অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
সমতল এৰি আকৌ পৰ্বত অভিমুখে৷ মিছিমি হিল কেম্পৰ পৰা ওলাই আহি আৰম্ভণিতে দেওপানীৰ বক্ষত শিল-বালিৰে কিছুদূৰ গৈ থাকিবলগীয়া হ’ল৷ অৰুণাচলত এইটো এটা সুলভ দৃশ্য৷ নৈলৈ নামি যাওঁতে সোঁহাতে ওলোমা দলং এখন দেখিলোঁ৷ অৱস্থা একেবাৰে তথৈবচ৷ দুফালে শাৰী শাৰীকৈ লোৰ খুঁটা কিছুমান৷ তেনেই চাপৰ সাঁকোখন৷ নৈৰ বুকুতে আগলৈ বেইলী ব্ৰীজ এখন পোৱা গ’ল৷ তাৰ ওপৰেৰে দেওপানীৰ তৰংগায়িত জলধাৰা পাৰ হৈ পাহাৰত সোমাই পৰিলোঁ৷ ৰাস্তাটো ঠেক যদিও মনটো কিবা এটা ভৰি পৰিল৷ এইফালেদিয়ে মেহাও বন্যপ্ৰাণী উদ্যান, মায়’ডিয়া গিৰিপথ, হুনলি, আনিনি, চীন সীমান্ত আদিলৈ যায়৷ কাইলৈ আমি এই বাটেৰেই আহিব লাগিব৷ অলপমান গৈ মূল পথটো এৰি সোঁহাতে চাল্লি লে'কলৈ কাঁড় চিন মৰা আছে৷ পাকটো লৈ উঠি গৈয়ে এটা চৌহদ৷ ল’ৰা এটাই গে’ট খুলি দিলে৷ পেটেলে পাৰ্কিং প্লে'ছত গাড়ীখন ৰাখিলে৷ তাৰ পিছত খোজ কঢ়াৰ পাল৷
চাৰিওফালে পাহাৰে আগুৰা ভূখণ্ডৰ মাজত, তললৈ বৃহৎ এটা হ্ৰদ৷ পানীখিনিলৈ চাই বেছ গভীৰ যেনেই ধাৰণা হ'ল৷ পাৰে পাৰে ফুটপাথ৷ বহিবলৈ বেঞ্চ আৰু জিৰণি চ’ৰাও সজা আছে৷ নৌকা চালনাৰ ব্যৱস্থাও দেখা পাইছোঁ৷ লে’কটোলৈ নামি যোৱা চিৰিৰ মুখতে বন বিভাগৰ টুৰিষ্ট লজ এটা৷ ঘৰটো পুৰণি হৈছে৷ সন্মুখত থকা গছজোপাৰ পৰা আমলখি সৰি গোটেইখন তেনেই ছেদেলি-ভেদেলি হৈ আছে৷ কেইটামান বুটলি ল'লোঁ৷ আমলখি চোবাই চোবাই লেকৰ পাৰে পাৰে এপাক ঘূৰি শান্ত-সমাহিত পৰিৱেশটোৰ আটায়ে মজা উপভোগ কৰিব ধৰিলোঁ৷ ডাঙৰ ডাঙৰ মাছ কিছুমানে পানীত কমাই আছিল৷ ভালেপৰ আমি সিহঁতৰ খেলবোৰো চালোঁ৷ বিভিন্ন প্ৰজাতিৰ গছ-বিৰিখ লক্ষ্য কৰিলোঁ৷ এই অঞ্চলটো মেহাও অভয়াৰণ্যৰ অন্তৰ্গত৷ চৌদিশে পাক মাৰি অহাৰ পিছত বৰ্ষীয়ান আমলখিজোপাই বৰকৈ দৃষ্টি আকৰ্ষণ কৰিলে৷ ওচৰ পালোঁগৈ আৰু বগাই উঠি গ’লোঁ৷ জোকাৰি দিলত অনেক ফল সৰিল৷ চাল্লি লে’ক চাবলৈ যোৱা আন মানুহবোৰেও থপথপকৈ সৰি পৰা আমলখিবোৰ বুটলিবলৈ হেতাওপৰা লগালে৷ মোনাই, পকেটে ভৰাই আমিও এগালমান লৈ আহিলোঁ৷ ওৰে বাট আমলখি খাই খাই কেম্প সোমালোঁহি৷ ৰান্ধনী বেলিটোৱে তেতিয়া পাহাৰৰ সিপাৰলৈ গতি কৰি আছিল৷
পাইপত পানী অহাই নাই তেতিয়াও৷ ডাঙৰ ডাঙৰ কণ্টেইনাৰ কেইটামান গাড়ীত তুলি লগত ল’ৰা এটা লৈ পলো গুচি গ’ল পানী আনিবলৈ৷ অলপ পিছতে আহি পালে৷ কেম্পৰ ল’ৰা দুটাই বাল্টিৰে ৰুমত পানীৰ যোগান ধৰিলে৷ কেম্পৰ উত্তৰ সীমা চুই বৈ গৈছে দেওপানী নৈখন৷ আকৃতিত বিশাল যদিও এতিয়া ক্ষীণ কায়া ধাৰণ কৰি আছে৷ বৰষুণ পৰিলেই ওফন্দি উঠিব৷ ‘বৰষুণৰ দিনত আপোনালোকে মোৰ ইয়াত থাকিবলৈ ভয়েই কৰিব, দেওপানীৰ ভয়ংকৰ ৰূপ দেখি আৰু শব্দ শুনি৷’ পলোৱে ক’লে৷ দেও লগা দেওপানীয়ে তেতিয়া হেনো ভূমিকম্পৰ দৰেই কঁপাই তোলে এই ভূখণ্ড৷ ৰ'য়িঙৰ বাবেই যেন বিভীষিকা! অৱস্থাটো কল্পনা কৰাৰ চেষ্টা এটা কৰিলোঁ৷ ‘পৰৱৰ্তী সময়ত তাৰ সোৱাদ ল’বহি লাগিব, নহয়নে দাদা?’ অৰুণদালৈ চাই তেনেকৈ কোৱাত তেওঁ হাঁহিলে৷ কথাষাৰ অনিলদাৰো কাণত পৰিছিল৷ তেওঁৰ কপালত চিন্তাৰ ৰেখাকেইডালমান ফুটি উঠা দেখা গ’ল৷
শান্তমনে চিন্তা এটা কৰিলোঁ যে আন্ধাৰ হোৱাৰ আগতে নৈলৈকে যোৱা যাওক নহ’লে৷ সঞ্জু পোনেই মান্তি হ’ল৷ অৰুণদাও ওলাল৷ হাৱাইৰ যাত্ৰী নিৱাসত পুৱা গীজাৰৰ গৰম পানীৰে গা ধুই যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ দিনটো ঘূৰি-পকি তেজুৰ গৰম খাই, আমলখি গছত বগাই এতিয়া গাটো নুধোলে নিজকে পৰিষ্কাৰ যেন লগা নাই৷ গতিকে পানী ঢলাৰ ইচ্ছা এটা জাগিছে৷ নৈখন কাষতে পাই প্ৰৱণতাটো হঠাতে অধিক উন্মুক্ত আৰু মনটোও কিবা যেন বন্য হৈ পৰিল! ইফালে আকাশ তেতিয়া তেনেই ৰঙচুৱা৷ সূৰ্যটো পশ্চিমৰ পাহাৰত এই লুকাওঁ এই লুকাওঁ৷
৫.০০মান বাজিব ধৰিছিল৷ কাপোৰ-কানি, চাবোন, কেমেৰা আদি আংগামী মোনাটোতে ফটাফট ভৰাই লৈ উত্তৰ দিশৰ গৰাটোৱেদি নামি দিলোঁ৷ ওপৰৰ পৰা দেখাত পানীখিনি ওচৰতে থকা যেন লাগি আছিল৷ কিন্তু নহয়৷ নদীপৃষ্ঠৰ মিহি বগা বালি আৰু অসংখ্য সৰু-বৰ শিলগুটি অতিক্রম কৰাৰ পিছতহে অৱশেষত জলধাৰাটো পালোঁগৈ৷ অসংখ্য শিলৰ ওপৰেৰে, ফাঁকেৰে খৰ গতিত নামনিলৈ বৈ আছে দেওপানী৷ ইজে আৰু ইমে নামৰ দুখন পাহাৰীয়া নৈ লগ হৈ দেওপানীৰ সৃষ্টি হৈছে বুলি পলোৱে কৈছিল৷ আমি দেওপানীৰ পানীখিনিৰ তেনেই ওচৰত উপস্থিত হ'লোঁ৷ আজি পুৱা হাৱাইত সূৰ্যোদয় প্ৰত্যক্ষ কৰিছিলোঁ৷ এতিয়া ৰ'য়িঙত সূৰ্যাস্ত৷ কথাটো ভাবি উত্তেজনা এটা অনুভৱ কৰিলোঁ ভিতৰি ভিতৰি৷
শান্তমনে চিন্তা এটা কৰিলোঁ যে আন্ধাৰ হোৱাৰ আগতে নৈলৈকে যোৱা যাওক নহ’লে৷ সঞ্জু পোনেই মান্তি হ’ল৷ অৰুণদাও ওলাল৷ হাৱাইৰ যাত্ৰী নিৱাসত পুৱা গীজাৰৰ গৰম পানীৰে গা ধুই যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ দিনটো ঘূৰি-পকি তেজুৰ গৰম খাই, আমলখি গছত বগাই এতিয়া গাটো নুধোলে নিজকে পৰিষ্কাৰ যেন লগা নাই৷ গতিকে পানী ঢলাৰ ইচ্ছা এটা জাগিছে৷ নৈখন কাষতে পাই প্ৰৱণতাটো হঠাতে অধিক উন্মুক্ত আৰু মনটোও কিবা যেন বন্য হৈ পৰিল! ইফালে আকাশ তেতিয়া তেনেই ৰঙচুৱা৷ সূৰ্যটো পশ্চিমৰ পাহাৰত এই লুকাওঁ এই লুকাওঁ৷
৫.০০মান বাজিব ধৰিছিল৷ কাপোৰ-কানি, চাবোন, কেমেৰা আদি আংগামী মোনাটোতে ফটাফট ভৰাই লৈ উত্তৰ দিশৰ গৰাটোৱেদি নামি দিলোঁ৷ ওপৰৰ পৰা দেখাত পানীখিনি ওচৰতে থকা যেন লাগি আছিল৷ কিন্তু নহয়৷ নদীপৃষ্ঠৰ মিহি বগা বালি আৰু অসংখ্য সৰু-বৰ শিলগুটি অতিক্রম কৰাৰ পিছতহে অৱশেষত জলধাৰাটো পালোঁগৈ৷ অসংখ্য শিলৰ ওপৰেৰে, ফাঁকেৰে খৰ গতিত নামনিলৈ বৈ আছে দেওপানী৷ ইজে আৰু ইমে নামৰ দুখন পাহাৰীয়া নৈ লগ হৈ দেওপানীৰ সৃষ্টি হৈছে বুলি পলোৱে কৈছিল৷ আমি দেওপানীৰ পানীখিনিৰ তেনেই ওচৰত উপস্থিত হ'লোঁ৷ আজি পুৱা হাৱাইত সূৰ্যোদয় প্ৰত্যক্ষ কৰিছিলোঁ৷ এতিয়া ৰ'য়িঙত সূৰ্যাস্ত৷ কথাটো ভাবি উত্তেজনা এটা অনুভৱ কৰিলোঁ ভিতৰি ভিতৰি৷
পানী ঠাণ্ডা যদিও যোৱা দুদিনে লোহিতৰ বুকুত নামোঁতে পোনেই কাণে-মূৰে খুন্দিওৱা সেই ফেৰ্ফেৰীয়া বতাহজাক, সেই ঠেঁটুৱৈ ভাবটো ইয়াত অনুপস্থিত৷ পানী যুঁৱলিত বহল আৰু মিহি এচটা শিল চকুত পৰিল৷ কাপোৰ ধুবৰ বাবে প্ৰশস্ত৷ স্থানীয় মানুহে ইয়াতে ধোৱে চাগৈ৷ তাতে থুকুচি থুকুচি পেণ্ট, চাৰ্ট আদি কৰি ঘৰ্মাক্ত কাপোৰ এগালমান ধুই ল’লোঁ প্ৰথমে৷ নৈত কাপোৰ ধুবলৈ ভাল৷ গতিকে সুযোগৰ সদ্ব্যৱহাৰ৷ কাপোৰখিনি শিলৰ ওপৰত জাপি থ'লোঁ৷ তাৰ পিছত চিন্তা কৰিলোঁ, কোনখিনিত গা ধুম? নমাৰ আগতে সাৱধানতাৰ জোখ-মাখখিনি অৱশ্যেই কৰি লোৱাটো জৰুৰী৷ অস্তগামী বেলিটো মুখৰ আগত লৈ বোঁৱতী পানীত নিজকে নমাই দিলোঁ৷ শীতলতা এটাই দেহা-মন শাঁত পেলাই গ’ল৷ নেছাৰেল এক’লেণ্ড বুলিব পৰা এনে স্থানত গা ধোৱাৰ বেলেগ এটা মজা আছে৷ ৰ’য়িঙত আমাৰ বাবে বিৰল বিয়লি এটা৷ চকুৰ আগত অস্তমিত সূৰ্য৷ অন্য কোনো মানুহ নাই৷ কালি লোহিতৰ হট স্প্ৰীঙত গাৰ ছাল চিকচিকীয়া কৰাৰ পিছত তিনিও এতিয়া দেওপানীৰ বুকুত শীতল স্নানৰ ভৰপূৰ আমোদ ল’লোঁ৷ তেনেকৈয়ে কথা পাতিলোঁ, হাঁহিলোঁ, গা-কাপোৰ ধুলোঁ৷
আন্ধাৰ নামি আহিব ধৰিছে৷ ঠিক তাৰ আগতেই নদীৰ বুকুৰ পৰা উঠি আহিলোঁ৷ নতুন ঠাইত সজাগতা আৰু সাৱধানতাৰ দৰকাৰ৷ বেগত থকা ৰছীডাল কেম্পৰ বাৰাণ্ডাত থকা খুঁটাবোৰত মেৰিয়াই মেৰিয়াই বান্ধিলোঁ৷ তিতা কাপোৰবোৰ তাতে আওডালি দিয়া হ’ল৷ বিজুলী চাকিবোৰ অ'ত-ত'ত এটা-দুটাকৈ জ্বলি উঠিব ধৰিছিল৷ পলোৰ পৰিবাৰ চাকৰিয়াল৷ হাৱাইত থাকে৷ অলপ পিছতে তেওঁলোকৰ সৰু সৰু ছোৱালী দুজনীৰ সৈতে যুৱতী এজনী আহিল৷ ৰিজ’ৰ্টৰ বননিত কিছুপৰ দৌৰি-ঢাপৰি আপোনমনে খেলা-ধূলা কৰি সিহঁত গ’লগৈ৷ শিশুৰ কলৰৱেৰে অলপ সময়ৰ বাবে মুখৰ হৈ উঠা পৰিৱেশটো পুনৰ নিজম পৰিল৷ চৰাই-চিৰিকটিৰ কিচিৰ-মিচিৰবোৰ নিশাটোৰ বাবে ইতিমধ্যে নোহোৱা হৈছিলেই৷ তেনে কিছু আনন্দপূৰ্ণ সময় দান কৰিবৰ বাবে দেওপানীৰ পাৰৰ মিছিমি হিল কেম্পটোৱে যেন আমালৈকে বাট চাই আছিল কালিৰে পৰাই৷
অৰুণদাৰ অনুৰোধক্ৰমে ৰঙা চাহ, পকৰী, অমলেট আদি আহিল৷ গৰম পানী দুগিলাচ অনোৱাই কেলছাম দুপেকেট গিলি তজবজীয়া হৈ ল’লোঁ৷ বাঁহৰ চাংখনত অত্যন্ত নিৰিবিলি পৰিৱেশ এটাত বাৰাণ্ডাতে বহি আমি আড্ডা মাৰিব ধৰিলোঁ৷ চাহৰ কাপত লাহে লাহে চুমুক দি প্ৰশান্তিভৰা আবেলিটোৰ পিছত এইবাৰ ৰ'য়িঙৰ মিঠা সন্ধিয়াটো উপভোগ কৰি গ’লোঁ৷ লাইটটো গ'ল৷ পলোৱে ইলেকট্ৰনিক লালটেন এটা দি গ'ল৷ চিন-অচিন পতংগ কিছুমানৰ চি-চিয়নি ভাহি আহিব ধৰিলে৷ মহে দিগদাৰ কৰাত মৰ্টেনো জ্বলাই দিলে৷ পৰিৱেশটো অন্য ধৰণৰ হৈ পৰিল৷
ৰ’য়িঙলৈ নিশা নামি আহিল৷ আশা কৰা হৈছিল যদিও নিশালৈও পাইপৰ পানী নাহিল৷ কথা-বতৰাৰ মাজে মাজে চিন্তিতভাৱে পলোৱে মন্তব্য কৰিলে, ‘কালিলৈকে চব ঠিকে আছিল৷ আজি আপোনালোক আহিলতহে এইটো ঘটিবলৈ পালে৷ মোৰে দুৰ্ভাগ্য৷’ নাজানো কাৰ দুৰ্ভাগ্য৷ বাথৰুমৰ বাল্টিত ভৰ্তিকৈ পানী ভৰাই থোৱা হৈছেই৷ গতিকে আমাৰ ওচৰত তেওঁৰ আক্ষেপৰ কোনো মূল্য বা গুৰুত্ব নাথাকিল৷ সোনকালেই ভাতৰ সংকেত আহিল৷ ডাইনিং চাংঘৰটোলৈ গ’লোঁ৷ সুন্দৰ ব্যৱস্থাপনা৷ গৰম গৰম খানা৷ ভাত-পানী খাই ইদু মিছিমি চাঙত ৰাতিটোৰ বাবে বিছনাত ঢলি পৰিলোঁ৷
No comments:
Post a Comment