ বিনষ্ট হয়৷ বহুতো পত্নীয়ে আকৌ নিজৰ পতিয়ে মদ খাই কাজিয়া কৰাতকৈ কানি খাই শান্তভাৱে শুই থকাটোকে পছন্দ কৰে! কানিক কেন্দ্ৰ কৰি ভালেমান আমোদজনক কথা আমি দৰাচলতে ইয়ালৈ আহিহে জানিব পাৰিলোঁ৷

বহুতে সমাজৰ পৰা কানি আঁতৰ হোৱাটো নিবিচৰা নহয়, বিচাৰে৷ পপী ফুলৰ খেতিৰ থলীক অন্য শস্যথলীলৈ ৰূপান্তৰিতও কৰিছে৷ চংগিলুম নামৰ ৪০ বছৰীয়া লোকজন এটা উদাহৰণ৷ পপী এৰি চাহ বাগানত ধৰিছে৷ আকৌ, সময়ৰ পৰিৱৰ্তনৰ লগে লগে কিছুমান গঞাই কানিৰ অভ্যাস নেৰাও নহয়, এৰিছে৷ বিপৰীতে, স্বাস্থ্যজনিত কাৰণৰ দোহাই দি পুনৰবাৰ সেৱন কৰাৰো ৰেকৰ্ড নোহোৱা নহয়৷ ভালেমান ডাক্তৰী মেডিচিন খায়ো ভাল নোহোৱা শৰীৰৰ বিষ-কূপ হেনো কানিয়েহে দূৰ কৰিব পাৰিছে৷ ঔষধ হিচাপে খাবলৈ লৈ পুনৰাই আসক্ত হৈ পৰিছে৷ এজন ডেকাই বোলে এবাৰ এনেকৈ মন্তব্য কৰিছিল, মই ১২বাৰ কানি এৰিছোঁ৷ কিন্তু হেৰুৱাইছোঁ মোৰ সামাজিক জীৱন৷ কাৰণ মোৰ লগৰ সকলোৱে কানি খায়৷ তেওঁলোকৰ সাহচৰ্য পাবলৈকে মই আকৌ খাবলৈ ধৰিলোঁ৷ বিবাহৰ পিছত পতিয়ে পত্নীক কানিৰ ভক্ত কৰি পেলোৱাৰো নজিৰ আছে৷ ইফালে আকৌ, পৃথিৱীত কানি বোলা বস্তুটো নথকা হলে আমি সুস্থ-সবল জীৱন একোটাহঁত পালোঁহেঁতেন বুলি স্বীকাৰ কৰা লোকো আছে৷

মন কৰিবলগীয়া যে কানি খোৱা, খেতি কৰা, ব্যৱসায় কৰাক লৈ আধুনিক সমাজখনৰ কোনেও কোনো ধৰণৰ উচিত বিচাৰ দিয়াটো ইয়াত আজিও সম্ভৱ হৈ উঠা নাই৷ মিছিমি সমাজৰ প্ৰতি ভাবুকিস্বৰূপ আৰু এই সমাজৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কযুক্ত বিষয় এইটো৷ গতিকে এই সমাজখনৰ কোনো ক্ষতি নোহোৱাকৈ কানিৰ বিলুপ্তি ঘটাব লাগিব৷ চৰকাৰে এই দিশত যথোপযুক্ত আঁচনি আৰু বাস্তৱমুখী পদক্ষেপ লব লাগে৷ শিক্ষিত ছাত্ৰ-ছাত্ৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কানিৰ প্ৰতি মন ঢাল খোৱাটো প্ৰথমে ত্যাগ কৰিব লাগিব৷ উদ্যান শস্যৰ বিস্তাৰেৰে বৰবিহ কানিক সলাই পেলাব নিশ্চয় পাৰি৷ হাৱাই অঞ্চলত ইলাচি খেতি প্ৰচুৰ পৰিমাণে হয়৷ তাৰ বাহিৰেও কানিৰ বিকল্প হিচাপে আৰু কি কি কৰিব পাৰি সেই বিষয়ে যোগাত্মকভাৱে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে৷ পপী ফুল ইয়াত ভালদৰে হয়৷ অঞ্চলটোৰ জলবায়ুৰ সৈতে খাপ খোৱা অন্য ফুল বা ফল কি হ'ব পাৰে? নামনি সোৱণশিৰি জিলাৰ জিৰোৰ ফালে হোৱাৰ দৰে গোলাপৰ খেতি, পশ্চিম কামেং জিলাৰ টিপিত হোৱাৰ দৰে অৰ্কিডৰ খেতি হ'বনে? দাৰ্জিলিঙৰ শীতল জলবায়ুত হোৱাৰ দৰে চাহ খেতি হ'বনে? উদ্ভিদ বিজ্ঞানী, গৱেষক-পণ্ডিতসকলে কি কয়? চিন্তা কৰাৰ প্ৰয়োজন আছে৷

পৰৱৰ্তী লেখা :
৩. হাৱাই এৰি তেজু চুই ৰয়িঙলৈ

No comments:

Post a Comment