অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
২. ডিৰাক গে’টেৰে সোমালোঁ অৰুণাচল প্ৰদেশত
মসৃণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গহীন বেগেৰে ধাৱমান হৈ ডুমডুমা পাৰ হ’লোঁ৷ দোকান-পোহাৰ খোলাই নাই৷ ইফালে চাহ-তাহ একাপো খোৱা হোৱা নাই আমাৰ৷ লালচাহৰ প্ৰস্তাৱটো আনিলে সন্মুখত বহা অৰুণদাই৷ হোটেললৈ লক্ষ্য ৰাখি গৈ আছোঁ৷ ক্ষন্তেকতে ৰ’লোঁগৈ ৰূপাইৰ ৰে’ল গে’ট পাৰ হৈ, ৰাইট টাৰ্ণ লৈ, কাকপথাৰ অভিমুখীকৈ৷ তাত পত্নী স্বৰ্ণালীৰ কোনোবা বান্ধৱীলৈ লগত নিয়া কিতাপৰ টোপোলা এটা পূৰ্বনিৰ্ধাৰিত স্থানত জমা দিবলগীয়া কাম আছিল সঞ্জুৰ৷ অনতিপলমে সুকলমে সেয়া হৈ গ’ল৷ সুযোগ পাই সকলোৱে নামিলোঁ৷ হোটেল পাইছিলোঁ যদিও পাউদাৰ গাখীৰৰ চাহ৷ ৰঙাচাহ নাপায়৷ ইফালে আমিবোৰ হ’লোঁ ফিকাচাহৰ ভক্ত৷ গতিকে সাময়িকভাৱে সেইটো বাদ পৰিল৷ ইংগিত পায়ে এন.এইচ. ৫২ৰে পেটেলে গাড়ী এৰি দিলে৷ অৰুণদাই মেৰী বিস্কুতৰ পেকেট দুটা কিনিছিল৷ আটাইকেইটাই তাৰে কেইখনমানকৈ চোবালোঁ, বটলৰ ঠাণ্ডা পানীৰে সৈতে৷ কথা-বতৰাও চলি থাকিল৷
ৰূপাইতে ৰাস্তাটো দুভাগ হৈছে৷ এটা ৩৭ নং, ধলা অভিমুখে আৰু আনটো ৫২ নং, কাকপথাৰৰ দিশে৷ তিনিআলিৰ দাঁতিতে ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচন (বি.আৰ.অ.’)ৰ পকী ফলক এখন৷ প্ৰজেক্ট উদায়াকে আমাক স্বাগতম জনাইছে৷ ব’ৰ্ড পঢ়ি বুজিছিলোঁ যে ৩৭ নং ঘাইপথেৰে তাৰ পৰা ধলা ঘাট ১৭কিল’মিটাৰ, ৰ’য়িং ৮৫কিল’মিটাৰ, হুনলি ১৭৫কিল’মিটাৰ, আনিনি ৩৫৬কিল’মিটাৰ, তেজু ১৩৫কিল’মিটাৰ, ডিমৱে’ ১৪৮কিল’মিটাৰ৷ লগে লগে ডিজিটেল কেমেৰাটো উলিয়াই ল’লোঁ, প্ৰথমবাৰৰ বাবে৷
বুজিলোঁ, সেই পথে গ’লে ধলাত ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ শদিয়া৷ সেইফালেই সম্প্ৰতি নিৰ্মাণ কাৰ্য চলি আছে দীঘল দলং এখনৰ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত সাজি থকা ধলা-শদিয়া দলঙে অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিব৷ ৮৭৬কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্প৷ ৯.১৫কিল'মিটাৰ দৈৰ্ঘৰ এই নিৰ্মীয়মান দলংখন এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি বাতৰিত প্ৰকাশ৷ ২০১০চনৰ নবেম্বৰ মাহত কাম আৰম্ভ হৈছিল৷ মন কৰিবলগীয়া যে এইখন ভাৰতৰ দীৰ্ঘতম দলং হ’ব৷ অসম-অৰুণাচলৰ বাবে গৌৰৱৰ বিষয়৷
বিশিষ্ট গায়ক খগেন মহন্তৰ ‘মা আমি শদিয়ালৈ যামেই’ গীতটো সৰুৰে পৰাই আমি শুনিছোঁ, গুণগুণাইছোঁ৷ একেদৰে, ‘শদিয়াৰ পৰা ধুবুৰীলৈ’ বাক্যাংশও কোন কেতিয়াবাৰ পৰাই পঢ়িছোঁ, আনে কোৱা শুনা পাইছোঁ৷ তৎসত্ত্বেও শদিয়ালৈ মোৰ আগতে কাহানিও যোৱা হোৱা নাই৷ মানুহৰ মুখত গম পাওঁ যে ধলা আৰু শদিয়াৰ মাজত ব্ৰহ্মপুত্ৰ পাৰ হ'বৰ বাবে হেনো প্ৰায় ৪ঘণ্টা সময়ৰ প্ৰয়োজন৷ শদিয়ালৈ যোৱা আৰু যমৰ যাতনা ভোগা একেই কথা বোলে৷ অসমৰ কলীয়াপানী বুলিও কোৱা শুনো৷ তাকে লৈ চিন্তা কৰিলোঁ, দলংখন হৈ উঠিলে কিমানযে কষ্টৰ পৰা ৰেহাই হ’ব এইফালৰ মানুহবোৰৰ! কিমান আগতেই হৈ উঠিব লাগিছিল এইজাতীয় জনকল্যাণকাৰী প্ৰজেক্টবোৰ! এই কামটোৱে চীন সীমান্তৰ ৰাজ্য হিচাপে অৰুণাচললৈ ভাৰতীয় সেনাবাহিনীৰ যোগাযোগকে ধৰি নিৰাপত্তাৰ ক্ষেত্ৰত অগ্ৰগতি আনি দিব৷ লাইন অফ একচুৱেল কণ্ট্ৰ'ললৈ পথ নিৰ্মাণ কৰাতো সহায়ক হ'ব৷ সঁচা-মিছা নাজানো, চীনে চীন-ভাৰত সীমান্তৰ চীন অংশত পথ যোগাযোগ ব্যৱস্থা বহু আগতেই সুচল কৰি তুলিছে বুলি শুনিছোঁ ৷ স্বদেশৰ অৱস্থাটো নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ পিছত ভালকৈ ক’ব পাৰিম৷ চৰকাৰৰ ‘লুক ইষ্ট পলিচী’য়েও দেশৰ পূব অংশটোৰ উন্নয়নমুখী পদক্ষেপকে দোহাৰিছে৷ সেয়েহে অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকালৈ পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাটো ভাৰতৰ নিৰাপত্তা, বহিঃবাণিজ্য, পৰ্যটন আদিৰ উ্ন্নয়নৰ স্বাৰ্থতে জৰুৰী হৈ পৰিছে৷ ষ্টিলৱেল পথতকৈ কিবিথোৱেদি ভাৰতৰ পৰা চীনলৈ তেনেই ওচৰ, পোনপটীয়া বাট আৰু সমস্যাও তাকৰ৷ আন যি কি নহওক, দলং সম্পূৰ্ণ হৈ উঠিলে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাইজৰ দীৰ্ঘদিনীয়া ভ্ৰমণ-যন্ত্ৰণাটোৰ অন্ততঃ যৱনিকা পৰিব বুলি একে আষাৰে ক’ব পাৰি৷ সদ্যহতে চকুত পৰাৰ কোনো সম্ভাৱনা নাই যদিও নিৰ্মাণৰত দলংখন ঘূৰি আহোঁতে চাব লাগিব বুলি আশা এটা মনতে পুহি ৰাখিলোঁ৷ শদিয়াত চিনাকি মানুহো নথকা নহয়৷ দেখা দি আচৰিত কৰি দিয়াৰ ইচ্ছা এটাও অন্তৰত গুপুতে জাগিছে৷

চিমেণ্টৰ ব’ৰ্ডখনত আৰু লিখা আছিল যে ৫২ নং পথৰ দিশত আগলৈ ডিৰাক ৩১কিল’মিটাৰ, জেংথু ৪৬কিল’মিটাৰ, চৌখাম ৭০কিল’মিটাৰ, ব্ৰহ্মকুণ্ড ১২৬কিল’মিটাৰ, ডিমৱে’ ১৫৭কিল’মিটাৰ, তেজু ১৭০কিল’মিটাৰ৷ দুটা পথ, দুই ধৰণৰ দূৰত্বৰ হিচাপ৷ স্বাভাৱিক কথা৷ আমি পিছে এইটো বাটেহে যাম অৰ্থাৎ এন.এইচ. ৫২ৰে৷ ব্ৰহ্মকুণ্ডৰ দূৰত্বটো সদ্যহতে মনত ৰাখি ল’লোঁ৷ কাৰণ সেই পুণ্যধামত ক্ষন্তেক ৰ’বলগীয়া আছে৷ অৰুণদা, অনিলদা, সঞ্জুৰ বহুদিনীয়া হেঁপাহৰ কাম এটা আছে তাত৷ তাৰ আগেয়ে চৌখামতো ষ্টপেজ দিম অৱশ্যে৷ যোগাযোগ হৈ গৈছেই ইতিমধ্যে৷
৩১কিল’মিটাৰ আঁতৰৰ ডিৰাক গে’ট সদ্যহতে আমাৰ পৰৱৰ্তী টাৰ্গেট৷ তাতে অৱস্থিত আন্তঃৰাজ্যিক সীমান্তৰ পুলিচ চে’ক প’ষ্ট৷ একালত অসমৰ সংবাদ-পত্ৰসমূহৰ প্ৰায়ে হে’ডলাইনত থকা কাকপথাৰ পালোঁ৷ 'অসমৰ জালিয়ানৱালাবাগ' অতিক্ৰমি প্ৰতিবেশী দুই ৰাজ্যৰ সীমাত যেতিয়া উপস্থিত হ’লোঁগৈ ঘড়ীত তেতিয়া পুৱা ঠিক ৭.৩০৷ পেটেলে আমাৰ আই.এল.পি.কেইখন ক'ত আছে সুধিলে৷ মই আগ বঢ়াই দিলোঁ ৷ চে’ক বুথলৈ গৈ সেয়া দেখুৱাই এণ্ট্ৰীৰ কামখিনি তেৱেঁই সমাপন কৰিলে৷ আমি যাবলগীয়া নহ’ল৷
ব্ৰিটিছ-ভাৰতত আদিতে এনেকুৱা ধৰণৰ একো বাধা-নিষেধ নাছিল৷ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত কেতবোৰ বেমেজালি আঁতৰাবৰ বাবেই ১৮৭৩খ্ৰীষ্টাব্দৰ পৰা ইনাৰ লাইন সংক্রান্তীয় নিয়ম বা ৰেগুলেচন কাৰ্যকৰী কৰা হয়৷ সেই অনুসৰি ব্ৰিটিছ প্ৰজাকে ধৰি অন্যান্য সকলো লোককে অনুমতি-পত্ৰ অবিহনে সীমান্ত অঞ্চলত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ সেই নিয়ম আজিকোপতিও বলবৎ আছে৷ ইয়াৰ জৰিয়তে বাহিৰৰ মানুহৰ প্ৰৱেশ ৰোধ কৰাটো মূল উদ্দেশ্য৷ তথাপিতো ৱৰ্ক পাৰ্মিটৰ সুৰুঙাইদি বিভিন্ন ৰাজ্যৰ মানুহ অৰুণাচল প্ৰদেশৰ অঞ্চলবিশেষত ভৰি পৰাটোও সত্য৷ তাৰ প্ৰমাণ গে’টৰ সমীপৰ পৰাই লক্ষ্য কৰা যায়৷ এসময়ত অৰুণাচলত কটোৱা দিনবোৰতো সেয়া অৱশ্যে দৃষ্টিৰ অগোচৰে নাছিল৷ অতীতৰ সেই সময়ৰ তুলনাত বৰ্তমান আমাৰ চুবুৰীয়া ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি হৈছে, জনগাঁথনি সলনি হৈছে৷ বিশেষভাৱে, সীমান্তৱৰ্তী অঞ্চলসমূহত৷ ইনাৰ লাইন প্ৰথা উঠাই দিয়াৰ হকেও মাজে মাজে কোনো কোনো মহলত হৈ-চৈ শুনা পাওঁ৷ বিপৰীতে, অসমতো ইনাৰ লাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিবহে লাগে বুলিও মাজে-মধ্যে মানুহৰ ভাব-ভাষাত বুজি পাওঁ৷ উত্তৰ-পূবৰ সংৰক্ষিত এলেকাত প্ৰৱেশৰ ক্ষেত্ৰত থকা বাধা-নিষেধ উঠাই দিবৰ বাবে শেহতীয়াভাৱে বিদেশী হেঁচাও নপৰা নহয়৷ ব্যক্তিগতভাৱে, মনে মনে এটা ধাৰণা লৈ থাকোঁ যে দূৰ অতীতত অসমতো অনুৰূপ ধৰণৰ সাংবিধানিক বিধি প্ৰৱৰ্তন কৰা হ’লে অবৈধ প্ৰব্ৰজন আৰু অপৰিকল্পিত-অনিয়ন্ত্ৰিত জনসমাগম বৃদ্ধিৰ দৰে জ্বলন্ত সমস্যাৰ বোজা অসম মাতৃয়ে আজি হয়তো কঢ়িয়াবলগীয়া নহ’লহেঁতেন৷ মানুহ বাঢ়িলেই সকলোপিনে খেলিমেলি৷ এইটো দেখ দেখ কথা৷ সমস্যাৰ একমাত্ৰ কাৰণ মানুহেই৷ এগাল মানুহ, কামৰ মানুহ কিমান? পুতৌ লগা ধৰণে ব্যৰ্থ দিছপুৰীয়া ঠিকাদাৰসকল৷ অন্ন, বস্ত্ৰ, বাসস্থানক লৈয়ে সাধাৰণ মানুহৰ জীৱনজুৰি টনা-আঁজোৰা৷ আহাৰ-নিদ্ৰা-মৈথুনতেই একোটা জীৱনৰ পৰিসমাপ্তি! ক’ৰবালৈ গুচি যোৱা ভাবনাৰ সুঁতিটোত কক্বকাই কক্বকাই ভিতৰি ভিতৰি খং এটা উঠি আহিছিল৷
সন্মুখত ডিৰাক চে’ক গে’টৰ ধেনুভিৰীয়া ডাংডাল৷ পুনৰ বাস্তৱলৈ ঘূৰি আহিলোঁ৷ অৰুণাচল পুলিচৰ নিৰ্দেশনা সম্বলিত ব’ৰ্ডষ্টেণ্ডৰ এইপাৰে গাড়ীৰ পৰা এখন্তেক নামি গ'লোঁ যদিও আন্তঃৰাজ্যিক সীমাৰ ফটোহে তুলিলোঁ৷ ক্ষন্তেক পৰৰ পিছতে পেটেল আহিল আৰু ইঞ্জিন ষ্টাৰ্ট দিলে৷ তিনিচুকীয়া শেষ৷ অসম এৰিলোঁ৷ আমি অৰুণাচলত সোমালোঁ৷ বেলেগ ধৰণৰ অনুভূতি এটাই সেই মুহূৰ্তত হৃদয়খন জোকাৰি গ’ল৷ মোৰ বাবে এইটো চিনাকি অনুভূতি৷ এটা ভাল লগা অনুভূতি৷ অৰুণাচল বুলিলেই বিশেষ ধৰণৰ এই পুলক মোৰ জাগে৷ পুৰণি দিনবোৰলৈ মনত পৰে৷ এক কথাত, নষ্টালজিক হৈ উঠোঁ৷
পৰৱৰ্তী খণ্ড :
৩. নামচাইত খাতা খুলিলোঁ
No comments:
Post a Comment