অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৫. নেফাৰ পুৰণি কথাৰে…
লোহিত, আঞ্জাৱ, নামচাই, দিবাং ভেলীৰ ৰাজনৈতিক আৰু
প্ৰশাসনীয় বুৰঞ্জী এতিয়াৰ পৰা প্ৰায় ১০০বছৰ পুৰণি৷ ইয়াৰ বাবে আমি উভতি যাব লাগিব ১৯১৪চনলৈ৷
ব্ৰিটিছ-ভাৰতৰ প্ৰশাসকে তিনিটা এলেকা ক্রমে কেন্দ্ৰীয় আৰু পূব খণ্ড, লখিমপুৰ ফ্ৰণ্টিয়াৰ
ট্ৰেক্ট আৰু পশ্চিম খণ্ডক লৈ নিজৰ শাসন কালত ‘নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট’ গঠন কৰিছিল৷ এই খণ্ডসমূহ চোৱা-চিতাৰ
অৰ্থে প্ৰতিটো খণ্ডতে একোজনকৈ ৰাজনৈতিক বিষয়া নিয়োগ কৰা হৈছিল৷ ১৯১৯চনত কেন্দ্ৰীয় আৰু
পূব খণ্ডক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট
নাম দি নতুনকৈ গঠন কৰিলে৷ এই তিনিওখন জিলাৰ একেলগ হৈ থকা পূৰ্বৰ ভূখণ্ড শদিয়া ফ্ৰণ্টিয়াৰ
ট্ৰেক্টৰ অধীনত আছিল৷ মুখ্য কাৰ্যালয় আছিল শদিয়া৷ ২৪বছৰৰ পিছত ১৯৪৩চনত লখিমপুৰ ফ্ৰণ্টিয়াৰ
ট্ৰেক্টৰ পৰা কাটি টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট সৃষ্টি কৰা হ’ল৷
স্বৰাজোত্তৰ কালত ১৯৪৮চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টক দুভাগ কৰি ক্রমে আদি জনগোষ্ঠী
অধ্যুষিত অঞ্চলক লৈ আবৰ হিল্ছ ডিষ্ট্ৰিক্ট আৰু মিছিমি বসতিপ্ৰধান অঞ্চলক সামৰি মিছিমি
হিল্ছ ডিষ্ট্ৰিক্ট নামে দুখন নতুন জিলা গঠন কৰা হয়৷ উক্ত বছৰতে অঞ্চলটো কেন্দ্ৰীয়
চৰকাৰৰ প্ৰশাসনৰ অধীনলৈ আহে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৬২চনলৈকে এই বৃহৎ অঞ্চলটো 'নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি' অৰ্থাৎ ‘নেফা’
নামেৰে জনাজাত আছিল৷ মুখ্য কাৰ্যালয় শ্বিলং৷ অৱস্থানগত গুৰুত্বৰ কাৰণে ১৯৬৫চন পৰ্যন্ত
ই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত আৰু তাৰ পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসনিক
এলেকাধীন আছিল৷ ১৯৭২চনৰ ২০জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি ‘অৰুণাচল
প্ৰদেশ’ নাম দিয়া হয়৷ তদানীন্তন ডাইৰেক্টৰ অফ ৰিচাৰ্ছ বিভাবসু দাস শাস্ত্ৰীয়ে ৰাজ্যখনৰ এই নামকৰণ কৰিছিল৷ ১৯৮৭চনৰ ২০ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ
স্বীকৃতি লাভ কৰে অৰুণাচল প্ৰদেশে৷ ২০এপ্ৰিল ১৯৭৪ৰ পৰা ইটানগৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে৷ তাৰ পূৰ্বে নাহৰলাগুনতে কাম-কাজ চলোৱা হৈছিল বুলি শুনিছোঁ৷
১৯৫২চনৰ ১৩আগষ্টত মিছিমি পাৰ্বত্য জিলাৰ সদৰ স্থান
ঘোষিত হৈছিল তেজু৷ ১৯৫৩চনত আৰম্ভ হোৱা সহকাৰী ৰাজনৈতিক বিষয়াৰ অধীনত হায়ুলিয়াঙক উন্নীত
কৰা হৈছিল হেড কোৱাৰ্টাৰলৈ৷ ১৯৫৪চনত মিছিমি হিল্ছ ডিষ্ট্ৰিক্টৰ নাম সলনি হ’ল
লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন হিচাপে৷ ১৯৫৬চনত ৰ’য়িঙক মহকুমা সদৰ হিচাপে লৈ গঠন
কৰা হ’ল দিবাং ভেলী৷ ১৯৬৫চনত লোহিত ফ্ৰণ্টিয়াৰ ডিভিজনক নাম দিয়া
হ’ল লোহিত জিলা৷ প্ৰশাসনীয় সুবিধাৰ কাৰণে ১৯৮০চনৰ ১জুনত
নতুন জিলা দিবাং ভেলী গঠিত হ’ল আনিনিক সদৰ হিচাপে লৈ৷ শেহতীয়াভাৱে
৪ডিচেম্বৰ ২০০৩ত গৃহীত অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসৰি হাৱাইক প্ৰশাসনীয়
মুখ্যালয় হিচাপে লৈ ১৬ফেব্ৰুৱাৰী ২০০৪ তাৰিখে ৮টা প্ৰশাসনিক খণ্ড ক্রমে হায়ুলিয়াং,
হাৱাই, মানচাল, গৈলিয়াং, ৱালং, কিবিথো, মেটেংলিয়াং আৰু চাগলাগামক সামৰি আঞ্জাৱ জিলা
গঠন কৰা হৈছে৷ স্মৰ্তব্য যে এইসমূহ এসময়ত লোহিত জিলাৰে অন্তৱৰ্তী অঞ্চল আছিল৷ লোহিত আছিল নেফাৰ ভিতৰত৷
ইতিহাসে কয়, উত্তৰ-পূৰ্বাঞ্চলৰ ভূস্বৰ্গ স্বৰূপ বৰ্তমানৰ অৰুণাচল প্ৰদেশখন এসময়ত নেফা অৰ্থাৎ উত্তৰ পূব সীমান্ত অঞ্চল নামে বৰ-অসমৰ অবিচ্ছেদ্য অংগ আছিল৷ বৰ্ণাঢ্য জনজাতি, উপজাতিৰ বাসভূমি অৰুণাচলত ৭০টামান দোৱান চলে৷ দক্ষিণ এচিয়াৰ ভিতৰতে সংখ্যাত এয়া সৰ্বাধিক৷ নগাসকলৰ দৰে কোনেও কাৰো দোৱান নাজানে৷ বিভিন্ন ঠালৰ অৰুণাচলীৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল অসমীয়া ভাষাই৷ অসমীয়া ভাষা আছিল পৰ্বত-ভৈয়ামৰ মাজত ভাবৰ বিনিময় ঘটোৱাৰো ধাৰক আৰু বাহক৷ অসমীয়া মাধ্যমৰ বিদ্যালয় আছিল৷ অসমীয়া ভাষাক সাহিত্য চৰ্চাৰ মাধ্যম হিচাপে লৈ ওলাই আহিছিল অৰুণাচলী জনজাতীয় লেখক৷ আদি জনগোষ্ঠীৰ লুম্মেৰ দাই, চেৰদুকপেন জনগোষ্ঠীৰ য়েছে দৰজে ঠংছিৰ নাম বৌদ্ধিক সমাজত আজি কোনে নাজানে? সহজ-সৰল জনজাতীয় সমাজ তথা জীৱন-ধাৰাৰ সূক্ষ্ম অধ্যয়ন-পৰ্যবেক্ষণ আৰু উপন্যাস সাহিত্যত কৃতিত্বৰে তাৰ বৰ্ণাঢ্য ৰূপটো উপস্থাপন কৰি উচ্চ-প্ৰশংসিত এইসকল৷ আমি গৈ থকা পথটোৰ গভীৰ তলিৰে বৈ থকা খৰবেগী নৈখন আৰু তাত থকা সৰু-বৰ শিলবোৰ দেখি মনত পৰি গৈছে ঠংছি ছাৰৰ 'শৱকটা মানুহ'ৰ কাহিনীলৈ৷ ভাবি অকলে অকলে শিহৰিত হৈছোঁ৷ সেই দিন এতিয়া হয়তো নাই৷ নেফাও এতিয়া নাই৷
কালক্ৰমত বৰ-অসম খণ্ড-বিখণ্ড হ'ল৷ প্ৰশাসনীয় সুবিধাৰ অচিলাৰে নেফাৰো ৰূপ সলনি হ'ল৷ গঢ় লৈ উঠিল কেইবাখনো জিলা৷ তাৰে এখন বৃহৎ জিলা আছিল লোহিত৷ সময়ে এই জিলাখনক দুভাগ কৰিলে৷ লোহিত নাম ধৰি ৰৈ যোৱাখন সৌসিদিনা আকৌ দুভাগ হ'ল৷ এনেদৰে লোহিতৰ পৰাই হ'লগৈ লোহিত, আঞ্জাও, নামচাই৷ তিনিখন পৃথক পৃথক জিলা৷
এটা মহকুমা, ৩টা ব্লক আৰু ৮টা মণ্ডলেৰে এতিয়া আঞ্জাৱ জিলাৰ ক্ষেত্ৰকালি ৬,১৯০বৰ্গ কিল’মিটাৰ৷ ২০১১চনৰ লোক-পিয়লৰ পৰিসংখ্যা অনুসৰি জনসংখ্যা ২১,০৮৯, সাক্ষৰতাৰ হাৰ ৫৯.৪০ শতাংশ, মুনিহ-তিৰোতাৰ অনুপাত ১০০০ : ৮০৫৷ সহজে অনুমেয় যে এই পৰ্বতঘন অঞ্চলটোৰ জনবসতি তেনেই সেৰেঙা৷ প্ৰতি বৰ্গ কিল’মিটাৰত ৩জন মাত্ৰ৷ ২০০১চনৰ পৰা ২০১১চনলৈ জনসংখ্যা বৃদ্ধিৰ হাৰ মুঠেই ১৩.৭৭ শতাংশ আছিল৷ ইয়াৰ মূল অধিবাসী হৈছে মিছিমি আৰু জাখ্ৰিং জনজাতি৷ জাখ্ৰিং জনগোষ্ঠীটোক মেয়ৰ বুলিও জনা গৈছিল৷

জিলাখনত বিধান সভা সমষ্টি ১টা, মুঠ ভোটাৰ ৯,৫৩৭৷
প্ৰাথমিক বিদ্যালয় ১১খন, গ্ৰাম্য বিদ্যালয় ২২খন, মধ্য ইংৰাজী বিদ্যালয় ৫খন, হাইস্কুল
১খন, হায়াৰ চেকেণ্ডাৰী স্কুল ১খন, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ১খন আছে৷ এই জিলাৰ
আৱাসীসকলে জুম খেতি কৰি পেট প্ৰৱৰ্তায়৷ মূল কৃষিজাত উৎপাদন গোমধান, কণীধান, মাহজাতীয়
শস্য আদি৷ উদ্যান শস্যৰ ভিতৰত সুমথিৰা, আপেল, নাচপতি, বগৰী, ইলাচি আদি প্ৰধান৷ উদ্ভিদকুল
আৰু জীৱকুলৰ বিচিত্ৰতা লক্ষ্যণীয়ভাৱে পৰিলক্ষিত হয় এই এলেকাৰ চিৰসেউজ অৰণ্যত৷ বাঁহ,
বেত, লা, ধুনা, শিঙৰি, পাইন, হলখ, ফাকডিমা, বিভিন্ন জাতৰ অৰ্কিড ইত্যাদি বনজ সম্পদ
ইয়াৰ বনাঞ্চলসমূহত সুলভ হাৰত উপলব্ধ৷ অৰণ্যৰ মাজত পহু, সুগৰী পহু, কেৰ্কেটুৱা, ভালুক,
বনগাহৰি, বান্দৰ, শিয়াল, সাপ আদি বন্যপ্ৰাণীও পোৱা যায়৷ মিছিমি দোৱানত ‘তেলু’
বা ‘তেল্লু’ বুলি জনাজাত লোহিত এই জিলাৰ
মূল নৈ৷ আন্তৰ্জাতিক নৈ লোহিতৰ বাহিৰেও লাম, টিডিং, দালাই, ক্র’উতি,
দিচু, লাতি, ক্লুং, দাউ, তেলুৱা, আমপানী, ছাৰ্তি আদি এই জিলাৰ মাজেৰে বৈ যোৱা প্ৰধান
প্ৰধান নৈ৷ এই নৈবোৰ খৰস্ৰোতা আৰু বছৰৰ সকলো সময়তে পানী থাকে৷ ফেব্ৰুৱাৰী মাহৰ ১৫তাৰিখে
উদ্যাপন কৰা তামলাদু এই জিলাৰ অধিৱাসীসকলৰ প্ৰধান উৎসৱ৷
পৰৱৰ্তী খণ্ড :
১৬. সীমান্তৰ পৰ্যটন
No comments:
Post a Comment