Sunday, 14 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
৭. চংখামৰ পালি বিদ্যাপীঠত ৰ'লোঁ


পঢ়িবলৈ পোৱা কথা এটা এনেকুৱা আছিল যে দূৰ অতীতৰ কোনোবা এদিন শদিয়াৰ পৰা অভিযান আৰম্ভ কৰি নাও বাই ওলাইছিলহি হেনৰী কট্টাম৷ চৌখাম অঞ্চলতে খামতি ৰজাক সাক্ষাৎ কৰিছিল৷ খোজ কাঢ়িয়ে চীন দেশলৈ যোৱাৰ পৰিকল্পনা আছিল তেওঁৰ৷ ৰজাই পথ দেখুওৱাৰ দায়িত্ব লৈছিল৷ সেয়া ১৮৭৬চন৷ আজি ২০১৫৷ এয়াই সেই চৌখাম অঞ্চল৷ সোণোৱালী সুষমাৰে সমৃদ্ধ নামচাই-চৌখাম-চংখাম-টেঙাপানী৷ এই অঞ্চলতে গঢ়ি তোলা হৈছে আকৰ্ষণীয় গ'ল্ডেন পেগোডা, ৱৰ্ল্ড পিচ পেগোডা, চংখাম পেগোডা ইত্যাদি ইত্যাদি৷ সেয়ে 'লেণ্ড অফ গ'ল্ডেন পেগোডা'৷ বুদ্ধং শৰণং গচ্ছা মি, ধৰ্মং শৰণং গচ্চা মি, সংঘং শৰণং গচ্চা মি …সৰুৰে পৰাই কাণত বাজি থকা বুদ্ধ আৰাধনাৰ দ্বিতীয় পদ৷ টেঙাপানীৰ খামতি ৰিজ'ৰ্টৰ বিষয়েও অলপতে পঢ়িবলৈ পাইছিলোঁ ক'ৰবাত৷ যাত্ৰাপথত আমি ভালেকেইটা মজলীয়া আৰু পুৰণি বৌদ্ধস্তুপ, বৌদ্ধপীঠ পাৰ হ'লোঁ৷ পালোঁগৈ চংখামৰ পালি বিদ্যাপীঠ৷

অৰুণাচল চৰকাৰৰ দ্বাৰা পৰিচালিত এইখন দৰাচলতে এখন চৰকাৰী স্কুল৷ পথটোৰ বাওঁহাতে নিৰ্মিত চৌহদৰ মূল দ্বাৰেৰে প্ৰৱেশ ঘটালোঁ৷ ভিতৰত আহল-বহল এলেকা৷ গে'টতে পোৱা ল'ৰা এজনক সোধাত তেৱেঁই আঙুলিয়াই দেখুৱাই দিছিল গে'ষ্ট হাউচৰ বাটটো৷ আমাক নি একেবাৰে দুমহলীয়া অতিথিশালাটোৰ পৰ্চত গাড়ীখন সুমুৱাই পেটেলে ব্ৰে'ক টানিলে৷




ঘড়ীত তেতিয়া সময় পুৱা ৮.১৫৷ চৌপাশে শান্ত-সৌম্য পৰিৱেশ৷ ৰাতিপুৱাৰ আগভাগত বৰষুণ পৰিছিল৷ স্বাভাৱিক শীতলতা এটায়ো বিৰাজ কৰিছিল৷ এই শীতৰ মাত্ৰা ধীৰে ধীৰেযে বৃদ্ধি পাব তাৰ উমান পাই গ’লোঁ৷

ডিফু পালি বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ড০ লক্ষ্যহীৰা থাওম্যুং৷ বাইদেউস্থানীয় ব্যক্তি মোৰ৷ তেখেতৰ জৰিয়তেই যোগাযোগ সম্ভৱ হৈছিল সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰজ্ঞাশীল থেৰ'ৰ সৈতে৷ দিনদিয়েকৰ আগৰ সংযোগ মাত্ৰ৷ বাইদেউৰ উৎসাহ আৰু আন্তৰিকতাপূৰ্ণ সদিচ্ছা্ক্ৰমেই যাত্ৰাপথত এই শিক্ষানুষ্ঠানখনৰ আলহী-ঘৰটোত ক্ষন্তেক জিৰণি লোৱা, গা তিওৱা আৰু পুৱাৰ জলপান খোৱাৰ বাবে আগতীয়াকৈ ব্যৱস্থা কৰি থোৱা হৈছিল৷ গাড়ীৰ পৰা নামিয়ে ভান্তেক বিচাৰিলোঁ৷ ম'বাইল নে'টৱৰ্কে কাম নকৰা হ'ল৷ কিবা দৰকাৰী কাম এটাত লাগি থকা হেতুকে তেওঁ অহাত কিছু পলম হ'ব৷ তত্ত্বাৱধায়কৰ দায়িত্বত থকা ৰত্নেশ্বৰ সোণোৱালে চাইকেল মাৰি খবৰ লৈ আহি কথাষাৰ জনালে৷ পলম নকৰি আথে-বেথে আমাক ওপৰৰ ৰুম দুটা খুলি দিলে৷ কেৱল সেয়াই নহয়, পত্নীৰ সৈতে মিলি-জুলি যুদ্ধকালীন তৎপৰতাৰে আমাৰ বাবে পুৱাৰ ৰঙা চাহকাপৰ উপৰি ৰুটি-ভাজি, কল-কণী আদিৰ ব্যৱস্থা কৰাত লাগিল৷ তেওঁলোক অসমৰ, তিনিচুকীয়া জিলাৰ কাকপথাৰৰ লোক৷ ভালেমান বছৰ হ'ল ইয়াত৷

বৰষুণ পৰাৰ সম্ভাৱনাৰে আকাশখন তেতিয়াও গোমা আছিল৷ বাথৰুমত গৰম পানীৰে ভালকৈ গা-মূৰ ধুলোঁ৷ তাৰ পিছতে কেমেৰাটো হাতত লৈ দুমহলীয়া গে'ষ্ট হাউচটোৰ ওপৰ পালোঁগৈ৷ ছাদৰ পৰা চকুৱে বুজিব পৰালৈকে অনুষ্ঠানটিৰ চাৰিও চুক নিৰীক্ষণ কৰাত ধৰিলোঁ৷ বিদ্যালয় গৃহ, আৱাস গৃহ, মুক্তাংগন, ৰাস্তা, মিউজিয়াম, গৱেষণা কেন্দ্ৰ, কৃষিকৰ্ম আদি দেখা পালোঁ৷ এসময়ত নামি আহি পাকঘৰটোলৈ পোনালোঁ৷ সপত্নীক সোণোৱাল আমালৈ আহাৰ যতনোৱাত ব্যস্ত হৈ আছিল৷ তাৰ মাজে মাজেই ঘৰৰ ঠিকনা, পা-পৰিয়ালৰ পৰা আৰম্ভ কৰি ৱালং, কিবিথো পৰ্যন্ত বেছ কিছু আলাপ চলিল৷ চাহ-তাহ খাই আমি যামগৈ বোলাত দুয়ো আচৰিতেই হ'ল৷ এদিন থাকি ঠাইখন ফুৰি-চাকি যাবলৈ ক'লে৷ অলপ পিছতে ডাইনিং টেবুলত খাদ্যবস্তবোৰ ধুনীয়াকৈ সজালে৷ ওপৰৰ পৰা সংগীসকলক মাতি আনিলোঁ৷ টেবুলখনৰ চাৰিওকাষ ঘেৰি আমি বহি ল'লোঁ৷


খোৱাৰ পৰ্ব চলি আছিল৷ তাৰ মাজতে মেৰুণৰঙী সাজত ভান্তে পালেহি৷ কণ্ঠৰ পৰিচয়টো আছিলেই৷ তিনিচুকীয়া এৰাৰ পিছতো এবাৰ ফোন কৰিছিলোঁ তেওঁলৈ৷ এতিয়া যেনিবা শাৰীৰিকভাৱে পৰস্পৰে পৰস্পৰৰ মুখামুখি হ'লোঁ৷ ইটো-সিটোকৈ বহুতো কথাই পাতিব ধৰিলোঁ মানুহজনৰ সৈতে৷ ওখ-পাখ ডেকা মানুহ৷ পালি ভাষাটোৰ উন্নয়ন সাধনত ব্ৰতী হৈ এই স্থানতে শিক্ষাদানত লাগি আছে৷ ডিফুলৈকো আগতে গৈছে৷ সেয়েহে অচিনাকি-চিনাকি হিচাপত আমাৰ সৈতে বন্ধুত্ব বেচ জমি উঠিল৷ কাৰবি প'হ' এখনেৰে অৰুণদাই ভান্তেক শলাগ জ্ঞাপন কৰিলে৷ মোৰ বেগত ঘৰৰ পৰা ছয়পতীয়া কেলেণ্ডাৰ কেইখনমান লৈ গৈছিলোঁ৷ তাৰে এখনো উপহাৰ দিলোঁ৷ লগতে 'ছে-হুন-থাওম্যুং' এক'পী৷ কেলেণ্ডাৰৰ জুলাই মাহৰ পৃষ্ঠাটোত মই তোলা কাংথিলাংছ' জলপ্ৰপাতৰ ফটোখন দেখুৱালোঁ৷ কাৰবি আংলঙৰ ডেনগাঁৱৰ পৰা ১০কিল'মিটাৰ ভিতৰৰ পাহাৰত আৰম্ভ হৈছে সেই নতুন পিক্‌নিক্‌ স্পটটো৷

আশা কৰিছিলোঁ যে কেইঘণ্টামানৰ পিছতে আমি মিছিমি হিল্‌ছত সোমাই পৰিম আৰু চাবলৈ পাম তেনেকুৱা লানি নিছিগা জলপ্ৰপাত৷ চাগৈ বনভোজ খোৱা ঠাইৰ অভাৱ সেইফালে নাথকিব৷ প্ৰকৃতিৰ এনে বিনন্দীয়া ৰূপৰ চাক্ষুস দৰ্শনৰ নিমিত্তেই কষ্টক কষ্ট নুবুলি কৌতূহলৰ পম খেদি কিছুমান মানুহ গুচি যায় সিবোৰৰ সন্ধান বিচাৰি৷ আমিও গৈ আছোঁ একে দৃষ্টিভংগীৰে৷ হেনৰী কট্টামৰ সেই দুঃসাহসিক যাত্ৰাটো দুৰ্গমতাৰ কাৰণত য'ত সমাপ্ত হৈছিল, আমি ইয়াৰ পৰা যাত্ৰা কৰি পুনৰবাৰ ৰ'মগৈ তাতেই৷অৰ্থাৎ, পৰশুৰাম কুণ্ডত৷ মাজৰ দূৰত্ব ৩০কিল’মিটাৰ মাত্ৰ৷ দলটোৰ প্ৰতিজনেই প্ৰতিটো মুহূৰ্ততে এতিয়া প্ৰকাশ কৰিব নোৱাৰা ধৰণে ৰোমাঞ্চিত আৰু উত্তেজিত৷ তাৰ কাৰণ অৰুণাচলৰ কুমাৰী প্ৰকৃতি৷ 'সবার ওপরে প্ৰকৃতি' বুলি সহস্ৰজনৰ দৰে আমিও গভীৰ অন্তঃকৰণেৰে সৈতে বিশ্বাস এটা বুকুত সাবটি ধৰি আছোঁ৷



ঠাই এৰিবৰ বেলি হৈ আহিল৷ সকলোৰে পৰা বিদায় মাগি গাড়ীত উঠিলোঁ পৰৱৰ্তী ষ্টপেজলৈ বুলি৷ হেঁপাহ আছিল, ইয়াত থাকি, পদব্ৰজে ঘূৰি-পকি এই বৃহৎ খামতি অঞ্চলটোত পিতপিতাই ফুৰাৰ, বৌদ্ধ বিহাৰ দৰ্শন কৰাৰ৷ তদুপৰি চকুৰ আগত ওলাই থকা খামতি বৌদ্ধিক গৱেষণা কেন্দ্ৰটি পাত পাতকৈ চোৱাৰো ইচ্ছা আছিল৷ ১৪ৰ পৰা ১৬এপ্ৰিল তাৰিখলৈ চৌখামত উলহ-মালহেৰে জাতীয় উৎসৱ 'পয়চাংকেন' আয়োজন কৰা হৈছে৷ খবৰটো ইতিমধ্যে বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ৷ ভান্তেয়ো উনুকিয়াইছে৷ থাকি যাবলৈ খাটিছে৷ খামতিসকলৰ পৱিত্ৰ আৰু সবাতোকৈ প্ৰিয় সেই বছৰেকীয়া ৱাটাৰ ফেষ্টিভেল স্বচক্ষে চোৱাৰ তাগিদা এটা গোপনে মনৰ একোণত ক্রিয়াশীল আছিল৷ পিছে সন্মুখতযে পৰি আছে খুব দীঘলীয়া নহ'লেও এটা সম্পূৰ্ণ অচিনাকি, আচহুৱা, আওহতীয়া বাট!

পৰিস্থিতিৰ উল্লেখেৰে সমস্ত কথাখিনি মুকলিকৈ ব্যক্ত কৰিলত ঘূৰি আহোঁতে এৰাতি থাকি যাবলৈ পৰামৰ্শ দিলে ভান্তে থেৰ' আৰু কেয়াৰটেকাৰ সোণোৱালে৷ অনিশ্চয়তাৰে ভৰা সন্মুখৰ যাত্ৰাটোৰ বাবেই উক্ত মুহূৰ্ততে নিশ্চিতিবাহক কোনো ধৰণৰ অংগীকাৰ কৰিবলৈ অপাৰগ হৈ পৰিলোঁ৷ সীমান্ত অভিমুখে আগ বাঢ়ি থকাটোকে তেতিয়া মুখ্য আৰু উচিত সিদ্ধান্ত হিচাপে বিবেচনা কৰি তাৰ পৰা ৰাওনা দিলোঁ৷ জানিছিলোঁ যে তিনিচুকীয়াৰ পৰা চৌখাম হৈ লোহিতৰ পাৰে পাৰে গৈ থাকিলেই পাই যাম কিবিথো৷ চীনৰ ৬.৬১৮মিটাৰ উচ্চতাত অৱস্থিত য়কো শৃংগৰ পৰা জায়ুল চু নাম লৈ ওলাই অহা লোহিত নৈখন সীমাৰ সিপাৰৰ পৰা দক্ষিণ দিশত ভটীয়াই আহি কিবিথো অঞ্চলৰ কাহো ভিলেজত গিৰিপথেৰে ভাৰতৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে৷ সেই লোহিতক নাতিদূৰত লগ পাম বুলি নিশ্চিত আছিলোঁ৷ ঘূৰি আহি পয়চাংকেন দেখিবলৈ পামনে নাই সেয়াহে কিন্তু মুঠেই খাটাং কৰিব নোৱাৰিলোঁ তেতিয়া৷ এটা দুখ, এটা অসম্পূৰ্ণতা যেন থাকি গ'ল!

পৰৱৰ্তী খণ্ড :
৮. অৰেঞ্জ কেপিটেলৰ মাজে মাজে

No comments:

Post a Comment