অৰুণোদয়ৰ
বাট বিচাৰি,
উত্তৰ-পূবৰ
অন্তিম পূবলৈ
মোৰ যোৰহটীয়া অধ্যয়নকালৰ অৰুণাচলী সহপাঠী বন্ধু ধৰ্মেন৷ লগৰ ল’ৰাবিলাকে জোকাইছিল ‘ডফলা’ বুলি৷ মই মাতো ‘ধৰ্মেন বাবু’৷ বছৰদিয়েক আগতে ইটানগৰত দৈবাৎ এদিন তাৰ সৈতে দেখাদেখি৷ সেয়াই লাষ্ট৷ সম্প্ৰতি ক’ত আছে, কি কৰিছে নাজানো এতিয়া৷ যাত্ৰাৰ বিষয় লৈয়ে তালৈ এৰি দিলোঁ এটা এছ.এম.এছ.... ‘নমস্কাৰ এণ্ড গুড মৰ্নিং ডিয়েৰ ধৰ্মেন বাবু৷ মি এণ্ড ছাম অফ মাই নেচাৰ এণ্ড এডভেন্সাৰ লাভাৰ ফ্ৰেইণ্ডছ টুগেদাৰ ৱিশ্ব টু ভিজিট কিবিথো এণ্ড ডং অফ আঞ্জাৱ ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ অন ইলেভেনথ এপ্ৰিল টু থাউজেণ্ড এণ্ড ফিফটিন৷ বিইং এন এক্সপিৰিয়েনচড য়ং মেন হেইলিং ফ্ৰম তেজু হাউ কেন ইউ হে’ল্প আছ ইন দিছ ৰিগাৰ্ড বাই প্ৰভাইডিং ইয়’ৰ নলেইজ এণ্ড কেপাচিটি?’
উদ্দেশ্য আছিল, তেজুৰ ল’কেল হিচাপে সি যদি কিবা সহায় কৰিব পাৰে দেখা যাওকচোন৷ সিদিনা আছিল ১৩মাৰ্চ৷ মেচেজ প্ৰেৰণ কৰাৰ পিছত আধা মিনিটো পলম নহ’ল৷ লগে লগে ৰিংট’নটো বাজি উঠিল মোৰ ম’বাইলৰ৷ সিটো মূৰত সেই পৰিচিত কণ্ঠস্বৰ৷ ‘আৰে আব্দুছ ছাজিদ... মেৰে ভাই... কাহাঁ হ’ তুম... কেইছা হ’?’ দীঘলীয়া লেকচাৰ চলিল৷ ক'লে যে বৰ্তমান তাৰ কৰ্মস্থলী হায়ুলিয়াং৷ থাকে খুপাত৷ আৰে! আমিতো সেই বাটেৰেই যাব লাগিব কিবিথোলৈ! নভবাকৈয়ে কি আচৰিতভাৱে মিলি গৈছে এই সংযোগ! উত্তেজিত হৈ পৰিলোঁ৷ সেই পথেৰেই সংগীসহ মই যাবলৈ ওলাইছোঁ বুলি শুনি সিও আচৰিতেই হ’ল৷ হ’বৰ কথাই৷ কেইজন পুৰণি বন্ধুনো গৈছে, সেই দিশে? উত্তৰ নিশ্চয় শূন্যই ওলাব৷ গৰজডালনো কি? কলীয়াপানী সদৃশ সেইবোৰ ঠাইলৈনো যায়নে? যাব লাগে কাশ্মীৰ, যাব লাগে পোখৰা; পাৰিলে একেবাৰে চুইজাৰলেণ্ড৷ তাতে বহুতো সহপাঠীৰ কাৰণে ধৰ্মেন গগৈ এতিয়া নিঃসন্দেহে এটা স্মৃতিধূসৰিত পৃষ্ঠা, এটা মলিন অতীত৷ 'পাৱেট'ৰ তিনি নম্বৰ হোষ্টেলৰ ফেয়াৰৱেল মিটিঙত তাৰ ৰুমমেত তথা বে'ষ্ট ছিংগাৰ চন্দন পাঠকে দৰদ ঢালি গোৱা জ্যোতিষ ভট্টাচাৰ্যৰ 'যোৱাৰ পৰত সৰা শেৱালি বুটলি কি হ'ব কোৱা' গীতটোলৈ মনত পৰি যায়৷ সি যি কি নহওক, মোৰ বাবে কিন্তু সেই সম্পৰ্ক আজিও অমলিন৷ কাৰণ ২২বছৰৰ আগতে একেলগে মই তাৰ সৈতে সিহঁতৰ তেজুৰ ঘৰলৈ গৈছোঁ৷ তাত আছোঁ, খাইছোঁ, ফুৰিছোঁ, খেলিছোঁ৷ মাজতে সংযোগ হেৰুৱাইছোঁ ঠিকেই৷ কিন্তু আকস্মিকভাৱে নাহৰলগুণত তাক নিজেই এবাৰ আৱিষ্কাৰ কৰিছোঁ৷ আকৌ হেৰুৱাইছোঁ৷ হঠাতে ইটানগৰত লগ পাইছোঁ৷ কিবা ঈশ্বৰীয় সংযোগ! সেয়াহে আচৰিত হ’বৰ কথা৷ আৰু আচৰিত যে এইবাৰ হায়ুলিয়াং কিম্বা খুপাত আমি আকৌ মুখামুখি হ’ম! ঘূৰাৰ বাটত পাৰিলে তেজুৰ ঘৰত সোমাই তাৰ মিছিমি মাকজনীক আৰু শাৰীৰিকভাৱে অক্ষম সৰু ভনীয়েক সৰুক এবাৰ চাম৷ স্বাভাৱিকতেই উত্তেজনাৰ মাত্ৰাটো মোৰ দেহত ক্রমাৎ বৃদ্ধি পাই আহিছিল৷
যাত্ৰাৰ কথা জানি সি ভাল পালে যদিও সময়টোক লৈহে প্ৰকাশ্যভাৱেই কিছু সংশয় ব্যক্ত কৰিলে৷ পৰৱৰ্তী দিনবোৰত চলা ফোনকলবোৰতো একেটাই ভাষ্য, ‘ট্ৰিপটো প্ৰিপ’ন কৰ৷ দেৰি হ’লে বৰষুণ আহিব, জাননে নাই? ফচি যাবি৷ ইয়াত খুব বৰষুণ দিয়ে৷ কি গাড়ী আনিবি তহঁতে?’ মই কনটেক্ট কৰিলেও সেই একেটাই প্ৰকাশ, ‘বৰষুণ আহি আছে৷ এইফালে বহুত জোৰত বৰষুণ হয়, গম পাৱনে নাই? নেৰানেপেৰা বৰষুণত পাহাৰ খহে৷’ আকৌ এদিন খবৰ দিলে,‘বৰষুণ আৰম্ভ হৈ গৈছে৷ কেইটামান স্পট বৰ বেয়া৷ বিৰাট লেণ্ড স্লাইড হয়৷ ৰাস্তা বন্ধ হৈ যাব৷ এশ কিল’মিটাৰ খোজ কাঢ়িব পাৰিবি তেতিয়া? খাবলৈও একো নাপাবি৷’ ময়ো নাছোড়বান্দা৷ পুৰণি বন্ধু, গতিকে নিঃসংকোচে দেখুৱাইছোঁ পুৰণি ডেমাকি৷ তাতে আকৌ বাৰ্ণিং ডিজায়াৰটো আছেই ভিতৰি ভিতৰি, ডং চোৱাৰ৷‘আৰে ওলাইছোঁ যেতিয়া গৈ এৰিম৷ কাম হোৱাট মে’৷ লেণ্ড স্লাইডত ফচিলে ফচিম৷ খোজ কাঢ়িম৷ মজা লাগিব৷’ তাক খং তোলা আৰু চিন্তাৰ চাকনৈয়াত হাবুডুবু খুউৱাৰ পিছত নমনীয় সুৰত কৈছোঁ, ‘আমি যোৱালৈকে বৰষুণ এৰিবঅ’, মিছাতে ইমান চিন্তা কৰিছ কিয়? প্ৰাৰ্থনা কৰি আছোঁ নহয়৷’
সঁচাসঁচিকৈ ক’বলৈ গ’লে তেনেকুৱা অভিজ্ঞতা এটাৰ সাক্ষী হ’বলৈকো মনে-প্ৰাণে বিচাৰিছিলোঁ৷ অৰুণদাকো মাজে-মধ্যে নঞৰ্থক ইংগিত এটা দি আছিলোঁ,‘ভূমিস্খলন হ’ব পাৰে’ বুলি৷ শুনি প্ৰথমে চিন্তাক্লিষ্ট হৈ পৰিছিল তেওঁ৷ ‘দাদা, গছৰ তলত থাকিবলগীয়া হ’ব পাৰে দেই’ বুলি ক’লত সংশয় অলপমান হৈছিলে যদিও মুখত হাঁহি বিৰিঙিল৷ বুজিছিল যে অনিশ্চয়তা, অসুবিধা আৰু কষ্টক জয় কৰিব পৰাতেইতো দুঃসাহসিক পৰ্যটকৰ সাৰ্থকতা৷ তাতেই উৎপন্ন হয় কাহিনী কৈ শেষ কৰিব নোৱাৰা ঘটনাৰ৷ তেনে সত্য-প্ৰশস্তিৰ মাজত থাকে অন্তহীন আনন্দ যি হৃদয়খন অনৱৰতে ফুলাই ৰাখে৷ তাতে আমি জানোৱেইচোন যে আপদ-বিপদৰ মাজেৰেই আহে জীৱনৰ বাবে কেতবোৰ দৰকাৰী শিক্ষা৷ মানসিকভাৱে শক্তিশালী হোৱা-নোহোৱাৰ পৰীক্ষা-সম্পৰীক্ষা সেয়া৷ ভ্ৰমণক শিক্ষাৰ অংগ বুলি নহ’লে কিবা এনেয়ে কয়নে? এৰোপ্লেনৰ আৰামদায়ক উৰণ বা ৰাজধানী এক্সপ্ৰেছৰ বাতানুকুল কুঠৰীত থমথমকৈ বহি কৰা যাত্ৰা আমি ইচ্ছাকৃতভাৱেই বিচৰা নাই৷ ওখ বিল্ডিং আৰু শ্বপিং মলৰ প্ৰতিও মুঠেই মন মেলা নাই৷ চহৰৰ অত্যাধুনিক হোটেল-ৰেষ্টুৰেণ্টৰ প্ৰতিও আকৰ্ষণ নাই৷ মোৰো, অৰুণদাৰো৷ সঞ্জু আৰু অনিলদাৰো একেই মানসিকতা৷ গতিকে এই চাৰিয়েই মিলি টীম মাৰ্ক’ পল’৷ চাৰিওৰে ইণ্টাৰেষ্ট আৰু চইচৰ মিল আছে৷ ভেজাল নাই৷ চিধা মানুহ, চিধা-চিধি কথা৷ লোকালয়ৰ হেমগেমৰ পৰা শত-সহস্ৰ যোজন আঁতৰৰ, নীৰৱতাৰ মাজত বিৰাজিত স্পৰ্শ-কলুষহীন অথচ সমৃদ্ধ প্ৰকৃতিয়েই প্ৰতিজনৰে লক্ষ্য৷ সৰল জীৱন-যাত্ৰাৰে আয়ুপাত কৰা অৰুণাচলৰ জনজাতীয় মানুহবোৰৰ ক’ৰবাত কেনেবাকৈ সাহচৰ্য লাভ কৰাটোৱেই, কিবা প্ৰকাৰে সহায় কৰিব পৰাটোৱেই কোমল অন্তৰৰ পৱিত্ৰ কামনা৷ তেনে প্ৰাকৃতিক-মানসিক খাদ্যৰ বাবেই একে আয়াসতে বিচাৰি লৈছোঁ আমি আমাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশ৷ সুমিত সিং পেটেল আমাৰ ড্ৰাইভাৰ-কাম-গাইড৷ তদুপৰি আছে হেমাঞ্জলি (ডিফু), পাৰ্থসাৰথি (তিনিচুকীয়া), দীপক (তেজু), ৰূপম ৰুণ (শদিয়া), লক্ষ্যহীৰা বাইদেউ (ডিফু) আদি বিভিন্নজন শুভাকাংক্ষীৰ স্বাৰ্থৰহিত সহায়-সমৰ্থন৷
পুৰণি মদ আৰু পুৰণি বন্ধুৰ চোকটো এনেয়েও বেছি৷ মোৰ পুৰণি বন্ধু ধৰ্মেনেও সজ দিহা আৰু অকুণ্ঠ সহযোগিতাৰ হাত আগ বঢ়াইছিল, ‘মে’ ৰহুঁ য়া না ৰহুঁ, তুমহাৰা ৰহনেকা ইন্তেজাম হ’ জায়েগা৷ খুপা মে’ মেৰা বাংলা হ্যায়৷ হাৱাই মে’ মামাকা ঘৰ হ্যায়৷ চলা আনা৷’ আমি ক’ত ক’ত যাব বিচাৰোঁ সেয়াও সি বৰ আন্তৰিকতাৰে সুধিছিল৷ তাৰ মতেই তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিল আমাৰ ইটিনিৰেৰী৷ অৱশ্যে কথাৰ লগে লগে মৃদু স্বৰত হ’লেও তেতিয়াও কিন্তু শুনাবলৈ এৰা নাছিল, ‘সময়টো ঠিক নহ’ল, মেৰে ভাই৷ ৰেইন মে’ ডিষ্টাৰ্ব ইউ৷’
এই সকলোবোৰ সংযোগকে কিবা পৰম সৌভাগ্য যেনহে লাগিল৷ সংযোগ আৰু কেইবাটাও ঘটিছিল৷ পিছে আগত কি আছে তেতিয়ালৈ নাজানিছিলোঁ৷
পৰৱৰ্তী খণ্ড : সাত ৷৷ ইটিনিৰেৰী

No comments:
Post a Comment