Monday, 8 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১. পাই গলোঁ পেটেলক


হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডৰ মতে, চনটো বাদ দিলে এইটো মোৰ জন্মৰ তাৰিখ হয়৷ কথাটো অৱশ্যে সেই দিনটোত এবাৰো মনলৈকে অহা নাছিল৷ যাত্ৰাৰ উত্তেজনাত স্বাভাৱিকতে বহু কথাই ক’ব নোৱাৰা হৈ পৰিছিলোঁ৷ পিছতহে খেয়াল হ’ল যে জীৱনৰ এটা গুৰুত্বপূৰ্ণ তিথিতেই মই দেশৰ প্ৰথম সূৰ্যোদয়ৰ স্থান ডঙৰ লগতে ভাৰত-চীন সীমান্তলৈ বুলি ট্ৰেইনৰ পৰা নামি গাড়ীত বহিছিলোঁ! স্ফূৰ্তি লাগিছিল অৰুণদা, অনিলদা, সঞ্জু, মোৰ, আটাইৰে৷ ঈশ্বৰক ধন্যবাদ জনাইছিলোঁ গোপনে৷

নিউ তিনিচুকীয়া৷ উজনিমুৱা কামৰূপ এক্সপ্ৰেছখন আমাৰ এই প্ৰথম গন্তব্যস্থল পাওঁতে সিদিনা পুৱা ঠিক ৬.০০ বাজিছিল৷ ৰাইট টাইম আছিল ৪বাজি ২০মিনিট৷ ৩০২কিল’মিটাৰ দূৰত্ব অতিক্রম কৰোঁতে বাটত গাড়ীখনে নিৰ্ধাৰিত সময়তকৈ ভালেখিনি পলম কৰিলে ঠিকেই৷ আমাৰ বাবে কিন্তু সেয়া আশীৰ্বাদ স্বৰূপহে হ’ল বুলিব লাগিব৷ কাৰণ সময়টো বৰ সুবিধাজনক হৈ পৰিল৷ গতিকে নিউ তিনিচুকীয়াৰ প্লে’টফৰ্মত পলমকৈ নামিবলগীয়া হোৱা সত্ত্বেও মনত কোনো ধৰণৰ আফচোচ নাথাকিল৷ ইফালে বতৰটো গোমা আছিল যদিও বৰষুণ সেই মুহূৰ্তত নাছিল৷ বাটত ৰে’ল আলিৰ দুপাৰৰ পথাৰবোৰ পানীৰে চপচপীয়া হৈ থকা দেখি আহিছিলোঁ৷ ভিতৰি ভিতৰি চিন্তাই হৈছিল তেতিয়া৷ বন্ধু ধৰ্মেনৰ সাৱধানবাণীয়েও ঘনে ঘনে মনটোক আউল লগাইছিল৷ কিন্তু চকুৰ আগত বৰষুণ তেতিয়া এটোপালো নাই৷ প্ৰকৃতি যেন সদয় আছিল!

ৰে'লখন যাবগৈ ডিব্ৰুগড়লৈ৷ আমাৰ যাত্ৰা ইয়াতেই শেষ৷ ভিৰৰ মাজেৰেই আমি টালি-টোপোলাসহিত ডবাৰ পৰা নামিলো৷ শাৰী পাতি লাহে লাহে ষ্টেচনৰ বাহিৰ ওলালোঁ৷ খবৰ দিয়ামতে ড্ৰাইভাৰ কাম গাইড সুমিত সিং পেটেল বাহিৰত গাড়ীসহ অৱস্থানৰত আছিল৷ নামৰূপ পাওঁতেই ফোন পাইছিলোঁ তেওঁৰ পৰা৷ পিছত আকৌ এবাৰ বাজিছিল৷ নিজৰ অৱস্থিতি সম্পৰ্কে জনাইছিল, যাতে অলপ পিছতে প্ৰথমবাৰৰ বাবে পৰস্পৰৰ দেখা-সাক্ষাৎ হ’ব যদিও য়াৰ্ডত তেওঁক বিচাৰি উলিয়াবলৈ অকণো অসুবিধা নহয়৷ লেণ্ডমাৰ্ক বটাই দিছিল তেওঁ৷ সেইমতে আগ বাঢ়িছিলোঁ আমি৷

অসুবিধা হোৱা নাছিলে অকণো৷ একেবাৰতে পাই গৈছিলোঁ গাড়ীৰে সৈতে চালকক৷ ক’লাৰঙী মহীন্দ্ৰ স্কৰপিঅ’ এখনৰ কাষত ৰৈ ম’বাইলটো হাতত লৈ একান্তমনে কিবা খুঁচৰি থকা লোকজনলৈ চাই প্ৰশ্নৰ সুৰত হিন্দী চিনেমাৰ ভংগীমাত মাথো নামটো উচ্চাৰণ কৰিলোঁ৷
‘সুমিত সিং পেটেল?’
‘হাঁ ছাৰ৷’
চকুৱে চকুৱে পৰাৰ লগে লগে উত্তৰ৷ শৰীৰহে দেখা নাছিলোঁ, মাতষাৰতো শুনিছিলোঁ৷ সেয়াই যথেষ্ট৷

পাই গ’লোঁ একেবাৰতে৷ পেটেলেও বুজি পালে যে ইমানদিনে ফোনত কিবিথোৰ কথা সুধি সুধি দিনে-নিশাই ব্যতিব্যস্ত কৰি থকা মানুহজন এইজনেই৷

সম্ভ্ৰমেৰে সৈতে কৰমৰ্দন কৰিলোঁ৷ সম্ভাষণসূচক হাঁহি এচেৰেঙা মুখমণ্ডলত বিৰিঙাই উৎসাহেৰে দৰজা খুলি দিলে তেওঁ৷ বয়বস্তুখিনি ঠিকে-ঠাকে উঠাই সজাই-পৰাই ল’লে৷ এজন এজনকৈ আমি ছিটত বহিলোঁ৷ জ্যেষ্ঠতাৰ ভিত্তিত অৰুণদাক আগত, চালকৰ কাষত দিয়া হ'ল৷ সঞ্জু, অনিলদা আৰু মই পিছত৷ ধুম ধুমকৈ একাদিক্রমে পাঁচটা শব্দ হ’ল৷ পিছফালৰ ডিকি আৰু দৰজা চাৰিখন বন্ধ হ’ল৷ চেলফত চাবিটো সুমুৱাই পকাই দিয়াত একেবাৰতে ইঞ্জিনটোৱে গৰজি উঠিল৷ ছিটবে’ল্ট কচি ল’লে পেটেলে৷ নিমিষতে তিনিচুকীয়াৰ ৰাস্তাত আমাৰ গাড়ীৰ চকা ঘূৰিব লাগিল তেওঁৰ কুশলী নিয়ন্ত্ৰণত৷ সুন্দৰ পুৱা এটাই যেন আমাক আদৰিলে৷


চলন্ত গাড়ীৰ ভিতৰতে পৰিচয় বিনিময়, ইটো-সিটো কথা আৰম্ভ হৈ গৈছিল আমাৰ মাজত৷ টোপনি, হামি-হিকটি, অভিযোগ-অসন্তুষ্টি আদি নাছিল কাৰো৷ অনামী উত্তেজনা আৰু কৌতূহলে দমাই ৰাখিছিল সকলো৷ এই উত্তেজনা আৰু কৌতূহলেই জীৱনটোক টানি লৈ ফুৰায়৷ মাজে মাজে খোলা হাঁহি-মস্কৰা৷ নতুন চিনাকি পেটেলক আৰম্ভণিতেই জনাই দিছিলোঁ, ‘এনেকুৱা নিৰ্ভেজাল হৈ-হাল্লা মাজে-মধ্যে চলি থাকিব দেই৷ বেয়া পাব নালাগে৷ আমিবোৰ পাহাৰীয়া মানুহ ভাই৷ গৈও আছোঁ পাহাৰলৈকে৷ আপুনিও আমাৰ মাজৰে এজন এতিয়া৷ কোনো বেলেগ কথা নাই৷’

তেওঁ মুখ টিপি হাঁহিছিল৷ সন্মুখৰ আইনাৰ মাজেদি একদৃষ্টি নিবদ্ধ ৰাখিছিল মসৃণ হাইৱে’টোৰ ওপৰত৷ এক্সিলাৰেটৰত হিচাপৰ হেঁচা দি গতি অক্ষুণ্ণ ৰাখিছিল আগলৈ৷ মাজে মাজে বজোৱা হৰ্ণৰ শব্দই সেই গতিশীলতাক যেন অধিক প্ৰাণােচ্ছল কৰি তুলিছিল৷

পৰৱৰ্তী খণ্ড :
২. ডিৰাক গে'টেৰে সোমালোঁ অৰুণাচল প্ৰদেশত

No comments:

Post a Comment