Wednesday, 10 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
৩. নামচাইত খাতা খুলিলোঁ


চে'ক গে'ট অতিক্রম কৰি আহি ডিৰাকতে অলপমান আগলৈ পাৰ হ'লোঁ নোৱাদিহিং৷ ১৯৯৩চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা দিনৰ এটা বিশেষ মুহূৰ্তৰ ছবি এখন মনৰ পৰ্দাত চাঁতকৰে ভাহি উঠিল৷ সিদিনা মোৰ সহপাঠী ধৰ্মেন আৰু তাৰ মাকৰ লগত তেজুৰ পৰা আহি আছিলোঁ৷ মাকুমলৈ যাম৷ সিহঁতৰ মাকুমৰ ঘৰত খাই-বৈ এৰাএৰি হ'ম৷ কিন্তু ইকি! দেখোঁ যে নোৱাদিহিঙৰ ওপৰৰ কাঠৰ দলংখনৰ এছোৱা ভাগি পানীত! অবিশ্বাস্য! অৱধাৰিতভাৱেই যাতায়াত বন্ধ হৈ পৰিছে৷ টুলুঙা নাৱেৰেই নৈখন পাৰ হৈছিলোঁ তেতিয়া৷ বাইশ বছৰৰ আগৰ স্মৰণ৷ আৰু এয়া, চকুৰ আগত আজি দীঘল পকী দলং৷ চিন্তা কৰিবলগীয়া নাই যেনিবা৷ ভাৰত-ম্যানমাৰ সীমান্তৰ চ'কান গিৰিপথৰ সমীপৱৰ্তী পৰ্বতমালাৰ পৰা ওলাই পূবা-পশ্চিমাকৈ বৈ অহা নোৱাদিহিংখনেও অন্য পাহাৰীয়া নৈৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখি বাৰিষা হ’লেই অসমভূমিত তাণ্ডৱৰ সৃষ্টি নকৰা নহয়৷ সেয়ে হ’লেও আৰ.চি.চি. ব্ৰীজ হৈ উঠাত মানুহৰ চলাচল সুচল হ'ল৷ ২০০২চনত নিৰ্মাণ কৰা এইখন দলং অৰুণাচল প্ৰদেশৰ ভিতৰত দৈৰ্ঘ্যৰ অংকেৰে দুই নম্বৰ৷ তেন্তে প্ৰথমনো কোনখন? অলপ পিছতে পামগৈ সেইখন৷ সেইফালেই গৈ আছোঁ আমি৷ পেটেলে ঠিকে-ঠাকে লৈ গৈ আছে৷ কল্পনা কৰিয়ে ভাল লাগিল কথাটো৷


ডিৰাক পাৰ হৈ পালোঁ মহাদেৱপুৰ৷ ট্ৰেইনত আমাৰ কাষতে বহা মাক-পুতেক এহাল ছিকিমৰ এঠাইৰ পৰা আহি আছিল৷ কথা প্ৰসংগত জনাইছিল যে তেওঁলোক মহাদেৱপুৰলৈ যাব৷ এয়াই তেওঁলোকৰ ঠাই৷ খিৰিকীৰ কাঁচৰ মাজেৰে ভুমুকি মাৰিয়েই মহাদেৱপুৰ পাৰ হ'লোঁ৷ মুকলি ৰাস্তা পাই পেটেলেও মুক্তমনে ড্ৰাইভিং কৰাত লাগিল৷ মাজে মাজে চলি থাকিল প্ৰশ্ন, উত্তৰ, কৌতুক, গিৰ্জনি ইত্যাদি ইত্যাদি৷


ব'ৰ্ডাৰ ৰ'ড অৰ্গেনাইজেচনৰ দ্বাৰা নিৰ্মিত পথেৰে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিলত মনটোৱে আগতেই ৰিঙিয়াই উঠিছিল, এতিয়াহে আচল যাত্ৰা আৰম্ভ হ'ল বুলি৷ ভংগীটো সলাই আৰামকৈ বহি ল'লোঁ৷ আমিকেইটা পেটুৱা বা শকত এটাও নহওঁ বাবে বহাত বেছ আৰামেই হৈছিল৷ আইনাখন আধালৈ নমাই দিলোঁ৷ চোৱাত মগ্ন হ'লোঁ চকুৰ আগলৈ দৌৰি দৌৰি অহা সমতলভূমি, মানুহৰ ঘৰ-বাৰী, খেতি-বাতি ইত্যাদি ইত্যাদি৷ এই সমতল বেছি দেৰিযে নাথাকিব সেয়াও জনা আছিল৷ কাৰণ ৰিণিকি ৰিণিকি কোনোবা ফাঁকেদি দেখিছোঁ পৰ্বতৰ ৰেঙণি৷ পাহাৰত সোমোৱাৰ লগে লগে আৰম্ভ হ’ব তৰু-তৃণ-লতিকা৷ উন্মুক্ত প্ৰকৃতি৷ সেউজীয়া, কেৱল সেউজীয়া৷ সেই ৰঙকে বিচাৰি আহিছোঁ আমি, জন-অৰণ্যৰ পৰা৷


আগতীয়া অনুৰোধ ৰক্ষা কৰি তিনিচুকীয়াৰ ধনঞ্জয় এণ্টাৰপ্ৰাইজেচত ডিজেল অলপমান আমাৰ সুবিধাৰ বাবে আগদিনাখনেই গাড়ীত ভৰাই ৰাখিছিল গাড়ীখনৰ গৰাকী দেৱজিত দুৱৰাই৷ 'আৰামছে নামচাই পাই যাবগৈ' বুলিও কৈছিল৷ এয়া নামচাই পালোঁহি৷ নামচাইৰ অৰুণাচল ট্ৰেড এণ্ড এজেন্সিজত টেংকী ভৰ্তি কৰি পেলোৱা হ'ল৷ মানুহৰ পেটত যিয়ে নপৰক, গাড়ীৰ খাদ্য পূৰা কৰি লোৱা ভাল৷ কাৰণ আমি যি পথে যাবলৈ ওলাইছোঁ সেইফালে চাহ-ভাতৰ হোটেল সীমিত যদিও ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হ'লেও খাবলৈ পাম৷ ভাত নাপালেও মেগী পাম বুলি জানো৷ পিছে অসমৰ দৰে য'তে-ত'তে ফুৱেল ৰিফিলিং ষ্টেচন সেইফালে নাই৷ গতিকে আগধৰি হুচিয়াৰ হোৱাটোৱে শ্ৰেয়ঃ৷ পেটেলে সেয়া খুব ভালকৈ জানে৷ কাৰণ তেওঁ এই পথে অহা-যোৱা কৰিয়ে থাকে৷ আমাৰ বাবে তেওঁ এতিয়া কেৱল ড্ৰাইভাৰেই নহয়, গাইডো৷ ইটো-সিটো ওপৰা-উপৰিকৈ সুধি সুধি আমি কেউজনে তেওঁক দোধোৰ-মোধোৰত পেলাইছোঁৱেই৷ তেওঁক পোৱাটো আমাৰ বাবে যাত্ৰাপথৰ সৌভাগ্য বুলি অতপৰে সংগীমহলত ঘোষণাও হৈ গৈছে৷ তেনেই অচিনাকি চালক মানুহজন এই কেই কিল'মিটাৰ চালনাতে ইতিমধ্যে আমাৰ বন্ধু হৈ পৰিছেই৷ অভিজ্ঞতা আৰু সত্যত ভেজা দি তেৱোঁ অকৃপণভাৱে দি যাব ধৰিছে বাটৰ ৰাণিং কমেণ্টেৰী৷ উপযুক্ত মানুহৰ সৈতে উপযুক্ত সময়ত যোগাযোগ ঘটা হেতুকে মোৰো মনটোত আনন্দ লাগিছে৷ মণ্টু আৰু দুৱৰাৰ প্ৰতি কৃতজ্ঞতাৰ ভাব জাগিছে৷

তেল ডিপৰ চাৰ্ভিচমেনৰ কাম হৈ গল৷ শ্লিপখন চমজি ললোঁ৷ এতিয়া মোৰ কাম৷ চিধাই পকেট নোট বুকখন উলিয়ালোঁ৷ লিপিবদ্ধ হ'ল ডিজেলৰ হিচাপ৷ এইখিনিতে কৈ থোৱা উচিত হব যে আমাৰ এই সীমান্তভিমুখী যাত্ৰাত অনিলদা 'স্পনচৰ' হিচাপে আৰু মই 'একাউনটেণ্ট' হিচাপে দলীয় সিদ্ধান্তমৰ্মে নিযুক্ত হৈছিলোঁ৷ গতিকে সুযোগটো পায়ে কৰ্তব্য আৰম্ভ কৰি দিলোঁ৷ মোৰ ইংগিত বুজি অনিলদায়ো বেক পকেটত হাত সুমুৱালে৷ তাকে দেখি বাকী দুজনৰ মাজত হাঁহিৰ ৰোল উঠিল৷ নামচায়েই মোলৈ লৈ আহিল এই দীঘলীয়া এডভেন্সাৰ ট্ৰিপটোত খাতা-কলম মুকলি কৰাৰ সুযোগ৷ হিচাপ-পত্ৰৰ পৰিচ্ছন্নতায়ে টীম মাৰ্কপলক এক কৰি ৰাখিছে আৰু আগলৈকো ৰাখিব৷

পৰৱৰ্তী খণ্ড :
৪. পাৰ হলোঁ নামচাই

No comments:

Post a Comment