Sunday, 28 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১. নতুন দিন এটাৰ আৰম্ভণি



পুৱা মোৰ সোনকালে শুই উঠা আৰু প্ৰাতঃভ্ৰমণত ওলাই যোৱাৰ অভ্যাস৷ এই অভ্যাসটো সঞ্জুৰো আছে৷ বতৰ বেয়া হলে বেলেগ কথা৷ অন্যথা নিতৌ মৰ্ণিং ৱাক কৰিবলৈ ওলাই আমি বিপৰীত দিশৰ পৰা আহি প্ৰায়ে মুখামুখি হওঁ আৰু ক্রছ কৰোঁ৷ খুপাৰ দোকমোকালিটোও তাৰ অকণো হেৰফেৰ নহল৷ অভ্যাসবশতঃ পুৱা ৪.১৫বজাতে আপোনা-আপুনি সাৰ পাই গলোঁ৷ মূৰৰ শিতানৰ ফালে থকা খিৰিকীৰ পৰ্দাখন টানি দিলোঁ৷ তেনে কৰাত মুখৰ আগত যিটো দৃশ্য দেখা দিলে, সঁচাকৈয়ে সেয়া আছিল অনুপম, অভাবনীয় আৰু অবৰ্ণনীয়৷ চকুৰ পোনে পোনে পাহাৰৰ চূড়াকেইটামান৷ ওখকৈ ওলাই থকা বৰফাবৃত্ত শৃংগকেইটাক টিডিং পিক বুলি জনা যায়৷ উচ্চতা ৩,৩৭৫ফুটৰ পৰা ৪,৩০০ফুট৷ তাৰ বাঁওহাতলৈ আছে টিনিং পিক৷ শিখৰত জমি আছে শুভ্ৰ বৰফ৷ তেনেই ওচৰতে দেখা গৈছে টিংকেইটা৷ এই যেন হাত মেলিলেই পাম! ৰাতিপুৱাই ইমান কাষতে এনেকুৱা এটা অবিশ্বাস্য দৃশ্য! বিশ্বাসেই নহয়৷ এতিয়া এপ্ৰিল মাহ৷ ডিচেম্বৰ-জানুৱাৰীত কেনে হ’ব? কল্পনা কৰিলোঁ৷

এটা নতুন দিনৰ শুভাৰম্ভণি৷ খৰখেদাকৈ প্ৰাতঃকৰ্ম সমাপন কৰি ডিজিটেল কেমেৰা আৰু হেণ্ডিকেমটো হাতত লৈ দৰজা খুলি বাজলৈ ওলাই গলোঁ৷ বাহিৰখনত ঠাণ্ডা৷ চৌপাশ এপাক চাই আহি সঞ্জুক জগাব ধৰিলোঁ৷ পাৰিপাৰ্শ্বিকৰ চমু বৰ্ণনাৰ উল্লেখেৰে ফটাফট ওলাবলৈ কলোঁ৷ সময় নষ্ট কৰিব নোৱাৰি৷ সঞ্জু ৰেডী হলত বাংলোটোৰ পৰা আগলৈ, পৰ্বতৰ টিংটো অনুসৰণ কৰি দুয়ো ৰাস্তাত খোজ দিব ধৰিলোঁ৷ আধা কিলমিটাৰমান গৈয়ে এটা কেঁকুৰি৷ বাঁহেৰে নিৰ্মিত প্ৰৱেশ দ্বাৰ এখন৷ বুজিলোঁ, গাঁও আছে আগত৷ জনজাতীয় গাঁৱৰ বৈশিষ্ট্য সেয়া৷ কি পাওঁ চাওঁ বুলি কৌতূহলপূৰ্বক সেইফালেই সোমাই গৈ থাকিলোঁ৷ কেঁচা ৰাস্তা৷ কিছু দূৰ যাওঁতে নামনিৰ ফালৰ পৰা অহা এটা হো-হোৱনিৱে কাণত খুন্দিয়ালে৷ হাবি ভাঙি সেই শব্দৰ উৎস সন্ধান কৰাত লাগিলোঁ৷ প্ৰচণ্ড শব্দ তুলি পাক এটা লৈ বৈ গৈছে আমপানী৷ আনহাতে আমি ইমান ওখত আছিলোঁ যে শিলৰ মাজেৰে বৈ থকা পানীবোৰ বৰফৰ দম একোটাহেন লাগিছিল৷ জংঘলৰ মাজেৰে ফাঁক উলিয়াই উলম্বভাৱে তললৈ চাব লগা হল৷ তেনেকৈয়ে আমপানীৰ সৌন্দৰ্য-সুধা পান কৰাত লাগিলোঁ৷ ২০০৪চনত এটা হাইডেল প্ৰজেক্ট উটুৱাই লৈ গৈছিল হেনো এই নৈখনে৷ এইখন নৈতে আছে আমপানী জলপ্ৰপাত৷ গাখীৰ-বগা আমপানী নৈখন খুপাৰ পিছফালেৰে হৰ্‌হৰাই তললৈ নামি গৈ সেউজ-নীল বৰণীয়া লোহিতত বিলীন হৈ পৰিছে৷

ৰাস্তাটোৰ বাঁওহাতে দেখি থকা পাইপডাল ক'ৰ পৰা আহিছে তাকে লৈ মনত অনন্ত  কৌতূহলৰ উদ্ৰেক হ'ল৷ এইডাল অনুসৰণ কৰি গৈ থাকিলে নিশ্চয় পাহাৰৰ ওপৰত এটা পানীৰ উৎসত ওলামগৈ৷ গ্ৰেভিটেচনেল ফৰ্চৰ সহায়তে উৎসৰ পৰা উপভোক্তালৈ যোগান সম্ভৱ হৈছে৷ পাহাৰীয়া ঠাইত এইটো এটা সুবিধা৷ পাম্প, ইলেকট্ৰিচিটিৰ দৰকাৰ নপৰে৷ নিৰজুলিত আমাৰ নেৰিষ্টৰ সন্মুখৰ পাহাৰখনৰ ভিতৰত বৈ থকা জুৰিটোৰ বহু উচ্চতাত সংগ্ৰহ কৰা পানী একে ফৰ্মূলাৰে বোৱাই আনি হোষ্টেলৰ অ'ভাৰহে'ড টেংকত উঠোৱা হৈছিল৷ কেইবাজনো কৌতূহলী লগৰীয়াই এদিন হাবি-শিল-পানী ফালি এটা এডভেন্সাৰ চলাই সেয়া আৱিষ্কাৰ কৰিছিলোঁগৈ৷ এই পাইপডালে সেই জংঘলী যাত্ৰাটোলৈ ততালিকে মনত পেলাই দিলে৷ পাহাৰত এনে ধৰণে পংপঙাই ফুৰাৰ এটা বেলেগ আমেজ আছে৷ নিজকে নিজে ক'লোঁ, 'যাওঁ নেকি এইডালৰ লগে লগে?'

অকাই-পকাই যোৱা পাহাৰীয়া কেঁচা ৰাস্তাটোৰে কিছুদূৰ ভ্ৰমি ক্ৰমে ডাঠ, নিৰ্জন হাবিত সোমাই পৰিলোঁ আমি৷ তৃতীয় ব্যক্তি হিচাপে আমাৰ লগত কোনো স্থানীয় লোক নাছিল৷ বাটতো এটা নৰমনিচো দেখা পোৱা নাই যে কিবা জানিব পাৰিম, সুধিব পাৰিম, সহায় পাম৷ আমাৰ বাবে সম্পূৰ্ণ অচিনাকি, আচহুৱা, ভিতৰুৱা ঠাই৷ উপভোগ্য নিৰ্জনতাই মনত পুলক জগাইছিল ঠিকেই, পিছে গহীন পৰিৱেশটোৱে ধীৰে ধীৰে মনলৈ ভয় ভাব এটাৰো সঞ্চাৰ কৰোৱালে৷ পদযাত্ৰাটো সিমানতে ইতি কৰি দুয়ো উভতিবলৈ বাধ্য হ’লোঁ৷ 

ঘূৰি আহোঁতে বাটত আলৰ বুঢ়ী এগৰাকীৰ সৈতে মুখামুখি হ’লোঁ৷ সাংবাদিকৰ স্বভাৱসুলভ মনস্তত্বৰে সঞ্জুৱে প্ৰশ্ন কৰাত লাগি গ’ল৷ মই আলেখ-লেখ চাই ৰ’লোঁ৷ হিন্দী, মিছিমি খিচিৰি পকাই বুঢ়ীয়ে দুই-এষাৰ ক’লে৷ ‘শ্বাক্‌লা ভিলেজ’ শব্দ দুটাহে বুজি পালোঁ৷ ধৰি ল’লোঁ যে সেইফালে শ্বাক্‌লা গাঁও৷ বুঢ়ীক অতিক্রম কৰি অকণমান আহিছিলোঁহে, মিছিমি চাংঘৰ এটাৰ পৰা এপাল কুকুৰ ভৌ-ভৌকৰে ওলাই আহিল৷ তেতিয়া আৰু তাত আমাৰ ৰৈ থকাৰ সকাম নাই৷ অচিনাকি পাই বখলিওৱাৰ আগেয়ে তুৰন্তে নিৰাপদ অৱস্থানত উপস্থিত হোৱাই মংগল বুলি বাংলোৰ দিশে ছুটি মেলিলোঁ৷

আঞ্জাৱ জিলাৰ হায়ুলিয়াং চাৰ্কোলৰ উপকণ্ঠীয় গাঁও এই খুপা৷ ইয়াৰ বিশেষত্ব হৈছে ঠাইখনৰ শান্ত, ধীৰ জীৱন-যাত্ৰা, যি পৰ্যটকক সততে মোহিত কৰে৷ চহৰীয়া হৈ-হাল্লা আৰু কুৎসা ৰতনাৰ পৰা মুক্ত এই খুপা টাউনশ্বিপ ভিলেজ৷ ২০১১চনৰ লোক-পিয়ল অনুসৰি ১৩৪টা পৰিয়ালে বসতি কৰা গাঁওখনৰ জনসংখ্যা ২৩৫৷ শিক্ষিতৰ হাৰ শতকৰা ৬১.০৬৷ ৰাইজৰ দ্বাৰা নিৰ্বাচিত গাঁওবুঢ়াই গাঁওখন পৰিচালনা কৰে৷ চিৰাং, মমপানী, আমলিয়াং, চুংগা, টাফ্ৰালিয়াং, মেটিলিয়াং, আদমলা, মানয়ুগাম, চামেলিয়াং, পাচাইলিয়াং আদি খুপাৰ দাঁতি-কাষৰীয়া গাঁও৷ হায়ুলিয়াং প্ৰশাসনিক খণ্ডৰ ৬৮খন গাঁৱৰ মাজৰে খুপাও এখন৷ পৰ্বতৰ মাজত, পৰ্বতে ঘেৰি ৰখা তেনেই অকণমানি এখন ঠাই৷ ঘাঁহনি, নৈ, চৰাইৰ কলৰৱ, সীমিত আকাশমণ্ডলেৰে এই ঠাই সৌন্দৰ্যময়ী৷ হায়ুলিয়াঙতকৈ খুপা পৰিষ্কাৰ বুলি শুনিছোঁ৷ হ'লেও বাংলাদেশ সীমান্তৱৰ্তী মেঘালয়ৰ মাউলিননঙৰ সমান পৰিষ্কাৰ গাঁও আজিলৈ মই দেখা নাই, যি এচিয়া মহাদেশৰ ভিতৰতে চাফা৷ খুপাকো সেই পৰ্যায়লৈ নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে৷ ইয়াৰ জলবায়ু স্বাস্থ্যকৰ৷ প্ৰদূষণ নাই৷







পৰৱৰ্তী লেখা :
২. খুপা টাউনশ্বিপ ভিলেজ

No comments:

Post a Comment