অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
অন্ধকাৰ হওঁ হওঁ তেতিয়া৷ অলপ পাছতে গৰম চাহ আৰু বিস্কুতেৰে আথে-বেথে চিমা আৰু কমলে আমাক সোধ-পোছ কৰিলে৷ সঁচা কথা ক’বলৈ গ’লে তেতিয়াহে দেহালৈ উত্তাপ ফিৰি আহিল৷ চিপ্-চিপ্কৈ দি থকা বৰষুণজাকে নহ’লে দেহ-মন একেবাৰে সেমেকাই পেলাইছিল৷ তজবজীয়া হৈ সিহঁতহালৰ লগতে ধৰ্মেনৰ ষ্ট’ৰ ৰুমটোত সোমালোঁ৷ তন্নতন্নকৈ এফালৰ পৰা অনুসন্ধান চলিল, টেমাবোৰত খাদ্য-দ্ৰব্য কি ক’ত কিমান আছে, কি কি নাই? বস্তাত কি থৈছে? চাউল-দাইল-মিঠাতেল-আলুগুটি আছেনে? কিবাকিবি মজুত ৰখা দেখিছোঁ৷ পাচলি হ’লে এটাও নাই৷ সি আগধৰি কৈছিলেই কথাটো৷
খুপাত আন্ধাৰ নামিছে তেতিয়া৷ লাইটবোৰ এটা-দুটাকৈ জ্বলি উঠিছে৷ ‘বস্তুবিলাক এতিয়াই আনি লোৱাটো ভাল হ’ব ছাৰ৷ পাহাৰীয়া জেগা৷ দোকান দেৰিলৈ খোলা নাথাকিব৷ বৰষুণৰ বতৰ, ইফালে ঠাণ্ডাও আছে৷’ চিমাই সাৱধান-বাণী শুনাই দিলে৷ অৱশ্যে ভাল চিন্তা কৰিয়ে কৈছিল তাই৷ আমাৰ ৰাতিৰ সাজৰ বাবে কি কি প্ৰয়োজন হ’ব, তাইক সুধি ল’লোঁ৷ তাই ওলোটাই প্ৰশ্ন তুলিলে, ‘আপোনালোকে কি খাব ছাৰ? ৰাতিপুৱা কি খাব?’ ইংগিতমতেই দোকানলৈ বুলি তুৰন্তে ওলাই গ'লোঁ নৱ-আগমনকাৰী আমি গোটেইকেইটা, লিষ্ট এখন মনতে লৈ৷
খুপাত আন্ধাৰ নামিছে তেতিয়া৷ লাইটবোৰ এটা-দুটাকৈ জ্বলি উঠিছে৷ ‘বস্তুবিলাক এতিয়াই আনি লোৱাটো ভাল হ’ব ছাৰ৷ পাহাৰীয়া জেগা৷ দোকান দেৰিলৈ খোলা নাথাকিব৷ বৰষুণৰ বতৰ, ইফালে ঠাণ্ডাও আছে৷’ চিমাই সাৱধান-বাণী শুনাই দিলে৷ অৱশ্যে ভাল চিন্তা কৰিয়ে কৈছিল তাই৷ আমাৰ ৰাতিৰ সাজৰ বাবে কি কি প্ৰয়োজন হ’ব, তাইক সুধি ল’লোঁ৷ তাই ওলোটাই প্ৰশ্ন তুলিলে, ‘আপোনালোকে কি খাব ছাৰ? ৰাতিপুৱা কি খাব?’ ইংগিতমতেই দোকানলৈ বুলি তুৰন্তে ওলাই গ'লোঁ নৱ-আগমনকাৰী আমি গোটেইকেইটা, লিষ্ট এখন মনতে লৈ৷
অতি বেছি ১০খনমান দোকান আছে খুপাত৷ তাতে আলু, পিঁয়াজ, পাচলি, আটা আৰু মাছ কিনা হ’ল৷ আলু-পিঁয়াজকে ধৰি কেঁচা বস্তুৰ শোটোৰা-শোটোৰ চেহেৰা দেখি বন্ধুৰ বাক্যষাৰ পুনৰবাৰ স্বীকাৰ কৰি ল’লোঁ৷ বেঙেনা, বন্ধাকবিৰ চাব নোৱাৰা অৱস্থা৷ ঠিকেই, ভৈয়ামৰ পৰা এমোনা লৈ অহা হ’লেই ভাল আছিল৷ কিন্তু নানিলোঁ৷ ইচ্ছাকৃতভাৱেই৷ সিবাৰ ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰে চাংলাং জিলাৰ নামপঙৰ নংকি টাংচা বস্তিত নাজংহঁতৰ চাঙত তিনিদিনীয়াকৈ আলহী হওঁতে সঞ্জু আৰু মই গাড়ী দৌৰাই জয়ৰামপুৰৰ পৰা আলু, পিঁয়াজ, বিবিধ পাচলি কিনি আনিছিলোঁগৈ৷ হ’ল বুলিনো আৰু ৪জনকৈ আলহীক কিমাননো লাইপাত সিদ্ধ খুৱাই থাকিব বেচেৰী নাজংজনীয়ে! হাতত তুলি দিয়া কাৰ্টনটো অনিচ্ছাসত্ত্বেও গ্ৰহণ কৰিবলগীয়া হৈছিল তাই৷ প্ৰথমে ইতস্ততঃ কৰিছিল অৱশ্যে৷ তাৰ বিপৰীতে, তেনেকৈয়ে কৰ্তব্য এটা কৰিব পাৰি আমি সুখী হৈছিলোঁ৷ ইয়াত এতিয়া চিমাৰ পাল৷ এইজনীয়ে অৱশ্যে সিমান চিন্তা কৰিব লগা নহ'ব৷ ৰাতিটো আৰু কাইলৈ ৰাতিপুৱাটো, বচ সিমানেই৷ আনহাতে, জয়ৰামপুৰৰ অনুৰূপ ঘটোৱাটো ইয়াত কিন্তু একেবাৰেই অসম্ভৱ৷ সেয়ে আগতীয়াকৈ নানি পস্তাই আছোঁ৷
খুপাত চাহ-মিঠাইৰ দোকান নাই৷ সীমিত দোকান ঘূৰি দৰকাৰী বস্তুকেইপদ প্ৰথমে গোটাই লোৱা হ'ল৷তাৰ পিছত অন্য দুখন দোকানত সোমাই আমি ক্ৰমে চিঙাৰা আৰু পকৰি কিনি খালোঁ৷ স্থানীয় কাৰিকৰে চিঙাৰা সিমান সোৱাদ লগাকৈ তৈয়াৰ কৰিব পৰা নাই, পকৰিও বেছ জ্বলা৷ তথাপি, অভিজ্ঞতা এটা জীৱনলৈ লৈ থ’লোঁ৷ নহ'লে পিছতযে ক'বলগীয়া কথাই নাথাকিব! আৰু সেই অচিলাতে দোকানীৰ সৈতে কিছু পৰ কথা-বতৰাও চলিল, অৰুণাচলী-হিন্দী আৰু অৰুণাচলী-অসমীয়াত৷ আমাৰ ফালে ডিমাচা, থাড', মাৰসকলে কোৱা হাফলং-হিন্দীৰ দৰে এইফালৰ অৰুণাচলী-হিন্দীৰো বিশেষত্ব অলপ আছে৷ আকৌ, কোমল সুৰৰ, লাহে-ধীৰে কোৱা অৰুণাচলী-অসমীয়া বাক্যবোৰো শুনিলে শুনি থাকিবৰ মন যায়৷ 'ভায়া, ইটো খাবি দেই, ইটো নাই-খাবি... ইটো ভাল আছে, ইটো ভাল নাই-আছে...' তেওঁলোকৰ মুখত বৰ মিঠা লাগে শুনি৷ নাগালেণ্ডৰ নগা মানুহে কোৱা নাগামিজৰ সৈতে পাৰ্থক্য আছে৷ বিভিন্ন জনগোষ্ঠী, উপগোষ্ঠীত বিভক্ত মানুহবোৰে এনেকৈয়ে এদিন সৃষ্টি কৰি লোৱা একোটা লিংগুৱা-ফ্ৰাংকাৰ জৰিয়তে ভাবৰ আদান-প্ৰদান কৰি আহিছে আৰু নেদেখা সোণালী সূতা এডালেৰে নিজকে মেৰিয়াই ৰাখিছে৷
ইফালে অচিনাকি আমিকেইটাৰ আবিৰ্ভাৱ দেখি দুই-একে কৌতূহলী চাৱনি নিক্ষেপ কৰিব ধৰিছে৷ আমাৰ গৃহচহৰ ডিফুখনতো পুৰণি দিনবোৰত একে ধৰণৰ কথাই আছিল৷ চবেই চবকে চিনি পায়৷ নতুন মানুহৰ আগমন ঘটিলে জন্তু চোৱাদি চায়, উপযাচি পৰিচয় হয়হি৷ দেউতাই বৰ্ণনা কৰা ডিফুৰ সেই দৃশ্যটো এতিয়া প্ৰেক্টিকেলি মিলি গৈছে, খুপাত৷ সুযোগ বুজি আমি দুই-একৰ লগত ভাব বিনিময় ঘটালোঁ৷ দোকান চলাই পৰিয়াল পোহপাল দি থকা বেংগলী মানুহ, নামনি অসমৰ চাকৰিজীৱী মানুহো লগ পালোঁ৷ সৰহ সংখ্যকেই চাকৰি সূত্ৰে খুপাত আছে৷ অফিচ হায়ুলিয়াঙত৷ ল’ৰা-ছোৱালী হায়ুলিয়াঙত পঢ়ে৷ বিহু বুলি ঘৰলৈ যাব নোৱাৰাৰ বিৰহ বেদনা কথা প্ৰসংগত খোলাখুলিকৈয়ে প্ৰকাশ পালে৷ আমি আকৌ কৰিছোঁ তাৰ ওলোটাটো৷ বিহুৰ বন্ধৰ আপাহতে ঘৰ-বাৰী এৰি দৌৰ মাৰিছোঁ তেওঁলোকৰ তালৈ! পাহাৰৰ মাজলৈ৷ ইচ্ছাকৃতভাৱে৷ শুনি আচৰিত হৈছে তেওঁলোক৷ আমাৰ লাগিছে আনন্দ৷
গাড়ী বাদ দিলোঁ৷ খোজ কাঢ়িয়েই উভতিলোঁ৷ ৰাস্তাত মানুহ বা মটৰৰ হেমগেম নাই৷ ধূলি-মাকতিও নাই৷ এনেকুৱা অৱস্থাত পথত খোজ কাঢ়ি আৰাম লাগে৷ ঘূৰি অহাৰ পিছত ধৰ্মেনৰ বাংলোটো আমাৰ বাবে নিজৰ ঘৰৰ সদৃশ হৈ পৰিল৷ বস্তুখিনি চিমাৰ হাতত তুলি দিলোঁ৷ তাই ৰন্ধা-বঢ়াত লাগিলগৈ৷ কাপোৰ-কানি সলাই সঞ্জুৱে পাকঘৰৰ কামত হাত ধৰিলে৷ ময়ো হে’ল্পাৰৰ ভূমিকাত অৱতীৰ্ণ হ’লোঁ৷ ঘৰুৱা কাম-বনত সহায় কৰি গৃহস্থৰ সৈতে কম সময়তে মিলি যোৱাৰ প্ৰৱণতা আৰু সক্ষমতা আমাৰ আছে, লাগিলে য’তেই নহওক কিয়৷ ছাৰৰ বন্ধু বুলি চিমা আৰু কমলে বাধা দিছিল যদিও ব্যতিক্ৰম খুপাতো নহ'ল৷
এই যাত্ৰাত অৰুণাচলত আজি আমাৰ প্ৰথম নিশা৷ কেইদিন কটাব লাগিব তাৰ কোনো স্পষ্ট হিচাপ এই মুহূৰ্তত নাই৷ সময়হে চয়-নিচয় কৰিব৷ আই.এল.পি. অৱশ্যে ১৭ তাৰিখলৈকে আছে৷ সুন্দৰ বনভূমি আৰু মনোহৰ উপত্যকাৰে ভৰপূৰ এনে মনোৰম এলেকালৈ হৃদয়ৰ সকলো শক্তিৰে আমাক যেন কোনোবাই আহ্বানহে জনাইছে! সেই আহ্বানে প্ৰতি পলে আমাৰ হৃদয়-মন উল্লাসিত কৰিছে৷ গতিকে ঘূৰাৰ দিন হিচাপ কৰি থকা নাই৷ অনিলদাই ক’বৰ দৰে, য’ হ’গা দেখা যায়েগা৷ পাকঘৰত কামৰ সৈতে কথাৰ মহলাও সমানে চলি থাকিল৷ বিৱৰণী শুনাৰ পিছত আমাৰ যাত্ৰাটোক লৈ কমল আৰু চিমা দুয়ো উৎসাহী হৈ পৰিল৷ তেওঁলোকৰ মুখেৰে পৰামৰ্শও কিছু পালোঁ৷
৮বজাৰ অলপ পিছতে ধৰ্মেনৰ সহকৰ্মী, জুনিয়ৰ ইঞ্জিনিয়াৰ মিষ্টাৰ ত্ৰিবেদী আহিল৷ হাৱাইত থাকে৷ চিনাকি হ’ল৷ আমাৰ খা-খবৰ আৰু ভ্ৰমণ-সূচী জানি ল’লে৷ পৰামৰ্শ তেওঁৰ পৰাও পালোঁ৷ ত্ৰিবেদীজীৰ খাদ্যাভ্যাস মোৰ সৈতে একেই, নিৰামিষাহাৰী৷ গতিকে সমভিব্যাহাৰে নিশাৰ আহাৰ গ্ৰহণ কৰিলোঁ৷ বাংলোটোত দুটা ৰুমত সুন্দৰ ৰূপত, পৰিষ্কাৰকৈ সজাই ৰখা হৈছিল তিনিখন বিছনা৷ এটা ৰুমত সঞ্জু আৰু মই৷ সৰু কোঠাটোত আমাৰ গাড়ী চালক তথা গাইড পেটেল অকলশৰীয়াকৈ৷ ধৰ্মেনৰ ৰুমটোত তলা মৰা৷ তাৰ অন্য এজন সহকৰ্মী তথা প্ৰতিৱেশী ত্ৰিপাঠীৰ কোৱাৰ্টাৰটো ঠিক সন্মুখতে আছিল৷ তাতো দুটা ৰুম ঠিক কৰি থোৱা হৈছিল৷ খাই-বৈ অৰুণদা আৰু অনিলদা তালৈ গ’লগৈ৷ কমলে তলা খুলি দিলে৷ ৰন্ধনশালৰ জাঁজ মাৰি, পুৱাৰ কাৰ্যসূচী মিলাই লৈ চিমাও কোৱাৰ্টাৰলৈ উভতিল৷
পুৱা নামচাইত গাড়ীত তেল ভৰোৱাৰে পৰা আৰম্ভ কৰি সন্ধ্যা খুপাত বজাৰ কৰালৈকে ১১ এপ্ৰিল তাৰিখৰ সমস্ত খা-খৰছৰ অংকবোৰ পকেট নোটবুকখনৰ নতুন পৃষ্ঠা এটাত পৰিষ্কাৰকৈ লিখি অঁতালোঁ৷ হিচাপ-কিতাপ ৰখাটো মোৰ পাল৷ বিল পৰিশোধ কৰাটো অনিলদাৰ৷ লেন-দেন ঠিক থাকিলে সম্পৰ্কও ঠিক থাকে৷ গতিকে আনৰ দৰে টীম মাৰ্ক' পল'ৰ বাবেও চিৰিয়াচ কাম সেইটো৷ সেয়া হোৱাৰ পাছত শুবৰ যো-জা৷ দিনটো যাত্ৰা কৰি থকা হৈছে৷ বিছনাত পৰি দিয়া মাত্ৰকে গভীৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে৷ সঞ্জুৰ নাকে আগ ৰাতি ট্ৰেইনত কৰাৰ দৰেই হেলিকাপ্তাৰ চালনা কেতিয়ানো আৰম্ভ কৰি দিছিল, নাজানো৷ আৱাজটোত চক্ খাই মাজতে এবাৰ সাৰ পাই উঠিছিলোঁ৷ শব্দৰ উৎসটোৰ বুজ লৈ পুনৰ টোপনি৷ একো ক’ব নোৱাৰোঁ আৰু৷
পৰৱৰ্তী খণ্ড :
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১. নতুন দিন এটাৰ আৰম্ভণি
No comments:
Post a Comment