অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
ফুৰি-চাকি ঘৰ সোমালোঁগৈ৷ ইতিমধ্যে চিমাও আহি পাইছিল৷ প্ৰথমে ৰঙা চাহ
আৰু বিস্কুত খুৱালে তাই৷ তাৰ পিছত ৰুটি-ভাজিৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হ’ল৷ অলপ পাছতে কমলো আহি ওলাল৷ সৰু পাকঘৰটোত
আমি গোটেইকেইটা সোমাই কথাৰ মহলা মাৰিবলৈ ধৰিলোঁ৷ বিভিন্ন প্ৰসংগ ওলাল৷ একদম ঘৰুৱা,
হাস্যমধুৰ পৰিৱেশ এটাৰ সৃষ্টি হ’ল৷ সঞ্জুৱে
ৰুটিৰ বাবে আটা খচাৰ উপৰি বেলিবলৈ লাগিল৷ কমলে এখন এখনকৈ সেকি গ’ল৷ গোলাকাৰ ৰুটিকেইখন দেখি চিমাই আশ্চৰ্য
প্ৰকাশ কৰিলে৷ তাই নোকোৱাকৈ থাকিব নোৱাৰিলে, ‘ছাৰে ইমান ধুনীয়াকৈ
বেলিছে’ বুলি৷ আমি
গা-পা ধুই উঠাৰ পিছত তায়ে আমালৈ ডাইনিং টেবুলত ৰুটি-ভাজি, লালচাহ আদি সজাই পৰিৱেশন
কৰিলে৷ হাঁহিমুখীয়া আৰু কাজী ছোৱালীজনীক কম সময়ৰ বাবে পালোঁ যদিও তাই আমাৰ মৰমবোৰ
সোপাকে যেন আজুৰি লৈ গ’ল!
৯.০০বজাত আমি যাবলৈ ওলালোঁ৷ ঘূৰি যাওঁতে অগত্যা কিবা অসুবিধা হ’লে খুপাত সোমাই এৰাতি থাকি যাবলৈ প্ৰস্তাৱ
দি থ’লে কমল আৰু
চিমাই৷ দুয়োলৈকে একোখনকৈ কাৰবি প’হ’ৰ লগতে সামান্য বকচিচ আগ বঢ়ালোঁ৷ সিহঁতে
ইতস্ততঃ কৰিছিল যদিও আতিথ্য আৰু অন্তৰংগতাৰ তুলনাত সেয়া আছিল তেনেই নগণ্য৷ আনহাতে বন্ধু
ধৰ্মেন ঘৰত উপস্থিত নাছিল যদিও অৰুণদাই লগত নিয়া ২০১৪ত প্ৰকাশিত নিজৰ দ্বিতীয়খন কবিতা
সংকলন ‘তথাপিও দোমোজাৰ সেই পলবোৰ...’ৰ ক’পী এটা তাৰ নামত আগ বঢ়ালে৷ সঞ্জুৱে উপহাৰ
দিলে নিজৰ দ্বিতীয়খন প্ৰবন্ধ সংকলন ‘পাহাৰৰ চিঠি’৷ কিতাপখন ২০১০চনত প্ৰকাশ কৰা হৈছিল৷
সুখ অনুভৱ কৰিলোঁ যে ডিফুৰ পৰা যোৱা আমাৰ চাৰিজনীয়া ভ্ৰমণকাৰী দলটোৰ মাজত দুজনেই,
মানে ফিফ্টি পাৰ্চেণ্ট, লেখক মানুহ! অৰুণদা আৰু সঞ্জুৱে নিজৰ সৃষ্টিশীল কৰ্মৰে টীম মাৰ্ক’ পল’ক গৌৰৱান্বিত কৰিছে৷ তাকে চাই মোৰ তৰফৰ পৰা পুৰণি বন্ধুক
কি দিম ভাবি থাকিলোঁ৷ ঘৰৰ পৰা অনা কাৰবিসকলৰ সাংস্কৃতিক সম্পদ, ৰঙা প’হ’ এখন থাকোঁতে বেগৰ ভিতৰত আছে৷ তাকে খুঁচৰি উলিয়ালোঁ৷
গোটেইকেইপদ বস্তু সযতনে পেকেট এটাত ভৰাই পেলালোঁ৷ ছাৰ আহিলে পেকেটটো চমজাই দিবলৈ
অনুৰোধ জনাই চিমা আৰু কমলৰ পৰা আমি বিদায় মাগিলোঁ৷ ইফালে আগৰাতিয়ে কেলেণ্ডাৰ এখন ডাইনিং টেবুলৰ কাষতে দেৱালত থকা গজাল এটাত ওলোমাই দিছিলোঁ এপ্ৰিল মাহৰ ১্১ তাৰিখটোতে৷ জুলাই মাহৰ পহিলা দিনটো যিদিনা আহিব সিদিনা জুনমহীয়া পৃষ্ঠাটো লুটিয়াই দিলেই কেলেণ্ডাৰখনত ছপা হোৱা মোৰ ফটোগ্ৰাফখন ওলাই পৰিব আৰু সেইখনে সিহঁত আটাইমখাকে অন্ততঃ এমাহ ধৰি মোলৈ মনত পেলাই থাকিব!
এৰি অহাৰ মুহূৰ্তটোৱে নিশ্চিতভাৱেই উভয় পক্ষৰে মনবোৰ গধুৰ কৰি পেলাইছিল৷
খুপাৰ সেউজ আত্মীয়তা বুকুত বান্ধি আমি নামি যাম হায়ুলিয়াঙলৈ৷ ‘গগৈ বাবু’ৰ সৈতে মোৰ ভ্ৰমণ-সংগীসকলক সোঁশৰীৰে
সাক্ষাৎ কৰাব নোৱাৰাৰ দুখ এটা মনৰ একোণত সংগোপনে ৰৈ গ’ল৷ মিছিমি পাহাৰৰ মাজৰ খুপা নামৰ ক্ষুদ্ৰ
গাঁওখনৰ ছোঁ মৰা নিৰ্জনতা আৰু প্ৰেমময় আতিথেয়তা আমাৰ মনত ৰৈ গ’ল, যাক দৰাচলতে কলমেৰে প্ৰকাশ কৰিব নোৱাৰি৷
কথাবোৰ ভাবি থাকোঁতেই পেটেলে ইঞ্জিন ষ্টাৰ্ট দিলে৷ গাড়ীখন লাহে
লাহে চৌহদৰ পৰা বাহিৰ ওলাই পকা ৰাস্তাত উঠিল৷ লক্ষ্যস্থান হায়ুলিয়াং হৈ ৱালং৷ খুপাৰ
নিকটতম চহৰখনেই হৈছে হায়ুলিয়াং৷ ধৰ্মেনৰ বাংলো এৰোঁতেই গাড়ীৰ খাদ্যৰ কথাটো ওলাল৷ চিধাই
সোমালোঁগৈ উত্তৰ-পূৰ্বাঞ্চলৰ পূব দিশৰ লাষ্ট ফুৱেল ৰিফিলিং ষ্টেচনটোত৷ আছাম অয়লৰ ডিপ’টোত ফুলটেংকী তেল ভৰাই গহীন হৈ ল’লোঁ৷ পকেট নোটবুকখনে কলমটোৱে আপোনা-আপুনি
ওলাই আহিল৷ আমপানী লজ পাওঁতে আবকাৰী বিভাগৰ মানুহবোৰ গ'লনে নাই এনেয়ে এবাৰ জুমি চাইছিলোঁ৷
পূৰ্বোত্তৰৰ এই জনগোষ্ঠীয় মানুহখিনিৰ হাড়ে-হিমজুৱে ইংৰাজে সুমুৱাই থৈ যোৱা কানিৰ
প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰাটো ইমান সহজসাধ্যজানো? পাক কেইটামান ঘূৰি খুপাৰ পৰা নামিব
লাগিলোঁ৷ মূল পথটো ধৰোঁতেই লোহিতেও সংযোগ স্থাপন কৰিলেহি৷ ইয়াৰ পৰা আগুৱাই গ’লেই হায়ুলিয়াং৷ মোৰ বন্ধুৰ কৰ্মস্থলী৷
খুপাৰ পৰা সেই ঠাই খুব বেছি ৮কিল’মিটাৰমান মাত্ৰ৷
হায়ুলিয়াং আঞ্জাৱ জিলাৰ মহকুমা সদৰ৷ তেজু-ৱালং পথৰ মাজৰ মূল ঠাই৷ তেজুৰ
পৰা ইয়াৰ দূৰত্ব ১০২কিল’মিটাৰ৷ হায়ুলিয়াঙৰ
পৰা সদৰ স্থান হাৱাইলৈ ৫৮কিল’মিটাৰ৷ এইটো
বাটত আহি এতিয়ালৈ আমি পোৱা এইখনেই অকণমান ডাঙৰ ঠাই যেন বোধ হৈছে৷ অঞ্চলটোৰ কাৰণে হায়ুলিয়াঙেই
প্ৰাণকেন্দ্ৰ স্বৰূপ৷ যদিও দোকান-পোহাৰ সংখ্যাৰ অংকৰে বহুত নাই, তথাপিতো স্থানীয় মিছিমি
আৰু সেনাবাহিনীৰ লোকসকলৰ কাৰণে হায়ুলিয়াঙেই হৈছে লাষ্ট ৰিজৰ্ট৷ শেষ বজাৰ বোলা যায়
যাক৷ স্থানীয় আৱাসীৰ সংখ্যা ইয়াত কম৷ শতকৰা ৮০ ভাগেই চৰকাৰী চাকৰিয়াল৷ মিছিমি দোৱানত
হায়ুলিয়াঙৰ অৰ্থ the place of my liquor৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৭৫০মিটাৰ৷
ইয়াৰ জলবায়ু শীতল, সুখদায়ক আৰু স্বাস্থ্যকৰ৷ নিৰ্মীয়মান হস্পিতাল আৰু ঘৰ কিছুমান হায়ুলিয়াং
সোমাওঁতেই চকুত পৰিছিল৷ খুপাৰ পৰা নামি আমি উজনিমুৱাকৈ গৈ আছিলোঁ৷ প্ৰৱাহমান লোহিতখন
আমাৰ সোঁহাতে, নামনি অভিমুখে৷ এটা চৰকাৰী পৰিদৰ্শন বঙলা, কিছুমান চৰকাৰী কাৰ্যালয়,
কৰ্মচাৰীসকলৰ কোৱাৰ্টাৰ, প’ষ্ট অফিচ, উচ্চতৰ
মাধ্যমিক স্কুল, ভাৰতীয় ষ্টেট বেংকৰ শাখা কাৰ্যালয়, টেলিফোন একচেঞ্জ, টিভি ট্ৰেন্সমিটাৰ,
কমিউনিটি হেল্থ চেণ্টাৰ, বি.আৰ.টি.এফ.ৰ কেম্প আদি হায়ুলিয়াঙত আছে৷ অৰুণাচলৰ জাতীয়
প্ৰাণী মেথোনকে ধৰি আন আন জীৱ-জন্তু ইয়াৰ মানুহে প্ৰতিপালন কৰে৷
হায়ুলিয়াং তিনিআলিত দোকান এশাৰী পালোঁ৷ প্ৰয়োজনীয় সকলো বস্তুৱেই ইয়ালৈ
তেজু বা পোনে পোনে তিনিচুকীয়াৰ পৰা অনা হয়৷ অনিলদাৰ ইংগিতত পেটেলে তিনিআলিটোতে গাড়ীখন
ৰখালে৷ কণী, মেগী, বিস্কুত আদি কিনি লোৱা হ’ল৷ সঞ্জু আৰু অৰুণদাই নিজৰ নিজৰ পৰিবাৰলৈ ল’লে মিছিমি মেখেলা৷ সেইখিনিতে বাঁওফালৰ
পৰা বৈ অহা দাউ নৈখন লোহিতৰ লগ লাগিছে৷ দোকানকেইখনৰ ঠিক পিছফালে৷ কাপোৰ-কানি গোটোৱাৰ
চখ এই মুহূৰ্তত মোৰ মুঠেই নাই৷ সৰ্বসময় প্ৰকৃতিৰ সুবাস সংগ্ৰহৰহে পক্ষপাতী৷ গতিকে
বাকীসকলে দোকানত ব্যস্ত হৈ থাকোঁতেই সুযোগটো পাই অকলেই দৌৰ দিলোঁ বজাৰৰ ফালে, ওপৰলৈ
উঠি যোৱা ৰাস্তাটোলৈ৷ তাৰ পৰা সংগমস্থলৰ দৃশ্যাৱলী একান্তমনে নিৰীক্ষণ কৰিব পাৰি৷
হেণ্ডিকেমটো অলপ সময় খুলি ৰাখি সমস্ত দৃশ্যপট
সুমুৱাই ল’লোঁ৷ কাণত বাজি
থাকিল নদীৰ খলখলনি৷
৪. এইবাৰহে সঁচাসঁচিকৈ হেৰাই গ’লোঁ আমি
No comments:
Post a Comment