Friday, 26 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৯. বন্ধুৰ বাংলোত


প্ৰদূষণবিহীন সতেজতাৰে ভৰা খুপাত আৰোহণ কৰিয়েই আমপানী লজ্‌টো বাটতে, সোঁহাতে. সহজতে, প্ৰথমেই দেখা পালোঁ৷ থকা ঠাইৰ কথা লৈ ইণ্টাৰনেটত খুঁচৰি ফুৰোঁতে ছবিহে দেখা পাইছিলোঁ ঘৰটোৰ৷ এতিয়া নিজৰ চকুৰ আগত, সোঁশৰীৰে দণ্ডায়মান৷ এনেয়ে এবাৰ সোমাই চোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ ধৰ্মেন বাবুৰ বিষয়ে তাতে কাৰোবাক সোধা যাওক বুলি গাড়ীৰ পৰা নামি দিলোঁ৷

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জেনেৰেল জে. জে. সিঙে ৰাজ্যখনৰ বিত্ত, কৰ আৰু আবকাৰী মন্ত্ৰী কালিখ পুলৰ উপস্থিতিত ২০০৯চনৰ ১৭জানুৱাৰী তাৰিখে লজটো উদ্বোধন কৰিছিল৷ কথাখিনি খোদাই কৰি ৰখা বাহিৰৰ ফলকখন মন দি পঢ়ি আছিলোঁ৷ কালিখ পুল মোৰ বন্ধু ধৰ্মেনৰ মোমায়েক৷ তেনেকুৱাতে আমাক দেখি ভিতৰৰ পৰা দুজন মানুহ আগুৱাই আহিল৷ মুখাবয়ৱলৈ চাই অসমৰ যেনেই অনুমান কৰিলোঁ৷ ৰুম আছে নেকি? অনিলদাৰ উৎসুকতাভৰা খাৰাংখাচ প্ৰশ্ন৷ সিফালৰ পৰা নঞৰ্থক উত্তৰ খালী নাই৷ কানি ধ্বংসকাৰী মানুহেৰে গিজ্‌গিজাই আছে লজ্‌টো৷ দেখা পাইছোঁ, কেইবাখনো গাড়ী ৰৈ আছে চৌহদত৷ বৰষুণৰ প্ৰকোপত গেৰেজৰ সন্মুখটোত বোকা উঠিছে৷ আগৰ কেইদিনমানৰ পৰা ইয়াত ছেগাচোৰোকাকৈ বৰষুণ পৰি থকাটো সহজেই অনুমেয়৷ পৰিৱেশে তাকেই কয়৷

স্থানীয় জনজাতীয় লোকৰ কোনো কোনোৱে এইফালে সহজগম্য নোহোৱা পাহাৰৰ ওপৰত ঠায়ে ঠায়ে পপী ফুলৰ খেতি কৰে৷ ৰালিয়াং, গায়েন, মেটিলিয়াং, তাফলিয়াং আদি তেনে কেতবোৰ নাম থকা গাঁও৷ পপী ফুলৰ পূৰঠ গুটিৰ পৰাই কানি উৎপাদন হয়৷ মাজে মাজে অৰুণাচল পুলিচ আৰু আঞ্জাৱ জিলা প্ৰশাসনৰ একত্ৰিত বাহিনী উপস্থিত হৈ গছবোৰ কাটি, জ্বলাই ধ্বংস কৰেগৈ৷ এতিয়াও আহিছে তেনেকুৱা অভিযান চলাবলৈকে৷ এই উদ্দেশ্যৰে আগদিনাখনৰে পৰা সশস্ত্ৰ দলটোৰ অনেকজন আহি আমপানী লজতে থিতাপি লৈ আছেহি৷ সেইটো কাৰণতে কাষতে থকা হাল-আঙতো একেটাই অৱস্থা৷ আনহাতে চৰকাৰী অতিথিশালা ভাগ্যত নিমিলিলে থকা-খোৱাৰ বাবে অন্য কোনো হোটেল ইয়াত নাই৷ হোটেল উদ্যোগ এইফালে নাই বুলি কোৱাই যুগুত৷ হেন জানি মোৰেই সৌভাগ্য যে সীমিত সা-সুবিধাৰ এনে স্থান এডোখৰতে, হওক-নহওক, অন্ততঃ মোৰ পুৰণি বন্ধু এটা আছে৷ এতিয়া সিয়েই আমাৰ বাবে ভগৱানৰ অৱতাৰ স্বৰূপ!

বাকী চব কথা বাদ দি আমি ট্ৰেইনত তিনিচুকীয়ালৈ আহি থাকোঁতেই আগনিশা ধৰ্মেনে ফোনেৰে দি ৰখা নিৰ্দেশ অনুযায়ী চিমা বোলাজনীক বিচাৰি উলিয়াওঁ বলক বুলি অৰুণদাক কলোঁ৷ ইফালে ধৰ্মেনক ফোন কৰিও নোপোৱা হৈছোঁ যে আমি আহি পালোঁ বুলি তাক এবাৰ জনাওঁ৷ নেটৱৰ্কৰ সমস্যা! নিশা থকাৰ বিষয়টো লৈ দাদাৰ মনত মাজে মাজে টেনচনে বাহ বন্ধাটো অনুমান কৰি আছিলোঁ৷ নেটৱৰ্কৰ বিড়ম্বনাই টেনচন যেন দুগুণে বঢ়াইছে!

খা-খবৰ লৈ দুজন ডেকাৰ মুখে গম পালোঁ যে বন্ধুৰ কোৱাৰ্টাৰটো লজটোৰ পৰা আৰু কিছু আগলৈ আছে৷ একেটাই ৰাস্তা৷ অনিলদা আৰু সঞ্জুক তাতে এৰি অৰুণদা আৰু মই গাড়ীখন লৈ বাংলো বিচাৰি যাওঁ বুলি ওলালোঁ৷ অলপমান গৈয়ে বাঁওহাতে দৃষ্টিগোচৰ হ’ল ডিপাৰ্টমেণ্ট অফ পাৱাৰৰ হায়ুলিয়াং ইলেকট্ৰিকেল চাব-ডিভিজনৰ সহকাৰী অভিযন্তা (ইলেকট্ৰিকেল)ৰ অফিচ৷ সেয়া আমি বিচৰাটো নহয়৷ তথাপি পাতলীয়া বৰষুণজাক মূৰত লৈয়ে ঠিক সেইখিনিতে গাড়ীৰ পৰা নামি দিলোঁ৷ সৰু ঠাই৷ যেন এসময়ৰ আমাৰ ডিফুখন, য’ত প্ৰত্যেকে প্ৰত্যেকক জানিছিল৷ ধাৰণা কৰিছোঁ, ইয়াতো হয়তো প্ৰত্যেকে প্ৰত্যেকক জানিব৷ গে’টখন খুলি চৌহদৰ ভিতৰলৈ সোমালোঁ আৰু দাঁতিতে থকা ঘৰ এটাৰ দৰজাত টোকৰ মাৰিলোঁগৈ৷ মহিলা এগৰাকী ওলাই আহিল৷

অৰুণাচলৰ সংযোগী ভাষা হিন্দী৷ গতিকে ইয়াত প্ৰথমে হিন্দীৰেই আৰম্ভ কৰিব লাগে৷ বন্ধুৰ লগতো একেই কথা৷ আৰম্ভণিতে হিন্দী, মাজে মাজে ইংৰাজী, তাৰ পিছত অসমীয়াত সোমাই পৰোঁ৷ সন্মুখত ওলোৱা ভদ্ৰমহিলাৰ সৈতেও কথা-বাৰ্তা হিন্দীতে চলিল৷ হাইড্ৰ’ পাৱাৰ ডেভেলপমেণ্ট বিভাগৰ ইলেক্ট্র’-মেকানিকেল সংমণ্ডলৰ এচিচটেণ্ট ইঞ্জিনিয়াৰ ছাৰৰ অসমৰ কাৰবি আংলঙৰ পৰা আহিবলগীয়া বন্ধু গাড়ী লৈ দলেবলে আহি পোৱাৰ বাতৰি মুহূৰ্ততে ৰাষ্ট্ৰ হৈ গ’ল৷ সৰু ঠাই, গতিকে প্ৰত্যেকে প্ৰত্যেকক জানে৷ আগৰ আমাৰ ডিফুৰ দৰে! কথাটোৰ মিল পালোঁ৷ আগবেলাৰে পৰা জপ কৰি থকা চিমাৰ নামটো উচ্চাৰণ কৰিলোঁ৷ পিছফালে, তললৈ কোৱাৰ্টাৰ৷ তাইলৈকো খবৰ গ’ল৷ অলপ পৰৰ পিছতে বাংলোৰ চাবিকোছা হাতৰ মুঠিত লৈ খৰখেদাকৈ ওলাই আহিল চিমা তামাং৷ শকত-আৱত ছোৱালীজনী৷ তাইৰ পিছে পিছে কমল ধুংগানা৷ ডেকা মানুহ৷ ধৰ্মেনৰ কোৱাৰ্টাৰটো ৰাস্তাৰ বিপৰীতে সামান্য আগলৈ আছিল৷ এক মিনিটতে পাই গ'লোঁ৷

চিমা চৌখামৰ, কমল শদিয়াৰ৷ ধৰ্মেনে মোৰ বিষয়ে সমস্ত ইনফৰ্মেচন তেওঁলোকক আগতীয়াকৈ দিয়েই থৈছিল৷ নিজমুখে কোৱাৰ প্ৰয়োজন নাছিল যদিও শিষ্টাচাৰ ৰক্ষা কৰিবলৈকে স্বপৰিচয় দাঙি ধৰিলোঁ যাতে উভয়ৰে মনত খোকোজা লাগি নাথাকে, এই মানুহটো আচল হয়নে নকল তাকে লৈ৷ পোনতে হিন্দীত, মাজে মাজে জনাই-নজনাই নেপালী আৰু শেষত অসমীয়াত চলিল কথা-বতৰা৷ ছাৰৰ অবৰ্তমানত চিমাই সম্পূৰ্ণ বিশ্বাস আৰু আন্তৰিকতাৰে সৈতে বাংলোৰ দৰজা খুলি দি আমাক আদৰিলে৷ পেটেল আৰু কমলে গাড়ীৰ পৰা টোপোলাবোৰ নমাব ধৰিলে৷ নিশাটোৰ বাবে আশ্ৰয়থলী পাই আমাৰো মুখত হাঁহি বিৰিঙিল৷ অৰুণদা টেনচন শূন্য হৈ পৰিল৷ স্ফূৰ্তিতে তেওঁ 'সহযোগী শিল্পী' অনিলদাক একাষৰীয়াকৈ মাতি নিলে আৰু সন্ধিয়াটো কেনেকৈ ৰঙীন কৰিব সেই লৈ জল্পনা-কল্পনাত নিমগ্ন হ'ল৷








পৰৱৰ্তী খণ্ড :
২০. খুপাত এৰাতি

No comments:

Post a Comment