অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
৯. পুণ্যতীৰ্থ পৰশুৰাম কুণ্ড দেখিলোঁ
অলপ আগলৈকে বুদ্ধৰ নাম লৈ আছিলোঁ৷ এতিয়া লৈছোঁ
ব্ৰহ্মাৰ নাম৷ এয়াই বিভিন্নতা৷ উত্তৰ-পূবৰ বিচিত্ৰতা৷
ৱাক্র’ৰ পৰা ব্ৰহ্মকুণ্ড বা পৰশুৰাম কুণ্ডৰ দূৰত্ব ২০কিল’মিটাৰ মাত্ৰ৷ ঠিক মধ্যাহ্ন পৰত
আমি তাত উপস্থিত হ’লোঁগৈ৷ এই স্থান সমুদ্ৰপৃষ্ঠতকৈ
৩০০মিটাৰ ওখ৷ কুণ্ডটো লোহিত নদীৰ দক্ষিণ পাৰত অৱস্থিত৷
ব্ৰহ্মকুণ্ড আৰু ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্পৰ্কে
কেতবোৰ দৃঢ় লোক-বিশ্বাস আছে৷ ব্ৰহ্মকুণ্ডত স্নান কৰি পৰশুৰামে মাতৃহত্যাৰ পাপৰ পৰা
মুক্তি পোৱা বুলিও অৰ্বাচীন কালৰে পৰাই মানুহৰ মাজত ধাৰণা এটা বৰ্তি আছে৷ তাৰে পৰাই
পৰশুৰাম কুণ্ড৷ এই কুণ্ডটোৱেই শদিয়াৰ পূবৰ মিছিমি পাহাৰৰ নামনিৰ ব্ৰহ্মকুণ্ড বা পৰশুৰাম
কুণ্ড বুলি অগণন তীৰ্থযাত্ৰীয়ে অতীতৰ দিনৰে পৰাই, আজিৰ তাৰিখ পৰ্যন্ত বাটকুৰি বাই স্নান-দৰ্শন
কৰিবলৈ আহে৷ কুণ্ডটিৰ লগত ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ কোনো সম্পৰ্ক নাই বুলি পৰৱৰ্তী কালতহে
প্ৰমাণিত হৈছে৷ কুণ্ড অভিমুখে গৈ থাকোঁতে আমি প্ৰথমবাৰৰ বাবে গাড়ীৰ পৰাই দেখা পোৱা
লোহিত নামৰ নৈখনৰ পৰাই ব্ৰহ্মপুত্ৰ নামটোৰ সৃষ্টি বুলি পৌৰাণিক কাহিনীয়ে কয়৷ ভাৰতবৰ্ষৰ পূবৰ পৰা
পশ্চিম দিশলৈ বৈ অহা এই লোহিতেই ব্ৰহ্মপুত্ৰৰ আগলি নৈখন বুলিও ভবা হৈছিল৷ সেই ধাৰণা
ভুল বুলি বহু পিছতহে নিশ্চিত হ’ব পৰা গৈছে৷ সি যি কি নহওক, আমাৰ লক্ষ্য সন্মুখত থকা পৰশুৰাম কুণ্ড
বা ব্ৰহ্মকুণ্ড৷
কেৱল অৰুণাচলৰে নহয়, ভাৰতবৰ্ষৰ ভিতৰতে হিন্দুধৰ্মী লোকসকলৰ এয়া অতি পৱিত্ৰ তথা প্ৰসিদ্ধ
তীৰ্থস্থান বুলি আজিও গণ্য কৰা হয়৷ কিংবদন্তিৰ মতে, পিতৃবাক্য পালন কৰি পৰশুৰামে নিজৰ
মাকক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল৷ পিছত কুঠাৰখন দলিয়াই দিলত পাহাৰৰ ওপৰত পৰিলহি৷
কুঠাৰখনে পাহাৰটোক দুভাগ কৰিলে৷ মাজেৰে বৈ আহিল লোহিত৷ পৰশুৰামৰ কুঠাৰখন য’ত পৰিছিল সেই ঠাইৰেই নাম হ’লগৈ পৰশুৰাম কুণ্ড৷
পৰশুৰাম কুণ্ড নামটোৰ সৈতে জড়িত হৈ আছে আন এটি কৰুণ কাহিনী৷ ত্ৰেতা যুগৰ এই কাহিনীটোৰ বাবেই এই কুণ্ড আজিও হিন্দু ধৰ্মাৱলম্বী মানুহৰ বাবে এখন আকৰ্ষণীয়, জনপ্ৰিয়
তীৰ্থ বুলি ধাৰণা কৰা হয়৷ বিষ্ণুৰ ষষ্ঠ অৱতাৰ আছিল পৰশুৰাম৷ কাহিনীৰ মতে, পৰশুৰামৰ পিতৃ জমদগ্নি এজন
বিখ্যাত ঋষি আছিল৷ তেওঁৰ পত্নীৰ নাম ৰেণুকা৷ এদিন ঋষিয়ে গা ধুবৰ বাবে ৰেণুকাক গংগাৰ
পৰা পানী আনিবলৈ পাচিলে৷ ৰেণুকা গংগা পালেগৈ৷ গংগাত তেতিয়া ৰজা চিত্ৰৰথে জলপৰীসকলৰ
সৈতে জলকেলি কৰি আছিল৷ ৰেণুকাই সেই দৃশ্য চাই বিভোৰ হৈ থাকিল৷ ফলত পানী অনাত পলম হ’ল৷ ইফালে ঋষিয়ে ধ্যানযোগে পত্নীৰ
দেৰি হোৱাৰ কাৰণটো জানিব পাৰিলে৷ জমদগ্নি খঙত জ্বলি-পকি উঠিল৷ মাকক শিৰচ্ছেদ কৰিবলৈ
পুত্ৰহঁতক আদেশ দিলে৷ ইফালে মাতৃহত্যা মহাপাপ৷ গতিকে প্ৰথম চাৰিজন পুত্ৰই পাপলৈ ভয় কৰি পিতৃবাক্য
পালন কৰিবলৈ অমান্তি হ’ল৷ পিছত পঞ্চম পুত্ৰ পৰশুৰামে তেওঁৰ হাতত থকা পৰশু-কুঠাৰেৰে মাকৰ মূৰ কাটি পেলালে৷ সেই কুঠাৰখন তেওঁ শিৱক আৰাধনা কৰি পাইছিল৷ মাতৃহত্যাৰ দৰে চৰম পাপত লিপ্ত
হোৱাৰ ফলত কুঠাৰখন তেওঁৰ হাতত লাগি ধৰিলে৷ আনহাতে, পিতৃ অৰ্থাৎ ঋষি জমদগ্নি পুত্ৰ পৰশুৰামৰ
কামত সন্তুষ্ট হ’ল৷ পৰশুৰামক আশীৰ্বাদ দিলে চিৰঞ্জীৱী
অজেয় বীৰ হ’বলৈ৷ লগতে বৰ প্ৰাৰ্থনা কৰিবলৈ
ক’লে৷ পৰশুৰামে তেতিয়া মাতৃৰ পুনৰ্জীৱন
ভিক্ষা খুজিলে৷ তদুপৰি মাতৃহত্যাৰ পাপৰ পৰা উদ্ধাৰ পাবলৈ পিতৃৰ পৰা উপায় বিচাৰিলে৷
পিতৃয়ে তেওঁক উপদেশ দিলে তপস্বীৰ বেশেৰে তীৰ্থ ভ্ৰমণ কৰিবলৈ৷ পৰশুৰামেও তাকে কৰিলে৷ হাতত লাগি থকা
কুঠাৰখনৰ সৈতে বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি আহি আহি এদিন ব্ৰহ্মকুণ্ড পালেহি৷ তাত আৱদ্ধ হৈ থকা
পানী পাৰ কাটি বোৱাই দিলে৷ পিছত সেই কুণ্ডৰ পানীত স্নান কৰাৰ ফলত মাতৃহত্যাৰ পাপ মোচন হৈ হাতৰ
কুঠাৰখন আপোনা-আপুনি সৰি পৰিল! এই কাহিনীৰ পৰাই লোহিত নদীত থকা এই কুণ্ডটিৰ নাম পৰশুৰাম কুণ্ড বুলি
জনাজাত হৈ আহিছে৷
মূল পথ এৰি সোঁহাতে সোমাই পেটেলে গাড়ীৰ ষ্টাৰ্ট
বন্ধ কৰিলে৷ ধৰ্মীয় পৰম্পৰাৰ প্ৰতি সন্মান জনাই আমিও স্থানটি দৰ্শন কৰাৰ অভিপ্ৰায়েৰে
সভক্তিৰে গাড়ীৰ পৰা নমাৰ প্ৰস্তুতি চলাব ধৰিলোঁ৷ গা ধুওঁতে প্ৰয়োজন হ’ব পৰা কাপোৰ-কানি, গামোচা আদি
বেগৰ পৰা উলিয়াই লোৱা হ’ল৷ তাৰ পাছতে আটায়ে দপ্দপাই
আগলৈ খোজ বঢ়ালোঁ৷ প্ৰথমে ক্রমে ওপৰলৈ৷ তাৰ পিছত ক্রমান্বয়ে তললৈ৷ পাহাৰীয়া ট্ৰেকিং
এটা৷ আৰম্ভণিৰ পৰাই চকুৰ আগলৈ আহিল লানি নিছিগা সংখ্যাৰ পকী খটখটী৷ মাজে মাজে বহা ঠাই৷ ব্যৱস্থাটো ভাল
লাগিল৷ অকাই-পকাই আগলৈ যোৱা চিৰি অনুসৰণ কৰি আমিও নিৰ্দিষ্ট বেগত গৈ আছোঁ৷ পাহাৰৰ বক্ষত
দেখা পাইছোঁ কেইবাটাও মন্দিৰ৷ ৰাম, লক্ষ্মণ, হনুমান আদিৰ মন্দিৰ৷
নাতিদূৰৰ পৰা ভাহি অহা খৰস্ৰোতা নদীৰ পানী আৰু
শিলৰ ঘৰ্ষণৰ ফলত উৎপত্তি হোৱা কল্কলনি এটা গাড়ীৰ পৰা নামি পৱিত্ৰ ভূখণ্ডত ভৰি দিয়াৰ
পিছৰে পৰাই কৰ্ণপটহত একেৰাহে বাজি আছে৷ বতাহত উৰি উৰি আহিছে বৰষুণৰূপী হিমকণা কিছুমান৷
গছ-গছনিবোৰৰ পৰা ওলাইছে সোঁ-সোঁৱনিৰ শব্দ৷ মায়াময় পৰিৱেশ৷ পাতলীয়া এজাক বৰষুণ৷ ঠাণ্ডা
লাগিছিল৷ পিছে সকলোবোৰ মিলি দৃশ্যপটটো এনে উপভোগ্য কৰি তুলিলে যে খৰতকীয়া খোজৰ দৌৰাত্ম্যত
শীতৰ জঠৰতা কেনিবাদি পলাই ফাট মাৰিলে৷ আৰোহণ-অৱৰোহণৰ অন্তত এটা সময়ত কুণ্ডৰ ঠিক ওপৰ
অংশত উপস্থিত হ’লোঁগৈ৷ লোহিত বৈ আছে ধৰ্ফৰাই৷
দৌৰ মাৰি গৈ যদি পোনে পোনে লং জাম্প মাৰি দিয়া হয় তেনেহ’লে নিৰ্ঘাত লোহিততে ৰ’বগৈ৷ থিয় গৰাটো নামি সোঁপিনে
এটা পাক৷ পাকটো ঘূৰিলেই তলত ইমান দিনে আহিব নোৱাৰি মাত্ৰ গুগুলৰ ফটো চাই চাই কল্পনাতে ছটফটাই
থকা ঠাইডোখৰ৷ কত বছৰৰ জল্পনা-কল্পনাৰ পিছত এইবাৰহে এই স্থান দেখা
পোৱাৰ সৌভাগ্য মিলিছে৷
পুৰণি কিতাপত পুৰণি মানুহে বহুতো কথাই গৈ গৈছে৷
লোহিতৰ উত্তৰ পাৰে আকাশ চুমি থকা ধৰণে ওখ মিছিমি পাহাৰৰ শাখা-প্ৰশাখা৷ তাৰ কাষেদি এখন
নীলা কাপোৰ মেৰিয়াই ৰখাৰ দৰে বৈ আহিছে পৰ্বতীয়া জীয়ৰী লোহিত৷ ব্ৰহ্মকুণ্ডৰ তিনিও পাৰ
শিলেৰে গঁথা৷ তাৰ ভিতৰত কুণ্ডৰ আকৃতি ধৰি স্থিৰ জলৰাশি৷ সেই জলৰাশিত সূৰ্যৰ ৰশ্মি পৰিবলৈ
নাপায়৷ পানী অতি চেঁচা৷ গা ধুওঁতে তলৰ পলসুৱা বালিত ভৰি সোমাই যোৱা যেন লাগে৷ যাত্ৰীৰ
সুবিধাৰ কাৰণে হাতৰে খামুচি ধৰিবলৈ এডাল লোৰ শিকলি এই কুণ্ডৰ মাজলৈকে দিয়া থাকে৷ স্নানাৰ্থী
যাত্ৰীয়ে এই শিকলি ধৰি বিপদৰ পৰা তৰে৷ ব্ৰহ্মকুণ্ডত বহুত মাছ আছে৷ এই মাছ কোনেও নামাৰে৷
ইয়াত গা ধোৱাৰ পিছত তিতা কাপোৰখিনি মিছিমি মানুহৰ প্ৰাপ্য৷ এই বৰ্ণনা অতীতৰ৷
পিছে বিধিৰ কি বিপাক! তেনে এক অতীততে ১৯৫০চনৰ ১৫আগষ্টত হঠাতে আহিল
বৰ-ভূঁইকঁপ৷ তাৰ আগতে নৈখনৰ পানী হেনো শান্ত আছিল৷ ভূমিকম্পৰ পিছৰে পৰাহে বলিয়া হ’ল৷ এতিয়াৰ যি পৰশুৰাম কুণ্ড আমি
চাবলৈ ওলাইছোঁ, সেয়া প্ৰকৃতাৰ্থত ভূঁইকঁপৰ ধ্বংসাৱশেষহে৷ কুণ্ডৰ উজনিৰ ফালে সিঁচৰতি
হৈ থকা ডাঙৰ ডাঙৰ শিল আছিল৷ তাত খুন্দা খাই লোহিতৰ পানীয়ে প্ৰচণ্ড শক্তিৰে কুণ্ডত প্ৰৱেশ
কৰিলে৷ অতিশয় বেগেৰে সোমাই গৈ তৰ্জন-গৰ্জন কৰি অতীতৰ স্মৃতি বিজড়িত পুণ্যক্ষেত্ৰ সমূলে
ধ্বংস কৰি গ’ল৷ প্ৰলয়ংকাৰী সেই ভূমিকম্পই
আগতে কুণ্ডত যাত্ৰিকসকলে পূতস্নান কৰা ফকীৰ শিলাক মোচৰি থৈ গ’ল৷
সেই সময়ত প্ৰকৃতি ৰুষ্ট হৈছিল ঠিকেই৷ কিন্তু সেই
প্ৰকৃতিয়েই পৰৱৰ্তী সময়ত পুনৰায় ঊৰ্ধ্ববাহু হৈ লক্ষ লক্ষ পুণ্যপ্ৰয়াসী ভক্তপ্ৰাণৰ উপৰি
দেশ-বিদেশৰ পৰ্যটকক নিতৌ আৱাহন জনাই আছে পৰ্বতৰ থিয় ঢাল, তলত ফেনিল পানী, বালি আৰু শিলৰ অপৰূপ
ৰূপৰ মিশ্ৰণ উপভোগ কৰিবলৈ৷ প্ৰকৃত কুণ্ডটি বিলুপ্ত হ’ল যদিও পুণ্যসলিলাৰ প্ৰতি শ্ৰদ্ধা
আৰু আদৰ মানুহৰ মনত বৰ্তমানেও অটুট আছে৷ পৰম ভক্তিত গদ্গদ্ দৰ্শনাৰ্থী, স্নানপ্ৰাৰ্থী
কিছুমান আমি তাত দেখা পালোঁ৷
বিশ্বাস কৰা হয় যে এই পৱিত্ৰ ধামত অৱগাহন কৰিলে সকলো পাপ নাশ হয়৷ কালিকা পুৰাণৰ মতে মাতৃহন্তা পৰশুৰামে ইয়াতে পানীত ডুব মাৰি পাপমুক্ত হৈছিল৷ প্ৰতি বছৰে জানুৱাৰী মাহৰ ১৩ৰ পৰা ১৫ তাৰিখলৈকে পুহ-মাঘৰ মকৰ সংক্রান্তিৰ সময়ত এই স্থানত বৃহৎ এলেকা জুৰি মেলা অনুষ্ঠিত হয়৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰি বাহিৰৰো অগণন মানুহৰ সমাগম হয়৷ পুহমহীয়া প্ৰচণ্ড জাৰকো নেওচি সেই মাঘী পূৰ্ণিমাত লানি নিছিগা সোঁত বয় পূতঃস্নানৰ অৰ্থে৷ বিৰ দি বাট নোপোৱা অৱস্থা হৈ পৰে দিনে-ৰাতিয়ে সমানে৷ মোৰ সেই অভিজ্ঞতা এতিয়াও হোৱা নাই৷ বন্ধু-বান্ধৱৰ মুখতহে বৰ্ণনাবোৰ শুনি আছিলোঁ৷ তেনেকৈয়ে এই স্থান দৰ্শনৰ দুৰ্বাৰ হেঁপাহ এটা গঢ় লৈ উঠিছিল৷ কমলাৰঙী বস্ত্ৰ পৰিধান কৰি ভাৰতবৰ্ষৰ ইকোণ-সিকোণৰ তীৰ্থস্থান ভ্ৰমি ফুৰা ‘মহাৰাজজী’ এজনৰ সৈতেও আমাৰ এই যাত্ৰাটোৰ প্ৰস্তুতি কালতে বৰ দীঘলীয়া আলাপেই হৈছিলগৈ, পৰশুৰাম কুণ্ডৰ প্ৰসংগ লৈ৷ আজি উপস্থিত হ’লোঁ ইয়াত৷ মনত লৈ থকা আশা এটা পূৰ্ণ হোৱাত সেয়ে বৰ ৰং লাগিছে৷
বিশ্বাস কৰা হয় যে এই পৱিত্ৰ ধামত অৱগাহন কৰিলে সকলো পাপ নাশ হয়৷ কালিকা পুৰাণৰ মতে মাতৃহন্তা পৰশুৰামে ইয়াতে পানীত ডুব মাৰি পাপমুক্ত হৈছিল৷ প্ৰতি বছৰে জানুৱাৰী মাহৰ ১৩ৰ পৰা ১৫ তাৰিখলৈকে পুহ-মাঘৰ মকৰ সংক্রান্তিৰ সময়ত এই স্থানত বৃহৎ এলেকা জুৰি মেলা অনুষ্ঠিত হয়৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰি বাহিৰৰো অগণন মানুহৰ সমাগম হয়৷ পুহমহীয়া প্ৰচণ্ড জাৰকো নেওচি সেই মাঘী পূৰ্ণিমাত লানি নিছিগা সোঁত বয় পূতঃস্নানৰ অৰ্থে৷ বিৰ দি বাট নোপোৱা অৱস্থা হৈ পৰে দিনে-ৰাতিয়ে সমানে৷ মোৰ সেই অভিজ্ঞতা এতিয়াও হোৱা নাই৷ বন্ধু-বান্ধৱৰ মুখতহে বৰ্ণনাবোৰ শুনি আছিলোঁ৷ তেনেকৈয়ে এই স্থান দৰ্শনৰ দুৰ্বাৰ হেঁপাহ এটা গঢ় লৈ উঠিছিল৷ কমলাৰঙী বস্ত্ৰ পৰিধান কৰি ভাৰতবৰ্ষৰ ইকোণ-সিকোণৰ তীৰ্থস্থান ভ্ৰমি ফুৰা ‘মহাৰাজজী’ এজনৰ সৈতেও আমাৰ এই যাত্ৰাটোৰ প্ৰস্তুতি কালতে বৰ দীঘলীয়া আলাপেই হৈছিলগৈ, পৰশুৰাম কুণ্ডৰ প্ৰসংগ লৈ৷ আজি উপস্থিত হ’লোঁ ইয়াত৷ মনত লৈ থকা আশা এটা পূৰ্ণ হোৱাত সেয়ে বৰ ৰং লাগিছে৷
বিভিন্ন ঠাইৰ পৰা অহা মানুহৰ থকা-খোৱাৰ বাবে এই
স্থানত ব্যৱস্থাকৰ্তা আছে৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ পথ-দূৰত্ব প্ৰায় ১৬০কিল’মিটাৰ৷ চৌখামৰ পৰা ৫৬কিল’মিটাৰ৷ লোহিত জিলাৰ অন্তৱৰ্তী
এই ঠাইৰ পৰা জিলা সদৰ তেজু বা আঞ্জাৱ জিলাৰ সদৰ হাৱাইলৈ বুলি যাওঁতে বাটত পোৱা ৱাই
জংছনলৈ ১৫কিল’মিটাৰ বাকী থাকে৷ তেজুলৈ ইয়াৰ
পৰা ভটিয়াই গ’লে ২১কিল’মিটাৰ হ’ব৷ শদিয়াৰ পৰা দূৰত্ব ৪৫কিল'মিটাৰ৷ মনোলোভা প্ৰাকৃতিক দৃশ্যৰে
পৰিপূৰ্ণ পৰশুৰাম কুণ্ড স্থানডোখৰ৷ হেনৰী কোট্টামলৈ ফট্কৈ মনত পৰিল৷ যাবলৈ আহিছিল
চীনলৈ৷ পিছে থমকিল এই ডোখৰতেই৷ দুৰ্গমতাই যাবলৈ নিদিলে৷ আমি পিছে থমকি নৰওঁ৷ যাম চীন
সীমান্তলৈ৷ ইয়াত ৰৈছোঁ মাত্ৰ অলপমান সময়, অকণমান পুণ্য অৰ্জনৰ নিমিত্তে৷
পৰৱৰ্তী খণ্ড :
১০. পূণ্যতীৰ্থত পূণ্যস্নান
No comments:
Post a Comment