Wednesday, 3 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

সাত ৷৷ ইটিনিৰেৰী

ভ্ৰমণ-সূচী অনুযায়ী ডিফুৰ পৰা নিশাৰ ৰে’লেৰে তিনিচুকীয়া৷ তিনিচুকীয়াৰ পৰা পুৱাই গাড়ীৰে ডুমডুমা, ৰূপাই, কাকপথাৰ৷ তাৰ পিছতে অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তৰ ডিৰাক গে’ট৷ সেইফালে সোমাই নামচাই, চৌখাম, ৱাক্র’, পৰশুৰাম কুণ্ড৷ ব্ৰহ্মকুণ্ডত পৱিত্ৰ স্নান কৰি পাহাৰৰ ওপৰৰ ৱাই জংছন৷ সোঁফালেৰে হাৱা কেম্প, চালাংগাম৷ হায়ুলিয়াং নাপাওঁতেই ফাটি যোৱা পথেৰে উঠি খুপা৷ প্ৰথম নিশাটোৰ বাবে তাতেই আলহী, বন্ধুৰ চৰকাৰী আৱাসত৷ পিছদিনা ৱালং৷ ৱালঙত বে’ছ কেম্প কৰি পিছদিনা কিবিথো, কাহো৷ তাৰ পিছদিনাখন ডং৷ ডঙৰ পৰা উভতি হাৱাই৷ হাৱাইৰ পিছত? অনিৰ্ধাৰিত৷ গাড়ী কোনবাটে যাব কোনো ঠিকনা নাই৷ সেয়া নিৰ্ধাৰণ কৰিব সময়ে৷ ইনাৰ লাইন পাছৰ ভেলিডিটী আছে ১৭ তাৰিখলৈকে৷ গতিকে হাৱাইৰ পৰা উভতি ৱাই জংছনৰ পৰা তেজু, ৰ’য়িং, মায়’ডিয়াৰ পিনে গুচি যাব পাৰোঁ৷ মায়’ডিয়া, মায়’ডিয়া কৰিয়ে আছে অৰুণদাই৷ হুনলি, আনিনিও ওলাবগৈ পাৰোঁ৷ সেইফালৰ পৰা ঘূৰি অহাৰ বাটত অসমৰ শদিয়া-ছৈখোৱাকো ৰিজাৰ্ভত ৰাখি থৈছোঁ৷ তাৰ পিছতো আৰু দুই-এক দৰ্শনীয় জেগা আছে৷ গতিকে ঘৰ কেতিয়া পামগৈ তাৰ কোনো নিৰ্দিষ্ট তাৰিখ নাই৷ এই যাত্ৰাটোৱে এনেকুৱা৷ ষ্টাৰ্টিং ডে’টহে আছে৷ ফিনিশ্বিং ডে’ট নাই৷ কোনেও নাজানে কেতিয়া আহিম৷ নিজেতো নাজানোৱেই৷ হেৰাই যোৱাৰ আনন্দ বিচাৰি ওলাইছোঁ৷ গতিকে লেণ্ড স্লাইডত ফচিলেও কথা নাই, গছৰ তলত কটাবলগীয়া হ’লেও কথা নাই৷ তাকে লৈ অৱশ্যে ভয় খাইছিল ধৰ্মেনে৷ ‘যাযাবৰী মানুহজন’ক লৈ ভয় খাইছিল প্ৰশান্ত কুমাৰ বৰায়ো৷ ঘৰত ভয় খাইছিলনে নাই আজিও নাজানো৷

পিছে ভয় খাবলগীয়া একোৱেই হোৱা নাছিল৷ না ক'তো এটাও বাধা-বিঘিনি, না হাঁচি-কাহ-অসুস্থতা৷ ঘূৰি-পকি সুকলমে ঘৰ পাইছিলোঁহি৷ তেতিয়াহে খাটাংকৈ ক’ব পাৰোঁ যে ৱালঙৰ আই.বি.ত বে’ছ কেম্প কৰাৰ দুদিনৰ পিছত ডঙৰ পৰা উভতনি যাত্ৰা কৰি সোমালোঁগৈ হাৱাইস্থিত ‘যাত্ৰী নিৱাস’ত৷ এৰাতি থাকি হাৱাইৰ পৰা তেজু হৈ ৰ’য়িঙৰ দেওপানীৰ পাৰত ‘মিছিমি হিল কেম্প’ত খপিলোঁ৷ তাৰ পিছদিনা মায়’ডিয়া৷ মায়’ডিয়া পাছৰ পৰা ঘূৰি ৰ’য়িং৷ তাৰ পৰা চূণপোৰা চেক গে’টেৰে শদিয়া-ছৈখোৱা পাৰঘাটেৰে ব্ৰহ্মপুত্ৰ অতিক্রমি গুঁইজানৰ ‘বনশ্ৰী’ত থিতাপি৷ পিছদিনা পুৱাতে উভতনি যাত্ৰা কৰি যোৰহাটৰ অৰুণা চাপৰিৰ যাদৱ পায়েঙৰ প্ৰখ্যাত ‘মুলাই কাঠনি’ দৰ্শন কৰি মাজনিশা ঘৰ অৰ্থাৎ ডিফু৷

পেটেলে সুন্দৰভাৱে চলাই আনি ঘৰ পৌচাই দিয়াৰ পিছতহে ঘূৰি চাই গম পাইছোঁ, কেনি কেনি ঘূৰিল গাড়ীৰ চকা৷ চকা কিমান কিল’মিটাৰ ঘূৰিল তাৰ অংকটো কৰিবলৈ লওঁতে মনলৈ আহিল, আমাৰ লগতে হাবিয়াহ পূৰাব পাৰিলেহেঁতেন ড্ৰাইভিং হ’বীৰ কোনোবা এজনে৷ পিছে নোলাল৷ দুৰ্ভাগ্য আমাৰ নহয়, দুৰ্ভাগ্য সিজনৰহে৷ আমি ঠিকে-ঠাকে আহি পাই গ'লোঁ৷ 

এইবোৰকে ভাবি ভাবি চিনাকি বিছনাখনত পৰোঁমানে তেতিয়ালৈ এপ্ৰিল মাহটো ১৮ তাৰিখত সোমাইছিলগৈ৷ একেবাৰে শেষত অৰুণা চাপৰিত ট্ৰেক্টৰৰ ট্ৰেইলাৰত উঠি হালিজালি কৰা দুঘণ্টীয়া যাত্ৰাটোৱে দেহত হেন্দোলনি তুলিয়ে আছিল পিছদিনা পৰ্যন্ত৷ সেয়া অন্য এক মাদকতা৷

ভ্ৰমণ দীঘলীয়া মানে কাহিনীও দীঘলীয়া৷ আচলতে ভ্ৰমণ কাহিনী মানেই কথা দীঘলীয়া৷ এফালৰ পৰা সবিস্তাৰে টাইপ কৰাৰ প্ৰয়াস কৰিছোঁ এতিয়া৷ সূৰ্যোদয়ৰ বাটটোৰ সন্ধানত উত্তৰ-পূবৰ অন্তিম পূবলৈ ওলাওঁতে ক’ত কি দেখিলোঁ, ক’ত কি কৰিলোঁ, চব ক’ম৷ শুনি থাকিব আৰু আশা কৰোঁ আপুনিও এবাৰ নিশ্চয়কৈ যাবই যাব৷ 'হেৰাই যোৱাৰ আনন্দ' নিজে নল'লে বৰ্ণনাৰে অসম্ভৱ৷

পৰৱৰ্তী খণ্ড : দিন এক ৷৷ দিনাংক ১০.৪.২০১৫

No comments:

Post a Comment