অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
৫. হট স্প্ৰীঙত গা ধোৱাৰ মজা
টপদেনহঁতৰ পাইন কাঠৰ মসৃণ মজিয়াখনত বহি থাকোঁতেই
হট স্প্ৰীঙত গা ধুই যোৱা হওক বুলি সমূহীয়া সিদ্ধান্ত এটা চূড়ান্ত হৈ গৈছিল৷ কালি আমি
সংগমস্থলৰ কুহুমীয়া পানীত ধুইছিলোঁ৷ আজি বাথটাবসদৃশ, ধোঁৱাই থকা গৰম পানীত নামি গোটেইকেইটাই
হেঁপাহ পলুৱাই স্নান কৰিম৷ এনেকুৱা সুযোগ আৰু ভাগ্যত দুনাই ক’ত কেতিয়া পাম তাৰ কি ঠিকনা? গতিকে
কথাটোত আটায়ে হয়ভৰ দিলে৷
পাৰ হওঁতে লোহিতৰ ওপৰৰ হেঙিং ব্ৰীজখনতে এখন্তেক
ৰৈ উষ্ণ প্ৰৱাহটিৰ দিশলৈ চালোঁ৷ দলংখনৰ প্ৰায় তলতে দুফালৰ পৰা অহা দুখন নৈৰ জলধাৰাৰ মিলন
ঘটিছে৷ এখন ঠাণ্ডা, এখন গৰম৷ সোঁফালৰখন লোহিত, বাঁওহাতৰখন দিচু৷ সোঁফালৰ পৰা বাঁওফাললৈ
বাগৰি যোৱা লোহিতৰ ঠাণ্ডা পানীৰ ধাৰটো গৰম পানীৰ জুৰিটোৰ সৈতে কোনখিনিত মিলিছেগৈ সেয়া
ইয়াৰ পৰা পৰিষ্কাৰভাৱে দেখা পোৱা গৈছে৷ গৰম আৰু ঠাণ্ডাৰ সোঁত দুটা ঠিক য’ত লগ হৈছে তাত পানীখিনি কুহুমীয়া৷
সেই সংগমস্থলী উদ্ঘাটন কৰি কালি আমি আৰামেৰে গা ধুইছিলোঁ, হেলমেট টপৰ পৰা নামি আহোঁতে৷
জীৱনত ক’তো, কেতিয়াও নোপোৱা বিচিত্ৰ কিছু
অভিজ্ঞতা সঞ্চয় কৰিছিলোঁ৷ তেনেকৈয়ে ঠাইখিনিৰ সৈতেও পৰিচয় এটাও হৈছিল৷ আজি আমি সামান্য
আগলৈ থকা হট স্প্ৰীঙত নামিম৷ ঠিকছে গা ধুম৷ এয়াই শেষ সুযোগ৷
ওলোমা দলং পাৰ হৈ সোঁহাতে নামি নদীৰ বুকুত সোমাই পৰিলোঁ৷ বালিত খোজৰ চিন ৰাখি ৰাখি যথাস্থানত উপস্থিত হ’লোঁগৈ৷ শিল কিছুমানৰ মাজত ঠিক যেন এটা চৌবাচ্চা! প্ৰাকৃতিক চৌবাচ্চাটোকে ধৰি তাৰ কাষৰে-পাজৰে অসংখ্য বুদবুদ৷ ধোঁৱাও ওলাই আছে৷ গন্ধকৰ গোন্ধ এটা উৰি আহি নাকত লাগিল৷ পানীখিনি ভৰিৰ কলাফুল পৰ্যন্ত দ৷ সাঁতোৰৰ জ্ঞান নাথাকিলেও ইয়াত চিন্তা কৰিবলগীয়া একো নাই৷ শুভ্ৰ বালিত পোত খাই থকা প্ৰকাণ্ড প্ৰকাণ্ড পাথৰৰ তলেৰে ওলাই আছে অবিৰত অনেক জলস্ৰোত৷ চৌবাচ্চাটোত জমা হোৱাৰ পিছত শিলগুটিৰ ওপৰেৰে বাগৰি নামনিলৈ বৈ গৈছে৷ কিছু আগলৈ সেয়াই লোহিতৰ সোঁতত বিলীন হৈ পৰিছে৷ প্ৰথমে কুহুমীয়া, তাৰ পিছত ঠাণ্ডা৷
গা ধুবৰ বাবে এইখিনি বৰ সুবিধাজনক ঠাই৷ আঁৰ-বেৰ নাই৷ স্থানীয় মেয়ৰ, মিছিমি নিবাসীসকলে আকাশখন মূৰৰ ওপৰত লৈ, পৰ্বতৰ সেউজীয়াৰ মাজত ৰৈ মুক্তমনে ইয়াত স্নান কাৰ্য সমাপন কৰে৷ বছৰৰ বেছিভাগ সময়েই ঠাণ্ডা পৰি থকা অঞ্চলটোত প্ৰকৃতিয়ে প্ৰসন্নচিত্তে দান দিয়া ঔষধি গুণসম্পন্ন গৰম পানীৰ ব্যৱস্থাপনা দেখি আচৰিত নহৈ নোৱাৰিলোঁ৷ আনহাতে কাপোৰ থোৱা আৰু কাপোৰ ধোৱাৰো সু-ব্যৱস্থা তাৰ পাৰতে আৰু পানীৰ মাজতে কৰি লোৱা হৈছে৷
ট্ৰেকিং ড্ৰেছযোৰ সোলোকাই শিলৰ ওপৰত থ’লোঁ৷ মোনাত সুমুৱাই নিয়া হাফপেণ্টটো পিন্ধি লৈ লাহেকৈ চৌবাচ্চাটোত নামি দিলোঁ৷ সঞ্জু, অৰুণদা, পেটেল আৰু মই৷ আঃ! গৰম পানীয়ে কিছু সময়লৈ দেহত পোৰণি তুলি থাকিল৷ লাহে লাহে সহ্য কৰিব পৰা হ’লোঁহি৷ ইলুটি-সিলুটিকৈ বহুপৰ জলক্রীড়া চলিল৷ ঘুলিত লেটি লৈ থকা ম’হৰ দৰে পৰি থাকিলোঁ৷ তলমুৱাকৈ, ওপৰমুৱাহৈ, সোঁকাটি-বাওঁকাটি কৰি, পদ্মাসনত বহি, ভিন্ন ভিন্ন পজিচন৷ পেটেলৰ সোনকালেই হ'ল বাবে উঠি গ'ল৷ কেমেৰাত হাত দিলেগৈ৷ দীঘলীয়া ফটো চেছন এটা চলিল৷ উঃ! কি আমেজ! চাবোন মৰাৰোচোন কোনো দৰকাৰেই নাই ইয়াত! পাথৰৰ ওপৰতে যেনে চাবোন তেনেই পৰি ৰ’ল৷ মেডিকেটেড পানীয়ে সকলো মলিনতা যেন ক্ষন্তেকতে নাইকিয়া কৰি পেলালে! গাৰ ছাল আপোনা-আপুনি চিক্চিকীয়া হৈ পৰিল৷ শৰীৰৰ জিক্মিকনিলৈ চাই চাই প্ৰত্যেকেই একেটা কথাকে ভাবিবলৈ আৰু ক’বলৈ বাধ্য হ’লোঁ৷
ঘৰত থাকিলেও বাথৰুমতকৈ মুকলিত গা ধুই আগৰে পৰাই কিবা এটা মজা লাগে৷ যিমানেই টাইলছ-গিজাৰ-শ্বাৱাৰ, অত্যাধুনিক বাথৰুম ফিটিংচ লগোৱা নাথাকক কিয়, বাধৰুম নামৰ বন্ধ কোঠাটোৰ ভিতৰত কিহবাই হেঁচা মাৰি ৰখা যেনহে লাগে দেখোন! বিপৰীতে এয়া চৌপাশে নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যৰে ভৰা মুক্ত ঠাই, মুক্ত প্ৰকৃতি, মুক্ত মন৷ নিসৰ্গিক স্নিগ্ধতাৰ মাজত ভাৰতৰ পূব মূৰৰ উল্লেখযোগ্য নৈ লোহিতৰ বুকুত এনেদৰেই এতিয়া নেছাৰেল বাথটাব এটাত সোমাই আছোঁ আমি৷ না ম’বাইল ফোনৰ ৰিংটোনৰ পৰা ডিষ্টাৰ্ব, না কাৰোবাৰ 'হ'লনে' বোলা সকীয়নি৷ কোনো খৰ-খেদা নাই৷ কোনো যান্ত্ৰিকতা নাই৷ কোনো হাই-উৰুমি কিম্বা ভেজাল বুলিবলৈ নাই৷ উঠি আহিবৰ মন নাছিলেই৷ ডঙৰ স্বৰ্গীয় নৈসৰ্গিকতাই মন-প্ৰাণ উদ্দেলিত কৰি ৰখাৰ পিছত অনুভৱ হ’ল এয়া যেন পৃথিৱীৰ আটাইতকৈ সুখকৰ ঠাই৷ জীৱনৰ এনে সঁচা মাদকতাত অৱগাহন কৰিবলৈ আহিলে হাতত আচলতে অপৰ্যাপ্ত সময় লৈ অহা উচিত৷ সুখৰ সংজ্ঞা বুজি ল’বলৈ ইয়াতকৈ বেলেগ লোকেচন বা স্পট বোধ হয় আৰু নাই!
ভগৱান বুদ্ধক হিন্দুসকলৰ পালনকৰ্তা আৰু পৰমপূজ্য দেৱতা বিষ্ণুৰ নৱম অৱতাৰ বুলি কোৱা হয়৷ আনহাতে পৃথিৱীৰ সবাতোকৈ ওখ মূৰ্তিটো হৈছে স্প্ৰীং টেম্পল বুদ্ধ৷ ব্ৰ’ঞ্জেৰে তৈয়াৰী ৪২০ফুট উচ্চতাৰ এই মূৰ্তি চীনদেশৰ হেনান প্ৰভিন্সৰ লুছান অঞ্চলৰ ঝাউকুন চহৰাঞ্চলত পাহাৰৰ মাজত প্ৰতিষ্ঠিত৷ ২০০৮চনত সাজি উলিওৱা হৈছে এই বিশালাকাৰ বুদ্ধ৷ কাষেৰে বৈ গৈছে টিয়ানৰুই হট স্প্ৰীং, ঔষধি গুণাগুণৰ বাবে যি জনাজাত৷ আনফালে, নেপালৰ গোৰ্খা জিলাত পৰ্বতৰ অন্তৰ্ভাগত সমুদ্ৰপৃষ্ঠৰ পৰা ৪,২৭২ফুট উচ্চতাত অৱস্থিত বিখ্যাত মনোকামনা মন্দিৰ৷ হিন্দুসকলৰ আই ভাগৱতীৰ এই পৱিত্ৰ তীৰ্থথলীলৈ খৰস্ৰোতা ত্ৰিশূলী নৈ পাৰ হৈ পাহাৰ বগাই যাব লাগিছিল৷ ১৯৯৮চনত অষ্ট্ৰিয়াৰ এটা নিৰ্মাণ সংস্থাৰ পৰা আমদানিকৃত কেবল কাৰ স্থাপন কৰাৰ পিছত কুৰিণ্টাৰৰ পৰা পোনে পোনে পাহাৰেৰে ২.৮কিল’মিটাৰ দূৰত্ব মাত্ৰ ১০মিনিটত অতিক্রম কৰি মনোকামনালৈ যাব পৰা হৈছে৷ অত্যাধুনিক টেকন'লজী আৰু গুণী টেকন'ক্ৰেটৰ জৰিয়তে মানৱ জাতিয়ে এনেকৈয়ে কঠিন আৰু কষ্টসাধ্য যোগাযোগ সুচল আৰু সহজ কৰি পেলাইছে, বিস্ময়াবিভূত হ'ব লগা ধৰণে বৃহৎ কায়াৰ প্ৰতিকৃতি গঢ়িছে৷ প্ৰগতিৰ দিশত বিশ্ব-অভিলেখ ৰচিছে৷
ডং উপত্যকাৰ উষ্ণ প্ৰৱাহত অৱগাহন কৰি থাকিয়েই ইয়াৰ দুই পাহাৰৰ মাজত বুদ্ধৰ বিৰাটকায় অবয়ৱ এটা কল্পনা কৰি চাইছোঁ৷ চীনতকৈও ডাঙৰ, ওপৰৰ অংশটো সিপাৰৰ চীন আৰু ম্যানমাৰৰ পৰাও আনকি দৃশ্যমান হোৱাকৈ মূৰ্তিটো ভাবি লৈছোঁ৷ চীনৰ স্প্ৰীং টেম্পল বুদ্ধ মই দেখা নাই৷ নেপাল আৰু থাইলেণ্ডৰ পাহাৰৰ ওপৰত সজা প্ৰকাণ্ড প্ৰকাণ্ড বুদ্ধ, মনোকামনাৰ কেবল কাৰ হ’লে নিজ চকুৰে দেখিছোঁ, উঠিছোঁ আৰু অভিভূত হৈছোঁ৷ তেনেকুৱা সুবৃহৎ আৰু বিশেষত্বপূৰ্ণ একোটা নিৰ্মাণ কাৰ্যই উত্তৰ-পূৰ্বাঞ্চলৰ এই গুৰুত্বপূৰ্ণ ঠাইখনলৈ দেশী-বিদেশী অনুসন্ধিৎসু পৰ্যটকক টানি আনিব পাৰিব বুলি একে আষাৰে কৈ দিব পাৰি৷ লোহিতৰ এইটো পাৰৰ পৰা ডং মালভূমিলৈ কেবল কাৰ বহুওৱাটো আজিৰ যুগত একো অসম্ভৱ কথা নহয়৷ উত্তৰ পূবৰ অন্তিম পূবৰ অধিবাসীসকলৰ আৰ্থ-সামাজিক উন্নতিৰ লক্ষ্যৰে চৰকাৰে পৰ্যটনৰ দিশত বলিষ্ঠভাৱে চিন্তা কৰাৰ সময় আহিছে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীজীৰ মুখনিসৃত 'হম ভাৰত কী প্ৰগতি ... পূৰবসে চুৰু কৰেংগে' কথাষাৰ ফলৱতী হ'বই লাগিব৷
ভালে সময়ৰ বাবে আমি আটায়ে শিশু হৈ পৰিলোঁ৷ হেঁপাহ পলুৱাই জলকেলি কৰি এটা সময়ত ডুবিটোৰ পৰা উঠিবৰ বেলি হ’ল৷ তেনেতে কণমানি দুটি শিশুক কোলাত লৈ মেয়ৰ মাক দুজনী আহি ওলাল৷ একাষে সিহঁতেও পানীত নামি বহি ল'লে৷ বিভিন্ন ভংগীমাত ইকাটি-সিকাটিকৈ থকা আমাৰ ৰূপ চাই চাই মুখটিপি হাঁহিলে৷ অচিনাকি-চিনাকি ভাবেৰে সিহঁতৰ ফালে চাই আমিও হাঁহিলোঁ৷ সিহঁত ডঙৰ আবাসী৷ এয়াই সিহঁতৰ দৈনন্দিনৰ স্নানথলী৷ শীতল পৰিৱেশত প্ৰকৃতিপ্ৰদত্ত উষ্ণ পানীত গা ধোৱাত আমাৰো মনবোৰ কিবা ৰঞ্জিত ৰঞ্জিত লগিল৷ গাৰ ছালবোৰো আগতকৈ নিমজ হৈ পৰা যেন অনুভৱ হ’ল৷ ঘূৰিবৰ পৰত স্মৃতি-স্মাৰক হিচাপে লোহিতৰ বক্ষৰ পৰা বুটলি ল’লোঁ পে’পাৰ ৱেইটৰূপে ব্যৱহাৰ কৰিব পৰাকৈ, আঢ়ৈ ইঞ্চিমান দীঘল, দুই ইঞ্চিমান বহল, ডেৰ ইঞ্চিমান ওখ, চেপেটা, সৰু শিল এটা৷ ঘৰত থকা ৱৰ্কিং টেবুলখনৰ ওপৰত, কম্পিউটাৰটোৰ দাঁতিত নিজৰ উপস্থিতিৰে পিছৰ দিনবিলাকত ইয়েই সোঁৱৰাই থাকিব সমস্ত যাত্ৰাটোৰ কৈ শেষ কৰিব নোৱাৰা কাহিনী উপ-কাহিনীবোৰ৷
ভালে সময়ৰ বাবে আমি আটায়ে শিশু হৈ পৰিলোঁ৷ হেঁপাহ পলুৱাই জলকেলি কৰি এটা সময়ত ডুবিটোৰ পৰা উঠিবৰ বেলি হ’ল৷ তেনেতে কণমানি দুটি শিশুক কোলাত লৈ মেয়ৰ মাক দুজনী আহি ওলাল৷ একাষে সিহঁতেও পানীত নামি বহি ল'লে৷ বিভিন্ন ভংগীমাত ইকাটি-সিকাটিকৈ থকা আমাৰ ৰূপ চাই চাই মুখটিপি হাঁহিলে৷ অচিনাকি-চিনাকি ভাবেৰে সিহঁতৰ ফালে চাই আমিও হাঁহিলোঁ৷ সিহঁত ডঙৰ আবাসী৷ এয়াই সিহঁতৰ দৈনন্দিনৰ স্নানথলী৷ শীতল পৰিৱেশত প্ৰকৃতিপ্ৰদত্ত উষ্ণ পানীত গা ধোৱাত আমাৰো মনবোৰ কিবা ৰঞ্জিত ৰঞ্জিত লগিল৷ গাৰ ছালবোৰো আগতকৈ নিমজ হৈ পৰা যেন অনুভৱ হ’ল৷ ঘূৰিবৰ পৰত স্মৃতি-স্মাৰক হিচাপে লোহিতৰ বক্ষৰ পৰা বুটলি ল’লোঁ পে’পাৰ ৱেইটৰূপে ব্যৱহাৰ কৰিব পৰাকৈ, আঢ়ৈ ইঞ্চিমান দীঘল, দুই ইঞ্চিমান বহল, ডেৰ ইঞ্চিমান ওখ, চেপেটা, সৰু শিল এটা৷ ঘৰত থকা ৱৰ্কিং টেবুলখনৰ ওপৰত, কম্পিউটাৰটোৰ দাঁতিত নিজৰ উপস্থিতিৰে পিছৰ দিনবিলাকত ইয়েই সোঁৱৰাই থাকিব সমস্ত যাত্ৰাটোৰ কৈ শেষ কৰিব নোৱাৰা কাহিনী উপ-কাহিনীবোৰ৷
No comments:
Post a Comment