অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৩৩. তেন্তে কিয় এই যুদ্ধ?
কাহোৰ পৰাই লগ এৰা নাই লোহিতে৷ বাঁওহাতে একেৰাহে সংগ দি আছে৷ এই নৈৰ পাৰে পাৰেই এদিন চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা অহা সশস্ত্ৰ চিপাহী অগ্ৰসৰ হৈছিল৷ অতীত নিৰীক্ষণ কৰিলে দেখা যায় যে চীনা আহিল৷ ভাৰতৰ সৈতে যুদ্ধ কৰিলে৷ জয়লাভ কৰিলে৷ অহা বাটে গুচি গ’ল৷ ভূমি দখল হ'লে নকৰিলে৷ তেনেহ’লে যুদ্ধখনৰ ফলত চীনৰ লাভটোনো কি হ’ল? মিছাতে কিয়নো লাগিল এই যুদ্ধ? প্ৰশ্নৰ পিছত প্ৰশ্নই লানি পাতি অথনিৰে পৰা মনৰ অভ্যন্তৰত তোলপাৰ লগাব ধৰিছে৷ ইফালে শেহতীয়াকৈ পাৰ কৰা মাইল প'ষ্টে ইংগিত দি দিছে যে টিলামলৈ আৰু মাত্ৰ ২কিল'মিটাৰ বাকী৷ মানে আৰু কেইটামান কেঁকুৰি৷
এইটো স্বীকাৰ নকৰি উপায় নাই যে চীন-ভাৰতৰ ১৯৬২ৰ সমৰখনত চীনে বিপুলভাৱে বিজয় লাভ কৰিছিল৷ কোৰিয়ান ৱাৰত দেখুৱাৰ দৰে সেই যুদ্ধৰ মাধ্যমেৰে চীনে দেখুৱাই গ'ল যে তেওঁলোকৰ চি.পি.এল.এ. অৰ্থাৎ চাইনিজ পিপুলচ লিবাৰেছন আৰ্মী কোনো ধৰণৰ উপলুঙা বা তুচ্ছজ্ঞান কৰিবলগীয়া বাহিনী নহয়৷ সেই যুঁজৰ মাধ্যমেৰেই হিমালয়ৰ চূড়াকো চেৰাই প্ৰথমবাৰৰ বাবে চীনে ভাৰত উপ-মহাদেশখনৰ সন্মুখত নিজৰ শক্তি কিমান প্ৰবল তাক দেখদেখকৈ প্ৰদৰ্শন কৰি গ'ল৷ তথাপিও কোৱা হয় যে শেষ পৰিণতি দেশখনে ভবাৰ ধৰণে তৃপ্তিকৰ হেনো নাছিল!
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চীনা নেতৃত্ব দিনক দিনে প্ৰতিকূলতাৰ দিশে গৈ আছিল৷ সেয়েহে বিনাচৰ্তে বীৰত্ব ত্যাগ কৰা উচিত বুলি ভাবি মেকমোহন লাইনৰ উত্তৰে সেনা উঠাই ল’লে৷ ১৯৬২চনৰ ১২ডিচেম্বৰত চুপ্ৰিম ছোভিয়েটৰ প্ৰতিবেদনত ৰাছিয়াই চীনক ককৰ্থনা কৰিলে৷ ৰাছিয়াৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষ তথা ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰথম সচিব নিকিতা চাৰ্গেইভিছ খ্ৰুছশ্বেভে ক’লে বোলে চীনে নিজৰ অধিক প্ৰাণহানিৰ পৰা এই কাৰণেই বিৰত থাকিল কিয়নো ভাৰতে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধাস্ত্ৰসহ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটিছ শক্তিৰ সমৰ্থন লাভ কৰিব ধৰিছিল৷ চীনে তৎক্ষণাৎ বুজি পালে যে এই ৰণখন যদি অব্যাহত থাকে, তেন্তে ই মহাৰণলৈ গতি কৰিব৷ সেয়েহে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰাই নহয়, মেকমোহন লাইনৰ দক্ষিণলৈ নিজৰ সৈন্যক প্ৰস্থান কৰোৱাৰ সময়সাপেক্ষ সিদ্ধান্ত ততালিকে লৈ ল’লে৷ কূটনৈতিক চিন্তা, বুদ্ধি আৰু সিদ্ধান্ত লোৱাত নেতাসকল কিমান চোকা তাৰে প্ৰমাণ জলজল-পটপটকৈ পোৱা গ'ল৷
তাৰ লগত থাকিল আৰু এক উপাদান৷ শীতকাল আহি পাইছিল৷ বৰফাবৃত্ত এলেকাত যুদ্ধৰ প্ৰস্তুতি বা নিৰাপত্তা বৰ্তাই ৰখা মুখৰ কথা নহয়৷ তাৰ বাবে যোগান জৰুৰী আৰু সেয়া সীমিত হোৱাৰ শংকাই দেখা দিছিল৷ দক্ষিণৰ মেকমোহন লাইনৰ দিশত বিশাল সৈন্যদল প্ৰতিপালন কৰাটো ভীষণ কষ্টকৰ আৰু চিন্তনীয় হৈ পৰিছিল৷ ২০নৱেম্বৰত চীনা সৈন্য ভাৰতে কোঠ মৰা স্থানসমূহত উপস্থিত হ’লগৈ৷ গধুৰ পদাতিক, টেংক আদিকে ধৰি বৃহৎ শক্তি সংস্থাপন কৰাটো সহজ কথা আছিল যদিও শীতে ব্যাঘাত জন্মোৱাৰ পূৰ্ণ আশংকা আছিল৷ চীনা সৈন্য প্ৰথমবাৰৰ বাবে তেনেকুৱা অনিশ্চিত, অসুচল অৱস্থান কিছুমানত উপস্থিত হৈছিলহি৷ তেওঁলোকে ঠাৱৰ কৰিলে যে সমতলত যুদ্ধ হ’লে বলে পাৰিলেও উচ্চ পৰ্বতত ভাৰতীয় সৈন্যই তেওঁলোকৰ বিপক্ষে ভালকৈ যুঁজ দিব নোৱাৰিব৷ ক্ষয়-ক্ষতিৰ পৰিমাণ পূৰ্বানুমান অনুযায়ী নহ’ল যদিও যুদ্ধখন শীতকালতেই হ’ল আৰু সৰহখিনিয়েই পৰ্বতৰ ওপৰতে লাগিল৷
যুদ্ধৰ ফলত চীনে মেকমোহন লাইন আৰু লাইন অফ একচুৱেল কণ্ট্ৰলৰ মাজৰ লাডাখৰ ২,০০০বৰ্গ কিল’মিটাৰ জোৰা ‘উচ্চ মৰুভূমি’ এলেকা আঁজুৰি ল’লে যিখিনি তেওঁলোকৰ বুলি দাবী কৰি অহা হৈছিল৷ পূব মূৰত কিন্তু তেনেকুৱা একো দখলী কাৰ্য নঘটিল৷ চীনে নেৰানেপেৰাকৈ ধৰি থকা ১৯৫৯চনৰ ৭নৱেম্বৰ আৰু ভাৰতে আঁকোৰগোঁজ হৈ থকা ১৯৬২চনৰ ৮ছেপ্টেম্বৰৰ ৰেখা দুডালৰ পাৰ্থক্য সিমানেই আছিল যাক কেন্দ্ৰ কৰি সংঘাতৰ আৰম্ভণি হৈছিল৷ ইয়াকে লৈ নিকিতা খ্ৰুছশ্বেভে চীনা নেতৃবৰ্গক পুনৰবাৰ তোষামোদ কৰিলে যে তেওঁলোকে সেই একেডাল ৰেখালৈকে নিজৰ সৈন্য বাহিনী উঠাই নিছে যাৰ বাবে সংঘৰ্ষৰ সূত্ৰপাত হ’ল৷ চৰকাৰী তথ্যমতে যুদ্ধখনত ভাৰতৰ ১,৩৮৩জন ছহিদ হ'ল, ১,০৪৭জনে আঘাত পালে, ১,৬৯৬জন নিৰুদ্দিষ্ট হ'ল, ৩,৯৬৮জন ধৰা পৰিল৷ সেইদৰে চীনৰ ৭২২ সৈনিক মৰিল, ১,৬৯৭ সৈনিক আঘাতপ্ৰাপ্ত হ'ল৷ তাতোকৈ দুয়ো দেশে আলোচনাৰ পোষকতা কৰি যুদ্ধৰ দিশটো এৰাই চলা বা সেই পথে আগ নবঢ়াটোৱেই ভাল নাছিলনে?

বিশ্লেষকসকলৰ দৃষ্টিৰে, ১৯৬২চনৰ ২৪অক্টোবৰত দক্ষিণ দিশে চলোৱা অৱৰোধ পৰিত্যাগ কৰি টাৱাং অধিকাৰ কৰাৰ পিছতে চীন ৰৈ যোৱা হ’লে ভাৰতৰ বাবে চীনা সৈন্যক খেদি পঠোৱাটো মস্কিল হ’লহেঁতেন৷ কাৰণ, পশ্চিমীয়া শক্তিসমূহে বিষয়টোক তেতিয়া সিমান গুৰুত্ব সহকাৰে লোৱা নাছিল৷ তদুপৰি বিশ্ব জনমতো সিমান শক্তিশালী হৈ নুঠিলহেঁতেন৷ আনহাতে চীনৰ সীমা তাতোকৈ অধিক সম্প্ৰসাৰিতও নহ’লহেঁতেন৷ বৰ বেছি সীমান্তকলৈ সমৰ এখন দেখা পোৱা গ’লহেঁতেন৷ যুদ্ধৰ দৃষ্টিভংগীৰে অতি দৰকাৰী এলেকা টাৱাং চীনে দখল কৰি থাকিলহেঁতেন৷ চীনৰ বাবে সেইটো এটা প্ৰকৃত লাভেই হ’লহেঁতেন৷ যুঁজখন টাৱাঙৰ এই পাৰলৈ লৈ অহাটোৱেই চীনৰ বাবে এটা ডাঙৰ ভুল হ'ল৷ প্ৰথম কথা, মেকমোহন লাইন অতিক্রম কৰা, তাৰ পিছত মৃত্যু উপত্যকাৰ সৃষ্টি কৰি থৈ উত্তৰে মেকমোহন লাইনলৈকে আকৌ পিছ হোঁহকা৷ ভাৰত আৰু চীনৰ মাজত আন্তৰ্জাতিক সীমান্ত ৰূপে মেকমোহন লাইনক প্ৰাসংগিক আৰু শক্তিশালী কৰাত যুদ্ধখনেই অৰিহণা যোগালে৷ মেকমোহন লাইন মানি লোৱাৰ জৰিয়তে এইটোৱে প্ৰতিপন্ন হ’ল যে চীনে কৌশলেৰে চিমলা চুক্তি মানি লৈছে!
আনহাতে ভাৰতৰ লাভ কি হ’ল? আন্তৰ্জাতিকভাৱে শক্তিশালী দেশ আমেৰিকাই প্ৰথমবাৰৰ বাবে ঘোষণা কৰিলে যে মেকমোহন লাইনেই এলেকাটোৰ আন্তৰ্জাতিক সীমা৷ তাৰ আগলৈকে সীমাৰ প্ৰশ্নটোত আমেৰিকাৰ ভূমিকা অস্পষ্ট আৰু ভাৰতে কৰা আশাৰ পৰা দেশখন সহস্ৰযোজন নিলগত আছিল৷ ১৯৫৯চনৰ ১২নৱেম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সচিব খ্ৰীষ্টিয়ান আৰ্কিবেল্ড হেৰটাৰে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে সীমা বিবাদ সংক্রান্তত আমেৰিকাই কাৰো পক্ষ নলয়৷ সীমাৰ যুক্তিযুক্ততাক লৈ উত্থাপন হোৱা দাবী সংক্রান্ততো আমেৰিকাৰ কোনো দৃষ্টিভংগী নাই৷ পিছত সংঘৰ্ষৰ ফলস্বৰূপে আমেৰিকাই ১৯৬২চনৰ ২৬অক্টোবৰত মেকমোহন লাইনকে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা বুলি গণ্য কৰিলে৷ এইটো ভাৰতৰ বাবে অতিকৈ বৃহৎ ৰাজনৈতিক লাভ হ'ল৷ ইয়াৰ উপৰি মাৰ্কিন চৰকাৰে ভাৰতৰ স্থিতি সম্পৰ্কে ৰাজহুৱা কৰিলে যে সীমাৰ প্ৰশ্নত চীনে ভাৰতবৰ্ষক বাধ্য কৰোৱাৰ লক্ষ্যৰে ভ্ৰূকুটি কৰিবলৈ তেওঁলোকে অনুমতি নিদিয়ে৷ ১০ডিচেম্বৰত যুক্তৰাষ্ট্ৰৰ সচিব ডেভিদ ডীন ৰাস্কে জনালে যে ভাৰতৰ পৰিস্থিতিলৈ চাই এনে সহযোগিতাৰ দৰকাৰ আছে৷ ভাৰতক আমেৰিকাই যি পাৰে সহায় কৰি যাব কাৰণ চীনৰ দৰে এই দেশখনে সমস্যাটোৰ নিষ্পত্তি শক্তিৰ প্ৰয়োগেৰে হোৱাটো বিচৰা নাই৷ গতিকে মহান এছীয় গণতন্ত্ৰক ৰক্ষণাবেক্ষণ দিয়াটোহে মূল কথা৷
পৰৱৰ্তী লেখা :
৩৪. হিন্দী-চীনী আকৌ ভাই-ভাই হৈ পৰিব লাগিব
পৰৱৰ্তী লেখা :
৩৪.
No comments:
Post a Comment