অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
মনোকামনা পূৰণৰ অন্তত সংগীসৱে তিতা তিয়নিৰেই প্ৰতিজনে দান-পাত্ৰত যথাসাধ্য অৰ্থ গুজি দিলে৷ পিছত সেই তিয়নি ত্যাগ কৰিলে৷ গা ধুওঁতে ব্যৱহাৰ কৰা কাপোৰ তাতে এৰি থৈ অহাটো এটা দস্তুৰ৷ এতিয়াহে প্ৰথমবাৰৰ বাবে সেয়া দেখাৰ অভিজ্ঞতা হ’ল৷ কেমেৰা, ম’বাইল, মানিবেগ, চশমা, চোলা-পেণ্ট, জোতা-মোজা, মোনা আদিৰ ৰখীয়া হৈ অবাক নয়নেৰে 'লোহিত কিনাৰে'লৈ বহুপৰ চাই থাকোঁতে অ’ত-ত’ত কাপোৰৰ দ’ম কিছুমানো দৃষ্টিত ধৰা নপৰাকৈ থকা নাছিল অৱশ্যে৷ সেইবোৰ নিবলৈ কোনো লোককে উথপথপ লগোৱা হ’লে দেখা নাপালোঁ৷ সি যি কি নহওক, পৱিত্ৰ স্নানকাৰ্য সুকলমে সমাপন হ’ল৷ মনোৰথ পূৰ্ণ কৰি এতিয়া কুণ্ডৰ ওপৰৰ পৰা গাড়ী থৈ অহা স্থানলৈ প্ৰত্যাৱৰ্তনৰ পাল৷
কিন্তু যাওঁ বুলিলেই ঘপকৈ এৰিব নোৱাৰি এনেকুৱা ঠাই৷ ব্ৰহ্মকুণ্ডৰ দিশৰ পৰা পৃষ্ঠপটত সিপাৰৰ ওখ সেউজীয়া শাৰী শাৰী পাহাৰসহ লোহিতৰ দীঘল দলংখন থিয় হৈ থকা ঠাইৰ পৰাই নাকৰ পোনে পোনে পৰিষ্কাৰকৈ দেখা পাই আছোঁ৷ কি বুলি কওঁ এই ৰূপটোক? সঁচাই অনন্যসুন্দৰ৷ যেনিবা ধুনীয়া লেণ্ডস্কেপ এখনহে! কেমেৰাও কোনোপধ্যে বন্ধ কৰি থ’ব নোৱাৰি৷ ইফালে মুখৰ আগতে আছে ‘ফটো তোলা নিষেধ’ বুলি ফলক এখন৷ মনক দমাব নোৱাৰি ঠিক আহিবলৈ ওলোৱাৰ সময়তে কৰ্তব্যৰত আৰক্ষীৰ লোকজনৰ কাষ চাপি গ'ল সঞ্জু৷ অনুমতিসাপেক্ষে আমাৰ চাৰিওজনৰে চাৰিটা কেমেৰা, মোৰ হেণ্ডিকেমটো ভালেপৰ ধৰি সক্রিয় হৈ থাকিল৷ কুণ্ডৰ দিশলৈ কেমেৰা টোঁওৱাটো নিষেধ, লোহিতৰ সিপাৰলৈ বাধা নাই৷
লোহিত, লৌহিত্য, ব্ৰহ্মপুত্ৰ আদি শব্দক লৈ কেতবোৰ পুৰণি আৰু আধুনিক সূত্ৰ কিতাপত পঢ়িবলৈ পোৱা যায়৷ আগতে পৌৰাণিক কাহিনীতে ভেজা দি থকা হৈছিল৷ বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সত্যসন্ধানী লোকে এইবোৰৰ আঁতিগুৰি ৰহস্য উলিয়াবলৈ সক্ষম হৈছে৷
এতিয়াও মনত পৰে, আমি সৰুতে পাইছিলোঁ যে দূৰ অতীতত তিব্বত আৰু ভাৰত ভূখণ্ডৰ মাজত, হিমালয়ৰ স্থানতে টেথিছ নামৰ এখন সাগৰ আছিল৷ কালক্রমত তাৰ পৰাই বিশাল হিমালয় পৰ্বতমালাৰ সৃষ্টি হ’ল৷ ভূতাত্ত্বিক বিৱৰ্তনৰ ফলত তাত থকা শিৱালিক নৈখন ত্ৰিখণ্ডিত হৈ সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ উৎপত্তি হ’ল৷ অসমৰ মানুহে আন নাজানিলেও ব্ৰহ্মপুত্ৰৰ নামটো জানে৷ দেখা পোৱা-নোপোৱা পিছৰ কথা৷ দেখা নাছিলোঁ যদিও আমিও এল.পি. স্কুলত প্ৰথম ভূগোলৰ মেপ অাঁকিবৰ সময়ত ভাৰতৰ পূবৰ মূৰেদি ব্ৰহ্মপুত্ৰখন সুমুৱাই দিছিলোঁ৷ ঘঁহি ঘঁহি ডাঠকৈ ৰং দি দিছিলোঁ নীলা, আধা ৰঙা আধা নীলা পেন্সিলডালৰ নীলা ফালটোৰে৷ আন যি কি নহওক, মনত থকা সেই নীলাটো এতিয়া কিন্তু লোহিতৰ শৰীৰত দেখা পাইছোঁ৷ নদীৰ ৰং নীলা! সঁচা কথা৷ নদীৰ গতিপথ অঁকাত ভুল হ'ব পাৰে৷ আকৌ, পাহাৰৰ ৰং দিছিলোঁ সেউজীয়া৷ এতিয়া চিধাই চালে দুই কিল'মিটাৰ আঁতৰত দণ্ডায়মান হৈ থকা মিছিমি পৰ্বতখনৰ দৰে সেউজীয়া৷ সেই সেউজীয়াতেইতো হেৰাই যাম আমি, ক্ষন্তেক পিছতে৷ লোহিতেও লগ নেৰিব ইয়াৰ পৰা৷ কেমেৰাৰ শ্বাটাৰৰ শব্দটো কাণ দুখনৰ ওচৰত হোৱা বাবে নদীৰ হৰ্হৰণিটো তল পৰিছিল বাৰে বাৰে৷
পিছত ক'ৰবাত পাইছিলোঁ, তিব্বতৰ কৈলাস পৰ্বত আৱৰি থকা চেমা-য়ুংদং হিমবাহৰ পৰা উৎপত্তি হৈছে চাংপো নৈৰ৷ কুবি চাংপো, চেমা-য়ুংদং আৰু মায়ুন চু নামৰ নৈ তিনিখন লগ হৈ পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ তিব্বতী ভাষাত চাংপো মানে পৰিশোধক৷ চীনাসকলে য়া লু টাং পু চিয়াং বোলে৷ সেয়াই উৎপত্তিস্থল বোলে ব্ৰহ্মপুত্ৰৰ৷ এইখন লোহিতহে৷ ক'বলৈ এতিয়া সহজ৷ আৱিষ্কাৰ কৰাটো পিছে সহজ নাছিল৷
সেইখন ব্ৰহ্মপুত্ৰৰ গতিপথৰ জৰীপ কৰাৰো কেইবাটাও ৰোমাঞ্চকৰ কাহিনী৷ চিকিমৰ অশিক্ষিত যুৱক কিনটাপৰ কাহিনী তাৰে অতি লোমহৰ্ষক৷ সত্যসন্ধানী মানুহে কত কিযে বাধা-বিঘিনি স্বেচ্ছাই মূৰ পাতি ল’ব পাৰে, এইবোৰ কাহিনী পঢ়িলে গম পোৱা যায়৷ 'ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ' মৃণাল তালুকদাৰে কিতাপেই লিখি পেলালে৷ এই যাত্ৰালৈ ওলোৱাৰ আগেয়ে সেইখন কিতাপৰ পাতো ধুনি পেলাইছিলোঁ৷ গতিকে এতিয়া আমাৰ প্ৰেক্টিকেলত সহজ হৈছে৷
ভাৰতীয় জৰীপ বিভাগৰ প্ৰশিক্ষণ অনুসৰি কিনটাপ নামৰ লোকজনে চাংপোৱেই ব্ৰহ্মপুত্ৰ বুলি পৰীক্ষা কৰিবলৈ আজিৰ পৰা ১৩১বছৰৰ আগতে উক্ত পথেদি যোৱা প্ৰথম বাহিৰা মানুহ হিচাপে দুঃসাহসিক অভিযান চলাই তিব্বতৰ পেমকোচুং পাইছিলগৈ৷ চাংপোৰ উৎস আৰু দিহাঙক একেই বুলি প্ৰমাণ কৰিবলৈ ‘বুল ডগ’ অভিধাৰে খ্যাত, ব্ৰিটিছ বাহিনীয়েও কমখন প্ৰচেষ্টা চলাইছিলনে? চাংপোৱেই ব্ৰহ্মপুত্ৰ বুলি ঘোষিত হোৱাৰ পিছতো বহুতৰে মনত অপাৰ কৌতূহল ৰৈ গৈছিল যে দিহাং, দিবাং, লোহিতৰ কোনখন দৰাচলতে চাংপোৰ লগ লাগিছে? ব্ৰহ্মপুত্ৰৰ তিনিওটা মূল সুঁতিৰে উজনিমুৱাকৈ অভিযান চলোৱাৰ দুৰ্বাৰ স্বপ্ন দেখিছিল স্বভাৱতে দুঃসাহসিক জাতৰ ইংৰাজে৷ দুৰ্গমতা আৰু পৰ্বতীয়া মানুহৰ হিংস্ৰ স্বভাৱৰ বাবেই সেই কাৰ্য সম্পূৰ্ণকৈ সম্ভৱ হৈ উঠা নাছিল৷ ১৮৮৬চনত নীদ্হামে দিহাঙেদি উজাই চাংপোৱেইযে দিহাং সেই সন্দেহ বহুলাংশে বিদূৰ কৰে৷ অৰুণাচলত দিহাঙৰ নাম চিয়াং৷
আমাৰ মুখত আগত ঢৌ খেলি থকা, উত্তৰ-পূবৰ অন্তিম পূবৰ পৰা বৈ অহা এইখন লোহিতকে লৌহিত্য বা ব্ৰহ্মপুত্ৰ নদৰ মূল সুঁতি বুলি দীৰ্ঘ সময়লৈ ধাৰণা কৰি থকা হৈছিল৷ দীঘলীয়া অন্বেষণ কাৰ্যৰ অন্তত ১৯২৪চনত উদ্ভিদবিদ কিংডন ৱাৰ্ড আৰু নৃতত্ত্ববিদ লৰ্ড কাউডৰে সকলো ভৌগোলিক সাঁথৰ ভাঙি এই সত্য তথ্য পোহৰলৈ আনে যে তিব্বতৰ কৈলাস পৰ্বতৰ দক্ষিণ ঢাল আৱৰি থকা চেমা-য়ুংদং হিমবাহৰ পৰা উৎপত্তি হোৱা চাংপোৱে ব্ৰহ্মপুত্ৰ নদৰ মূল৷ চাংপোৱেইযে জেলেপি পাক লৈ ক্রমে চিয়াং আৰু দিহাং নামেৰে ভাৰতীয় ভূখণ্ডলৈ সোমাই আহিছে সেই ভেদ ভাঙি নিজৰ নাম ইতিহাসত চিৰস্মৰণীয় কৰি থৈ গ’ল তেওঁলোকে৷ মানুহৰ উত্তৰণত দুঃসাহসিক মানুহৰ জ্ঞানতৃষ্ণা, উৎসাহ আৰু ত্যাগ সদায়েই বাঃ বাঃ পাবৰ যোগ্য৷ অজস্ৰ উপনৈৰে সমৃদ্ধ চাংপোৰ পানী কঢ়িওৱা শক্তি আন যিকোনো নদীতকৈ বহুগুণে বেছি৷ উচ্চতা আৰু গতিৰ অংকৰে সেয়েহে চিয়াঙক পৃথিৱীৰ অন্যতম খৰস্ৰোতা নৈ বুলি কোৱা হয়৷ সেই স্বাভিমানেৰেই আজিও বৈ আছে চিয়াং, দিহাং৷
গেমকোচুঙৰ পৰা অৰুণাচল প্ৰদেশৰ পাচিঘাটলৈকে চাংপোৰ গতিপথ নিৰূপণ হৈ গ’ল৷ তাৰ পিছতে তিনিটা ভাগত বিভক্ত হ’ল নৈখন৷ চাংপোৰ পানীৰে সমৃদ্ধ ছিবিয়া নামৰ চিয়াঙৰ প্ৰথমটো ধাৰা ডিব্ৰু-ছৈখোৱাৰ চুৰকে চাপৰিৰ ওচৰত বিলীন হৈছে লোহিতত৷ সেই ঠাইৰ পৰাই নৈয়ে নাম সলাইছে ‘ব্ৰহ্মপুত্ৰ’ ৰূপে৷ তাৰ আগে-পিছে লোহিতত পৰিছে দিবাং আৰু দিহাং৷ এই সকলোৱেই লৌহিত্য মহাসংগমৰ অংশীদাৰ৷অসমৰ শদিয়াৰ পশ্চিমে লোহিত, দিবাং, দিহাঙৰ সংগমস্থলৰ পৰা অসম উপত্যকাৰ মাজেদি ব্ৰহ্মপুত্ৰ নাম লৈ ৬৫০কিল’মিটাৰ গতিপথ ভটীয়াই এই নদ বাংলাদেশত সোমাইছে৷ পাঠশালাত মেপখন আঁকোতে অসম সীমান্তৰ সেইখিনিতেই আমি নীলা ৰংটো শেষ কৰিছিলোঁ৷ গতিকে ব্ৰহ্মপুত্ৰ হৈছে তিব্বত, ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজেদি বৈ যোৱা আন্তঃৰাষ্ট্ৰীয় নদী৷ উৎপত্তিৰ পৰা মোহনালৈ ইয়াৰ দৈৰ্ঘ্য তিব্বতত ১,৬০০কিল’মিটাৰ, অৰুণাচল প্ৰদেশত ২০০কিল’মিটাৰ, অসমত ৬৫০কিল’মিটাৰ আৰু বাংলাদেশত ৪৫০কিল’মিটাৰ৷ আনহাতে মাটিকালিৰ জোখেৰে ব্ৰহ্মপুত্ৰ হ’ল পৃথিৱীৰ বিংশতম বৃহৎ নদী৷ জল পৰিৱহণৰ ক্ষেত্ৰত আমাজান আৰু কংগোৰ পিছতেই ব্ৰহ্মপুত্ৰৰ স্থান৷
এফালে দক্ষিণ দিশৰ ভাৰত-চীন সীমান্তৰ গেলিঙেৰে অহা চিয়াং, পূব সীমান্তৰে প্ৰৱেশ কৰা লোহিত আৰু অৰুণাচলৰ উত্তৰ সীমাৰ পৰা ওলাই যোৱা দিবাং নদীৰ উপত্যকাত বৰষুণৰ স্থিতিকাল আৰু প্ৰৱলতা যেতিয়াই বেছি হয় তেতিয়াই অসমত উফন্দি উঠে মহাবাহু্ ব্ৰহ্মপুত্ৰ৷ ব্ৰহ্মপুত্ৰ উপত্যকা তিনিফালে পৰ্বতে আগুৰা৷ গ্ৰীষ্ম কালত উৎপত্তিস্থলৰ বৰফ গলা পানী, মৌচুমীৰ প্ৰভাৱত বৰষুণৰ পানী একাকাৰ হৈ শোচনীয় বান পৰিস্থিতিৰ সৃষ্টি কৰে৷ বছৰি আমি সেই তাণ্ডৱ লীলা দেখি আহিছোঁ৷ সেই তাণ্ডৱত এইখন লোহিতৰ বৰঙণি কম নহয়৷ বছৰৰ সকলো সময়তে পানী থাকেই, নুশুকায়৷
ৰঙা চীনৰ পৰা আহি এই লোহিতখন যি বাটেৰে আমাৰ দেশত সোমাইছে সেইখিনিয়েই কাহো৷ কাহো আমাৰ অন্যতম লক্ষ্যস্থান৷ কিবিথোলৈ যাওঁতেই কাহোলৈও যাম৷ গতিকে কালবিলম্ব নকৰি পৰশুৰাম কুণ্ডৰ ফালে শেষবাৰৰ বাবে চাই আমি চকু ঘূৰালোঁ৷ প্ৰায় ৪৫০ সংখ্যক পকী ষ্টেপ বগাই উভতি আহি এটা সময়ত গাড়ীখনৰ কাষ পালোঁহি৷
আহি থাকোঁতে মন কৰিলোঁ, কোনো কোনো ঠাইত ষ্টেপবোৰ বৰ থিয়৷ সঞ্জু আৰু মোৰ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে৷ গতিকে স্বাভাৱিকতে হৃদযন্ত্ৰৰ গতি খৰ হৈছে যদিও অসুবিধা হ'লে নাই পোৱা৷ অনিলদা আৰু অৰুণদা দুয়ো কিন্তু বাটে বাটে জিৰাবলগীয়া হ’ল৷ তেতিয়াই কথা ওলাল, অহাৰ আগদিনা পৰ্যন্ত অনিলদা হেনো কেইবাদিনো ধৰি নেৰানেপেৰা জ্বৰত ভুগি আছিল৷ যাত্ৰাটো কি হ’ব তাকে লৈ গভীৰ উৎকণ্ঠা৷ ইপিনে কাৰ্যসূচী চূড়ান্ত হৈ গৈছে৷ এৰিবও নোৱাৰি, না কৰাও টান৷ অলপমান ভাল পায়েই দৰবৰ টোপোলা সহিত দলত চামিল হ’লহি৷ আৰু এতিয়া মৰ-ঠাণ্ডা জলত পৱিত্ৰ স্থান! আকৌ যদি জ্বৰ গায়? তাকে লৈ পিছে মানুহটোৱে একদম চিন্তা কৰা নাই৷ ভালহে লাগিছে, এনেকুৱা পুণ্য কৰ্ম এফেৰি সাধিবলৈ পায়৷ চিন্তা হৈছে অন্য এটা কথাক লৈহে৷ এনেকুৱা খটখটী নিৰ্মাণ নকৰা কালত তীৰ্থযাত্ৰীসকলে কেনেকৈ নামিছিল বাৰু ইমান গভীৰতালৈ! বুঢ়া-মেথাসকলৰো আগমন ঘটে ইয়ালৈ৷
বাওঁহাতে পোৱা কেইবাটাও মন্দিৰৰ উপৰি কুণ্ডলৈ কৰা হাবিতলীয়া ট্ৰেকিংটোত অনেক ৰুদ্ৰাক্ষৰ গছ৷ পৰ্বতৰ ঢালত নাম জনা-নজনা ভালেমান উদ্ভিদেই আমাৰ সন্মুখত প্ৰশ্নবোধক থিয় কৰাইছিল৷ পৰি থকা গুটিকেইটামান বুটলি ল’লোঁ, এনেয়ে৷ সাধু-সন্যাসীয়ে সেয়া দেহত ধাৰণ কৰা দেখিছোঁ৷ অনিলদাই সুধিলে, ‘কি কৰিব এইবোৰ? ঘৰত লগাবগৈ?’ ‘ৰুদ্ৰাক্ষৰ মালা এডাল গাঁথি আপোনাক উপহাৰ দিম, বেমাৰক বুঢ়া আঙুলি দেখুৱাই আমাৰ লগত অহাৰ বাবে৷’ অসুস্থ শৰীৰ আৰু চিৰি বগোৱাৰ ভাগৰত ক্লান্ত হৈ পৰা সত্ত্বেও হাঁহিত ফাটি পৰিল অনিলদা৷
পৰশুৰাম কুণ্ডই সঁচাকৈ আমাক বৰ আনন্দ দিলে৷

পৰৱৰ্তী খণ্ড :
১২. অৰুণাচলৰ দীৰ্ঘতম দলংখনত ৰৈ
No comments:
Post a Comment