Friday, 14 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৩৬. চেলিব্ৰেচন, এটা সফল দিনৰ অন্তত



গাড়ীখন আই.বি.লৈ সোমাই আহি থাকোঁতে দূৰৰ পৰাই বাৰাণ্ডাত দেখা পালোঁ দেউকণ গগৈক৷ বোধ হয় ক্ষন্তেক পিছতে নামি আহিবলগীয়া সন্ধিয়াটোৰ ক্ষণ গণি আছিল, আমালৈকে অপেক্ষাৰে৷ দূৰৈত কলা স্কৰপিঅ'খন দেখি নিশ্চিত আৰু আশ্বস্তও হৈছিল চাগৈ, সেইখনেই হয়, ভালে ভালে আহি পাইছেহি বুলি৷

মাটিত ভৰি দিলোঁ কি নিদিলোঁ, চিঞৰ মাৰি উঠিলোঁ, আপোনাৰ টিংকাক লগ ধৰি আহিছোঁ দেই গগৈদেউ৷ গগৈয়ে মিচিকিয়ালে৷ অৰ্থপূৰ্ণ মিচিকনি৷ তাইৰ লগত হেনো তেওঁৰ খুঁটিয়া-খুঁটি, কথা কটা-কটি, চুপতা-চুপতি চলিয়ে থাকে৷ লগ পালেই হল৷ খোলা মনৰ মানুহ এইবোৰ৷ পেটত এটা মুখত এটা স্বভাৱৰ নহয়৷ এক-ডেৰ ঘণ্টাৰ আগতে গগৈৰ নামটো মই কওঁতে টিংকাৰ মুখৰ পৰাও অৰ্থপূৰ্ণ হাঁহি এটাই সৰি পৰিছিল৷ কি ভাবিছিল নাজানো৷ সি যি কি নহওক, A journey is best measured in friends, rather than miles. Tim Cahillৰ কথাষাৰ দেখিছোঁ আমাৰ ক্ষেত্ৰত ভাল খাটিছে! এই যাত্ৰাত আমি এনে মানুহ কিছুমান পাইছোঁ, অনাগত দিনত একো আদান-প্ৰদান বৰ্তি নাথাকিলেও যিবোৰক মনত থাকি যাব আজীৱন, যিদৰে ভাৰত-ম্যানমাৰ সীমান্তৰ নাজং, জাংখংহঁত মনৰ মাজত জীয়াই আছে৷ একেদৰে, বাংলাদেশ-ভাৰত সীমান্তৰ শাহিন আলম চৌধুৰীও জীয়াই আছে৷ না ফোন, না মেইল, না কিবা লেন-দেন বা স্বাৰ্থজড়িত যোগাযোগ৷ হ'লেও জীয়াই আছে৷ কিছুমান মানুহ তেনেকৈয়ে জী থাকে, অন্তৰৰ গহ্বৰত৷

চীন চাই অহাৰ আনন্দত আটায়ে মতলীয়া হৈ পৰিছিলোঁ৷ নিজম পৰি থকা দিনটোৰ অন্তত কাঠৰ মজিয়াখনত এতিয়া উঠা আমাৰ গধুৰ পদধ্বনিবোৰে নিস্তব্ধতা ভাঙি ৱালং আই.বি.ৰ পৰিৱেশটোলৈ প্ৰাণ ঘূৰাই আনিলে৷ হাত-মুখ ধুলোঁ৷ কৃষ্ণই ৰঙা চাহ দিলে৷ আন্ধাৰ লাগি আহিছে৷ বিছনাখনত অলপপৰ এনেয়ে হেলান দিলোঁ৷ অৰুণদাহঁতৰ ৰুমত আড্ডা আৰম্ভ হৈছে৷ সন্ধিয়াৰ এই চেলিব্ৰেচনৰ মুখ্য উদ্যোক্তা অৰুণদা নিজে৷ সহযোগী পাৰ্টনাৰ অনিলদা৷ দেউকণ গগৈ এই সন্ধিয়াৰ নিমন্ত্ৰিত বিশেষ অতিথি৷ হাঁহিমুখীয়া লোকজন ইতিমধ্যে আমাৰ সৈতে একান্ত ঘৰুৱা হৈ পৰিছিল৷ তেওঁৰ সন্মানতে এইকণ আয়োজন৷ বিছনা এৰি উঠি নাহি নোৱাৰিলোঁ৷ সঞ্জু আৰু মই এলেবেলে হ'লোঁহি, কাৰণ আমাৰ দুটাৰ সিবিধ নচলে৷

প্ৰথমে আজি দিনটোৰ ৰিভিউ আৰু বিশ্লেষণ৷ 'কওক, আজি আমি ক'ত ক'ত গ'লোঁ?' পুৱা ওলাই যোৱাৰ পৰা আৰম্ভ কৰি অলপ আগতে সোমোৱালৈকে এফালৰ পৰা সুধি গ'লোঁ অনিলদাক৷ একাদিক্ৰমে তেওঁ কৈ যাবৰ চেষ্টা কৰিলে৷ এৰা পৰাখিনি সংযোগ কৰি গ'লোঁ৷ তাৰ পিছতে গগৈদেউৰ ঘৰ-বাৰী সম্বন্ধে অৰুণদাই প্ৰশ্ন উত্থাপন কৰিলে৷ পোনপটীয়া উত্তৰ নিদি মানুহজনে ৰসিকতাৰে কৈ উঠিল, 'মই এটা প্ৰশ্ন কৰোঁ' বুলি৷ নাটকীয় ষ্টাইল৷ 'অসমৰ ক’ত প্ৰথম ছপাশাল প্ৰতিষ্ঠা হৈছিল?’ প্ৰশ্নকৰ্তাৰ উপস্থাপনত বিনয় আছিল যদিও কণ্ঠস্বৰত আছিল স্বাভিমানৰ ইংগিত৷ প্ৰকাশভংগীও বেপৰুৱা ধৰণৰ৷ সেয়া নিশ্চয়কৈ থাকিব৷ কিয়নো উত্তৰতেই লুকাই আছে তাৰ কাৰণ৷ তেওঁ শদিয়াৰ মানুহ৷ শদিয়াবাসীয়ে কাললৈ গৌৰৱ কৰিবলগীয়া প্ৰসংগই এইটো৷ অলপ ৰৈ নিজেই তাৰ সুন্দৰ ব্যাখ্যা আগ বঢ়ালে৷ শদিয়াক লৈ মানুহজনৰ আত্মগৌৰৱখিনি মন কৰিলোঁ৷ শদিয়া সম্পৰ্কে যথেষ্ট তথ্যও তেওঁৰ কথাৰ পৰাই আহৰণ কৰিলোঁ৷ ‘মা আমি শদিয়ালে যামেই’ খগেন মহন্তৰ গীতটো সৰুৰে পৰাই শুনি অহা হৈছে৷ সেইখন শদিয়ালৈ যোৱাহে অদ্যাপি ভাগ্যত ফলিওৱা নাই৷ এইবাৰৰ যাত্ৰাটোতে শদিয়াকো কিবা প্ৰকাৰে সাঙুৰিব পাৰি নেকি? হেঁপাহ এটাই উখল-মাখল লগালে৷ কথাৰ মাজতে বুদ্ধি কৰি গগৈৰ পৰা কিছু আইডিয়াও লৈ থ্'লোঁ৷ কাইলৈ হাৱাই পাই লওঁ৷ যাত্ৰাৰ পৰৱৰ্তী কাৰ্যসূচী তাতহে তৈয়াৰ কৰা হ’ব৷ তেতিয়া শদিয়াৰ নামটো উলিয়াব লাগিব৷ মতলবটো এতিয়া গোপন কৰিয়ে ৰাখিলোঁ৷ কাৰণ কোন বাটে কেতিয়া ঘৰ পাওঁগৈ কোনো ঠিকনা নাই৷

আগৰ দিনৰ অসমীয়াই বিহুনামত গাইছিল ‘শদিয়ালৈ নাযাবা সট্‌ফুল নাখাবা, কেঁচাপাতত নাবান্ধিবা লোণ’৷ সঁচাকৈ ক'বলৈ গ'লে কথাষাৰৰ আচল অৰ্থটো এতিয়াও নাজানো কিন্তু৷ অৱশ্যে এইটো জানো যে থোৰতে গোটেই অসমখন বুজাবলৈ অসমীয়া মানুহে ‘শদিয়াৰ পৰা ধুবুৰীলৈ’ বুলি কয়৷ অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈ এটা পাক মাৰিলে গোটেই অসমখন ফুৰাৰ নিচিনা হয় হেনো৷ যেনেকৈ আমি আজি ভাৰতৰ অন্তিম পূব দেখিলোঁ, একেদৰে অসমৰ পূব শদিয়া৷ ভাৰতৰ পূব নেদেখাকৈ ভাৰত ভ্ৰমণ মিছা৷ একেদৰে অসমৰ পূব নেদেখাকৈ অসম ভ্ৰমণো অসম্পূৰ্ণ৷ এই ভ্ৰমণত দেশৰ লগতে ৰাজ্যখনৰো সাংস্কৃতিক প্ৰান্ত এটা দেখাৰ সুযোগ আমাৰ হাতত আছিল৷ সেই চেতনা পলমকৈহে মগজুলৈ আহিল৷ স্বাভাৱিকতে শদিয়াত ভৰি দিয়াৰ আকাংক্ষাটো তীব্ৰতৰ হৈ পৰিল৷

অামাৰ ৰাজ্যৰ পূৰ্ব প্ৰান্তলৈ অৱস্থিত ঐতিহ্যমণ্ডিত শদিয়া হ’ল মহাভাৰতৰ যুগৰ বিদৰ্ভ ৰাজ্য৷ অতীতত শদিয়াৰ লুইত, কুণ্ডিল, তেলু, হাজো, দিবাং, নদিহিং, টেঙাপানী আৰু ডিগাৰু নৈৰ পাৰত বড়ো, চুতীয়া, কছাৰী, আহোম, মিচিং, ইদু, আদি, খামতি, চিংফৌ আৰু মটকসকলে বাস কৰিছিল৷ ইয়াণ্ডাবু সন্ধিৰ পিছত কোঠ মৰা ব্ৰিটিছৰ পৰা আৰম্ভ কৰি নাথান ব্ৰাউন, ছপাকল, চাহ গছ, হেনৰী কট্টাম, সৰ্পস্তম্ভ, তাম্ৰেশ্বৰী মন্দিৰ, আহোম-চুতীয়াসকল, ফ্ৰাচেনমং বৰগোহাঁই, ডক্টৰ ভূপেন হাজৰিকা, বৰভূঁইকঁপ... কিমান কিযে সাঙোৰ খাই আছে শৱ-দিয়া শদিয়াৰ সৈতে! শদিয়াই আমাৰ আড্ডাৰ সৰহখিনি সময় লৈ ল’লে৷ তাৰ পৰা লাভো হ'ল৷ মাজে মাজে টুং-টাংকৈ বাকী কামবিলাকো চলি থাকিল৷

ভাত হ’ল৷ কৃষ্ণই সকলোকে ডাইনিং টেবুললৈ মাতিলে৷ ভাতৰ পাতত লাইশাকখিনি দেখিয়ে প্ৰাতঃভ্ৰমণৰ চিত্ৰসমূহ আকৌ এবাৰ সজীৱ হৈ উঠিল৷ ভাত, দাইল, লাইশাকৰ আঞ্জা, পাপৰ৷ এয়াই ৰাতিৰ সাজৰ উপকৰণ৷ দিনতটো ভাত নাপালোঁৱেই৷ খাই-বৈ ডঙলৈ পিন্ধি যাবলগীয়া সাজ আৰু নিবলগীয়া বস্তুবোৰ সাজু কৰি আংগামী মোনাখনত ভৰাই থ’লোঁ৷ সোনকালে শুব লাগিব৷ শুৱাৰ আগেয়ে এনেয়ে এবাৰ বাহিৰ ওলাই আকাশখন চালোঁগৈ৷ গোমা দেখোন! আগনিশাৰ দৰে তৰাভৰা নহয় আজি৷ মনটো কিছু বিষাদগ্ৰস্ত হৈ পৰিল৷ দেউকণ গগৈয়ে উৎসাহ দিলে, ‘বতৰ ভালেই থাকিব৷ যাব পাৰিব৷’ ডং সম্পৰ্কে নিজৰ অভিজ্ঞতাৰে থিয়ৈ থিয়ৈ কিছু দৰকাৰী ইনফৰ্মেচনো দিলে তেওঁ৷ উলম্ব পৰ্বতত কেইবা কিল’মিটাৰ একেৰাহে ট্ৰেকিং কৰিব লাগিব বুলি শুনি অৰুণদা প্ৰথমে চিন্তিত হৈ পৰিছিল আৰু ওলাব বিচৰা নাছিল৷ গগৈৰ উৎসাহজনক বাক্যই তেওঁৰ সিদ্ধান্ত একেবাৰে সলাই পেলালে৷ নিশা দুৱাৰত ঢকিয়াই জগাই দিবলৈ কৈ নিজেও লাইট নুমুৱাই সোনকালে শুই থাকিল৷

আমাৰ পিছতে আই.বি.ত বাহৰ পতা আনটো দলৰ সদস্যসকল ভাত খাবলৈ বহিল৷ তেওঁলোকৰ লগত কথা-বতৰা তেনেকৈ হোৱা নাছিলেই৷ আকাশখন চাবলৈ বুলি যাওঁতেই দলটোৰ এজনৰ সৈতে দৃষ্টি বিনিময় ঘটাত মাত এষাৰ পালোঁ৷ আগ-সন্ধিয়াৰে পৰা দেখা-দেখি হৈ থকা, চকুৰ চিনাকি এটা গঢ় লৈ উঠা সত্ত্বেও কোনেও কাকো মতাৰ প্ৰয়োজন অনুভৱেই কৰা নাছিলোঁ৷ আজি কিবিথোৰ সমীপত তেওঁলোকৰ গাড়ীখন কুৰুঙত পৰি যোৱাৰ পৰা বচোৱাৰ সুবাদত এতিয়া মাতষাৰ ওলাই অহাটো সম্ভৱ হ’ল৷ দুৰ্ঘটনা বুলিব পৰা এটা ঘটনাই সেয়া সহজ কৰি পেলালে যেনিবা!

খাই-বৈ সঞ্জুৱে ইতিমধ্যে বিছনা ললেই৷ মবাইল ফোনত নিশা ১২.৩০ত এলাৰ্ম দি থোৱা হৈছে৷ টিংকাই ১বজাত মাতিছে৷ বাহিৰ ফুৰি আহিয়ে ময়ো বিছনাত গাটো এৰি দিলোঁ৷ চকু দুটা মুদিলত দিনটোৰ আৰম্ভণিৰ পৰা সমাপ্তিলৈ ছবি কিছুমান অহা-যোৱা কৰিব ধৰিলে৷ প্ৰশান্তিৰ আমেজ লৈ লৈ এসময়ত টোপনি গলোঁ৷


পৰৱৰ্তী লেখা :
দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
১. ডঙৰ হাত বাউলি

No comments:

Post a Comment