অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
খুপাৰ সৰহসংখ্যক লোকেই চাকৰিয়াল৷ হায়ুলিয়াঙত থকা
চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকল থাকিবৰ বাবে এইখন এখন ক’লনী অৰ্থাৎ আৱাসিক এলেকা৷ টাউনশ্বিপ
বোলা হয় যদিও বহুত বস্তুৰেই ইয়াত অভাৱ৷ তেনেকৈয়ে জীৱন কটাই আছে খুপাবাসীয়ে৷
শাৰী শাৰী কোৱাৰ্টাৰ, ভাগে ভাগে ৰাস্তা৷ বহুবোৰ
ঘৰ পুৰণি হৈছে অৱশ্যে৷ টিনপাতত মামৰে ধৰিছে, বেৰবোৰ জহি-খহি গৈছে, ৰঙৰ উজ্জ্বলতা ম্লান
পৰিছে৷ সকলোতকৈ ডাঙৰ কথা, প্ৰকৃতিৰ দানস্বৰূপ লগতে লাগি থকা পাহাৰলানিয়ে ঠাইখনলৈ অদ্ভুত সৌন্দৰ্য এটা আনি দিছে৷ খুপাৰ মাজেদি যোৱা মূল ৰাস্তাটোৰে খোজ কাঢ়ি, আগফাল-পিছফাল,
সোঁহাত-বাওঁহাতে কি কিনো আছে চাই গ'লোঁ৷
ভিন্ন জাতি, গোষ্ঠী, সম্প্ৰদায়, ধৰ্ম, বৰ্ণ, ভাষাভাষী
লোকৰ বসতি ইয়াত৷ যেন অনৈক্যৰ মাজত ঐক্য৷ তেনেকুৱা এজন চাকৰিয়াল, অসমৰ কাকপথাৰৰ ভূপেন
দুৱৰাৰ সৈতে পথৰ ওপৰতে বিভিন্ন প্ৰসংগ সন্দৰ্ভত ভালেমান পৰ আলাপ চলিল, মৰ্ণিং ৱাকত
ওলাই যাওঁতেই৷ শ্বাকলা ভিলেজৰ মূৰৰ পৰা উভতি আহোঁতে ৰাস্তাতে তেওঁক পালোঁ৷ অচিনাকি
মানুহ দেখি তেওঁ আমালৈ ৰ লাগি চালে৷ আমিও তেওঁৰ সেই চাৱনিক প্ৰত্যাহ্বান জনাই হাঁহি
মাৰি দিলোঁ৷ বচ, হৈ গ’ল সংযোগ সাধন৷ তাৰ পিছত অনৰ্গল
কথা৷
কম সময়ৰ ভিতৰতে আন আন ফালেও ঘূৰি-পকি খুপাৰ ৰেহ-ৰূপ
চালোঁ৷ কাঠ ফলা কল, প’ষ্ট অফিচ, ১৪.২.১৯৯২তাৰিখে স্থাপিত
চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়, ২০০০চনৰ ১৫ফেব্ৰুৱাৰীত মুখ্য মন্ত্ৰী মুকুট মিথিয়ে আধাৰ
শিলা স্থাপন কৰা গড়কাপ্তানি বিভাগৰ হায়ুলিয়াং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়,
২০০৯ত নিৰ্মিত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ টাৱাৰ, দয়ানন্দ আৰ্য বিদ্যাপীঠ স্কুল, ২০১৫ত
প্ৰতিষ্ঠা লভা আঞ্জাৱ বিদ্যাপীঠ, পুলিচ অফিচ, দোকান আদি দেখা পালোঁ৷ স্কুলীয়া শিশুকেইটামানৰ পুৱাৰ খেল-ধেমালি
চাই আনন্দ লাগিল৷ সিহঁততকৈ ডাঙৰ কেইটামানৰ লগতো দুআষাৰ কথা পাতিলোঁ৷ হিন্দী সকলোৱে
ক’ব পাৰে৷
দূৰৈত, পাহাৰৰ বক্ষত কৰা কানি খেতি এডৰা এজনে আঙুলিয়াই দেখুৱাইছিল৷ গছ-গছনিৰে ভৰপূৰ পাহাৰটোৰ এবখলা নাই৷ তাতে পপী ফুলৰ খেতি কৰা হৈছে৷ ইয়াৰ পৰা মাত্ৰ ২কিল’মিটাৰ নিলগত তাফলিয়াং নামৰ গাঁওখন, য’ত কানিৰ উৎপাদন আৰু চোৰাংভাৱে বিক্রীও কৰা হয়৷ কানিৰ প্ৰচলন অৰুণাচলত এতিয়াও আছে৷ ম্যানমাৰ সীমান্ততো কানি খোৱা মানুহ আমি লগ পাইছিলোঁ৷ পপী ফুলৰ খেতি ধ্বংস কৰিবলৈ মাজে মাজে ইয়াত প্ৰশাসনে কাৰ্যসূচী হাতত লয়৷ আমপানী লজত তেনেকুৱা বৃহৎ দল এটাই বাহৰ পাতি থকাৰ উমান আমি কালিয়েই পাইছিলোঁ৷ আজি চাগৈ অভিযান চলিব৷ তেনেকুৱা অভিযান এটাত যোৱাৰ সুযোগ পোৱা হ’লে! মনত খু-দুৱনি লগাই থকা বহু কথাই উন্মোচিত হ'লহেঁতেন৷
উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি আৰু সিবোৰৰ বৈচিত্ৰ্যময়
সংস্কৃতিক ব্ৰিটিছেই সৰ্বপ্ৰথমে বিশ্ববাসীৰ আগত পৰিচয় কৰোৱাইছিল৷ ভাৰতত জনজাতি অৱধাৰণাটোৰ
সৃষ্টিকৰ্তাও আছিল ব্ৰিটিছ বাহাদুৰ৷ এই সন্দৰ্ভত ইংৰাজ প্ৰশাসকক প্ৰশংসা কৰিও অন্য
এটা কথা কোনোপধ্যে কিন্তু অস্বীকাৰ কৰিব নোৱাৰি যে কানি বৰবিহৰ মুক্ত প্ৰৱৰ্তন ব্ৰিটিছৰ
দিনতেই হৈছিল৷ কানিৰ ব্যৱহাৰে দুৰাৰোগ্য বেমাৰত অব্যৰ্থ ফল দিয়ে, এইজাতীয় ধাৰণা হোজা,
নিৰক্ষৰ মানুহবিলাকৰ মনত জাতিধ্বংসী ইংৰাজে এনেকৈ সুমুৱাই দিলে যে বৃহদাংশই ইয়াৰ ভক্ত
হৈ পৰিল৷ অন্য একাংশৰ মাজত কানি সেৱনকলৈ আভিজাত্যৰ সংস্কৃতি (!) প্ৰচলিত হ’ল৷ এনেকুৱা চক্রান্তমূলক প্ৰচাৰে
ব্ৰিটিছৰ ঔপনিৱেশিক স্বাৰ্থৰ অনুকূলে অভাৱনীয়ভাৱে কাম দিলে৷ আনহাতে, অপকাৰিতা সম্বন্ধে
অৱগত হৈও ইংৰাজে বৰ-অসমৰ পৰ্বতীয়া জাতিবোৰক পঁচা হিচাপে কানিহে দিছিল৷ পাৰ্বত্য জাতিৰ
লোকে যাতে ভৈয়ামলৈ আহি দৌৰাত্ম্য নকৰে সেয়ে কানি খুৱাই শক্তিহীন, সোৰোপা কৰাটো শাসকৰ
অন্তৰ্নিহিত অভিপ্ৰায় আছিল৷ অনুশাসন নমনা আৰু সততে স্বাধীনমনা গোষ্ঠীবোৰক আইনৰ বহতীয়া
কৰিবলৈকে তেনেকুৱা ষড়যন্ত্ৰ ৰচিছিল সুচতুৰ ইংৰাজে৷ কানিৰ অবাধ প্ৰচলন আৰু সেৱনে যুঁজাৰু
প্ৰবৃত্তি, মান-মৰ্যাদা, কৰ্মশক্তি, উৎসাহ, সময়জ্ঞান সকলো হৰিলে৷ অন্যত নিষিদ্ধ কৰিলেও
অসমৰ বহিৰ্ভূত অঞ্চলসমূহত কিন্তু ব্ৰিটিছে উক্ত প্ৰথা উঠাই দিয়া নাছিল৷ কানিৰ আসক্তিয়েই
তিল তিলকৈ ধ্বংসৰ গৰাহলৈ নিক্ষেপ কৰিলে জনগোষ্ঠীসমূহক৷ কানীয়া বুলি অসমীয়াৰ দুৰ্নাম
এটা আজিকোপতিও চলিত আছেই৷ কানিভক্ত বংশধৰসকলে আজিও ইতিহাসসিদ্ধ সেই কাহিনী আওৰায়ে
আছে৷ খুপাৰ পাহাৰে যেন আকৌ এবাৰ তাকেই আমালৈ চাই নীৰৱে দোহাৰি গ’ল!
ৱালং-চালাংগম ৰাস্তাটো খুপাৰ এটা মূৰে, ওপৰৰ পৰা দেখা যায়৷ সেইফালে খোজ কাঢ়ি গৈ ৰাস্তাৰ লগতে লোহিতখন চালোঁগৈ৷ মূল পথটোৰ সিটো কাষেৰে হায়ুলিয়াঙৰ ফালৰ পৰা পাহাৰৰ ফাঁকেৰে নৈখন বৈ আহিছে৷ এইখনকেই আমি পৰশুৰাম কুণ্ডৰ বহল দলঙেৰে পাৰ হৈ আহিছোঁ৷ এইছোৱাত প্ৰস্থ তুলনামূলকভাৱে বহুখিনি কম, গতি কিন্তু বেছি৷ গতিশীলতাৰ বাবেই দৃশ্যটো চালে চাই থাকিবৰ মন যায়৷ লয়লাস ভংগীমাৰ এনেকুৱা ৰূপেৰে নদীয়ে পৰ্যটকক সহজেই পাগল কৰি দিব পাৰে৷
খুপাৰ স্থানীয় আৱাসী ধনে-ধানে অতিপাত চহকী নহয়৷ চাকৰিৰ উপৰি কৃষি, ক্ষুদ্ৰ বেপাৰ আৰু কুটিৰ শিল্পই ইয়াৰ মানুহৰ জীৱনোপায়৷ মাটি-পানী-হাবিৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল জীৱন আৰু জীৱিকা৷ অৰুণাচল চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, স্থানীয় এম.এল.এ. তথা মোৰ বন্ধুৰ মোমায়েকৰ ঘৰটোৱে ঠাইখনৰ ভিতৰত সবাতোকৈ আহল-বহল৷ তাৰ সন্মুখতে মূল পথৰ দাঁতিত আছে আছাম অয়লৰ এটা তেল ডিপ’৷ শুনিছিলোঁ যে ভাৰতৰ সকলোতকৈ পূবত থকা ফুৱেল ৰিফিলিং ষ্টেচনটো খুপাতেই আছে৷ সেইটো এতিয়া আমাৰ সন্মুখত৷ পৰৱৰ্তী যাত্ৰাৰ বাবে এই অন্তিম ডিপ'টোতে আমাৰ গাড়ীত তেল ভৰাই ল’ব লাগিব৷ কাৰণ আগলৈ যিমান গ’লেও তেল পাবলৈ ডিপ’ আৰু নাই! একেদৰে, খুপাৰ এমূৰেদি হায়ুলিয়াং হৈ আগলৈ গৈ যোৱা ৰাস্তাটোৰো অন্ত এটা আছে৷ আৰু সেই পৰ্যন্ত গৈ থকাই আমাৰো উদ্দেশ্য৷
পৰৱৰ্তী লেখা :
৩. খুপা এৰিলোঁ, পালোঁ হায়ুলিয়াং
No comments:
Post a Comment