অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৩. লোহিত ভিউ পইণ্টত এখন্তেক
লোহিত ব্ৰীজত ভাতকেইটা খোৱাৰ পিছত বেঁকা-বেঁকি আৰু ঠেক ৰাস্তাৰে মিছিমি পৰ্বতৰ দেহত ক্ৰমাগতভাৱে আৰোহণ আৰম্ভ হ'ল৷ ইটোৰ পিছত সিটোকৈ পাৰ হৈ গ’লোঁ অনেক এছ টাৰ্ণ, ইউ টাৰ্ণ, জেড টাৰ্ণ৷ প্ৰথমে ভাবিলোঁ, কেঁকুৰিবোৰ গন্তি কৰা যাওক৷ পৰশুৰামৰ চিৰি হিচাপ কৰোঁতে যি হ’ল হ’ল৷ পিছে তেনেকুৱা পাকবিলাক পিছলৈ কিমানযে পাৰ হ’বলগীয়া হ’ল, গণনা কৰাটো অসম্ভৱ কথা নহয় যদিও কল্পনাটো বাস্তৱায়িত নহ’লগৈ৷ পৰিৱৰ্তে, উঠি যাওঁতে ওপৰৰ পৰা চকুৰে মণিব পৰালৈকে চাই চাই আপোন বিভোৰ হৈ ৰ’লোঁ তলত দিগন্তব্যাপী দৃশ্যমান নৈসৰ্গিক শোভাৰাজিৰ৷ গাড়ীৰ ইঞ্জিনৰ ভোঁ-ভোঁ শব্দটোৱে নীৰৱতা ভংগ কৰি গৈছে৷
যিমানে উঠিছোঁ সিমানে পগলা হৈছোঁ প্ৰকৃতিৰ উদাত্ত আহ্বানত৷ থিয় পাহাৰৰ ওপৰৰ বিভিন্ন স্থানৰ পৰা বহলকৈ দেখা যায় ব্ৰহ্মকুণ্ডৰ দলংখনৰে সৈতে লোহিত উপত্যকাৰ বিস্তীৰ্ণ অঞ্চল৷ যাক ‘লোহিত-সাগৰ’ বুলি একাষাৰে অভিহিত কৰিব পাৰি৷ মন-প্ৰাণ হৰি নিয়া এনে সুন্দৰ দৃশ্যপটসমূহে অসমৰ গাতে গা লাগি থকা অৰুণাচল প্ৰদেশক বিৰলভাৱে চহকী কৰিছে৷ এনে সমৃদ্ধিশালী লেণ্ডস্কেপ দৰ্শনৰ বাবেই দহোবন কাতি কৰি, ব্যক্তিগত বাধা-বিঘিনি, জীৱনৰ ভয় আৰু অসুবিধাকো নেওচি, প্ৰকৃতিপ্ৰেমী লোক ঢপলিয়াই আহে এইবোৰ অঞ্চললৈ৷ সঁচা কথা ক’বলৈ গ’লে ইয়াত এনে দৃশ্যৰ শেষ নাই৷ যিফালেই চকু যায় সেইফালেই মোহনীয়া, সেইফালেই আকৰ্ষণীয়৷ এই কথাটোৱে 'আগলৈ কি আছে, আৰু আগলৈ কি আছে' জাতৰ এটা কৌতূহলৰ ভাব মনটোক অনৱৰতে জগাই থাকে৷
ফুলি থকা কেতেকী ফুল এই বনাঞ্চলত দেখা পোৱা যায় বুলি কেইদিনমানৰ পূৰ্বে লেখা এটাত পঢ়িবলৈ পাইছিলোঁ৷ পথৰ দুয়ো দাঁতিত তালৈকো শেনদৃষ্টি ৰাখি গৈ আছিলোঁ৷ পিছে চকুৱে ক’তো এথোপাও ধৰা পেলাব নোৱাৰিলে৷ বোধ হয় আগতেই ফুলিল, আৰু সৰিলো৷ আমাৰ অহাত অকণমান দেৰি হ’ল৷ ঠিকেইতো, প্ৰকৃতি আৰু সময় কাৰোবাৰ বাবে ৰৈ থাকিবজানো? ৱাক্র’ৰ কমলা টেঙাৰ ক্ষেত্ৰতো একেটাই কথা৷ চিজন শেষ৷ আমি আহিম বুলি গছে টেঙা ওলোমাই ৰৈ থকা নাই৷ যাত্ৰাৰ আগলৈ ক’ৰবাত দেখোঁ যদি নাজানো৷ চিৰাচৰিত আৰু চিধা কথাটো হ’ল, কমলা খাবলৈ হ’লে কমলাৰ চিজনত আহিব লাগিব, কেতেকী ফুল চাবলৈ হ’লে কেতেকীৰ দিনত৷ গত্যন্তৰ নাই৷ এতিয়া ইয়াৰ পৰা ৱাক্ৰ'ৰ ৰাস্তাটো চাই থকাৰ বাহিৰে আৰু কি উপায়?
এৰি অহা লোহিতৰ দলংখন দেখি অলপ আগৰ কথাবোৰ আকৌ মনলৈ আহিল৷ পেটেলে আমাৰ লগত হোটেলখনত ভাত নাখালে৷ হোটেলত খাবলৈ বহাৰ সময়ত কথাটো গম পাই সুধিছিলোঁ, ‘ভাত নাখায়? মগৰ কিউ? পেটত কিবা বিদ্ৰোহ?’ নহয়, ৰহস্যটো বেলেগ৷ ব্ৰহ্মকুণ্ডৰ মন্দিৰৰ এঠাইত খিচিৰি বিলাই আছিল হেনো৷ ঘূৰি আহোঁতে তাতে ভৰপেটকৈ খিচিৰি সুমুৱাই ল’লে তেওঁ৷ ‘ধেইত তেৰিকা, জনা হ’লে আমিও খাব পাৰিলোঁহেঁতেন নহয়! দেখাই নাপালোঁ৷’ ‘নাই ছাৰ, আপোনালোকে নাখাব বুলিহে...’ উঃ আৰু এটা চান্স মিছ! গৰম খিচিৰিৰে তজবজীয়া হৈ তেওঁ এতিয়া মনোযোগেৰে ড্ৰাইভিং কৰি আছে৷ উচ্চতালৈ লৈ গৈ আছে আমাক৷ বাটৰ বৰ্ণনাও চলি আছে৷ আমিও সুধি আছোঁ ইটো-সিটো৷ সৰস্বতী পূজাৰ খিচিৰিলৈ মনত পৰি গৈছে৷
সকলোৱে জানে, ভাৰত ৰাষ্ট্ৰৰ উত্তৰ-পূবৰ শেষৰ ৰাজ্যখনৰ নাম অৰুণাচল প্ৰদেশ৷ 'সূৰ্য উঠা দেশ' বুলি যাক কোৱা হয়৷ ভৌগোলিকভাৱে তিব্বত, চীন আৰু ম্যানমাৰ সীমান্ত স্পৰ্শ কৰি থকা অৰুণাচল প্ৰদেশৰ ভূভাগ এতিয়া ১৮ ভাগে বিভক্ত৷ আগৰ বৃহৎ আয়তনৰ জিলা লোহিত পিছৰ দিনবোৰত ৩ টুকুৰা হ’ল৷ লোহিত, আঞ্জাৱ আৰু নামচাই৷ অৰুণাচলত প্ৰথম সোমায়ে নামচাই জিলা পাইছোঁ৷ সেয়া আমি ইতিমধ্যে পাৰ হৈ আহিলোঁ৷ এতিয়া আছোঁহি লোহিত জিলাত৷ পামগৈ আঞ্জাৱ জিলা৷ তাতে আছে আমাৰ প্ৰথম নিশাৰ আশ্ৰয়স্থল, খুপা৷ তাতে আছে মোৰ বন্ধু ধৰ্মেন বাবু ওৰফে 'ডফলা'ৰ চৰকাৰী নিবাস৷ সন্মুখত আহি থকা প্ৰথম নিশাটোৰ বাবে লক্ষ্যও আমাৰ সেইটোৱেই৷ থাকিবৰ বাবে জেগা আগতীয়াকৈ ঠিক নাথাকিলে এইবোৰ ঠাইত হোটেল নামৰ একো বস্তু নাই৷ অন্ততঃ এতিয়ালৈ মোৰ চকুত পৰা নাই৷
পাক মাৰি মাৰি ওপৰলৈ উঠি উঠি পালোঁগৈ তুহংগম৷ ৱাই জংছন৷ মানে এটা বিখ্যাত তিনিআলি৷ আমি আহি থকাটো পৰশুৰামৰ, বাওঁফালৰটো তেজুৰ, আনটো হায়ুলিয়াঙৰ ৰাস্তা৷ অকণমান দূৰলৈহে দেখা যায় ৰাস্তাকেইটা৷ তাৰ পিছত অদৃশ্য৷ সোঁহাতে দেৱাল এখনত লিখা আছে পৰশুৰাম কুণ্ড ১৫কিল’মিটাৰ, ৱাক্র’ ৩১, নামচাই ১০১, ডুমডুমা ১৫০, তিনিচুকীয়া ১৭৪কিল’মিটাৰ৷ তাৰ মানে পুৱা তিনিচুকীয়াত ৰে'ল এৰি এইখন গাড়ীত উঠাৰে পৰা বিগত ৭ঘণ্টাত আমি এতিয়ালৈ ১৭৪কিল’মিটাৰ আহিলোঁ৷ খুপা কিমান বজাত পাম নাজানো৷ পোহৰে পোহৰে পালেগৈ ভাল৷ ঘৰ বিচাৰি উলিওৱাৰ কথা আছে৷ চিনাকি বন্ধু থকা অচিনাকি ঠাই৷ ‘দ্যা উডছ আৰ লাভলী, দাৰ্ক এণ্ড দিপ, বাট আই হেভ প্ৰমিজেছ টু কীপ, এণ্ড মাইলছ টু গ’ বিফৰ আই শ্লিপ’৷ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাৰ শাৰীকেইটা ঘপকৈ মনলৈ আহিল৷
সোঁদিশে গতি কৰি উঠি গ’লোঁ৷ আগত দেখা গৈছে ব’ৰ্ডাৰ ৰ’ডছৰ গে’ট এখন৷ ওপৰত লিখা আছে দুটা শব্দ৷ ‘সদা সাহসিক’৷ সঁচাই, এই বাটে আহিবলৈ সাহসটো প্ৰথমেই লাগিব৷ তেতিয়াহে চফৰৰ আনন্দ পূৰ্ণমাত্ৰাত আহৰণ কৰি পৰা যাব৷ ভয়াতুৰৰযে কাম নাই আগলৈ গ’লে হয়তো ভালকৈ প্ৰতিপন্ন হ’ব৷ দেখা যাওকচোন বাৰু আমাৰ পৰিচয়টো কি ধৰণৰ হয়! তাকে ভাবি এটা চেলেঞ্জি মুডত গে’টৰ তলেৰে সোমাই গ’লোঁ হায়ুলিয়াং, কিবিথোৰ ৰাস্তাৰে৷ বুকুত নতুন কৌতূহল আৰম্ভ হ’ল৷ এঠাইত ৱালত লিখা দেখা পালোঁ দূৰত্ববোৰ৷ ভিউ পইণ্ট ৩কিল’মিটাৰ, চালাংগাম ৩০, হায়ুলিয়াং ৭৫, চাংৱিনটি ১২৫, ৱালং ১৭১, কিবিথো ২০৩৷ আৰু ডং, কাহোলৈ? মনত অযুত প্ৰশ্নৰ জাউৰি৷ পাবগৈ লাগিব৷ হ’ব লাগিব ‘সদা সাহসিক’৷
‘ষ্টপ এ হোৱাইল এণ্ড এনজয় লোহিত ভিউ’৷ ৩কিল’মিটাৰ আহি লোহিত ভিউ পইণ্ট পালত পেটেলে ব্ৰেক মাৰিলে৷ ঘড়ীত তেতিয়া দিনৰ ১.৪৫৷ গাড়ীৰ পৰা আটায়ে নামিলোঁ৷ ইয়াৰ ওপৰৰ পৰা পাহাৰৰ বিপৰীতে তললৈ চালে অৰণ্যৰ মাজে মাজে তেজুলৈ যোৱা সৰ্পিলাকাৰ পথটো দৃষ্টিগোচৰ হয়৷ বাটটো আমি ক্ষন্তেক আগেয়ে ৱাই পইণ্টত এৰি আহিছোঁ৷ আনহাতে, দূৰৈৰ ভৈয়ামত ৰিণিকি ৰিণিকি দেখা যায় লোহিতৰ বিশাল উপত্যকাটো৷ অৰুণাচলৰ পৰ্বতমালা ত্যাগ কৰি নামি আহি অসমৰ সমতলৰ দিশে সোঁত বহলাই লোহিতখন গহীনাই বৈ গৈছে অন্যান্য উপনৈসমূহক বুকুত সাবটি লৈ৷ সূৰ্যাস্তৰ দৃশ্য এই স্থানৰ পৰা চাবলৈ মনোমোহা হ’ব বুলি অনুমান কৰিলোঁ৷ কিন্তু আমি সেই পৰলৈকে অপেক্ষা কৰিব নোৱাৰিম৷ ‘বেছি আগলৈ নাযাব দেই’ জ্যেষ্ঠ সদস্য অৰুণদাই পিছফালৰ পৰা সাৱধান কৰি দিলে৷ ফটো তুলিবৰ বাবে উদ্যত কেমেৰা হাতত লৈ লোহিত ভিউ পইণ্টৰ টাৰ্ণিংটোত থকা গাৰ্ড প’ষ্ট এটাত জাঁপ মাৰি উঠি লৈছিলোঁ৷ অৰুণদাৰ হাইট ফবিয়া আছে বুলি স্বীকাৰ কৰিছিল৷ মোৰ সেইবোৰ নাই৷ সঞ্জুৰো নাই৷ ওপৰৰ পৰা তললৈ, দূৰৰ লোহিত আৰু আশে-পাশে হেণ্ডিকেমটো ঘূৰাই থাকিলোঁ৷ দাদাৰ সাৱধান-বাণীক সন্মান জনাই তলৰফালে কি ক’ত আছে চাই আগতেই হুচিয়াৰ হৈ লৈছিলোঁ৷ ৰাস্তাটোৱে সেইখিনিতে হেয়াৰ পিন বেণ্ডৰ আকৃতি লৈছে৷ ঠিক বিপৰীতফালে বহিব পৰাৰ ব্যৱস্থাৰে সৈতে ৰে'ষ্ট ছে'দ এখন৷ ফুলনিৰ ব্যৱস্থাও আছে৷ প্ৰতিপালনৰ অভাৱ বাৰুকৈয়ে লক্ষ্য কৰিলোঁ৷ ভিউ পইণ্টত নীৰৱতাৰ মাজত এখন্তেক কটাই ভাল লাগিল৷
লোহিত নৈখনৰ গতিপথৰ বিষয়ে জনামতে, এই নৈখনৰ আগলিভাগ চীন দেশৰ ভিতৰৰ ৬,৬১৪মিটাৰ ওখ য়কো শৃংগত জায়ুল চু নামে ওলাইছে৷ তাৰ পৰা নৈখন দক্ষিণ-পূব দিশত ১০০কিল’মিটাৰ বৈ আহি পশ্চিমমুৱা হয়৷ এইদৰে ৫৫কিল’মিটাৰ আহি অৰুণাচল প্ৰদেশৰ উত্তৰ সীমাৰ কাষেদি বৈ অহা ৰংটো চু নৈক ৰিমা নামৰ ঠাইত লগত লৈ দক্ষিণ দিশত ১৫কিল’মিটাৰ ভটীয়াই দু গিৰিপথৰ ওচৰৰ কাহো নামৰ ঠাইত আমি এতিয়া থকা আঞ্জাও জিলাত সোমায় অৰ্থাৎ ভাৰতত প্ৰৱেশ কৰে৷ তাৰ পৰা নৈখনে বাটত বাঁওপাৰে চাই নৈক লৈ তেল্লু নামে ৪০কিল’মিটাৰ আহি মিনজিং পায়৷ ইয়াত ঘালুম নৈক বাওঁপাৰে লৈ পশ্চিমমুৱা হয়৷ বাটত লা টি নামৰ এখন ডাঙৰ নৈক বাওঁপাৰে লৈ উত্তৰ-পশ্চিমমুৱা হৈ ৩৬কিল’মিটাৰ বৈ আহে৷ ইয়াৰ পিছত নৈখন দক্ষিণ-পশ্চিমমুৱা হৈ ১৪কিল’মিটাৰ আহি অন্যতম প্ৰধান উপনৈ টিদিঙক সোঁপাৰে লয়৷ ইয়াৰ পিছত বাওঁপাৰে লাং নৈক লৈ ১৪কিল’মিটাৰ ভটীয়াই পৰ্বতৰ পাদদেশত পৱিত্ৰ ব্ৰহ্মকুণ্ড বা পৰশুৰাম কুণ্ডত প্ৰৱেশ কৰে৷ অলপ আগতে আমি পৰশুৰাম কুণ্ডত আছিলোঁ৷ এতিয়া লোহিত ভিউ পইণ্টত ৰৈ ওপৰৰ পৰা চাইছোঁ একেখন নদীৰে ৰেহ-ৰূপ!
ব্ৰহ্মকুণ্ডৰ পিছতে নৈখন হঠাতে বহল হৈ পৰে৷ অৰুণাচলৰ মাজেৰে ডিমাই, জে, ভেৰাই, তেজু, খেৰেম, বেৰেং সুঁতি, ডিগাৰু, পায়া, হাতীডুবা, বালিজানক লগত লৈ তেজু, চূণপোৰা হৈ আগলৈ গৈ থকা নৈখনে ধনেখনাত ন-দিহিঙক বাঁও পাৰে লোৱাৰ পৰাই পূৰ্ণভাৱে অসমত প্ৰৱেশ কৰিছে৷ তাৰ পিছত লোহিতে কুণ্ডিল, দিচৈ, ঘূৰামূৰা নৈক লগত লয়৷ ধলাৰ বিপৰত দিশত দিবাং বা ছিকাং নৈক সোঁপাৰে লগত লয়৷ আগলৈ ৰঙাজান, গংগো, ছৈখোৱা, বেচানি ইয়াৰ লগ লাগে৷ গংগো নৈক লোৱাৰ পৰা মাত্ৰ ২কিল’মিটাৰ ভটীয়াই লোহিতৰ লগত চিয়া বা দিহাং নৈৰ পূব শাখা ছিবিয়া আহি যোগ হয়৷ ইয়াৰ পৰাই লোহিতখন ব্ৰহ্মপুত্ৰ নামে জনা যায়৷ ছিবিয়া লগ হোৱাৰ ২২কিল’মিটাৰ আগলৈ দিহাঙৰ মূল সুঁতিটো ব্ৰহ্মপুত্ৰত মিলিত হৈছে৷ বৰফাবৃত্ত পৰ্বতৰ পৰা ওলোৱা হেতুকে লোহিত আৰু ইয়াৰ বহুতো উপনৈত গোটেই বছৰ ধৰি পানী থাকে৷ ইণ্টাৰনেশ্যনেল ৰিভাৰ হিচাপে প্ৰসিদ্ধ লোহিত নদীৰ দীঘ ভাৰতত প্ৰায় ১৯০কিল’মিটাৰ৷ অৱবাহিকাৰ কালি ২৩,৪০০ বৰ্গ কিল’মিটাৰ৷ এই নৈয়ে বছৰি ১৪,৭০০হেক্টৰ গেদ কঢ়িয়াই আনে৷ স্বাভিমানী লোহিতলৈ বহুপৰ ধৰি চাই থাকিলোঁ আমি৷
লোহিত ভিউ পইণ্টৰ পৰা আগুৱাই হাৱা কেম্প৷ হাৱাৰ পিছতে উদায়াক পাচ৷ সৰ্পিলাকাৰ ৰাস্তাৰে ক্রমে উঠা আৰু তাৰ পিছত নমা এটা দীঘলীয়া এলেকা৷ ঘন বনাঞ্চলেৰে পৰিপূৰ্ণ৷ স্থানীয় লোকৰ দ্বাৰা পথৰ দাঁতিত নিৰ্মিত মন্দিৰ এটা পাৰ হৈ যাওঁতে দেখা পালোঁ৷
উদায়াক পাচৰ পৰা নামি, দালাই নৈৰ দাঁতিত অৱস্থিত ঠাই চালাংগাম৷ চালাংগাম চাৰ্কোলৰ হেড-কোৱাৰ্টাৰ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ১,২৫৮মিটাৰ৷ ট্ৰেকিং, এংলিং, ৰাফটিং, মাউণ্টেনিয়াৰিঙৰ দৰে দুঃসাহসিক ক্রীড়াৰ অৰ্থে সুচল ঠাই৷ ইয়াৰ স্থানীয় মিছিমি আৱাসীসকল শান্তিপ্ৰিয়৷ তেওঁলোকে আজিও তেওঁলোকৰ সাংস্কৃতিক স্বকীয়তা একেধাৰে বৰ্তাই ৰাখিছে৷ হোটেল আৰু দোকানকেইখনমান পাৰ হ’লোঁ৷ জি.আৰ.ই.এফ.ৰ কেম্পো চকুত পৰিল৷ লোহিত ব্ৰীজত ভাত নোখোৱা হ’লে কি অৱস্থা হ’লহেঁতেন এতিয়া চিন্তা কৰিলোঁ৷ ঘড়ীলৈ চোৱাৰ পিছতহে খেয়াল হ’ল৷ ইমান সময়ে প্ৰকৃতি চাই চাই ক’ব নোৱাৰা হৈ আছিলোঁ৷ গাড়ীখনে আগৰ কেঁকুৰিটো ঘূৰাৰ লগে লগে নেদেখা হৈ পৰিল চালাংগাম৷

(ফটোগ্ৰাফ : পাহাৰৰ ওপৰৰ পৰা দেখা পৰশুৰামৰ কুণ্ড,
তুহংগমৰ ৱাই জংছন, লোহিত ভিউ পইণ্ট আৰু তাৰ পৰা দেখা দৃশ্য, চালাংগাম)
পৰৱৰ্তী খণ্ড :
১৪. আঞ্জাৱ জিলাত সোমালোঁ
No comments:
Post a Comment