Tuesday 30 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
৩. খুপা এৰিলোঁ, পালোঁ হায়ুলিয়াং



ফুৰি-চাকি ঘৰ সোমালোঁগৈ৷ ইতিমধ্যে চিমাও আহি পাইছিল৷ প্ৰথমে ৰঙা চাহ আৰু বিস্কুত খুৱালে তাই৷ তাৰ পিছত ৰুটি-ভাজিৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হল৷ অলপ পাছতে কমলো আহি ওলাল৷ সৰু পাকঘৰটোত আমি গোটেইকেইটা সোমাই কথাৰ মহলা মাৰিবলৈ ধৰিলোঁ৷ বিভিন্ন প্ৰসংগ ওলাল৷ একদম ঘৰুৱা, হাস্যমধুৰ পৰিৱেশ এটাৰ সৃষ্টি হল৷ সঞ্জুৱে ৰুটিৰ বাবে আটা খচাৰ উপৰি বেলিবলৈ লাগিল৷ কমলে এখন এখনকৈ সেকি গল৷ গোলাকাৰ ৰুটিকেইখন দেখি চিমাই আশ্চৰ্য প্ৰকাশ কৰিলে৷ তাই নোকোৱাকৈ থাকিব নোৱাৰিলে, ছাৰে ইমান ধুনীয়াকৈ বেলিছে বুলি৷ আমি গা-পা ধুই উঠাৰ পিছত তায়ে আমালৈ ডাইনিং টেবুলত ৰুটি-ভাজি, লালচাহ আদি সজাই পৰিৱেশন কৰিলে৷ হাঁহিমুখীয়া আৰু কাজী ছোৱালীজনীক কম সময়ৰ বাবে পালোঁ যদিও তাই আমাৰ মৰমবোৰ সোপাকে যেন আজুৰি লৈ গল!

৯.০০বজাত আমি যাবলৈ ওলালোঁ৷ ঘূৰি যাওঁতে অগত্যা কিবা অসুবিধা হলে খুপাত সোমাই এৰাতি থাকি যাবলৈ প্ৰস্তাৱ দি থলে কমল আৰু চিমাই৷ দুয়োলৈকে একোখনকৈ কাৰবি পৰ লগতে সামান্য বকচিচ আগ বঢ়ালোঁ৷ সিহঁতে ইতস্ততঃ কৰিছিল যদিও আতিথ্য আৰু অন্তৰংগতাৰ তুলনাত সেয়া আছিল তেনেই নগণ্য৷ আনহাতে বন্ধু ধৰ্মেন ঘৰত উপস্থিত নাছিল যদিও অৰুণদাই লগত নিয়া ২০১৪ত প্ৰকাশিত নিজৰ দ্বিতীয়খন কবিতা সংকলন তথাপিও দোমোজাৰ সেই পলবোৰ...ৰ কপী এটা তাৰ নামত আগ বঢ়ালে৷ সঞ্জুৱে উপহাৰ দিলে নিজৰ দ্বিতীয়খন প্ৰবন্ধ সংকলন পাহাৰৰ চিঠি৷ কিতাপখন ২০১০চনত প্ৰকাশ কৰা হৈছিল৷ সুখ অনুভৱ কৰিলোঁ যে ডিফুৰ পৰা যোৱা আমাৰ চাৰিজনীয়া ভ্ৰমণকাৰী দলটোৰ মাজত দুজনেই, মানে ফিফ্‌টি পাৰ্চেণ্ট, লেখক মানুহ! অৰুণদা আৰু সঞ্জুৱে নিজৰ সৃষ্টিশীল কৰ্মৰে টীম মাৰ্ক পলক গৌৰৱান্বিত কৰিছে৷ তাকে চাই মোৰ তৰফৰ পৰা পুৰণি বন্ধুক কি দিম ভাবি থাকিলোঁ৷ ঘৰৰ পৰা অনা কাৰবিসকলৰ সাংস্কৃতিক সম্পদ, ৰঙা প এখন থাকোঁতে বেগৰ ভিতৰত আছে৷ তাকে খুঁচৰি উলিয়ালোঁ৷ গোটেইকেইপদ বস্তু সযতনে পেকেট এটাত ভৰাই পেলালোঁ৷ ছাৰ আহিলে পেকেটটো চমজাই দিবলৈ অনুৰোধ জনাই চিমা আৰু কমলৰ পৰা আমি বিদায় মাগিলোঁ৷ ইফালে আগৰাতিয়ে কেলেণ্ডাৰ এখন ডাইনিং টেবুলৰ কাষতে দেৱালত থকা গজাল এটাত ওলোমাই দিছিলোঁ এপ্ৰিল মাহৰ ১্১ তাৰিখটোতে৷ জুলাই মাহৰ পহিলা দিনটো যিদিনা আহিব সিদিনা জুনমহীয়া পৃষ্ঠাটো লুটিয়াই দিলেই কেলেণ্ডাৰখনত ছপা হোৱা মোৰ ফটোগ্ৰাফখন ওলাই পৰিব আৰু সেইখনে সিহঁত আটাইমখাকে অন্ততঃ এমাহ ধৰি মোলৈ মনত পেলাই থাকিব!

এৰি অহাৰ মুহূৰ্তটোৱে নিশ্চিতভাৱেই উভয় পক্ষৰে মনবোৰ গধুৰ কৰি পেলাইছিল৷ খুপাৰ সেউজ আত্মীয়তা বুকুত বান্ধি আমি নামি যাম হায়ুলিয়াঙলৈ৷ গগৈ বাবুৰ সৈতে মোৰ ভ্ৰমণ-সংগীসকলক সোঁশৰীৰে সাক্ষাৎ কৰাব নোৱাৰাৰ দুখ এটা মনৰ একোণত সংগোপনে ৰৈ গল৷ মিছিমি পাহাৰৰ মাজৰ খুপা নামৰ ক্ষুদ্ৰ গাঁওখনৰ ছোঁ মৰা নিৰ্জনতা আৰু প্ৰেমময় আতিথেয়তা আমাৰ মনত ৰৈ গল, যাক দৰাচলতে কলমেৰে প্ৰকাশ কৰিব নোৱাৰি৷

কথাবোৰ ভাবি থাকোঁতেই পেটেলে ইঞ্জিন ষ্টাৰ্ট দিলে৷ গাড়ীখন লাহে লাহে চৌহদৰ পৰা বাহিৰ ওলাই পকা ৰাস্তাত উঠিল৷ লক্ষ্যস্থান হায়ুলিয়াং হৈ ৱালং৷ খুপাৰ নিকটতম চহৰখনেই হৈছে হায়ুলিয়াং৷ ধৰ্মেনৰ বাংলো এৰোঁতেই গাড়ীৰ খাদ্যৰ কথাটো ওলাল৷ চিধাই সোমালোঁগৈ উত্তৰ-পূৰ্বাঞ্চলৰ পূব দিশৰ লাষ্ট ফুৱেল ৰিফিলিং ষ্টেচনটোত৷ আছাম অয়লৰ ডিপটোত ফুলটেংকী তেল ভৰাই গহীন হৈ ললোঁ৷ পকেট নোটবুকখনে কলমটোৱে আপোনা-আপুনি ওলাই আহিল৷ আমপানী লজ পাওঁতে আবকাৰী বিভাগৰ মানুহবোৰ গ'লনে নাই এনেয়ে এবাৰ জুমি চাইছিলোঁ৷ পূৰ্বোত্তৰৰ এই জনগোষ্ঠীয় মানুহখিনিৰ হাড়ে-হিমজুৱে ইংৰাজে সুমুৱাই থৈ যোৱা কানিৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰাটো ইমান সহজসাধ্যজানো? পাক কেইটামান ঘূৰি খুপাৰ পৰা নামিব লাগিলোঁ৷ মূল পথটো ধৰোঁতেই লোহিতেও সংযোগ স্থাপন কৰিলেহি৷ ইয়াৰ পৰা আগুৱাই গলেই হায়ুলিয়াং৷ মোৰ বন্ধুৰ কৰ্মস্থলী৷ খুপাৰ পৰা সেই ঠাই খুব বেছি ৮কিলমিটাৰমান মাত্ৰ৷

হায়ুলিয়াং আঞ্জাৱ জিলাৰ মহকুমা সদৰ৷ তেজু-ৱালং পথৰ মাজৰ মূল ঠাই৷ তেজুৰ পৰা ইয়াৰ দূৰত্ব ১০২কিলমিটাৰ৷ হায়ুলিয়াঙৰ পৰা সদৰ স্থান হাৱাইলৈ ৫৮কিলমিটাৰ৷ এইটো বাটত আহি এতিয়ালৈ আমি পোৱা এইখনেই অকণমান ডাঙৰ ঠাই যেন বোধ হৈছে৷ অঞ্চলটোৰ কাৰণে হায়ুলিয়াঙেই প্ৰাণকেন্দ্ৰ স্বৰূপ৷ যদিও দোকান-পোহাৰ সংখ্যাৰ অংকৰে বহুত নাই, তথাপিতো স্থানীয় মিছিমি আৰু সেনাবাহিনীৰ লোকসকলৰ কাৰণে হায়ুলিয়াঙেই হৈছে লাষ্ট ৰিজৰ্ট৷ শেষ বজাৰ বোলা যায় যাক৷ স্থানীয় আৱাসীৰ সংখ্যা ইয়াত কম৷ শতকৰা ৮০ ভাগেই চৰকাৰী চাকৰিয়াল৷ মিছিমি দোৱানত হায়ুলিয়াঙৰ অৰ্থ the place of my liquor৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৭৫০মিটাৰ৷ ইয়াৰ জলবায়ু শীতল, সুখদায়ক আৰু স্বাস্থ্যকৰ৷ নিৰ্মীয়মান হস্পিতাল আৰু ঘৰ কিছুমান হায়ুলিয়াং সোমাওঁতেই চকুত পৰিছিল৷ খুপাৰ পৰা নামি আমি উজনিমুৱাকৈ গৈ আছিলোঁ৷ প্ৰৱাহমান লোহিতখন আমাৰ সোঁহাতে, নামনি অভিমুখে৷ এটা চৰকাৰী পৰিদৰ্শন বঙলা, কিছুমান চৰকাৰী কাৰ্যালয়, কৰ্মচাৰীসকলৰ কোৱাৰ্টাৰ, পষ্ট অফিচ, উচ্চতৰ মাধ্যমিক স্কুল, ভাৰতীয় ষ্টেট বেংকৰ শাখা কাৰ্যালয়, টেলিফোন একচেঞ্জ, টিভি ট্ৰেন্সমিটাৰ, কমিউনিটি হেল্‌থ চেণ্টাৰ, বি.আৰ.টি.এফ.ৰ কেম্প আদি হায়ুলিয়াঙত আছে৷ অৰুণাচলৰ জাতীয় প্ৰাণী মেথোনকে ধৰি আন আন জীৱ-জন্তু ইয়াৰ মানুহে প্ৰতিপালন কৰে৷


হায়ুলিয়াং তিনিআলিত দোকান এশাৰী পালোঁ৷ প্ৰয়োজনীয় সকলো বস্তুৱেই ইয়ালৈ তেজু বা পোনে পোনে তিনিচুকীয়াৰ পৰা অনা হয়৷ অনিলদাৰ ইংগিতত পেটেলে তিনিআলিটোতে গাড়ীখন ৰখালে৷ কণী, মেগী, বিস্কুত আদি কিনি লোৱা হল৷ সঞ্জু আৰু অৰুণদাই নিজৰ নিজৰ পৰিবাৰলৈ ললে মিছিমি মেখেলা৷ সেইখিনিতে বাঁওফালৰ পৰা বৈ অহা দাউ নৈখন লোহিতৰ লগ লাগিছে৷ দোকানকেইখনৰ ঠিক পিছফালে৷ কাপোৰ-কানি গোটোৱাৰ চখ এই মুহূৰ্তত মোৰ মুঠেই নাই৷ সৰ্বসময় প্ৰকৃতিৰ সুবাস সংগ্ৰহৰহে পক্ষপাতী৷ গতিকে বাকীসকলে দোকানত ব্যস্ত হৈ থাকোঁতেই সুযোগটো পাই অকলেই দৌৰ দিলোঁ বজাৰৰ ফালে, ওপৰলৈ উঠি যোৱা ৰাস্তাটোলৈ৷ তাৰ পৰা সংগমস্থলৰ দৃশ্যাৱলী একান্তমনে নিৰীক্ষণ কৰিব পাৰি৷ হেণ্ডিকেমটো অলপ সময় খুলি ৰাখি সমস্ত  দৃশ্যপট সুমুৱাই ললোঁ৷ কাণত বাজি থাকিল নদীৰ খলখলনি৷









পৰৱৰ্তী লেখা :
৪. এইবাৰহে সঁচাসঁচিকৈ হেৰাই গলোঁ আমি

Monday 29 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
২. খুপা টাউনশ্বিপ ভিলেজ



খুপাৰ সৰহসংখ্যক লোকেই চাকৰিয়াল৷ হায়ুলিয়াঙত থকা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকল থাকিবৰ বাবে এইখন এখন কলনী অৰ্থাৎ আৱাসিক এলেকা৷ টাউনশ্বিপ বোলা হয় যদিও বহুত বস্তুৰেই ইয়াত অভাৱ৷ তেনেকৈয়ে জীৱন কটাই আছে খুপাবাসীয়ে৷

শাৰী শাৰী কোৱাৰ্টাৰ, ভাগে ভাগে ৰাস্তা৷ বহুবোৰ ঘৰ পুৰণি হৈছে অৱশ্যে৷ টিনপাতত মামৰে ধৰিছে, বেৰবোৰ জহি-খহি গৈছে, ৰঙৰ উজ্জ্বলতা ম্লান পৰিছে৷ সকলোতকৈ ডাঙৰ কথা, প্ৰকৃতিৰ দানস্বৰূপ লগতে লাগি থকা পাহাৰলানিয়ে ঠাইখনলৈ অদ্ভুত সৌন্দৰ্য এটা আনি দিছে৷ খুপাৰ মাজেদি যোৱা মূল ৰাস্তাটোৰে খোজ কাঢ়ি, আগফাল-পিছফাল, সোঁহাত-বাওঁহাতে কি কিনো আছে চাই গ'লোঁ৷

ভিন্ন জাতি, গোষ্ঠী, সম্প্ৰদায়, ধৰ্ম, বৰ্ণ, ভাষাভাষী লোকৰ বসতি ইয়াত৷ যেন অনৈক্যৰ মাজত ঐক্য৷ তেনেকুৱা এজন চাকৰিয়াল, অসমৰ কাকপথাৰৰ ভূপেন দুৱৰাৰ সৈতে পথৰ ওপৰতে বিভিন্ন প্ৰসংগ সন্দৰ্ভত ভালেমান পৰ আলাপ চলিল, মৰ্ণিং ৱাকত ওলাই যাওঁতেই৷ শ্বাকলা ভিলেজৰ মূৰৰ পৰা উভতি আহোঁতে ৰাস্তাতে তেওঁক পালোঁ৷ অচিনাকি মানুহ দেখি তেওঁ আমালৈ ৰ লাগি চালে৷ আমিও তেওঁৰ সেই চাৱনিক প্ৰত্যাহ্বান জনাই হাঁহি মাৰি দিলোঁ৷ বচ, হৈ গল সংযোগ সাধন৷ তাৰ পিছত অনৰ্গল কথা৷

কম সময়ৰ ভিতৰতে আন আন ফালেও ঘূৰি-পকি খুপাৰ ৰেহ-ৰূপ চালোঁ৷ কাঠ ফলা কল, পষ্ট অফিচ, ১৪.২.১৯৯২তাৰিখে স্থাপিত চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়, ২০০০চনৰ ১৫ফেব্ৰুৱাৰীত মুখ্য মন্ত্ৰী মুকুট মিথিয়ে আধাৰ শিলা স্থাপন কৰা গড়কাপ্তানি বিভাগৰ হায়ুলিয়াং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, ২০০৯ত নিৰ্মিত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ টাৱাৰ, দয়ানন্দ আৰ্য বিদ্যাপীঠ স্কুল, ২০১৫ত প্ৰতিষ্ঠা লভা আঞ্জাৱ বিদ্যাপীঠ, পুলিচ অফিচ, দোকান আদি দেখা পালোঁ৷ স্কুলীয়া শিশুকেইটামানৰ পুৱাৰ খেল-ধেমালি চাই আনন্দ লাগিল৷ সিহঁততকৈ ডাঙৰ কেইটামানৰ লগতো দুআষাৰ কথা পাতিলোঁ৷ হিন্দী সকলোৱে কব পাৰে৷

দূৰৈত, পাহাৰৰ বক্ষত কৰা কানি খেতি এডৰা এজনে আঙুলিয়াই দেখুৱাইছিল৷ গছ-গছনিৰে ভৰপূৰ পাহাৰটোৰ এবখলা নাই৷ তাতে পপী ফুলৰ খেতি কৰা হৈছে৷ ইয়াৰ পৰা মাত্ৰ ২কিল’মিটাৰ নিলগত তাফলিয়াং নামৰ গাঁওখন, য’ত কানিৰ উৎপাদন আৰু চোৰাংভাৱে বিক্রীও কৰা হয়৷ কানিৰ প্ৰচলন অৰুণাচলত এতিয়াও আছে৷ ম্যানমাৰ সীমান্ততো কানি খোৱা মানুহ আমি লগ পাইছিলোঁ৷ পপী ফুলৰ খেতি ধ্বংস কৰিবলৈ মাজে মাজে ইয়াত প্ৰশাসনে কাৰ্যসূচী হাতত লয়৷ আমপানী লজত তেনেকুৱা বৃহৎ দল এটাই বাহৰ পাতি থকাৰ উমান আমি কালিয়েই পাইছিলোঁ৷ আজি চাগৈ অভিযান চলিব৷ তেনেকুৱা অভিযান এটাত যোৱাৰ সুযোগ পোৱা হ’লে! মনত খু-দুৱনি লগাই থকা বহু কথাই উন্মোচিত হ'লহেঁতেন৷

উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি আৰু সিবোৰৰ বৈচিত্ৰ্যময় সংস্কৃতিক ব্ৰিটিছেই সৰ্বপ্ৰথমে বিশ্ববাসীৰ আগত পৰিচয় কৰোৱাইছিল৷ ভাৰতত জনজাতি অৱধাৰণাটোৰ সৃষ্টিকৰ্তাও আছিল ব্ৰিটিছ বাহাদুৰ৷ এই সন্দৰ্ভত ইংৰাজ প্ৰশাসকক প্ৰশংসা কৰিও অন্য এটা কথা কোনোপধ্যে কিন্তু অস্বীকাৰ কৰিব নোৱাৰি যে কানি বৰবিহৰ মুক্ত প্ৰৱৰ্তন ব্ৰিটিছৰ দিনতেই হৈছিল৷ কানিৰ ব্যৱহাৰে দুৰাৰোগ্য বেমাৰত অব্যৰ্থ ফল দিয়ে, এইজাতীয় ধাৰণা হোজা, নিৰক্ষৰ মানুহবিলাকৰ মনত জাতিধ্বংসী ইংৰাজে এনেকৈ সুমুৱাই দিলে যে বৃহদাংশই ইয়াৰ ভক্ত হৈ পৰিল৷ অন্য একাংশৰ মাজত কানি সেৱনকলৈ আভিজাত্যৰ সংস্কৃতি (!) প্ৰচলিত হল৷ এনেকুৱা চক্রান্তমূলক প্ৰচাৰে ব্ৰিটিছৰ ঔপনিৱেশিক স্বাৰ্থৰ অনুকূলে অভাৱনীয়ভাৱে কাম দিলে৷ আনহাতে, অপকাৰিতা সম্বন্ধে অৱগত হৈও ইংৰাজে বৰ-অসমৰ পৰ্বতীয়া জাতিবোৰক পঁচা হিচাপে কানিহে দিছিল৷ পাৰ্বত্য জাতিৰ লোকে যাতে ভৈয়ামলৈ আহি দৌৰাত্ম্য নকৰে সেয়ে কানি খুৱাই শক্তিহীন, সোৰোপা কৰাটো শাসকৰ অন্তৰ্নিহিত অভিপ্ৰায় আছিল৷ অনুশাসন নমনা আৰু সততে স্বাধীনমনা গোষ্ঠীবোৰক আইনৰ বহতীয়া কৰিবলৈকে তেনেকুৱা ষড়যন্ত্ৰ ৰচিছিল সুচতুৰ ইংৰাজে৷ কানিৰ অবাধ প্ৰচলন আৰু সেৱনে যুঁজাৰু প্ৰবৃত্তি, মান-মৰ্যাদা, কৰ্মশক্তি, উৎসাহ, সময়জ্ঞান সকলো হৰিলে৷ অন্যত নিষিদ্ধ কৰিলেও অসমৰ বহিৰ্ভূত অঞ্চলসমূহত কিন্তু ব্ৰিটিছে উক্ত প্ৰথা উঠাই দিয়া নাছিল৷ কানিৰ আসক্তিয়েই তিল তিলকৈ ধ্বংসৰ গৰাহলৈ নিক্ষেপ কৰিলে জনগোষ্ঠীসমূহক৷ কানীয়া বুলি অসমীয়াৰ দুৰ্নাম এটা আজিকোপতিও চলিত আছেই৷ কানিভক্ত বংশধৰসকলে আজিও ইতিহাসসিদ্ধ সেই কাহিনী আওৰায়ে আছে৷ খুপাৰ পাহাৰে যেন আকৌ এবাৰ তাকেই আমালৈ চাই নীৰৱে দোহাৰি গল!

ৱালং-চালাংগম ৰাস্তাটো খুপাৰ এটা মূৰে, ওপৰৰ পৰা দেখা যায়৷ সেইফালে খোজ কাঢ়ি গৈ ৰাস্তাৰ লগতে লোহিতখন চালোঁগৈ৷ মূল পথটোৰ সিটো কাষেৰে হায়ুলিয়াঙৰ ফালৰ পৰা পাহাৰৰ ফাঁকেৰে নৈখন বৈ আহিছে৷ এইখনকেই আমি পৰশুৰাম কুণ্ডৰ বহল দলঙেৰে পাৰ হৈ আহিছোঁ৷ এইছোৱাত প্ৰস্থ তুলনামূলকভাৱে বহুখিনি কম, গতি কিন্তু বেছি৷ গতিশীলতাৰ বাবেই দৃশ্যটো চালে চাই থাকিবৰ মন যায়৷ লয়লাস ভংগীমাৰ এনেকুৱা ৰূপেৰে নদীয়ে পৰ্যটকক সহজেই পাগল কৰি দিব পাৰে৷

খুপাৰ স্থানীয় আৱাসী ধনে-ধানে অতিপাত চহকী নহয়৷ চাকৰিৰ উপৰি কৃষি, ক্ষুদ্ৰ বেপাৰ আৰু কুটিৰ শিল্পই ইয়াৰ মানুহৰ জীৱনোপায়৷ মাটি-পানী-হাবিৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল জীৱন আৰু জীৱিকা৷ অৰুণাচল চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, স্থানীয় এম.এল.এ. তথা মোৰ বন্ধুৰ মোমায়েকৰ ঘৰটোৱে ঠাইখনৰ ভিতৰত সবাতোকৈ আহল-বহল৷ তাৰ সন্মুখতে মূল পথৰ দাঁতিত আছে আছাম অয়লৰ এটা তেল ডিপ’৷ শুনিছিলোঁ যে ভাৰতৰ সকলোতকৈ পূবত থকা ফুৱেল ৰিফিলিং ষ্টেচনটো খুপাতেই আছে৷ সেইটো এতিয়া আমাৰ সন্মুখত৷ পৰৱৰ্তী যাত্ৰাৰ বাবে এই অন্তিম ডিপ'টোতে আমাৰ গাড়ীত তেল ভৰাই ল’ব লাগিব৷ কাৰণ আগলৈ যিমান গ’লেও তেল পাবলৈ ডিপ’ আৰু নাই! একেদৰে, খুপাৰ এমূৰেদি হায়ুলিয়াং হৈ আগলৈ গৈ যোৱা ৰাস্তাটোৰো অন্ত এটা আছে৷ আৰু সেই পৰ্যন্ত গৈ থকাই আমাৰো উদ্দেশ্য৷
















পৰৱৰ্তী লেখা :
৩. খুপা এৰিলোঁ, পালোঁ হায়ুলিয়াং

Sunday 28 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১. নতুন দিন এটাৰ আৰম্ভণি



পুৱা মোৰ সোনকালে শুই উঠা আৰু প্ৰাতঃভ্ৰমণত ওলাই যোৱাৰ অভ্যাস৷ এই অভ্যাসটো সঞ্জুৰো আছে৷ বতৰ বেয়া হলে বেলেগ কথা৷ অন্যথা নিতৌ মৰ্ণিং ৱাক কৰিবলৈ ওলাই আমি বিপৰীত দিশৰ পৰা আহি প্ৰায়ে মুখামুখি হওঁ আৰু ক্রছ কৰোঁ৷ খুপাৰ দোকমোকালিটোও তাৰ অকণো হেৰফেৰ নহল৷ অভ্যাসবশতঃ পুৱা ৪.১৫বজাতে আপোনা-আপুনি সাৰ পাই গলোঁ৷ মূৰৰ শিতানৰ ফালে থকা খিৰিকীৰ পৰ্দাখন টানি দিলোঁ৷ তেনে কৰাত মুখৰ আগত যিটো দৃশ্য দেখা দিলে, সঁচাকৈয়ে সেয়া আছিল অনুপম, অভাবনীয় আৰু অবৰ্ণনীয়৷ চকুৰ পোনে পোনে পাহাৰৰ চূড়াকেইটামান৷ ওখকৈ ওলাই থকা বৰফাবৃত্ত শৃংগকেইটাক টিডিং পিক বুলি জনা যায়৷ উচ্চতা ৩,৩৭৫ফুটৰ পৰা ৪,৩০০ফুট৷ তাৰ বাঁওহাতলৈ আছে টিনিং পিক৷ শিখৰত জমি আছে শুভ্ৰ বৰফ৷ তেনেই ওচৰতে দেখা গৈছে টিংকেইটা৷ এই যেন হাত মেলিলেই পাম! ৰাতিপুৱাই ইমান কাষতে এনেকুৱা এটা অবিশ্বাস্য দৃশ্য! বিশ্বাসেই নহয়৷ এতিয়া এপ্ৰিল মাহ৷ ডিচেম্বৰ-জানুৱাৰীত কেনে হ’ব? কল্পনা কৰিলোঁ৷

এটা নতুন দিনৰ শুভাৰম্ভণি৷ খৰখেদাকৈ প্ৰাতঃকৰ্ম সমাপন কৰি ডিজিটেল কেমেৰা আৰু হেণ্ডিকেমটো হাতত লৈ দৰজা খুলি বাজলৈ ওলাই গলোঁ৷ বাহিৰখনত ঠাণ্ডা৷ চৌপাশ এপাক চাই আহি সঞ্জুক জগাব ধৰিলোঁ৷ পাৰিপাৰ্শ্বিকৰ চমু বৰ্ণনাৰ উল্লেখেৰে ফটাফট ওলাবলৈ কলোঁ৷ সময় নষ্ট কৰিব নোৱাৰি৷ সঞ্জু ৰেডী হলত বাংলোটোৰ পৰা আগলৈ, পৰ্বতৰ টিংটো অনুসৰণ কৰি দুয়ো ৰাস্তাত খোজ দিব ধৰিলোঁ৷ আধা কিলমিটাৰমান গৈয়ে এটা কেঁকুৰি৷ বাঁহেৰে নিৰ্মিত প্ৰৱেশ দ্বাৰ এখন৷ বুজিলোঁ, গাঁও আছে আগত৷ জনজাতীয় গাঁৱৰ বৈশিষ্ট্য সেয়া৷ কি পাওঁ চাওঁ বুলি কৌতূহলপূৰ্বক সেইফালেই সোমাই গৈ থাকিলোঁ৷ কেঁচা ৰাস্তা৷ কিছু দূৰ যাওঁতে নামনিৰ ফালৰ পৰা অহা এটা হো-হোৱনিৱে কাণত খুন্দিয়ালে৷ হাবি ভাঙি সেই শব্দৰ উৎস সন্ধান কৰাত লাগিলোঁ৷ প্ৰচণ্ড শব্দ তুলি পাক এটা লৈ বৈ গৈছে আমপানী৷ আনহাতে আমি ইমান ওখত আছিলোঁ যে শিলৰ মাজেৰে বৈ থকা পানীবোৰ বৰফৰ দম একোটাহেন লাগিছিল৷ জংঘলৰ মাজেৰে ফাঁক উলিয়াই উলম্বভাৱে তললৈ চাব লগা হল৷ তেনেকৈয়ে আমপানীৰ সৌন্দৰ্য-সুধা পান কৰাত লাগিলোঁ৷ ২০০৪চনত এটা হাইডেল প্ৰজেক্ট উটুৱাই লৈ গৈছিল হেনো এই নৈখনে৷ এইখন নৈতে আছে আমপানী জলপ্ৰপাত৷ গাখীৰ-বগা আমপানী নৈখন খুপাৰ পিছফালেৰে হৰ্‌হৰাই তললৈ নামি গৈ সেউজ-নীল বৰণীয়া লোহিতত বিলীন হৈ পৰিছে৷

ৰাস্তাটোৰ বাঁওহাতে দেখি থকা পাইপডাল ক'ৰ পৰা আহিছে তাকে লৈ মনত অনন্ত  কৌতূহলৰ উদ্ৰেক হ'ল৷ এইডাল অনুসৰণ কৰি গৈ থাকিলে নিশ্চয় পাহাৰৰ ওপৰত এটা পানীৰ উৎসত ওলামগৈ৷ গ্ৰেভিটেচনেল ফৰ্চৰ সহায়তে উৎসৰ পৰা উপভোক্তালৈ যোগান সম্ভৱ হৈছে৷ পাহাৰীয়া ঠাইত এইটো এটা সুবিধা৷ পাম্প, ইলেকট্ৰিচিটিৰ দৰকাৰ নপৰে৷ নিৰজুলিত আমাৰ নেৰিষ্টৰ সন্মুখৰ পাহাৰখনৰ ভিতৰত বৈ থকা জুৰিটোৰ বহু উচ্চতাত সংগ্ৰহ কৰা পানী একে ফৰ্মূলাৰে বোৱাই আনি হোষ্টেলৰ অ'ভাৰহে'ড টেংকত উঠোৱা হৈছিল৷ কেইবাজনো কৌতূহলী লগৰীয়াই এদিন হাবি-শিল-পানী ফালি এটা এডভেন্সাৰ চলাই সেয়া আৱিষ্কাৰ কৰিছিলোঁগৈ৷ এই পাইপডালে সেই জংঘলী যাত্ৰাটোলৈ ততালিকে মনত পেলাই দিলে৷ পাহাৰত এনে ধৰণে পংপঙাই ফুৰাৰ এটা বেলেগ আমেজ আছে৷ নিজকে নিজে ক'লোঁ, 'যাওঁ নেকি এইডালৰ লগে লগে?'

অকাই-পকাই যোৱা পাহাৰীয়া কেঁচা ৰাস্তাটোৰে কিছুদূৰ ভ্ৰমি ক্ৰমে ডাঠ, নিৰ্জন হাবিত সোমাই পৰিলোঁ আমি৷ তৃতীয় ব্যক্তি হিচাপে আমাৰ লগত কোনো স্থানীয় লোক নাছিল৷ বাটতো এটা নৰমনিচো দেখা পোৱা নাই যে কিবা জানিব পাৰিম, সুধিব পাৰিম, সহায় পাম৷ আমাৰ বাবে সম্পূৰ্ণ অচিনাকি, আচহুৱা, ভিতৰুৱা ঠাই৷ উপভোগ্য নিৰ্জনতাই মনত পুলক জগাইছিল ঠিকেই, পিছে গহীন পৰিৱেশটোৱে ধীৰে ধীৰে মনলৈ ভয় ভাব এটাৰো সঞ্চাৰ কৰোৱালে৷ পদযাত্ৰাটো সিমানতে ইতি কৰি দুয়ো উভতিবলৈ বাধ্য হ’লোঁ৷ 

ঘূৰি আহোঁতে বাটত আলৰ বুঢ়ী এগৰাকীৰ সৈতে মুখামুখি হ’লোঁ৷ সাংবাদিকৰ স্বভাৱসুলভ মনস্তত্বৰে সঞ্জুৱে প্ৰশ্ন কৰাত লাগি গ’ল৷ মই আলেখ-লেখ চাই ৰ’লোঁ৷ হিন্দী, মিছিমি খিচিৰি পকাই বুঢ়ীয়ে দুই-এষাৰ ক’লে৷ ‘শ্বাক্‌লা ভিলেজ’ শব্দ দুটাহে বুজি পালোঁ৷ ধৰি ল’লোঁ যে সেইফালে শ্বাক্‌লা গাঁও৷ বুঢ়ীক অতিক্রম কৰি অকণমান আহিছিলোঁহে, মিছিমি চাংঘৰ এটাৰ পৰা এপাল কুকুৰ ভৌ-ভৌকৰে ওলাই আহিল৷ তেতিয়া আৰু তাত আমাৰ ৰৈ থকাৰ সকাম নাই৷ অচিনাকি পাই বখলিওৱাৰ আগেয়ে তুৰন্তে নিৰাপদ অৱস্থানত উপস্থিত হোৱাই মংগল বুলি বাংলোৰ দিশে ছুটি মেলিলোঁ৷

আঞ্জাৱ জিলাৰ হায়ুলিয়াং চাৰ্কোলৰ উপকণ্ঠীয় গাঁও এই খুপা৷ ইয়াৰ বিশেষত্ব হৈছে ঠাইখনৰ শান্ত, ধীৰ জীৱন-যাত্ৰা, যি পৰ্যটকক সততে মোহিত কৰে৷ চহৰীয়া হৈ-হাল্লা আৰু কুৎসা ৰতনাৰ পৰা মুক্ত এই খুপা টাউনশ্বিপ ভিলেজ৷ ২০১১চনৰ লোক-পিয়ল অনুসৰি ১৩৪টা পৰিয়ালে বসতি কৰা গাঁওখনৰ জনসংখ্যা ২৩৫৷ শিক্ষিতৰ হাৰ শতকৰা ৬১.০৬৷ ৰাইজৰ দ্বাৰা নিৰ্বাচিত গাঁওবুঢ়াই গাঁওখন পৰিচালনা কৰে৷ চিৰাং, মমপানী, আমলিয়াং, চুংগা, টাফ্ৰালিয়াং, মেটিলিয়াং, আদমলা, মানয়ুগাম, চামেলিয়াং, পাচাইলিয়াং আদি খুপাৰ দাঁতি-কাষৰীয়া গাঁও৷ হায়ুলিয়াং প্ৰশাসনিক খণ্ডৰ ৬৮খন গাঁৱৰ মাজৰে খুপাও এখন৷ পৰ্বতৰ মাজত, পৰ্বতে ঘেৰি ৰখা তেনেই অকণমানি এখন ঠাই৷ ঘাঁহনি, নৈ, চৰাইৰ কলৰৱ, সীমিত আকাশমণ্ডলেৰে এই ঠাই সৌন্দৰ্যময়ী৷ হায়ুলিয়াঙতকৈ খুপা পৰিষ্কাৰ বুলি শুনিছোঁ৷ হ'লেও বাংলাদেশ সীমান্তৱৰ্তী মেঘালয়ৰ মাউলিননঙৰ সমান পৰিষ্কাৰ গাঁও আজিলৈ মই দেখা নাই, যি এচিয়া মহাদেশৰ ভিতৰতে চাফা৷ খুপাকো সেই পৰ্যায়লৈ নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে৷ ইয়াৰ জলবায়ু স্বাস্থ্যকৰ৷ প্ৰদূষণ নাই৷







পৰৱৰ্তী লেখা :
২. খুপা টাউনশ্বিপ ভিলেজ

Friday 26 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
২০. খুপাত এৰাতি



অন্ধকাৰ হওঁ হওঁ তেতিয়া৷ অলপ পাছতে গৰম চাহ আৰু বিস্কুতেৰে আথে-বেথে চিমা আৰু কমলে আমাক সোধ-পোছ কৰিলে৷ সঁচা কথা ক’বলৈ গ’লে তেতিয়াহে দেহালৈ উত্তাপ ফিৰি আহিল৷ চিপ্‌-চিপ্‌কৈ দি থকা বৰষুণজাকে নহ’লে দেহ-মন একেবাৰে সেমেকাই পেলাইছিল৷ তজবজীয়া হৈ সিহঁতহালৰ লগতে ধৰ্মেনৰ ষ্ট’ৰ ৰুমটোত সোমালোঁ৷ তন্নতন্নকৈ এফালৰ পৰা অনুসন্ধান চলিল, টেমাবোৰত খাদ্য-দ্ৰব্য কি ক’ত কিমান আছে, কি কি নাই? বস্তাত কি থৈছে? চাউল-দাইল-মিঠাতেল-আলুগুটি আছেনে? কিবাকিবি মজুত ৰখা দেখিছোঁ৷ পাচলি হ’লে এটাও নাই৷ সি আগধৰি কৈছিলেই কথাটো৷

খুপাত আন্ধাৰ নামিছে তেতিয়া৷ লাইটবোৰ এটা-দুটাকৈ জ্বলি উঠিছে৷ ‘বস্তুবিলাক এতিয়াই আনি লোৱাটো ভাল হ’ব ছাৰ৷ পাহাৰীয়া জেগা৷ দোকান দেৰিলৈ খোলা নাথাকিব৷ বৰষুণৰ বতৰ, ইফালে ঠাণ্ডাও আছে৷’ চিমাই সাৱধান-বাণী শুনাই দিলে৷ অৱশ্যে ভাল চিন্তা কৰিয়ে কৈছিল তাই৷ আমাৰ ৰাতিৰ সাজৰ বাবে কি কি প্ৰয়োজন হ’ব, তাইক সুধি ল’লোঁ৷ তাই ওলোটাই প্ৰশ্ন তুলিলে, ‘আপোনালোকে কি খাব ছাৰ? ৰাতিপুৱা কি খাব?’ ইংগিতমতেই দোকানলৈ বুলি তুৰন্তে ওলাই গ'লোঁ নৱ-আগমনকাৰী আমি গোটেইকেইটা, লিষ্ট এখন মনতে লৈ৷

অতি বেছি ১০খনমান দোকান আছে খুপাত৷ তাতে আলু, পিঁয়াজ, পাচলি, আটা আৰু মাছ কিনা হ’ল৷ আলু-পিঁয়াজকে ধৰি কেঁচা বস্তুৰ শোটোৰা-শোটোৰ চেহেৰা দেখি বন্ধুৰ বাক্যষাৰ পুনৰবাৰ স্বীকাৰ কৰি ল’লোঁ৷ বেঙেনা, বন্ধাকবিৰ চাব নোৱাৰা অৱস্থা৷ ঠিকেই, ভৈয়ামৰ পৰা এমোনা লৈ অহা হ’লেই ভাল আছিল৷ কিন্তু নানিলোঁ৷ ইচ্ছাকৃতভাৱেই৷ সিবাৰ ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰে চাংলাং জিলাৰ নামপঙৰ নংকি টাংচা বস্তিত নাজংহঁতৰ চাঙত তিনিদিনীয়াকৈ আলহী হওঁতে সঞ্জু আৰু মই গাড়ী দৌৰাই জয়ৰামপুৰৰ পৰা আলু, পিঁয়াজ, বিবিধ পাচলি কিনি আনিছিলোঁগৈ৷ হ’ল বুলিনো আৰু ৪জনকৈ আলহীক কিমাননো লাইপাত সিদ্ধ খুৱাই থাকিব বেচেৰী নাজংজনীয়ে! হাতত তুলি দিয়া কাৰ্টনটো অনিচ্ছাসত্ত্বেও গ্ৰহণ কৰিবলগীয়া হৈছিল তাই৷ প্ৰথমে ইতস্ততঃ কৰিছিল অৱশ্যে৷ তাৰ বিপৰীতে, তেনেকৈয়ে কৰ্তব্য এটা কৰিব পাৰি আমি সুখী হৈছিলোঁ৷ ইয়াত এতিয়া চিমাৰ পাল৷ এইজনীয়ে অৱশ্যে সিমান চিন্তা কৰিব লগা নহ'ব৷ ৰাতিটো আৰু কাইলৈ ৰাতিপুৱাটো, বচ সিমানেই৷ আনহাতে, জয়ৰামপুৰৰ অনুৰূপ ঘটোৱাটো ইয়াত কিন্তু একেবাৰেই অসম্ভৱ৷ সেয়ে আগতীয়াকৈ নানি পস্তাই আছোঁ৷

খুপাত চাহ-মিঠাইৰ দোকান নাই৷ সীমিত দোকান ঘূৰি দৰকাৰী বস্তুকেইপদ প্ৰথমে গোটাই লোৱা হ'ল৷তাৰ পিছত অন্য দুখন দোকানত সোমাই আমি ক্ৰমে চিঙাৰা আৰু পকৰি কিনি খালোঁ৷ স্থানীয় কাৰিকৰে চিঙাৰা সিমান সোৱাদ লগাকৈ তৈয়াৰ কৰিব পৰা নাই, পকৰিও বেছ জ্বলা৷ তথাপি, অভিজ্ঞতা এটা জীৱনলৈ লৈ থ’লোঁ৷ নহ'লে পিছতযে ক'বলগীয়া কথাই নাথাকিব! আৰু সেই অচিলাতে দোকানীৰ সৈতে কিছু পৰ কথা-বতৰাও চলিল, অৰুণাচলী-হিন্দী আৰু অৰুণাচলী-অসমীয়াত৷ আমাৰ ফালে ডিমাচা, থাড', মাৰসকলে কোৱা হাফলং-হিন্দীৰ দৰে এইফালৰ অৰুণাচলী-হিন্দীৰো বিশেষত্ব অলপ আছে৷ আকৌ, কোমল সুৰৰ, লাহে-ধীৰে কোৱা অৰুণাচলী-অসমীয়া বাক্যবোৰো শুনিলে শুনি থাকিবৰ মন যায়৷ 'ভায়া, ইটো খাবি দেই, ইটো নাই-খাবি... ইটো ভাল আছে, ইটো ভাল নাই-আছে...' তেওঁলোকৰ মুখত বৰ মিঠা লাগে শুনি৷ নাগালেণ্ডৰ নগা মানুহে কোৱা নাগামিজৰ সৈতে পাৰ্থক্য আছে৷ বিভিন্ন জনগোষ্ঠী, উপগোষ্ঠীত বিভক্ত মানুহবোৰে এনেকৈয়ে এদিন সৃষ্টি কৰি লোৱা একোটা লিংগুৱা-ফ্ৰাংকাৰ জৰিয়তে ভাবৰ আদান-প্ৰদান কৰি আহিছে আৰু নেদেখা সোণালী সূতা এডালেৰে নিজকে মেৰিয়াই ৰাখিছে৷

ইফালে অচিনাকি আমিকেইটাৰ আবিৰ্ভাৱ দেখি দুই-একে কৌতূহলী চাৱনি নিক্ষেপ কৰিব ধৰিছে৷ আমাৰ গৃহচহৰ ডিফুখনতো পুৰণি দিনবোৰত একে ধৰণৰ কথাই আছিল৷ চবেই চবকে চিনি পায়৷ নতুন মানুহৰ আগমন ঘটিলে জন্তু চোৱাদি চায়, উপযাচি পৰিচয় হয়হি৷ দেউতাই বৰ্ণনা কৰা ডিফুৰ সেই দৃশ্যটো এতিয়া প্ৰেক্টিকেলি মিলি গৈছে, খুপাত৷ সুযোগ বুজি আমি দুই-একৰ লগত ভাব বিনিময় ঘটালোঁ৷ দোকান চলাই পৰিয়াল পোহপাল দি থকা বেংগলী মানুহ, নামনি অসমৰ চাকৰিজীৱী মানুহো লগ পালোঁ৷ সৰহ সংখ্যকেই চাকৰি সূত্ৰে খুপাত আছে৷ অফিচ হায়ুলিয়াঙত৷ ল’ৰা-ছোৱালী হায়ুলিয়াঙত পঢ়ে৷ বিহু বুলি ঘৰলৈ যাব নোৱাৰাৰ বিৰহ বেদনা কথা প্ৰসংগত খোলাখুলিকৈয়ে প্ৰকাশ পালে৷ আমি আকৌ কৰিছোঁ তাৰ ওলোটাটো৷ বিহুৰ বন্ধৰ আপাহতে ঘৰ-বাৰী এৰি দৌৰ মাৰিছোঁ তেওঁলোকৰ তালৈ! পাহাৰৰ মাজলৈ৷ ইচ্ছাকৃতভাৱে৷ শুনি আচৰিত হৈছে তেওঁলোক৷ আমাৰ লাগিছে আনন্দ৷

গাড়ী বাদ দিলোঁ৷ খোজ কাঢ়িয়েই উভতিলোঁ৷ ৰাস্তাত মানুহ বা মটৰৰ হেমগেম নাই৷ ধূলি-মাকতিও নাই৷ এনেকুৱা অৱস্থাত পথত খোজ কাঢ়ি আৰাম লাগে৷ ঘূৰি অহাৰ পিছত ধৰ্মেনৰ বাংলোটো আমাৰ বাবে নিজৰ ঘৰৰ সদৃশ হৈ পৰিল৷ বস্তুখিনি চিমাৰ হাতত তুলি দিলোঁ৷ তাই ৰন্ধা-বঢ়াত লাগিলগৈ৷ কাপোৰ-কানি সলাই সঞ্জুৱে পাকঘৰৰ কামত হাত ধৰিলে৷ ময়ো হে’ল্পাৰৰ ভূমিকাত অৱতীৰ্ণ হ’লোঁ৷ ঘৰুৱা কাম-বনত সহায় কৰি গৃহস্থৰ সৈতে কম সময়তে মিলি যোৱাৰ প্ৰৱণতা আৰু সক্ষমতা আমাৰ আছে, লাগিলে য’তেই নহওক কিয়৷ ছাৰৰ বন্ধু বুলি চিমা আৰু কমলে বাধা দিছিল যদিও ব্যতিক্ৰম খুপাতো নহ'ল৷

এই যাত্ৰাত অৰুণাচলত আজি আমাৰ প্ৰথম নিশা৷ কেইদিন কটাব লাগিব তাৰ কোনো স্পষ্ট হিচাপ এই মুহূৰ্তত নাই৷ সময়হে চয়-নিচয় কৰিব৷ আই.এল.পি. অৱশ্যে ১৭ তাৰিখলৈকে আছে৷ সুন্দৰ বনভূমি আৰু মনোহৰ উপত্যকাৰে ভৰপূৰ এনে মনোৰম এলেকালৈ হৃদয়ৰ সকলো শক্তিৰে আমাক যেন কোনোবাই আহ্বানহে জনাইছে! সেই আহ্বানে প্ৰতি পলে আমাৰ হৃদয়-মন উল্লাসিত কৰিছে৷ গতিকে ঘূৰাৰ দিন হিচাপ কৰি থকা নাই৷ অনিলদাই ক’বৰ দৰে, য’ হ’গা দেখা যায়েগা৷ পাকঘৰত কামৰ সৈতে কথাৰ মহলাও সমানে চলি থাকিল৷ বিৱৰণী শুনাৰ পিছত আমাৰ যাত্ৰাটোক লৈ কমল আৰু চিমা দুয়ো উৎসাহী হৈ পৰিল৷ তেওঁলোকৰ মুখেৰে পৰামৰ্শও কিছু পালোঁ৷

৮বজাৰ অলপ পিছতে ধৰ্মেনৰ সহকৰ্মী, জুনিয়ৰ ইঞ্জিনিয়াৰ মিষ্টাৰ ত্ৰিবেদী আহিল৷ হাৱাইত থাকে৷ চিনাকি হ’ল৷ আমাৰ খা-খবৰ আৰু ভ্ৰমণ-সূচী জানি ল’লে৷ পৰামৰ্শ তেওঁৰ পৰাও পালোঁ৷ ত্ৰিবেদীজীৰ খাদ্যাভ্যাস মোৰ সৈতে একেই, নিৰামিষাহাৰী৷ গতিকে সমভিব্যাহাৰে নিশাৰ আহাৰ গ্ৰহণ কৰিলোঁ৷ বাংলোটোত দুটা ৰুমত সুন্দৰ ৰূপত, পৰিষ্কাৰকৈ সজাই ৰখা হৈছিল তিনিখন বিছনা৷ এটা ৰুমত সঞ্জু আৰু মই৷ সৰু কোঠাটোত আমাৰ গাড়ী চালক তথা গাইড পেটেল অকলশৰীয়াকৈ৷ ধৰ্মেনৰ ৰুমটোত তলা মৰা৷ তাৰ অন্য এজন সহকৰ্মী তথা প্ৰতিৱেশী ত্ৰিপাঠীৰ কোৱাৰ্টাৰটো ঠিক সন্মুখতে আছিল৷ তাতো দুটা ৰুম ঠিক কৰি থোৱা হৈছিল৷ খাই-বৈ অৰুণদা আৰু অনিলদা তালৈ গ’লগৈ৷ কমলে তলা খুলি দিলে৷ ৰন্ধনশালৰ জাঁজ মাৰি, পুৱাৰ কাৰ্যসূচী মিলাই লৈ চিমাও কোৱাৰ্টাৰলৈ উভতিল৷

পুৱা নামচাইত গাড়ীত তেল ভৰোৱাৰে পৰা আৰম্ভ কৰি সন্ধ্যা খুপাত বজাৰ কৰালৈকে ১১ এপ্ৰিল তাৰিখৰ সমস্ত খা-খৰছৰ অংকবোৰ পকেট নোটবুকখনৰ নতুন পৃষ্ঠা এটাত পৰিষ্কাৰকৈ লিখি অঁতালোঁ৷ হিচাপ-কিতাপ ৰখাটো মোৰ পাল৷ বিল পৰিশোধ কৰাটো অনিলদাৰ৷ লেন-দেন ঠিক থাকিলে সম্পৰ্কও ঠিক থাকে৷ গতিকে আনৰ দৰে টীম মাৰ্ক' পল'ৰ বাবেও চিৰিয়াচ কাম সেইটো৷ সেয়া হোৱাৰ পাছত শুবৰ যো-জা৷ দিনটো যাত্ৰা কৰি থকা হৈছে৷ বিছনাত পৰি দিয়া মাত্ৰকে গভীৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে৷ সঞ্জুৰ নাকে আগ ৰাতি ট্ৰেইনত কৰাৰ দৰেই হেলিকাপ্তাৰ চালনা কেতিয়ানো আৰম্ভ কৰি দিছিল, নাজানো৷ আৱাজটোত চক্‌ খাই মাজতে এবাৰ সাৰ পাই উঠিছিলোঁ৷ শব্দৰ উৎসটোৰ বুজ লৈ পুনৰ টোপনি৷ একো ক’ব নোৱাৰোঁ আৰু৷

পৰৱৰ্তী খণ্ড :
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১. নতুন দিন এটাৰ আৰম্ভণি
অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৯. বন্ধুৰ বাংলোত


প্ৰদূষণবিহীন সতেজতাৰে ভৰা খুপাত আৰোহণ কৰিয়েই আমপানী লজ্‌টো বাটতে, সোঁহাতে. সহজতে, প্ৰথমেই দেখা পালোঁ৷ থকা ঠাইৰ কথা লৈ ইণ্টাৰনেটত খুঁচৰি ফুৰোঁতে ছবিহে দেখা পাইছিলোঁ ঘৰটোৰ৷ এতিয়া নিজৰ চকুৰ আগত, সোঁশৰীৰে দণ্ডায়মান৷ এনেয়ে এবাৰ সোমাই চোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ ধৰ্মেন বাবুৰ বিষয়ে তাতে কাৰোবাক সোধা যাওক বুলি গাড়ীৰ পৰা নামি দিলোঁ৷

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জেনেৰেল জে. জে. সিঙে ৰাজ্যখনৰ বিত্ত, কৰ আৰু আবকাৰী মন্ত্ৰী কালিখ পুলৰ উপস্থিতিত ২০০৯চনৰ ১৭জানুৱাৰী তাৰিখে লজটো উদ্বোধন কৰিছিল৷ কথাখিনি খোদাই কৰি ৰখা বাহিৰৰ ফলকখন মন দি পঢ়ি আছিলোঁ৷ কালিখ পুল মোৰ বন্ধু ধৰ্মেনৰ মোমায়েক৷ তেনেকুৱাতে আমাক দেখি ভিতৰৰ পৰা দুজন মানুহ আগুৱাই আহিল৷ মুখাবয়ৱলৈ চাই অসমৰ যেনেই অনুমান কৰিলোঁ৷ ৰুম আছে নেকি? অনিলদাৰ উৎসুকতাভৰা খাৰাংখাচ প্ৰশ্ন৷ সিফালৰ পৰা নঞৰ্থক উত্তৰ খালী নাই৷ কানি ধ্বংসকাৰী মানুহেৰে গিজ্‌গিজাই আছে লজ্‌টো৷ দেখা পাইছোঁ, কেইবাখনো গাড়ী ৰৈ আছে চৌহদত৷ বৰষুণৰ প্ৰকোপত গেৰেজৰ সন্মুখটোত বোকা উঠিছে৷ আগৰ কেইদিনমানৰ পৰা ইয়াত ছেগাচোৰোকাকৈ বৰষুণ পৰি থকাটো সহজেই অনুমেয়৷ পৰিৱেশে তাকেই কয়৷

স্থানীয় জনজাতীয় লোকৰ কোনো কোনোৱে এইফালে সহজগম্য নোহোৱা পাহাৰৰ ওপৰত ঠায়ে ঠায়ে পপী ফুলৰ খেতি কৰে৷ ৰালিয়াং, গায়েন, মেটিলিয়াং, তাফলিয়াং আদি তেনে কেতবোৰ নাম থকা গাঁও৷ পপী ফুলৰ পূৰঠ গুটিৰ পৰাই কানি উৎপাদন হয়৷ মাজে মাজে অৰুণাচল পুলিচ আৰু আঞ্জাৱ জিলা প্ৰশাসনৰ একত্ৰিত বাহিনী উপস্থিত হৈ গছবোৰ কাটি, জ্বলাই ধ্বংস কৰেগৈ৷ এতিয়াও আহিছে তেনেকুৱা অভিযান চলাবলৈকে৷ এই উদ্দেশ্যৰে আগদিনাখনৰে পৰা সশস্ত্ৰ দলটোৰ অনেকজন আহি আমপানী লজতে থিতাপি লৈ আছেহি৷ সেইটো কাৰণতে কাষতে থকা হাল-আঙতো একেটাই অৱস্থা৷ আনহাতে চৰকাৰী অতিথিশালা ভাগ্যত নিমিলিলে থকা-খোৱাৰ বাবে অন্য কোনো হোটেল ইয়াত নাই৷ হোটেল উদ্যোগ এইফালে নাই বুলি কোৱাই যুগুত৷ হেন জানি মোৰেই সৌভাগ্য যে সীমিত সা-সুবিধাৰ এনে স্থান এডোখৰতে, হওক-নহওক, অন্ততঃ মোৰ পুৰণি বন্ধু এটা আছে৷ এতিয়া সিয়েই আমাৰ বাবে ভগৱানৰ অৱতাৰ স্বৰূপ!

বাকী চব কথা বাদ দি আমি ট্ৰেইনত তিনিচুকীয়ালৈ আহি থাকোঁতেই আগনিশা ধৰ্মেনে ফোনেৰে দি ৰখা নিৰ্দেশ অনুযায়ী চিমা বোলাজনীক বিচাৰি উলিয়াওঁ বলক বুলি অৰুণদাক কলোঁ৷ ইফালে ধৰ্মেনক ফোন কৰিও নোপোৱা হৈছোঁ যে আমি আহি পালোঁ বুলি তাক এবাৰ জনাওঁ৷ নেটৱৰ্কৰ সমস্যা! নিশা থকাৰ বিষয়টো লৈ দাদাৰ মনত মাজে মাজে টেনচনে বাহ বন্ধাটো অনুমান কৰি আছিলোঁ৷ নেটৱৰ্কৰ বিড়ম্বনাই টেনচন যেন দুগুণে বঢ়াইছে!

খা-খবৰ লৈ দুজন ডেকাৰ মুখে গম পালোঁ যে বন্ধুৰ কোৱাৰ্টাৰটো লজটোৰ পৰা আৰু কিছু আগলৈ আছে৷ একেটাই ৰাস্তা৷ অনিলদা আৰু সঞ্জুক তাতে এৰি অৰুণদা আৰু মই গাড়ীখন লৈ বাংলো বিচাৰি যাওঁ বুলি ওলালোঁ৷ অলপমান গৈয়ে বাঁওহাতে দৃষ্টিগোচৰ হ’ল ডিপাৰ্টমেণ্ট অফ পাৱাৰৰ হায়ুলিয়াং ইলেকট্ৰিকেল চাব-ডিভিজনৰ সহকাৰী অভিযন্তা (ইলেকট্ৰিকেল)ৰ অফিচ৷ সেয়া আমি বিচৰাটো নহয়৷ তথাপি পাতলীয়া বৰষুণজাক মূৰত লৈয়ে ঠিক সেইখিনিতে গাড়ীৰ পৰা নামি দিলোঁ৷ সৰু ঠাই৷ যেন এসময়ৰ আমাৰ ডিফুখন, য’ত প্ৰত্যেকে প্ৰত্যেকক জানিছিল৷ ধাৰণা কৰিছোঁ, ইয়াতো হয়তো প্ৰত্যেকে প্ৰত্যেকক জানিব৷ গে’টখন খুলি চৌহদৰ ভিতৰলৈ সোমালোঁ আৰু দাঁতিতে থকা ঘৰ এটাৰ দৰজাত টোকৰ মাৰিলোঁগৈ৷ মহিলা এগৰাকী ওলাই আহিল৷

অৰুণাচলৰ সংযোগী ভাষা হিন্দী৷ গতিকে ইয়াত প্ৰথমে হিন্দীৰেই আৰম্ভ কৰিব লাগে৷ বন্ধুৰ লগতো একেই কথা৷ আৰম্ভণিতে হিন্দী, মাজে মাজে ইংৰাজী, তাৰ পিছত অসমীয়াত সোমাই পৰোঁ৷ সন্মুখত ওলোৱা ভদ্ৰমহিলাৰ সৈতেও কথা-বাৰ্তা হিন্দীতে চলিল৷ হাইড্ৰ’ পাৱাৰ ডেভেলপমেণ্ট বিভাগৰ ইলেক্ট্র’-মেকানিকেল সংমণ্ডলৰ এচিচটেণ্ট ইঞ্জিনিয়াৰ ছাৰৰ অসমৰ কাৰবি আংলঙৰ পৰা আহিবলগীয়া বন্ধু গাড়ী লৈ দলেবলে আহি পোৱাৰ বাতৰি মুহূৰ্ততে ৰাষ্ট্ৰ হৈ গ’ল৷ সৰু ঠাই, গতিকে প্ৰত্যেকে প্ৰত্যেকক জানে৷ আগৰ আমাৰ ডিফুৰ দৰে! কথাটোৰ মিল পালোঁ৷ আগবেলাৰে পৰা জপ কৰি থকা চিমাৰ নামটো উচ্চাৰণ কৰিলোঁ৷ পিছফালে, তললৈ কোৱাৰ্টাৰ৷ তাইলৈকো খবৰ গ’ল৷ অলপ পৰৰ পিছতে বাংলোৰ চাবিকোছা হাতৰ মুঠিত লৈ খৰখেদাকৈ ওলাই আহিল চিমা তামাং৷ শকত-আৱত ছোৱালীজনী৷ তাইৰ পিছে পিছে কমল ধুংগানা৷ ডেকা মানুহ৷ ধৰ্মেনৰ কোৱাৰ্টাৰটো ৰাস্তাৰ বিপৰীতে সামান্য আগলৈ আছিল৷ এক মিনিটতে পাই গ'লোঁ৷

চিমা চৌখামৰ, কমল শদিয়াৰ৷ ধৰ্মেনে মোৰ বিষয়ে সমস্ত ইনফৰ্মেচন তেওঁলোকক আগতীয়াকৈ দিয়েই থৈছিল৷ নিজমুখে কোৱাৰ প্ৰয়োজন নাছিল যদিও শিষ্টাচাৰ ৰক্ষা কৰিবলৈকে স্বপৰিচয় দাঙি ধৰিলোঁ যাতে উভয়ৰে মনত খোকোজা লাগি নাথাকে, এই মানুহটো আচল হয়নে নকল তাকে লৈ৷ পোনতে হিন্দীত, মাজে মাজে জনাই-নজনাই নেপালী আৰু শেষত অসমীয়াত চলিল কথা-বতৰা৷ ছাৰৰ অবৰ্তমানত চিমাই সম্পূৰ্ণ বিশ্বাস আৰু আন্তৰিকতাৰে সৈতে বাংলোৰ দৰজা খুলি দি আমাক আদৰিলে৷ পেটেল আৰু কমলে গাড়ীৰ পৰা টোপোলাবোৰ নমাব ধৰিলে৷ নিশাটোৰ বাবে আশ্ৰয়থলী পাই আমাৰো মুখত হাঁহি বিৰিঙিল৷ অৰুণদা টেনচন শূন্য হৈ পৰিল৷ স্ফূৰ্তিতে তেওঁ 'সহযোগী শিল্পী' অনিলদাক একাষৰীয়াকৈ মাতি নিলে আৰু সন্ধিয়াটো কেনেকৈ ৰঙীন কৰিব সেই লৈ জল্পনা-কল্পনাত নিমগ্ন হ'ল৷








পৰৱৰ্তী খণ্ড :
২০. খুপাত এৰাতি

Thursday 25 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৮. খুপাত অৱতৰণ



টিডিং, মমপানী, নাৰা৷ অথনিতে লোহিত ব্ৰীজত ভাত খাইছিলোঁ৷ ৰঙাচাহ একোকাপ খোৱাৰ ইচ্ছা কৰি অৰুণদাই পেটেলক কেতিয়াবাতে কৈছিল, বাটত হোটেল পালে ৰবলৈ৷ পিছে মিছা৷ ইমান পৰে আহি আহি পাবৰেই হল খুপা৷ এখনো হোটেল যদি ভাগ্যত মিলিলেহেঁতেন! চাহ দোকান বুলি ভাবি কৰবাত কৰবাত পেটেলে হৰ্ণ বজাই দৃষ্টি আকৰ্ষণ নকৰা নহয়৷ পিছে কতা? হোটেল হলেহে সেয়া! গতিকে চাহৰ আশা পূৰ্ণ নহল৷

হায়ুলিয়াং পাবলৈ ৫কিলমিটাৰমান থাকোঁতে উপপথ এটাৰে গাড়ীয়ে বাঁওফালে টাৰ্ণ ললে৷ লোহিতখন তলত থাকি গল৷ আমি ওপৰলৈ উঠি গলোঁ৷ মূল পথটো গুচি গল ৱালঙলৈ৷ তিনিআলিৰ পৰা কেই কিলমিটাৰমান মাত্ৰ৷ অলপ পিছতে পালোঁগৈ খুপা৷ এয়াই খুপা৷ ভালেমান দিনৰ পৰা এই নামটো জপ কৰি থকা হৈছিল৷ খুপা, খুপা, খুপা৷ সোঁশৰীৰে উপস্থিত হলোঁহি এতিয়া৷ ইমান দিনে ইয়াৰে স্বপ্ন দেখি আছিলোঁ বুলিব পাৰি৷ এতিয়া বাস্তৱত পাই গলোঁ৷ লগে লগে প্ৰশ্ন এটাও জাগি উঠিল৷ কেনেকৈনো পালে এই নামটো বাৰু? খুপা! আকাশৰ পিনে চালোঁ৷ খুপাৰ আকাশ বৰ বিশাল নহয়৷ জোঙা পৰ্বতে দিগন্তৰ সীমাৰেখাক সীমিত-সংকুচিত কৰি ৰাখিছে৷ দিগন্ত বুলিবলৈ নায়েই আচলতে৷ যেন কোনোবা নাৰীৰ মূৰৰ ওপৰৰ এটা খোপাহে! কাল্পনিক খোপা আৰু বাস্তৱিক খুপাৰ মাজত পাৰ্থক্য থাকিব পাৰে দেই, নাজানো৷

খুপা পাই কিন্তু হেলিপেডত অৱতৰণ কৰা যেনেই অনুভৱ হল নিজৰে৷ পুৱাৰে পৰা ১১ঘণ্টা ধৰি পাহাৰে পাহাৰে ২৩৫কিলমিটাৰ জোৰা দীঘলীয়া দূৰত্ব অতিক্রম কৰি অহাৰ পিছত চকুৰ আগত এতিয়া সম্পূৰ্ণ এখন বেলেগ ছবি৷ চাৰিওফালে সুউচ্চ পাহাৰ৷ মাজত ক্ষুদ্ৰ, মৰমলগা ঠাইখন৷ যেন এটা হেলিপেডহেসেয়েহে অৱতৰণ কৰা ধৰণৰ অনুভূতি হল৷ ইফালে পৰ্বতৰ ওপৰত তেতিয়াও ঠায়ে ঠায়ে জমি আছে শুভ্ৰ বৰফ৷ আইছকেপ্‌ড মাউণ্টেইন৷ বৰফৰ টুপী পিন্ধি পৰ্বতে মোলৈ চা চাকৈ আছে! শীতলতাও বৃদ্ধি কৰিছে৷

খুপা পাওঁতে আমাৰ সন্ধিয়া ৫.০০ বাজিছিল৷ সহজবোধ্য আছিল যে চৌপাশ ওখ পাহাৰে ঘেৰি ৰখা হেতুকে সোনকালেই ইয়াত আন্ধাৰ নামিব৷ পাতলীয়া বৰষুণ এজাক আৰম্ভ হৈ গৈছিলেই ইতিমধ্যে৷ প্ৰকৃতিৰ বুকুত সন্ধিয়াৰ আগ মুহূৰ্তৰ ছাঁ-পোহৰৰ খেলাখন চলিব লাগিছে৷ কাণে-মূৰে ঠাণ্ডাটোৱেও বেজীয়ে বিন্ধাৰ দৰে খুন্দিয়াই আছেহি৷ সাতে সোতৰই মিলি পৰিৱেশটো কিবা ভৌতিক ভৌতিক যেনেই লাগি গৈছিল৷ এই খুপাতে বসতি মোৰ একালৰ সহপাঠী বন্ধু ধৰ্মেনৰ৷ অৰুণাচল চৰকাৰৰ হাইড্ৰ পাৱাৰ ডেভেলপমেণ্ট বিভাগৰ ইলেক্ট্র-মেকানিকেল সংমণ্ডলৰ সহকাৰী অভিযন্তাৰ চাকৰি৷ ত্ৰাণকৰ্তাৰ নামত সিয়েই একমাত্ৰ ভৰসা এতিয়া৷ অৱশ্যে বতৰৰ বতৰাক লৈ আগধৰিয়েই সি কেইবাদিনো মোক কেইবাষাৰো সাৱধান-বাণী শুনাই থৈছিল৷ মইহে পেংলাই কৰি তাৰ চিৰিয়াচ কথাটোও পাতল ভাবত লৈ উৰাই দিছিলোঁ৷ আৰু এতিয়া, মুখৰ আগত জীয়া সত্য! ইমান পৰে সন্মুখীন হোৱা বৰষুণজাক, চেঁচা বতাহখিনি আৰু মেঘাচ্ছন্ন আকাশখনৰ ৰূপটো চাই পিছৰ সময়খিনিলৈ শংকাই উপজিল৷ পামগৈনে বাৰু হেঁপাহৰ ৱালং, কিবিথো, ডং! তাৰ কথামতে ঘটিবলৈ হলে হলেই আৰু!

ভ্ৰমণলৈ অহাৰ আগতে ইণ্টাৰনেট যোগে ঘৰতে এফালৰ পৰা আৰম্ভ কৰি নামচাই, চৌখাম, তেজু, হায়ুলিয়াং, ৱালং, ডঙৰ এডভান্স একু-ৱেদাৰ ৰিপৰ্ট অধ্যয়ন কৰি লৈছিলোঁ ১১এপ্ৰিল তাৰিখৰ পৰা ১৭এপ্ৰিল তাৰিখলৈ৷ বৰষুণৰ আগজাননী দেখা পাই মনটো তেতিয়াই অলপমান সেমেকিছিলেও৷ হলেও যাত্ৰা বাতিল কৰাৰ প্ৰশ্নই নাই৷ ইমান আশাভৰা ট্ৰিপ এটা! সেয়েহে বৰষুণ হলেও হব যাঃ বুলি আহি গলোঁ৷ দলৰ সদস্যসকলৰ প্ৰত্যেককে বেগত ছাতি একোখনকৈ ভৰাই লবলৈ কৈছিলোঁ৷ অনাও হৈছে তেনেকৈ৷ পাচলি নাথাকিলেও বেগত অন্ততঃ ছাতি আৰু টৰ্চ লাইট একোটাহঁত আছে৷ আৰু তেনেকৈয়ে আহি আহি এয়া সোমালোঁহি খুপা৷ আৰু এতিয়া চিপ্‌চিপীয়া বৰষুণৰ লগতে ফেৰ্‌ফেৰীয়া পাহাৰী বতাহৰ যুগলবন্দীয়ে আমাক স্বাগতম জনাইছে হেঁপাহৰ খুপালৈ! সকলো ঈশ্বৰৰ ইচ্ছা৷ আমাৰ তাত কৰিবলৈ একো নাই৷ আমি কৰিব পাৰোঁ মাথো প্ৰাৰ্থনা৷

পূৰ্বতে কথা পাতি থোৱা মতেই ধৰ্মেনৰ কোৱাৰ্টাৰতে আমাক ৰখাৰ পৰিকল্পনা৷ ইফালে বিশেষ দৰকাৰত সি গলগৈ ৰাজধানী, সুদূৰ ইটানগৰলৈ৷ মুহূৰ্ততে হিচাপ কৰি উলিয়াব নোৱাৰা এটা দূৰত্বলৈ৷ মে ৰহুঁ য়া না ৰহুঁ, তুমহাৰা ৰহনেকা ইন্তেজাম হ জায়েগা বুলি সেয়েহে সি আগতেই শুনাই থৈছিল! বুজি পালোঁ এতিয়া৷ আহোঁতে ভৈয়ামৰ পৰাই শাক-পাচলি অলপ কিনি লবলৈকো সকীয়াইছিল৷ আজি পুৱাও দুনাই সেই কথা মনত পেলাই দিছিল৷ কাৰণ খুপাই নহয়, আমি যাবলগীয়া আন আন ঠাইবোৰতো বিচৰা ধৰণে খোৱাবস্তু, বিশেষকৈ পাচলি পোৱা নাযাব৷ তাৰ কথাৰ সত্যতা বুজি পাবলৈ সৰহ দেৰি নালাগিল৷ নিজৰ উদাসীনতাৰ প্ৰতি স্বাভাৱিকতে আচল ধিক্কাৰ উপজিল তেতিয়াহে৷ ইমান ৰিস্ক লোৱাৰ কি দৰকাৰ আছিল? পিছে এতিয়া পস্তায়ো কোনো লাভ নাই৷ টীম মাৰ্ক পলৰ কথা-কাণ্ডইযে তেনেকুৱা! আৰে, যগা দেখা যায়েগা টাইপৰ৷ অনিলদাৰতো জিভাৰ আগতেই থাকে সেই বিশেষ ডায়লগটো৷ গা দেখা যায়েগা৷ আৰু তেনে মনোভাব লৈয়ে অৱতৰণ কৰিলোঁহি খুপাত৷ এতিয়া প্ৰথম কাম হ'ব বন্ধুৰ বাংলোটোৰ সন্ধান উলিওৱা৷






পৰৱৰ্তী খণ্ড :
১৯. বন্ধুৰ বাংলোত

Wednesday 24 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৭. টিডিং উপত্যকাত


চুমখন আমাৰ আগে আগে গৈ আছে৷ কুকুৰাৰ খাং, হৰেক মালৰ পৰা আদি কৰি বডীৰ ওপৰত অনেক কিবাকিবি৷ প্ৰত্যেকটো বস্তুকে ভালকৈ বান্ধি থোৱা আছে৷ নহলে উফৰি কোন ধুবুৰীত পৰিবগৈ ঠিক নাই৷ পেলপেলীয়া বোকাৰে ভৰা পথ এছোৱাৰে আমি টিডিং উপত্যকাত সোমাই পৰিলোঁ৷ পিছল খাই গাড়ীয়ে মানুহে সমুলঞ্চে তললৈ গতি কৰাৰ খুবেই সম্ভাৱনা৷ ওপৰৰ পাকটো ঘূৰোঁতে এনেকুৱা আছিলযে পাক নলৈ কেনেবাকৈ পোনাই দিলেই চিধাই তলত! কোনেও বচাব নোৱাৰিব৷ গাৰ্ড পষ্টজাতীয় একো বাধা সন্মুখত নাই৷ তেনেকুৱাতে ড্ৰাইভাৰৰ সচেতনতাৰ প্ৰয়োজন৷ অন্যমনস্ক হলেই বিপদৰ হাতবাউলি৷

ডাউনটো নামি গৈ নৈখন নাপাওঁতেই ক্ষুদ্ৰ-শৌচৰ বাবে ৰৈছিলোঁ৷ একাগ্ৰচিত্তে উপত্যকাটোৰ সৌন্দৰ্য উপভোগ কৰি থাকোঁতেই ভূতৰ ওপৰত দানহ পৰাদি তেনেকুৱাতে কিনকিনীয়া বৰষুণ এজাকে লম্ভিলে৷ খৰখেদাকৈ কামফেৰা সামৰি গাড়ীৰ ভিতৰ সোমাই পৰিলোঁ আটাইকেইটা মানুহ৷ তলৰ ইউ টাৰ্ণটো ল'লেই লোৰ দলংখন, মানে বেইলী ব্ৰীজখন৷ অথনি ওপৰৰ পৰা দৃশ্যটো দেখি অভিভূত নহৈ নোৱাৰিছিলোঁ৷

টিডিং লোহিতৰ এখন মূল উপনৈ৷ গতি খৰ৷ পানীত নীলাভ আস্তৰণ৷ চৰ্‌চৰ্‌ শব্দ সৃষ্টি কৰি দলঙৰ কেইফুটমান তলেৰেই বৈ আছে৷ ওপৰেৰে পাৰ হৈ যাওঁতে বাওঁহাতে আৰ.চি.চি. ব্ৰীজৰ ভগ্নাৱশেষ দেখা পালোঁ৷ অৱশিষ্ট স্বৰূপে এমূৰে খুঁটা এটাৰ সৈতে টুকুৰা অলপমান ৰৈছেগৈ৷ বাকী অংশ অন্তৰ্ধান! প্ৰযুক্তি আৰু প্ৰকৃতিৰ সংঘাত৷ প্ৰকৃতিৰ জয়লাভ৷ দলং কেতিয়া ক’লৈ উটুৱাই নিলে এতিয়া জনাৰ কোনো উপায় নাই৷ বিপৰীত দিশলৈ আদিগন্ত দৃষ্টি নিক্ষেপ কৰি চলাথ কৰিলোঁ যদিও নাই, একো নেদেখিলোঁ৷ আপোনা-আপুনি চকু ঘূৰি আহিল ভগ্নাংশলৈ৷ তাকে চাই ভৰ-বাৰিষা টিডিঙে কেনে ভয়ংকৰ ৰূপ পৰিগ্ৰহ কৰিব পাৰে, কল্পনা কৰি চালোঁ৷ ভয়েই লাগিল ভাবি৷ হ’লেও তেনেকৈয়ে চলি আহিছে এই অঞ্চলৰ যাতায়াত৷ কেতিয়াবা পথ ৰুদ্ধ হয়, আকৌ চালু হয়৷ ভাগ্য ভাল যে আমি এই পৰ্যন্ত ক’তো ফচিবলগীয়া হোৱা নাই৷ ধৰ্মেন গগৈয়ে আশংকা কৰা ধৰণৰ একো এতিয়ালৈ ঘটা নাই৷ সিটো কৈয়েই দিছিল, ‘এইফালে কেইবাটাও ডেঞ্জাৰ জ’ন আছে’৷ এতিয়ালৈ বাৰু কুশলে পাৰ হৈ আহি আছোঁ৷ আগলৈ কি হয় নাজানো৷

খৰবেগী টিডিং নদী পাৰ হৈ আমাৰ মহীন্দ্ৰ স্কৰপিঅ’খন আগ বাঢ়িছিল হায়ুলিয়াঙৰ সমীপৱৰ্তী ঠাই খুপাক টাৰ্গেট কৰি৷ আইনাৰ মাজেৰেই উপত্যকাটোলৈ এবাৰ দৃষ্টি প্ৰসাৰিত কৰিলোঁ৷ সৰু সৰু ঘৰ কিছুমান আছে৷ আশা কৰাতকৈ ৰাস্তাটো মোটামুটিভাৱে ভালেই পালোঁ৷ মাজে মাজে দুই-এখন মটৰ চাইকেল৷ গাড়ীৰ সংখ্যা নগণ্য৷ সমগ্ৰ পথছোৱাত আগলৈ অ’ত-ত’ত, দূৰে দূৰে ঘৰ কিছুমান৷ ট্ৰেডিশ্যনেল ষ্টাইলৰ৷ বোধ হয় কিবা গাঁও৷ জুমতলীত গোমধানৰ খেতি৷ তাৰ বাদে ঘন অৰণ্য৷ উচ্চতা বঢ়া সত্ত্বেও ৰাস্তাৰ দুয়োপাৰে যথেষ্টখিনি সেউজ বনাঞ্চল পাই আহিছিলোঁ৷ জোপোহা হাবি, ওখ হাবি৷ কল নলগা বনৰীয়া কলগছ, কেতেকী ফুলৰ গছ৷ ঠায়ে ঠায়ে আকৌ কমলা বাগান৷ পাহাৰৰ গাৰে মাজে মাজে নামি আহে জলপ্ৰপাত একোটা৷ ওপৰৰ পৰা অহা পানীৰ ধাৰ পথৰ ওপৰেৰে বাগৰি গৈ তলেৰে বৈ থকা নদীত পৰেগৈ৷ গাড়ী ৰখাবলগীয়া হয় পেটেলে৷ সংগম প্ৰত্যক্ষ কৰাৰ হেঁপাহ পূৰাবৰ বাবে ক্ষণিক বিৰতি৷ তাৰ পিছত গাড়ী আকৌ এৰি দিয়ে৷ নদীয়ে কিন্তু ক্ষন্তেকলৈও লগ এৰা নাই৷ পৰ্বতৰ টিঙতো কেনিবা জিলিকিছে বগা বৰফ৷ মুঠতে বিভিন্নতা আৰু বিচিত্ৰতাৰে পৰিপূৰ্ণ, চকুৰ টিপ নমৰাকৈ গৈ থাকিবলৈ মন যোৱা এটা ৰোমাঞ্চভৰা পাৰ্বত্য যাত্ৰা৷

গৈ থাকোঁতেই এক অজান আনন্দই আমাক কোবাই গৈছিল৷ বতৰটো আকৌ ডাৱৰীয়া হৈ আহিছিল৷ কিনকিনকৈ বৰষুণো পৰিছিল তেতিয়া৷ ৰাস্তাটোৰ অৱস্থা ভাল দেখিছিলোঁ যদিও ঠায়ে ঠায়ে ছিংকিং এৰিয়াও নোপোৱাকৈ থকা নাছিলোঁ৷ ওপৰৰ পৰা খহি অহা মাটি, পাথৰ আদি গুচাই এক্সকেভেটৰে যুদ্ধকালীন ক্ষীপ্ৰতাৰে বাট মোকলাই থকা অৱস্থাত পাইছিলোঁ৷ ক্লিয়েৰেন্সৰ কাম চলি থকা হেতুকে আমি বেছি নহয়, সামান্য সময় ৰৈ দিবলগীয়া হৈছিল৷ সেই আপাহতে সন্মুখৰ দৃশ্যৰাজিলৈ চাইছিলোঁ৷ ভাব হৈছিল, প্ৰকৃতিৰ বিৰুদ্ধে কিমান যুদ্ধ কৰিবলগীয়া হৈছে এই পথ সাজিবলৈ, এই পথ যাতায়াতৰ উপযোগী কৰি ৰাখিবলৈ! ঘন জংঘল সত্ত্বেও পাহৰৰ মাটি খহিলেই তুৰন্তে আঁতৰোৱাৰ কাৰণে অহৰহ সষ্টম হৈ থাকিবলগীয়া হৈছে ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেচনৰ এইসকল কৰ্মী৷ অন্যথা সীমান্তলৈ অহা-যোৱাটোৱেই ব্যাহত হৈ পৰিব৷ এই পথ সীমান্ত সংযোগী একমাত্ৰ পথ৷ গতিকে যোগাযোগ বিচ্ছিন্ন কোনোপধ্যে হ’বলৈ দিব নোৱাৰি৷ লেণ্ড স্লাইডত তললৈ বহি যোৱা এছোৱা পথৰ বিষয়ে পেটেলে কৈ গ’ল৷ ইয়াৰ মাটি বালিচহীয়া৷ বাইণ্ডিং কেপাচিটি কম৷ পুৰণিছোৱা এৰি দি পাহাৰৰ অধিক ওপৰেৰে নকৈ বাট কাটি উলিয়াইছে৷ শিলগুটি দিয়া সেই কেঁচা ৰাস্তাৰে তেওঁ গাড়ীখন চলাই নিছে৷ চিত্ৰপটলৈ লক্ষ্য কৰি মোৰ জীৱনৰ প্ৰথম ইটানগৰ যাত্ৰাটোৰ কথা মনত পৰি গ’ল৷ কাৰচিংচাত ডিক্ৰঙে ৰাস্তা খহাই লৈ যোৱাৰ পিছত সিদিনা যাত্ৰীসকলৰ যি অবৰ্ণনীয় দুৰ্গতি হৈছিল, কিবা ভাগ্যৰ সুবাদতহে নাহৰলাগুন ওলালোঁগৈ৷ আৰু তেনেকৈয়ে নেৰিষ্ট, নিৰজুলিত থাকি গ’লোঁ আঢ়ৈটাকৈ বছৰ৷ অৰুণাচললৈ মোহটো তেতিয়াই সোমাল বাৰুকৈ৷ ধাৰাবাহিকতা আজিও অক্ষুণ্ণ আছে৷ অৰুণাচলেও বাৰে বাৰে মাতে!

খৰস্ৰোতা নৈৰ পাৰে পাৰে সীমান্ত অভিমুখে আগ বাঢ়ি আছোঁ আমি৷ অ’ত-ত’ত দেখা পাইছোঁ ওলোমা সাকোঁ৷ ক’ৰবাত কাঠ পৰা থাকে, ক’ৰবাত কেৱল তাঁৰ এডাল৷ ধৰিবলৈ তাঁৰৰ ব্যৱস্থা থাকে৷ এইবিলাকে কৈ যায়, স্থানীয় মানুহবোৰ কিমান দুঃসাহসী! তেনেকৈয়ে তেওঁলোকে পাৰাপাৰ হয় তলৰ খৰস্ৰোতা নৈখন৷ পদে পদে য’ত বিপদৰ সম্ভাৱনা৷ ওলোমা সাকোঁ চকুত পৰিলেই এতিয়া এইটোও লাহে লাহে বুজিব পৰা হ'লোঁ যে সিপাৰে জনপদ জৰুৰ থাকিবই৷ ৪-৫ঘৰ মিলিয়েই এখন পাহাৰীয়া গাওঁ৷ দূৰৰ পৰা পাহাৰৰ গাত দেখা তেনে একোখন গাঁৱৰ দৃশ্য অতিকৈ দৃষ্টি আকৰ্ষক৷

অৰুণাচলৰ ঠাই বুলিলে স্বাভাৱিকতে নৈ-নিজৰাৰ আধিক্য৷ একেদৰে বেইলী ব্ৰীজৰ৷ বিশেষকৈ দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা মিলিটেৰী বাহিনীৰ জৰিয়তে তেনেকুৱা দলংবোৰৰ আমদানি ঘটিছিল৷ এতিয়া যেনি-তেনি লোৰে নিৰ্মিত তেনেকুৱা দলঙৰে আধিক্য৷ ৩২০ফুট দৈৰ্ঘৰ বেইলী চাচপেনচন ব্ৰীজ ৩মাহত নিৰ্মাণ কৰাৰ ৰেকৰ্ড আছে অৰুণাচল প্ৰদেশত৷ ১২চকীয়া ট্ৰাক উঠি দলং তচনচ কৰি পেলোৱাৰো ৰেকৰ্ড আছে৷ কোনো ঠাইত অৱশ্যে বনুৱাই আৰ.চি.চি. ব্ৰীজ সাজি থকাও পাই আহিছোঁ৷ খৰস্ৰোতা নৈয়ে প্ৰতিটো মুহূৰ্ততে জাননী দি থকা বিপদসংকুলতা আৰু বতৰে যোগোৱা বিধিপথালিকে ধৰি অনেক প্ৰতিবন্ধকতা নেওচি এইবোৰ নিৰ্মাণ কৰাটো মুখৰ কথা নহয়৷ প্ৰযুক্তি আৰু প্ৰকৃতিৰ সংঘাত এই অঞ্চলবোৰতযে সময়ে-অসময়ে চলি থাকে যাত্ৰাপথৰ কেইবা ঠাইতো তাৰ ৰূপৰেখা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ৷ একো একোটা নিৰ্মাণ কাৰ্য ইয়াত সমতলকৈ বহুগুণে ডাঙৰ একো একোটা প্ৰত্যাহ্বান! অৰুণাচলৰ দুৰ্গম স্থানসমূহত তেনে চেলেঞ্জিং কাম সুকলমে সম্পাদন কৰিবলৈ একোজন ইঞ্জিনিয়াৰ কেনে পৰ্যায়ৰ শাৰীৰিক-মানসিক শক্তিৰে শক্তিমন্ত হ’ব লাগিব, কেনে ধৰণৰ জ্ঞান আৰু অভিজ্ঞতাৰ বলেৰে পুষ্ট হ’ব লগিব, কামৰ মান কেনে স্তৰৰ হ’ব লাগিব? ভাবি থাকিলোঁ অলপ পৰ৷












পৰৱৰ্তী খণ্ড :
১৮. খুপাত অৱতৰণ