Monday, 15 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
৮. অৰেঞ্জ কেপিটেলৰ মাজে মাজে



গেষ্ট হাউচৰ তলৰ পৰা যেতিয়া আমাৰ গাড়ীখন ওলাই গৈছিল তেতিয়া ঘড়ীত দিনৰ ১১.০০ বাজে৷ চৌখামৰ পৰা আগলৈ যাবলৈ সন্মুখত আচলতে দুটা পথ৷ এটা আলুবাৰী ঘাটেৰে নৌকাযাত্ৰা কৰি লোহিত পাৰ হৈ তেজু অভিমুখী৷ আনটো পৰশুৰাম কুণ্ডৰ দলঙেৰে লোহিত পাৰ হৈ সিপাৰ৷ পথে পথে গলে পায়গৈ পাহাৰৰ ওপৰৰ ৱাই জংছন৷ সহজ কথাত তিনিআলি৷ গতিকে তাতো আকৌ দুটা ৰাস্তা৷ বাঁওহাতে তেজুলৈ, সোঁফালেৰে কিবিথোলৈ৷ কিবিথোলৈ বোলোঁতে আমাৰ লক্ষ্যস্থান কিবিথো, কাহো, ডং, ৱালং, হায়ুলিয়াং, খুপা, হাৱাই ইত্যাদিলৈ৷ উভয় ক্ষেত্ৰতে আমি দ্বিতীয়টোহঁত পথ অনুসৰণকাৰী পথিক৷ কাৰণ আমি তেজু স্পৰ্শ নকৰাকৈ যাম৷ বাটত পৰশুৰাম কুণ্ডত স্নান কৰাৰো সিদ্ধান্ত বহু আগতীয়াকৈয়ে লৈ থোৱা আছে৷ তাকে লৈ তিনিজন সংগী ইতিমধ্যে যথেষ্ট উত্ৰাৱল হৈ পৰিছেই৷ গতিকে পলম কৰাৰ প্ৰশ্ন নাই৷ সেই ভাবিয়ে অশেষ ধন্যবাদ আৰু নমস্কাৰ জনাই ভান্তে, সোণোৱাল আৰু সোণোৱালৰ পৰিবাৰক এৰি আহিলোঁ৷

ঘূৰি আহোঁতে সোমাই থাকি যাবলৈ মৰমৰ অনুৰোধ এটা তেওঁলোকৰ ফালৰ পৰা অন্তিম মুহূৰ্ততো আকৌ আহিছিল৷ নেওচা দিয়াটো সহজ কথা নহয়৷ চাওঁচোন বাৰু, পাৰিলে সোমাম দেই বুলি হাতখন দাঙোতেই সিফালে পেটেলে এক্সিলাৰেটৰ হেঁচুকিলে৷ চকা ঘূৰিল৷ সম্ভৱ হলে বাটৰ পৰাই আগতীয়াকৈ যোগাযোগ কৰিম হাঁ বুলি চিঞৰ এটা মাৰি দিলোঁ৷

পাহাৰত থাকিবৰ বাবে ভৈয়ামৰ তুলনাত সুবিধাজনক জেগা সীমিত৷ কি ঠিক, দৰকাৰ হৈয়ো যাব পাৰে৷ কেয়াৰটেকাৰ সোণোৱালে নিজৰ ম'বাইল ফোনৰ নম্বৰটো অথনিতে দি দিছিল, লিখি থওকচোন বুলি৷ ৰুম দৰকাৰ হলে মোলৈ ফোন কৰিব বুলিও সকীয়াইছিল৷

পালি বিদ্যাপীঠৰ চৌহদ এৰি আগত গুণানগৰ, খেৰেম, মেড, কামলাং৷ কামলাং নাপাওঁতেই গাড়ীৰ সন্মুখৰ আইনাখনত এটোপ-দুটোপকৈ বৰষুণৰ টোপালৰ উপস্থিতি ধৰা পেলালোঁ৷ ৱাইপাৰ চলিবলৈ আৰম্ভ কৰিছিল৷ পিছে ছাগলী খেদা বৰষুণহে৷ ক্ষন্তেকতে নাইকিয়া হল৷ অলপ পিছতে পালোঁগৈ ৱাক্র৷ চাহ বাগিচাৰ ঠাই ল'লে কমলা বাগিচাই৷

সুমিষ্ট আৰু মঙহাল কমলাৰ বাবে ৱাক্র জনাজাত, ৰেঞ্জ কেপিটেল অফ অৰুণাচল বোলা হয় যাক৷ লোহিত জিলাৰ এই বিশেষ ঠাইটুকুৰাত উৎপাদিত সুমথিৰা টেঙাৰ বিপণনৰ বজাৰখন অসমৰ তিনিচুকীয়াক কেন্দ্ৰ কৰি গঢ়ি উঠিছে৷ বাংলাদেশলৈকো ৰপ্তানি হয় ৱাক্র এলেকাৰ ডাঙৰ জোখৰ সুস্বাদু টেঙা৷ নাগপুৰ অ'ৰেঞ্জ ভেৰাইটিৰ সৈতে ইয়াৰ হেনো মিল আছে৷ কমলাই ৱাক্ৰ'ৰ মিছিমিসকলৰ অৰ্থনৈতিক উন্নয়ন সাধনত প্ৰভূতভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে৷

পথৰ দুয়ো পাৰে অসংখ্য পুৰণি পুৰণি গছেৰে বাগানবোৰ দেখা পালোঁ৷ ফল অৱশ্যে তেতিয়ালৈ এটাও নাছিল৷ দৰবত দিবলৈও নাই বোলা যুগুত৷ কমলাৰ দিনত হোৱা হ'লে ঘৰৰ আগে আগে পাচিত ভৰাই বিক্ৰী কৰিবলৈ কোনোবা হয়তো ৰৈ থাকিলেহেঁতেন গাড়ী এখন অহালৈ বাট চাই৷ এতিয়া কোনো নাই৷ তথাপি এনেয়ে কল্পনা এটা কৰি চালোঁ, দৃশ্যটো কেনেকুৱা লাগিব, যেতিয়া ডাল ভৰি ভৰি সুমথিৰাবোৰ ওলমি থাকিব প্ৰতিজোপা গছতে? মিছিমি যুৱতীবোৰ ৰৈ থাকিব মুখৰ আগত কমলাভৰ্তি ঠোঙা কিছুমান লৈ! ডাঠ সেউজীয়া আৰু উজ্জ্বল কমলা ৰঙৰ সংমিশ্ৰণ এটা মনতে আঁকি পেলালোঁ৷ চকুৰ আগত জিলিকি থকা এনেকুৱা একো একোজোপা পূৰঠ গছৰ পৰা কিমান উৎপাদন বাৰু চিজনত পোৱা যাব পাৰে? মোৰ বাবে যদিও এটা কৌতূহলী প্ৰশ্ন আনফালে উত্তৰহীন জটিল অংক৷ কিয়নো মই না কমলা বেপাৰী না কৃষি বিষয়া৷ এটাও নহওঁ৷ মাথো এটা তথ্যই জানো যে ৱাক্র’ৰ ১০,০০০একৰ ভূমি জুৰি কমলা গছ বিস্তৃত হৈ আছে৷ অলপ আগলৈকে এয়া আছিল এটা শুনি অহা কথা৷ এতিয়া চাক্ষুস সত্য৷

তিনিচুকীয়াৰ পৰা ৱাক্র’লৈ ১৩৮কিল’মিটাৰ৷ কামলাং বন্যপ্ৰাণী অভয়াৰণ্যৰ একাষে এই ঠাই৷ অভয়াৰণ্যখনৰ এলেকা ৭৮৩বৰ্গ কিল’মিটাৰ৷ ইয়াৰ হাবিত অন্যান্য কেতবোৰ জীৱ-জন্তুৰ উপৰি আপুৰুগীয়া গিবন অৰ্থাৎ হলৌ বান্দৰৰ বসতি৷ আমি ৰ'বগৈ লগা পৰশুৰাম কুণ্ড এই অভয়াৰণ্যৰ অন্তৰ্গতে আছে৷ কামলাং নদী আৰু তাৰ উৎপত্তি স্থল গ্লাউ লে’কো অভয়াৰণ্যখনৰ ভিতৰতে পৰে৷ ৱাক্র’ৰ পৰা ২০কিল’মিটাৰ আঁতৰত অৱস্থিত ৮বৰ্গ কিল’মিটাৰ জলৰাশিৰ এই লে’কলৈ কষ্টসাধ্য ট্ৰেকিং কৰি যাবলৈ ৬ঘণ্টামান সময়ৰ প্ৰয়োজন হয় বুলি ক'ৰবাত পাইছিলোঁ৷ মিছিমি ভাষাত ‘গ্লাউ’ মানে পানী৷ অভয়াৰণ্যখনৰ দক্ষিণ প্ৰান্তত আৰম্ভ হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান৷ ইক’ টুৰিজিমৰ অন্তৰ্গত ৱাক্র’ত মিছিমি ৰিজৰ্ট স্থাপন কৰা হৈছে বুলিও গম পাই আহিছোঁ৷

জনজাতীয় নিৰ্মাণ সজ্জাৰ ৰিজৰ্ট বুলিলে অৰুণদা পাগল৷ থকাৰ প্ৰবল ইচ্ছা৷ কৰ্মব্যস্ত জীৱনৰ পৰা সময় চুৰ কৰি প্ৰকৃতিৰ বুকুত মন-মগজুক অনন্য ধৰণৰ সোৱাদ এটাৰে সজীৱ কৰাৰ মতলব ততালিকে জাগি উঠে৷ জনগোষ্ঠীয় আৰ্কিটেকচাৰ, পৰম্পৰাগত জীৱন-শৈলী, বন্য অভিজ্ঞতা ইত্যাদিবোৰ তেওঁৰ পৰাই মোলৈকো বাৰুকৈয়ে সোঁচৰিছে৷ হ'লেও সদ্যহতে সঁহাৰি জনাব নোৱাৰোঁ৷ লক্ষ্যযে অন্য বন্ধা আছে! অন্ধকাৰ নামি অহাৰ পূৰ্বেই পাবগৈ লাগি সেই ঠাই, য'ত নিশাটোলৈ আশ্ৰয় ল'ম বুলি ভাবি থৈছোঁ৷ ইতিমধ্যে বন্ধু ধৰ্মেনক ফোনত যোগাযোগ কৰা হৈছিল৷ খবৰ আহিল, বিশেষ দৰকাৰত খুপা এৰি সি পালেগৈ ইটানগৰ! তথাপি কোৱাৰ্টাৰত সকলো 'ইন্তেজাম' কৰা আছে বুলিছে৷ বাৰেপতি এতিয়া সি ফোনত কোৱা চিমা নে কি, সেইজনীৰ নামটোকে জপ কৰি আছোঁ, কোনো কাৰণতে যাতে পাহৰি নাযাওঁ৷ নহ'লেবা শেষ৷

দেখা যাওকচোন, আগলৈ কি হয়৷ অনিশ্চয়তাৰ পিছ খেদি ফুৰাটোও এটা মজাৰ কামেই৷ অ’ৰেঞ্জ কেপিটেলক পিছলৈ থৈ এনেকৈয়ে আমি গহীন গতিত আগুৱাই গৈ থাকিলোঁ, হাবিতলীয়া বাটৰ শান্তি আৰু সৌন্দৰ্য আৰু নীৰৱতা উপভোগ কৰি কৰি৷


পৰৱৰ্তী খণ্ড :
৯. পুণ্যতীৰ্থ পৰশুৰাম কুণ্ড দেখিলোঁ

No comments:

Post a Comment