Monday, 1 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দুই৷৷ ডঙতকৈ আগলৈ যোৱাৰ সময় আহিল






বছৰ বাগৰি গৈছিল৷ লোহিতৰ বুকুৰেও অনেক সেউজীয়াৰ ঢল বৈ গৈছিল৷ এদিন কিবা সংক্রান্তত অৰুণদাৰ অফিচলৈ যাওঁতে, ‘ইক্‌লেক্‌টিক্‌’ নামৰ আলোচনীখনৰ সৈতে চাপ্লিমেণ্ট হিচাপে পোৱা ‘নৰ্থ ইষ্ট ট্ৰেভেল গাইড’ নামৰ ৰঙীন বুকলেট এখনৰ বিশেষ পৃষ্ঠা এটা মেলি মোৰ পিনে আগ বঢ়াই দিলে৷ সৰু পুথিখন তেওঁ বৰ আটোম-টোকাৰিকৈ ৰাখিছিল৷ ভ্ৰমণ সম্পৰ্কীয় কিতাপ-আলোচনী বা তদনুৰূপ লেখা ওলোৱা বাতৰি কাকত কিনা, পঢ়া, সংগ্ৰহ কৰাটো আমাৰ দুয়োৰে কমন ইণ্টাৰেষ্টৰ ভিতৰত পৰে৷



পৃষ্ঠাটো মেলি সোঁহাতৰ তৰ্জনী আঙুলিটোৰে উপৰ্যুপৰি দুবাৰমান টুকুৰিয়াই অৰুণদাই ক’লে, ‘ইয়ালৈ যাম দিয়ক৷ একেলগে৷ ভাল লাগিব৷’ তাৰ পিছত মোলৈ ঠেলি দিলে, চাবলৈ৷ হাতত লৈ দেখো যে ছবি এখন, লেখা সামান্য অলপমান৷ ওপৰত উজলি আছে এটা শব্দ… কিবিথো৷ ভাৰত-চীন সীমান্তৱৰ্তী ঐতিহাসিক আৰু সামৰিক গুৰুত্বপূৰ্ণ জেগা এয়া য’ত ১৯৬২ৰ ‘বেটেল্‌ অফ ৱালং’ চলিছিল৷ প্ৰাণহানি আৰু পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় সৈন্যই ছত্ৰভংগ দিয়াৰ পিছত চীনে অনায়াসে দখল কৰিছিল উক্ত অঞ্চল৷ দেশৰ অন্তিম পূবত থকা সেই অন্তিম জনপদৰ নামেই কিবিথো৷ ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তলৈ যোৱা ৰাস্তাৰ শেষমূৰটোও তাতেই৷ পৰ্যটন মহলত যাক ‘ইষ্ট অফ দ্যা নৰ্থ-ইষ্ট’ অৰ্থাৎ ‘উত্তৰ-পূবৰ পূব’ বুলি গৰ্বৰে অভিহিত কৰা হয়৷ উক্ত পথতে আগলৈ থকা হালধীয়া চাইনব’ৰ্ড এখনে পথিকক কৈ দিয়ে যে আগলৈ আৰু পথ নাই৷ পূবৰ পথটো তাতেই অন্ত হৈছে৷ এ’ণ্ড অব দ্যা ৰ’ড হে’ড৷ তাৰোপৰি আৰু এক গুৰুত্বপূৰ্ণ কথা, সেইফালেৰেই চীন এৰি ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে লোহিত নৈখন৷ লোহিত হৈছে ব্ৰহ্মপুত্ৰৰ সেইমূৰৰ প্ৰধান উপনৈ৷ অসমৰ সমতলত এই লোহিতেই  দিবাং আৰু চিয়াঙৰ সৈতে মিলি পৰিচিতি লাভ কৰিছে ব্ৰহ্মপুত্ৰ নদ বুলি৷ পৃথিৱীৰ একমাত্ৰ পুৰুষ নদী এইখন৷ গতিকে সন্দেহ নাই, তাৰ অগ্ৰভাগ শক্তিমন্ত হ’বই হ'ব৷ ক্ষুদ্ৰ কিতাপখনৰ পৃষ্ঠাটোত সংলগ্নকৃত স্নেপটো আছিল ৱালঙত লোহিতৰ পাৰত নি্ৰ্মীয়মান বিমানকোঠটোৰ দীঘলীয়া ৰানৱে’ৰ৷ ৱালঙৰ আগলৈ কিবিথো৷ কিবিথোৰ বাটতে আছে সেই ডং, যাৰ বিষয়ে আগতে এবাৰ ভবা হৈছিল৷ গতিকে উচ্ছ্বসিত হোৱাৰ কথাই৷ ডঙতকৈ আগুৱাই যামগৈ আমি! একেবাৰে সীমান্ত পামগৈ! অৰুণাচল বুলিলে, সীমান্ত বুলিলে এনেয়েও বুজাব নোৱাৰা মাদকতা৷ এখন ভৰি দাং খায়ে থাকে মোৰ, আগৰে পৰাই৷



দ্বিতীয়তে, মায়’ডিয়াৰ প্ৰতিও অৰুণদা আছিল ভীষণ উৎসাহী৷ যেতিয়াই তেতিয়াই, কথাই কথাই কেৱল মায়’ডিয়া, মায়’ডিয়া, মায়’ডিয়া৷ মায়’ডিয়াৰ বাবে যেন অসম্ভৱ মতলীয়া! মন্ত্ৰ মতাৰ দৰে, লগ পালেই জিভাৰ আগেৰে শব্দটো নিগৰি ওলাই আহে তেওঁৰ মুখগহ্বৰৰ পৰা৷ 'মায়া নামৰ এজনী নেপালী যুৱতী, যি এদিন হঠাতে বৰফৰ বুকুত হেৰাই গল, তাইৰ নামেৰেই পাৰ্বত্য-নিবাস মায়'ডিয়া'... বৰ্ণনা কৰি যায় মায়’ডিয়া নামটোৰ উৎপত্তিৰ আঁৰৰ কাহিনী৷ সেয়া মই নাজানিছিলোঁ৷ উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ এটা প্ৰধান অঞ্চল বুলিহে মাত্ৰ জানিছিলোঁ৷ সীমিত জ্ঞানেৰে আৰু জানিছিলোঁ যে অৰুণাচল বুলিলেই কিছুমান ঠাই আছে যিবোৰে বিশ্বৰ সৈতে সহজে ফেৰ মাৰিব পাৰে, তাৰ ভিতৰত মায়'ডিয়া অন্যতম৷ গতিকে অৰুণদাৰ সন্মুখত চমজদাৰ শ্ৰোতা হিচাপে বহি কাণ থিয় কৰি কেৱল শুনিহে গৈছিলোঁ৷ মনতে গুণা-গঁথা এটা চলাইছিলোঁ যে ইমান ইচ্ছা যেতিয়া মানুহটোক লৈ যাব লাগিব মায়’ডিয়াৰ শুকুলা বৰফৰ মাজলৈ, পাৰিলে কিবিথোৰে সৈতে একেটা ট্ৰিপতে মিলায়৷ পিছে এতিয়া গ'লে বৰফ কিন্তু শীতকালৰ ৰূপত সহজলভ্য ধৰণে বাটে-পথে নাপাব৷ ‘দৈনিক জনমভূমি’ত বক্স আইতেম হিচাপে ওলোৱা ৰ’য়িং, মায়’ডিয়া টুৰ অপাৰেটৰৰ ফোন নম্বৰৰ সৈতে দিয়া সৰু, দুই বৰ্গ ইঞ্চিমান জোখৰ এড মানে বিজ্ঞাপন এটা কোনোবা এদিন পাই কাটি ৰাখিছিল অৰুণদাই৷ কাগজৰ সেই টুকুৰাটোও মোলৈ সাগ্ৰহে আগুৱাই দিলে বুকলেটখনৰ পিছে পিছে৷ প্ৰস্তুতিৰ উদ্দেশ্যৰে দুয়োটা বস্তু হাতত লৈ তেওঁৰ অফিচ ৰুমৰ পৰা বাহিৰ ওলালোঁ৷ ঘৰ পায়ে আকৌ আৰম্ভ হৈ গ’ল অবিৰত অধ্যয়ন৷ মৃণাল তালুকদাৰৰ ক্রমে ‘ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ’, ‘১৯৬২’ আদি গ্ৰন্থ সেই আপাহতে উৰাই-ঘূৰাই ঘোদালি পেলালোঁ৷ ৰাতি ৰাতি গুগল খুঁচৰিলোঁ৷ বিভিন্নজনৰ ট্ৰেভেলগ পঢ়াৰ উপৰি মেপ অধ্যয়ন কৰিলোঁ, ফটো চালোঁ৷ তেনেদৰে যিখিনি তথ্য উদ্ঘাটন আৰু আয়ত্ত কৰিব পাৰিলোঁ তাকে সাৰথি কৰি ৰঙীন চিত্ৰসহ আগতীয়াকৈ টোকা প্ৰস্তুতকৰণেৰে নিজৰ ব্লগত ভৰালোঁ৷ সংগীসকলকো খবৰ দিলোঁ পঢ়ি চাবলৈ৷ চাই কিছু কথা জানিবলৈ৷ কাৰণ এঠাইলৈ যোৱাৰ আগতে সেই ঠাইখনৰ বিষয়ে যিমান পাৰি পঢ়ি লোৱাটো ভাল৷

পৰৱৰ্তী খণ্ড : তিনি ৷৷ দিন আৰু টীম ঠিক হ’ল

পূৰ্বৱৰ্তী খণ্ড : এক ৷৷ ডঙলৈ এবাৰ যাব পৰা হ’লে!


No comments:

Post a Comment