অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
২৯. ৱালঙৰ যুদ্ধ
দিল্লীয়ে আদিতে চীনৰ সৌহাৰ্দ্যপূৰ্ণ আহ্বান বাৰম্বাৰ দাম্ভিকতাৰে নস্যাৎ কৰি গৈছিল৷ লগতে পূৰ্বচৰ্ত আৰোপ কৰি গৈছিল যি শেষলৈ আলোচনাৰ দুৱাৰ বন্ধ কৰি পেলালে৷ ১২অক্টোবৰ তাৰিখে প্ৰধান মন্ত্ৰী নেহৰুৱে ঘোষণা কৰিলে যে চীনা বাহিনীয়ে বলপূৰ্বকভাৱে প্ৰৱেশ কৰা এলেকাসমূহ খালী কৰিবলৈ তেওঁ জাননী জাৰি কৰিছে৷ ১৪অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননে চীনৰ লগত অন্তিমটো বুলেট, অন্তিমজন সৈন্য জীৱিত থকালৈকে যুদ্ধ কৰাৰ আহ্বান জনালে৷ ইয়াৰ পিছতে আক্রমণাত্মক মনোভাবেৰে ভাৰত যুঁজত নামি পৰিল৷ চীনা সীমান্তৰক্ষীয়ে আত্মৰক্ষাৰ প্ৰচেষ্টা চলাই গ’ল৷
১৮অক্টোবৰত এইটো পৰিষ্কাৰ হ’ল যে সীমান্তত বৃহৎ বাহিনী থিয় কৰি চীনে ভাৰতৰ ওপৰত প্ৰত্যাক্রমণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি পেলাইছে৷ সোৱণশিৰি নৈৰ অগ্ৰভাগত উত্তৰ দিশলৈ অৱস্থিত লংজু, কংকা, নামখা চু আৰু লোহিত নৈৰ উত্তৰে ৱালঙৰ বিপৰীতে সুপৰিকল্পিত ৰূপত ঢলাৰ অনুৰূপ সমৰসজ্জা গঢ়ি তুলিলে চীনৰ সৈন্য বাহিনীয়ে৷ ভাৰতীয় চোৰাংচোৱাই তাৰ শুং-সূত্ৰই নাপালে৷ সীমান্তৰ সমস্যা শেষ কৰিবলৈ চৰ্তবিহীন আলোচনা হওক বুলি বেইজিং মহলে তেতিয়াও বিচাৰিছিল৷ ভাৰতে কিন্তু নামানিলে৷ কামেং সীমান্তৰ সেই ঢলা প’ষ্টটো আঁতৰাই দিয়া হ’লেই পৰৱৰ্তী ধ্বংসযজ্ঞৰ অৱতাৰণা হয়তো নহ’লহেঁতেন৷ দেশ দুখনৰ ইতিহাস আৰু সম্পৰ্কয়ো কিজানি বেলেগ বাটে গতি কৰিলেহেঁতেন৷ কিন্তু ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননৰ কাঢ়া নিৰ্দেশ, ফ’ৰৱাৰ্ড বে’ছ কোনো কাৰণতে পিছুৱাব নোৱাৰিব৷

ঢলা প’ষ্টটোৰ কাৰণেই এদিন পৰিৱেশ হৈ পৰিল উত্তপ্ত আৰু সংঘাতময়৷ নেহৰুৰ ভাষ্যয়ো আন্তৰ্জাতিক মহলক বুজাই দিছিল যে ভাৰতে চীনক নিশকতীয়া বুলি ভাবে৷ চুবুৰীয়া দেশখনৰ লগত আলোচনা নহয়, যুদ্ধহে বিচাৰে ভাৰতে৷ কালৰাত্ৰি নমাই আনিবলৈ সেয়াই যথেষ্ট আছিল৷ পিকিঙত চীনৰ মিলিটেৰী কাউন্সিল বহিল৷ সিদ্ধান্ত হ’ল যে ভাৰতক সেকা এটা এতিয়াই দিয়া উচিত৷ ২০অক্টোবৰত সূচনা কৰি লাডাখৰ পৰা নেফালৈ প্ৰচণ্ড আক্রমণেৰে এফালৰ পৰা ধৰাশায়ী কৰি গ’ল কেইবাগুণে দুৰ্বল ভাৰতীয় বাহিনীক৷ তেনেকৈয়ে মঞ্চস্থ হ’ল ১৯৬২ৰ মূল যুদ্ধখন৷ সেই যুদ্ধৰ পূবৰ থলী ৱালং৷ আমাৰ এই ভ্ৰমণ কালত আমিও ৱালঙতে বে'ছ কেম্প কৰি লৈছোঁ৷ পূব অৰুণাচলৰ ঢৌ খেলোৱা সেউজ পৰ্বতৰ তলে-ওপৰে উঠা-নমা কৰি চাই ফুৰিছোঁ তেতিয়াৰ যুদ্ধথলীবোৰ৷
সেইদিনা দুটা ব্ৰিগেডেৰে শক্তিশালী চীনা সেনাই নামখা চু নদীৰ ৩ আৰু ৪নং দলঙত লেফটেনেণ্ট কৰ্ণেল এম. এছ. ৰিখৰ তত্ত্বাৱধানত থকা ভাৰতীয় ৰাজপুত আৰু গোৰ্খা জোৱানে থিত লৈ থকা দুটা অৱস্থানত ৭৬মি.মি. আৰু ১২০মি.মি. মৰ্টাৰেৰে প্ৰচণ্ড আক্ৰমণ চলালে৷ ৰাজপুতৰ এ আৰু চি কোম্পানী, গুজাৰ্চৰ বি কোম্পানী আৰু বেংগলৰ ডি কোম্পানীয়েও শেষলৈকে যুঁজ দি গ'ল৷ ৰাজপুত বাহিনীৰ ২৮২ নিহত হ'ল, ৮১ আহত আৰু আন ৯০ জোৱানক ধৰি নিয়া হ'ল৷ চাংলি প'ষ্টটো এৰি দিবলগীয়া হ'ল৷
একে দিনাই তাৰ পৰা ১,০০০কিল'মিটাৰ নিলগৰ লাডাখৰ চুশ্বুলত চিপ চাপ ভেলীতো ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ল৷ মেজৰ চৈতান সিঙৰ নেতৃত্বত ১১৪ ব্ৰিগেড আৰু ১৩ কুমাওঁৰ চাৰ্লি কোম্পানীয়ে চীনৰ বিপক্ষে যুদ্ধ দিলে৷ ১১০জন মৰিল, ৬জন আঘাতপ্ৰাপ্ত হ'ল, এজনক ধৰি নিলে৷ গেলৱান প'ষ্টটো চীনৰ হাতলৈ গ'ল৷
টাৱাং ছেক্টৰৰ বুম-লাত ১ শিখৰ ডি কোম্পানীয়ে চীনৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'ল৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চুবেদাৰ যোগেন্দৰ সিঙক শত্ৰু সেনাই ধৰি নিয়ে৷ ২৩জনীয়া দলটো বিপক্ষৰ হাতত সমুলঞ্চে নিধন হয়৷ অন্তিমজন সৈনিক জীৱিত থকালৈকে যুঁজ দি প্ৰতিটো স্থানতে পৰাজয় বৰণ কৰিলে ভাৰতে৷

পূব দিশৰ কিবিথো আছিল তথাকথিত মেকমোহন লাইন বা চীনৰ দ্বাৰা নামাংকিত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ৮কিল’মিটাৰ ভিতৰত৷ লোহিত সীমান্তৰ ৱালং ছেক্টৰৰ ফালে সীমা পাৰ হৈ কোনো নতুন প’ষ্ট বহোৱাও হোৱা নাছিল৷ গতিকে ভাৰতৰ একেবাৰে অন্তিম পূবত থকা লোহিত সীমান্ত বা ৱালঙতযে চীনে কেতিয়াবা আক্রমণ কৰিব, সেইটো ভাবনাৰো অগোচৰ আছিল৷ মাজে মাজে সীমান্ত পৰ্যন্ত চীনা তহলদাৰী জোৱান আহিছিল ঠিকেই৷ পিছে সংঘৰ্ষজনিত কোনো ইংগিত বা আগজাননী নাছিল তাত৷ হ'লেও অৱশেষত 'ক'লা দিন'টো আহি পালে৷
২০অক্টোবৰ ১৯৬২৷ সীমাৰ সিপাৰে সংঘবদ্ধ সকলো তৈয়াৰী হৈ উঠিল৷ কিবিথোৰ উত্তৰ দিশৰ পৰা পিছদিনা নিশা ১১.৪৫বজাত সশস্ত্ৰ চীনা সৈন্য ভাৰতলৈ সোমাই আহিল৷ ২২অক্টোবৰত তেওঁলোকে কিবিথো দখল কৰি লয়৷ সেইদিনা মাজৰাতি শান্ত-সমাহিত ৱালঙতো হঠাতে শুনা গৈছিল মৰ্টাৰ আৰু লাইট মেচিনগানৰ পৰা নিৰ্গত বাৰুদৰ আৱাজ৷ নিশাৰ অৱশিষ্ট সময়খিনিতো ছেগা-চোৰোকাকৈ গুলীৰ শব্দ ভাহি আহি থাকিল৷ ভাৰতীয় সৈন্যই পোনপ্ৰথমে কিবিথোত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিলে যদিও বিফল হ'ল৷ চীনা দলটো লোহিতৰ পশ্চিম পাৰে পাৰে ক্রমে সন্মুখৰ ৱালঙৰ ফালে আগুৱাই আহিব ধৰিলে৷ ইতিমধ্যে চীনৰ দখললৈ গুচি গৈছিল কিবিথো, দিছু আদি ঠাই৷ চীনাৰ আগমন প্ৰত্যক্ষ কৰি ভাৰতীয় সেনা বাহিনীৰ অট্টাৰ এয়াৰক্রেফটেৰে ৪ শিখ ৰেজিমেণ্টক ৱালঙলৈ অনা হয়৷ কিবিথোৰ আগলৈ লোহিতৰ দাঁতি-কাষৰীয়া মেঠোন শিখৰ, নামতিৰ মালভূমি অঞ্চলত ভাৰতীয় সৈন্য সষ্টম হৈ ৰয়, শত্ৰু সৈন্যক ভেটা দিয়াৰ উদ্দেশ্যে৷
সীমান্তত সংঘৰ্ষ আৰম্ভ হোৱাৰ ৪দিনৰ পিছত, ২৪অক্টোবৰত
চীন চৰকাৰে পুনৰবাৰ এই সংঘাত সিমানতে ৰোধ কৰাৰ লক্ষ্যৰে সীমাৰ প্ৰশ্নটোৰ সমাধানৰ অৰ্থে
শান্তিপূৰ্ণ আলাপ-আলোচনা ততালিকে আৰম্ভ কৰিব লাগে বুলি তিনিটা প্ৰস্তাৱ আগ বঢ়াইছিল৷
কিন্তু তাক আকৌ অগ্ৰাহ্য কৰিলে ভাৰতে৷ যুদ্ধ-বিৰতিৰ লক্ষ্যৰে আগ বঢ়ােৱা সেই তিনিটা প্ৰস্তাৱৰে এটা আছিল উভয় দেশে প্ৰকৃত নিয়ন্ত্ৰণ
ৰেখাৰ ২০কিল’মিটাৰ দূৰত্ব পৰ্যন্ত নিজৰ সৈন্য
বাহিনীক পিছ হোঁহকাই ৰখাৰ লগতে সীমান্তৰ পৰা সেনা অপসাৰণ ঘটোৱা৷ যিটো আগতেও কেইবাবাৰো
কৈ অহা হৈছিল৷
সিমানতো বেইজিঙে নিয়ন্ত্ৰণ হেৰুৱা নাছিল৷ আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানকে আশা কৰিছিল৷ এই তিনিটা প্ৰস্তাৱত উল্লেখ কৰা নিয়ন্ত্ৰণ ৰেখাৰ অৰ্থ সীমান্তত সংঘৰ্ষ হোৱা স্থানৰ দুপাৰে ৰোৱা সৈনিকৰ অৱস্থিতিৰে বুজোৱা হোৱা নাছিল৷ গোটেই সীমান্তৰ ঊধৰ পৰা মূধলৈ বৰ্ণনা কৰি পূৰ্বতেই ১৯৫৯চনৰ ৭নৱেম্বৰত চৌ এন-লায়ে জৱাহৰলাল নেহৰুলৈ প্ৰেৰণ কৰা পত্ৰত তাৰ বিষয়ে বিতংকৈ উল্লেখ কৰিছিল৷ ১৯৫৯চনৰ স্থিতিত থাকি যিকোনো ধৰণৰ বেয়া পৰিস্থিতি ৰোধ কৰাই আছিল উক্ত প্ৰস্তাৱৰ গূঢ়াৰ্থ৷ পিছে ১৯৬২ৰ ৮ছেপ্টেম্বৰতে কামোৰ মাৰি ৰ’ল দিল্লী মহল৷ তাৰ বাদে একো আলোচনা কৰাতেই আগ্ৰহী নহ’ল৷ সেইটোৱে বুজালে যে ১৯৫৯চনৰ পিছতো মেকমোহন লাইনৰ সিপাৰে ভাৰতে চীনা ভূমি অবৈধভাৱে দখল কৰিছে৷ সেয়া ভাল কথা নাছিল আৰু চীনেও সেয়েহে ভাৰতৰ প্ৰস্তাৱ নামানিলে৷
২৬অক্টোবৰত দেশত জৰুৰীকালীন অৱস্থা ঘোষিত হ'ল৷ ২৭অক্টোবৰত নেহৰুৱে চীনৰ যুদ্ধ-বিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে৷ যুদ্ধই অগ্ৰগতি লাভ কৰি থাকিল৷ কিবিথোৰে সোমাই চীনা সৈন্যদল ক্ৰমাৎ আগুৱাই থাকিল ৱালং অভিমুখে৷
পৰৱৰ্তী লেখা :
৩০. নামতি পালেহি যুদ্ধখন, ৱালঙৰ পতন ঘটিল

No comments:
Post a Comment