Sunday, 21 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৪. আঞ্জাৱ জিলাত সোমালোঁ


চালাংগাম পাওঁতে ২.৪৫ বাজিছিল৷ একো অসুবিধা নোহোৱাকৈ আমি ইতিমধ্যে সীমামূৰীয়া আঞ্জাৱ জিলাত সোমাই পৰিছিলোঁ৷ আঞ্জাৱ জিলাৰ সদৰ ঠাই হৈছে হাৱাই৷ হাৱাই এখন সুন্দৰ জেগা বুলি শুনা পাই আছোঁ৷ ঘূৰি আহোঁতে সোমাই চাই অহাৰ ইচ্ছা আছে৷ তালৈ চালাংগামৰ পৰা ১০৭কিলমিটাৰ৷ চাংৱিনটিৰ আগলৈ, সোঁহাতে ৮-১০কিল'মিটাৰমান সোমাই আছে৷ আনহাতে ইয়াৰ পৰা লোহিত জিলাৰ সদৰ তেজুলৈ উভতি ১৭০কিলমিটাৰ৷ চালাংগামৰ পৰা ৪৬কিলমিটাৰ আগত আছে হায়ুলিয়াং৷ আমাৰ গাড়ী সেই দিশে চলি গৈ থাকিল৷

মাজে মাজে ৰৈ ৰৈ প্ৰকৃতিৰ অবৰ্ণনীয় শোভা পান কৰিলোঁ৷ মন কৰিলোঁ, প্ৰতিটো কেঁকুৰি ঘূৰাৰ লগে লগে চকুৰ আগত থিয় দিয়েহি একোখন অবিস্মৰণীয় লেণ্ডস্কেপ৷ এনে লাগি যায়, লেণ্ডস্কেপৰ যেন মুকলি প্ৰতিযোগিতাহে চলিছে! নৈ আৰু দলং, পৰ্বত আৰু জলপ্ৰপাত, গছ আৰু পথ৷ বেলেগ বেলেগ কম্বিনেছন৷ প্ৰত্যেকবাৰেই বেলেগ বেলেগ ৰূপ৷ কেতিয়াবা ওপৰৰ পৰা প্ৰবল খলকনিৰে বৈ থকা পাহাৰীয়া জান-জুৰি৷ পানীৰ ওপৰেদিয়েই ঘৰ্ঘৰাই গুচি যায় গাড়ী৷ শিলৰ ফাঁকেৰে নামি সেই পানী পৰেগৈ একেবাৰে নামনিৰে ধাৱমান নীলা-সেউজীয়া ডাঙৰ নৈখনত৷ ৰব নোৱাৰি পেটেলক পিছফালৰ পৰা খোঁচ মাৰি দিওঁ, হেই ৰখাওক ৰখাওক বুলি৷ পেটেলে বেয়া নাপায়৷ কোনো অসন্তুষ্টি নাই মানুহটোৰ৷ আছে মাথো সহযোগিতা৷ ঠিক আমি বিচৰা ধৰণেই৷

পেটেলে গাড়ীখন ৰখায়৷ জাঁপ মাৰি নামি যাওঁ৷ হাতত উদ্যত কেমেৰা৷ আনহাতত হেণ্ডিকেমটো৷ ইঞ্জিন বন্ধ কৰাৰ লগে লগে অনেক দূৰৰ পৰাও শুনা পাওঁ শিলে শিলে ঠেকা খাই বৈ যোৱা অনামী নিজৰাবোৰৰ কল্‌কলনি৷ তাৰ বাহিৰে পথছোৱাত প্ৰায় নিস্তব্ধতা৷ গাড়ী-মটৰো তেনেই তাকৰ৷ অদূৰত কেতিয়াবা একো একোটা নাম নজনা চৰাইৰ মাত৷ কোলাহল নাই, প্ৰদূষণ নাই৷ মাজে মাজে দেখা দিয়ে মবাইল নেটৱৰ্কৰ ছিগনেল৷ আকৌ নাইকিয়া হৈ পৰে৷ ফোন অহাটোও কমি গৈছিল৷ ভাল লাগিছিল কথাটো৷ অন্য ভাষাত বুলিব পাৰি, ফাৰ ফ্ৰম দ্যা মেদিং ক্রাউড৷ ঘৰ-পৰিয়াল, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱ আটাইৰে পৰা সংযোগ বিচ্ছিন্ন হৈ কেনেনো লাগে, তেনেকুৱা অৱস্থাত সেয়া খুব ভালকৈ উপলব্ধি কৰিব পাৰি৷ মনৰ সেই শূন্যতা পূৰাইছিল পূব-অৰুণাচলৰ কুমাৰী প্ৰকৃতিৰ নিৰন্তৰ সাহচৰ্যই৷ কিমানবাৰযে গাড়ী ৰখাই ৰখাই চাইছিলোঁ লোহিতৰ উন্মুক্ত দেহৰ ভাঁজবোৰ, সোঁতৰ লয়লাস ভংগীমাবোৰ, ঠায়ে ঠায়ে পথৰ দাঁতিত শাৰী পাতি থকা কমলা গছবোৰ, তুষাৰাবৃত্ত শিখৰবোৰ, হিচাপ নাই৷

হৃদয়খন যেন কিবা উফন্দি উঠিছিল এটা শীতল পৰশযুক্ত নিৰ্মল-কোমল আৱেশত৷ কিবা এটা পোৱাৰ আনন্দত৷ সেই অনুভৱৰ চাকনৈয়াত ম’বাইল, ইণ্টাৰনেট, নিউজ পে’পাৰ, টেলিভিছনৰ কোলাহল অপাংক্তেয়৷ দৈনন্দিন জীৱনত নহ’লেই নহয় বুলি ভবা এই সম্পদ (নে আপদ?)বোৰৰ পৰা আঁতৰত থাকি উপলব্ধি আৰু উপভোগ কৰিছিলোঁ এক ধৰণৰ উদ্বেগহীন প্ৰশান্তি যাক বিচাৰি কংক্ৰিটায়নত আবদ্ধ আজিৰ আধুনিক মানুহে নিতৌ হামৰাও কাঢ়ে৷ গুচি যায় প্ৰকৃতিৰ পৰশ বিচাৰি৷

মোৰ বিপৰীত খিৰিকীখনৰ কাষৰ চিটত সঞ্জু৷ বহি থকা অৱস্থাতে কোঁচত লৈ থকা অকণমানি নোটবুকখন মেলি লৈ খচাখচ কিবাকিবি লেখে৷ আকৌ জপায়৷ বাহিৰলৈ চায়৷ ক্ষন্তেক পিছত আকৌ কলমটো খোলে৷ আকৌ লেখে কিবা এটা৷ নাজানো কি লেখে৷ ভাবি থাকে কিবাকিবি৷ সাংবাদিক মানুহ৷ সন্মুখত বহা অৰুণদায়ো ভাবনাত বিভোৰ হৈ থাকে৷ কবিত্বময় ভাবত ডুবি থাকে কবি মানুহজন৷ মাজত বহা অনিলদা আৰু মই আংবাং লেকচাৰ মাৰি থাকোঁ৷ আন দুজনৰ ভাবনাত যতি পৰিব বুলি খেয়ালটো মনলৈ আহিলেই মুখ বন্ধ কৰি পেলাওঁ৷ চুপ হৈ ৰওঁ কিছুপৰ৷ আকৌ ওলায় কথা৷ মাজে মাজে একো একোটা জমনি প্ৰসংগৰ প্ৰতিক্ৰিয়াত প্ৰত্যেকৰে মুখেৰে ওলোৱা হাঃ হাঃ উচ্চস্বৰৰ হাঁহি আৰু কিৰিলীৰ শব্দই গাড়ীৰ হো-হোৱনিকো তল পেলাই দিয়ে৷

তেনে হাঁহি-আনন্দ এসোপামান বুকুত লৈয়ে আমি সোমাই পৰিছিলোঁ অৰুণাচল প্ৰদেশৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত পাহাৰীয়া জিলাখনত৷ আঞ্জাৱ ডিষ্ট্ৰিক্ট৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১,২৯৬মিটাৰ৷ উপক্রান্তীয় আৰু পাৰ্বত্য অঞ্চলটোৰ জলবায়ু তুলনামূলকভাৱে চেঁচা৷ এই জিলাখনৰ চীন দেশ চুই থকা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত লাইন অফ এক্চুৱেল কণ্ট্ৰ’ল পৰ্যন্ত বিস্তৃত৷ ইয়াৰে অংশ এটাৰে লোহিত নদীখন সোমাই আহিছে৷ পূব তিব্বতৰ জায়াল শ্বু পৰ্বতমালাৰ পৰা ওলাই সীমান্তৱৰ্তী সৰু ঠাই কিবিথোৰ ঠেক উপত্যকাৰে নৈখন ভাৰতত প্ৰৱেশ কৰিছে৷ তাৰ পিছত মিছিমি পৰ্বতৰ ফাঁকে ফাঁকে ধাৱমান হৈ অৰুণাচল প্ৰদেশৰ এখন নহয়, দুখনকৈ জিলা ক্রমে আঞ্জাৱ আৰু লোহিত ডিষ্ট্ৰিক্ট পাৰ হৈছে৷ এনেকৈ প্ৰায় ২০০কিল’মিটাৰ ধৰি বৈ গৈ সমতলত দিবাং আৰু দিহাঙৰ সৈতে মিলি সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰ নদ৷ লোহিত ব্ৰহ্মপুত্ৰৰ আৰম্ভণিৰ এখন মুখ্য উপনৈ৷ এখন সৃষ্টিশীল নৈ বুলি যাক অভিহিত কৰিব পাৰি৷ এই নৈৰ বুকুত আছে বহু কিবাকিবি৷ মিছিমি পৰ্বতেৰে নিগৰা জলৰাশিৰ সিংহভাগ পৰিৱহণ কৰে এই লোহিতে৷ লোহিতৰ পাৰে পাৰে এডাল ৰছীৰ দৰে লগা সৰ্পিল পথটোৱেই কিবিথো, কাহোলৈ পৰিৱহণৰ একমাত্ৰ পথ৷ 

আমি গতি কৰি থকা অঞ্চলটোক সামৰি এসময়ত বৃহত্তৰ অৰ্থত বোলা হৈছিল ‘নেফা’৷ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি৷ নেফা শব্দটোৱে পুৰণি অসমীয়া মানুহক আজিও নিশ্চয় নষ্টালজিক নকৰাকৈ নাথাকে৷ বহুতৰ বহু ধৰণৰ স্মৃতি আছে নেফাৰ৷ সেইবোৰ আমি আজিও পঢ়িবলৈ পাওঁ৷ পুৰণি মানুহে আজিও অৰুণাচলক নেফাই বোলে৷

পৰৱৰ্তী খণ্ড :
. নেফাৰ পুৰণি কথাৰে

No comments:

Post a Comment