Wednesday, 17 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১০. পুণ্যতীৰ্থত পুণ্যস্নান



থিয় গৰাটো৷ পোনে পোনে তলত লোহিতখন৷ আগত কেঁকুৰিটো৷ ৰৈ আছোঁ এই ঠাইতে অকণমান পৰ৷ চৌপাশলৈ দৃষ্টি নিক্ষেপ কৰিছোঁ৷ অন্য শব্দ নাই৷ মাথো নামনিত লোহিতৰ জলধাৰাৰ তৰ্জন-গৰ্জন৷

বুৰঞ্জীৰ পাতত পোৱা যায়, চুতীয়া ৰজা ৰত্নধ্বজৰ দ্বাৰা গৌড় ৰাজ্য আক্রমণৰ সময়ত গৌড় অধিপতি গৌড়েশ্বৰে সাত ঘটি গংগাজল চুতীয়া ৰজালৈ মিতিৰালিৰ চিন স্বৰূপে পঠাবলৈ গাত লৈছিল৷ তাৰ বিনিময়ত তেওঁ বিচাৰিছিল পৰশুৰাম কুণ্ডৰ পানী৷ এয়াই সেই প্ৰসিদ্ধ জলধাৰা৷ সঞ্জু, অনিলদা আৰু অৰুণদাই ইয়াৰ পৱিত্ৰতাত অৱগাহন কৰিবৰ নিমিত্তে উত্ৰাৱল হৈ আছিল৷ চংখামৰ পালি বিদ্যাপীঠৰ গে'ষ্ট হাউচত পুৱা গা ধুওঁতে গৰম পানী বাল্টিটোৰ চাৰিভাগৰ এভাগ জোখাৰে নহ'লেই নহৈছিল৷ গীজাৰটো চলা-নচলাকলৈ কেয়াৰটেকাৰ সোণোৱালক কতটাযে প্ৰশ্ন! ঠাণ্ডা পানীৰেই ধুব পাৰিবহে, কুণ্ডত কিবা গৰম পানী পাব নেকি? বুলি ধেমালিতে কৈ চাইছিলোঁ৷ কিমানযে নুশুনালে! বোলে, চৰ্দিহে লাগিব, জ্বৰহে উঠিব, বহুত দূৰ যাবলৈ আছে, নতুন পানী, অগ্ৰং-বগ্ৰং! বিপৰীতে, কুণ্ডৰ হিম-শীতল জল শুদা গাত ঢালিবলৈ যেন মানসিকভাৱে হাণ্ড্ৰেড পাৰ্চেণ্ট প্ৰস্তত, কেইবাদিনৰো আগৰে পৰাই! কাৰণ এটাই৷ সেইটো হ'ল, এই জল গংগাজলৰ সমানেই পৱিত্ৰ বুলি বিশ্বাস এটা প্ৰচলিত আছে৷ গৌড়ৰ অধিপতিৰ প্ৰস্তাৱটোৱেও তাকেই সমৰ্থন কৰিছে৷ কাজেই তেওঁলোকৰ পুণ্য অৰ্জনৰ আকাংক্ষাক হাণ্ড্ৰেড পাৰ্চেণ্ট বাস্তৱায়িত কৰাত ময়ো যৎপৰোনাস্তি সাৰ-পানী যোগাবলৈ লাগি গ'লোঁ৷

ব্ৰহ্মকুণ্ডৰ পৰাই ব্ৰহ্মপুত্ৰৰ উৎপত্তি বুলি অতীতৰ কাহিনীত পোৱা যায়৷ অতীজতে ব্ৰহ্মপুত্ৰৰ নাম প্ৰায় একুৰিটামানেই আছিল বোলে৷ 'লৌহিত্য' তাৰ মাজৰে এটা৷ এই প্ৰাচীন নামটো সৰ্বপ্ৰথমে মহাকাব্য মহাভাৰতৰ সভা পৰ্বত উল্লেখ কৰা হৈছিল৷ মাৰ্কণ্ডেয় পুৰাণতো আছে হেনো৷ বায়ু পুৰাণৰ মতে আকৌ লৌহিত্য এখন তীৰ্থক্ষেত্ৰ৷ ব্ৰহ্মাণ্ড পুৰাণ অনুসৰি লৌহিত্য হ্ৰদৰ পৰা লৌহিত্য নদ ওলাই আহিছে৷ লৌহিত্য পুৰুষবাচক শব্দ, সেয়ে নদ, নদী নহয়৷ ব্ৰহ্মপুত্ৰও নদ, নদী নহয়৷ শক্তি, বিশালতা আৰু প্ৰচণ্ড প্ৰতাপী চিৰ প্ৰৱাহমান জলধাৰাৰ বাবেই ব্ৰহ্মপুত্ৰ পুৰুষ নদ৷ লৌহিত্য নামটোৱে এখন বৃহৎ নদীকে নহয়, বিস্তৃত অঞ্চল এটাকো বুজাইছিল অৱশ্যে৷ লৌহিত্যৰ সুবৃহৎ কলেবৰক প্ৰকাশ কৰিবলৈ 'সাগৰ' শব্দটো যোগ কৰা হৈছিল৷ কোৱা হৈছিল, 'লৌহিত্য সাগৰ'৷ কালিদাসৰ 'ৰঘুবংশ', কলহনৰ 'ৰাজতৰংগিনী', শিলাস্তম্ভৰ লিপি, তাম্ৰপত্ৰ ইত্যাদি নানা স্থানত এই নদৰ উল্লেখ আছে৷ পদ্ম পুৰাণৰ সৃষ্টি কাণ্ডত লৌহিত্য নদৰ উৎপত্তিৰ সম্পৰ্কে দুটা পৌৰাণিক আখ্যান পোৱা যায়৷

প্ৰথমটো এনেকুৱা যে শান্তনু নামৰ মহা জ্ঞানৱন্ত মুনি এজনে তিব্বতত আশ্ৰম পাতি বাস কৰিছিল৷ তেওঁৰ আমোঘা নামৰ এগৰাকী অতীব সুন্দৰী ভাৰ্যা আছিল৷ এদিন মুনি ফুল তুলিবলৈ যাওঁতে সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাই আমোঘাক সাক্ষাৎ কৰিবৰ নিমিত্তে হংসবাহনেৰে আশ্ৰম আহি ওলাল৷ ধুনীয়া নাৰীগৰাকীক দেখি ব্ৰহ্মাৰ তীব্ৰ কামভাব জাগ্ৰত হ'ল৷ এখন কঠত বীৰ্যপাত কৰি তেওঁ প্ৰস্থান কৰিলে৷ তাৰ পাছতে শান্তনু মুনি উভতি আহি পালে৷ হাঁহৰ খোজ দেখি তেওঁ ব্ৰহ্মা অহা বুলি গম পালে৷ পৱিত্ৰ বীৰ্যখিনি চিনি পালে আৰু আমোঘাক সেয়া সেৱন কৰিবলৈ আদেশ দিলে৷ ব্ৰহ্মবীৰ্য সেৱন কৰি আমোঘা গৰ্ভৱতী হ'ল৷ যুগন্ধৰা নামৰ ঠাইত যথাসময়ত তেওঁ তেজোদ্দীপ্ত, বীৰ্যৱান কিন্তু জলময় সন্তানৰ ৰূপত এক পৱিত্ৰ আৰু উজ্জ্বল জলৰাশি প্ৰসৱ কৰিলে৷ সেই জলৰাশিৰ মাজত কিৰীটি, ৰত্নমালা আৰু নীলবস্ত্ৰ পৰিহিত এজন সুন্দৰ পুৰুষক দেখা গ'ল৷ স্বৰ্গৰ দেৱতাসকলে তেওঁক সম্ভাষণ জনালে৷ তীৰ্থৰ ভিতৰত এয়া মুখ্য তীৰ্থৰূপে পৰিগণিত হ'ল৷ 

পৰৱৰ্তী যুগত পৰশুৰামে নিজৰ মাতৃক হত্যা কৰি ৰক্তাক্ত কুঠাৰ এই তীৰ্থতেই পখালিলে৷ ইয়াতে স্নান আৰু হস্ত প্ৰক্ষালন কৰি মাতৃহন্তা পাপৰ পৰা মুক্তি পালে৷ অনেকেই এয়া পঢ়িবলৈ পাইছেই৷ আনহাতে অশোকাষ্টমী সম্পৰ্কে এক কিংবদন্তি আছে যে পৱিত্ৰ ব্ৰহ্মকণ্ডত স্নান কৰি পাপমুক্ত হোৱাৰ পিছত পৰশুৰামে ব্ৰহ্মকুণ্ডৰ জলাশয়ৰ পাৰ কাটি দিলে৷ তীব্ৰ বেগেৰে ব্ৰহ্মপুত্ৰ নদ বৈ গ'ল৷ পানীয়ে মহতিয়াই নিলে অশোক মুনিৰ আশ্ৰম৷ তাকে দেখি মুনি খঙত অগ্নিশৰ্মা হৈ পৰিল৷ পৱিত্ৰতা হেৰুৱাবলৈ অভিশাপ দিলে ব্ৰহ্মপুত্ৰক৷ এনে কঠোৰ অভিশাপ পৰিহাৰ কৰিবলৈ ব্ৰহ্মপুত্ৰই অশোক মুনিক নেৰানেপেৰাকৈ কাকূতি কৰিব ধৰিলে৷ অৱশেষত মুনিয়ে বছৰত মাত্ৰ এদিন ব্ৰহ্মপুত্ৰই পৱিত্ৰতা ঘূৰাই পাব বুলি বৰ দিলে৷ সেই দিনটোৱেই অশোকাষ্টমী৷ চ'ত মাহৰ শুক্লা অষ্টমী তিথি৷ সেইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাত স্নান কৰাৰ সমান পুণ্য হয় বুলি জনবিশ্বাস আছে৷ সেইদিনা মৃতকৰ অস্থি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিলে গংগাত বিসৰ্জন দিয়াৰ সমান হয় বুলিও ভবা হয়৷ অশোকাষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰৰ প্ৰতি মানুহৰ হেঁপাহটো চাবলগীয়া৷ শুদ্ধিকৰণ স্নান কৰিবলৈ বহু ভক্তৰ সমাগম হয়৷ বহ্নিমান ব্ৰহ্মপুত্ৰৰ জন্মতিথি সেই দিনটো৷ সেইদিনা গংগাকে আদি কৰি পুণ্য তীৰ্থসমূহ ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি বিশ্বাস৷ পৰশুৰাম কুণ্ডৰ প্ৰতিও মানুহৰ অগাধ বিশ্বাস আৰু হেঁপাহ৷ তেনেকুৱা হেঁপাহৰ বাবেই আমিও আহিছোঁ৷

সঁচা-মিছা নাজানো যদিও অতীতৰ সেই মধুৰ কাহিনী মনত লৈ থাকিয়ে তলৰ অন্তিম কেঁকুৰিটো ঘূৰি দিলোঁ৷ অবাক হৈ গ'লোঁ তৎমুহূৰ্ততে৷ হৰ্‌হৰাই বৈ আছে নীলা-সেউজীয়া লোহিত৷ যেন ঢাহি-মুহি এতিয়াই চব লৈ যাব! তল আছে বৰ্তমানৰ কুণ্ডটো৷ গৰাটোত ৰেলিং দিয়া আছে৷ ৰেলিঙত ভেজা দি চৌপাশৰ আলেখলেখ চাব ধৰিলোঁ৷ মামৰে ধৰা তাঁৰৰ জালি কিছুমান ওচৰতে দ'ম লাগি পৰি আছে৷ মেলাৰ সময়ত জনসমাগম প্ৰচুৰভাৱে হয়৷ ইয়ালৈ অহা মানুহবোৰে যেনি-তেনি পিয়াপি দি ফুৰে চাগৈ৷ গতিকে সুৰক্ষাজনিত কাৰণত সেই সময়ত তেনেকুৱা বেৰেৰে নিৰ্ধাৰিত এলেকা এটা বেৰি ৰখা হয় বুলি শুনিছিলোঁ৷ সম্প্ৰতি খুলি পেলোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছোঁ৷ তাৰ পৰিৱৰ্তে ওপৰৰ পৰা আৰম্ভ কৰি পানী যুঁৱলিলৈকে সাতজন পহৰাৰত সশস্ত্ৰ বন্দুকধাৰীক ডিউটি কৰি থকা দেখা পালোঁ৷ ষ্টেপত ৰৈ, শিলৰ ওপৰত অ'ত-ত'ত বহি, তহল দি মানুহৰ গতি-বিধি লক্ষ্য কৰি আছে৷ চৰকাৰী নিৰাপত্তাজনিত ব্যৱস্থা সেয়া৷ কথাটো ভাল লাগিল৷ অন্যথা এইটো তেনেই সহজবোধ্য যে অঘটন ঘটিবলৈ বেছি পৰ নালাগে ইয়াত৷ আজিকালি আকৌ য'তে-ত'তে সিবিধ প্ৰৱণতাৰো প্ৰকোপ চৰিছে নহয়! পৰীক্ষাত ভবামতে নম্বৰ নোপোৱা, ফেইল কৰা, প্ৰেমিকে ঠগোৱা, প্ৰেমিকাই গাড্ডাৰি কৰা, ব্যৰ্থ প্ৰেম, বিবাহত ঘৰৰ অমত, গৃহ অশান্তিকে ধৰি সমস্যাৰ কবলত পৰি জীয়াই থকাটোকে অসাৰ বুলি ভাবি কোনোৱে হয়তো ইয়াতেই দি দিবহি পাৰে জীৱনৰ জলাঞ্জলি৷ তীৰ্থৰ নামত অঞ্জলি দিবলৈ আহি প্ৰদূষিত, কলুষিত কৰি পেলাব পাৰে উদাৰ প্ৰকৃতিয়ে মেলি ধৰা এই ধুনীয়া স্থান৷ অতীতৰ ৰে’কৰ্ড কিবা আছেনে নাই নাজানো, বৰ্তমান আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি উচিত সাৱধানতাৰ দৰকাৰ আছে৷ গতিকে চে’ক গে’টযুক্ত প্ৰৱেশ দ্বাৰ আদিৰো প্ৰয়োজন বুলি প্ৰথম দৃষ্টিতে অনুভৱ কৰিলোঁ, যিবোৰ নেপাল বা ভাৰতৰ অন্যান্য তীৰ্থস্থলী, পৰ্যটনস্থলীত দেখা পাইছোঁ৷

ষ্টেপকেইটা তললৈ নামি গৈছে৷ কোবাল সোঁতেৰে গৰ্জনমুখৰ ৰূপ ধৰি একেৰাহে বৈ আছে লোহিত৷ একদৃষ্টিৰে চাই থাকিলে নিজকে সোঁতত গৈ থকা যেন লাগে, যিদৰে মুকলি আকাশৰ জোনবাইটোলৈ চাই থাকিলে লাগে৷ সুচল ঠাইৰ পৰা বাল্টিৰে পানী কঢ়িয়াই আনি স্নান কৰিব বিচৰাসকলক যোগান দিওঁতা নিৰ্দিষ্ট লোকো মজুত আছে তলত৷ অন্য কাকো সিমান তললৈ যোৱা নেদেখিলোঁ৷ বাধা আছে নিশ্চয়৷ কাপোৰ সলাবলৈ পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে ব্যৱস্থা ওপৰতে ৰখা হৈছে৷ তলৰ ফালেই কেইটামান ষ্টেপ নামি শিলৰ আঁৰত বেলেগে বেলেগে গা ধোৱা ঠাই৷ টিনপাতেৰে সজ্জিত ড্ৰেছিং ৰুমত এজন এজনকৈ সোমাই অৰুণদা, অনিলদা আৰু সঞ্জুৱে কাপোৰ সলালে৷ লগত নিয়া ভমকাফুলীয়া নতুন গামোচা পিন্ধি ওলাই আহিল৷ তাৰ পিছত খালী দেহাৰে স্নানথলীলৈ সাৱধানে নামি গ'ল, জাৰত কেঁকোৰা লাগি৷ ভিতৰি ভিতৰি যেন কৈ গ'ল এই দুটা শব্দ... উঃ ঠাণ্ডা!

ঠাণ্ডা নথকা নহয়, আছিল৷ বতাহো বলিয়েই থাকে ইয়াত৷ তীৰ্থক্ষেত্ৰ লৌহিত্যৰ পানী প্ৰচণ্ড ঠাণ্ডা বুলি পুৰণি কথাতো কৈ থোৱা হৈছে৷ এই লৌহিত্যৰে নাম পাছৰ যুগত 'ব্ৰহ্মপুত্ৰ' হয়৷ কালিকা পুৰাণত এই নামটো প্ৰথমে পোৱা গৈছিল৷ পদ্ম পুৰাণৰ সৃষ্টি কাণ্ডত পোৱা লৌহিত্য নদৰ উৎপত্তিৰ পৌৰাণিক দ্বিতীয় আখ্যানটো কালিকা পুৰাণত অলপ বেলেগ৷

শান্তনু-পত্নী আমোঘাই ব্ৰহ্মকুণ্ড নামৰ হ্ৰদটো জন্ম দিয়াৰ পিছত মুনিয়ে সেই হ্ৰদটো উত্তৰে কৈলাস, দক্ষিণে গন্ধমাদন, পূবে সম্বৰ্তক, পশ্চিমে জাৰুধি নামৰ চাৰিটা পৰ্বতৰ মাজত স্থাপন কৰিলে৷ সেই পৰ্বতবোৰৰ মাজত কুণ্ডৰূপে ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ পৰিসৰ একলা-দুকলাকৈ বৃদ্ধি হ'বলৈ ল'লে৷

মাতৃ হত্যাৰ পাপ মোচনৰ নিমিত্তে পৰশুৰামে পিতাকৰ উপদেশক্ৰমে ব্ৰহ্মকুণ্ডত স্নান কৰিবলৈ গ'ল৷ স্নান কাৰ্য সমাপন কৰি সকলোৰে হিতৰ বাবে মহাবলী পৰশুৰামে বাট এটা কাটি বন্ধ হৈ থকা সেই পৱিত্ৰ জলৰ ধাৰা নমাই আনিলে৷ ফলস্বৰূপে ব্ৰহ্মকুণ্ডৰ জল কৈলাশ পৰ্বতৰ উপত্যকাইদি পূবমুখে বৈ আহিল আৰু লোহিত সৰোবৰত পৰিল৷ সৰোবৰৰ পাৰ কাটি পুনৰ পূব দিশলৈ সোঁতটি বোৱাই দিলে তেওঁ৷ হেমশৃংগ পৰ্বতক ভেদ কৰাই কামৰূপ পীঠৰ মাজেদি প্ৰৱাহিত কৰাই শেষত সাগৰলৈ নিলে৷ লোহিত সৰোবৰৰ পৰা ওলোৱা বাবে ইয়াৰ আন এটা নাম 'লোহিত'৷ স্বয়ং ব্ৰহ্মাই এই ধাৰটোৰ নাম ৰাখিছিল 'লৌহিত্য গংগা'৷

ব্ৰহ্মপুত্ৰখন মানস সৰোবৰৰ পৰা অহা বুলিও আগতে আমি শুনিছিলোঁ৷ কৈলাস পৰ্বত আৰু হিমালয়ৰ গন্ধমাদন পৰ্বতৰ মাজত সেই মানস সৰোবৰ৷ গন্ধমাদন নামৰ পৰ্বতটিৰ অন্য নাম মন্দাক৷ মন্দাক পৰ্বতৰ পৰা ওলোৱা বুলিয়ে ব্ৰহ্মপুত্ৰৰ অন্য নাম 'মন্দাকিনী'৷ এনেকুৱা কাহিনীবোৰ শিশু অৱস্থাত কোনোবাই কলেই হল, আমি একধ্যানে শুনিছিলোঁ৷ কল্পনাৰে ঢুকি পোৱাৰ চেষ্টা কৰিছিলোঁ৷

পৌৰাণিক উপাখ্যানত যি ব্ৰহ্মবীৰ্যৰ কথা কোৱা হৈছিল সি হেনো আচলতে গলিত বৰফহে৷ ব্ৰহ্মপুত্ৰৰ আচল উৎপত্তি স্থানত তিনিখন হিমনদীৰ পানী আহি এটা কুণ্ড বা হ্ৰদ হৈছে৷ সেয়াই ব্ৰহ্মকুণ্ড৷ এই কুণ্ডৰ পৰা ব্ৰহ্মপুত্ৰ ওলাই আহিল তিব্বতৰ মাজেৰে৷ সাগৰসদৃশ সেই পূৰ্বাংশৰ এসোঁতা পানী হিমালয় ভেদ কৰি দিহাং নামেৰে বৈ আহিল৷ দিহাং নৈৰ জলৰাশি লৌহিত্যত পৰাত লৌহিত্যৰ নামো 'ব্ৰহ্মপুত্ৰ' হ'ল৷

এই কাহিনীবোৰ সৃষ্টি হোৱাৰ বহু যুগৰ পিছতহে দুঃসাহসিক অভিযান আৰু অনুসন্ধান চলাই ক'ব পৰা গ'ল যে অসমৰ দিহাংখনেই অৰুণাচলৰ উচ্চতাত চিয়াং, ভাৰতৰ সিপাৰে চাংপো৷ শদিয়াৰ সিফালেহে ব্ৰহ্মপুত্ৰ৷ ইয়াত লোহিত৷ বিজ্ঞান, বিশ্বাস, সত্য আদিৰ খকা-খুন্দা বহুদিনলৈকে চলিল৷

সঁচা-মিছা পিছৰ কথা, পৌৰাণিক এনেকুৱা কাহিনীবোৰ পঢ়ি বা আনৰ মুখত শুনি মজা লাগে৷ বিশেষকৈ এটা বয়সত৷ এনেকুৱাতে মনত পৰে, আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কালটোলৈ৷ আমাৰ গৃহ-শিক্ষক শাস্ত্ৰী ছাৰ এই ধৰণৰ কাহিনীৰ অক্ষয় ভাণ্ডাৰ আছিল৷ সুযোগ পালেই ছাৰক আমি জুমুৰি দি ধৰিছিলোঁ সাধুকথা শুনাবৰ বাবে৷ উপনিষধ, পুৰাণ, মহাভাৰত, ৰামায়ণৰ বহু কাহিনী তেতিয়াই মুখে মুখে শুনা৷

অন্তিম খটখটীকেইটাৰে সংগীসকল নামি যোৱাৰ পিছত সুবিধাজনক স্থানত ৰৈ পাৰ হৈ অহা নিজৰ শৈশৱ-কৈশোৰ জীৱনৰ এনেবোৰ কথাকে অকলে অকলে পাগুলি আছিলোঁ৷ তেনেকুৱাতে দেখা পালোঁ, পানী যোগানকাৰীজন হাতত খালী বাল্টি লৈ কুণ্ডৰ নিৰ্দিষ্ট স্থানডোখৰলৈ গ'ল৷ পানীভৰ্তি বাল্টি লৈ পুনৰ উঠি আহিল৷ এজন এজনকৈ পাল পাতি আমাৰ তিনিও স্নানাৰ্থীয়ে প্ৰাকৃতিক স্নানাগাৰত গা ধুলে৷ পৱিত্ৰ বৰফ-শীতল জলেৰে দেহাটোক এনেকৈ স্পৰ্শ কৰোৱাৰো এক সুকীয়া মাদকতা নিশ্চয় আছে৷ তেনে আধ্যাত্মিক, মানসিক সন্তুষ্টি লভিবৰ বাবে সকলো সময়তে বিভিন্ন ঠাইৰ বিভিন্ন জন ইয়ালৈ আহে৷ জানুৱাৰী, ফেব্ৰুৱাৰী, মকৰ সংক্রান্তি হওক বা নহওক, কথা নাই৷ উদাহৰণ স্বৰূপে আমিও নেপালৰ লুম্বিনীৰ ফালৰ পৰা অহা মতাই-মাইকীয়ে মানুহ এখিনি লগ পালোঁ, মাতো লগালোঁ৷ এটা কথা ভাবিলো, ধৰ্মীয় পৰ্যটন স্থল হিচাপে পৰশুৰাম কুণ্ডই দেশৰ মানচিত্ৰত নিশ্চয় স্থান লাভ কৰিছে৷ আধুনিক শব্দত তাকেই কোৱা হৈছে 'তীৰ্থটন'৷








পৰৱৰ্তী খণ্ড :
১১. প্ৰত্যাৱৰ্তনৰ বাটত...

No comments:

Post a Comment