Sunday, 2 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
২৫. সন্ধিৰ প্ৰস্তাৱ আৰু প্ৰত্যাখ্যান



চীনৰ ১৯৫৮চনৰ মেপে দেখুৱাইছিল যে লাডাখ আৰু ভূটানৰ মাজৰ দীঘল অংশটো অৰ্থাৎ আকচাই চীন চীনৰ৷ তাৰে ভিত্তিত ১৯৬০চনত চৌ এন-লায়ে প্ৰস্তাৱ দিছিল যে ভাৰতে আকচাই চীনৰ ওপৰত কৰা দাবী এৰিব লাগে৷ নেফাৰ ওপৰত থকা দাবীও উঠাই লব লাগে৷ চৌৰ সেই প্ৰস্তাৱ বেচৰকাৰী আৰু ধূৰ্তালি আছিল বুলি কোৱা হয়৷ চৌৱে ভাৰতে কৰা এলেকাৰ দাবীৰ যুক্তিযুক্ততা ধাৰাবাহিকভাৱে প্ৰত্যাখ্যান কৰি আহিছিল৷ তেওঁ প্ৰস্তাৱ কৰিছিল যে যিকোনো বুজাবুজি ভূমিক বিবেচনা কৰিহে হব৷ আকচাই চীন সন্দৰ্ভত সৈমান হোৱাবৰ কাৰণে তেওঁ নেহৰুক লগ পাবলৈ কেইবাবাৰো প্ৰচেষ্টা চলাইছিল৷ ১৯৬০চনত তেওঁ ৪বাৰকৈ ভাৰতলৈ আহে৷ আনহাতে নেহৰুৱে বিশ্বাস কৰিছিল যে উক্ত এলেকাবোৰৰ ওপৰত চীনৰ দাবীৰ যথাৰ্থতা নাই৷ গতিকে এটাও কথা এৰি দিব বিচৰা নাছিল৷ নেহৰুৰ মতে, চিমলা চুক্তিৰ ন্যায্যতাক লৈ চীনে বেলেগ বেলেগ মতামত দি আহিছে যি সিদ্ধান্তত উপনীত হোৱাৰ পৰা আঁতৰাই ৰাখিছে৷ যিহেতু তিব্বতৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চীনে আকচাই চীনৰ মাজেৰে তিব্বতলৈ ৰাজপথ তৈয়াৰ কৰিব বিচাৰিছিল, তিব্বত মালভূমিত চীনৰ শাসন চলোৱাৰ ক্ষেত্ৰত নেহৰুৰ আঁকোৰগোঁজ মনোভাবেই সমাধান-বিৰোধী বুলি চীনৰ দৃষ্টিত বিবেচিত হল৷

চৌ এন-লায়ে বাৰম্বাৰ বুজনি দি গল যে এল.এ.চি. আচলতে ১৯৫৯চনৰ ৭নৱেম্বৰত চীন-ভাৰতৰ মাজত উল্লেখিত ৰেখাডালেই৷ পূৰ্বোত্তৰত ই মেকমোহন লাইনৰ সৈতে মিলি আছে৷ উত্তৰ আৰু মধ্য অংশত চীনে পৌৰাণিক সীমাৰ ভিত্তিত দেখুৱাই অহা সীমা৷ ভাৰতে অধিকাৰ কৰি লোৱা চীনা এলেকাটোক বাদ দি এল.এ.চি.য়ে পশ্চিম আৰু মধ্য অংশত পৰম্পৰাগত ৰেখাকে বুজায়৷ পূবত একমাত্ৰ ভাৰতৰ দখলত থকা খিনঝিমানে অংশটোৰ বাদে অবৈধ মেকমোহন লাইনৰ সৈতে ই একে৷ চীনা প্ৰধান মন্ত্ৰীজনে এইবুলিও প্ৰস্তাৱ দিলে যে দুয়ো দেশৰ প্ৰধান মন্ত্ৰীদ্বয়ে সীমাৰ প্ৰশ্নত যথাশীঘ্ৰে আলোচনাত মিলিত হব লাগে৷ পৰিস্থিতি অধিক বেয়াৰফালে নাযাওক বুলিয়ে চীনা প্ৰধান চৌ এন-লায় আৰু উপ-প্ৰধান তথা বৈদেশিক মন্ত্ৰী মাৰ্ছাল চ্চেন য়ি জৱাহৰলাল নেহৰু আৰু আন ভাৰতীয় নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে নতুন দিল্লী পালেহি৷ ভাৰত চৰকাৰ কিন্তু অলৰ-অচৰ হৈ থাকিল৷

ভাৰতে চীনে দিয়া আলোচনাৰ প্ৰস্তাৱ নাকচ কৰিলে৷ সেইটো বৰ্ষৰে ১৬নৱেম্বৰত চীনৰ প্ৰস্তাৱৰ বিপৰীতে ভাৰতে বিচাৰিলে যে আকচাই চীন এলেকাৰ চিংকিয়াঙৰ পৰা সমূহ চীনা বাহিনী ভাৰতে দাবী কৰি অহা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ পূবলৈ উঠাই নিব লাগে৷ আনহাতে উক্ত এলেকাৰ সমূহ ভাৰতীয় সৈন্যদল চীনে দাবী কৰি অহা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ পশ্চিমলৈ উঠাই অনা হওক৷ ভাৰতীয় পক্ষ উক্ত এলেকালৈ দৰাচলতে কেতিয়াও যোৱা নাছিল৷ গতিকে ভাৰতে আগ বঢ়োৱা প্ৰস্তাৱটো চীনক নিজৰ বৃহৎ এলেকাটোৰ পৰা একপক্ষীয়ভাৱে অপসাৰণ ঘটোৱাৰ তুল্যই হল৷ স্বাভাৱিকতেই চীনে সেই প্ৰস্তাৱ গ্ৰাহ্য নকৰিলে৷ তৎসত্ত্বেও দুয়ো দেশৰে সশস্ত্ৰ সেনা বাহিনীৰ উপস্থিতিয়ে সীমান্তত সংঘৰ্ষৰ সূচনা কৰিব পাৰে বুলি আশংকা কৰি চীনা কৰ্তৃপক্ষই সুস্থিৰতা বৰ্তাই ৰখাৰ স্বাৰ্থত নিজৰ ফালে সেনাৰ তহলদাৰী একপক্ষীয়ভাৱে বন্ধ কৰি দিয়াটোকে বিবেচনা কৰিলে৷

পৰিস্থিতিৰ যাতে আৰু হীন-ডেঢ়ি নঘটে তাৰ বাবে আলোচনা বিচাৰি চীনৰ প্ৰতিনিধি চৌ এন-লায় আৰু মাৰ্ছাল চ্চেন য়ি ১৯৬০চনৰ এপ্ৰিল মাহত পুনৰ নতুন দিল্লীলৈ আহিল৷ ভাৰতৰ প্ৰধান মন্ত্ৰী নেহৰু আৰু অন্য ভাৰতীয় নেতাসৱৰ সৈতে দীঘলীয়া বৈঠক বহিল৷ ১৯এপ্ৰিলত আলোচনাৰ অন্তত চৌ এন-লায়ে উমৈহতীয়া চিন্তাৰে বিষয়টো মীমাংসাৰ সন্দৰ্ভত সম্ভাব্য ৬দফীয়া সাৰাংশ দাঙি ধৰি কলে যে সীমাৰ সংক্রান্তত দুয়োখন দেশৰ মাজত বিবাদ চলি থকাটো হয়৷ দুয়োখন দেশৰ মাজত এডাল নিয়ন্ত্ৰণ ৰেখা আছে যাৰ দুপাৰে প্ৰত্যেকৰে প্ৰশাসনীয় এলেকা অৱস্থিত৷ দুয়োখন দেশৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত কিছুমান ভৌগোলিক মূলসূত্ৰ যেনে জলচ্ছেদ, নদীৰ উপত্যকা, পৰ্বতৰ গিৰিপথ সকলো খণ্ডতে সমানে প্ৰযোজ্য৷ দুয়ো দেশৰ মাজৰ সীমাৰ প্ৰশ্নটো নিষ্পত্তি কৰিবলৈ যাওঁতে হিমালয় আৰু কাৰাকোৰাম পৰ্বতমালাক লৈ উভয় ৰাষ্ট্ৰৰ জনগণৰ যি অনুভূতি তাক বিবেচনা কৰিব লাগিব৷ আলোচনা চলি থকা সীমাৰ প্ৰশ্নটো যিহেতু নিষ্পত্তি হোৱা নাই গতিকে দুয়োখন দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাকে ধৰি ৰাখিব আৰু পূৰ্বচৰ্ত উলংঘনেৰে এলেকাৰ দাবী নুতুলি নিজ নিজ এলেকাত স্থিৰ হৈ থাকিব৷ আলোচনাৰ প্ৰতি সন্মান ৰাখি সুস্থিৰতা বজাই ৰখাৰ বাবে সীমান্তৰ সকলো অংশতে তহলদাৰী ব্যৱস্থা বাহাল ৰখাৰ পৰাও আঁতৰি থাকিব৷

চীন চৰকাৰে আশা ব্যক্ত কৰিলে যে উমৈহতীয়া কথাকেইটাই দুয়োখন চৰকাৰৰ মাজত পৰৱৰ্তী আলোচনাৰ বাবে বাট প্ৰশস্ত কৰিব৷ কিন্তু ভাৰত পক্ষই সেইবোৰ অগ্ৰাহ্য কৰিলে৷ চীনৰ দৃষ্টিত তাৰ অৰ্থ এয়ে হল যে নতুন দিল্লীয়ে দুয়োখন দেশৰ মাজৰ এল.এ.চি.ক মান্যতা দিব খোজা নাই৷ সমাধানমুখী আলোচনালৈ নাহি সীমা সমস্যাটো বৰ্তাই ৰখাতহে ভাৰত আগ্ৰহী৷ সীমান্তৰ পৰা সশস্ত্ৰ সেনা অপসাৰণ কৰাতো দেশখন অনাগ্ৰহী৷ অৰ্থাৎ সংঘৰ্ষ বিচাৰে ভাৰতে৷ দুয়ো পক্ষৰ মাজৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ বস্তুনিষ্ঠ সমাধান বিচৰা নাই দিল্লীয়ে৷

অষ্ট্ৰেলিয়ান লেখক তথা সাংবাদিক নিভিল মেক্সৱেলৰ মতে এলেকাত সন্মত হৈ তাৰ ওপৰত আলোচনা এৰি দিবলৈ নেহৰু সাজু নাছিল৷ এটা ধাৰাবাহিক আলোচনাৰ বাবে তেওঁৰ মন মুক্ত আছিল যদিও দাবী কৰা অঞ্চলসমূহৰ পৰা ভাৰতীয় সৈন্য উঠাই লোৱাৰ পৰামৰ্শ তেওঁ গ্ৰহণ কৰা নাছিল৷ নেহৰুৱে কৈছিল যে দুঃখজনক সমাপ্তি নোহোৱা পৰ্যন্ত তেওঁ আলাপ-আলোচনা চলাই যাব৷ যিকোনো মুহূৰ্ততে আলোচনা বন্ধ কৰাৰ বাবে চলোৱা প্ৰচেষ্টা ত্যাগ কৰাৰো তেওঁ বিৰোধী৷ ভাৰত ৰাষ্ট্ৰৰ নেতাজনে দৃঢ়মত ব্যক্ত কৰিলে যে চীনে আকচাই চীন আৰু দক্ষিণৰ মেকমোহন সীমাৰ পৰা সেনা পৰিত্যাগ নকৰা পৰ্যন্ত সীমান্তক লৈ কোনো আলোচনা নহয়৷ চীনৰ বাবে সেই কথাষাৰ গ্ৰহণযোগ্য নাছিল, যিয়ে মেকমোহন লাইনৰ বৈধতাক কেতিয়াও স্বীকৃতিয়ে দিয়া নাছিল৷ নেহৰুৱে কলে যে সীমাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও আপোচ নকৰে কিন্তু চীনৰ সৈতে সৰুসুৰা ৰফা কিছুমান কৰিবলৈ বা তাৰ অন্য দিশ আলোচনা কৰিবলৈ প্ৰস্তুত৷ উক্ত ভাষ্যলৈ লক্ষ্য কৰি আন্তৰ্জাতিক মহলে চীনক ভুল প্ৰতিপন্ন কৰি আলোচনা বিচৰা বুলি নেহৰুক বিদ্ৰুপ কৰিলে৷ নেহৰুৰ সেই সুৰ আছিল দ্ব্যৰ্থ অৰ্থবহনকাৰী৷ চীনে দিয়া সন্ধিৰ প্ৰস্তাৱ নাকচ হোৱাত তলে তলে চীনো যুদ্ধংদেহী হৈ পৰিল৷




পৰৱৰ্তী লেখা :
২৬. আৰম্ভ হল যুদ্ধংদেহী কুচকাৱাজ

No comments:

Post a Comment