অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
সোণৰ ঠাইক পিছত এৰি থৈ আগুৱাই থাকোঁতেই বাটৰ কোনোবা এটা কেঁকুৰিত চিন্তা জগতত ভীষণভাৱে আলোড়ন তুলিলেহি বিশেষ প্ৰসংগ এটাই৷ কথাটো দকৈ গমি চায়েই একোবত জাঁপ মাৰি উঠিলোঁ৷
মোটামুটি হিচাপ এটা কৰি পোৱামতে, নামচাইৰ পৰা কাহোলৈ দূৰত্বনো কিমান? বৰ বেছি ৩১০-৩১৫কিল'মিটাৰ৷ হিচাপ কৰি পালোঁ, এই সামান্য দূৰত্বতে আছে ঐতিহাসিক, সামৰিক, সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ভৌগোলিক, অভিযান্ত্ৰিক, আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰে সমৃদ্ধ তথা বিশেষত্বপূৰ্ণ ১৫টাকৈ দৰ্শনথলী৷ আমাৰ দেশৰ অইন কোনফালে একেটা বাটতে ইমান বিচিত্ৰতা এই ধৰণে থুপ খাই আছে মোৰ জ্ঞান আৰু অভিজ্ঞতাৰে এই মুহূৰ্তত মই ক’ব নোৱাৰিম হ'লে৷ কাজেই, নিজে নিজে আচৰিত হোৱাৰ পাল৷ যথেষ্ট নহয় যদিও যাত্ৰাৰ আগতে চলোৱা অধ্যয়নত ইতিমধ্যে এইসমূহৰ সম্পৰ্কে অৱগত হৈছিলোঁ৷ এইবিলাকৰ পৃষ্ঠপটত থকা চালিকা শক্তি হৈছে শিক্ষা, ধৰ্ম, এডভেন্সাৰ, বাণিজ্য, স্বাস্থ্য, সংস্কৃতি, ইতিহাস, নিৰ্মাণ ইত্যাদি৷ হওক-নহওক, তাৰে তালিকা এখন যুগুতাবৰ যত্ন কৰি এনেকুৱাকৈ পালোঁ…
১. লেণ্ড অফ গ'ল্ডেন পেগোডা, ২. অৰুণাচলৰ অ'ৰেঞ্জ কেপিটেল, ৩. পুণ্যতীৰ্থ পৰশুৰাম কুণ্ড, ৪. অৰুণাচল প্ৰদেশৰ ভিতৰত দীৰ্ঘতম দলং, ৫. ব্ৰহ্মপুত্ৰ নদৰ আৰম্ভণী স্থল, ৬. ভাৰতৰ পূব প্ৰান্তৰ অন্তিম তেল ডিপ', ৭. ১৯৬২চনৰ চীন-ভাৰতৰ যুদ্ধথলী, ৮. ভাৰত ভূখণ্ডত সূৰ্যৰ কিৰণ প্ৰথমে পৰা মালভূমি, ৯. ভাৰতৰ সবাতোকৈ পূবৰ পথ, ১০. ভাৰতৰ উত্তৰ-পূবৰ অন্তিম পূব, ১১. ভাৰতৰ পূব প্ৰান্তৰ অন্তিম ব'ৰ্ডাৰ প'ষ্ট, ১২. ব্ৰহ্মপুত্ৰৰ মূল উপনৈ লোহিতৰ ভাৰতত প্ৰৱেশ দ্বাৰ, ১৩. ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অন্তিমখন ভাৰতীয় গাঁও, ১৪. লাইন অফ একচুৱেল কণ্ট্ৰ'লৰ সিপাৰে দৃশ্যমান চীনদেশ, ১৫. ১৯৫০চনৰ বিধ্বংসী বৰ-ভূঁইকঁপৰ উৎপত্তি-স্থল৷
আমি আগুৱাই থাকিম, এটা এটাকৈ পাই গৈ থাকিম৷ এইখিনি মাত্ৰ দেশৰ পূব দিশে অৱস্থিত বৃহৎ বিদেশ ৰাষ্ট্ৰ চীনৰ সীমান্তগামী আমাৰ চুটি পথ এটাৰ সৈতে সম্পৰ্কযুক্ত সমলহে৷ সমস্ত চফৰটোত আগলৈ ইয়াৰোপৰি নিশ্চয় আহৰণ কৰিম তিতা-টেঙা, মিঠা- জ্বলা অনেক কিবাকিবি নিত্যনতুন অভিজ্ঞতা, ভ্ৰমণকাৰীৰ বাবে যিবোৰক স্বাভাৱিক সংগী বোলা যায়৷ আনহাতে এইটো নিঃসন্দেহ যে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে মনাকাশত এতিয়া দোলা দিয়া এই কল্পনা আৰু বাস্তৱতাৰ সংযোগে নামচাইৰ পৰা স্বদেশৰ ভূভাগৰ শেষ প্ৰান্ত পৰ্যন্ত আমাক যোগাই যাব অন্তহীন মাদকতা৷ সন্মুখৰ পৰা এখন এখনকৈ একাদিক্ৰমে স্বতঃস্ফূৰ্তভাৱেই আঁতৰি যাব কৌতূহলৰ পৰ্দা৷ মন কৰি যাম মানুহৰ জীৱন-জীৱিকা, প্ৰকৃতিৰ অন্তহীন লীলা-খেলা, ইত্যাদি ইত্যাদি৷ না ভাগৰ লাগিব, না অৱসাদ৷ কাৰণ ভাৰত-চীন সীমান্ত অভিমুখী আমাৰ এই ভ্ৰমণটো বিশেষ তাৎপৰ্যবহনকাৰী বুলি ইতিমধ্যে প্ৰতীয়মান হৈছেই৷ সেইটোৱেই এতিয়া আনন্দময়, উত্তেজনাময় কৰি তুলিছে গাড়ীৰ ভিতৰখনো৷ টুৰিষ্ট টুৰিষ্ট লাগি গৈছে নিজকে!
এই ‘টুৰিষ্ট’ বা আমাৰ ভাষাত কোৱা ‘পৰ্যটক’ শব্দটো ওঠৰশ শতিকাৰ পৰাহে ব্যৱহাৰ হৈছে৷ ১৯৭৩চনত জাতিসংঘই এই শব্দটোৰ এক গুৰুত্বপূৰ্ণ অৱধাৰণা দিয়ে৷ বিংশ শতাব্দীৰ পৰা পৰ্যটনে প্ৰকৃতাৰ্থত সংগঠিত ৰূপ লোৱা দৃষ্টিগোচৰ হৈ আহিছে৷ পৰ্যটন উদ্যোগে আজি পৃথিৱীৰ এক সম্ভাৱনাপূৰ্ণ, গতিশীল আৰু লাভজনক উদ্যোগ হিচাপে নিজৰ উন্মেষ ঘটাইছে৷ স্বৰূপাৰ্থত পৰ্যটন হৈছেগৈ এটা বৃহৎ শিল্প৷ ইংৰাজী ‘টুৰিজিম’ আৰু তাৰ সমাৰ্থক হিচাপে সংস্কৃত ‘পৰ্যটন’ শব্দৰ প্ৰয়োগ এতিয়া সৰ্বাত্মক৷ গাড়ীৰ ভিতৰত বহি থকা কেউজনৰে বাবে এই শব্দটো এটা মিঠা, ভাললগা শব্দ৷
‘অৰুণাচল প্ৰদেশ বিশ্বৰ আগশাৰীৰ টুৰিষ্ট স্পট বা পৰ্যটন কেন্দ্ৰ হিচাপে চিহ্নিত হ’ব’ ধৰণৰ ভাষ্য কৰ’বাত ক’ৰবাত নুশুনাকৈ থকা নাই৷ ইয়াৰ নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যৰাজি, সংস্কৃতিৰ মনোমোহা ৰূপ-লাৱণ্য, জনগোষ্ঠীয় জীৱন আৰু পৰম্পৰা, নৃত্য-গীত, লোক-সংস্কৃতি, … দেশৰ পৰ্যটন মানচিত্ৰত এই তাৎপৰ্যপূৰ্ণ দিশবোৰৰ প্ৰাসংগিকতা আৰু অৱস্থিতি সদ্যহতে কেনে? ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ কাণ-সাৰ কেনেকুৱা পৰ্যায়ত আছে? বিশ্ববিদ্যালয়ৰ ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্টে পাঠ্যপুথিৰ আলমত কিমানখিনিবা ঢুকি পাইছেগৈ? অৰুণাচলক বিশ্বমানৰ টুৰিষ্ট স্পট কৰাৰ স্বাৰ্থত এনেবোৰ কথা আমাৰ বাবে অৱশ্যেই মন কৰিবলগীয়া৷

পৰৱৰ্তী খণ্ড :
৭. চংখামৰ পালি বিদ্যাপীঠত ৰ'লোঁ
No comments:
Post a Comment