আকৌ ফুটবল এখন চালোঁ…
বাৰ্চিলোনা ৩, জুভেণ্টাছ ১
ঐতিহাসিক
জয়েৰে এটা চিজনত তিনিটা খিতাপ দুবাৰকৈ জয় কৰা ইতিহাসৰ প্ৰথমটো ফুটবল দল হিচাপে পৰিগণিত
হ’ল আমাৰ প্ৰিয় এফ.চি. বাৰ্চিলোনা৷ ৬জুন শনিবাৰ (আমাৰ সময়মতে দেওবাৰ, ৭জুন)ৰ বহু
প্ৰত্যাশিত এই খেলখনৰ বাবে আমি পিতা-পুত্ৰ হালেই ৰৈ আছিলোঁ বহুদিনৰ আগৰে পৰাই৷
মনত অনেক জল্পনা-কল্পনা ৷
উল্লেখ্য যে ছেমি ফাইনেলত বাৰ্চিলোনাই বেয়াৰ্ন
মিউনিখক আৰু জুভেণ্টাছে ৰিয়েল মাদ্ৰিদক পৰাস্ত কৰিছিল৷
অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ
পেলাই ফুটবল পথাৰৰ যোগ্য দল হিচাপেই বাৰ্চিলোনাই আজুৰি আনিলে উয়েফা চেম্পিয়নছ
লীগৰ চেম্পিয়নশ্বিপ সন্মান ৷ প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাই লিপিবদ্ধ কৰিলে তিনিটাকৈ খিতাপ জয়
কৰা ইউৰোপিয়ান দলৰ তালিকাত নিজৰ নাম৷ এই ইতিহাস ৰচনাত হাত ধৰিলে গ’লদাতা ইভান ৰাকিটিক, লুই ছুৱাৰেজ, নেইমাৰ জুনিয়’ৰ প্ৰমুখ্যে দলৰ
খেলুৱৈসকলে৷ চলিত চিজনত দুৰ্দান্ত ফৰ্মত থকা তিনি ছুপাৰষ্টাৰ ক্ৰমে লায়’নেল মেছি, ছুৱাৰেজ আৰু
নেইমাৰৰ দৃষ্টিনন্দন ফুটবলে নিশাৰ প্ৰতিটো মুহূৰ্ততে সজীৱ কৰি ৰাখিলে আমাক৷ বল
আৰু নে’টৰ স্পৰ্শ স্থাপনত ছুৱাৰেজ আৰু নেইমাৰৰ চমৎকাৰিত্বৰ উপৰি আন্দ্ৰেছ ইনিয়েষ্টা,
জাভি হাৰ্ণাণ্ডেজৰ ফুটবল বৈচিত্ৰ্যই অভিভূত কৰিলে প্ৰতিটো পল-অনুপল৷ বিপৰীতে
জুভেণ্টাছৰ গিয়ানলুইগি বাফন, আন্দ্ৰেয়া পিৰ্লো, কাৰ্লোছ টেভেজ, ক্লডিঅ’ মাৰ্চিছিঅ’, উদীয়মান তাৰকা প’ল পগবাৰ ক্ৰীড়ানৈপুণ্যয়ো
মধ্যনিশা চকু টানি অনা টোপনিৰ শক্তিক ক’ৰবালৈ খেদি পঠিয়ালে৷
এফালে স্পেনিছ আৰু আনফালে
ইটালীৰ আগশাৰীৰ দল দুটিৰ তাৰকাসমৃদ্ধ ফুটবলাৰৰ শেহতীয়া কাৰুকাৰ্য চাই দুনয়ন ভৰি উঠিল৷ফেভাৰিট দল হিচাপেই বাৰ্লিনত শেষ হাঁহিটো মাৰিলে এফ.চি. বাৰ্চিলোনাই৷ চেম্পিয়নছ লীগৰ বিজয়েৰে
ট্ৰফী উপহাৰ দিয়াৰ স্বপ্ন সাকাৰ কৰি দলৰ মিডফিল্ডাৰ জাভিয়ে সামৰিলে বাৰ্চিলোনাত নিজৰ
বৰ্ণাঢ্য ফুটবল কেৰিয়াৰ৷ আৰম্ভণিৰে পৰা শেষ মিনিট পৰ্যন্ত প্ৰতিটো মুহূৰ্ততে
উত্তেজনাই বিৰাজ কৰি থকা খেলখনত পোনতে আধিপত্য বিস্তাৰ কৰে বাৰ্চিলোনাই৷ স্ক’ৰিং ট্ৰায়’ মেছি, নেইমাৰ, ছুৱাৰেজক বিপক্ষৰ ৰক্ষণ বিভাগে চোকা পহৰাত
ৰখাৰ সুযোগ লৈ বাৰ্চিলোনাৰ গলসন্ধানী মিডফিল্ডাৰ ৰাকিটিকে প্ৰথমটো গ’লেৰে নিজ দলক আগুৱাই নিয়ে৷ প্ৰথমাৰ্ধৰ
৪মিনিট গৈছেহে তেতিয়া৷ তাৰ পিছতো বাৰ্চিলোনাৰ উপৰ্যুপৰি আক্ৰমণত থকা-সৰকা হৈ পৰিছিল
জুভেণ্টাছৰ দুৰ্গ৷ লাহে লাহে থিতাপি লৈ ৫৫মিনিটত অলভাৰো মৰাটাই দলৰ হৈ গ’ল কৰি সমতা স্থাপন কৰিবলৈ সক্ষম
হয়৷
দ্বিতীয়াৰ্ধৰ আৰম্ভণি হুইচেলটোৰ পৰাই জুভেণ্টাছে
হেঁচা প্ৰয়োগ কৰিব ধৰিলে৷ ক্ষীপ্ৰতৰ কাউণ্টাৰ এটেকেৰে বাৰ্চিলোনায়ো তামাকাঁহা দেখুৱাই
গ’ল প্ৰতিপক্ষক৷ ৬৮মিনিটত ছুৱাৰেজে
গ’ল দি দলক আগুৱাই নিলে (২-১)৷
তাৰ পিছতে নেইমাৰে হে’ড কৰি গ’ল এটা দিছিল যদিও বলটোৱে তেওঁৰ সোঁহাতখন চুই যোৱাত ৰেফাৰীয়ে নাকচ কৰে৷ খেলৰ
অন্তিম মিনিটত একেজন গ’লপিপাসুৱে দৰ্শনীয় ফিনিশ্বিঙেৰে ফলাফল ৩-১ কৰিবলৈ সক্ষম হয়৷ বাৰ্লিনৰ অলিম্পয়াষ্টেডিয়ন
তেতিয়া সমৰ্থকৰ আনন্দোৎসৱত ফাটি পৰিছিল৷ লগে লগে পৰিসমাপ্তি ঘটিছিল উয়েফা চেম্পিয়নছ লীগ ২০১৫ৰ চূড়ান্ত খেলখনৰো৷
প্ৰিয় খেলুৱৈ নেইমাৰৰ অন্তিম
মুহূৰ্তৰ সেই দৰ্শনীয় গ’লটোৰে বাৰ্চিলোনাই চিজনটোৰ বাবে অভিযান সামৰাৰ পিছত
আনন্দ-উল্লাসৰ মাজেৰে আমি পিতা-পুত্ৰ হালে যেতিয়া চিনাকি বিছনাখনত নিশাটোৰ
অৱশিষ্ট সময়কণৰ বাবে থিত্ লৈছিলোঁগৈ, ডিজিটেল ৱালক্লকটোত তেতিয়া ঠিক
২.৩০বাজিছিল৷ চকু বন্ধ কৰাৰ পিছতো কিছু সময়ৰ বাবে ভাহি আছিল ফুটবল যাদু৷ এই যাদুৰ অদ্ভুত মন্ত্ৰশক্তিয়ে পৃথিৱীৰ ফুটবলপ্ৰেমীক নিতে মোহাচ্ছন্ন কৰি আহিছে৷ আমিও তাৰ মাজতে আছোঁ৷
No comments:
Post a Comment